Home Blog Page 1437

ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে ? জানি লওক…

ডায়েবেটিছ ৰোগীয়ে কি কি খাব পাৰে আৰু কি কি খাব নোৱাৰে এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন হয়। আজি আমি আপোনালোকক জনাম ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে? আমেৰিকান ডায়েবেটিছ এছ’চিয়েচন আৰু অন্যান্য স্বাস্থ্য সংস্থাৰ মতে সীমিত পৰিমাণত কণী খোৱাৰ ফলত হৃদৰোগ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে। যদি এই ৰোগৰ চিকিৎসা সঠিক সময়ত কৰোৱা নহয়, তেন্তে ই মৃত্যুৰ কাৰণো হ’ব পাৰে।

বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে মিঠা খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। বেছিভাগ ডায়েবেটিছ ৰোগীয়ে কণী খোৱা দেখা যায়। কোৱা হয় যে কণীত ১০ টা প্ৰয়োজনীয় এমিনো এচিডৰ ভিতৰত ৯ টা এমিনো এচিড থাকে, যিয়ে উন্নত স্বাস্থ্য বজাই ৰখাৰ কাম কৰে। কণীৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পুষ্টি লাভ কৰা হয়। ইয়াত বহুতো ভিন্ন প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যেনে প্ৰটিন, ভিটামিন ডি, বি ১২, বি ৬, কেলচিয়াম, ফলেট, ৰাইবোফ্লেভিন, জিংক আৰু আইৰণ।

ইমানবোৰ পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে কণী বেছিভাগ মানুহেই খায়, আনকি ডায়েবেটিছ ৰোগীয়েও কণী খাই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডায়েবেটিছ ৰোগীয়ে কণী খোৱা উচিত নে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কণী খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰাত কোনো বিৰূপ প্ৰভাৱ নপৰে। কণীত কলেষ্টেৰলৰ পৰিমাণ বেছি। মুঠতে ডায়েবেটিছ ৰোগীয়ে কণী সেৱন কৰিব পাৰে। কাৰণ ইয়াত কাৰ্বহাইড্ৰেট কম পৰিমাণে থাকে আৰু ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন অধিক পৰিমাণে থাকে। অৱশ্যে ডায়েবেটিছ ৰোগে অতিৰিক্তভাৱে কণী সেৱনৰ পৰা বিৰত থাকিব লাগে।

শিশু, নাবালকে মাত্ৰ দুঘণ্টাহে ব্যৱহাৰ কৰিব পাৰিব স্মাৰ্টফোন। স্মাৰ্টফোন ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা…


চীনত শিশুসকলৰ মাজত স্মাৰ্টফোন ব্যৱহাৰৰ নিচা বৃদ্ধি পাইছে। যাৰ বাবে চৰকাৰ চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত নাবালক আৰু শিশুৰ বাবে আইন প্ৰণয়নৰ কথা চিন্তা কৰা হৈছে। বৰ্তমান সময়ত স্মাৰ্টফোন সাধাৰণ মানুহৰ প্ৰয়োজন হৈ পৰিছে। স্মাৰ্টফোন ব্যৱহাৰ কৰি আমি ঘৰতে বহি বহু গুৰুত্বপূৰ্ণ কাম সহজে কৰিব পাৰো। মুঠৰ ওপৰত স্মাৰ্টফোনৰ সঠিক ব্যৱহাৰ আমাৰ সকলোৰে বাবে অতি উপকাৰী। আনহাতে ইয়াৰ আনটো দিশ হ’ল স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ বাবে স্মাৰ্টফোন অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। এই সমস্যাৰ প্ৰতি চিন্তিত হৈ পৰিছে চীনত অভিভাৱকসকল। যাৰ বাবে এতিয়া চীনত নতুন ধৰণৰ আইন প্ৰণয়নৰ প্ৰস্তুতি চলাইছে।

চীনৰ চাইবাৰ স্পেচ ৰেগুলেটৰ (CAC)ই বুধবাৰে কয় যে শিশুসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। নিয়ন্ত্ৰকে শিশুসকলক ফোন সৰ্বাধিক দুঘণ্টা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। চীনৰ চাইবাৰ স্পেচ এডমিনিষ্ট্ৰেচনে প্ৰকাশ কৰিছে যে শিশুৰ ফোন ব্যৱহাৰৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত শিশুসকলে দিনটোত দুঘণ্টাৰ বাবেহে ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হয়। চিএচিয়ে দিয়া পৰামৰ্শ অনুসৰি ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰৰ নাবালকৰ বাবে স্মাৰ্টফোন ব্যৱহাৰৰ সময়সীমা দুঘণ্টা নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ আঠৰ পৰা ১৬ বছৰৰ ভিতৰৰ শিশুৰ বাবে এঘণ্টাৰ সীমা আৰোপ কৰিব লাগে, আনহাতে আঠ বছৰৰ তলৰ শিশুৰ বাবে মাত্ৰ আঠ মিনিটৰ সীমা আৰোপ কৰিব লাগে।

