Home Blog Page 1403

জটিল ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ জামিৰা গজাই গাঁৱৰ কংকনা সোনোৱাল, অসমবাসী ৰাইজলৈ পৰিয়ালৰ সহায়ৰ বাবে কাতৰ আহ্বান

দুটা কনমানি সন্তানৰ এগৰাকী মাতৃ ৷ চকুত অযুত সপোন ৷ সপোন তেওঁৰ মাক হিচাপে ল’ৰা দুটাক পঢ়াই শুনাই মানুহ কৰি তোলাৰ ৷ সাধাৰণ এখন ঘৰ এদিন আটোম-টোকাৰিকৈ গঢ়ি তোলাৰো সপোন দেখে তেওঁ ৷ পিচে সেই সপোন এতিয়া তেওঁৰ বাবে দুঃস্বপ্ন ৷ সপোনবোৰ বাস্তৱ ৰূপ দিয়াতো দূৰৰে কথা জীয়াই থকাটোৱেই তেওঁৰ বাবে এতিয়া কষ্টসাধ্য হৈ পৰিছে ৷

কাৰণ, তেওঁ এক জটিল ৰোগত আক্ৰান্ত ৷ জটিল মানে তেওঁৰ দুয়োটা কিডনীয়েই প্ৰায় বিকল হৈ পৰিছে ৷ চিকিৎসকৰ পৰামৰ্শ — কিডনী ট্রান্সপ্লান্ট অবিহনে তেওঁৰ আৰু কোনো বিকল্প নাই ৷ স্বামী সুনিল সোনোৱালে পত্নী কংকনা সোনোৱাল( ৩১) চিকিৎসাৰ বাবে মাটি—সম্পতিকে ধৰি ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে ৷

নিজৰ এটা কিডনী পত্নীক দি সহায় কৰিবলৈ আগবাঢ়িও কিডনী ট্রান্সপ্লান্টৰ সেই ব্যয়বহুল বিষয়টোৰ বাবে থমকি ৰ’ব লগীয়া হৈছে স্বামী সুনিল সোনোৱাল ৷ আনহাতে দিন যিমানে আগবাঢ়ি গৈছে সিমানে জটিল হৈ পৰিছে পত্নীৰ স্বাস্থ্য ৷ ডিব্ৰুগড় জিলাৰ মৰান সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ লোকে কান্দি কান্দি চৰকাৰ তথা অসমবাসী ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে ৷

ইয়াৰ বাহিৰে সমুখত তেওঁলোকৰ আন সকলো পথেই বন্ধ ৷ পৰিয়ালটোৰ আহ্বান মৰ্মে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন যোগে খবৰ লোৱাৰ উপৰিও সামৰ্থ্য অনুসৰি বেংক একাউন্টৰ যোগেদি সহায় আগবঢ়াইছে । ডিব্ৰুগড় জিলাৰ আমছুৰ সভানেত্ৰী পাৰবিন আলিৰ নেতৃত্বত এটি মহিলা সমিতিৰ সজাতি দলে শনিবাৰে জামিৰা গজাই গাঁৱৰ সুনীল সোনোৱালৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ বাবে কিছু ধন আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইয়াৰ উপৰিও চিকিৎসাৰ বাবে ডিব্ৰুগড় জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰূপ শইকীয়া,”চিনাকি নিমকি” প্ৰতিষ্ঠানৰ স্বতাধিকাৰী গীতাঞ্জলি শইকীয়া, শিৱানী শইকীয়া, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সােনােৱাল, অধ্যক্ষ মদন হাজৰিকা, ডিব্ৰুগড় জিলা মহকুমা কৃষি বিষয়া মালা বৰুৱা শইকীয়া, বন্ধন বেংক ঠাকুৰথান শাখাৰ প্ৰৱন্ধক লিলি শৰ্মা, বগীবিল অঞ্চলৰ সমাজ সেৱক দেৱ চৌহান, ১নং ধমন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ সোনোৱাল, ধমন পঞ্চায়তৰ সভাপতি ডিম্বেশ্বৰ সোনোৱাল, ডিব্ৰুগড় জিলাৰ কলাখোৱাৰী পৰিয়ালৰ কাৰ্যকৰী সভাপতি ৰূপম সোনোৱালে সামৰ্থ্য অনুসৰি চিকিৎসাৰ বাবে সহায় আগবঢ়াইছে যদিও সেয়া পযাপ্ত নহয় ৷

