Home Blog Page 1417

বছৰ বছৰৰ পিছত পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে…

বছৰ বছৰৰ পিছত পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে। ১৫ আগষ্টৰ দিনটোতয়ে খিলাদি কুমাৰৰ বাবে ভাল খবৰ। তেওঁ পুনৰ ভাৰতৰ নাগৰিকত্বও লাভ কৰিছে। অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত এখন ফটোৰ সৈতে এই তথ্য দিয়s। এই ফটোখনত অক্ষয় কুমাৰে ভাৰতীয় নাগৰিকত্ব লাভৰ কাগজ-পত্ৰ দেখুৱাই থকা দেখা গৈছে। অক্ষয় কুমাৰৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।


এই ভাল খবৰটো দি অক্ষয় কুমাৰে শ্বেয়াৰ কৰিছে এখন ফটো। এই ফটোখনত অক্ষয়ে নাগৰিকত্ব লাভৰ বাবে ভাৰত চৰকাৰৰ পৰা পোৱা কাগজ-পত্ৰ দেখুৱাইছে। লগতে দেশবাসীক ১৫ আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় নাগৰিকত্ব নথকাৰ বাবে অক্ষয় কুমাৰক বহুবাৰ ট্ৰ’ল কৰা হৈছিল। এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে বহুবাৰ নাগৰিকত্ব ত্যাগ কৰাৰ কাৰণ প্ৰকাশ কৰিছিল। অক্ষয়ে সাক্ষাৎকাৰত কৈছিল- ‘কিছু বছৰ আগতে যেতিয়া মোৰ ছবিবোৰে ভাল ফলাফল লাভ কৰা নাছিল। প্ৰায় ১৪ৰ পৰা ১৫খন ছবি ফ্লপ হৈছিল। তেতিয়া মই ভাবিলোঁ যে মই আন ঠাইলৈ গৈ কাম কৰিব লাগিব। মোৰ বন্ধুজন কানাডাত বাস কৰিছিল আৰু তেওঁ মোক কানাডালৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছিল। বহুতে কামৰ বাবে তালৈ যায়, মইও গৈছিলোঁ ৷ তাতে নাগৰিকত্বৰ বাবে আৱেদন কৰিলোঁ আৰু নাগৰিকত্ব লাভ কৰিলোঁ৷ এইদৰে মন্তব্য কৰে অক্ষয় কুমাৰে।

১৯৯০ চনত অৰ্থাৎ ৩৩ বছৰ পূৰ্বে অক্ষয় কুমাৰে ভাৰতৰ নাগৰিকত্ব এৰি কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। কিন্তু এতিয়া তেওঁ পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে।


‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে? এই ভিটামিন শৰীৰৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ…

‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে? এই ভিটামিন শৰীৰৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ জানেনে। আপুনি নিশ্চয় ভিটামিন এ, বি, চি, ডি, ই আৰু কেৰ কথা শুনিছে। কিন্তু ‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে। আচলতে ভিটামিন পি হৈছে ফাইটোনিউট্ৰিয়েণ্ট, যিবোৰক এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। আন ভিটামিনৰ দৰে ভিটামিন পিৰো বহু উপকাৰ আছে। ৰুটিন, হেস্পেৰিডিন আৰু কুৱেৰচেটিনৰ দৰে বায়’ফ্লেভন’ইড বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আৰু উদ্ভিদ ভিত্তিক খাদ্য সামগ্ৰীত পোৱা যায়।

ভিটামিন ‘পি’ত বায়’ফ্লেভন’ইডত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। অৰ্থাৎ ইহঁতে ফ্ৰী ৰেডিকেলৰ দৰে ক্ষতিকাৰক অণুৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। এন্টিঅক্সিডেন্টে উন্নত স্বাস্থ্য বজাই ৰাখিবলৈ কাম কৰে। ইয়াৰ দ্বাৰা ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

