Home Blog Page 1438

ধিং প্ৰগতি লাইব্ৰেৰীত এজাক শিশুৱে জীপাল কৰিলে গুৰুজনাৰ সংস্কৃতি

নগাঁও জিলাৰ অতিকৈ প্ৰাচীন তথা ১৯৪৫ চনত স্থাপিত হোৱা প্ৰগতি লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি খোল বাদন, অংকীয়া ভাওনা আৰু সত্ৰীয়া নৃত্য পৰিৱেশনেৰে জীপাল কৰিলে বৃহত্তৰ ধিং অঞ্চলৰ এজাক কণ কণ শিশুৱে।

যোৱা ১৩ জুলাইৰ পৰা ১২দিনীয়াকৈ প্ৰগতি লাইব্ৰেৰী পৰিচালনা সমিতি আৰু ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ যৌথ উদ্যোগত গুৰুজনাৰ অমৰ সৃষ্টি উক্ত বিষয়ৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। চিহ্ন আৰু শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ পৰিচালনাত প্ৰায় ৯০জন শিশুৱে অংশগ্ৰহণ কৰা কৰ্মশালাখনিৰ কলা-কুশলীৰ দ্বাৰা ১ আগষ্টত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে উদ্যোক্তা সকলে।

প্ৰগতি লাইব্ৰেৰী পৰিচালনা সমিতিৰ সম্পাদক মৃগাংক বৰাই আঁতধৰা উক্ত সাংস্কৃতিক অনুষ্ঠানক বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধিং পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ পিংকী শইকীয়াই।

বৃহত্তৰ ধিং অঞ্চলৰ সাংস্কৃতিকবান ৰাইজ, ধিঙৰ জনজীৱনৰ বিশিষ্ট ব্যক্তি, প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱকৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠানটিত কৰ্মশালাৰ প্ৰশিক্ষক মৃদু মৌচম বৰা, নৱজ্যোতি বৰা, শান্তনু প্ৰতিম শইকীয়া আৰু সহযোগী প্ৰশিক্ষক কৰিণা কলিতাক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে, প্ৰশিক্ষণ প্ৰাপ্ত শিশুসকলে নিশা পৰিৱেশন কৰা খোল বাদন, অংকীয়া নাট ৰাম-বিজয় ভাওনা আৰু সত্ৰীয়া নৃত্যই সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক মোহিত কৰে । আনহাতে প্ৰায় ৩৫বছৰৰ পাছত প্ৰগতি লাইব্ৰেৰী শিশুৰ দ্বাৰা পুনৰ সজীৱ হৈ উঠাত লাইব্ৰেৰী পৰিচালনা সমিতিক ধন্যবাদ জনাইছে ধিংবাসীয়ে ।

নলবাৰীৰ নৱনিযুক্ত আয়ুক্ত আই.এ.এছ বিষয়া বৰ্ণালী ডেকাৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বৰ্ণালী ডেকাই বুধবাৰে নলবাৰী জিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাবে তথা একেলেঠাৰীয়ে নলবাৰী জিলা প্ৰশাসনৰ তৃতীয় গৰাকী মহিলা মুৰব্বী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে।

পূৰ্বৰ জিলা আয়ুক্ত এ.চি. এছ. বিষয়া গীতিমনি ফুকনে যোৱা ২৮ জুলাই তাৰিখে জিলা আয়ুক্ত হিচাবে কার্যভাৰ সামৰাৰ পাছত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত হিচাবে দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত বেদাংগ তালুকদাৰৰ পৰা আই.এ.এছ. বৰ্ণালী ডেকাই কাৰ্যভাৰ গ্ৰহণ কৰে ৷

নলবাৰী জিলাৰ আয়ুক্ত হিচাবে দায়িত্ব গ্ৰহণৰ পাছতেই নৱনিযুক্ত আয়ুক্ত বৰ্ণালী ডেকাই কাৰ্যালয়ৰ সভাকক্ষত সমূহ প্ৰশাসনিক বিষয়া তথা উক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত প্ৰাৰম্ভিক পৰিচয়মুলক এখন সভা সম্বোধন কৰি সকলোৰে সৈতে চিনা-পৰিচয় হোৱাৰ লগতে নতুন কাৰ্যভাৰ গ্ৰহণ সম্বন্ধিত তেখেতৰ মনৰ ভাৱ বিনিময় কৰে৷

