Home Blog Page 1427

পাইলছৰ বাবে উঠা বহাত অসুবিধা হয় নেকি? গ্ৰহণ কৰক এই পুষ্টিকৰ খাদ্যসমূহ…

পাইলছ, পাইলছৰ সময়ত হোৱা বিষ অতি অসহ্যকৰ। ইয়াৰ বাবে দায়ী আমাৰ কিছুমান বেয়া অভ্য়াস। পাইলছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল’ব লাগে। পাইলছৰ পৰা কেনেকৈ সকাহ পাব এই বিষয়ে আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম…



ইয়াৰ বাবে গ্ৰহণ কৰিব লাগে কিছুমান বিশেষ খাদ্য-

আঁহ কেৱল পাচন স্বাস্থ্যৰ বাবেই অপৰিহাৰ্য নহয়, ই মল-মূত্ৰ নিয়ন্ত্ৰণ কৰি পাইলছ ৰোগত সহায় কৰে। মসৃণ মলত্যাগেৰে বিষ, অস্বস্তি আৰু ৰক্তক্ষৰণ কমাই। ইয়াৰ বাবে দৈনন্দিন খাদ্য তালিকাত ফাইবাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আঁহযুক্ত খাদ্য,মাহজাতীয় শস্য, ফলমূল আৰু শাক-পাচলি খাব লাগে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

যদি আপুনি পাইলছ ৰোগী, তেন্তে টেঙা খাদ্য আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। ই কেৱল হজম শক্তি নষ্ট কৰাই নহয়, মল-মূত্ৰৰ পথতো সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ জলকীয়া গুড়িৰ পৰা যিমান পাৰি আঁতৰি থাকক। টেঙা খাদ্য যিমান কম অন্তৰ্ভুক্ত কৰিব, সিমানেই পাইলছৰ সমস্যা কম হ’ব।

বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱেশ অন্য এক দিশাৰ…

বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱশে অন্য এক দিশা। খবৰ পোৱা গৈছে যে দিশা পাটনীক সম্পূৰ্ণৰূপে পাহৰি যোৱাৰ পিছত এতিয়া টাইগাৰ শ্ৰফ আন এগৰাকী দিশাৰ প্ৰেমত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিছে। এতিয়া অনুৰাগীৰ মাজত প্ৰশ্ন হৈছে যে টাইগাৰৰ জীৱনলৈ অহা এই দিশা ধনুকা কোন?


যোৱা বছৰৰ জুন-জুলাইৰ পৰা টাইগাৰ আৰু দিশাৰ মাজত আছে প্ৰেমৰ সম্পৰ্ক। এতিয়া প্ৰশ্ন হয় দিশ ধনুকা কোন… বলীউড আৰু অভিনয়ৰ লগতো সম্পৰ্ক আছে নেকি? আচলতে দিশা এটা প্ৰডাকচন হাউচৰ উচ্চ পদবীত অধিষ্ঠিত এগৰাকী যুৱতী। এই মুহূৰ্তত দুয়োজনে কেতিয়া আৰু কেনেকৈ লগ পাইছিল আৰু কেনেকৈ ইজনে সিজনৰ ওচৰলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই যদিও দিশা পাটনীৰ সৈতে বিচ্ছেদ হোৱাৰ মাত্ৰ কেইমাহমানৰ পিছতহে দিশা টাইগাৰৰ জীৱনলৈ আহিছিল বুলি জানিব পৰা গৈছে।


যোৱা বছৰ কৰণ জোহৰৰ শ্ব’ কফী উইথ কাৰনত টাইগাৰ শ্ৰফে নিজকে কৈছিল যে দিশাই টাইগাৰৰ পৰা বিবাহৰ প্ৰতিশ্ৰুতি বিচাৰিছিল কিন্তু টাইগাৰ সেই মুহূৰ্তত সাজু নাছিল। এই কাৰণে দুয়োৰে মাজত বিচ্ছেদ হৈছিল।

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ দেহাৱসান…

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱ জ্যোতি চেতিয়াৰ দেহাবসান। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ অসুষ্ঠ হৈ পৰা চেতিয়া নিজেই গাড়ী চলাই গৈ উপস্থিত হৈছিল সঞ্জীৱনী নাছিং হ’মত।সময় তেতিয়া আঠ বাজি পাৰ হৈছিল।কিন্তু চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰাৰ পূৰ্বেই হঠাৎ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱতিলে বিজ্ঞানী গৰাকীয়ে।চেতিয়াৰ হঠাৎ মৃত্যুৰ বাতৰিয়ে শোক স্তব্ধ কৰি তুলিলে সমগ্ৰ যোৰহাটৰ ৰাইজক।

