Home Blog Page 1401

২টা মিছন সম্পূৰ্ণৰে তৃতীয়টো মিছনৰ কাম আৰম্ভ চন্দ্ৰযান-৩ৰ…

২টা মিছন সম্পূৰ্ণ চন্দ্ৰযান-৩ৰ। তৃতীয়টো মিছনৰ কাম আৰম্ভ।

ISRO এ দিছে নতুন খবৰ।

৩ টা মিছনৰ ভিতৰত ২ মিছন সম্পূৰ্ণ চন্দ্ৰযান-৩ৰ।

অন্তিমটো মিছনত কাম আৰম্ভ ৰ’ভাৰ প্ৰজ্ঞানৰ।

চন্দ্ৰযান-৩ ৰ তিনিটা মিছনৰ ভিতৰত প্ৰথমটো আছিল চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ।

দ্বিতীয়টো মিছন আছিল চন্দ্ৰপৃষ্ঠত ৰ’ভাৰ প্ৰজ্ঞানৰ ভ্ৰমণ।

তৃতীয়টো মিছন হৈছে চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰা।

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে, “বৈজ্ঞানিক অভিযানৰ বেছিভাগ লক্ষ্য এতিয়া পূৰণ হ’বলৈ গৈ আছে। লেণ্ডাৰ আৰু ৰভাৰ সকলো কাৰ্যক্ষম।

ইছৰোৰ টুইটাৰত প্ৰকাশ পাইছে যে যে “চন্দ্ৰযান-৩ অভিযানৰ তিনিটা উদ্দেশ্যৰ ভিতৰত চন্দ্ৰপৃষ্ঠত নিৰাপদ আৰু মসৃণ অৱতৰণৰ প্ৰদৰ্শন সম্পন্ন হ’ল।


সকলো পেলোডে স্বাভাৱিকভাৱে কাম কৰি আছে।

২৩ আগষ্টৰ সন্ধিয়া ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিলে।

চন্দ্ৰৰ বুকুত পানীও সন্ধান কৰিছে ৰোভাৰে।

প্ৰজ্ঞানে শিলৰ পৰীক্ষা কৰিছে।

ইছৰোৰ মতে ২৩ আগষ্টৰ পৰা অহা ১৪ দিন অতি গুৰুত্বপূৰ্ণ হ’ব।

অধিক তথ্য লাভ কৰিব দেশে।

গতিকে অহা ১৩-১৪ দিনৰ বাবে আগ্ৰহী বৈজ্ঞানিকসকল।

দুৰ্গা পূজালৈ মাথোঁ এটা মাহ ! এইবাৰ দুৰ্গাদেৱীয়ে কি বাৰ্তা লৈ আহিব জানক…

দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্রেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।

সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰহেৰে অনুষ্ঠিত হৈ আহিছে। আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফূর্ত আৰু জীৱন্ত প্রকাশ, সেই সকলােখিনিয়েই দুর্গাপূজাৰ ক্ষেত্ৰতাে প্রযোজ্য। জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।

দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰােহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেবী সর্ব শুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে,জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহঅস্ত্র লৈ দশেদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।

পূজাৰ সময় আৰু অনুষ্ঠান

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কার্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই,ডবা,কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি।হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ।

অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত। চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। যাতায়াতৰ

দুৰৱস্থাৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনী।

টাইৱানত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ…

টাইৱানত মুকলি হ’ল প্ৰথমটো হিন্দু মন্দিৰ। টাইৱানৰ ৰাজধানী টাইপেইত প্ৰথম হিন্দু মন্দিৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। এই মন্দিৰৰ নাম দিয়া হৈছে সবকা মন্দিৰ, যাৰ বাবেই হিন্দু সমাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানৰ এই হিন্দু মন্দিৰটো আলোচনাৰ বিষয় হৈ পৰিছে। এই মন্দিৰটো টাইৱানৰ ৰাজধানী টাইপেইত অৱস্থিত। এই মন্দিৰটো টাইৱান আৰু ভাৰতৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সাংস্কৃতিক সম্পৰ্কত গভীৰ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টাইৱানৰ এই একমাত্ৰ হিন্দু মন্দিৰৰ নাম ‘সবকা মন্দিৰ’ ৰখা হৈছে। WION ৰ সৈতে হোৱা কথা-বতৰাত টাইৱানত বাস কৰা ভাৰতীয় নাগৰিকে কয় যে ‘এই মন্দিৰ প্ৰতিষ্ঠাটোৱে ভাৰতত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে টাইৱানৰ গভীৰ দায়বদ্ধতাক আলোকপাত কৰিছে। ভাৰত-টাইৱান সম্পৰ্কৰ সাংস্কৃতিক কাহিনীৰ এক ঐতিহাসিক মুহূৰ্ত এই মন্দিৰ উদ্বোধন।

