Home Blog Page 1439

টুথপেষ্ট আৰু চেম্পুৰ দ্বাৰা কেন্সাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি নেকি…


ৰাতিপুৱাৰ পৰা ৰাতি শোৱাৰলৈকে আমি এনে বহু কাম কৰোঁ যিবোৰে কেন্সাৰক প্ৰসাৰিত কৰিব পাৰে। ভাৰতত কৰ্কট ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। এনে পৰিস্থিতিত সকলোৱে সাৱধান হোৱাটো প্ৰয়োজনীয়। কৰ্কট ৰোগ সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰতি বছৰে বৃহৎ সংখ্যক লোক কেন্সাৰৰ বলি হৈছে। এই কেন্সাৰৰ আছে অনেক কাৰণ। কৰ্কট ৰোগৰ মূল কাৰণ হ’ল খাদ্যাভ্যাসৰ অভাৱ, বায়ু প্ৰদূষণ আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ। আহাতে আমাৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী সমূহেও কেন্সাৰ ৰোগ বৃদ্ধি কৰিব পাৰে। ইয়াৰে এটা হ’ল টুথপেষ্ট আৰু চেম্পুৰ ব্যৱহাৰ। দুয়োটা সামগ্ৰী ব্যৱহাৰ কৰিলে কেন্সাৰ বৃদ্ধি পাব পাৰে বুলি বিশ্বাস কৰা হয়। বিশেষজ্ঞসকলে কি কয় জানো আহক…

টৰন্টো বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ মতে টুথপেষ্টত ট্ৰাইক্ল’জেন যৌগ পোৱা যায়। যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এইটো এনেকুৱা এটা প্ৰডাক্ট যিয়ে শৰীৰত কেন্সাৰ সৃষ্টি কৰা কাৰকটো সক্ৰিয় কৰে। বহুতো টুথপেষ্টত ট্ৰাইকোছান অধিক পৰিমাণে পোৱা যায়, যাৰ ফলত কেন্সাৰ হ’ব পাৰে। অংক’লজিষ্টসকলে আমাক জনাইছে যে টুথপেষ্টত পোৱা ট্ৰাইকোচেনে অন্ত্ৰৰ ভাল বেক্টেৰিয়াৰ ক্ষতি কৰিব পাৰে। যাৰ বাবে অন্ত্ৰৰ কৰ্কট ৰোগ বিয়পিব পাৰে। সেইবাবেই টুথপেষ্ট বেছি ব্যৱহাৰ কৰিব নালাগে।

বিশেষজ্ঞসকলৰ মতে শুকান চেম্পু ইয়াৰ কাৰণ হ’ব পাৰে। শুকান চেম্পুত বেনজিন নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিটো চেম্পু ব্যৱহাৰৰ সময়ত ৰাসায়নিক শৰীৰত সোমাই যায় আৰু তেজৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই কাৰণেই কেইমাহমানৰ আগতে এফ ডি এয়ে বহু ব্ৰেণ্ডৰ শুকান চেম্পু আমেৰিকাৰ বজাৰত নিষিদ্ধ কৰিছিল। এইবোৰ আছিল এনেকুৱা চেম্পু, য’ত অধিক বেনজিন পোৱা গৈছিল। বিশেষজ্ঞসকলৰ মতে শুকান চেম্পু ব্যৱহাৰ কৰাৰ সময়ত চুলি তিবাই ল’ব লাগে। ই স্প্ৰে’ৰ দৰে। ইয়াত বেনজিন বেছিকৈ পোৱা যায়, যাৰ বাবে এই চেম্পুৰ ব্যৱহাৰৰ ফলত কেন্সাৰ হ’ব পাৰে। সেয়েহে ইয়াক সাৱধানে ব্যৱহাৰ কৰিব লাগে।


ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ কাৰণ হ’ব পাৰে এই সমূহ খাদ্য…


শৰীৰত শক্তিৰ বাবে প্ৰয়োজন পুষ্টিকৰ খাদ্য। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন। কিন্তু কেতিয়াবা আমি এনেধৰণৰ খাদ্যাবলৈ আৰম্ভ কৰোঁ, যাৰ ফলত আমাৰ শৰীৰত দুৰ্বলতা দেখা যায়। সেই খাদ্যসমূহৰ বিষয়ে জানো আঙক:

