Home Blog Page 1400

কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

আগন্তুক দুদিনৰ বাবে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ।


সোমবাৰে আৰু মঙলবাৰে অসম আৰু মেঘালয়ৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বিজ্ঞান বিভাগে।


তদুপৰি, সোমবাৰ আৰু মঙলবাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ বতৰ বিজ্ঞান বিভাগৰ।

‘নন্দিনী’ৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান

জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজ কৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত দেওবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ অন্যতম বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নগাঁও জিলাৰ ফৌজদাৰীপট্টিস্থিত প্ৰয়াত অভিনেতা গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাইনী মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে স্মাৰক,ৰিহা,গামোচা,প্ৰশস্তি পত্ৰ আদি।এই বঁটা পৰিয়ালৰহৈ প্ৰদান কৰে জনপ্ৰিয় অভিনেতা গুণ মহন্তৰ ককাইদেউ ক্ষিৰদা মহন্তই।

লগতে বঁটা প্ৰাপকক আদৰণি জনায় গুণ মহন্তৰ ভগ্নী হীৰা মহন্ত দত্ত, পুত্ৰ-জীয়ৰী সদৃশ লক্ষিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সুৰুয মহন্তই।পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰহৈ লখিমী মহন্ত, মিচিমি মহন্ত আৰু ৰক্তিম সূৰুয মহন্তৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তই কয় যে-এই বঁটাটো এটা সন্মানীয় বঁটা। বঁটাটো মই গৌৰৱৰে গ্ৰহণ কৰিছো। গুণ মহন্তৰ মুখখন মনলৈ আহিলেই তেখেতৰ ভদ্ৰতা মোৰ মনত আহে। সম্প্ৰতি মানুহৰ মাজত সহনশীলতাৰ অভাৱ হৈছে।সাধাৰণ কথাতেই আমি দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিচ্ছেদ ঘটাও।এনে সময়ত গুণ মহন্তৰ শান্ত-সমাহিত আচৰণে আমাক সংযত হবলৈ,ভদ্ৰ হবলৈ শিকায়,প্ৰেৰণা যোগায়।’

ভাষন প্ৰসংগত তেওঁ কয় যে-নিৰহংকাৰী গুণ মহন্তই আমাক শিকাই গৈছে ক্ষমতা,অহংকাৰ অস্থায়ী। আমি কেনেকৈ মানৱীয় গুণ সমূহৰ অধিকাৰী হব পাৰো তাৰ শিক্ষা লব লাগে। এই শিক্ষা লবৰ বাবে এজন আদৰ্শ ব্যক্তি আছিল গুণ মহন্ত।’

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষন প্ৰদান কৰে লখিমী মহন্তই। অনুষ্ঠানত মিচিমি মহন্তই বঁটাৰ লগত প্ৰদান কৰা প্ৰশস্তি পত্ৰ পাঠ কৰে । উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে নিজা বাসভৱনৰ সত্ৰ নামঘৰত পুৱা নাম-প্ৰসঙ্গ, শ্ৰদ্ধাঞ্জলি আশীৰ্বাদেৰে গুণ মহন্তৰ সাংস্কৃতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ এই অনুষ্ঠানতে ‘সত্ৰীয়া সংস্কৃতিৰ সৈতে লখিমী আৰু মিচিমি মহন্ত’ আৰু ‘R.S.M Films & Raktim Suruj Mahanta Film Production House’ নামৰ দুটা ইউটিউৱ চেনেলো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷


ইউ টিউব চেনেল দুটা মুকলি কৰে ক্ৰমে শীৰ্ষ আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু বোলছৱি পৰিচালক বাণী দাসে।সভাত ভাষন প্ৰদান কৰি আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে-‘গুণমহন্তৰ ব্যক্তিত্ব উচ্চ পৰ্যায়ৰ। সেয়ে তেওঁ সৰ্বজন সমাদৃত। এনে ব্যক্তি বিৰল।’