“সবকা মন্দিৰ”ত ভগৱান শংকৰ, শ্ৰীৰাম আদি দেৱতাৰ মূৰ্তি স্থাপন কৰা হয়। যাৰ বাবে টাইৱানত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ মাজত সুখৰ জোৱাৰ উঠিছে। টাইৱানত বসবাস কৰা একাংশ ভাৰতীয়ই এই খবৰ পাই আশ্চৰ্য্য প্ৰকাশ কৰিছে। বিশ্বাস কৰা হয় যে ই টাইৱানৰ প্ৰথমটো মন্দিৰ য’ত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হ’ব পাৰিব, সেই ঠাইত ইতিমধ্যে এটা “ISKCON মন্দিৰ” আৰু এটা ভগৱান গণেশ মন্দিৰ আছিল। শেহতীয়াকৈ টাইৱানে মুম্বাইত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।

২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী…

২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী।

বিৰোধী মিত্ৰজোঁটৰ সকলো দলৰ আলোচনা আৰু বিবেচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ।

এই কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

কাজু খোৱাৰ ফলত ওজন বৃদ্ধি হয় নে নহয়? জানি লওক এই বিষয়ে…

কাজু স্বাভাৱিকতে অতি স্বাস্থ্যকৰ। বহুতে বিশ্বাস কৰে যে ই ওজন বৃদ্ধি কৰে, কিন্তু কাজুৱে ওজন কমাই। কাজু ইয়াৰ ভিন্ন সোৱাদ আৰু পুষ্টিকৰ উপাদানৰ বাবে অতি বিখ্যাত। আজি আমি আপোনালোকক ক’ম দৈনিক কাজু বাদাম খোৱাৰ উপকাৰিতাৰ বিষয়ে। কাজু কিমান স্বাস্থ্যকৰ-

কাজুত চৰ্বি, প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ আদি সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। কাজুত কেলৰি থকাৰ পিছতো ইয়াৰ পুষ্টিকৰ মূল্য বহুত। য’ত বহুত পুষ্টি থাকে।

কাজুক হাৰ্টৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। দৈনিক খাদ্যত কাজু বাদাম অন্তৰ্ভুক্ত কৰি ইয়াৰ পৰা পুষ্টিকৰ উপাদান লাভ কৰিব পাৰিব।

কাজুই আপোনাৰ হাৰ্ট সুস্থ কৰি ৰখাৰ লগতে হাৰ্টৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে। কিন্তু সামান্য পৰিমাণৰ কাজু বাদাম খালেও শৰীৰত এইচ ডি এলৰ মাত্ৰা বৃদ্ধি পায়। যদি আপুনি কাজু বেছি খায় তেন্তে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।

কাজুত মেগনেছিয়াম আৰু আইৰণ আদি বহুতো ভিটামিন থাকে যিয়ে জৈৱৰাসায়নিক বিক্ৰিয়াত সহায় কৰে। যিয়ে স্বাস্থ্যক সহায় কৰে আৰু শক্তি বৃদ্ধি আৰু গ্লুক’জ বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে।

কাজুয়ে পাচনতন্ত্ৰৰ সমস্যাও দূৰ কৰে।

বিশিষ্ট লেখক অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান…

লেখক বিশিষ্ট অৰ্থনীতিবিদ,ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূৱ মণ্ডলৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অনন্ত কলিতাৰ দেহাৱসান ।

