Home Blog Page 1435

ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু সাধাৰণ সভা সম্পন্ন

ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত সাই বিৱাহ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ সাধাৰণ সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

প্ৰতিকূল বতৰকো নেওচি শ শ কৃতী ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷ পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি মনোজ কুমাৰ চাহে৷

ইয়াৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ মনোজ কুমাৰ চাহৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়ায় সন্থাৰ উপদেষ্টা অনুপ জয়ছোৱালে ৷ প্ৰতিনিধি সভা উদ্বোধন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙে ৷ প্ৰতিনিধি সভাত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ গামা পাছোৱান আৰু পল্টু সিং ৷ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৰাজগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী সদানন্দ জয়ছোৱাল আৰু মুক্তি কালোৱাৰে ৷

প্ৰতিনিধি সভাতে সন্থাৰ বৰ্তমানৰ সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ৷ গগন জয়ছোৱালক সভাপতি আৰু সুৰজ চাহক সম্পাদক হিচাপে লৈ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে এক শক্তিশালী নতুন সমিতি গঠন কৰা হয় ৷ ইয়াৰ পিছতেই মুকলি সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

জাতীয় সংগীতেৰে মুকলি সভা শুভাৰম্ভ কৰা হয় ৷ মনোজ কুমাৰ চাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয় ৷

অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৌচুমী গগৈয়ে সাৰগৰ্ভ বক্তব্য আগবঢ়াই সকলোকে অনুপ্ৰেৰণা দিয়ে ৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙেও ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷

কৃতী ছাত্ৰছাত্ৰীসকলেও অভিনন্দন গ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জয় কালোৱাৰ, গামা পাছোৱান , পল্টু সিং , মুক্তি কালোৱাৰ , সদানন্দ জয়ছোৱাল আদিয়েও বক্তব্য আগবঢ়ায় ৷ অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে দিপালী গগৈ , বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সদানন্দ জয়ছোৱালে ৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সংগীত শিল্পী ৰমেন দানহে ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় মহিলা শিল্পী , যুৱতীসকলৰ উপৰি শিশু শিল্পীসকলে নৃত্য , গীত পৰিৱেশন কৰে ৷

প্ৰতিবেদকঃ মনোজ সিং , টিংখাং

এইবাৰ জোনমণি ঘটনাক লৈ SP লীনা দলেক CBI জেৰা!সামাজিক মাধ্যমত চৰ্চা

জোনমণি ঘটনাক লৈ লীনা দলেক CBI য়ে জেৰা চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ৷

সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি, গুৱাহাটীলৈ আনি গোপন স্থানত জেৰা চলাইছে CBIয়ে৷

লগতে জেৰাৰ সন্মুখীন হোৱা বুলি প্ৰচাৰ ৰুনা নেওগ আৰু ৰূপজ্যোতি কলিতা৷

উল্লেখ্য যে জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ আছিল লীনা দলেৰ নাম৷

জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ SP আছিল লীনা দলে৷

লীনা দলে জোনমণিৰ মৃত্যু পিছতেই হাইকান্দিলৈ বদলি হৈছিল৷

চৰ্চা অনুসৰি, গুৱাহাটীৰ এটা গেষ্ট হাউচত লীনা দলেক জেৰা চলোৱা হৈছে৷

কুকুৰ হ’বলৈ মন যায় নেকি…

সপোন থাকে। প্ৰতিজন ব্যক্তিৰে নিজা নিজা সপোন থাকে। কিন্তু এজন যুৱকৰ এক আচৰিত সপোন। যি সপোনৰ কথা শুনিলে আপুনিও আচৰিত হ’ব। এজন যুৱকৰ সপোন কুকুৰ হোৱা। সপোন পূৰণো কৰিলে। ১৮ লাখ টকা খৰছ কৰি মানুহৰ পৰা ‘কুকুৰ’ হৈ পৰিল। এই যুৱকজন হৈছে জাপানৰ। এক প্ৰতিবেদন অনুসৰি জেপেট নামৰ এটা কোম্পানীয়ে এই জাপানী যুৱকজনক কুকুৰৰ ৰূপত তৈয়াৰ কৰাত সহায় কৰিছে। এই কাম কৰিবলৈ কোম্পানীটোৱে মুঠ ৪০ দিন সময় লৈছিল।