তেখেতে এই সভাখনতেই সকলো বিষয়া কৰ্মচাৰীক নিজৰ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল, অধ্যাৱসায়ী হোৱাৰ লগতে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় আৰু এটা দল হিচাবে মিলাপ্ৰীতিৰে সক্ৰিয়ভাৱে কাম কৰি নলবাৰী জিলা প্রশাসনক আৰু অধিক ৰাইজৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত সকলোৰে পৰা পূৰ্ণ সহযোগিতা কামনা কৰে ৷

গুৱাহাটী বিমানকোঠত অসামৰিক বিমান পৰিবহণৰ সুৰক্ষা সংস্কৃতি সপ্তাহ পালন

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে বিচিএএছৰ সহযোগত বিমান সুৰক্ষা সংস্কৃতি সপ্তাহ পালন।

বিমান নিৰাপত্তাৰ প্ৰসাৰৰ বাবে বিস্তৃত বিভিন্ন অনুষ্ঠানৰ সৈতে বিমানকোঠে যোৱা ৩১ জুলাইৰ পৰা ৬ আগষ্টলৈ এই বিশেষ সপ্তাহ উদযাপনৰ আয়োজন কৰিছে। তাৰে প্ৰথম দিন হিচাপে সুৰক্ষা আৰু নিৰাপত্তাৰ লগত কোনো হীন-দেৰি নকৰিবলৈ সমূহ সুৰক্ষা কৰ্মীক শপটনামা পাঠ কৰোৱা হয়। সুৰক্ষা প্ৰতিশ্ৰুতি বা শপটনামাৰ জড়িয়তে এইটো সুনিশ্চিত কৰা হয় যে, বিমানকোঠত থকা প্ৰত্যকটো সংগঠনেই হওক বা কৰ্মী এজনে আনজনৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হোৱতো অতি প্ৰয়োজনীয়।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি, ৫ কিলোমিটাৰ ৱাকাথন আৰু কুইজ প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। আজি অনুষ্ঠিত হোৱা এই ৱাকথনত, বিমানকোঠৰ বিভিন্ন বিভাগৰ ২০০ৰো অধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।

গুৱাহাটী বিমানকোঠৰ BCAS -ৰ মুখ্য নিৰ্দেশক বিষয়া সমানন্দ সিঙে কয় যে ” গুৱাহাটী বিমানকোঠত সুৰক্ষা আৰু নিৰাপত্তা, আমাৰ মূল শিলাস্তৰ। বিমান সুৰক্ষা সপ্তাহ উদযাপন কৰি আমি অপৰিসীম গৌৰৱ অনুভৱ কৰিছো, অসামৰিক বিমান পৰিবহণ ব্যুৰো (বিচিএএছ)ৰ অটল সমৰ্পণক সন্মান জনাইছো , কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ), বিমান সংস্থা আৰু অন্যান্য বিমানবন্দৰৰ নিৰাপত্তা দল যিয়ে বিমানকোঠৰ কাৰ্যকলাপৰ প্ৰতিটো দিশ অক্লান্তভাৱে সুৰক্ষিত কৰে, তেখেত সকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ। এই নিষ্ঠাবান সুৰক্ষাকৰ্মী সকলে মিলি আমাৰ সকলো অংশীদাৰ আৰু যাত্ৰীসকলৰ বাবে সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰি আহিছে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ দায়বদ্ধতাক ৰক্ষা কৰি সুৰক্ষাৰ এক অনমনীয় ঢাল গঠন কৰিছে। এই গুৰুত্বপূৰ্ণ সপ্তাহটোৰ জড়িয়তে বিচিএএছৰ কৰ্মীসকলৰ অদম্য মনোভাৱ আৰু অক্লান্ত প্ৰচেষ্টাক সন্মান জনাইছোঁ। নিৰাপত্তাৰ দিশৰ পৰা বিমানকোঠটোক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি দায়বদ্ধ আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।”

সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান ”সদৌ অসম কবি মঞ্চৰ” ২০২৩ বৰ্ষৰ বঁটা প্ৰাপক সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ নাম ঘোষণা…

নমস্কাৰ গ্ৰহণ কৰিব ৷ এই প্ৰেছ বিবৃত্তিযোগে সমূহ অসমবাসীক জনোৱা হয় যে অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰাপক সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ নাম ঘোষণা কৰা হ’ল। উল্লেখ্য যে চলিত মাহত ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া দিনযোৰা বৰ্ণাঢ্য অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ লগতে সাহিত্য, সাংস্কৃতিক আৰু সংবাদ জগতলৈ অগবঢ়োৱা অনবদ্য অৱদান আৰু সেৱাৰ বাবে এইকেইগৰাকী বিশিষ্ট ব্যক্তিক বঁ‌টাসমুহ প্ৰদান কৰা হ’ব।


স্বকীয় শৈলীৰে অসমীয়া সাহিত্যৰ ভৰাঁল সমৃদ্ধ কৰি অসমীয়া জাতীয় জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যক ৰঞ্জু হাজৰিকা দেৱক সদৌ অসম কবি মঞ্চৰ সৰ্বোচ্চ সন্মান “প্ৰজ্ঞাৰত্ন” বঁ‌টা ২০২৩ আগবঢ়োৱা হ’ব৷ নিজৰ অনবদ্য বিশেষ সেৱাৰ জৰিয়তে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা বাবে গুৱাহাটী মহানগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাওঁৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথ, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডা° মৃণাল ভুঞাক সেৱাৰত্ন বঁ‌টা ২০২৩ আগবঢ়োৱা হ’ব। বিশিষ্ট লেখিকা সৰোজিনী বসুমতাৰী, বিশিষ্ট লেখক অধীৰ চন্দ্ৰ দাস আৰু বিশিষ্ট লেখক তথা শিক্ষাবিদ মইনুল হক চৌধুৰীলৈ ২০২৩ বৰ্ষৰ প্ৰজ্ঞাশ্ৰী বঁ‌টা, সংবাদ জগতলৈ নিষ্ঠা, ত্যাগ আৰু সততাৰে সেৱা আগৱঢ়াই অহা বিশিষ্ট সাংবাদিক তৰণী চৰণ কলিতা, বিশিষ্ট সাংবাদিক তাপস সমাদ্দাৰ আৰু বিশিষ্ট সাংবাদিক নছিউৰ ৰহমানলৈ ২০২৩ বৰ্ষৰ সংবাদৰত্ন বঁ‌টা,


অসমীয়া সাংস্কৃতিক জগতখনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহা বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী, বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু সাংস্কৃতিক কৰ্মী জগদীশ শৰ্মালৈ ২০২৩ বৰ্ষৰ কলাৰত্ন বঁ‌টা, যুৱ আবৃত্তিকাৰ নম্ৰতা প্ৰীতম গোস্বামী, ৰিছা কলিতা আৰু বৰষা দাসলৈ ২০২৩ বৰ্ষৰ কাব্যকণ্ঠ বঁ‌টা, নতুন প্ৰজন্মৰ বিশিষ্ট কবি হীৰামনি লাহন, দীপিকা ফুকন আৰু আব্দুল কাদেৰ মিঞাঁলৈ সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ প্ৰজ্ঞাৰ সাধনা বঁ‌টা প্ৰদান কৰা হ’ব।
উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰঙিয়া অঞ্চললৈ সুনাম কঢ়িয়াই অনা মুঠ সাতগৰাকী শিক্ষাৰ্থীলৈ প্ৰয়াত সন্দীপ কলিতা মেধা বঁ‌টা প্ৰদানৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে সদৌ অসম কবি মঞ্চৰ মাহেকীয়া আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” আৰু বাৰ্ষিক মুখপত্ৰ “ৰঙিয়াল ৰঙিয়া”ৰ লগতে কেবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব। অনুষ্ঠানত সমূহ সাহিত্য প্ৰেমী ৰাইজ, কবি মঞ্চৰ সমূহ সদস্যৰ লগতে সমূহ শুভাকাংক্ষীৰ সহায়-সহযোগিতা সদৌ অসম কবি মঞ্চৰ তৰফৰপৰা কামনা কৰা হৈছে।