যদিও চাকৰি সূত্ৰে যোৰহাটত আছিল তথাপি সামাজিক জীৱনত যোৰহাটত কম দিনৰ ভিতৰতে তেখেতৰ অৱদান আছিল অলেখ।উল্লেখ্য ডঃ চেতিয়াৰ মৃতদেহ পুৱাই পৰিয়ালে তেওঁৰ জন্মচহৰ ডিব্ৰুগড় লৈ লৈ যায় শেষকৃত্য সম্পন্নৰ বাবে।

খাদ্য খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পাই নেকি…

যিকোনো বস্তু খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পাই নেকি…? আজি আমি আপোনালোকক জনাম খাদ্য খোৱাৰ পিছতে গেছ এচিডিটিৰ সমস্য়া বৃদ্ধি পালে এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব। কেইটামান হজম শক্তি উন্নত কৰাৰ টিপছৰ বিষয়ে জানি লওক…

স্বাস্থ্য বিশেষজ্ঞৰ মতে বহু সময়ত পেটত বিষাক্ত পদাৰ্থ জমা হয়। ইয়াৰ বাবে খাদ্য হজম হোৱাত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি Detox Water সেৱন কৰিব পাৰে।

সঠিক হজম শক্তি বজাই ৰাখিবলৈ শৰীৰত পানীৰ পৰ্যাপ্ত যোগান বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে নাৰিকল পানী, নেমু পানী বা সাধাৰণ পানী খাই থাকিব। ইচ্ছা কৰিলে মেথি গুটিৰ পানীও খাব পাৰে। এনে কৰিলে খাদ্য ভালদৰে হজম হয় আৰু বদহজম নোহোৱা হৈ যায়।

চিকিৎসকে কয় যে যেতিয়াই আপুনি কোনো ধৰণৰ গভীৰ মানসিক চাপ বা দুখৰ সন্মুখীন হয় তেতিয়াই ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পেটত পৰে (Digestion Tips)। মানসিক চাপ আৰু অসুখৰ বাবে বদহজম নষ্ট হয়। এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে শান্ত আৰু সংযত হৈ থাকিব লাগিব। যোগ ধ্যান অভ্যাস আৰম্ভ কৰক আৰু পেটৰ সমস্যাক হৃদয়ত নাভাবিব।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বদহজমৰ এটা প্ৰধান কাৰণ হ’ল খাদ্য সঠিকভাৱে চোবাই নোখোৱা। খাদ্য খৰধৰকৈ খালে সঠিকভাৱে হজম নহয়, যাৰ বাবে পেটত গেছ-এচিডিটি গঠন হয়, হজম শক্তি বিঘ্নিত হ’বলৈ আৰম্ভ কৰে।


সাগৰৰ পাৰত ৰোমাণ্টিক ৰিম্পী…

নৱ বিবাহিত দম্পতী ৰিম্পী দাস আৰু বিনয় তালুকদাৰ ব্যস্ত ভ্ৰমণত ।

কেৰেলাৰ কচ্চিত মধুৰ সময় অতিবাহিত কৰিছে স্বামী স্ত্ৰীয়ে

প্ৰতিটো দিনে নতুন নতুন ফটো সমূহ ইনষ্টাগ্ৰাম আৰু ফেচবুকত শ্বেয়াৰ কৰিছে অভিনেত্ৰী ৰিম্পী আৰু তেওঁৰ স্বামী বিনয়ে ।

সাগৰৰ পাৰৰ ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছে কেপচনত লিখিছে এইদৰে – you me and Sea

চকুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে জানক…

  • চকুযুৰি উজ্বল কৰি ৰাখিবলৈ হ’লে বাৰে বাৰে চকুত ঠাণ্ডা পানী ছটিয়াব। মাজে মাজে গোলাপজল মিহলোৱা পানীৰে চকুযুৰি ধুব।
  • চকুৰ গুৰি ক’লা পৰিলে প্ৰচুৰ পৰিমাণে পানী খাব। ৰাতি টোপনি খতি নকৰিব আৰু ৫ মিনিটমান তিয়হৰ ৰস চকুৰ গুৰিত লগাই থ’ব।
  • চকুৰ চাৰিওফালে বলিৰেখা হ’লে দেখিবলৈ বেয়া লাগে। তেনে অৱস্থাত লেঁচা আলু থেতেলিয়াই বলিৰেখাৰ ওপৰত লগাই থৈ ২০/২৫ মিনিট সময় ওপৰ মুৱাকৈ শুই থাকক। নিয়মিতভাৱে কিছুদিনলৈ এই নিয়ম চলাই থাকিলে ৰেখাবোৰ নোহোৱা হ’ব।

