Home Blog Page 1423

দেশৰ ১৪০ আৰক্ষীলৈ গৃহমন্ত্ৰালয়ৰ মেডেল, অসমৰ ৪ আৰক্ষীলৈ অনুসন্ধানমূলক মেডেল

অসম আৰক্ষীৰ চাৰি গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰদান কৰে মেডেল।

অনুসন্ধানৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ ভিত্তিত গৃহমন্ত্ৰালয়ে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই মেডেল প্ৰদান কৰি আহিছে।

এইবাৰ দেশৰ ১৪০ গৰাকী আৰক্ষীলৈ এই মেডেল প্ৰদান কৰা হয়। অসমৰ ডি চি পি সুৰজিত সিং পানেচাৰ, পৰিদৰ্শকদ্বয় দুৰ্গা কিংকৰ কুমাৰ আৰু আৰিফুল হক আৰু উপ পৰিদৰ্শক এম থাডৈ সিংহক উৎকৃষ্ট অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে মেডেল প্ৰদান কৰে।

উল্লেখ্য যে অসম লোক সেৱা আয়োগৰ বৃহৎত কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে বক্ৰ পথেৰে এপিএছ আৰু এচিএছ চাকৰি লোৱা একাংশক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে লোক সেৱা আয়োগৰ তদনান্তীন অধ্যক্ষ ৰাকেশ পালসহ একাংশ বিষয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সম্প্ৰতি উক্ত গোচৰ আদালতৰ বিচৰাধীন হৈ আছে।

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’…

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’। শেহতীয়াকৈ নিউয়ৰ্কৰ য়েংকি ষ্টেডিয়ামত উপস্থিত হৈছিল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছ। ষ্টেডিয়ামত কনচাৰ্টৰ বাবে উপস্থিত হৈছিল। য’ত তেওঁৰ এগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ লৈ ব্ৰা দলিয়াই দিলে। ইয়াৰ পিছত নিক ক্ষন্তেক সময়ৰ বাবে ৰৈ গ’ল আৰু তাৰ পিছত পুনৰ গান গাবলৈ ধৰিলে। এই ভিডিঅ’টো পোষ্ট কৰি নিক’ৰ অনুৰাগীয়ে কেপচনত লিখিছে – “নিকৰ কনচাৰ্টৰ কিছু ছবি, য’ত এজন অনুৰাগীয়ে তেওঁৰ ওপৰত ব্ৰা দলিয়াইছিল.. ” আনহাতে এতিয়া বহুলোকে এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুৰাগীসকলে এই ঘটনাক অপমানজনক বুলি অভিহিত কৰিছে।

এই সন্দৰ্ভত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে, “এয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতি অপমানজনক…অনুৰাগীসকলে শিল্পীক সন্মান কৰিবলৈ শিকাটো প্ৰয়োজন…।” নিক’ৰ কনচাৰ্টত এনেকুৱা কাৰ্য হোৱাটো প্ৰথমবাৰৰ বাবে নহয়।



মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, আৰক্ষীৰ জালত ৪৩ টা চিলিণ্ডাৰ সহ এজন

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত মহানগৰ গুৱাহাটীত শনিবাৰে এক অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত এজন ব্যক্তিৰ জিম্মাৰ পৰা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়ামতে এছ টি এফ আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্হাৰ যৌথ অভিযান হাতীগাঁৱৰ এখন গেলামালৰ দোকানত অবৈধ ভাবে মজুত কৰি ৰখা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বিপনীখনৰ স্বত্বাধিকাৰ যোগেশ কলিতাক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মহাপুৰুষীয়া ভাওনা সংস্কৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস। পৌৰাণিক তথা ঐতিহাসিক গীত, সুৰ, বাজনাই জীপাল কলিয়াপানীস্থিত আউনীআটী সত্ৰ…

শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু সদৌ অসম ভাওনা সন্মিলনৰ যৌথ উদ্যোগত ভাওনাৰ পৰম্পৰাগত গীত,সুৰ আৰু বাজনা পৰিৱেশন আৰু সংৰক্ষণৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অনুষ্ঠান দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী আৰু সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি ড৹ মানিক শইকীয়াকে প্ৰমুখ্য কৰি ভাওনা সংস্কৃতিৰ কেইবাগৰাকীও মহীয়ান উপস্থিত থকা এই অনুষ্ঠানত উজনি অসমৰ শিৱসাগৰ,দুলীয়াজান,মাজুলী,গোলাঘাট,যোৰহাট আদিকৰি কেইবাখনো জিলাৰ ভাওনা সংস্কৃতিৰ সৈতে জড়িত চহা অভিজ্ঞতাসম্পন্ন শিল্পীয়ে অংশগ্ৰহণ কৰি মহাপুৰুষ দুজনৰ অমৰ সৃষ্টিৰাজি ভাওনাৰ বিভিন্ন পৌৰানিক গীত,সুৰ,বাজনা,ৰাগ,পয়াৰ,স্তুতি,বিলাপ আদি প্ৰদৰ্শন কৰে।

