Home Blog Page 1402

জাগীৰোডৰ নেলীত চোৰাং গৰুসহ ট্ৰাক জব্দ ! স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন…

জাগীৰোডৰ নেলীত চোৰাং গৰুসহ ট্ৰাক জব্দ।

স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ ৫০টা গৰু।

ট্ৰাকখনৰ চালকক আটক কৰে আৰক্ষীয়ে। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন।

মধুৰিআমে শাৰীৰিকভাৱে শক্তি প্ৰদান কৰে…

গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰিআম বা গুৱাভা। মধুৰিআম দেখাত নাচপতিৰ দৰে। কেঁচাতে সেউজীয়া যদিও পকিলে পাতল হালধীয়া বা গুলপীয়া দেখা যায়। ভিতৰত অসংখ্য গুটিৰে ভৰা। বিভিন্ন প্ৰকাৰৰ মধুৰিআমবোৰৰ ভিতৰভাগ বগা যদিও এবিধৰ পকিলেও ওপৰভাগ সেউজীয়া আৰু ভিতৰভাগ বেঙুনীয়া দেখা যায়। মধুৰিআম খাবলৈ মিঠা লাগে।

মধুৰিআম সকলো ঠাইতে সহজভাৱে গজি ডাঙৰ হৈ কেইবামিটাৰ ওখ হোৱা বহুবৰ্ষজীৱী উদ্ভিদ। মধুৰিআমৰ উপকাৰিতা অনেক। ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিআম খালে কোষ্ঠকাঠিন্য দূৰ হয়। পুৰুষসকলৰ বাবেও মধুৰিআম বৰ উপকাৰী। আঘাত পোৱা ঠাইত মধুৰিআমৰ পাত খুন্দি লেপি দিলে উপশম পোৱা যায়। নাকেৰে তেজ ওলালে মধুৰিআমৰ ৰস দিলে তেজ বন্ধ হয়। মুখৰ ভিতৰত ঘা হ’লে মধুৰিআমৰ পাত খুন্দি ৰস মুখত লৈ থাকিলে ঘা ভাল হয়। পেটৰ কৃমি দূৰ কৰা আৰু তেজ হাগনী হ’লে মধুৰিআম খালে সুফল পোৱা যায়। মধুৰিআমে শাৰীৰিকভাৱে শক্তি প্ৰদান কৰে। হজমী শক্তি বঢ়ায়, কলেষ্টৰেল কমায় আৰু ওজনো হ্ৰাস কৰে। কাহ আৰোগ্য পাবলৈ হ’লেও মধুৰিআম খাব লাগে। গৱেষকসকলে গৱেষণা কৰি পোৱা তথ্য মতে, মধুৰিআম এণ্টিঅক্সিডেণ্টযুক্ত। কেন্সাৰ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, খজুৱতি, দাঁতৰ ৰোগ, হাওঁফাওঁৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবে অতি উৎকৃষ্ট ফল। একাপ মধুৰিআমৰ ৰসত থকা পুষ্টিকৰ উপাদানসমূহ এনেদৰে পোৱা যায়-

কেলচিয়াম- ৫০ মি:গ্ৰা:,

কাৰ্বহাইড্ৰেট- ১৯.৬ মি:গ্ৰা:,

ফাইবাৰ- ৮.৯ মি:গ্ৰা:,

ফেট- ০.৯ মি:গ্ৰা:,

ফছফৰাছ- ৪৮ মি:গ্ৰা:,

প্ৰ’টিন-১.৩৫ মি:গ্ৰা:,

ভিটামিন এ- ৪১২ মি:গ্ৰা:,

ভিটামিন বি- ১.১৫ মি:গ্ৰা:,

ভিটামিন চি- ৪৯৪ মি:গ্ৰা:,

কেল’ৰি- ৪৪ মি:গ্ৰা:।

লেখিকা: কবিতা ফুকন

ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পুস্প দত্তৰ ৷

শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২০২৩-২৫ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত উপাধ্যক্ষ দত্তই এইদৰে মন্তব্য কৰি বৰ্তমানৰ প্ৰতিজন শিক্ষাৰ্থীকে সু-শিক্ষিত হবলৈ আহ্বান জনায়।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত সমূহীয়া চাফাই কৰা পাছতে গছপুলি ৰোপন, স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ ইয়াৰ পাছতে পতাকা উত্তোলন কৰে এই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই ৷