জিতু কাঞ্চন
প্ৰধান সম্পাদক
সদৌ অসম কবি মঞ্চ

গৰমৰ দিনত কি কি শাক-পাচলি খাব লাগে জানেনে…

শাক-পাচলি

গৰমৰ দিনত শীত কালিৰ দৰে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি পোৱা নাযায়। অৱশ্যে আজিকালি গৰমৰ দিনটো বন্ধাকবি, বিলাহী, ভেন্দি আদি শীতকালীন পাচলি দাম বেছি হ’লেও বজাৰত ওলায়। লাউ, কোমোৰা, জিকা, ভোল, পটল, ধুন্দুলি, বেঙেনা, লেচেৰা বা দাংবদি আদি পাচলিয়েই গৰমৰ দিনত বেছিকৈ পোৱা যায়।

গৰমৰ দিনৰ এই শাক-পাচলি বিলাকত খনিজ লৱণ আৰু ভিটামিন অধিক পৰিমাণে থাকে। এই বিলাক পাচলি অধিক পৰিমাণে খালেও কেলৰি গ্ৰহণৰ পৰিমাণ কম হয় আৰু চৰ্বিৰ পৰিমাণো থাকে তেনেই সামান্য। শৰীৰৰ মেদ বৃদ্ধিৰ আশংকা নাথাকে।

খাদ্য তালিকাত সেয়ে পাচলি নিয়মিত ভাৱে থকা উচিত। প্ৰতি জন প্ৰাপ্ত বয়স্ক লোকৰ  বাবে দিনে এশ গ্ৰাম আৰু শিশুৰ বাবে দিনে পাচলি বাধ্যতা মূলক ভাৱে খাদ্য তালিকাত থকা উচিত। পাচলি থকা আহেঁ কোষ্ঠ কাঠিন্য দূৰ কৰাত সহায় কৰে। নিয়মীয়াকৈ শাক-পাচলি খাই থকা লোকৰ অন্ত্ৰনলী আৰু মলাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে।

কামাখ্যা ষ্টেচনত দুৰ্বৃত্তই এজন অন্ধ ৰে’ল কৰ্মচাৰীৰ সামগ্ৰী লুটি নিয়াৰ অভিযোগ…

গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচনত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত দুষ্কৃতিকাৰীয়ে এজন অন্ধ ৰে’ল কৰ্মচাৰীক লক্ষ্য কৰি তেওঁৰ সামগ্ৰী লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

সমগ্ৰ খণ্ডটো ষ্টেচনৰ চিচিটিভি কেমেৰাত বন্দী হোৱা বুলি সূত্ৰই জনোৱা মতে, গোটটোত কমেও চাৰিজন ব্যক্তি আছিল।

ইফালে, ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ) আৰু চৰকাৰী ৰে’ল আৰক্ষী চমুকৈ জি আৰ পিয়ে ডকাইতি কাণ্ডৰ লগত জড়িত দুষ্কৃতিকাৰীক বিচাৰি উলিয়াবলৈ মেনহাণ্ট আৰম্ভ কৰিছে।

এই কাণ্ডই ৰে’লৱে কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাৰ সুৰক্ষা আৰু সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে, বিশেষকৈ বিশেষভাৱে সক্ষম লোকসকলৰ সুৰক্ষা আৰু সুৰক্ষাৰ বাবে এনে গুৰুত্বপূৰ্ণ ভূমিকাত কাম কৰা দুৰ্বল ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ বাবে বৰ্ধিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।

