Home Blog Page 1425

দেৰগাঁৱৰ দাধৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত চকু পৰীক্ষা শিৱিৰ সম্পন্ন…

দেৰগাঁৱৰ দাধৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত চকু পৰীক্ষা শিৱিৰ সম্পন্ন। আজি দেৰগাঁৱৰ দাধৰা বিষ্ণু মন্দিৰ প্ৰাঙ্গনত গৌৰৱ গগৈ ফেনক্লাৱৰ উদ্যোগত ভাৰত বিকাশ পৰিষদ , স্নেহপদ আৰু ভিছন স্প্ৰীঙৰ সহযোগত আৰু বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সৌজন্যত এক চকু পৰীক্ষা আৰু চশমা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীভাগ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে দাধৰা বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ বেজবৰুৱাই।

‘স্নেহপদ’ আৰু ‘ভিছন স্প্ৰীং ফাউণ্ডেচন’ৰ ফালৰ পৰা এজন চিকিৎসা বিষয়া তথা দুজন কৰ্মচাৰী ক্ৰমে ৰোহন চাৰোহা,পাৰ্থ নাথ আৰু ৰোহিত কুমাৰে এই অনুষ্ঠানত চিকিৎসা সেৱা আগবঢ়ায় ।‌ স্থানীয় ডেৰ শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰা অনুষ্ঠানটিত বিদ্যুৎ গোস্বামী,পংকজ বৰদলৈ,বুবু গোস্বামী,সুৰেন হাজৰিকা, গোপাল কৃষ্ণ খাউণ্ড, লাচিত বৰা,দেৱজিত হাজৰিকা ,প্ৰাঞ্জল শৰ্মা,ৰাতুল বেজবৰুৱা,সুৰেন শৰ্মা,বৃন্দাবন বেজবৰুৱা আদি উপস্থিত থাকি এনে মহৎ‌ প্ৰচেষ্টাৰ শলাগ লয় ।

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’…

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’! এই কথা ঘোষণা কৰিছে আগ্ৰাৰ হিন্দু সংগঠনে। শুকুৰবাৰে অক্ষয় কুমাৰৰ ছবি OMG 2 য়ে মুক্তি লাখ কৰে। ছবি খনে মুক্তি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতে বলীউডৰ অভিনেতাগৰাকীক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰি ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ কৰিছে। লগতে কোৱা হৈছে যে অভিনেতা অক্ষয়ৰক চৰ শোধাব পৰা ব্যক্তিক ১০ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰেক্ষাগৃহৰ বাহিৰত প্ৰতিবাদী বিক্ষোভ হিচাপে আগ্ৰাত অক্ষয় কুমাৰৰ প্ৰতিমূৰ্তি আৰু অ’এমজি ২ৰ পোষ্টাৰ জ্বলাই দিয়ে সংগঠনটোৱে।


ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতৰ সভাপতিৰ মতে অক্ষয়ে ড্ৰেডলক আৰু বুট পিন্ধি লুক, কাচোৰী কিনা, লেতেৰা পুখুৰীত গা ধুই থকা দেখি তেওঁ বিশেষভাৱে অসন্তুষ্ট। তেওঁ উল্লেখ কৰে যে এনে কাৰ্যই ভগৱান শিৱৰ প্ৰতিমূৰ্তি কলংকিত কৰিছে। সংগঠনটোৱে চেঞ্চৰ ব’ৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰক ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে। ইফালে বক্স অফিচত অ’এমজি ২য়ে ১০.২৬ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ উপৰিও OMG 2 ত অভিনয় কৰিছে পংকজ ত্ৰিপাঠী আৰু য়মী গৌতমে।

আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন। দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়।উদ্যানৰ সভাগৃহৰ সন্মুখত এই দিৱস পালন কৰা হয়।

উদ্যানখনত থকা হস্তী প্ৰশিক্ষণ শিবিৰৰ হাতীসমূহক আজিৰ এই হস্তী দিবসৰ দিনা ৰাইজ আৰু পৰ্য্যটকসকলে নিচেই কাষৰ পৰা উপভোগ কৰে। লগতে উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী সকল।

নগাঁৱৰ কচুৱা গেৰজাইপামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত আটক এজন…

নগাঁৱৰ কচুৱা গেৰজাইপামত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম আবুল হুছেইন। ধৃত আবুল হুছেইনৰ পৰা ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে পৰিধান কৰক ক’লা ৰঙৰ কাপোৰ…

শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে কি কি ৰঙৰ কাপোৰ পিন্ধিব লাগে জানেনে? শনিবাৰে নীতি-নিয়ম মানি চলিলে শনি দেৱ সোনকালে সুখী হয়। আজি আমি আপোনালোকক জনাম শনিবাৰে শনি দেৱে কি ৰঙৰ কাপোৰ পিন্ধিলে সন্তুষ্ট হয়। শনি দেৱ সন্তুষ্ট হ’য়’লে, সেই ব্যক্তিজনৰ সকলো সমস্যা সমাধান হয়।