সভাখনত সাংবাদিক মুকুল দাস,অজয় মাহাতু,কবি লক্ষেশ্বৰ শৰ্মা,বিশিষ্ট সমাজকৰ্মী অনুপ বৰুৱা,সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি পৰিণীতা হাজৰিকা আৰু সম্পাদক মাইনু খনিকৰ,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত উপস্থিত থাকি বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী গুণ মহন্তৰ স্মৃতিচাৰণ কৰে। এই অনুষ্ঠানতে লখিমী মহন্ত, মিচিমি মহন্তৰ পৰিচালনাত আৰু ৰক্তিম সুৰুয মহন্তৰ চিত্ৰ নাট্যৰে ‘কৃষ্ণ লীলা’ শীৰ্ষক নৃত্য নাটিকা প্ৰদৰ্শন কৰে পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ ছাত্র-ছাত্রী সকলে। উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ পৰা অভিনেতা গুণ মহন্তৰ সোঁৱৰণত আগবঢ়াই অহা হৈছে।অনুষ্ঠানৰ শলাগৰ শৰাই জনায় অঞ্জলী মহন্তই।

কটনত ড° মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্ৰয়াত “অসমীয়া-বাঙালী সম্পর্ক : সাহিত্যিক-সাংস্কৃতিক-সামাজিক ইতিবাচক উদ্ভাস” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

কটন বিশ্ববিদ্যালয়ৰ ছুডমার্চন হলত দেওবাৰে কটনৰ প্রাক্তন অধ্যক্ষ তথা বাংলা বিভাগৰ প্রাক্তন প্রধান, বিশিষ্ট সাহিত্যিক ড°মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্রথম প্রয়াণ দিৱস উপলক্ষে “অসমীয়া-বাঙালী সম্পর্ক : সাহিত্যিক-সাংস্কৃতিক-সামাজিক ইতিবাচক উদ্ভাস” শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত বিষয় টোৰ সম্পৰ্কত মূল বক্তৃতা প্রদান কৰে যশস্বী লেখক-চিন্তাবিদ ময়ূৰ বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পদ্মশ্রী অজয় দত্ত, কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু বিশিষ্ট শিক্ষাবিদ কৃষ্ণাঞ্জন চন্দ প্রমুখ। অনুষ্ঠানৰ আগধৰি কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰধান অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ড° ভূপেন হাজৰিকাৰ কথাৰে নিজৰ আইক ভাল পোৱা মানে আনৰ আইক জানো বেয়া পোৱা যায় বুলি দোহাৰি অসমীয়া ভাষাক অসমৰ মাতৃভাষা আৰু বাংলাক ধাত্ৰী ভাষা বুলি কোৱা হয় আৰু অসমৰ প্ৰতিজন বাংলাভাষী লোকে এই দিশটো সৰোগত কৰি ভাষা সাহিত্যৰ উন্নতিৰ বাবে কাম কৰি যাবলৈ অনুৰোধ জনায়।

প্ৰসঙ্গত বক্তব্য প্ৰদান কৰি ময়ুৰ বৰাই কয় যে সংঘাতে সমাজৰ উন্নয়ন নঘটায়। সেয়েহে বাঙালী আৰু অসমীয়া সমাজৰ মাজত ভাষিক সংঘাত সৃষ্টি কৰি একো লাভ নাই। যিকোনো ভাষা সংস্কৃতিৰ মাজত সম্প্ৰীতিয়েহে সমাজ বা ভাষাৰ ইতিবাচক উত্তৰণ ঘটাব পাৰে। বুৰঞ্জীৰ পাতে পাতেও সম্প্ৰীতিৰ কথাই উল্লেখ আছে। তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, চৈতন্য দেৱেও সদায়েই ভাষিক সাংস্কৃতিক আৰু সামাজিক সম্প্ৰীতিৰ বাবে বাণী প্ৰচাৰ কৰিছিল।