ইপিনে উক্ত অনুষ্ঠানত প্ৰদৰ্শিত সমূহ গীত বাজনা বাণীবন্ধন কৰাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে যাতে অনাগত দিনত এই সকলো ঐতিহ্য বহনকাৰী অসমীয়াৰ সম্পদসমূহ সংৰক্ষণ কৰিব পাৰে।উল্লেখযোগ্য যে বিশেষকৈ উজনি অসমত বৰ্তমান মাতৃভাষাৰ ভাওনাই যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালকৈ ভাওনাৰ আধুনিকীকৰণৰ নামত অৱশ্যে বহুবাৰ মহাপুৰুষীয়া এই অনুপম সৃষ্টি বিতৰ্কত সোমাই পৰিছে।সেয়ে অনাগত দিনবোৰত অসমীয়া পৰিচয়বাহক এই ভাওনা সংস্কৃতিয়ে আধুনিকতাৰ নামত যাতে নিজৰ স্বক্ৰিয়তা নেহেৰুৱাই আৰু নৱপ্ৰজন্মই যাতে শুদ্ধ ৰূপত ভাওনা সংস্কৃতি উপলব্ধি তথা মৰ্যদা সহকাৰে উপস্থাপন কৰিব পাৰে তাৰ উদ্দেশ্যেৰেই এই ব্যতিক্ৰমী প্ৰয়াস কৰা হৈছে আৰু এই প্ৰয়াসে ইতিমধ্য সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

প্ৰদেশ কংগ্ৰেছ বিজেপিৰ এজেন্টঃ সাংসদ বদৰুদ্দিন আজমল

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ ক্ষুদ্ধ হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগে কৰিব লাগিছিল যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলকো সমালোচনাৰ লক্ষ্য কৰি লয়।

আজমলে বিৰোধী দল সমূহৰ ঐক্যমঞ্চ “ইণ্ডিয়াক” দিল্লীত সমৰ্থন দিয়া বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছক বিজেপিৰ এজেন্ট আখ্যা দিয়ে।

এআইইউডিএফ দলে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ মানি নলয় বুলি স্পষ্ট কৰি দি আজমলে মুছলমান সকলৰ ১০-১১ টা সমষ্টি হ্ৰাস কৰা বুলিও মন্তব্য কৰে।

সাংসদ গৰাকীয়ে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাই মৌন হৈ থকা কাৰ্যকো সমালোচনা কৰি এইসকলে খিলঞ্জীয়াক লোকচান কৰা বুলিও মন্তব্য কৰে।

তেওঁ আগন্তুক লোকসভাত তিনিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰি তিনিওখন আসনত বিপুল ভোটত জয়ীশহব বুলিও দৃঢ় মত পোষন কৰে।

উল্লেখ্য যে বৰপেটা ধুবুৰীৰ লোকসভা নিৰ্বাচন সম্পৰ্কীয় এক বৈঠকত অংশগ্ৰহণ কৰি কয়াকুছিত এই মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে।

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী…

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাস্থ্যৰ বাবে পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। ভিটামিন পিক ফ্লেভন’ইড বুলিও জনা যায়। ভিটামিন পি আচলতে ফাইটো নিউট্ৰিয়েণ্ট, যিবোৰত এণ্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন পি কোনবোৰ খাদ্যত পোৱা য়ায় জানক…

ভিটামিন পিৰ ৬টা উপকাৰ-

ভিটামিন পি থকা খাদ্য খালে ৰক্তবাহী নলীবোৰে ভালদৰে কাম কৰে। ভিটামিন পি ৰ ফলত হৃদযন্ত্ৰৰ ভালে থাকে।

ভিটামিন পি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰ ফলত কোষৰ ক্ষতি নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। যাৰ বাবে শৰীৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈ পৰে।

ভিটামিন পিয়ে এলাৰ্জী, হাঁপানী আৰু বাতবিষৰ দৰে ৰোগত সকাহ দিব পাৰে।

ভিটামিন পি সমৃদ্ধ খাদ্য সেৱন কৰাটো ছালৰ বাবে অতি উত্তম। ইয়াৰ ফলত ছালৰ কেপিলাৰী উন্নত হয়। ভেৰিকোজ ভেইনৰ দৰে সমস্যাও কম হয়। যদি ছালত আঘাত পোৱাৰ পিছত ঘা হৈছে তেন্তে তাৰ বাবে ভিটামিন পি উপকাৰী হ’ব পাৰে।