উল্লেখ্য যে ঘৰৰ যাৱতীয় সামগ্ৰী, মাতি-বাৰি, গোঁহালীৰ গৰু, সাচতীয়া ধন খৰছ কৰি বিগত কেইবা বছৰ ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকাৰ পিছতো সুস্থ হৈ উঠা নাই মহিলা গৰাকী । যাৰ ফলত উন্নত চিকিৎসা বাবে মহিলা গৰাকীক প্ৰয়োজন হৈছে বৃহৎ ধন । অসহায় হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো ।

স্বানীয় বিধায়ক চক্ৰধৰ গগৈক কেইবাৰো আবেদন নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰনৰ সঁহাৰি জনোৱা নাই । এতিয়া মহিলা গৰাকীৰ পৰিয়ালে কাতৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক চিকিৎসাৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ উপৰিও অসমবাসী ৰাইজলৈ কাতৰে সহায় কৰিবলৈ আহ্বান জনাইছে।

আপোনালোকৰ কিঞ্চিত মান সঁহাৰিয়ে মহিলা গৰাকীৰ জীৱন যুদ্ধত জীয়াই থকাৰ প্ৰেৰণা যোগাব । ইচ্ছুক ব্যক্তিয়ে +919678794368 যোগাযোগ কৰি মহিলাগৰাকীৰ লেপেটকটা শাখাৰ ইউকো বেংকৰ 22690110039564 একাউন্ট আৰু IFSC- UCBA0002269 কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে।

নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ অমানৱীয় কাণ্ড: বনকৰা মহিলাক গৰম পানী ঢালি, বাথৰুমত ভৰাই অকৰ্থ্য নিৰ্যাতন!

এ পি এছ শুভলক্ষ্মী দত্ত পেছাত নাজিৰাৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া। পিছে, এই গৰাকী এ পি এছ বিষয়াৰ নাৰকীয় কৰ্ম-কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছে। মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই নাজিৰাৰ চৰকাৰী কোঠাত বনকৰা হিচাপে কৰ্মৰত অনিমা প্ৰজা নামৰ মহিলাগৰাকীক কেইবাদিন ধৰি শাৰিৰীক আৰু মানসিক ভাৱে অমানৱীয় নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বনকৰা মহিলাগৰাকীক আৰক্ষী বিষয়া গৰাকীয়ে নিৰ্যাতন চলোৱা কাৰ্য আজি চৰম সীমা অতিক্ৰম কৰে। এই নিৰ্যাতন সহিব নোৱাৰি অৱশেষত বনকৰা মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মৰ্মে অনিমা প্ৰজা নামৰ বনকৰা মহিলা গৰাকীক গাত গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন কৰি আহিছে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। মহিলা গৰাকীৰ শৰীৰত নিৰ্যাতনৰ দাগ সমূহ দেখি আটছাই বৰ্তমানে চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰায় আৰু বৰ্তমানে নাজিৰা আদৰ্শ আৰক্ষী থানাত মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অমানৱীয় সমগ্ৰ ঘটনাৰ বিৱৰণ দি ভাষ্য প্ৰদান কৰিছে।


সমান্তৰালকৈ এই ঘটনা সন্দৰ্ভত আটছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ দাবী জনাইছে। নিৰ্যাতনৰ বলি হোৱা বনকৰা মহিলা অনিমা প্ৰজাৰ অভিযোগ সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে।

বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল অসমীয়া লোক…

-বহিঃৰাজ্যত পুনৰ হত্যা অসমীয়া লোকক

গোৱাত হত্যাৰ বলি হ’ল জামুগুৰিহাটৰ এজন লোক



কৰ্মসংস্থাপনৰ তাগিদাত গোৱাত আছিল ইন্দ্ৰ নাথ

কৰ্ম স্থানৰ নিছেই কাষৰ এখন জংঘলত উদ্ধাৰ মৃতদেহটো

যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱত উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশ বিৰাজ অঞ্চলটোত

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা…

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ –

  • ফাইবাৰ হ’ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।
  • বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।

  • বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।
  • বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।
  • হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।
  • বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি ।

  • যদিহে আপুনি অৱসাদৰোধী(Antidepressant) ঔষধ গ্ৰহণ কৰে, তেন্তে বেঙেনা খোৱা উচিত নহয় । কাৰণ এনে অৱস্থাত ই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰে ।
  • বেঙেনা নাইটশ্বেড পৰিয়ালৰ অন্তৰ্গত, সেয়ে ইয়াক খালে কেতিয়াবা এলাৰ্জি হব পাৰে ।
  • আমি জানো যে বেঙেনাত প্ৰচুৰ পৰিমাণৰ গুটি পোৱা যায় । এই গুটিবোৰে আমাৰ পেটলৈ গৈ অপকাৰ সাধন কৰিব পাৰে । সেয়ে পেটৰ কিছুমান গুৰুতৰ ৰোগত ভোগা ব্যক্তিসকলে বেঙেনা খোৱা উচিত নহয় ।

  • বেঙেনাৰ গুটিবোৰৰ বাবেই দন্তৰোগত আক্ৰান্ত ব্যক্তিসকলে ইয়াক খোৱাটো হানিকাৰক ।
  • পিছলপ্ৰকৃতিযুক্ত হোৱাৰ বাবে মৃগীৰোগীসকলৰ ক্ষেত্ৰতো বেঙেনাক এবিধ বিৰুদ্ধ আহাৰ বুলি গণ্য কৰা হয় ।
  • তেলত ভজা বেঙেনা খাবলৈ বহুত ভাল লাগে, যদিও ভাজি খালে ইয়াৰ স্বাস্থ্য সমন্ধীয় লাভালাভ নোহোৱা হৈ যায় । কাৰণ বেঙেনাই অধিক তেল শোষণ কৰে, যি ওজন বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ বাবে হানিকাৰক হব পাৰে । ইয়াৰ সলনি বেঙেনা সিজাই খালে ইয়াৰ পোষক তত্বসমূহ অটুট থাকে আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাও নহয় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া

মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা…

মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা।

বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা।

ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ।

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ সাংবাদিক সংগঠক কল্যাণ বঁটা প্ৰদান ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞিক…

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বঁটা বিতৰণ অনুষ্ঠান

গুৱাহাটী ২৬ আগষ্ট : দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি আজি ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা দিছপুৰ প্ৰেছ ক্লাবৰ