CAC য়ে সেৱা প্ৰদানকাৰী কোম্পানীসমূহক নিজৰ আত্মীয়ক সময়সীমা নিৰ্ধাৰণৰ অধিকাৰ দিবলৈ অনুৰোধ জনাইছে। চাইবাৰ স্পেচ ৰেগুলেটৰৰ এই পৰামৰ্শৰ পিছত এই সন্দৰ্ভত চৰকাৰে কোনো নিয়ম বনাব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত ! কিন্তু আজি মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ…

জ্ঞানবাপী মছজিদ চৌহদত পুৰাতত্ত্ব বিভাগৰ ছাৰ্ভে অব্যাহত। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। অঞ্জুমন ইনতেজামিয়া মছজিদ কমিটীৰ আবেদন খাৰিজ আদালতৰ।

২১ জুলাইত জ্ঞানবাপী মছজিদ চৌহদত ছাৰ্ভেৰ দিছিল আদেশ।আদেশ দিছিল বাৰানসী জিলা ন্যায়াধীশে। তাৰ পূৰ্বেই মুছলমান পক্ষই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।

সেই ন্যায়ালয়ে প্ৰত্যাহ্বান আনিছিল ASIৰ ছাৰ্ভে প্ৰক্ৰিয়াত। কিন্তু আজি পুৱা মুছলমান পক্ষৰ আবেদন খাৰিজ আদালতৰ।

ঝাড়ু হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক। সোমবাৰ, মংগলবাৰ, বুধবাৰ; ঝাড়ু কিনাৰ শ্ৰেষ্ঠ দিন হৈছে…




হিন্দু ধৰ্মত মা লক্ষ্মী ঝাড়ুত বাস কৰে বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে ঘৰত ঝাড়ু ভালদৰে ৰাখিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। আজি আমি ঝাড়ুৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আপোনালোকক জনাম। ঝাড়ু প্ৰত্যেক ঘৰতে ব্যৱহাৰ কৰা হয়। ঘৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা ঝাড়ুটোত মাতৃ লক্ষ্মীয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। ঝাড়ু সম্পৰ্কে বহুতো নিয়ম শাস্ত্ৰত উল্লেখ আছে। কোৱা হয় যে ঝাড়ু কিনিবলৈ এটা ভাল দিন চাই ল’ব লাগে। দেৱালীৰ দিনাও শাস্ত্ৰত ঝাড়ুৰ কিছু কথা কোৱা হৈছে। ঝাড়ুৰ লগত জড়িত কিছুমান বিশেষ নিয়মৰ বিষয়ে জানি লওঁ আহক…


জ্যোতিষৰ মতে বৃহস্পতিবাৰ বা শুকুৰবাৰে কেতিয়াও পুৰণি ঝাড়ু ঘৰৰ পৰা উলিয়াই নিদিব। কাৰণ এই দুয়োটা দিনত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত। এনে অৱস্থাত এই দিনটোত ঘৰৰ বাহিৰত ঝাড়ু ৰাখিলে মাতৃ লক্ষ্মীৰ খং উঠে। ইয়াৰ লগতে ভগৱানৰ কৃপাও পোৱা নাযায়। ঝাড়ুত ভৰি দিয়া বা পাৰ হোৱাটো অশুভ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে ঝাড়ু কিনাৰ বাবে মঙলবাৰ বা শনিবাৰ অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ব্যক্তিজনৰ অৰ্থনৈতিক অৱস্থা উন্নত হয়। কেৱল এয়াই নহয়, দেৱী লক্ষ্মীৰ কৃপাও পৰিব আপোনাৰ ওপৰত। কৃষ্ণ পক্ষত ঝাড়ু কিনিলে শুভ বুলি গণ্য কৰা হয়।

শাস্ত্ৰ অনুসৰি ঝাড়ু কিনাৰ এই নিয়ম সমূহ মানি চলিলে আপোনাৰ ওপৰত লক্ষ্মী দৃষ্টিৰ প্ৰভাৱ পৰিব।

নুহৰ সংঘৰ্ষৰ সন্দৰ্ভত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন অভিনেতা গোবিন্দ…