আপোনাৰ গাত যদি শনিৰ প্ৰবাৱ পৰিছে তেন্তে শনিবাৰে এজন ব্যক্তিয়ে পূজা, দান-বৰঙণি আৰু কিছু ব্যৱস্থা কৰি শনি দোষৰ পৰা মুক্তি পাব পাৰে।

শনি দেৱে নীলা আৰু ক’লা ৰঙৰ কাপোৰ ভাল পায়। শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে নীলা আৰু ক’লা ৰঙৰ কাপোৰ পৰিধান কৰক। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। লগতে শনিবাৰে পাৰ্চত নীলা বা ক’লা ৰঙৰ কাপোৰ ৰাখিব পাৰে। শনিবাৰে মিথুন ৰাশিৰ লোকৰ বাবে ক’লা ৰঙৰ কাপোৰ পিন্ধাব লাগে।

যদি বৃশ্চিক ৰাশিৰ লোকসকলে শনিবাৰে ক’লা কাপোৰ পিন্ধে, তেন্তে তেওঁলোকে বিবাহৰ সুখ পায়। আনহাতে শনি দেৱৰ পূজাৰ সময়ত তামৰ বাচন ব্যৱহাৰ নকৰিব। কাৰণ তাম সূৰ্যৰ ধাতু।ইয়াৰ বাহিৰেও মনত ৰাখিব যে শনি দেৱৰ পূজাত ৰঙা ৰঙৰ একোৱেই অৰ্পণ কৰিব নালাগে। শনিবাৰে দুখীয়াক ক’লা বস্তু দান কৰক। শনি দেৱ সন্তুষ্ট হ’ব। শনিবাৰে শনি দেৱক ক’লা তিল আগবঢ়াব। শনি দেৱক পূজা কৰি থাকোঁতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন ল’ব, নহলে শনি দেৱৰ খং উঠিব।

ধৰ্মীয় বিশ্বাস অনুসৰি শনি দেৱ যেতিয়া মাতৃ ‘ছায়া’ৰ গৰ্ভত আছিল, তেতিয়া মাতৃ ছায়াই গৰ্ভধাৰণৰ সময়ৰ পৰাই ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিছিল। এই কাৰণতে গৰ্ভাৱস্থাত নিজৰ স্বাস্থ্যৰ সঠিক যত্ন ল’ব পৰা নাছিল। শনি দেৱৰ জন্মৰ সময়ত তেওঁ অত্যন্ত পুষ্টিহীনতা আৰু ক’লা ৰঙৰ আছিল। পুত্ৰৰ ক’লা ৰং দেখি দেৱী ছায়াৰ স্বামী সূৰ্য্য দেৱে তেওঁক পুত্ৰ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে। অৱশ্যে পিছলৈ তেওঁ নিজৰ ভুলটো উপলব্ধি কৰি শনি দেৱক পুত্ৰ হিচাপে মানি লয়। তেতিয়াৰ পৰাই ক’লা ৰং শনি দেৱৰ প্ৰিয় বুলি গণ্য কৰা হৈছিল। শনি দেৱৰ আশীৰ্বাদ পাবলৈ ৰাইজে শনিবাৰে গাঢ় ৰঙৰ কাপোৰ পিন্ধিব লাগে।


ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা ! সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী কিশোৰী…

ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা।

সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী 14 বছৰীয়া কিশোৰী ।

ঘটনা অনুসৰি আজি দিনৰ ভাগত ঘৰত অকলে আছিল কিশোৰী গৰাকী ।

দেউতাক গৈছিল দিন হাজিৰা কৰিবলৈ আৰু মাকে আন এটা সন্তানক বিদ্যালয়ৰ পৰা আনিব যাওঁতেই লম্পট ব্যক্তি জনে সংঘটিত কৰে অপকৰ্ম ।

৫০ উৰ্ধৰ ব্যক্তি গৰাকী হল নচৰুল হক ঘৰ তেওঁৰ ৰঙিয়াৰ 10 নং ৱাৰ্ডৰ ইউচুফ নগৰত ।

কিশোৰী গৰাকীৰ আত্মীয়ই জানিব দিয়ে যে বিচনাত শুই থকা অৱস্থাত শাৰীৰিকভাৱে বলৎকাৰ কৰে কিশোৰী গৰাকীক ।

কিশোৰী গৰাকী বহুত চেষ্টা কৰাৰ পিছতো হাত সাৰিব যাব নোৱাৰিলে নচৰুলৰ হাতৰ পৰা ।

আত্মীয়ই জানিব দিয়ে যে বলৎকাৰ কৰি উঠাৰ পিছত গাৰুৰে হেঁচা মাৰি ধৰা অৱস্থাত দেউতাক ঘৰলৈ ভাত আহি দেখা পাই ,কোনোমতে প্ৰাণ ৰক্ষা পৰে কিশোৰী গৰাকীৰ ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষী থানাত গোচৰ দিয়ে ।