আনহাতে, কুৱেৰচেটিন যৌগে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি, ৰক্তবাহী নলীৰ কাৰ্য্যক্ষমতা আৰু কলেষ্টেৰলৰ বিপাকীয় ক্ৰিয়া উন্নত কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে। যদি আমি বায়’ফ্লেভন’ইড সমৃদ্ধ ফলমূল আৰু শাক-পাচলিৰ কথা কওঁ, তেন্তে ইয়াৰ ভিতৰত জামু, ছাইট্ৰাছ ফল আৰু গাঢ় সেউজীয়া পাত ইত্যাদি।

এক প্ৰতিবেদন অনুসৰি যদি আপুনি ৩০০ মিলিগ্ৰাম ফ্লেভন’ইড সেৱন কৰে, তেন্তে ডায়েবেটিছৰ সম্ভাৱনা ৫ শতাংশ হ্ৰাস পায়। বায়’ফ্লেভন’ইড পাবলৈ আপুনি ছাইট্ৰাছ ফল, আপেল, গ্ৰীণ টি, জামু, ডাৰ্ক চকলেট, ব্ৰকলি, সেউজীয়া পাতৰ শাক-পাচলি আৰু ৰেড ৱাইন খাব পাৰে।


খালী পেটত কিচমিচ খোৱাৰ আছে বহু উপকাৰিতা…

শুকান ফলৰ বিভিন্ন প্ৰকাৰ আছে। প্ৰত্যেকৰে নিজস্ব সুবিধা আছে। একে সময়তে কিচমিচ খোৱাৰো আছে বহু উপকাৰিতা আৰু অপকাৰিতা। আজি আমি ক’ম খালী পেটত কিচমিচ খালে পেট আৰু শৰীৰ দুয়োটাৰে উপকাৰিতাৰ বিষয়ে। খালী পেটত কিচমিচ খোৱাৰ উপকাৰিতা-

যদি উচ্চ বি পি ৰোগীয়ে খালী পেটত কিচমিচ খায়, তেন্তে তেওঁলোকৰ বাবে ই অতি উত্তম। আচলতে ইয়াত পটাছিয়াম আৰু আঁহৰ পৰিমাণ ভাল। যিটো ৰক্তচাপ নিয়ন্ত্ৰণত উপকাৰী। লগতে ইয়াত বহু ধৰণৰ পলিফিনল থাকে যিয়ে নাইট্ৰিক এচিডৰ দৰে পেটত কাম কৰে। ইয়াৰ লগতে ই বি পি নিয়ন্ত্ৰণৰ বাবেও ভাল।

কিচমিচত এন্টিঅক্সিডেন্ট পোৱা যায়, গতিকে ই মুখৰ বেক্টেৰিয়া বাহিৰ কৰাত সহায় কৰে। এন্টিবেক্টেৰিয়েল কাৰ্য্যৰ উপৰিও কিচমিচত পোৱা চুক্ৰ’জে দাঁত পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

তেজৰ অভাৱত ৰক্তহীনতাৰ বলি হ’ব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা খালী পেটত কিচমিচ খোৱাটো অতি উপকাৰী। ইয়াত আইৰণ, ৰক্তকণিকা গঠনৰ লগতে শৰীৰত তেজৰ যোগান হয়। ইয়াৰ ফলত ৰক্তহীনতা নহয় আৰু আপুনি সুস্থ হৈ থাকিব।

এদিনতে ৮-১০ টা তিয়াই থোৱা কিচমিচ খাব লাগে। অত্যধিক কিচমিচ আপোনাৰ পেটৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ই আন পুষ্টিকৰ পদাৰ্থ শোষণত বাধা দিব পাৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে চেনি আৰু কেলৰি থাকে। সেইবাবেই প্ৰতিদিনে বেছিকৈ কিচমিচ খাব নালাগে, তিয়াই থোৱাৰ পিছত মাত্ৰ ৮-১০টা কিচমিচ খাব লাগে।


