Breaking

দলগাঁৱৰ কৌপাটীত শিক্ষয়িত্ৰীৰ বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

0 39

এগৰাকী শিক্ষয়িত্ৰী বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। বিদ্যালয়ৰ খনৰ অধ্যক্ষক ঘেৰি ধৰি উত্তৰ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে।

“আগতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক তাৰ পিছত শিক্ষয়িত্ৰীক বদলিকৰণ কৰক”-এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে দৰং জিলাৰ কৌপাটীস্থিত বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

পৰ্যাপ্ত শিক্ষক- শিক্ষয়িত্ৰী অভাৱ তাৰ মাজতেই এগৰাকী শিক্ষয়িত্ৰী বদলি কৰণ কৰাৰ বাবেই বৃহস্পতিবাৰে দৰং জিলাৰ কৌপাটীস্থিত বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , আমছু, সংগ্ৰাম পৰিষদে বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত শিক্ষা বিভাগৰ‌ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যালয়খনত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত ২০ জন‌ শিক্ষক- শিক্ষয়িত্ৰী। বিদ্যালয়ৰ কতৃপক্ষৰ‌ লগতে দল‌‌ সংগঠনে বিভাগীয় কতৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰাৰ অন্ততো শিক্ষা বিভাগে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ‌ ব্যৱস্থা গ্ৰহণ নকৰিল।

শিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে এগৰাকী শিক্ষয়িত্ৰী বদলি কৰণক লৈ ক্ষোভিত হৈ পৰে আমছু, সংগ্ৰাম পৰিষদে।‌

আমছু, সংগ্ৰাম পৰিষদৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰখনৰ প্ৰৱেশ দ্বাৰত বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনামিকা হাজৰিকাৰ বদলিকৰণ স্থগিত কৰণৰ দাবীৰে শিক্ষা বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আমছু আৰু সংগ্ৰাম পৰিষদে বিদ্যালয়ৰ অধ্যক্ষাৰ জৰিয়তে জিলা শিক্ষা বিভাগলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply