Home Blog Page 1424

চকুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে জানক…

  • চকুযুৰি উজ্বল কৰি ৰাখিবলৈ হ’লে বাৰে বাৰে চকুত ঠাণ্ডা পানী ছটিয়াব। মাজে মাজে গোলাপজল মিহলোৱা পানীৰে চকুযুৰি ধুব।
  • চকুৰ গুৰি ক’লা পৰিলে প্ৰচুৰ পৰিমাণে পানী খাব। ৰাতি টোপনি খতি নকৰিব আৰু ৫ মিনিটমান তিয়হৰ ৰস চকুৰ গুৰিত লগাই থ’ব।
  • চকুৰ চাৰিওফালে বলিৰেখা হ’লে দেখিবলৈ বেয়া লাগে। তেনে অৱস্থাত লেঁচা আলু থেতেলিয়াই বলিৰেখাৰ ওপৰত লগাই থৈ ২০/২৫ মিনিট সময় ওপৰ মুৱাকৈ শুই থাকক। নিয়মিতভাৱে কিছুদিনলৈ এই নিয়ম চলাই থাকিলে ৰেখাবোৰ নোহোৱা হ’ব।

  • পাওৰুটী বা লোফ এটুকুৰাৰ চাৰিওকাষে কাটি পেলাই দি ভিতৰৰ কোমল অংশখিনি সামান্য গৰম গাখীৰত ভিজাই এখন পাতল কাপোৰত বান্ধি পেলাওক। এই কাপোৰৰ টোপোলাটি এতিয়া চকুৰ কাষৰ ৰেখাবোৰত লাহে লাহে বোলাই যাওক। এইদৰে কিছুদিন কৰিলে ৰেখাবোৰ নাইকিয়া হৈ যাব।
  • চকুৰ পতা ঘন আৰু দীঘল কৰিবলৈ হ’লে সদায় ৰাতি শোৱাৰ আগতে চকুৰ পতাত কেইটোপালমান ‘কেষ্টৰ অইল’ বা নাৰিকলৰ তেল লগাব। এইদৰে কিছুদিন কৰাৰ ফলত উপকাৰ পাব।
  • মাজে মাজে ভিটামিন ‘এ’, কেলচিয়াম জাতীয় ঔষধ আৰু ফল খাব।
  • দুয়ো চকুৰ পতাৰ ওপৰত তিয়হৰ ঘূৰণীয়াকৈ কটা টুকুৰা বা ঠাণ্ডা পানীত ভিজোৱা তুলা দি ওপৰমুৱাকৈ ২০ মিনিট শুই থাকক। চকু উজ্জ্বল আৰু সতেজ হ’ব।

চকু ভালে ৰাখিবলৈ কেইটা মান ব্যায়াম

(ক) চকু এবাৰ সোঁফালে, এবাৰ বাওঁফালে, চক্ৰাকাৰে ঘূৰাওক। কিছুসময় বিশ্ৰাম লৈ পুনৰ একেদৰে ঘূৰাওক।

(খ) ১০ বাৰ মান সঘনাই দ্ৰুতগতিত চকু জপোৱা আৰু মেলা কৰক।

(গ) খুউব ডাঙৰকৈ ডাঙৰকৈ চকুযুৰি মেলক আৰু আকৌ লাহে লাহে বন্ধ কৰক। এনেদৰে ১০ বাৰমান কৰক।

  • হিঙচে শাক চকুৰ কাৰণে ভাল। এই শাক প্ৰায়েই খাই থাকিব লাগে। পিঁয়াজ মিহলাই এই শাকৰ ‘চুপ’ তৈয়াৰ কৰি নিতৌ খালে টনিকৰ নিচিনা কাম কৰে।
  • মাজে মাজে চকুত এটোপালমান পিঁয়াজৰ ৰস দিয়া ভাল।

  • গোটেই দিনটো লিখা-পঢ়া, অন্য পৰিশ্ৰম কৰিলেও চকুৰ গুৰি ক’লা পৰা দেখা যায়। ইয়াক দূৰ কৰিবলৈ চাহৰ বাবে সিজোৱা চাহপাতখিনি ব্যৱহাৰ কৰাৰ পিছত গাখীৰ নিদিয়া অৱস্থাত ফটাকানি এখনেৰে টোপোলা বান্ধি টোপোলাটো চকুৰ গুৰিত লগাকৈ হেঁচি হেঁচি ধৰিলে বেছ সজীৱ আৰু পৰিষ্কাৰ লাগিব।
  • সেউজীয়া ৰঙটো চকুৰ বাবে বৰ উপকাৰী। অসমত গছ-গছনি ভৰা পাহাৰ, সেউজীয়া পথাৰৰ অভাৱ নাই। পুৱা শুই উঠি দূৰণিৰ সেউজীয়া গছ-গছনিৰ ফালে কিছুপৰ চাই থাকিব।
  • চকুৰ বাবে ভিটামিন ‘এ’ৰ বিশেষ প্ৰয়োজন। সেয়েহে গাখীৰ আৰু গাখীৰৰ তৈয়াৰী সকলো বস্তু, বিট্‌, গাজৰ, সেউজীয়া শাক-পাচলি, নেমু জাতীয় ফল বেছিকৈ খাব।
  • চকুৰ চাৰিওফালে হোৱা ক’লা দাগ আঁতৰাবলৈ হ’লে ‘আলমণ্ড অইল’ বা ‘অলিভ অইল’ সামান্যকৈ গৰম কৰি দুটোপালমান চকুৰ চাৰিওফালে নিতৌ ৰাতি শোৱাৰ আগতে মালিচ কৰি শুব; চকুৰ তলৰ কোঁচখোৱা ছালখনে সজীৱতা লাভ কৰিব।

প্ৰধান শিক্ষকৰ সৈতে জিলা ভিত্তিক মত বিনিময় সভা সম্পন্ন…

আজি বৰপেটা জিলা সমগ্র শিক্ষাৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গুণোৎসৱ ২০২৩ ত C আৰু D গ্ৰেড প্ৰাপ্ত বিদ্যালয়বোৰৰ প্ৰধান শিক্ষক সকলৰ সৈতে এখন জিলা ভিত্তিক মত বিনিময় সভা অনুষ্ঠিত হয়। উক্ত সভাত বিগত গুণোৎসৱত নিম্নমানৰ প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ শৈক্ষিক দিশৰ লগতে আন আন সমস্যা সমূহ পৰ্যালোচনা কৰা হয়। সভাত বৰপেটা জিলাৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ, আই এ এছ অতিৰিক্ত জিলা আয়ুক্ত লখিমী দত্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাস, ডায়েট বৰপেটাৰ অধ্যক্ষ মৃণাল চৌধুৰী আৰু বৰপেটা জিলা Academic Council ৰ সদস্যসকলৰ উপৰিও বিভিন্ন পৰ্য্যায়ৰ শিক্ষা বিষয়াসকল আৰু জিলা আচঁনি বিষয়াসকল উপস্থিত থাকে। সভাৰ আঁত ধৰে সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে।

বিদ্যালয় প্ৰধানসকলে বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ সমূহ বৰপেটা জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক অবগত কৰে আৰু আয়ুক্ত ডাঙৰীয়াই কিছুমান সমস্যাৰ লগে লগে সমাধানৰ পথ দেখুৱায় আৰু বাকী সমস্যাসমূহ শ্ৰীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে। আয়ুক্ত ডাঙৰীয়াই যিবোৰ বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱ আছে তেনেবোৰ বিদ্যালয়ৰ আন এজন শিক্ষকক জিলা পৰ্য্যায়ত প্ৰশিক্ষণ দি সাময়িকভাবে সকাহৰ ব্যৱস্থা কৰিব বুলি কয়। লগতে Rationalization ৰ যোগেদি শিক্ষকৰ অভাৱ পৰ্য্যায়ক্ৰমে পূৰ হ’ব বুলি কয়। সভাত উপস্থিত থাকি অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা ‌বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই বিদ্যাঞ্জলীৰ যোগেদি স্হানীয় শিক্ষিত যুৱক যুৱতীৰ দ্বাৰা পাঠদান ব্যৱস্থা কৰিবলৈ বিদ্যালয় প্ৰধান সকলক আহ্বান জনায়।

২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত এই হত্যাকাণ্ড…

তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং অঞ্চলত এজন ১৫ বছৰীয়া যুৱকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰা হৈছে । বুধবাৰে অৰ্থাত ৯ আগষ্টত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আজি সংবাদমেল যোগে সবিস্তাৰে প্ৰকাশ কৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি নিহত যুৱকজন বেলতলা বনগাঁৱৰ নিবাসী নিতেশ কুমাৰ । ১৫ বছৰীয়া নিতেশ কুমাৰ বেলতলাৰ মহৰ্শি বিদ্য়ামন্দিৰৰ দশম শ্ৰেনীৰ ছাত্ৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন অভিষেক বৰুৱা । অভিযুক্ত ২৩ বছৰীয়া অভিষেক বৰুৱাই সংঘটিত কৰিছিল এই হত্যাকাণ্ড । হত্যাকাণ্ডৰ পাচতে নিতেশ কুমাৰৰ পিতৃ ৰাজেশ কুমাৰক ৭ লাখ টকা দাবী কৰিছিল অভিষেক বৰুৱাই । ৰাজেশ কুমাৰে বশিষ্ট আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰোৱাৰ পাচত বশিষ্ট আৰক্ষীয়ে ক্ৰাইম ব্ৰান্সৰ সহযোগত অপৰাধীক গ্ৰেপ্তাৰ কৰে ।

ঘটনাৰ সূত্ৰ অনুসৰি ২০১৯ বৰ্ষতে অনলাইন গেমযোগে চিনাকী হৈছিল নিতেশ কুমাৰ আৰু অভিষেক বৰুৱাৰ । তাৰ পাচতে দুয়োৰে মাজত বন্ধুত্বমুলক সম্পৰ্ক গঢ়ি উঠে । ইয়াৰ পাচতে আৰম্ভ হয় টকাৰ লেন দেন । অভিষেক বৰুৱাই আৰক্ষীক জনোৱা মতে নিতেশ কুমাৰে বিভিন্ন সময়ত তেওৰ পৰা টকা ধাৰলৈ লৈছিল কিন্তু ঘুৰাই দিয়া নাছিল । তাৰ পাচতো তেওলোকৰ মাজত চলি আছিল ধনৰ লেনদেন । তাৰ মাজতে বুধবাৰে অৰ্থাত ৯ আগষ্টত দুয়ো বন্ধু আমচাঙ-বোন্দাৰ দিশত ফুৰিবলৈ গৈছিল । তাতেই মতানৈক্য ঘটি সংঘটিত হয় এই ঘটনা ।

দেৰগাঁও পৌৰ সভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী শুভাৰম্ভ…

আজি দেৰগাঁও পৌৰসভাৰ উদ্যোগত নাৰিকলগুৰিৰ বৰপুখুৰী পাৰত স্বাধীনতাৰ অমৃত মহোৎসৱ লগত সংহতি ৰাখি মাতৃভূমিৰ স্বাধীনতা আৰু গৌৰৱৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ স্মৃতিত এখন শিলা ফলক উন্মোচন কৰাৰ লগতে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিলাফলক খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে দেৰগাওঁ পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী বৰাই। এই উপলক্ষে বৰপুখুৰীৰ পাৰত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পঞ্চপ্ৰাণ শপতো লোৱা হয়। এইবাৰ ১০,১১,১৫ আৰু ২৩ আগষ্টত চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।

জ্বলাই দিলে ৪৫ খন পবিত্ৰ কোৰাণ…

কোৰাণ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। শেহতীয়াকৈ ছুইডেনত কোৰাণ জ্বলোৱাৰ অপমানজনক ঘটনা সংঘটিত হৈছে। ইয়াৰ প্ৰতিবাদত বিশ্বৰ সকলো ইছলামিক দেশে মিলি এই ঘটনাক গৰিহণা দিয়ে। অৱশ্যে এইবাৰ বিষয়টো অলপ বেছি গুৰুতৰ, কাৰণ এইবাৰ কোৰাণ জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে এখন মুছলমান দেশত। শেহতীয়াকৈ বাংলাদেশত কোৰাণ জ্বলোৱাৰ খবৰ চৰ্চালৈ আহিছে। য’ত উত্তৰ-পূবৰ চিলেট চহৰ – বাংলাদেশৰ অন্যতম ৰক্ষণশীল অঞ্চলত দুজন লোকে মুঠ ৪৫ খন কোৰাণ জ্বলাই দিছিল। কোৰাণ জ্বলোৱা অভিযুক্তৰ নাম হ’ল নুৰুৰ ৰহমান আৰু মেহবুব আলম, কোৰআন জ্বলোৱাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিওঁতে তেওঁলোকে কয় যে কোৰাণ খন অতি পুৰণি আছিল আৰু কিছুমান ছপা কৰাত ভুল হৈছিল।

বাংলাদেশত এই পৱিত্ৰ কোৰাণ জ্বলোৱাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ আৰক্ষীয়ে জনোৱা মতে, মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত বহু কোৰাণ জ্বলোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্য়স্ত কৰে।

কোৰাণ জ্বলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত একাংশ মুছলমান পণ্ডিতে কয় যে যদি কিবা কাৰণত কোৰাণক সন্মানেৰে জ্বলাই দিয়া হয়, তেন্তে সেয়া ভুল নহয়। কিন্তু যোৱা মাহত ছুইডেন আৰু ডেনমাৰ্কৰ মাজত কোৰাণক ৰাজহুৱাভাৱে অপবিত্ৰ কৰা কেইবাটাও প্ৰতিবাদৰ পিছত মুছলমান দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পায়। বাংলাদেশৰ জনসংখ্যা ১৭ কোটি, ইয়াৰে ৯০ শতাংশ মুছলমান। বাকী হিন্দু আৰু খ্ৰীষ্টান।


ইছৰোৱে মুকলি কৰিলে চন্দ্ৰযান-৩ মহাকাশযানত কেমেৰাৰ দ্বাৰা লোৱা পৃথিৱী আৰু চন্দ্ৰৰ ছবি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই চন্দ্ৰযান-৩ মহাকাশযানৰ দ্বাৰা তোলা দুখন ছবি মুকলি কৰিছে। প্ৰথম ছবিখন লেণ্ডাৰ ইমেজাৰ (এলআই) কেমেৰাৰ দ্বাৰা তোলা পৃথিৱীৰ ছবি। ফটোখন ১৪ জুলাইত তোলা হৈছিল, যেতিয়া শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰা হৈছিল।

দ্বিতীয় ছবিখন ৬ আগষ্টত মহাকাশযানত লেণ্ডাৰ পথালি ভেলোচিটি কেমেৰা (এলএইচভিচি)ৰ দ্বাৰা বন্দী কৰা চন্দ্ৰৰ।

ইছৰোৱে ইয়াৰ এক্স ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰিছে: “চন্দ্ৰযান-৩ মিছন: উৎক্ষেপণৰ দিনা লেণ্ডাৰ ইমেজাৰ (এলআই) কেমেৰাৰ দ্বাৰা চোৱা পৃথিৱী, চন্দ্ৰ কক্ষপথ অন্তৰ্ভুক্তিৰ এদিন পিছত লেণ্ডাৰ পথালি ভেলোচিটি কেমেৰা (এলএইচভিচি)ৰ দ্বাৰা চিত্ৰিত চন্দ্ৰ।”

ইছৰোৱে ইয়াৰ আগতে চন্দ্ৰৰ এটা ভিডিঅ’ মুকলি কৰিছিল, যিটো চন্দ্ৰযান-3-য়ে 1 আগষ্টত সংঘটিত লুনাৰ অৰ্বিট ইনচাৰ্টৰ সময়ত দেখিছিল।

বুধবাৰে বিয়লি ইছৰ’ই টুইটযোগে চন্দ্ৰযান-৩ চন্দ্ৰৰ ওচৰ পালেগৈ বুলি প্ৰকাশ কৰে। ইয়াৰ কক্ষপথ আৰু কমি যায়। মহাকাশযানখন বৰ্তমান ১৭৪ কিলোমিটাৰ X ১৪৩৭ কিলোমিটাৰ কক্ষপথত আছে।

চন্দ্ৰযান-৩ সেই কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। অৰ্থাৎ চন্দ্ৰত উপনীত হ’বলৈ আৰু ১৪৩৭ কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব।

বিনামূলীয়াকৈ বহু ছবিত অভিনয় কৰিছে বহু জনপ্ৰিয় তাৰকাই…

বলীউডৰ তাৰকাই বিনামূলীয়াকৈ কাম কৰিছে। বলীউডৰ বহু তাৰকাই সৰু সৰু চৰিত্ৰৰ বাবে কোটি কোটি টকা লয়। একে সময়তে কিছুমান তাৰকা আছে যিয়ে ডাঙৰ চৰিত্ৰৰ বাবে পৰিচালকৰ পৰা এটকাও নলয়। আজি আমি এনে বহু তাৰকাৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম…

শ্বাহৰুখ খানঃ শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত কৰণ জোহৰে প্ৰকাশ কৰিছে যে শ্বাহৰুখ খানে ব্ৰহ্মাষ্ট্ৰ ছবিখনৰ বাবে এটকাও লোৱা নাছিল, বিনামূলীয়াকৈ এই ছবিত কাম কৰিছিল শ্বাহৰুখ খানে।

ৰাজকুমাৰ ৰাওঃ বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাৱে নিজেই এটা সাক্ষাৎকাৰত কয় যে তেওঁ ট্ৰেপড ছবিখন বিনামূলীয়াকৈ কৰিছিল। লগতে অভিনেতাগৰাকীয়ে কৈছিল যে কিছুমান ছবি বক্স অফিচৰ বাবে নহয় আজীৱন।

ছলমান খানঃ খবৰ অনুসৰি শ্বাহৰুখ খানৰ পাঠান ছবিখনত ছলমান খানে বিনামূলীয়াকৈ কেমিঅ’ ৰ’ল কৰিছিল। বন্ধু শ্বাহৰুখ খানৰ চলিড কামবেকৰ বাবে এই কাম কৰিছিল ছলমান খানে।

শ্বাহিদ কাপুৰঃ মনোৰঞ্জনমূলক বাতৰি অনুসৰি শ্বাহিদ কাপুৰেও এখন ছবিত বিনামূলীয়াকৈ অভিনয় কৰিছিল। শ্বাহিদ কাপুৰে কেৱল চৰিত্ৰটোহে কৰিব বিচাৰিছিল, ছবিখনৰ প্ৰতি তেওঁৰ কোনো লোভ নাছিল।

দীপিকা পাডুকনঃ মনোৰঞ্জনমূলক বাতৰি অনুসৰি দীপিকা পাডুকনে বলীউডৰ প্ৰথমখন ছবি ওম শান্তি ওমৰ বাবে এটকাও মাচুল লোৱা নাছিল।


বিশ্বৰ পাঁচখন বিপদজনক ঠাই…

পৃথিৱীৰ এনে বহু ঠাই আছে য’ত মৃত্যুৰ ভয় তাকে। পৃথিৱীৰ পাঁচখন ঠাইৰ বিষয়ে কোৱা হৈছে যি সমূহ ঠাইক অতি বিপজ্জনক বুলি গণ্য কৰা হয়। আজি আমি আপোনালোকক জনাম বিশ্বৰ পাঁচখন বিপদজনক ঠাইৰ বিষয়ে…

ইথিওপিয়াত অৱস্থিত এই ঠাইখন বিশ্বৰ আটাইতকৈ গৰম ঠাই। ই পৃথিৱীৰ অন্যতম শুকান আৰু নিম্নতম অঞ্চল। আগ্নেয়গিৰিৰ পৰা ওলাই অহা লাভা আৰু বিশাল নিমখৰ জমা ঠাইবোৰে আপোনাক আচৰিত কৰি তোলে। এই মাৰাত্মক মৰুভূমি দহ লাখ টনতকৈও অধিক নিমখেৰে আবৃত।


ডেথ ভেলী নামেৰেই জনা এই স্থান নেভাদা আৰু কেলিফৰ্ণিয়াৰ মাজত অৱস্থিত উত্তৰ আমেৰিকাৰ আটাইতকৈ নিম্ন বিন্দু। ইয়াক চৰম ভূমি হিচাপেও গণ্য কৰা হয়। ইয়াত সৰ্বোচ্চ উষ্ণতা ৫৬.৭ ডিগ্ৰী চেলছিয়াছ। কেৱল এয়াই নহয়, ডেথ ভেলীত ৭০০ পাউণ্ড পৰ্যন্ত ওজনৰ শিলবোৰে কিয় নিজাববীয়াকৈ গতি কৰে সেই বিষয়ে আজিলৈকে ৰহস্যৰ আৱৰ্তত।


উত্তৰ তাঞ্জানিয়াৰ এটা বিপজ্জনক নিমখীয়া হ্ৰদে জীৱ-জন্তুক শিললৈ ৰূপান্তৰিত কৰে। বিশ্বাস কৰাটো সহজ নহয় যদিও ই সত্য। চৰাইবোৰে নাট্ৰন হ্ৰদৰ অতি প্ৰতিফলিত আৰু ৰাসায়নিকভাৱে ঘন পানীক কাঁচৰ দুৱাৰ বুলি ভুল কৰে। বতাহত উৰি থকা যেন লাগে, কিন্তু বিলত অৱতৰণ কৰাৰ লগে লগে কেইমিনিটমানৰ ভিতৰতে শৰীৰ নষ্ট হৈ যায়।



আমেৰিকাৰ অন্যতম বিপজ্জনক ঠাই, পৃথিৱীৰ পৃষ্ঠত আটাইতকৈ বেছি প্ৰচণ্ড বতাহৰ বাবে গিনিজৰ অভিলেখত লিপিবদ্ধ কৰা হৈছে। বতাহৰ গতিবেগ ঘণ্টাত ২০৩ মাইল পৰ্যন্ত হয়। মাউণ্ট ৱাশ্বিংটনলৈ যাত্ৰা কৰাটো আন ঠাইতকৈ অধিক বিপজ্জনক কাৰণ কেৱল প্ৰচণ্ড বতাহ নহয়, মাইনাছ ৪০ ডিগ্ৰী উষ্ণতাই আপোনাৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।


নিঃসন্দেহে পৃথিৱীৰ অন্যতম মাৰাত্মক স্থান হৈছে এই ঠাইখন। বিশ্বৰ অধিকাংশ সাপ পাওলোৰ পৰা ৯০ মাইল দূৰৈৰ এই দ্বীপত পোৱা যায়। সাপ দ্বীপক ইলহা দা কুইমাডা গ্ৰেণ্ডে বুলিও কোৱা হয়, য’ত প্ৰতি বৰ্গমিটাৰত প্ৰায় পাঁচটা সাপ পোৱা যায়। এই স্থানত পোৱা সাপ বহুতেই বিষাক্ত।


একেৰাহে তৃতীয়বাৰৰ বাবে ৬.৫০ শতাংশ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট ৬.৫০ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ ওপৰত অধিক সতৰ্কতা বজাই ৰখাৰ বাবে একেৰাহে তৃতীয়বাৰৰ বাবে নীতিগত হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লয়।