দেওবাৰে পুৱা ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে লেখকগৰাকীয়ে । এক অপূৰণীয় ক্ষতি সাহিত্য়ৰ ।

অসমীয়া সাহিত্য জগতত বিশেষ বৰঙণি আগবঢ়োৱা এই গৰাকী লেখকে মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছে। উল্লেখ্য যে, কলিতা আছিল মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা।

পিঁয়াজ আৰু আপেলত থকা ফ্লেভনয়ড স্বাস্থ্যৰ বাবে অতি উপকাৰী…

ফ্লেভনয়ড আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ বাবে আপুনি বহু ধৰণৰ ফল-মূল, শাক-পাচলি আৰু পানীয় সেৱন কৰিব লাগিব। ফল-মূল, শাক-পাচলি আৰু ফুলৰ ৰঙৰ লগতে সম্পৰ্ক আছে ফ্লেভনয়ডৰ। ইয়াৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ বহু দিশত উপকাৰ হয়। ফ্লেভনয়ডৰ মূল প্ৰকাৰ কি কি আৰু কোনবোৰ বস্তু খালে আপুনি লাভ কৰিব ফ্লেভনয়ড…

১/ কুৱেৰচেটিন
কুৱেৰচেটিন পিঁয়াজ, আপেল, জামু, চাহত পোৱা যায়। যাৰ জৰিয়তে শৰীৰে বহু ধৰণৰ পুষ্টি লাভ কৰে আৰু ইয়াক মানসিক স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

২/ কেটেচিন
কেটেচিন গ্ৰীণ টি, চকলেট, আৰু বহুতো ফল-মূলত পোৱা যায়। এইবোৰ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত জড়িত আৰু বহু দিশত কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

৩/ এপিকেটেচিন
চাহ, চকলেট, আৰু কিছুমান ফল-মূলত এপিকেটেচিন পোৱা যায়। ইয়াৰ পুষ্টিকৰ প্ৰভাৱ কেটেচিনৰ দৰেই।

৪/ কেম্পফেৰল
বন্ধাকবি, ব্ৰকলি, চাহ, জামুত কেম্পফেৰল পোৱা যায়। ইয়াৰ পুষ্টিকৰ আৰু শান্ত কৰা গুণ আছে, যিয়ে আমাক কেন্সাৰ আৰু প্ৰদাহৰ পৰাও ৰক্ষা কৰে।

৫) এন্থ’চাইনাডিন
বহুতো ফল-মূল, যেনে জামু, আঙুৰ, কবি আদিত পোৱা ৰঙা, নীলা আৰু বেঙুনীয়া ৰঙৰ বাবে এন্থ’চাইনিন দায়ী। এইবোৰৰ পুষ্টিকৰ আৰু শান্ত কৰা প্ৰভাৱ আছে।


৬/ ৰুটিন
নেমুত পোৱা যায়। ই তেজৰ ৰক্তবাহী নলীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

৭) লুটিন
বিলাহী, জলকীয়া, বিলাহীত লুটিন পোৱা যায়। ইয়াৰ প্ৰদাহ আৰু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। লগতে মানসিক চাপৰ পৰাও উপশম দিয়ে।

৮) ফ্লেভন
বিলাহীত ফ্লেভন পোৱা যায়। ইহঁতে শৰীৰক পুষ্টি দিয়ে আৰু উত্তেজনাক খেদি পঠিয়াই দিয়ে।

এই সমূহ ফল-মূল, শাক-পাচলিত লাভ কৰিব ফ্লেভনয়ড।


দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ…

দেৰগাঁৱৰ মিছামৰাত বুজন পৰিমাণৰ লালিগুৰ জব্দ।

এখন বলেৰৰ পৰা জব্দ লালিগুৰখিনি। নগাঁৱৰ পৰা দেৰগাঁৱলৈ অনা হৈছিল লালিগুৰখিনি।

বাহনখনৰ পৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা…

অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা।

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বাঢ়নী পানীত ডুব গৈছে ফেৰীৰ ৰেম্প।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাময়িকভাৱে বন্ধ কৰিছে ফেৰী সেৱা।