মহেশ বাবুৰ পৰা কংগনা ৰানাৱতলৈকে, এই চেলিব্ৰিটিসকলে পালন কৰিছে স্বাধীনতা দিৱস…

স্বাধীনতা দিৱসৰ শুভেচ্ছা: মহেশ বাবুৰ পৰা কংগনা ৰানাৱতলৈকে, এই চেলিব্ৰিটিসকলে পালন কৰিছে স্বাধীনতা দিৱস। আজি দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশতে স্বাধীনতা দিৱস পালন কৰা হৈছে। দক্ষিণৰ পৰা বলীউডলৈকে চেলিব্ৰিটিসকলেও এই বিশেষ দিৱস উদযাপন কৰিছে। গতিকে জানো আহক কোন কোন চেলিব্ৰিটিয়ে নিজৰ অনুৰাগীক শুভেচ্ছা দি স্বাধীনতা দিৱস পালন কৰিলে-

কংগনা ৰানাৱটে অনুৰাগী সকলক বিশেষ ভাবে শুভেচ্ছা জনাইছে। কংগনা ৰানাৱটে ইনষ্টাগ্ৰামত স্বাধীনতাৰ মুহূৰ্তৰ এখন ছবি শ্বেয়াৰ কৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। কেপচনত লিখিছে, ‘স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল’।

অনুপম খেৰে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি এটা ভিডিঅ’টো শ্বেয়াৰ কৰে। য’ত তেওঁ তিৰংগৰ কাহিনী বৰ্ণনা কৰি থাকোঁতে বহু কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখিছে ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ! জয় হিন্দ! ভাৰত মাতৃ জীয়াই থাকক!’

কাজলে তেওঁৰ প্ৰফাইল ফটো সলনি কৰিলে। কাজলে এইবাৰ বিশেষ ধৰণেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে। তেওঁ নিজৰ প্ৰফাইল পিকচাৰত তিৰংগৰ ফটো এখন ৰাখি অনুৰাগী সকলক এই দিৱসৰ শুভেচ্ছাও জনায়।

দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৱেও ১৫ আগষ্ট উদযাপন কৰিছে। লগতে অনুৰাগী সকলক এই বিশেষ মুহূৰ্তৰ বাবে শুভেচ্ছা জনাইছে। তেওঁ নিজৰ টুইটাৰ একাউণ্টৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়।


আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কণমানিৰ সুন্দৰ ফটো কেইখন চাওঁক…

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কণমানিৰ সুন্দৰ ফটো কেইখন চাওঁক

আজি ভাৰতবৰ্ষৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ।

এই স্বাধীনতা দিৱস উপলক্ষে এগৰাকী কণমানিৰ জাতীয় পতাকাৰ সৈতে ভাৰতীয় সেনা বাহিনীৰ পোচাকত এখন সুন্দৰ আলোকচিত্ৰ।

লগতে কমেণ্ট যোগে জনাওঁক মৰমলগা কণমানিৰ ফটোখনৰ বিষয়ে

গদৰ ২ৰ সফলতাৰ মাজতে ইন্দোৰত উপস্থিত হৈ ছানী দেওলে পুত্ৰৰ সৈতে কৰিলে পতাকা উত্তোলন…

আজি সমগ্ৰ দেশত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ইফালে ‘গাদৰ ২’ইও সফলতাৰ নতুন যাত্ৰা সৃষ্টি কৰিছে। আজি য’ত দেশবাসীয়ে দেশপ্ৰেমত মগ্ন হৈ স্বাধীনতাৰ এই উৎসৱ পালন কৰি আছে, তাতে স্বাধীনতা দিৱসৰ দিনা ইন্দোৰৰ মহৌ পদাতিক সংগ্ৰহালয়ত উপস্থিত হয় গদৰৰ তাৰা সিং অৰ্থাৎ গদৰৰ ছানী দেওল। য’ত তেওঁ পতাকাক চেলুট দি ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।

ছানী দেওলে অস্ত্ৰ-শস্ত্ৰ পৰিদৰ্শন কৰে
মহৌ ইনফেণ্ট্ৰি মিউজিয়ামত বাদ্যযন্ত্ৰৰে ছানী দেউলক অতি বিশেষভাৱে আদৰণি জনোৱা হয়। এই সময়ছোৱাত ছানীয়ে বগা কুৰ্তা আৰু হালধীয়া পাগুৰি পিন্ধি সম্পূৰ্ণ তাৰা সিং অৱতাৰত তাত উপস্থিত হ’ল। তেওঁৰ পুত্ৰ ৰাজবীৰ দেওলেও ছানীৰ সৈতে উপস্থিত হয়। য’ত তেওঁ ১৫ আগষ্টত পিতৃৰ সৈতে উদযাপন কৰিছিল। পতাকা উত্তোলনৰ পিছত ছানীয়েও সামৰিক অস্ত্ৰবোৰ দেখি পৰিদৰ্শন কৰিলে। অভিনেতা হোৱাৰ উপৰিও পঞ্জাৱৰ গুৰদাসপুৰ সমষ্টিৰ সংসদ সদস্যও ছানী দেওল।