ইপিনে নৱাগতসকলক আৰতিয়ে উৰুলি দি আদৰণি জনোৱা পাছতে পুৱা ৯ বজাত তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী জনাৰ্দন ফুকনৰ পৰিচালনাত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হয় ৷

১০ বজাত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পুস্প দত্তই উদ্বোধন কৰে ৷

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই সভাপতিত্ব কৰা সভাখনত ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰকুমাৰ কোঁচে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখি কয় যে- “আমি বিভিন্ন জিলা পৰা কলৈ আহিছোঁ কিয় আহিছোঁ ! আহিছোঁ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যয়ন কৰি সুখ্যাতিৰে বি.এড ডিগ্ৰীলৈ নিজৰ কৰ্ম ক্ষেত্ৰতখনত আগুৱাই নিবলৈ ৷ কেৱল এইয়াই নহয় কোঁচে লগতে কয় যে এই যুগ হ’ল বৌদ্ধিক যুগ। মগজুৰ যুদ্ধৰ যুগ। মগজুৰ উৎকৰ্ষ সাধন কৰিব পৰা সকলহে এতিয়াৰ যুদ্ধত যুঁজিব পাৰিব।”

উল্লেখ্য যে, এই সভাৰ নিৰ্দিষ্ট বক্তা, আমন্ত্ৰিত ব্যক্তি সকলৰ বক্তব্যৰ মাজে মাজে- প্ৰথম -তৃতীয় ষান্মাষিকৰ প্ৰশিক্ষাৰ্থীসকল ক্ৰমে বৰগীত পৰিৱেশন কৰে হিমাশ্ৰী শইকীয়া, তৃষ্ণা পেগুৰ লগতে প্ৰথম ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী অন্তৰীপা হাজৰিকাৰ আধুনিক গীতৰ লগতে প্ৰথম ষান্মাষিকৰ প্ৰশিক্ষাৰ্থী সকলে দিহানাম পৰিৱেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে।

ইয়াৰ উপৰিও আজিৰ নৱাগত আদৰণী সভাৰ মূল সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভোলানাথ গগৈ, পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ, সদস্য পূৰ্ণ লাহন ৷ অনুষ্ঠানৰ শেষত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হোৱাৰ পাছতে সফলতাৰে সামৰণি পৰে আদৰণী সভাৰ ৷ ইফালে অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্রশিক্ষক, কৰ্মচাৰী সকলৰ লগতে প্রশিক্ষার্থী সকল উপস্থিত থাকে।

ডিব্ৰুগড় চিৰিংচাপৰিত বিদ্যুৎ স্পৃষ্ট হৈ লাহোৱালৰ যুৱকৰ কৰুণ মৃত্যু

লাহোৱাল থানাৰ অৰ্ন্তগত মদাৰখাত হাটখোলা গাঁৱৰ দিগন্ত গোস্বামী নামৰ যুৱকজনে শনিবাৰে দুই সহকৰ্মী স’তে ডিব্ৰুগড়ৰ ৰাম পোকাৰ নামৰ ঠিকাদাৰজনৰ অধীনত ডিব্ৰুগড় চিৰিংচাপৰিৰ জেউতি মৰল সংঘৰ সমীপত এজন লোকৰ বাসগৃহত গেৰেজ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল’ব লগা হোৱা ঘটনাই মদাৰখাত হাটখোলা গাঁৱত শোঁকৰ ছা পেলাইছে ৷

প্ৰাপ্ত খৱৰ অনুসৰি, কৰ্মস্থলীত ড্ৰিল আৰু কাটিং দুটা বৈদ্যুতিক মেচিনেই ব্যৱহাৰ কৰা হৈছিল যদিও দুয়োটা মেচিনৰ বিদ্যুত প্ৰৱাহিত ৱাৰত কোনোধৰণৰ যান্ত্ৰিক বিজুটি হোৱা সম্ভেদ পোৱা নাই বুলি দুয়োটা মেচিনৰ পৰীক্ষাৰ অন্তত স্পষ্ট হৈছে যদিও কোনটো মেচিনৰ পৰা বিদ্যুতস্পৃষ্ট হৈছিল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷

ইফালে গৃহটিৰ ওপৰত কাম কৰি থকা অৱস্থাত বিদ্যুত স্পৃষ্ট হোৱাৰ লগে লগে আন দুই সহকৰ্মী তললৈ সৰি পৰা বুলি এক পক্ষই সদৰী কৰিছে যদিও শৰীৰত কোনোধৰণৰ আঘাটৰ চিন স্পষ্ট নোহোৱাৰ কথাইও আন এক ৰহস্যৰ সৃষ্টি কৰিছে ৷

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছত বাসগৃহটিৰ গৰাকীও ঘৰত নাছিল বুলি জানিব পৰা গৈছে ৷ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয় পোৱাৰ আগেয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷

মৰণোত্তৰ পৰীক্ষাৰ অৰ্ন্তত যুৱকজনৰ মৃতদেহ লাহোৱালৰ হাটখোলাৰ নিজ বাসগৃহলৈ অনাৰ পিছতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰাৰ লগতে সমগ্ৰ গাঁওবাসীয়ে শোকত ম্নিয়মান হৈ পৰা বুলি জানিব পৰা গৈছে ৷

গোসাঁইগাঁৱৰ হাউৰিয়াপেটত তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা

“২০১৪ চনত কেন্দ্ৰত মোদীৰ চৰকাৰ অহাৰ পাছতেই দেশৰ সংবিধান ধ্বংস কৰিবলৈ ধৰিছে। সংবিধানৰ শপত খাই ক্ষমতাহীন হোৱাৰ পাছত সংবিধানক অমান্য কৰি জাত পাত ধৰ্মৰ নামত মানুহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি দেশৰ ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰি আৰ এছ এছৰ এক দেশ এক ধৰ্মৰ নীতি দেশত বলবৎ কৰিব বিচাৰিছে। গাদী ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ অপপ্ৰয়াস কৰি আছে নৰেন্দ্ৰ মোদীৰ দল আৰু চৰকাৰে।মোদীৰ এই দমন নীতি আৰু স্বৈৰাচাৰৰ বিৰুদ্ধে থিয় দিছে অগ্নিকন্যা তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে”-এই ভাষ্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

বৰাই শনিবাৰে গোসাঁইগাঁও মহকুমাৰ হাউৰিয়াপেটত বিয়লি ৩-৩০ মান বজাত তৃণমূল কংগ্ৰেছেৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰি লগতে কয়, “কেন্দ্ৰৰ এই স্বৈৰাচাৰী চৰকাৰক উৎখাত কৰিবলৈ ২৬ টা দল ঐক্যবদ্ধ ভাৱে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে। অসমতো বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী দল উমৈহতীয়া ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব”। তেওঁ অসমৰ বিজেপিক চালানী মাছৰ লগত তুলনা কৰে। সৰ্বানন্দ অগপৰ পৰা হিমন্ত আৰু তেওঁৰ সাংগো পাংগো কংগ্ৰেছৰ পৰা গৈ বিজেপিৰ পুৰনি নেতা সকলক একাষৰীয়া কৰি এতিয়া ছিণ্ডিকেটৰ চৰকাৰ চলাইছে। যাৰফলত বিজেপিৰ ভিতৰচৰাত এতিয়া দুৰ্বাদল কাজিয়াৰ সৃষ্টি হৈছে। চাকৰিৰ নামতো যে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সেয়াও ক্ৰমশ প্ৰকাশ পাই আছে।

বিৰোধীয়ে প্ৰকাশ কৰা নাই বিজেপিৰ ভিতৰ চৰাৰ পৰাই বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰ লৈ আহিছে। চাকৰি লৈ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা আৰু গ্ৰেপ্তাৰ হোৱা আৰু একাধিক বিজেপিৰ নেতাৰ মুখৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৰূপটো ওলাই পৰিছে বুলি কয় ৰিপুন বৰাই।