  • পাওৰুটী বা লোফ এটুকুৰাৰ চাৰিওকাষে কাটি পেলাই দি ভিতৰৰ কোমল অংশখিনি সামান্য গৰম গাখীৰত ভিজাই এখন পাতল কাপোৰত বান্ধি পেলাওক। এই কাপোৰৰ টোপোলাটি এতিয়া চকুৰ কাষৰ ৰেখাবোৰত লাহে লাহে বোলাই যাওক। এইদৰে কিছুদিন কৰিলে ৰেখাবোৰ নাইকিয়া হৈ যাব।
  • চকুৰ পতা ঘন আৰু দীঘল কৰিবলৈ হ’লে সদায় ৰাতি শোৱাৰ আগতে চকুৰ পতাত কেইটোপালমান ‘কেষ্টৰ অইল’ বা নাৰিকলৰ তেল লগাব। এইদৰে কিছুদিন কৰাৰ ফলত উপকাৰ পাব।
  • মাজে মাজে ভিটামিন ‘এ’, কেলচিয়াম জাতীয় ঔষধ আৰু ফল খাব।
  • দুয়ো চকুৰ পতাৰ ওপৰত তিয়হৰ ঘূৰণীয়াকৈ কটা টুকুৰা বা ঠাণ্ডা পানীত ভিজোৱা তুলা দি ওপৰমুৱাকৈ ২০ মিনিট শুই থাকক। চকু উজ্জ্বল আৰু সতেজ হ’ব।

চকু ভালে ৰাখিবলৈ কেইটা মান ব্যায়াম

(ক) চকু এবাৰ সোঁফালে, এবাৰ বাওঁফালে, চক্ৰাকাৰে ঘূৰাওক। কিছুসময় বিশ্ৰাম লৈ পুনৰ একেদৰে ঘূৰাওক।

(খ) ১০ বাৰ মান সঘনাই দ্ৰুতগতিত চকু জপোৱা আৰু মেলা কৰক।

(গ) খুউব ডাঙৰকৈ ডাঙৰকৈ চকুযুৰি মেলক আৰু আকৌ লাহে লাহে বন্ধ কৰক। এনেদৰে ১০ বাৰমান কৰক।

  • হিঙচে শাক চকুৰ কাৰণে ভাল। এই শাক প্ৰায়েই খাই থাকিব লাগে। পিঁয়াজ মিহলাই এই শাকৰ ‘চুপ’ তৈয়াৰ কৰি নিতৌ খালে টনিকৰ নিচিনা কাম কৰে।
  • মাজে মাজে চকুত এটোপালমান পিঁয়াজৰ ৰস দিয়া ভাল।

  • গোটেই দিনটো লিখা-পঢ়া, অন্য পৰিশ্ৰম কৰিলেও চকুৰ গুৰি ক’লা পৰা দেখা যায়। ইয়াক দূৰ কৰিবলৈ চাহৰ বাবে সিজোৱা চাহপাতখিনি ব্যৱহাৰ কৰাৰ পিছত গাখীৰ নিদিয়া অৱস্থাত ফটাকানি এখনেৰে টোপোলা বান্ধি টোপোলাটো চকুৰ গুৰিত লগাকৈ হেঁচি হেঁচি ধৰিলে বেছ সজীৱ আৰু পৰিষ্কাৰ লাগিব।
  • সেউজীয়া ৰঙটো চকুৰ বাবে বৰ উপকাৰী। অসমত গছ-গছনি ভৰা পাহাৰ, সেউজীয়া পথাৰৰ অভাৱ নাই। পুৱা শুই উঠি দূৰণিৰ সেউজীয়া গছ-গছনিৰ ফালে কিছুপৰ চাই থাকিব।
  • চকুৰ বাবে ভিটামিন ‘এ’ৰ বিশেষ প্ৰয়োজন। সেয়েহে গাখীৰ আৰু গাখীৰৰ তৈয়াৰী সকলো বস্তু, বিট্‌, গাজৰ, সেউজীয়া শাক-পাচলি, নেমু জাতীয় ফল বেছিকৈ খাব।
  • চকুৰ চাৰিওফালে হোৱা ক’লা দাগ আঁতৰাবলৈ হ’লে ‘আলমণ্ড অইল’ বা ‘অলিভ অইল’ সামান্যকৈ গৰম কৰি দুটোপালমান চকুৰ চাৰিওফালে নিতৌ ৰাতি শোৱাৰ আগতে মালিচ কৰি শুব; চকুৰ তলৰ কোঁচখোৱা ছালখনে সজীৱতা লাভ কৰিব।