ভিটামিন পি চকুৰ বাবেও উপকাৰী। ইয়াৰ ফলত চকুৰ বহু সমস্যাৰ অন্ত পৰে আৰু দৃষ্টিশক্তিও উন্নত হয়।

কমলা, নেমু আৰু আমলখি , ডাৰ্ক চকলেট, ৰাস্পবেৰী, ব্লুবেৰী, ব্লেকবেৰী আৰু ষ্ট্ৰবেৰী, আপেলত পোৱা ফ্লেভনন কুৱেৰচেটিন ভিটামিন পিৰ এক উত্তম উৎস। ভিটামিন পি চাহতো পোৱা যায়। বন্ধাকবি, কচু আৰু ব্ৰকলিৰ দৰে সেউজীয়া আৰু পাতল শাক-পাচলিতো ভিটামিন পি পোৱা যায়।


অগপত বিদ্ৰোহৰ উকমুকনি

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই অগপ দলত সৃষ্টি হৈছে ধুমুহাৰ। আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ পিছত ক্ষুদ্ধ বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় পদৰ পৰা পদত্যাগ কৰে। ইতিমধ্যে অগপ দলৰ সভাপতি অতুল বৰালৈ বিধায়ক হাজৰিকাই প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

হাজৰিকাই ৰাজ্যিক সাধাৰণ সম্পাদক আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য পদৰ লগতে সকলো সাংগঠনিক দায়িত্বৰ পৰাও অব্যাহতি লয়। উল্লেখ্য যে আমগুৰি সমষ্টি বিলুপ্তি কৰাৰ প্ৰতিবাদত বিৰোধী ৰাজনৈতিক দল সমূহে ১৪ আগষ্টত বন্ধ ঘোষনাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

ইতিপূৰ্বে নিৰ্বাচন আয়োগে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশৰ পিছতেই আমগুৰি সমষ্টি বাহাল ৰাখিবলৈ বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন কৰা হৈছিল।

আনকি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দলে গুৱাহাটীত গ্ৰহন কৰা ৰাজহুৱা শুনানী কালত অভিযোগ প্ৰদান কৰি সমষ্টিটো বাহাল ৰাখিবলৈ আয়োগক আহ্বান জনাইছিল যদিও কালি প্ৰকাশ পোৱা তালিকাত সমষ্টিটো বিলুপ্ত কৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।

ইয়াৰ বহিপ্ৰকাশ ঘটাই আজি অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলৰ বিষয় ববীয়া পদৰ পৰা অব্যাহতি লয়।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণে নমাইছে ৰাজনৈতিক সংকত, অনিশ্চিত ভৱিষ্যত ২৪ মন্ত্ৰী-বিধায়কৰ!

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ তালিকা ঘোষনা কৰাৰ লগে লগে একাংশ ৰাজনৈতিক নেতালৈ অশনি সংকেত নমাই অনা পৰিলক্ষিত হৈছে।

শাসনাধিষ্ঠ একাংশ মন্ত্ৰী বিধায়কৰ লগতে বিৰোধী নেতাৰ মাজতো বৃদ্ধি পাইছে উদ্বিগ্নতা। জানিব পৰামতে সমষ্টি হেৰাল বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।

পানেৰী সমষ্টি বিলুপ্ত হ’ল সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ তালিকাৰ পৰা। একেদৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিৰো ঘটিল বিলুপ্তি। ইউ জি ব্ৰহ্মৰ ছাপাগুৰি সমষ্টিৰো ঘটিল বিলুপ্তি।

একেদৰে জাকিৰ হুছেইনৰ সৰুক্ষেত্ৰী, ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও, বিনোদ হাজৰিকাৰ লাহোৱাল, সুশান্ত বৰগোহাঁইৰ থাওৰা, প্ৰদীপ হাজৰিকাৰ আমগুৰি, কৃষ্ণেন্দু পালৰ পাথাৰকান্দি, ৰূপসিং টেৰাঙৰ বৈঠালাংছু, দৰসিং ৰাংহাঙৰ হাওৰাঘাট, ভূপেন বড়োৰ বৰমা, ৰঞ্জিত কুমাৰ দাসৰ পাটাছাৰকুছি, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পূৱ গুৱাহাটী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ নিৰ্দ্ধাৰণ তালিকাৰ পৰা বিলুপ্ত হ’ল।