তেওঁ বিশ্বমানৱ ড° ভূপেন হাজৰিকাৰ গীতৰ কলিৰ মাজেৰেই অসমীয়া আৰু বাংলা ভাষা, সাহিত্য, সংস্কৃতিৰ উমৈহতীয়া বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অবদান আৰু ইয়াৰ মাজেৰে দুয়োটা ভাষাৰ ইতিবাচক সম্প্ৰীতিৰ এনাজৰী ডালৰ কথা দোহাৰে। তেওঁ কয় যে বাংলা গানৰ জৰিয়তে ড° হাজৰিকাই যি সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰিলে সেয়া উজ্জীৱিত কৰি ৰখাৰ প্ৰয়োজন।

প্ৰয়াত ডঃ মুক্তি দেৱ চৌধুৰীৰ প্ৰসঙ্গ দাঙি ধৰি কয় যে প্ৰয়াত সাহিত্যিক গৰাকীয়ে মামণি ৰয়ছম গোস্বামীৰ ছিন্ন মস্তাৰ মানুহটো, ডঃ ধ্ৰুৱজ্যোতি বৰাৰ লোহা আৰু ত্ৰিপুৰাৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থ সমূহ বাংলা ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য চহকী কৰি গৈছে। তেঁও লগতে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নয়নৰ বাবে বিশেষ অৱদান আগবহোৱা হেমাংগ বিশ্বাস, ড° অমলেন্দ্ৰ গুহ, পুলক বেনাৰ্জী, মণীষা হাজৰিকা, অজয় দত্ত আদিৰ কথা কয় আৰু যেতিয়ালৈকে সমাজত এই সকল লোকৰ অৱদানৰ কথা আলোচিত হব, তেতিয়ালৈ অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজত থকা কোনো বিভেদে দুয়োখন সমাজৰ মাজত কোনো ঋণাত্মক প্ৰভাৱ পেলাব বা বিভেদ সৃষ্টি কৰিব নোৱাৰিব।

তেওঁ লগতে অসমীয়া বাংলা দুয়ো ভাষাৰ উত্তৰণৰ বাবে নিজা নিজা উদ্যোগত সমাজৰ হকে কাম কৰি যাবলৈ সকলো ভাষা প্ৰেমী, সাহিত্যিক, বুদ্ধিজীৱীক অনুৰোধ জনায়।অনুষ্ঠানত প্রয়াত ড° মুক্তি দেৱ চৌধুৰীৰ প্রিয় গীতবোৰ পৰিবেশন কৰা হয়। অনুষ্ঠানটো আয়োজন কৰাত মূল সহযোগিতা আগবঢ়ায় “বাংলা সাহিত্য সভা, অসম”-এ। কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগীয় প্রধান তথা বাংলা সাহিত্য সভা, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ড° প্রশান্ত চক্রৱর্তী, ৰাজ্যিক সভাপতি খগেনচন্দ্র দাস, কটনৰ বাংলা বিভাগৰ প্রাক্তনী সমিতিৰ হৈ ড° শান্তনু ৰায়চৌধুৰী আৰু পৰিয়ালৰ হৈ পুত্র শঙ্খদীপ চৌধুৰীয়ে ধন্যবাদ প্রদান কৰে।

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ…

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ। কংগনা ৰানাৱটে চন্দ্ৰযান ৩ৰ বিজ্ঞানীসকলক লৈ এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। য’ত অভিনেত্ৰীগৰাকীয়ে এই মহিলাবিজ্ঞানীসকলৰ সৰলতাৰ কথা কৈছে। সমগ্ৰ দেশে উদযাপন কৰিছে চন্দ্ৰযান ৩ৰ সফলতা। ইফালে কংগনা ৰানাৱটে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক প্ৰশংসা কৰি এটা পোষ্ট লিখিছে। যিয়ে সকলোৰে হৃদয় চুই গৈছে। এই অভিযানত কাম কৰা বিজ্ঞানীসকলৰ এখন ছবি শ্বেয়াৰ কৰাৰ সময়ত তেওঁ তেওঁলোকৰ সৰলতাক প্ৰশংসা কৰে আৰু তেওঁলোকক সৰল জীৱন-যাপনেৰে উচ্চ চিন্তা বুলি অভিহিত কৰে।

এই ছবিখনৰ বিশেষ কথাটো হ’ল এই আটাইকেইগৰাকী ইছৰোত কৰ্মৰত মহিলা বিজ্ঞানীয়ে শাৰী পিন্ধি কপালত বিন্দী লগাই ইছৰো চেণ্টাৰত উপস্থিত থাকে। ফটোখন শ্বেয়াৰ কৰি কংগনাই লিখিছে, ‘তেওঁলোকৰ সহজ জীৱন আৰু উচ্চ চিন্তা। এই বাৰ্তাৰ সৈতে কংগনাই ভাৰতীয় পতাকাৰ তিনিটা ইমোজিও শ্বেয়াৰ কৰিছে।

কংগনা ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালে অভিনেত্ৰীগৰাকীক পি বাসুৰ পৰিচালনাত নিৰ্মিত ‘চন্দ্ৰমুখী ২’ ছবিখনত দেখা যাব। যিখন ব্লকবাষ্টাৰ তামিল হৰৰ ছবি ‘চন্দ্ৰমুখী’ৰ ছিকুৱেল। ইয়াৰ উপৰিও অতি সোনকালে তেজছ আৰু ইমাৰ্জেন্সিতো দেখা যাব অভিনেত্ৰীগৰাকীক।

২০ বছৰীয়া কেৰিয়াৰত ৪১খন ছবি, কিন্তু হিট ছবি কেইখন? আজি জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন…

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন। নেহাই ২০ বছৰীয়া চলচ্চিত্ৰ জীৱনত ৪১খন ছবি নিৰ্মাণ কৰিছে। বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়াই আজিও স্বীকৃতি লাভ কৰিছে তেওঁৰ শক্তিশালী চৰিত্ৰৰ বাবে। কিন্তু আপুনি জানেনে দীৰ্ঘদিনীয়া চলচ্চিত্ৰ কেৰিয়াৰ থকাৰ পিছতো অভিনেত্ৰীগৰাকীৰ মাত্ৰ এখন বা দুখনহে হিট ছবি আছে। ২০০২ চনত নেহা ধুপিয়াই মিছ ইণ্ডিয়া হয় আৰু তাৰ পিছত সেই বছৰতে ভাৰতক মিছ ইউনিভাৰ্ছত প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত নেহা ধুপিয়া ফিল্মছে টিভি অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৩ চনত বলীউডত অভিষেক ঘটোৱাৰ পিছত অভিনেত্ৰীগৰাকীৰ ভাগ্য উজ্বলি উঠিছিল যদিও প্ৰথমখন ছবিয়ে হিট কেটেগৰীত প্ৰৱেশ কৰিব নোৱাৰিলে।

আজি বলিউদ তথা টি ভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াই ৪৩ বছৰত ভৰি দিলে।

আকাশ বিজ্ঞান কেন্দ্ৰত আনেৰ্ষ্ট ৰাডাৰফ’ৰ্ডৰ জন্মতিথি পালন…

বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ উদ্যোগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ৩০ আগষ্টত হ’বলগীয়া জন্মদিন আগতীয়াকৈ উদযাপন কৰা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই পৰিচালনা কৰা সভাখনৰ আঁত ধৰে সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ উৎপল বৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত পৰমাণুৰ গঠনৰ ওপৰত সুন্দৰ সাৱলীলভাৱে মডেলৰ লগতে দৃশ্য-শ্ৰব্য মাধ্যমৰে বুজায় দিয়ে।