এই ব্যক্তিজনে কলি জাতৰ কুকুৰৰ ৰূপ লৈছে। এই সন্দৰ্ভত কোম্পানীটোৰ মুখপাত্ৰই কয় যে এই ব্যক্তিজনক কলি কুকুৰৰ লাইনত নিৰ্মাণ কৰা হৈছে। চাৰি ভৰিৰে খোজ কাঢ়ি যোৱা প্ৰকৃত কুকুৰ যেন লাগে। মানুহৰ পৰা কুকুৰ হোৱা এই জাপানী যুৱকজনে কৈছে যে এয়াই তেওঁৰ জীৱনৰ সপোন আছিল।

এই ব্যক্তিজনে নিজৰ ইউটিউব চেনেলত ‘মই জন্তু হ’ব বিচাৰো’ নামৰ এটা ভিডিঅ’ও আপলোড কৰিছিল। তেওঁ শৈশৱৰ এটা চখ আছিল, কিন্তু তেওঁ বিচাৰা নাছিল যে তেওঁৰ চৌপাশৰ মানুহে এই চখৰ বিষয়ে জানক। মানুহে যদি গম পালেহেঁতেন তেন্তে মই কুকুৰ হ’ব বিচৰাটো আচৰিত কথা বুলি ভাবিলেহেঁতেন।


সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন…


অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত “সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শংকৰী চিত্ৰশৈলীত অংকন” শীৰ্ষক পাঁচদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত হয়। কৰ্মশালাখনিত গুৱাহাটী, তেজপুৰ, গোলাঘাট, নগাঁওৰ চিত্ৰশিল্পীকে আদি কৰি অধ্যাপক,শিক্ষাৰ্থী তথা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰীয়েও অংশগ্ৰহন কৰে। কৰ্মশালাখনিৰ প্ৰশিক্ষক মৃদু মৌচম বৰাৰ নেতৃত্বত অংশগ্ৰহনকাৰীসকলে নিজে সাঁচিপাত প্ৰস্তুত কৰে, নিজ হাতেৰে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰে আৰু সাঁচিপাতত শংকৰী চিত্ৰশৈলীৰ চিত্ৰ অংকন কৰে। উক্ত কৰ্মশালাখনিৰ লগত সংগতি ৰাখি ৩০ জুলাই তাৰিখে কৰ্মশালাখনিৰ সামৰণি সভা তথা অংশগ্ৰহণকাৰীসকলে অঁকা ছবিবোৰ প্ৰদৰ্শিত কৰা হয়।

বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ড° ধ্ৰৱজ্যোতি হাতীবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনিত উদ্বোধকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিউৰেটৰ স্নিগ্ধা হাঞ্চু , মুখ্য অতিথিৰূপে উপস্থিত থাকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ-পূব শাখাৰ সঞ্চালক ড° সুৰেশ ৰঞ্জন গদুকা আৰু অতিথিৰূপে উপস্থিত থাকে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড° অনিতা চৌধুৰী, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক বিস্তীৰ্ণ বৰুৱা আৰু ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰচাৰ সচিব ড° বুলজিৎ বুঢ়াগোহাঁই। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ গ্ৰন্থাগাৰিক প্ৰদীপ চৌধুৰীয়ে আগবঢ়োৱা আদৰণী ভাষণৰ পিছত আমন্ত্ৰিত অতিথিসকলে প্ৰদৰ্শনীখন চাই অনুভৱ ব্যক্ত কৰাৰ লগতে সাঁচিপতিয়া পুথিৰ ক্ষেত্ৰত অসম কিমান সমৃদ্ধশালী তথা এই ঐতিহ্য কি ধৰণে সংৰক্ষণ কৰিব পাৰি সেই সম্পৰ্কে মত প্ৰদান কৰে আৰু ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই প্ৰচেষ্টাক আদৰণি জনায়। লগতে অংশগ্ৰহণকাৰীসকলৰ মাজৰপৰাও কেইগৰাকীমানে অনুভৱ ব্যক্ত কৰে।