হাৰিয়ানাৰ নুহৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে এক হিংসাত্মক পৰিস্থিতি। জাৰি কৰা হৈছে কাৰ্ফিউ। এই সংঘৰ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমালোচনাৰ সন্মুখীন গোবিন্দ। কিন্তু এতিয়া অভিনেতাজনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে যে তেওঁৰ একাউণ্ট হেক কৰা হৈছে। ইয়াৰ লগতে অভিনেতাজনে কয় যে তেওঁ চাইবাৰ অপৰাধত এই বিষয়ে অভিযোগ কৰিবলৈ ওলাইছে। গোবিন্দই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোৰ সৈতে কেপচনত লিখিছে- ‘টুইটটোৰ সন্দৰ্ভত মাত্ৰ এটা ফোন আহিল। আপোনালোক সকলোকে কব বিচাৰিছো যে মোৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে। মই সেইটো টুইট কৰা নাই। মোক নোসোধাকৈ তাই কোনো পোষ্টো নকৰে। চাইবাৰ অপৰাধত এই বিষয়ে অভিযোগ কৰিম।


সোমবাৰে নুহৰত ধৰ্মীয় তীৰ্থযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ লগতে গাড়ী জ্বলাই দিয়াৰ পিছতে কেইবাঠাইতো হিংসাত্মক ঘটনা সংঘটিত হয়। সাম্প্ৰদায়িক উত্তেজনা আৰু জনশান্তি বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিয়লি ৪ বজাৰ পৰা নুহ জিলাত আৰু পিছলৈ আন কোনো কোনো ঠাইত ২ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু এতিয়া ৫ আগষ্টলৈ বৃদ্ধিৰ নিৰ্দেশ বুধবাৰে সন্ধিয়া অতিৰিক্ত মুখ্য সচিব (গৃহ) টিভিএছএন প্ৰসাদে জাৰি কৰে।

কুকুৰ পূজা কৰা হয় এখন বিশেষ দেশত। খাবলৈ দিয়া হয় গাখীৰ, কণী…

পৃথিৱীত বহুতো উৎসৱ পালন কৰা হয়। প্ৰত্যেক মানুহে নিজ নিজ দেৱতাক পূজা কৰা দেখা যায়। কুকুৰৰো এক অনন্য উৎসৱ আছে! আচৰিত যেন লাগিলেও এয়াই সত্য। এই দেশখন হৈছে নেপাল। ‘কুকুৰ তিহাৰ’ নামৰ এটা উৎসৱ পালন কৰে নেপালত। নেপালত পাঁচদিন ধৰি চলি থকা তিহাৰ উৎসৱ অক্টোবৰ মাহৰ পৰা আৰম্ভ হয়। কুকুৰ তিহাৰ দ্বিতীয় দিনা পালন কৰা হয় পূজা। যি সময়ত দীপাৱলী পালন কৰা হয়, সেই সময়তে নেপালতো কুকুৰ তিহাৰ উদযাপন কৰা হয়।

এই দিনটোত কুকুৰক তেওঁলোকৰ আনুগত্যৰ বাবে ফেৰেস্তা হিচাপে পূজা কৰা হয়। খবৰ অনুসৰি কুকুৰ তিহাৰৰ অধীনত তিলক-মালাৰে কুকুৰক বহু ব্যঞ্জন খুৱাই। এই উপলক্ষে নেপালৰ কুকুৰক পূজা কৰা হয়। মালা পিন্ধাই তিলক দি পূজা কৰে কুকুৰক। কুকুৰৰ বাবেও বিশেষ ব্যঞ্জন বনাই খাবলৈ দিয়া লগতে দৈও খুৱাই কুকুৰক। এই কুকুৰ তিহাৰৰ সময়ত নেপালৰ জনসাধাৰণে কেৱল কুকুৰক প্ৰাৰ্থনা আৰু শ্ৰদ্ধা কৰাই নহয়, গোটেই দিনটো কুকুৰক উৎসৰ্গা কৰে। এই দিনটোত সৰু ল’ৰা-ছোৱালীকে ধৰি সকলোৱে কুকুৰক আদৰ-সাদৰ কৰে। কুকুৰ তিহাৰ উদযাপনৰ লগত কুকুৰৰ দেৱতা যমৰাজৰ সন্তুষ্ট কৰিবলৈ মানুহে এই পূজা কৰে বুলি বিশ্বাস কৰে।​