“ৰাইজক বেছিদিন বুৰ্বক সজাই ৰাখিব নোৱাৰে। ৰাইজ সকলো বুজি পাইছে। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপি মুক্ত ভাৰত বিচাৰি ইতিমধ্যে মন মেলিছে”- অসমতো বিজেপিক উৎখাত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায় ৰিপুন বৰাই।

তৃণমূল কংগ্ৰেছেৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম তালুকদাৰৰ সভাপতিত্বত আৰু অসম প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বিশাল জনসভা অনুষ্ঠিত হয়।

প্ৰতিকূল বতৰক নেওচি হেজাৰ হেজাৰ পুৰুষ-মহিলাই জনসভাত অংশগ্ৰহণ কৰে। প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ সাধাৰণ সম্পাদিকা ঝিলাম সত্যনাৰায়ণে তৃণমূল কংগ্ৰেছে আগুন্তক দিনত অসমত কি ধৰণে কাম কৰিব সেই বিষয়ে বিতংকৈ আলোকপাত কৰি ভাষণ আগবঢ়ায়।

বিজেপি আৰ এছ এছক মহিলা বিৰোধী বুলি তেওঁ কয়।মনিপুৰৰ ঘটনাই ইয়াৰ জ্বলন্ত উদাহৰণ বুলি নেত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাৰ শেষত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সাংবাদিকৰে হোৱা স্বাক্ষৎকাৰত কয়,” তৃণমূল কংগ্ৰেছ অসমত খুব কম সময়ৰ ভিতৰতেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আগন্তক লোক সভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ভাল ফল দেখুওৱালৈ সক্ষম হ’ব। অসমত বিজেপিৰ স্থিতি যথেষ্ট পৰিমাণে দুৰ্বল হৈছে। ন-পুৰণি সংঘাতে অস্তিত্বৰ সংকটত ভুগিছে বিজেপি। আগুন্তক লোকসভা নিৰ্বাচনত বিজেপিক হেৰুৱাই ইণ্ডিয়া জোঁট চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব”। তৃণমূল কংগ্ৰেছেৰ এইক্ষেত্ৰত বিশেষ ভূমিকা থাকিব বুলিও বৰাই দৃঢ়তাৰে কয়। এই সভাত প্ৰদেশ তৃণমূল কংগ্ৰেছেৰ বহুকেইজন শীৰ্ষ নেতাৰ লগতে হেজাৰ হেজাৰ ৰাইজ উপস্থিত থাকে।

তেজপুৰত বানৰ প্ৰলয়

ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি পুৱাৰে পৰা বানত বুৰগৈছে৷বাহবাৰী আৰু বিহগুৰি মৌজাৰ ঘগৰা খেলমাটি, নাহৰণি, বৰছন, ঘনশ্যাম চেন্টাৰ, ঘগৰা, কুকুৰ বস্তি, বাহবাৰী খণ্ড, বেতনি, হাতখোলা, মোৱামাৰি, ডেকা চুবুৰী, বৰা চুবুৰী, ছিঙা চুবুৰী, খোলাকটি কছাৰী আদি অঞ্চল সম্প্ৰতি সম্পূৰ্ণ বানৰ তলত৷

কৃষিপ্ৰধান অঞ্চলসমূহৰ সকলো পথাৰ ডিপোটা,ঘগৰা আৰু জৰাসৰৰ বানত বুৰযোৱাৰ লগতে বৰ্তমান শতাধিক বাসগৃহ বানৰ কবলত পৰিছে৷

আনহাতে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চৌহদো বৰ্তমান বানৰ কৱলত পৰিছে৷ইপিনে বিন্দুকুৰি বান্দৰমাৰী গড়কাপ্তানি পথ বানত বুৰ যোৱাৰ লগতে মোৱামাৰীৰ গড়কাপ্তানি পথো এই বানত বুৰগৈছে৷ উল্লেখযোগ্য যে,ডেকাচুবুৰী খ খণ্ডৰ পথৰ এচোৱা যোৱা বছৰেই বানত ছিঙি নিয়াৰ পাছত শেহতীয়াকৈ ৰাইজে এখন বাঁহৰ দলং সাজি লৈছিল য’দিও সেইখন দলঙো উটুৱাই নিয়ে৷

দোকোলদাকাল পানীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাইজে পশুধন ৰখাৰ বাবে পুখুৰীৰ ওখ পাৰ ব্যৱহাৰ কৰিছে য’দিও এনে পুখুৰীও বুৰযোৱাৰ আশংকা বৃদ্ধি পাইছে৷ বিগত ২০বছৰৰ ভিতৰত এনে বান দেখা নাই বুলি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷

চিনিয়ৰ মহিলা ফুটবল লীগঃ অসম ৰাইফলছ একাদশৰ খিতাপ

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷

ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ আজিৰ অন্তিমখন খেলত অসম ৰাইফলছ একাদশে ৰঙাপৰা মহাবিদ্যালয় একাদশক ৩-০গ’লৰ স্পষ্ট ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ ৰঞ্জীবালা দেৱীয়ে দুটা আৰু হেমলতা দেৱীয়ে এটা গ’ল স্কৰ কৰে৷

সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক মৰিগাঁও জিলা সাহিত্য সভাৰ আলোচনা চক্ৰ

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা মৰিগাঁও জিলা সাহিত্য সভাই শেহতীয়াকৈ সভাপতি মহেন্দ্ৰ শইকীয়া আৰু সম্পাদক ড০ অচুৎ দাসৰ নেতৃত্বত জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন উপ সমিতিসমূহৰ তত্বাৱধানত বিভিন্ন প্ৰভাৱী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

তাৰে অংশস্বৰূপে শনিবাৰে দিনৰ ১১. ৩০ বজাত গবেষণা উপ সমিতিৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাঙ্গণত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ।

জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰি মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে নৱ প্ৰজন্মই সত্ৰীয়া কলা-সংস্কৃতি চৰ্চাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আদৰণি ভাষণ প্ৰদান কৰি ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণুপ্ৰসাদ উপাধ্যায়ে গৱেষণা উপ-সমিতিৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপক আদৰণি জনায় আৰু শলাগ লয়। আলোচক হিচাপে উপস্থিত থাকি জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, জাগীৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা মৰিগাঁও জিলা সাহিত্য সভা গবেষণা উপ সমিতিৰ সভাপতি বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ খগেন শৰ্মাই উক্ত বিষয়ৰ ওপৰত তথ্য সমৃদ্ধ বক্তব্য আগবঢ়াই।

তেখেতে সত্ৰীয়া সংস্কৃতিৰ অন্যতম আধাৰ উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি এই পৰম্পৰা বিভিন্ন কাৰণত শেহতীয়াকৈ সংকটৰ সন্মুখীন হোৱাত উদ্বেগ প্ৰকাশ কৰি এই অতুল্য পৰম্পৰাক ধৰি ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

লগতে এই বিষয়ত ন ন গৱেষণা আৰু চৰ্চাৰো যথেষ্ট থল আছে বুলি উল্লেখ কৰে। উক্ত আলোচনাচক্ৰত মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড০ অচুৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰ, গবেষণা উপ সমিতিৰ সম্পাদিকা ৰূপা শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি, উপ-সভাপতি প্ৰমুখ্যে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গৱেষণা উপ-সমিতিৰ আহ্বায়ক ড০ আব্দুল কাইউম ওচমানীয়ে । অনুষ্ঠানত দীপমালা দেৱী, আস্থা পাতৰ আৰু স্মৃতা ডেকাই সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰা আৰু ভঙ্গীমাৰে সত্ৰীয়া পৰম্পৰাৰ অনুপম চানেকি দাঙি ধৰিবলৈ প্ৰয়াস কৰে।

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰাৰ বাবে ডিপি ৱৰ্ল্ডৰ সৈতে চুক্তি স্বাক্ষৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেলৰ নিৰ্মাণৰ বাবে দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ডিপি ৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া চুলতান আহমেদ বিন চুলাইমৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ এছ কে মেহতা আৰু ডিপি ৱৰ্ল্ড এছচিও আৰু এমইএনএ-ৰ পৰিচালন সঞ্চালক ৰিজৱান ছুমাৰে এই গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।

উক্ত চুক্তিৰ উদ্দেশ্য হৈছে গুজৰাটৰ কান্দলাৰ টুনা-টেক্ৰাত ৩০ বছৰৰ বাবে বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (বিওটি) আধাৰত প্ৰায় ৪,২৪৩.৬৪ কোটি টকাৰ বিনিয়োগেৰে গ্ৰীণফিল্ড মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰা আৰু ইয়াক অতিৰিক্ত ২০ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টিকে ৰামাচন্দ্ৰনৰ লগতে মন্ত্ৰালয় আৰু ডিপি ৱৰ্ল্ডৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

সংশ্লিষ্ট প্ৰকল্পৰ অধীনত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) জৰিয়তে টুনা-টেক্ৰাত এটা মেগা-কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব। টাৰ্মিনেলটো ২০২৭ চনৰ আৰম্ভণিত কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত অন্তৰ্ভুক্ত থাকিব ১,১০০ মিটাৰৰ বাৰ্থ যিয়ে কোনো প্ৰি-বাৰ্থিং ডিটেনচন অবিহনে ১৮,০০০তকৈ অধিক টি.ই.ইউ. কঢ়িয়াই নিব পৰা অত্যাধুনিক জাহাজবোৰ সুচাৰুৰূপে চম্ভালিব পাৰিব আৰু ইয়াৰ মুঠ ক্ষমতা হ’ব প্ৰতি বছৰে ২.১৯ নিযুত টি.ই.ইউ.।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত কয়, “দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত চুক্তি স্বাক্ষৰ হোৱাটো সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ কথা কিয়নো ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত ভাৰতত শ্ৰেষ্ঠ আন্তঃগাঁথনি নিৰ্মাণৰ আন এক গুৰুত্বপূৰ্ণ সাফল্য চিহ্নিত কৰিব। এই প্ৰকল্পটোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অমৃতকাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখি কাম কৰিব আৰু বন্দৰ পৰিচালনাৰ ক্ষমতা চাৰিগুণ কৰিব। ই অৰ্থনৈতিক বিকাশৰ বাবে মাল্টিম’ডেল লজিষ্টিক আন্তঃগাঁথনি বিকাশতো সহায় কৰিব। কাৰ্যকৰী হোৱাৰ পাছত, উক্ত টাৰ্মিনেলে ভাৰতক ‘ৰপ্তানিৰ গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু লগতে পৰিবহণ, বিতৰণ আৰু যোগান শৃংখলাৰ দৰে বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টিত সহায় কৰিব।”

এই নতুন টাৰ্মিনেলে উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ভিতৰুৱা অঞ্চলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু এই অঞ্চলবোৰৰ ব্যৱসায়ক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰি দেশৰ বাণিজ্যিক তথা অৰ্থনৈতিক দিশটো অধিক শক্তিশালী কৰিব। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অংশ আৰু ই ভাৰত চৰকাৰৰ পদক্ষেপ যেনে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিকো ত্বৰান্বিত কৰিব।

উক্ত টাৰ্মিনেলে দেশত কণ্টেইনাৰ লজিষ্টিকৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব। শেহতীয়া সঞ্চালন প্ৰযুক্তিৰ সৈতে কণ্টেইনাৰ টাৰ্মিনেলে উৎপাদনশীলতা আৰু ব্যৱসায় সহজ কৰাৰ মান যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে।

চিচিবৰগাঁৱত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ উদ্যোগত ৰাজহুৱা সভা

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ব্যৱস্থা অধিক সুচল কৰা অৰ্থে লালুং তিনিআলিৰ পৰা চিচিবৰগাঁও চাৰিআলিলৈ থকা গড়কাপ্তানি পথটোক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে পোনকৈ নিৰ্মাণ কৰা অৰ্থে শুকুৰবাৰে চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত অনুষ্ঠিত হয়।