উল্লেখযোগ্য যে এই কৰ্মশালাখনি আছিল ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰদ্বাৰা একেটি বিষয়ক কেন্দ্ৰ কৰি আয়োজিত সপ্তমখনি কৰ্মশালা। অতিথিসকলৰ বক্তব্যৰ পাছত কৰ্মশালাখনিৰ প্ৰশিক্ষক তথা ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাধাৰণ সম্পাদক মৃদু মৌচম বৰাই উপস্থিত ব্যক্তিসকলৰ সমুখত কৰ্মশালাখনিৰ প্ৰতিবেদন দাঙি ধৰে। এই সভাতেই অংশগ্ৰহণকাৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। সভাৰ শেষত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সংৰক্ষণ বিষয়া ড° সংগীতা চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই আগবঢ়ায়।

ভকচঙত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি…

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত প্ৰয়াত গঞ্জাৰাম তাৰ’ সোঁৱৰনী পষেকজোৰা নৃত্য কৰ্মাশালৰ সামৰণি অনুষ্ঠানটি আজি অনুষ্ঠিত কৰা হয় ৷ চলিত মাহৰ ১৫ তাৰিখে অনুষ্ঠিত কৰা এই নৃত্য কৰ্মশালাখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰভাত চন্দ্ৰ তাৰ’ৱে পিতৃ গঞ্জাৰাম তাৰ’ৰ স্মৃতিত অনুষ্ঠিত কৰাৰ বাবে এই অনুষ্ঠানটিত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াই ৷ এপষেকযোৰা এই নৃত্য কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে কৰিঅ’গ্ৰাফাৰ তথা জনপ্ৰিয় নৃত্যশিল্পী জিতুল টিমুঙে ৷ ১৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰটোত আঞ্চলিক ভাষাৰ নৃত্য হিচাপে কাৰ্বি গীতৰ নৃত্য আৰু হিন্দী গীতৰ নৃত্য প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ আজিৰ এই সামৰণি অনুষ্ঠানত প্ৰয়াত পিতৃক সুঁৱৰি আবেগিক হৈ পৰে কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷

মুখ্য অতিথি হিচাপে উপস্থিত থকা জনদৰদী নেতাগৰাকীয়ে কয় যে আমাৰ দিনত ভকচং অঞ্চলত এনেধৰণৰ নৃত্য কৰ্মাশালা হোৱা নাছিল, কিন্তু এইবাৰ আমি এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান এটি অনুষ্ঠিত কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈছোঁ ৷ তাৰোপৰি, অনাগত সময়ত ভকচঙখনক সাংস্কৃতিক আৰু ক্ৰীড়াৰ নগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি যাম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

অনুষ্ঠানত প্ৰভাত চন্দ্ৰ তাৰ’ৰ উপৰিও মাতৃ খাদৈ ৰংহাঙপী, সহধৰ্মিনী প্ৰনতি বে’পী, বিশিষ্ট শিক্ষাবিদ কৃষ্ণকান্ত সিংহ, মণ্ডল বিজেপিৰ সভাপতি খৰছিং বে’, প্ৰাক্তন কাৰ্যবাহী সদস্য ধনীৰাম ইংলেঙকে অঞ্চলটোৰ একাংশ সাংস্কৃতিকপ্ৰেমী দৰ্শক-ৰাইজ উপস্থিত থাকে ৷

বিহু নাচ, বিহু নামৰ ১৫ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি…

শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয় (এছ.এছ.জে. ভি.), পাঞ্জাবাৰী, গুৱাহাটীৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন. ই. জে. চি. চি.), ডিমাপুৰ, সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈকে অনুষ্ঠিত। ‘বিহু নাচ আৰু বিহু নামৰ ১৫ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালা’ৰ সামৰণী অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীত গত ২৯ জুলাই ২০২৩ তাৰিখে বিয়লি ৪:৩০ বজাত অনুষ্ঠিত হৈ যায়।