১/ চেনি-
বিশেষজ্ঞসকলৰ মতে যদি কোনো ব্যক্তিয়ে অতিৰিক্তভাৱে চেনি সেৱন কৰে তেতিয়া তেওঁৰ শৰীৰৰ শ্বেত ৰক্তকণিকা দুৰ্বল হৈ পৰে। ইয়াৰ বাবেই শ্বেত ৰক্তকণিকাসমূহ দুৰ্বল হৈ বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। তাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে।
২) প্ৰচেছড খাদ্য-
যদি আপুনি অধিক প্ৰচেছড খাদ্য গ্ৰহণ কৰে, তেন্তে সাৱধান হওক। আচলতে ইয়াত ছডিয়ামৰ পৰিমাণ অতি বেছি। কেৱল এয়াই নহয়, ইয়াত কৃত্ৰিম সংৰক্ষক আৰু অস্বাস্থ্যকৰ চৰ্বিও থাকে। যাৰ বাবে এইসমূহ খালে শৰীৰৰ ক্ষতি হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

৩/ ভজা খাদ্য-
কিছুমান লোকৰ ভজা খাদ্য খোৱাৰ অভ্যাস আছে। কিন্তু দৈনিক এই ধৰণৰ খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্য নষ্ট হোৱাই নহয় ভিতৰৰ পৰাও দুৰ্বল হৈ পৰে। সেইবাবেই ভজা খাদ্য বৃহৎ পৰিমাণে সেৱন কৰিব নালাগে।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা…

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল ইপাৰ-সিপাৰ সাঁতুৰি কৰা অভিলেখৰ অভিজ্ঞতাৰ লগতে তেওঁৰ বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে আঢ়ৈ বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হোৱা এলভিছে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মুঠ ১৩৪টা স্বর্ণপদক অর্জন কৰিছে। এই অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ লগতে কেবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। প্ৰেছ ক্লাবৰ কাৰ্যকৰী সমিতিয়ে আজিৰ অনুষ্ঠান সফল কৰি তোলাৰ বাবে সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতেও এনে অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰে।

সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত গ্ৰীষ্মকালীন প্ৰজ্ঞা পাঠ দান শিবিৰৰ সামৰনি…

ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সোমবাৰে সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ৩ জুলাই পৰা আৰম্ভ কৰা গ্ৰীষ্মকালীন পাঠ দান শিবিৰৰ সোমবাৰে সামৰনি পৰে ৷ বিগত বৰ্ষৰ দৰে এইবৰ্ষতো ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱাৰ একান্ত প্ৰচেষ্টাত আয়োজন কৰা ” প্ৰজ্ঞা ” কেম্পৰ জৰিয়তে ধনশিৰি মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ষষ্ঠ,সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ প্ৰায় ৫২ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰা গ্ৰীষ্মকালীন শিবিৰত যোগাসন , নাটক ,সমবেত সংগীত , গণিত জটিলতা সমুহ সহজভাৱে সমাধান কৰা আদি বহুকেইইটা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাদান কৰা হয় ।

ছাত্ৰ ছাত্ৰী সকলে গ্ৰীষ্ম বন্ধত যাতে পঢ়াৰ প্ৰতি আকৰ্ষিত হয় তাৰ উদ্দেশ্য আৰম্ভ প্ৰজ্ঞা শিবিৰ সামৰনি অনুষ্ঠানত গোলাঘাট জিলা আয়ুক্ত ড° পি উদয় প্ৰবীণ , প্ৰজ্ঞা অনুষ্ঠানৰ গুৰিধৰোতা অতিৰিক্ত আয়ুক্ত তথা ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা ,সহকাৰী সুত্ৰিষ্ণা বৰদলৈ , সীমান্ত দণ্ডাদীশ প্ৰীয়ম ফুকন ,নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা , মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস, গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বৰ্মন টেৰন , গোলাঘাট জিলা সাংবাদিক সংস্হাৰ সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰা , লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক সকল উপস্থিত থাকে।

ফিটনেছ প্ৰত্যাহ্বান গ্ৰহণ কৰি এদিনত চাৰি লিটাৰকৈ পানী সেৱন কৰি হাস্পতালত ভৰ্তি এগৰাকী যুৱতী…

ফিটনেছ চেলেঞ্জ মানি ল’বলগীয়া হৈছিল, প্ৰতিদিনে ইমান পানী খাইছিল, টিকটক ষ্টাৰক হস্পিতালত ভৰ্তি হ’বলগীয়া হৈছিল
ভাইৰেল ফিটনেছ চেলেঞ্জৰ অংশ হিচাপে কানাডাৰ এজন টিকটকাৰে ১২ দিন চাৰি লিটাৰকৈ পানী খাই চিকিৎসালয়ত ভৰ্তি হয়। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি কানাডাত বাস কৰা টিকটকৰ প্ৰভাৱশালী মিচেল ফেয়াৰবাৰ্নে ৭৫ হাৰ্ড নামৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। ৭৫ হাৰ্ড নামৰ এই চেলেঞ্জত অংশগ্ৰহণকাৰীসকলে প্ৰায় চাৰি লিটাৰকৈ পানী ৭৫ দিন খাব লাগিব। ইয়াৰ উপৰিও মদ বা ‘চিট মিল’ অবিহনে, দিনটোত ৪৫ মিনিটৰ দুটা ৱৰ্কআউট, দিনটোত ১০ পৃষ্ঠা পঢ়া আৰু দৈনিক ছ’চিয়েল মিডিয়াত নিজৰ ফটো শ্বেয়াৰ কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে। মিচেলে দৈনিক ৪ লিটাৰ পানী খাবলৈ আৰম্ভ কৰিছিল যদিও ১২ নম্বৰ দিনা টিকটকত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় যে অতিৰিক্ত পানীৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিছে।