এই সমূহ উপাদানৰ জৰিয়তে দাঁতৰ যত্নৰ লগতে পৰিষ্কাৰ কৰক লেতেৰা দাঁত…

দাঁতৰ যত্ন আৰু দাঁত পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি কিবা কাৰণত দাঁতলৈ হালধীয়া ৰং আহে, ইয়াৰ ফলত মুখৰ সৌন্দৰ্য্যত প্ৰভাৱ পৰে। সাধাৰণতে যিসকল লোকে গুটখা, পান কফি বেছিকৈ সেৱন কৰে বা দাঁত পৰিষ্কাৰ কৰাৰ যত্ন লোৱা নাই, তেওঁলোকৰ দাঁতত বেয়া প্ৰভাৱ পৰে। কোনবোৰ বস্তুৰ সহায়ত আমি দাঁত উজ্জ্বল কৰিব পাৰো আহকচোন জানোঁ এই বিষয়ে –
আমি বেকিং চোডা ব্যৱহাৰ কৰি দাঁতৰ হালধীয়া ৰং ঘূৰাই আনিব পাৰোঁ। ইচ্ছা কৰিলে ঘৰতে বেকিং চোডাৰ পেষ্ট প্ৰস্তুত কৰক বা এটা টুথপেষ্ট কিনি লওক য’ত বেকিং পাউদাৰ বেছি পৰিমাণে থাকে। বহু গৱেষণাতো প্ৰমাণিত হৈছে যে এইটো এটা নিৰাপদ পদ্ধতি। ইয়াৰ বাবে বেকিং চোডা আৰু নেমুৰ ৰস মিহলাই টুথব্ৰাছৰ সহায়ত দাঁতত লগাই লাহে লাহে হাতেৰে ঘঁহিব লাগে। ২-৩ বাৰ এনে কৰিলে দাঁত সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিব।


আপুনি নিশ্চয় ৰন্ধা-বঢ়া, চুলি আৰু ছালৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰে, আপুনি জানি আচৰিত হ’ব যে দাঁত পৰিষ্কাৰ কৰিবলৈও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে এচামুচ নাৰিকল তেল মুখত দি ১৫ৰ পৰা ২০ মিনিট মুখত ৰাখিব। এনে কৰিলে দাঁত পৰিষ্কাৰ হ’ব।
আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে নিমখ ব্যৱহাৰ কৰো, এই নিমখৰ সহায়ত দাঁত পৰিষ্কাৰো কৰিব পাৰি। ইয়াৰ বাবে এটা বাটিত নিমখ ৰাখি আঙুলি বা ব্ৰাছৰ সহায়ত দাঁতৰ প্ৰতিটো কোণত ঘঁহিব। এই কাম কৰিলে দাঁত পৰিষ্কাৰ হ’ব আৰু সকলো ধৰণৰ ক্ষতিকাৰক বেক্টেৰিয়াৰো অন্ত পৰিব।

এই বস্তু সমূহৰ দ্বাৰা লেতেৰা দাঁত পৰিষ্কাৰ আৰু দাঁতৰ যত্নও ল’ব পাৰিব।

লোকসভাত অবিৰত হুলস্থুল! লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা

সাংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰী পক্ষ আৰু বিৰোধীৰ ধাৰাবাহিক বিক্ষোভ। দুয়ো পক্ষৰ এনে স্থিতিত অচল হৈ আছে সংসদ। এনে পৰিস্থিতিত তীব্ৰ অসন্তুষ্ট লোকসভাৰ অধ্যক্ষ ওম বিৰলা। সেয়ে তেওঁ নজিৰবিহীন এক স্থিতি গ্ৰহণ কৰিছে। তেওঁ সিদ্ধান্ত লৈছে লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত উপস্থিত নাথাকে।

যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি শাসকীয় আৰু বিৰোধী সাংসদ সকলে সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিস্থিতিৰ।

ইয়াৰ পৰিপ্রেক্ষিতত লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন বাৰে বাৰে স্থগিত ৰাখিব লগীয়া পৰিস্থিতি উদ্ভৱ হৈছে । বুধবাৰৰ দিনটোতো হুলস্থুলীয়া পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰেই পুনৰ স্থগিত ৰখা হয় সদনৰ অধিবেশন ।

যেতিয়ালৈকে সাংসদ সকলে নিজৰ মৰ্যদা আৰু অধিবেশনৰ মৰ্যদা বজাই ৰাখিব পৰা ধৰণৰ আচৰণ নকৰে তেতিয়ালৈকে সংসদৰ অধিবেশনত উপস্থিত নথকাৰ কথা শেহতীয়াকৈ উল্লেখ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷

উল্লেখ্য যে লোক সভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ অধিবেশন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ প্রকাশ হোৱাৰ পাছতে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা। অহা ৮ – ১০ আগষ্টত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ বিতৰ্কত লোকসভাৰ অধ্যক্ষ ওম বিৰলা অধ্যক্ষৰ আসনত বহিবনে, নবহে ? তাকে লৈ দেশৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্চা ।

টেঙাখাতত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে টেঙাখাত আৰক্ষীৰ ভূমিকাক লৈ সন্তুষ্ট নহয় টেঙাখাত অঞ্চলবাসী। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি টেঙাখাতত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই নিতৌ ন-ন কৌশলেৰে মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই মানৱ দেহক কোঙা কৰি অহাৰ কথা বিগত সময়ত বিভিন্ন সংবাদমাধ্যমে বাতৰি সম্প্ৰচাৰ কৰি আহিছে।

এই ক্ষেত্ৰত মাজে সময়ে টেঙাখাত আৰক্ষীয়ে দুই এটা পুঠি খলিহনা ধৰি ৰাইজৰ বাঃ বাঃ ল’বলৈ সক্ষম হয় যদিও আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ কাৰীয়ে অকপট নাম স্বীকাৰ কৰাৰ পাছতো কিন্তু আজিলৈকে কোনো এটা ৰৌ বৰালি ধৰিবলৈ সক্ষম নোহোৱাটোৱেই আজিৰ তাৰিখত আটাইতকৈ আশ্চৰ্য বিষয় হৈ পৰিছে।

এনে সময়তে বুধবাৰে এক বিশেষ খবৰৰ ভিত্তিত টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলেৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰমাই মটক চাহ বাগিচা অঞ্চলত এটা ড্ৰাগছ পেডলাৰক হাতে লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ পেডলাৰটো ৰমাই অঞ্চলৰ নিতুল গগৈ(২৪) বুলি জানিব পৰা গৈছে। কিন্তু আটকাধীন নিতুল গগৈৰ লগত একেখন বাইকতে বহি অহা ড্ৰাগছ মাফিয়া জিন্টু বুঢ়াগোঁহাই আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ পেডলাৰটোৰ পৰা আৰক্ষীয়ে ৯ গ্ৰাম ড্ৰাগছৰ লগতে ২ টা প্লাষ্টিক কণ্ট্ৰেনাৰ আৰু AS06AJ1210 নম্বৰৰ ৰঙা ৰঙৰ এখন বুলেট বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

এই ক্ষেত্ৰত অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি মানৱ দেহক পংগু কৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।


-ব্ৰজেন গগৈ, টেঙাখাত

মৰিয়নীৰ মাছৰ বজাৰত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি

ৰাজ্যৰ মাছৰ বজাৰত বিক্ৰী হোৱা আমদানিকৃত চালানী মাছ খোৱাৰ ক্ষেত্ৰত সাৱধান হওক।‌ কাৰণ অসমলৈ আমদানি কৰা চালানী মাছত মানৱ দেহৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিত ধৰা পৰিছে।

শেহতীয়াকৈ মৰিয়নীৰ মাছৰ বজাৰত আমদানিকৃত চালানী মাছত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে ব্যৱহাৰ কৰা কীটত ফৰ্মেলিনৰ অৱস্থিতি ধৰা পৰিছে।

পিছত সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাত ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে মৰিয়নী মাছৰ বজাৰৰ পৰা জব্দ কৰে ফৰ্মেলিনযুক্ত মাছখিনি লগতে নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে পুতৌজনক ভাৱে খাদ্য সুৰক্ষা বিভাগৰ হাতত নাই ফৰ্মেলিন পৰীক্ষা কৰিবলৈ নিম্নতম কীট৷ ইতিমধ্যে ইয়াৰ আগতে যোৰহাটত চলা অভিযানত মাছৰ দেহত উদ্ধাৰ হৈছিল মাৰাত্মক ফৰ্মেলিন৷

তথাপিও মৰিয়নীৰ বজাৰত অভিযান চলা নাছিল বুলি খাদ্য সুৰক্ষা বিভাগৰ বিভাগীয় বিষয়াই স্বীকাৰ কৰিছে। মৰিয়নীৰ মাছৰ বজাৰৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যলৈও এই আমদানিকৃত মাছসমুহ যোগান ধৰা হয়।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে, আমদানিকৃত মাছত বিষাক্ত ফৰ্মেলিন ওলোৱাৰ পিছতো ইমান দিনে মৰিয়নীৰ দৰে এই বৃহৎ মাছৰ বজাৰত কীট ব্যৱহাৰ নকৰাটোৱে বিভাগটোৰ ওপৰত ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে।

-কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি