Breaking

চিচিবৰগাঁৱত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ উদ্যোগত ৰাজহুৱা সভা

0 33

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ব্যৱস্থা অধিক সুচল কৰা অৰ্থে লালুং তিনিআলিৰ পৰা চিচিবৰগাঁও চাৰিআলিলৈ থকা গড়কাপ্তানি পথটোক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে পোনকৈ নিৰ্মাণ কৰা অৰ্থে শুকুৰবাৰে চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত অনুষ্ঠিত হয়।

চিচিবৰগাঁও চক্ৰ বিষয়া চিণ্ময় নেওগৰ সভাপতিত্বত আৰু লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিং, কণিষ্ঠ অভিযন্ত্ৰা দীপ কুমাৰ চাচাৰ উপস্থিতিত অঞ্চলটোৰ অনেক গণ্যমান্য ব্যক্তিৰ লগতে চিচিবৰগাঁও, চকামৰা, চেচুৱনী, ভেবেলী, টকৌবাৰী, চুমনী, হেমপুৰ, কেৰেকনি, বৰধাম, লালুং তিনিআলি আদি গাঁৱৰ শতাধিক স্থানীয় লোক উপস্থিত থাকে।

সভাত লোক নিৰ্মাণ বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ডিব্ৰুগড় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাস, সহকাৰী অভিযন্ত্ৰা মহাৰ্নৱ চিৰিঙে বক্তব্য ৰাখি কয় যে বৰ্তমান চৰকাৰে পথ সুৰক্ষা আৰু সুচল যাতায়াতৰ কথা বিবেচনা কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুং তিনিআলিৰ পৰা ভেবেলী গাঁও হৈ চিচিবৰগাঁও চাৰিআলিলৈ থকা পুৰণি গড়কাপ্তানি পথটো পুনৰ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে।

গতিকে বিভাগে স্থানীয় ৰাইজৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছে। অচিৰেই পথটো বৰ্তমান দুটা লেনযুক্ত কৰি নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱাৰ কথা ভবা হৈছে বুলি মন্তব্য কৰে। বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহু অংশত থকা বিপদজনক কেঁকুৰি আৰু অনান্য বিসংগতিৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু লালুং তিনিআলিৰ পৰা চিচিবৰগাঁৱলৈ পোনৰৈ থকা পথটো ৰাষ্ট্ৰীয় ঘাইপথ ৰূপে নিৰ্মাণ কৰিলে তেনে সমস্যা কিছু কমিব বুলি বিষয়াজনে মন্তব্য কৰে।

সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰা বুধেন দাসেও ৰাইজৰ সহযোগিতা বিচাৰি কয় যে অঞ্চলটোত পথ যাতায়াত ব্যৱস্থা সুচল হোৱা লগতে অঞ্চলটোৰো উন্নয়ন হ’ব। ভবিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্তও হ’ব বুলিও মন্তব্য কৰে। চিচিবৰগাঁও চক্ৰ বিষয়া চিন্ময় নেওগেও ৰাইজৰ সহযোগিতা কামনা কৰে আৰু ৰাইজৰ মতামত বিচাৰে। ৰাইজৰ হৈ চিচিবৰগাঁৱৰ সমাজকৰ্মী তথা সাংবাদিক মৃদুপৱন চুতীয়াই বিভাগৰ এই পদক্ষেপক অতি আদৰণীয় বুলি মন্তব্য কৰি কয় যে লালুং তিনিআলি-চিচিবৰগাঁৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হ’লে ৰাষ্ট্ৰীয় পথটোৰ দূৰত্ব কেইবা কিলোমিটাৰ কমি যাব।

এই পথ নিৰ্মাণ হ’লে যিহেতু গাইনৈৰ ওপৰত অইন এখন দলং হ’ব গতিকে লালুং তিনিআলি, বৰধাম, কেৰেকনি, চুমনি আদি অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰা লগতে পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে সাহাৰ্য্য দিয়াৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনায়। ৰাইজৰ তৰফৰ পৰা শিক্ষক দিগন্ত ভূঞা, প্ৰমোদ ভূঞা আদি কৰি কেইবাজনেও বক্তব্য ৰাখে।

উল্লেখ্য যে বৃটিছ শাসনৰ কালৰে পৰা ষাঠি দশকৰ লৈকে অঞ্চলটোক সংযোগ কৰা এই পথটোৱেই অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথ আছিল। মৰিধলৰ পৰা পোনকৈ ডিব্ৰুগড় সংযোগী তাহানিৰ সোণাৰি ঘাটলৈকে থকা এই পথেৰেই লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আদি অঞ্চলৰ ৰাইজে তাহানিৰ লখিমপুৰ জিলাৰ সদৰ ডিব্ৰুগড়ৰৰ লগত যোগাযোগ-যাতায়ত কৰিছিল। পৰবৰ্তী সময়ত এই পথটোক বাদ দি বেকাঁকৈ ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা বাবে পথটোৰ দৈৰ্ঘ্য বৃদ্ধি পায়।

Leave A Reply