‘গদাৰ ২’ বিদ্ৰোহৰ সৃষ্টি
বহু আগতেই ছবিখনৰ হুলস্থুলৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত ছবিখন মুক্তি পোৱাৰ লগে লগে বক্স অফিচত আচৰিত কাম কৰিলে। আজি অৰ্থাৎ মুক্তিৰ চতুৰ্থ দিনটোত গদৰ ২ য়ে ৩৭ কোটি টকা উপাৰ্জন কৰিছে। যাৰ জৰিয়তে ছবিখনে এতিয়ালৈকে ১৭২ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

২০০ কোটি ক্লাবত অন্তৰ্ভুক্ত কৰিব পাৰিব
স্বাধীনতা দিৱসত ২০০ কোটি টকাৰ ক্লাবত যোগদান কৰাৰ সম্ভাৱনা আছে গাদাৰ ২। ‘গাদৰ ২’ৰ উপাৰ্জনৰ গতিবেগলৈ চালে স্বাধীনতা দিৱসৰ বন্ধৰ দিন অৰ্থাৎ ১৫ আগষ্টত প্ৰচণ্ড সংগ্ৰহৰ আশা আছে। কোৱা হৈছে যে ১৫ আগষ্টত এই ছবিখনে ২০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিব।

বিগ বছৰ ১৬ বছৰৰ অভিলেখ ভংগৰে ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰে বিজয়ী এলভিছ যাদৱ…

বিগ বছৰ ১৬ বছৰৰ অভিলেখ ভংগৰে ৱিল্ড কাৰ্ড এণ্ট্ৰীৰে বিজয়ী এলভিছ যাদৱ। বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱ শ্ব’ত জয়ী হোৱাৰ পিছত অহৰহ চৰ্চা। ট্ৰফীৰ উপৰিও এলভিছে লাভ কৰিছে ২৫ লাখ টকা। ইয়াৰ লগতে এলভিছে এনে এক অভিলেখ ভংগ কৰিছে যে বিগ বছত আজিলৈকে কোনেও এই অভিলেখ ভংগ কৰিব পৰা নাছিল। এই ৰেকৰ্ড আৰু এলভিছৰ বিষয়ে জানক-

শ্ব’টোৰ মাজভাগতে ‘বিগ বছ অ’টিটি ছিজন ২’ত ৱাইল্ড কাৰ্ড এণ্ট্ৰি কৰিছিল এলভিছ যাদৱে। শ্ব’টোত অহাৰ লগে লগে এলভিছ বিখ্যাত হৈ পৰে।

২৪ বছৰীয়া এলভিছ হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা। এলভিছ এজন বিখ্যাত ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ। ২০১৬ চনত এলভিছে ইউটিউব যাত্ৰা আৰম্ভ কৰে।

এলভিছে ইউটিউবৰ পৰা প্ৰতিমাহে প্ৰায় ৮ৰ পৰা ১০ লাখ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও এলভিছৰ আন বহুতো ব্যৱসায় আছে যাৰ পৰা তেওঁ বহু টকা উপাৰ্জন কৰে, য’ত এন জি অ’ আৰু কাপোৰৰ ব্ৰেণ্ডো আছে। এলভিছে অতি আড়ম্বৰপূৰ্ণ জীৱন কটায়।


ক’লা চশমা পিন্ধি আই ফ্লুৰ পৰা ৰক্ষা পাব পাৰিনে? জানি লওক ইয়াৰ সত্যসত্যতা…

ক’লা চশমা পিন্ধি আই ফ্লুৰ পৰা ৰক্ষা পাব পাৰিনে? জানি লওক ইয়াৰ সত্যসত্যতা। আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে আই ফ্লুৰ বলি হোৱা লোকসকলে প্ৰায়ে ৰাজহুৱা স্থানত ক’লা চশমা পিন্ধে। তেওঁলোকে ভাবে যে এনে কৰিলে এই ৰোগ আন ব্যক্তিলৈ বিয়পি নাযায়। কিন্তু এই পদ্ধতি শুদ্ধ হয়নে?