শোণিতপুৰত পুলিচৰ ওপৰত আক্ৰমণৰ বাবে ৭ জনক আটক…

শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাৰ গুদামঘাটত তিনিজন আৰক্ষী বিষয়াক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগত মহিলাসহ কমেও সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল ফাজিলা খাতুন, আয়েছা খাতুন, অনাৰ হুছেইন, কুৰবান আলী, কাছেম আলী, ছ’মেদ আলী, আৰু আব্দুল ৰছিদ।

সোমবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ দুটা গোটৰ মাজত সৃষ্টি হোৱা নাগৰিক পৰিস্থিতি নিৰাময়ৰ বাবে ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু পৰিস্থিতি দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰে আৰু সংঘৰ্ষৰ সৃষ্টি হয়, য’ত এটা পক্ষই আৰক্ষীৰ দলটোক আক্ৰমণ কৰি তিনিজন জোৱান গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন হয়।

আহতসকলৰ ভিতৰত আছে চাৰিদুৱাৰৰ ভাৰপ্ৰাপ্ত বিষয়া পি এছ হেমেন দাস আৰু আন দুজন বিষয়া। ইয়াৰ পিছতে ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ত্ৰিপুৰাক।

মিজোৰামত জানুৱাৰীৰ পৰা জুলাইলৈকে ৫২.৮৫ কিলোগ্ৰাম হেৰ’ইন জব্দ…

মিজোৰামঃ এই বছৰ ৫২ কেজিতকৈ অধিক হেৰ’ইন জব্দ

মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা অনুসৰি মিজোৰামত এতিয়ালৈকে আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগে জানুৱাৰীৰ পৰা জুলাইলৈকে ৫২.৮৫ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে।

লগতে একে সময়ছোৱাত ৩২.৯৩ কিলোগ্ৰাম মেথামফেটামাইন জব্দ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও বিভাগটোৱে ৯২.২৭ কিলোগ্ৰাম গাঞ্জা (ভাং) আৰু যথেষ্ট পৰিমাণৰ নিষিদ্ধ মদ আৰু বিয়েৰ জব্দ কৰে বুলিও জানিবলৈ দিয়ে।

ইফালে, আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ বিষয়াসকলে সোমবাৰে দক্ষিণ মিজোৰামৰ ছিয়াহা চহৰত ২৮০ গ্ৰাম হেৰ’ইন জব্দ কৰে বুলি মঙলবাৰে আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে।

ধেমাজিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চাৰিজনকৈ লোকৰ মৃত্যু…

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। এইপৰ্যন্ত ধেমাজিত চাৰিজনকৈ লোকৰ মৃত্যু।

২ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত আৰু আন দুজনৰ মৃত্যু হৈছে এনকেফেলাইটিছ সদৃশ ৰোগত।

বৰ্তমানলৈকে ৪২ গৰাকী আক্ৰান্ত হৈছে এই ৰোগত। ইয়াৰে ১৮ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত।

গোলাঘাটৰ ধোদৰ আলিত আয়কৰ বিভাগৰ তালাচী…

গোলাঘাটৰ ধোদৰ আলিত আয়কৰ বিভাগক তালাচী। ছুপাৰী মাফিয়া বুলি পৰিচিত আব্দুল হানান ওৰফে বাবলুৰ ঘৰত চলিছে এই তালাচী।

দিন ৪ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত চলিয়েই আছে অভিযান।এই অভিযানত আয়কৰ বিভাগে কি উদ্ধাৰ কৰিছে এতিয়ালৈকে জানিবলৈ দিয়া নাই। ধোদৰ আলিৰ বাসগৃহৰ সমীপতে কিছুদিন পূৰ্বে তেওঁ নিৰ্মাণ কৰিছিল এখন ইংৰাজী বিদ্যালয়। কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিছিল বিদ্যালয়খন।

পূৰ্বতে তেওঁ লালী গুৰৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল।চোৰাং ছুুপাৰী ছিণ্ডিকেটেৰে জড়িত থকাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। ছুপাৰী ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত পূৰ্বতেও গ্ৰেপ্তাৰ হৈছিল হানান।ইয়াৰ উপৰিও তেওঁৰ আছে আন বিশাল ব্যৱসায়।