ক্ষীৰধৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ আগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ব্যক্তিত্ব আৰু তেওঁৰ জীৱনৰ আমোদজনক ঘটনাৰ বিষয়ে অৱগত কৰি সকলোকে অভিভূত কৰে। অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক ড০ সঞ্জীৱ উপাধ্যায়ে আকাশ বিজ্ঞান কেন্দ্ৰই ৰাডাৰ্ফৰ্ডৰ দিৱস উপলক্ষে অনুষ্ঠিত কৰা বক্তৃতা অনুষ্ঠানৰ বাবে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰক ধন্যবাদ জনাই বক্তব্য ৰাখে। আজিৰ সভাত বিশ্বনাথ জিলাৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক যতীন শৰ্মা, শিক্ষক হিৰণ্য বৰঠাকুৰ, মামুদ আহমেদ, পৰ্জন্য বৰদলৈ , ববিতা হাজৰিকা, টিকেন্দ্ৰজিত বৰাৰ দৰে ব্যক্তিসকলো উপস্থিত থাকে।

ভাৰতৰ চন্দ্ৰযান-৩ ৰ সফলতাক লৈ সুখী এগৰাকী পাকিস্তান এংকৰ…


২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ য়ে মসৃণ অৱতৰণ কৰে। ইতিমধ্যে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ৩ য়ে দুটাকৈ মিছন সম্পূৰ্ণ কৰিছে আৰু এতিয়া তৃতীয়টো মিছনৰ কাম আৰম্ভ কৰিছে চন্দ্ৰযান৩এ। চন্দ্ৰপৃষ্ঠত ভাৰতৰ চন্দ্ৰযান৩ৰ অৱতৰণক লৈ সুখ প্ৰকাশ কৰিছে পাকিস্তানৰ এগৰাকী টি ভি এংকৰে। ভাৰতৰ সফলতাৰ বাবে পাকিস্তানী টিভিৰ এংকৰগৰাকীয়ে সুখ প্ৰকাশ কৰি কয় যে ‘মই অতি সুখী’। পাকিস্তানী নিউজ শ্ব’ৰ সময়ত এগৰাকী মহিলা এংকৰৰ সৈতে এজন পুৰুষ এংকৰও উপস্থিত আছিল। তেওঁ কয় যে ভাৰত চন্দ্ৰত উপনীত হৈছে। চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ উপৰিভাগত অৱতৰণ কৰাৰ পিছত সমগ্ৰ দেশতে কেৱল আনন্দৰ ঢৌ নহয়, চুবুৰীয়া দেশ পাকিস্তানেও এই বিষয়েও সুখী অনুভৱ কৰিছে। পাকিস্তানী মহিলা এংকৰে সুখ প্ৰকাশ কৰি কয় যে ভাৰত চন্দ্ৰত উপনীত হৈছে। এই বিষয়ে মই বহুত সুখী। লাইভ শ্ব’ৰ সময়ত পাকিস্তানী মহিলা এংকৰগৰাকীয়ে এই কথা কয়। কয় যে ভাৰত চন্দ্ৰত উপনীত হ’লেও কিন্তু আমি এতিয়াও আগবাঢ়িব পৰা নাই। আমাৰ সংস্কৃতি সকলো একে, কিন্তু ভাৰতে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। শ্ব’ৰ সময়ত তেওঁ কয় যে যদি আমি ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেন্তে আমি এনে কৰা উচিত, য’ত ভাৰত আগবাঢ়িছে।


অৱতৰণৰ সময়ত ইছৰো কেন্দ্ৰৰ ছবিৰ কথা উল্লেখ কৰি তেওঁ কয় যে যেতিয়া ভাৰতে চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছিল তেতিয়া বায়ুমণ্ডল কেনে আছিল।ইছৰো চেণ্টাৰত উপস্থিত থকা সকলো মানুহক অতি সুখী যেন লাগিছিল। আমি একে ভাষা কওঁ, দেখাত একে, কিন্তু তথাপিও ভাৰতে সফলতা লাভ কৰিছে। ভাৰত বিশ্বৰ চতুৰ্থখন দেশত পৰিণত হৈছে, যিয়ে চন্দ্ৰত উপনীত হোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। ইয়াৰ পূৰ্বে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীন চন্দ্ৰত উপনীত হোৱাত সফল হৈছে। অৱশ্যে এই বিষয়ত এখোজ আগুৱাই গৈ ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ফালৰ পৰা অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁলোকে মন্তব্য কৰে।