চিচিবৰগাঁও চক্ৰ বিষয়া চিণ্ময় নেওগৰ সভাপতিত্বত আৰু লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিং, কণিষ্ঠ অভিযন্ত্ৰা দীপ কুমাৰ চাচাৰ উপস্থিতিত অঞ্চলটোৰ অনেক গণ্যমান্য ব্যক্তিৰ লগতে চিচিবৰগাঁও, চকামৰা, চেচুৱনী, ভেবেলী, টকৌবাৰী, চুমনী, হেমপুৰ, কেৰেকনি, বৰধাম, লালুং তিনিআলি আদি গাঁৱৰ শতাধিক স্থানীয় লোক উপস্থিত থাকে।

সভাত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিঙে বক্তব্য ৰাখি কয় যে বৰ্তমান চৰকাৰে পথ সুৰক্ষা আৰু সুচল যাতায়াতৰ কথা বিবেচনা কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুং তিনিআলিৰ পৰা ভেবেলী গাঁও হৈ চিচিবৰগাঁও চাৰিআলিলৈ থকা পুৰণি গড়কাপ্তানি পথটো পুনৰ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে।

গতিকে বিভাগে স্থানীয় ৰাইজৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছে। অচিৰেই পথটো বৰ্তমান দুটা লেনযুক্ত কৰি নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱাৰ কথা ভবা হৈছে বুলি মন্তব্য কৰে। বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহু অংশত থকা বিপদজনক কেঁকুৰি আৰু অনান্য বিসংগতিৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু লালুং তিনিআলিৰ পৰা চিচিবৰগাঁৱলৈ পোনৰৈ থকা পথটো ৰাষ্ট্ৰীয় ঘাইপথ ৰূপে নিৰ্মাণ কৰিলে তেনে সমস্যা কিছু কমিব বুলি বিষয়াজনে মন্তব্য কৰে।

সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাসেও ৰাইজৰ সহযোগিতা বিচাৰি কয় যে অঞ্চলটোত পথ যাতায়াত ব্যৱস্থা সুচল হোৱা লগতে অঞ্চলটোৰো উন্নয়ন হ’ব। ভবিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্তও হ’ব বুলিও মন্তব্য কৰে। চিচিবৰগাঁও চক্ৰ বিষয়া চিন্ময় নেওগেও ৰাইজৰ সহযোগিতা কামনা কৰে আৰু ৰাইজৰ মতামত বিচাৰে। ৰাইজৰ হৈ চিচিবৰগাঁৱৰ সমাজকৰ্মী তথা সাংবাদিক মৃদুপৱন চুতীয়াই বিভাগৰ এই পদক্ষেপক অতি আদৰণীয় বুলি মন্তব্য কৰি কয় যে লালুং তিনিআলি-চিচিবৰগাঁৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হ’লে ৰাষ্ট্ৰীয় পথটোৰ দূৰত্ব কেইবা কিলোমিটাৰ কমি যাব।

এই পথ নিৰ্মাণ হ’লে যিহেতু গাইনৈৰ ওপৰত অইন এখন দলং হ’ব গতিকে লালুং তিনিআলি, বৰধাম, কেৰেকনি, চুমনি আদি অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰা লগতে পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে সাহাৰ্য্য দিয়াৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনায়। ৰাইজৰ তৰফৰ পৰা শিক্ষক দিগন্ত ভূঞা, প্ৰমোদ ভূঞা আদি কৰি কেইবাজনেও বক্তব্য ৰাখে।

উল্লেখ্য যে বৃটিছ শাসনৰ কালৰে পৰা ষাঠি দশকৰ লৈকে অঞ্চলটোক সংযোগ কৰা এই পথটোৱেই অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথ আছিল। মৰিধলৰ পৰা পোনকৈ ডিব্ৰুগড় সংযোগী তাহানিৰ সোণাৰি ঘাটলৈকে থকা এই পথেৰেই লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আদি অঞ্চলৰ ৰাইজে তাহানিৰ লখিমপুৰ জিলাৰ সদৰ ডিব্ৰুগড়ৰৰ লগত যোগাযোগ-যাতায়ত কৰিছিল। পৰবৰ্তী সময়ত এই পথটোক বাদ দি বেকাঁকৈ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা বাবে পথটোৰ দৈৰ্ঘ্য বৃদ্ধি পায়।