Breaking

চন্দ্ৰযান – ৩’ ৰ যাত্ৰা কেনেকৈ সম্ভৱ হ’ল জানক…

0 341

চন্দ্ৰ… সৰুৰে পৰাই চকুৰ সন্মুখত যদিও আচলতে বহুত দূৰ…. । দূৰ মানে অলপ দূৰ নহয় বহুত দূৰ, এই দূৰত্ব কিলোমিটাৰ’ত চাবলৈ গলে প্ৰায় ৩,৮৪,৪০০ কি. মি. । অৰ্থাৎ আমাৰ তিনিচুকীয়া’ৰ পৰা গুৱাহাটীলৈ প্ৰায় ৩৯৮ বাৰ অহা যোৱা কৰাৰ সমান বাট । এই বাট অতিক্ৰম কৰিবলৈ চন্দ্ৰযান ৩’ক সময়ৰ প্ৰয়োজন হব প্ৰায় ৪০ দিন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাচাৰ(NASA) দ্বাৰা পঠোৱা ৰকেটে ৩/৪ দিন, ৰুছিয়া’ৰ ৰছকচমচে (ROSCOSMOS) পঠোৱা ৰকেটে ১০/১১ দিনতে চন্দ্ৰত অৱতৰণ কৰে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ ইছৰ’ই

পঠোৱা (ISRO) ৰকেটক চন্দ্ৰ পাবলৈ কিয় বাৰু ইমান দিন লাগে ? ইয়াৰ প্ৰধান কাৰণ দুটা প্ৰথম চন্দ্ৰলৈ গতি কৰা পথ, দ্বিতীয় ৰকেটৰ ওজন কঢ়িয়াব পৰা ক্ষমতা । আমেৰিকা তথা ৰুছিয়াৰ ৰকেটে চন্দ্ৰলৈ পোনপটীয়া বাটেৰে গমন কৰে ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ ৰকেটে পৃথিৱীক কেইবাবাৰো প্ৰদক্ষিণ কৰি পৰোক্ষ বাটেৰে যায় । ভাৰতবৰ্ষৰ ৰকেট সমূহৰ ইঞ্জিনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই এইদৰে প্ৰথমে পৃথিৱী পিছলৈ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ সহায় লৈ চন্দ্ৰত অৱতৰণ কৰে । এইদৰে মাধ্যাকৰ্ষণ শক্তিৰ সহায়লৈ কৰা যাত্ৰাক Gravity Assist maneuver বা Gravity Slingshot বুলি কোৱা হয় । এই প্ৰক্ৰিয়াৰে কম ইন্ধন প্ৰয়োগ কৰি বহুদূৰ যাব পাৰি কিন্তু ভ্ৰমণৰ সময়সীমা দীঘলীয়া হৈ পৰে । চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠোৱা ভাৰতবৰ্ষৰ তৃতীয়খন মহাকাশযান । ইয়াৰ আগতে ২০০৮ বৰ্ষত ইছৰ’ই চন্দ্ৰযান ১ তথা ২০১৯ বৰ্ষত চন্দ্ৰযান ২ মহাকাশযান প্ৰক্ষেপ কৰিছিল ।

চন্দ্ৰযান ৩ মহাকাশযানখন ১৪ জুলাই,২০২৩ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকটাৰ Satish Dhawan Space Centre’ৰ পৰা দিনৰ ০২ বাজি ৩৫ মিনিটত জি.এছ.এল.ভি মাৰ্ক থ্ৰী (GSLV Mk3) ৰকেটৰ সহায়েৰে প্ৰক্ষেপন কৰা হৈছিল ।

চন্দ্ৰযান ৩’ত তিনিটা অংশ আছে :

১) Propulsion Module : যি অংশই চন্দ্ৰত অৱতৰণ কৰিবলগীয়া অংশক চন্দ্ৰৰ নিচেই কাষলৈ কঢ়িয়াই নিব তথা পিছলৈ চন্দ্ৰক প্ৰদক্ষিণ কৰি বিভিন্ন মহাকাশীয় গৱেষণা চলাব ।

২) Vikram Lander : এই অংশই চন্দ্ৰত অৱতৰণ কৰিব তথা চন্দ্ৰৰ বিভিন্ন বিষয়ত গৱেষণা চলাব ।

৩) Pragyan Rover : এই অংশটো বিক্ৰম লেণ্ডাৰ’ৰ ভিতৰত সোমাই থাকে তথা চন্দ্ৰত অৱতৰণ কৰাৰ পিছতেই ইয়াত সংলগ্ন হয় থকা চকাৰ সহায়ত চন্দ্ৰৰ ভূ-পৃষ্ঠত পৰিভ্ৰমণ আৰু গৱেষণা চলাব ।