প্ৰধান শিক্ষকৰ সৈতে জিলা ভিত্তিক মত বিনিময় সভা সম্পন্ন…

আজি বৰপেটা জিলা সমগ্র শিক্ষাৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গুণোৎসৱ ২০২৩ ত C আৰু D গ্ৰেড প্ৰাপ্ত বিদ্যালয়বোৰৰ প্ৰধান শিক্ষক সকলৰ সৈতে এখন জিলা ভিত্তিক মত বিনিময় সভা অনুষ্ঠিত হয়। উক্ত সভাত বিগত গুণোৎসৱত নিম্নমানৰ প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ শৈক্ষিক দিশৰ লগতে আন আন সমস্যা সমূহ পৰ্যালোচনা কৰা হয়। সভাত বৰপেটা জিলাৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ, আই এ এছ অতিৰিক্ত জিলা আয়ুক্ত লখিমী দত্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাস, ডায়েট বৰপেটাৰ অধ্যক্ষ মৃণাল চৌধুৰী আৰু বৰপেটা জিলা Academic Council ৰ সদস্যসকলৰ উপৰিও বিভিন্ন পৰ্য্যায়ৰ শিক্ষা বিষয়াসকল আৰু জিলা আচঁনি বিষয়াসকল উপস্থিত থাকে। সভাৰ আঁত ধৰে সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে।

বিদ্যালয় প্ৰধানসকলে বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ সমূহ বৰপেটা জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক অবগত কৰে আৰু আয়ুক্ত ডাঙৰীয়াই কিছুমান সমস্যাৰ লগে লগে সমাধানৰ পথ দেখুৱায় আৰু বাকী সমস্যাসমূহ শ্ৰীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে। আয়ুক্ত ডাঙৰীয়াই যিবোৰ বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱ আছে তেনেবোৰ বিদ্যালয়ৰ আন এজন শিক্ষকক জিলা পৰ্য্যায়ত প্ৰশিক্ষণ দি সাময়িকভাবে সকাহৰ ব্যৱস্থা কৰিব বুলি কয়। লগতে Rationalization ৰ যোগেদি শিক্ষকৰ অভাৱ পৰ্য্যায়ক্ৰমে পূৰ হ’ব বুলি কয়। সভাত উপস্থিত থাকি অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা ‌বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই বিদ্যাঞ্জলীৰ যোগেদি স্হানীয় শিক্ষিত যুৱক যুৱতীৰ দ্বাৰা পাঠদান ব্যৱস্থা কৰিবলৈ বিদ্যালয় প্ৰধান সকলক আহ্বান জনায়।

২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত এই হত্যাকাণ্ড…

তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং অঞ্চলত এজন ১৫ বছৰীয়া যুৱকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰা হৈছে । বুধবাৰে অৰ্থাত ৯ আগষ্টত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আজি সংবাদমেল যোগে সবিস্তাৰে প্ৰকাশ কৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি নিহত যুৱকজন বেলতলা বনগাঁৱৰ নিবাসী নিতেশ কুমাৰ । ১৫ বছৰীয়া নিতেশ কুমাৰ বেলতলাৰ মহৰ্শি বিদ্য়ামন্দিৰৰ দশম শ্ৰেনীৰ ছাত্ৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন অভিষেক বৰুৱা । অভিযুক্ত ২৩ বছৰীয়া অভিষেক বৰুৱাই সংঘটিত কৰিছিল এই হত্যাকাণ্ড । হত্যাকাণ্ডৰ পাচতে নিতেশ কুমাৰৰ পিতৃ ৰাজেশ কুমাৰক ৭ লাখ টকা দাবী কৰিছিল অভিষেক বৰুৱাই । ৰাজেশ কুমাৰে বশিষ্ট আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰোৱাৰ পাচত বশিষ্ট আৰক্ষীয়ে ক্ৰাইম ব্ৰান্সৰ সহযোগত অপৰাধীক গ্ৰেপ্তাৰ কৰে ।