জানিব পৰামতে এইসকল মন্ত্ৰী বিধায়কে ভৱিষ্যত ৰাজনৈতিক জীৱনৰ আশংকাত কটাইছে। ইতিমধ্যে আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ প্ৰতিবাদত কেইবাটাও ৰাজনৈতিক দলে ১৪ আগষ্টত বন্ধ ঘোষনা কৰিছে।

এইসকল ৰাজনৈতিক নেতাই আগন্তুক বিধান সভাৰ নিৰ্বাচনত কি পদক্ষেপ গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব। উল্লেখ্য যে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণক লৈ কেইবাটাও ৰাজনৈতিক দলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাইও নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এওঁলোকৰ অভিযোগ নিৰ্বাচন আয়োগে বহু আপত্তি অভিযোগক গুৰুত্ব প্ৰদান কৰা নাই।

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক…

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক। পটাছিয়াম, আইৰণ, কপাৰ, ভিটামিন বি ৬, ভিটামিন এ, ভিটামিন চি আদি পুষ্টিকৰ উপাদানেৰে ভৰপূৰ কেঁচা জলকীয়া। কেঁচা জলকীয়া স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে অপৰিহাৰ্য। জানো আহক কেঁচা জলকীয়া খোৱাৰ সুবিধা সমূহৰ বিষয়ে-


১/ কেঁচা জলকীয়া খালে বিষৰ পৰা উপশম পাব পাৰি। বিশেষকৈ বাতবিষৰ দৰে বিষত উপশম পোৱা যায়।আচলতে ইয়াত থকা কেপচাইচিন নামৰ যৌগটোৱে বিষ নিৰাময়ৰ কাম কৰে।

২) হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত কেঁচা জলকীয়া উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নিয়মিতভাৱে কেঁচা জলকীয়া খালে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰি এথেৰ’স্কলেৰ’ছিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা কমিব পাৰে।

৩) ঠাণ্ডা সকাহ পাবলৈ কেঁচা জলকীয়া খাব পাৰে। আচলতে ইয়াত কেপচাইচিন নামৰ যৌগ এটা থাকে, যিয়ে তেজ চলাচলক উদ্দীপিত কৰে, যাৰ ফলত শ্লেষ্মাৰ নিঃসৰণ পাতল হৈ পৰে।

৪/ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব পাৰে।

৫) গৱেষণাৰ মতে কেঁচা জলকীয়াত ভিটামিন চি থাকে যিয়ে ছালত কলাজেন সংশ্লেষণ বৃদ্ধি কৰাত সহায় কৰে। গ্ল’য়িং সুস্থ ছালৰ বাবে ই অতি প্ৰয়োজনীয়।

৬) কেঁচা জলকীয়াই হজম শক্তিও উন্নত কৰিব পাৰে। কাৰণ ইয়াত অত্যধিক পৰিমাণৰ খাদ্য আঁহ থাকে। এইদৰে ই মলত্যাগ সহজ কৰাত সহায় কৰে। বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।


জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত বাপুজী ভৱনত ৰাজহুৱা সভা৷ বিধায়ক পদ্ম হাজৰিকাক সভাপতি হিচাপে লৈ এশ জনীয়া কমিটি গঠন…

জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত শনিবাৰে জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ সন্ধৰ্ভত বিষদ আলোচনা হোৱাৰ লগতে এখনি শক্তিশালী উদযাপন সমিতিও গঠন কৰা হয় ৷

পূৰ্বঘোষিত অনুসৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি আৰু জয়ন্ত দাসক প্ৰধান সম্পাদক হিচাপে লৈ এখনি এশ জনীয়া শক্তিশালী কমিটি গঠন কৰা হয় ৷ সভাত বিধায়ক পদ্ম হাজৰিকাই কয়-জামুগুৰি বহাগী মেলাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰি ৰাখিছে ৷ জামুগুৰিহাটৰ তিনিটা মৌজাৰ ৰাইজক সহযোগীতা লৈ জামুগুৰি বহাগী মেলাই এইবেলি ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিচৰা কাৰ্যত মই অতিশয় সুখী ৷

জামুগুৰি বিহুমেলা জামুগুৰিয়া ৰাইজৰ পৰিচয় হওক বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সম্পাদক জয়ন্ত দাসে আতধৰা সভাখনিত অঞ্চলটোৰ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ অহাবৰ্ষৰ এপ্ৰিলত ৰূপালীজয়ন্তী সমাৰোহৰ মূল কাৰ্যসুচী অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