জুন মাহতো পূৰ্বৰ নীতিত আৰ বি আইয়ে নীতি ৰেপ’ হাৰ ৬.৫০% অপৰিৱৰ্তিত ৰাখিছিল।

উল্লেখ্য যে আৰ বি আইয়ে বেংকক যি হাৰত ধন ধাৰে দিয়ে সেয়াই হ’ল ৰিপো ৰেট।

বাবা ভাংগাৰ ৫ টা ভৱিষ্যদ্বাণী সঁচা হ’লে ধ্বংস হ’ব পৃথিৱী…

২০২৩ চনৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে জনসাধাৰণৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। বুলগেৰিয়াৰ বাবা ভেংগাই চকুৰে দেখা নাপাই যদিও তেওঁ আগতে সঠিক ভৱিষ্যদ্বাণী কৰিছিল। কোৱা হয় যে বাবা ভেংগাই ১২ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। প্ৰায় ২৭ বছৰ আগতে বাবা ভেংগাৰ মৃত্যু হৈছে যদিও বিশ্বৰ বাবে তেওঁৰ বহু ভৱিষ্যদ্বাণীয়ে আজিও মানুহক আচৰিত কৰি তুলে। ২০২৩ চনৰ বাবে বাবা ভেংগাই কি ভৱিষ্যদ্বাণী কৰিছিল জানেনে…

বাবা ভাংগাৰ ৫ টা গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী-


১) বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৩ চনত এটা ডাঙৰ পাৰমাণৱিক শক্তি কেন্দ্ৰত বিস্ফোৰণ হ’ব পাৰে। এই কাৰণেই এছিয়া মহাদেশৰ আকাশ ডাৱৰে আৱৰি ধৰিব। বাবা ভেংগাৰ এই ভৱিষ্যদ্বাণী ভাৰতকে ধৰি এছিয়া মহাদেশত বসবাস কৰা লোকসকলৰ বাবে ভয়ংকৰ৷

২) বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৩ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। এই সময়ছোৱাত যিকোনো দেশেই পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰিব পৰাৰ সম্ভাৱনাও আছে। ইয়াৰ বাবেই পৃথিৱীৰ এক বৃহৎ অংশত বিধ্বংসী দৃশ্য দেখা যায়। বৰ্তমান ৰাছিয়া-ইউক্ৰেইন যুদ্ধ চলি আছে। যাৰ ওপৰত বিশ্বৰ বেছিভাগ দেশেই বিভিন্ন শিবিৰত বিভক্ত। ৰাছিয়াই কেইবাবাৰো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে।

৩) ২০২৩ বৰ্ষৰ সন্দৰ্ভত বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি এই বছৰত কিবা এটা ডাঙৰ জ্যোতিৰ্বিজ্ঞানৰ ঘটনা ঘটিব পাৰে। কেৱল এয়াই নহয়, ইয়াৰ বাবেই পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন হ’ব পাৰে। ইয়াৰ ফলত আমাৰ পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব। ইয়াৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে পৃথিৱীবাসীয়ে।

৪) বাবা ভেংগাই কয় যে ২০২৩ চনত বিজ্ঞানীসকলে বহুতো অদ্ভুত উদ্ভাৱন কৰিব পাৰে। ইয়াৰে এটা বিপদজনক জৈৱিক অস্ত্ৰও হ’ব পাৰে। যদি ইয়াক ব্যৱহাৰ কৰা হয় তেন্তে বৃহৎ পৰিসৰত ধ্বংসৰ দৃশ্য দেখা যায়।

৫)২০২৩ চনটো ট্ৰেজেডী আৰু অন্ধকাৰৰ বছৰ হ’ব পাৰে। ভয়াবহ বানপানী হ’ব। প্ৰচণ্ড ধুমুহাও বহু অঞ্চলত হ’ব পাৰে।