২০২৩ বৰ্ষৰ
বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে — সম্পাদক বঁটা,
দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, সাংবাদিকতা বঁটা অসমীয়া প্ৰতিদিন কাকতৰ ভবেন দত্ত, ডি ৱাই ৩৬৫ হেমন্ত শৰ্মা, নিউজ লাইভৰ সুনীল বৰা, ফটো সাংবাদিকতা বঁটা দ্য আসাম ট্ৰিবিউন কাকতৰ সমৰেন্দ্ৰ শৰ্মা,
ভিডিও সাংবাদিকতা বঁটা প্ৰতিদিন টাইমৰ অবণী বেজবৰুৱা, দৈনিক অসম কাকতৰ
সুষিম ৰঞ্জন ঘোষলৈ ক্ৰীড়া সাংবাদিকতা বঁটা, নিউজ এংকৰ বঁটা এন বি লাইভৰ পূবালী শৰ্মা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনলৈ কৰ্মযোগী বঁটা, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা (আই পি এছ )লৈ জনহিতৈষী আৰক্ষী বঁটা, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অৰ্জুন ছেত্ৰীলৈ জন সেৱা বঁটা, অভিনেতা বঁটা প্ৰসেনজিৎ বৰা, সম্প্ৰীতি বঁটা
প্ৰাক্তন ছাত্ৰ নেতা নুৰুল হ’কক, যুৱ বন্ধু বঁটা হিমু ৰাজবংশী,
সমাজহিতৈষী বঁটা ড°ফণিধৰ অধিকাৰীক উদ্যোগী বঁটা –
মনোজ ছৰাফ, যুৱ ৰাজনীতিক বঁটা মানস প্ৰতীম দাসক, উদীয়মান কণ্ঠশিল্পী বঁটা
দীপান্বিতা ডেকা,
অভিনেত্ৰী বঁটা
ৰিচা ছেত্ৰী, সংবাদ বান্ধৱ বঁটা
চন্দন শইকীয়া, ইউটিউবাৰ বঁটা ধনশ্ৰী বৈশ্য, সাহসী বঁটা বিকাশ বৰুৱা, অগ্ৰণী মহিলা বঁটা
দিপালী বৰ্মনলৈ বিশিষ্ট সমাজকৰ্মী বঁটা, প্ৰগতি বঁটা বিশিষ্ট সমাজকৰ্মী , ব্যৱসায়ী


পৱন আগৰৱালা আৰু সাংবাদিক সংগঠক কল্যাণ বঁটা
শংকৰ গোঁহাইক প্ৰদান কৰা হয়।

আজি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হয় । উল্লেখ্য যে, অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, জেষ্ঠ সাংবাদিক বৈকুণ্ঠ ভট্টাচাৰ্য, অমল গুপ্ত, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন…

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন

চকিৰভিঠা হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন

ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দিনৰ ১ বজাত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন উপলক্ষে কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভাৰ আয়োজন কৰা হয় । সভাত সদনৰ মতে ” বিজ্ঞান মনষ্কতা সৃষ্টিৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণত ছাত্র-ছাত্ৰীৰ ভূমিকা অপৰিসীম ” শীৰ্ষক আলোচনা সভাও অনুষ্ঠিত হয় । ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ সভাপতি জয়নাল আবেদিনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে কয়াকুছি শাখাৰ সম্পাদক তথা সাংবাদিক ছাহেদ আলী আহমেদে ।

চকিৰভিঠা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আঞ্জু মনোৱাৰা খাতুনে মঞ্চ মুকলি কৰা সভাত সমল ব্যক্তি তথা আলোচক হিচাপে বিজ্ঞান মানসিকতা আৰু অন্ধবিশ্বাসৰ ওপৰত যুক্তি সংগত ভাষণ প্ৰদান কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ কোষাধ্যক্ষ ড০ বাসুদেৱ দাসে । ড০ বাসুদেৱ দাসে ভাষণৰ জড়িয়তে উপস্থিত থকা ছাত্ৰ- ছাত্ৰী আৰু ৰাইজক উদ্বুদ্ধ কৰাৰ লগতে অন্ধবিশ্বাসৰ ভুল ধাৰণা ভাঙি দি বিজ্ঞান মনস্কতাৰ প্ৰতি ছাত্র-ছাত্ৰীসকলক আকৰ্ষিত কৰে । ভাষন প্ৰসঙ্গত ড০ দাসে কয় যে, “সদৌ ভাৰত জনবিজ্ঞান নেটৱাৰ্ক (AIPSN) ৰ আহ্বান ক্ৰমে ২০১৮ চনৰ পৰা প্ৰতি বছৰৰ ২০ আগষ্ট দিনটোত সমগ্ৰ দেশত “ৰাষ্ট্ৰীয় বৈজ্ঞানিক মানসিকতা দিৱস” হিচাপে পালন কৰি অহা হৈছে। এই দিনটোতে অন্ধবিশ্বাস – কুসংস্কাৰ বিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা ডা০‌ নৰেন্দ্ৰ দাভোলকাৰে প্ৰতিক্ৰিয়াশীল সন্ত্ৰাসবাদী সকলৰ হাতত নিহত হৈছিল। তাৰ পিছত আৰু কেইগৰাকী অন্ধবিশ্বাস বিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা ক্ৰমে ড০ গোবিন্দ পানছাৰে, ড০ কালবুৰ্গী আৰু সাংবাদিক গৌৰী লংকেশ আদিক প্ৰতিক্ৰিয়াশীল চক্ৰই হত্যা কৰিছিল । এই দিনটোত ডা০ দাভোলকাৰক আৰু অন্যান্য শ্ব‌হীদ সকলক স্মৰণ কৰাৰ লগতে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ বিশেষ দিন হিচাপে পালিত হৈ আহিছে ।