পশ্চিমবংগত ফটকা কাৰখানাত বিষ্ফোৰণত ৬গৰাকী ব্যক্তিৰ মৃত্যু…

পশ্চিমবংগত ফটকা কাৰখানাত বিষ্ফোৰণ।

দুৰ্ঘটনাত মৃত্যু হয় ৬গৰাকী ব্যক্তিৰ।

পশ্চিমবংগৰ জগন্নাথপুৰত অৱস্থিত ফটকা কাৰখানাত হয় বিষ্ফোৰণ।

চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ…

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত দেশবাসী মাজত আনন্দৰ জোৱাৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ অভিযান অব্যাহত আছে। এই বৃহৎ সফলতা লাভ কৰাৰ পিছতেই এই বক্তব্য আগবঢ়াইছে ইছৰোৰ মুৰব্বী এছ সোমনাথে। চন্দ্ৰ, মংগল আৰু শুক্ৰ ভ্ৰমণ কৰাৰ ক্ষমতা আছে ভাৰতৰ কিন্তু তাৰ বাবে আামি আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব। ইয়াৰ লগতে মহাকাশ খণ্ডৰ বাবে আমাক আৰু কিছু বিনিয়োগৰ প্ৰয়োজন। কাৰণ মহাকাশ খণ্ডৰ উন্নয়ন দ্ৰুত হ’ব লাগে আৰু এই কথাটোও সমগ্ৰ দেশৰ উন্নয়নৰ লগত জড়িত। এয়াই আমাৰ মিছন।

ইছৰোৰ মুৰব্বীগৰাকীয়ে যুৱক-যুৱতীসকলক পঢ়া-শুনা কৰি জাতিৰ বাবে কাম কৰিবলৈও পৰামৰ্শ দিছে।

শেহতীয়াকৈ এক আছুতীয়া সাক্ষাৎকাৰত ইছৰোৰ কৃতিত্বৰ কথা উল্লেখ কৰি সোমনাথে কৈছিল যে বিগত ১০ বছৰত প্ৰায় ৩০০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। ইছৰোৰ দলে সূৰ্য মিছনৰ কাম কৰি থকা বুলিও তেওঁ কয়। পৰৱৰ্তী মাৰ্ছ মিছনৰ বাবেও কাম চলি আছে বুলিও কয়।

ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ আমেৰিকা, চীন আৰু অন্যান্য অৰ্থনীতিৰ সৈতে তুলনা কৰি চৰকাৰে প্ৰকাশ কৰিলে গ্ৰাফ

দেওবাৰে চৰকাৰে ভাৰতৰ জিডিপি বৃদ্ধিৰ সৈতে অন্যান্য ডাঙৰ অৰ্থনীতিৰ সৈতে তুলনা কৰি এটা গ্ৰাফ শ্বেয়াৰ কৰে।

চৰকাৰে কয় যে, “ভাৰতৰ অৰ্থনীতি শীৰ্ষ ১০ খনৰ ভিতৰত ওখকৈ থিয় দিছে, যিয়ে বিশ্বৰ মঞ্চত নিজৰ উল্লেখযোগ্য স্থিতিস্থাপকতা আৰু বৃদ্ধি প্ৰদৰ্শন কৰিছে।”

গ্ৰাফত ভাৰতক ৫.৯% জিডিপি বৃদ্ধিৰ হাৰেৰে শীৰ্ষত দেখুওৱা হৈছে, তাৰ পিছতে আছে চীন (৫.২%), আমেৰিকা (১.৬%), কানাডা (১.৫%) আৰু জাপান (১.৩%)