য’ত উপস্থিত থাকে এন.ই.জে.চি.চি. ডিমাপুৰৰ সঞ্চালক, ডা: প্ৰসন্ন গগৈ, শিল্পগ্ৰাম এন ই জে চি চিৰ ভাৰপ্ৰাপ্ত বিষয়া, শ্ৰী ভেছুজো ফেছাও আৰু এছ.এছ.জে.ভি.ৰ অধ্যক্ষ শ্ৰী জয়ন্ত মাধব বৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰে সংগীত নাটক অকাদেমিৰ বঁটা প্ৰাপক তথা বিহু গুৰু তথা বৰ্তমান এন .ই. জে. চি. চি. ডিমাপুৰৰ, সঞ্চালক ডা: প্ৰসন্ন গগৈকে ধৰি অন্যান্য বিশিষ্ট অতিথি সকলে।

সামৰণী অনুষ্ঠানত কেইজনমান অংশগ্ৰহণকাৰী ছাত্ৰ, অভিভাৱক সকলৰ লগতে প্ৰশিক্ষক সকলেও এই কৰ্মশালাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। সৰ্বমুঠ, ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলক এন. ই .জে .চি. চিৰ বিষয়াৰ পৰা ‘প্ৰশংসা প্ৰমাণপত্ৰ’ প্ৰদান কৰা হয়।

নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিয়োগ মেলাত নিযুক্তি লাভ কৰা সকলক নিযুক্তি পত্ৰ প্ৰদান…

নগাঁৱত ৩০ জুলাইত অনুষ্ঠিত হোৱা “নগাঁও নিয়োগ মেলা ২০২৩” ত দেশৰ প্ৰায় ৬৮টা কোম্পানীৰ কাৰ্যবাহী বিষয়া, এইছ আৰ বিষয়া, সহযোগী প্ৰবন্ধকৰ উপস্থিতিত আয়োজিত নিয়োগ মেলাত চাকৰি প্ৰাৰ্থী প্ৰায় ছয় হাজাৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ মাজৰ পৰা প্ৰায় ২৮১১ গৰাকী নিযুক্তিৰ বাবে নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। তাৰ অংশস্বৰূপে দেওবাৰে অনুষ্ঠিত এক অভিনন্দন অনুষ্ঠানত ছশ গৰাকীক নিযুক্তি পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিনন্দন পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা,অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক মৃনাল হাজৰিকা,বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা নিয়োগ মেলাত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়োবা প্ৰতিষ্ঠান কুউছৰ বিষয়ববীয়া বিনোদ সিং, উপাসনা চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰে।

আলমণ্ড আৰু বাদাম, স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী…


আলমণ্ড আৰু বাদাম দুয়োটা স্বাস্থ্যৰ উপকাৰী। কিন্তু প্ৰশ্ন হয় কোনবিধ বেছি উপকাৰী, আলমণ্ড নে বাদাম? এই বিষয়ে জানোঁ আহক…
আলমণ্ডত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰটিন, ভিটামিন ই, তাম, ফছফৰাছৰ লগতে মেগনেছিয়ামও থাকে। আনহাতে বাদামত ভিটামিন বি, থাইয়ামিন, ভিটামিন বি ৬, বি ৯, এন্টিঅক্সিডেন্টকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি এমুঠি আলমণ্ড আৰু বাদাম সমান পৰিমাণে লয়, তেন্তে আলমণ্ডত প্ৰায় ১৭০ কেলৰি, প্ৰায় ৬ গ্ৰাম প্ৰটিন আৰু ৩ গ্ৰাম আঁহ থাকিব। আনহাতে বাদামত প্ৰায় ১৬৬ কেলৰি, প্ৰায় ৭ গ্ৰাম প্ৰটিন আৰু প্ৰায় ২ গ্ৰাম ফাইবাৰ থাকিব। ভিটামিন বি ৰ ক্ষেত্ৰত বাদাম ভাল। আহাতে আলমণ্ড ভিটামিন ই ৰ বাবে উত্তম। বাদাম আৰু আলমণ্ড দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী।
আলমণ্ড আৰু বাদাম দুয়োবিধতে ভিটামিন ই থাকে।