আলোচক হিচাপে উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি বিজ্ঞান সম্পৰ্কে চকিৰভিঠা হাইস্কুলৰ বিজ্ঞান শিক্ষক ৰতন চৌধুৰীয়েও ভাষণ প্ৰদান কৰে । সেয়ে এই দিৱসটো উৎযাপন কৰিবলৈ ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা হাইস্কুলৰ সহযোগত এই “সজাগতা আৰু বক্তৃতানুষ্ঠান” ৰ আয়োজন কৰা হৈছে ।” বক্তা সকলৰ ভাষণৰ আগতেই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আকষ্মিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ ছাইদুৰ ৰহমানে প্ৰথম, দশম শ্ৰেণীৰ আন্না খাতুনে দ্বিতীয় আৰু দশম শ্ৰেণীৰ ৰবিউল আলমে তৃতীয় স্থান দখল কৰি মানপত্ৰ আৰু কিতাপৰ টোপোলা লাভ কৰে । লগতে শ্বাহিল আলম, হাসিবৰ আলী, ৰুহুল আমিন, মুন্নী খাতুন আৰু নুৰ আলমে নাছাত লুবনা নিচুকনি বঁটা লাভ কৰে । নিচুকনি বঁটা বিজয়ী সকলক প্ৰমান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । আজিৰ কাৰ্যসূচীত চকিৰভিঠা হাইস্কুলৰ সহ শিক্ষক হানিফ আলী আহমেদ, মজিবৰ ৰহমান, আলহাজ তালেবৰ ৰহমান, সাংবাদিক সেখ ৰহমত উল্লাহ, আবু নাছিৰ আলমকে আদি কৰি গন্য মান্য ব্যক্তিৰ লগতে বিদ্যালয় খনৰ প্ৰায় আঢ়ৈ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ কয়াকুছি শাখাৰ সম্পাদক ছাহেদ আলী আহমেদে উপস্থিত সকলোকে ধন্যবাদ জনাই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায়।

তামুলপুৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ইউজি ব্ৰহ্ম…

তামুলপুৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ইউজি ব্ৰহ্ম।

অসম চৰকাৰৰ ১০০ খন কেবিনেটত ১২০০ তকৈও অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তামুলপুৰৰ লগতে আন তিনিখন জিলাক পুনৰ জিলা ঘোষণা৷

সমষ্টি পুনৰনিৰ্ধাৰণৰ লগতে প্ৰশাসনীয় কিছু নীতি নিৰ্দেশনাৰ বাবে তামুলপুৰ জিলাৰ বিলুপ্তি ঘটাই পূৰ্বৰ বাক্সা জিলাৰ লগত সংলগ্ন কৰা হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে পুনৰ তামুলপুৰ জিলাখন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