পৃথিৱীৰ পৰা প্ৰক্ষেপন কৰাৰ পিছত প্ৰথমে মহাকাশযানখনে পৃথিৱীক ১৩৯ x ৩৬৩০৭ কি.মি. উপবৃত্তকাৰ কক্ষপথত প্ৰদক্ষিণ কৰিছিল (এই কক্ষপথক Parking Orbit বোলা হয়), অৰ্থাৎ যানখনৰ পৃথিৱীৰ পৰা সৰ্বোচ্চ দূৰত্ব (Apogee) ৩৬৩০৭ কি. মি. তথা সৰ্বনিম্ন দূৰত্ব (Perigee) ১৩৯ কি.মি. । ইয়াৰ পিছৰ দিনা ১৫ জুলাই, ২০২৩ তাৰিখে যানখন পৃথিৱীৰ পিছফালৰ পৰা চন্দ্ৰৰ দিশে মুখ কৰোঁতেই ইঞ্জিন প্ৰজ্বলিত কৰি এই কক্ষপথ ১৭৩ x ৪১৭৬২ কি. মি লৈ বঢ়োৱা হয় তথা যানখনৰ গতিবেগও বৃদ্ধি হয় । ১৭ জুলাই,২০২৩ তাৰিখে পুনৰ ইঞ্জিন প্ৰজ্বলিত কৰি যানখনৰ কক্ষপথ ২২৬ x ৪১৬০৩ কি.মি লৈ বঢ়োৱা হয় । পুনৰ ১৮ জুলাই,২০২৩ তাৰিখে এই কক্ষপথ বঢ়াই ২২৮ x ৫১৪০০ কি.মি কৰা হয় । ২০ জুলাই, ২০২৩ তাৰিখে এই কক্ষপথ বঢ়াই ২৩৩ x ৭১৩৫১ কি.মি কৰা হয় । ২৫ জুলাই,২০২৩ তাৰিখে কক্ষপথ বঢ়াই ২৩৬ x ১২৭৬০৩ কি.মি কৰা হয় । এইদৰে কক্ষপথ বঢ়োৱা প্ৰক্ৰিয়াক Orbit Raising Maneuver বুলি কোৱা হয় । যানখনৰ পৃথিৱীৰ পৰা সৰ্বোচ্চ দূৰত্ব ১ লাখ কি.মি. অতিক্ৰম কৰাৰ পিছতেই ইয়াক চন্দ্ৰৰ দিশত ঠেলি পঠিওৱা হয়, এই কাৰ্য্যক Trans Lunar Injection (TLI) বুলি কোৱা হয় । ৩১ জুলাই ,২০২৩ তাৰিখে Trans Lunar Injection’ৰ বাবে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ২৮৮ x ৩৬৯৩২৮ কি. মি.লৈ বঢ়াই দিয়া হয় তথা চন্দ্ৰৰ দিশলৈ ঠেলি পঠিওৱা হয় । চন্দ্ৰৰ কাষ পোৱাৰ বাবে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে যানখনক নিজৰ ফালে টানি নিয়ে । চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ বলত যানখন চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ লয় । এই সমগ্ৰ প্ৰক্ৰিয়াক Lunar Orbit Insertion বুলি কোৱা হয় । ০৫ আগষ্ট তাৰিখে চন্দ্ৰযান ৩ ৰ ইঞ্জিন Lunar Orbit Insertion’ৰ বাবে প্রজ্বলিত কৰি যানখনক চন্দ্ৰৰ কক্ষপথত ১৬৪ x ১৮০৭৪ কি. মি’ৰ এটি উপবৃত্তকাৰ কক্ষপথত সোমোৱাই দিয়া হয় । পৰৱৰ্তী সময়ত চন্দ্ৰৰ চাৰিওদিশৰ কক্ষপথ তথা গতিবেগ কমাবলৈ যানখন সম্পূৰ্ণ ১৮০ ডিগ্ৰী ঘূৰাই দিয়া হয় অৰ্থাৎ ইঞ্জিনটো সন্মুখৰ ফালে কৰি প্ৰজ্বলিত কৰা হয় । ০৬ আগষ্ট তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি এই কক্ষপথ ১৭০ x ৪৩৪৩ কি.মি’লৈ হ্ৰাস কৰা হয় । এইদৰে ০৯ আগষ্ট,

২০২৩ তাৰিখে পুনৰ ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৭৪ x ১৪৩৭ কি.মি’লৈ হ্ৰাস কৰা হয় । যানখনে গতি কৰি থকা কক্ষপথ উপবৃত্তকাৰ’ৰ পৰা প্ৰায় বৃত্তকাৰ কৰিবলৈ ১৪ আগষ্ট ২০২৩ তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৫১ x ১৭৯ কি.মি’লৈ হ্ৰাস কৰা হয় । পুনৰ ১৬ আগষ্ট, ২০২৩ তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৫৩ x ১৬৩ কি.মি’লৈ হ্ৰাস কৰা হয় । ১৭ আগষ্ট,২০২৩ তাৰিখে বিক্ৰম লেণ্ডাৰ ইমান দূৰ বাট কঢ়িয়াই অনা Propulsion অংশৰ সৈতে পৃথক হৈ পৰে । ১৮ আগষ্ট,২০২৩ তাৰিখে de-boosting প্ৰক্ৰিয়াৰ অন্তৰ্গত গতিবেগ আৰু কক্ষপথ কম কৰিবৰ বাবে বিক্ৰম লেণ্ডাৰ’ৰ ইঞ্জিন প্ৰজ্বলন কৰা হয় তথা কক্ষপথ ১১৩ x ১৫৬ কি.মি’লৈ হ্ৰাস কৰা হয় । ২০ আগষ্ট, ২০২৩ তাৰিখে দ্বিতীয় de-boosting প্ৰক্ৰিয়াৰ অন্তৰ্গত ইঞ্জিন প্ৰজ্বলন কৰা হয় তথা কক্ষপথ ২৫ x ১৩৪ কি.মি’লৈ হ্ৰাস কৰা হয় ।

এতিয়া মাথোঁ অপেক্ষা ২৩ আগষ্ট,২০২৩ তাৰিখৰ সন্ধিয়া ০৫ বাজি ৪৫ মিনিট সময়লৈ যেতিয়া প্ৰজ্ঞান ৰোভাৰ সহ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব তথা ০৬ বাজি ০৪ মিনিট’ত চন্দ্ৰপৃষ্ঠ চুবগৈ ।

অনুপম হাজৰিকা

Leave A Reply