আনহাতে যদি আপুনি ফ’লেট আৰু নিয়াচিনৰ দৰে বি ভিটামিন বিচাৰে তেন্তে আপুনি বাদাম খাব কাৰণ বাদামত বি ভিটামিনৰ পৰিমাণ বেছি।
মেগনেছিয়ামৰ ক্ষেত্ৰত বাদামতকৈ আলমণ্ড ভাল, বাদামৰ তুলনাত আলমণ্ডৰ পৰা বেছি মেগনেছিয়াম লাভ কৰিব।
আইৰণ আৰু কেলচিয়ামৰ বাবে আলমণ্ড কাব লাগে।
আনহাতে জিংকৰ ক্ষেত্ৰত দুয়োটা বাদাম সমতুল্য।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে দুয়োটাৰে যিকোনো এটা খাব পাৰে।
আলমণ্ডৰ তুলনাত বাদামৰ এলাৰ্জী বেছি। আনহাতে আলমণ্ডৰ এলাৰ্জি কম। এইদৰে আপোনাৰ স্বাস্থ্যৰ প্ৰয়োজন অনুসৰি আলমণ্ড বা বাদাম আপোনাৰ বাবে স্বাস্থ্যকৰ হ’ব।


গৰমৰ ঘামৰ গোন্ধত অশান্তি পায় নেকি? শৰীৰৰ ঘামৰ গোন্ধৰ আছে বহু কাৰণ…

গৰমত আমাৰ শৰীৰৰ পৰা ঘাম ওলাই। বহু লোকৰ শৰীৰৰ পৰা ওলোৱা ঘামৰ ফলত গোন্ধ ওলাই। ঘামৰ গোন্ধৰ ফলত নিজৰ লগতে কাষৰত থকা ব্যক্তিসকলেও অসান্তি লাভ কৰে। প্ৰায়ে দেখা যায় যে কিছুমান মানুহৰ ঘামত অত্যধিক গোন্ধ ওলায়। আনহাতে ছালত উপস্থিত বেক্টেৰিয়াবোৰ ঘামৰ লগত মিহলি হৈ এই দুৰ্গন্ধ আৰু অধিক বৃদ্ধি কৰে। বহু সময়ত হৰমন, টেঙা খাদ্য, সংক্ৰমণ, ঔষধ আৰু ডায়েবেটিছৰ বাবেও ঘামৰ বেছি দুৰ্গন্ধ ওলায়। ঘামৰ দুৰ্গন্ধৰ কাৰণ কি জানো আহক-


বহু সময়ত আমাৰ শৰীৰৰ হৰম’নৰ ফলত ঘামৰ গোন্ধ বাঢ়ি যায়। গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ সময়ত ঘামগ্ৰন্থিৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পায়। যাৰ বাবে আমাৰ অধিক ঘামচি ওলায় আৰু ইয়াৰ ফলত ঘামত অধিক দুৰ্গন্ধৰ সৃষ্টি হয়। আপোনালোকক কওঁ যে ডায়েবেটিছকে ধৰি এনে বহুতো ৰোগ আছে যাৰ বাবে ঘাম ওলায় আৰু ঘামৰ লগতে বেয়া গোন্ধও বহুত ওলাই। ডায়েবেটিছৰ বাহিৰেও মেদবহুলতা, থাইৰয়ড, বৃক্কৰ সংক্ৰমণ দৰে ৰোগৰ ফলত ঘামৰ পৰা বহুত বেয়া গোন্ধ ওলায়। বহুতে অতি টেঙা খাদ্য খায় আৰু খাদ্যত পিঁয়াজ, নহৰু, আদা আৰু জলকিয়া বেছিকৈ ব্যৱহাৰ কৰে। তেনে লোকৰ ঘামও বহুত ওলায়। ইয়াৰ উপৰিও যিসকলে মদ আৰু কেফেইন বেছিকৈ সেৱন কৰে তেওঁলোকৰ ঘামৰ পৰাও বহুত গোন্ধ ওলায়।

বিবাহৰ পূৰ্বেই গৰ্ভৱতী হ’ব বিচাৰিছিল অভিনেত্ৰী কিয়াৰা আদৱানীয়ে !