ইতিমধ্যে পলাতক অৱস্থাত থকা লম্পট নচৰুলক আটক কৰে ৰঙিয়া আৰক্ষীয়ে ।

বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। ভ্ৰমণ কৰিব ইউৰোপৰ এই দেশসমূহ…

তৃতীয় বাৰৰ বাবে বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। ভ্ৰমণ কৰিব ইউৰোপৰ এই দেশসমূহ। কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী আকৌ এবাৰ বিদেশ ভ্ৰমণলৈ যাব। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউৰোপ ভ্ৰমণলৈ যাব ৰাহুল গান্ধী। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল। আগন্তুক ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ইউৰোপৰ দেশ, বেলজিয়ামৰ ব্ৰাছেলছ, নৰৱেৰ অছলো আৰু ফ্ৰান্সৰ পেৰিছ ভ্ৰমণ কৰিব। ইউৰোপীয় সংসদ ভ্ৰমণ কৰি ইউৰোপীয় ইউনিয়নৰ সাংসদসকলৰ সৈতেও আলোচনাত মিলিত হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বৈঠক অনুষ্ঠিত হ’ব আৰু তাত থকা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময়ৰ কাৰ্যসূচীও আছে। ২০২৩ চনত ৰাহুল গান্ধীৰ এয়া হ’ব তৃতীয় বিদেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে মে’ মাহৰ শেষ সপ্তাহত আমেৰিকা ভ্ৰমণলৈ গৈছিল। আমেৰিকা ভ্ৰমণত ৰাহুল গান্ধীয়ে তিনিখন চহৰ ছান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডি চি আৰু নিউয়ৰ্কলৈ গৈছিল। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে উদ্যোগী, আমেৰিকাৰ সাংসদসকলৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাত কৰিছিল। ৰাহুল গান্ধীয়েও আমেৰিকা ভ্ৰমণৰ পূৰ্বে এইবাৰ লণ্ডন ভ্ৰমণ কৰিছিল। ​

নগাঁৱত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক

নগাঁৱৰ কচুৱা গেৰজাইপামত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম আবুল হুছেইন ।

ধৃত আবুল হুছেইনৰ পৰা ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী টোক ।

বিলুপ্ত হ’ল আমগুৰি সমষ্টি। ১৪ আগষ্টত আমগুৰি বন্ধৰ আহ্বান আমগুৰি সুৰক্ষা সমিতিৰ…

১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আটাছুকে ধৰি বহুকেইটা জাতীয় সংগঠনে আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ। পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে। ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুন:নিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ।


উল্লেখ্য যে চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি চাৰিআলিত নিশাই আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়াই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে জাতীয় সংগঠনকেইটা । বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি ৰক্ষাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ আনি জাতীয় সংগঠনকেইটাই প্ৰদীপ হাজৰিকাৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে।

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য…

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য। কেলচিয়াম সমৃদ্ধ খাদ্য আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামে দাঁত আৰু হাড় শক্তিশালী কৰাৰ লগতে স্নায়ুৰ কাম-কাজ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰে দুটা ধৰণে কেলচিয়াম পায়। এটা উপায় হ’ল কেলচিয়াম সমৃদ্ধ খাদ্য বা পৰিপূৰক খোৱা আৰু আনটো উপায় হ’ল শৰীৰত থকা কেলচিয়াম গ্ৰহণ কৰা। শৰীৰৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ কেলচিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। কেলচিয়াম সমৃদ্ধ ৫ টা খাদ্যৰ বিষয়ে জানক…


কচুত ভাল পৰিমাণৰ কেলচিয়াম পোৱা যায়। গতিকে কেলচিয়ামৰ বাবে খাব পাৰে কচু।

তিল কেলচিয়ামৰ ভাল উৎস। আপুনি খাদ্যত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে চালাড, ৰুটি বা অন্যান্য বস্তুত অন্তৰ্ভুক্ত কৰি।

পনিৰ কেলচিয়াম আৰু প্ৰটিনৰ উত্তম উৎসও। ইয়াক বিভিন্ন ৰূপত খালে আপোনাৰ শৰীৰে উপযোগী পুষ্টিকৰ উপাদান লাভ কৰে।

ব্ৰকলিতো ভাল পৰিমাণৰ কেলচিয়াম থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে বিভিন্ন পুষ্টিকৰ উপাদান থাকে।

আলমণ্ড কেলচিয়ামৰ ভাল উৎসৰ লগতে আলমণ্ডে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিও প্ৰদান কৰে শৰীৰক।