তামুলপুৰ জিলাত এতিয়া দুটা বিধানসভা সমষ্টি অন্তৰ্ভূক্তিৰে গঠন হোৱাৰ লগতে তামুলপুৰ জিলাৰ পৰিসৰ বহল কৰিলে।

তামুলপুৰ জিলা এখন ব্যৱসায়িক অভিকেন্দ্ৰ। জিলা ঘোষণা হোৱাৰ পিছত তামুলপুৰ খন অৰ্থনৈতিক ভাৱে যথেষ্ট আগবাঢ়ি যাব।

পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে তামুলপুৰত সকলো বিভাগীয় কাৰ্যালয় স্থাপন কৰা হ’ব।

তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীলৈ তামুলপুৰৰ ৰাইজৰহৈ কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী ব্ৰহ্মৰ ৷

গৌৰীপুৰ আলমগঞ্জত পথ দুৰ্ঘটনা। আহত তিনি গৰাকীকৈ মহিলা…

গৌৰীপুৰ আলমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহি ই-ৰিক্সাক মহতীয়াই নিলে বলেৰ পিক আপ ভানে।

শুপাৰীঘাটৰ পৰা আলমগঞ্জ অভিমুখে আহি থকা অৱস্থাত বলেৰ পিক আপ ভানে মহতীয়াই নিয়ে ই-ৰিক্সাক ৷

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত তিনিগৰাকীকৈ মহিলাৰ সৈতে এজন পুৰুষ ৷

আলমগঞ্জ ১৭ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

আটাইকে সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা স্থলীত উপস্থিত গৌৰীপুৰ আৰক্ষী।

ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খোৱাৰ আছে বহু উপকাৰীতা…

শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। পেটৰ বহু ৰোগৰ বাবে আৰু নিজকে সুস্থ ৰাখিবলৈ পানী অতি প্ৰয়োজনীয়।চিকিৎসকৰ মতে দৈনিক ৮-১০ গিলাচ পানী খাব লাগে। কিন্তু বহুতে ৰাতিপুৱা ব্ৰাছ নকৰাকৈ পানী খায়। ব্ৰাছ নকৰাকৈ পানী খোৱা অভ্যাসটো স্বাস্থ্যৰ বাবে উপকাৰী হয় নে? জানি লওক-

যদি আপুনি ব্ৰাছ নকৰাকৈয়ে পানী খায়, তেন্তে আপোনাৰ হজম শক্তি ভালে তাকে। লগতে আপোনাৰ খাদ্য সহজে হজম হয়। শৰীৰত জমা হোৱা বহুতো ৰোগ যেনে এলাহ, পিম্পল হোৱা, পেটৰ ৰোগ, বদহজমৰ সমস্যা সমূহো আঁতৰি যায়। আমি টোপনিৰ সময়ত অৰ্থাৎ ৭-৮ ঘণ্টাৰ পানী নাখাওঁ। এনে পৰিস্থিতিত প্ৰথমে ৰাতিপুৱা পানী খাব লাগে যাতে শৰীৰটো ভালে থাকে।

বাহি মুখত পানী খালে মুখ বীজাণুমুক্ত হৈ পৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যদি আপুনি বাহি মুখেৰে পানী খায় তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। আপুনি সোনকালে চৰ্দি বা কাহো নহ’ব।

ৰাতিপুৱা বাহি মুখত পানী খালে উচ্চ বি পি আৰু চুগাৰৰ দৰে ৰোগৰ পৰা হাত সাৰিব পাৰি। লগতে ৰাতিপুৱা পানী খালে মেদবহুলতাৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি। যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে বাহি মুখত পানী খাব।

মুখ শুকালে মুখৰ দুৰ্গন্ধ হয়। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সাৰ পাই বাহি মুখেৰে পানী খায়, তেন্তে বহু সমস্যাৰ পৰা হাত সাৰিব পাৰিব। প্ৰয়োজন অনুসৰি পানী নাখালে মুখ শুকান সমস্যাৰ সৃষ্টি হয়, গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত পানী খাবই লাগে।