যদিও ক’লা চশমা পিন্ধি চকু দুটা উজ্জ্বল পোহৰ, ধূলিৰ পৰা ৰক্ষা কৰিব পাৰি। কিন্তু যদি আপুনি ভাবিছে যে এনে কৰিলে এই ৰোগ আন মানুহলৈ বিয়পি নাযায়,এয়া সম্পূৰ্ণ অসত্য। এই সন্দৰ্ভত কোনো সত্যতা নাই। আই ফ্লুত আক্ৰান্ত ৰোগীৰ চকুৰ সংস্পৰ্শত ভাইৰাছ বিয়পি নাযায়।

কনজাংটিভাইটিছৰ ৰোগী উজ্জ্বল পোহৰৰ প্ৰতি অলপ বেছি সংবেদনশীল হৈ পৰে, লগতে যদি তেওঁলোকৰ চকুত ধূলি বা মাটি সোমাই, তেন্তে বিষ বাঢ়িবলৈ আৰম্ভ কৰে। চশমাৰ পৰা চকুৱে তৎক্ষণাত সকাহ পায় যদিও সংক্ৰমণ বিয়পোৱা বা সংক্ৰমণ বিয়পি পৰাত বাধা দিয়াৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

আই ফ্লু কেনেকৈ বিয়পে-

১/ আই ফ্লু ৰোগীয়ে যেতিয়া চকু ঘঁহি এজন সুস্থ ব্যক্তিৰ লগত হাত মিলাই তেতিয়া সুস্থ ব্যক্তিজনে তেওঁৰ সংক্ৰমিত হাতেৰে চকুত স্পৰ্শ কৰিলে কনজাংটিভাইটিছ বিয়পে।

২) কনজাংটিভাইটিছ হোৱা ব্যক্তিয়ে তেওঁৰ টাৱেল, আঠুৱা, বিচনা ব্যৱহাৰ নকৰিব কাৰণ ই আপোনাৰ চকুতো সংক্ৰমণ কৰিব পাৰে।

আই ফ্লুৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে-

১) আই ফ্লুৰ ৰোগ ব্যাপক হৈ থকাৰ সময়ত অপ্ৰয়োজনীয়ভাৱে চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। চকু মেলিবলৈ প্ৰয়োজন হ’লে প্ৰথমে চাবোনেৰে হাত ধুব লাগে।

২) আপোনাৰ বিচনা, আঠুৱা, চাদৰ বা ৰুমাল আন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব, নহ’লে আপুনিও সহজেই এই ৰোগৰ বলি হ’ব পাৰে।

৩) চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ চকুৰ টোপাল বা চকুৰ মলম ব্যৱহাৰ নকৰিব

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন…

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন। দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজি সমগ্ৰ দেশৰ লগতে নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰম্বনাপূৰ্ণ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা চাউনীৰ আৱাসীৰ প্ৰতিঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ পথাৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰে ।

প্ৰথম অসম আৰক্ষী বাহিনীৰ পেৰেডৰ পিছতে ৰাষ্ট্ৰীয় পতাকা উত্তোনল কৰি আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহউদ্দিন আহমেদে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া প্ৰতি গৰাকী বীৰ শ্বহীদৰ ত্যাগ ৰোমন্থন কৰি আত্মাৰ চিৰশান্তি কামনা কৰে ।

আজি দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস…

আজি দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱৰ ক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।

দেশৰ চাৰিওফালে উৰিছে ৰাষ্ট্ৰীয় পতাকা। লালকিল্লাত দশমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আনহাতে অসমতো স্বাধীনতা দিৱসৰ আয়োজন। খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্বাধীনতা দিৱসৰ উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে বিশাল আয়োজন।