বিবাহৰ পূৰ্বেই গৰ্ভৱতী হ’ব বিচাৰিছিল অভিনেত্ৰী কিয়াৰা আদৱানীয়ে ! কিয়াৰা আদৱানীৰ এটা পুৰণি বক্তব্যই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পূৰ্বে গৰ্ভাৱস্থাৰ বিষয়ে এনে এটা কথা কৈছিল যি কতা বৰ্তমান চৰ্চালৈ আহিছে। এই সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পূৰ্বে গৰ্ভধাৰণৰ কথা কৈছিল। বলিউদৰ অভিনেতা অভিনেত্ৰীসকল যি কোনো কাৰণতে প্ৰায়ে লাইমলাইটত থাকে। বিবাহৰ পিছত কিয়াৰা আদৱানীৰ আগন্তুক ছবিৰ বাবে ‘সত্যপ্ৰেম কি কথা’ ছবিখনৰ প্ৰচাৰৰ সময়ত এখন ফটোৰ বাবেই শিৰোনাম দখল কৰি আছে।

যাৰ আঁৰৰ কাৰণ আছিল অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ এক উৰাবাতৰি। কিন্তু এতিয়া কিয়াৰা আদৱানীৰ এটা পুৰণি সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ বিয়াৰ পূৰ্বে গৰ্ভাৱস্থাৰ কথা কৈছিল। ‘গুড নিউজ’ ছবিখনৰ প্ৰচাৰৰ সময়ত কিয়াৰা আদৱানীয়ে গৰ্ভাৱস্থাৰ বিষয়ে মুকলিকৈ কয়। অভিনেত্ৰীগৰাকীয়ে কৈছিল- ‘মই গৰ্ভৱতী হ’ব বিচাৰো। যাতে মই যি খাব বিচাৰো খাব পাৰো। ল’ৰা হওক বা ছোৱালী হওক মোৰ বাবে কোনো কথা নাই। মাত্ৰ যিয়েই নহওক সুস্থ হৈ থাকক। কিয়াৰাৰ এই বক্তব্য আকৌ এবাৰ চৰ্চালৈ আহিছে।’ কিছুদিন পূৰ্বে ‘সত্যপ্ৰেম কি কথা’ৰ প্ৰচাৰৰ সময়ত কিয়াৰা আদৱানীয়ে কমলা ৰঙৰ প্ৰেটেন্স পায়জামা পিন্ধিছিল আৰু তাৰ ওপৰত ছিকুৱেল টাইমৰ টপ ফুল স্লীভ পিন্ধিছিল।

এই পোছাকৰ ফটোবোৰত কিয়াৰাৰ পেটটো অলপ ওলাই আহিছিল। ইয়াৰ পিছতে কিয়াৰা গৰ্ভৱতী হোৱাৰ খবৰ বিয়পিবলৈ ধৰিছিল। কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহ ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছালমেৰৰ এটা ৰাজকীয় দুৰ্গত হয়। ইয়াত কিছু ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীক নিমন্ত্ৰণ কৰিছিল। কিয়াৰাক শেষবাৰৰ বাবে ‘সত্যপ্ৰেম কি কথা’ ছবিত দেখা পোৱাৰ বিপৰীতে সিদ্ধাৰ্থ মালহোত্ৰক শেষবাৰৰ বাবে দেখা গৈছিল ‘মিছন মাজনু’ ছবিত। এই ছবিখন ২০২৩ চনৰ জানুৱাৰী মাহত মুক্তি পাইছিল।