ঘটনাৰ সূত্ৰ অনুসৰি ২০১৯ বৰ্ষতে অনলাইন গেমযোগে চিনাকী হৈছিল নিতেশ কুমাৰ আৰু অভিষেক বৰুৱাৰ । তাৰ পাচতে দুয়োৰে মাজত বন্ধুত্বমুলক সম্পৰ্ক গঢ়ি উঠে । ইয়াৰ পাচতে আৰম্ভ হয় টকাৰ লেন দেন । অভিষেক বৰুৱাই আৰক্ষীক জনোৱা মতে নিতেশ কুমাৰে বিভিন্ন সময়ত তেওৰ পৰা টকা ধাৰলৈ লৈছিল কিন্তু ঘুৰাই দিয়া নাছিল । তাৰ পাচতো তেওলোকৰ মাজত চলি আছিল ধনৰ লেনদেন । তাৰ মাজতে বুধবাৰে অৰ্থাত ৯ আগষ্টত দুয়ো বন্ধু আমচাঙ-বোন্দাৰ দিশত ফুৰিবলৈ গৈছিল । তাতেই মতানৈক্য ঘটি সংঘটিত হয় এই ঘটনা ।

দেৰগাঁও পৌৰ সভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী শুভাৰম্ভ…

আজি দেৰগাঁও পৌৰসভাৰ উদ্যোগত নাৰিকলগুৰিৰ বৰপুখুৰী পাৰত স্বাধীনতাৰ অমৃত মহোৎসৱ লগত সংহতি ৰাখি মাতৃভূমিৰ স্বাধীনতা আৰু গৌৰৱৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ স্মৃতিত এখন শিলা ফলক উন্মোচন কৰাৰ লগতে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিলাফলক খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে দেৰগাওঁ পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী বৰাই। এই উপলক্ষে বৰপুখুৰীৰ পাৰত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পঞ্চপ্ৰাণ শপতো লোৱা হয়। এইবাৰ ১০,১১,১৫ আৰু ২৩ আগষ্টত চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।

জ্বলাই দিলে ৪৫ খন পবিত্ৰ কোৰাণ…

কোৰাণ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। শেহতীয়াকৈ ছুইডেনত কোৰাণ জ্বলোৱাৰ অপমানজনক ঘটনা সংঘটিত হৈছে। ইয়াৰ প্ৰতিবাদত বিশ্বৰ সকলো ইছলামিক দেশে মিলি এই ঘটনাক গৰিহণা দিয়ে। অৱশ্যে এইবাৰ বিষয়টো অলপ বেছি গুৰুতৰ, কাৰণ এইবাৰ কোৰাণ জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে এখন মুছলমান দেশত। শেহতীয়াকৈ বাংলাদেশত কোৰাণ জ্বলোৱাৰ খবৰ চৰ্চালৈ আহিছে। য’ত উত্তৰ-পূবৰ চিলেট চহৰ – বাংলাদেশৰ অন্যতম ৰক্ষণশীল অঞ্চলত দুজন লোকে মুঠ ৪৫ খন কোৰাণ জ্বলাই দিছিল। কোৰাণ জ্বলোৱা অভিযুক্তৰ নাম হ’ল নুৰুৰ ৰহমান আৰু মেহবুব আলম, কোৰআন জ্বলোৱাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিওঁতে তেওঁলোকে কয় যে কোৰাণ খন অতি পুৰণি আছিল আৰু কিছুমান ছপা কৰাত ভুল হৈছিল।

বাংলাদেশত এই পৱিত্ৰ কোৰাণ জ্বলোৱাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ আৰক্ষীয়ে জনোৱা মতে, মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত বহু কোৰাণ জ্বলোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্য়স্ত কৰে।

কোৰাণ জ্বলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত একাংশ মুছলমান পণ্ডিতে কয় যে যদি কিবা কাৰণত কোৰাণক সন্মানেৰে জ্বলাই দিয়া হয়, তেন্তে সেয়া ভুল নহয়। কিন্তু যোৱা মাহত ছুইডেন আৰু ডেনমাৰ্কৰ মাজত কোৰাণক ৰাজহুৱাভাৱে অপবিত্ৰ কৰা কেইবাটাও প্ৰতিবাদৰ পিছত মুছলমান দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পায়। বাংলাদেশৰ জনসংখ্যা ১৭ কোটি, ইয়াৰে ৯০ শতাংশ মুছলমান। বাকী হিন্দু আৰু খ্ৰীষ্টান।