মিচেলে কয় যে ৰাতি শুবলৈ যাওঁতে মনটো ভাল নাছিল আৰু ৰাতি কেইবাবাৰো উঠি বাথৰুমলৈ গৈছিল। একো খাব পৰা নাছিল আৰু বমি হৈছিল, দুৰ্বল অনুভৱ হৈছিল। কেইবাবাৰো পৰীক্ষাৰ অন্তত ডাক্তৰে মিচেলক ক’লে যে তাইৰ দেহত ছডিয়ামৰ অভাৱ হৈছে। প্ৰতিদিনে অত্যধিক চাৰি লিটাৰ পানী খোৱাৰ পৰিৱৰ্তে আধা লিটাৰতকৈ কম পানী খোৱাৰ পৰামৰ্শ দিছিল ডাক্টৰে। দ্বিতীয়টো ভিডিঅ’ত মিচেলে কয়, মই এতিয়াও ৭৫ চেলেঞ্জটো কৰিম, হাৰ নামানো, কিন্তু ডাক্তৰে কয় যে মই দিনটোত আধা লিটাৰতকৈ কম পানী খাব লাগে। মই বিশ্বাস কৰিব পৰা নাই আচলতে কিয় এনেকুৱা হৈছে। ​

মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত ৩২ ছাত্ৰ-ছাত্ৰীক অভিনন্দন…


গুৱাহাটী মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অলপতে অনুষ্ঠিত হয়। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক পৰিক্ষাত উত্তিৰ্ণ হোৱা আৰু বিভিন্ন পৰ্যায়ত শিক্ষা গ্ৰহন কৰি থকা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা সম্বৰ্ধনা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন অনুষ্ঠান, প্ৰজ্বলক, খগেন দাস, চৰিত্ৰ ডেকা,পৰমানন্দ দাস, লোহিত দেউৰীয়ে। ইয়াৰ পিছতে শিশু শিল্পী কৃত শৰণীয়াই জ্যোতি সংগীত পৰিবেশন কৰে । মহানগৰ শৰণীয়া কছাৰী সমাজৰ সভাপতি বাবুল কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাৰ আতঁধৰে সমাজৰ সাধাৰণ সম্পাদক লক্ষ্যধৰ দাস,সহ সম্পাদক ধ্ৰুৱ মণি দাসে।

আদৰনি ভাষণ প্ৰদান কৰে হৰকান্ত হাজৰিকাই, মুখ্য অতিথি, দীপজ্যোতি শৰণীয়া,সাধাৰণ সম্পাদক, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা,হিতেশ ডেকা,অধক্ষ্য শৰণীয়া কছাৰী উন্নয়ন পৰিষদ,সোণবৰ বৰুৱা , সভাপতি ,শৰণীয়া কছাৰী সাহিত্য সভা ,মানস শৰণীয়া,জেষ্ঠ্য অধিবক্তা,ৰামেশ্বৰ ডেকা,প্ৰতিষ্ঠিত সাধাৰণ সম্পাদক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, মানসী দাস ,অনিষ্মিতা শৰণীয়া , সত্যেন কুমাৰ দাস ,কিশোৰ কুমাৰ দাসে উপস্থিত থাকে । ছাত্ৰ-ছাত্ৰী সকলক জনগোষ্ঠীয় মোকচা ,শুভেচ্ছা পত্ৰৰে সম্বৰ্ধনা প্ৰদান কৰে। সভাৰ শলাগৰ শৰাই আগবঢ়াই তপন চন্দ্ৰ ডেকাই।

গোগামুখত ন-গাঁও যুৱ সংঘৰ উদ্যোগত চলন্ত ট্ৰফী-প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ…

লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমামূৰীয়া গাঁও গোগামুখ ন-গাঁও যুৱ সংঘৰ উদ্যোগত  প্ৰাইজমাণি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা  ধেমাজি জিলাৰ গোগামুখ নগৰ হাইস্কুল খেলপথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৷ দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে  প্ৰয়াত সুৰেন্দ্ৰনাথ শইকীয়া, ভদ্ৰেশ্বৰী গগৈ আৰু ধনবৰ গগৈ সোঁৱৰণত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা উক্ত ফুটবল প্ৰতিযোগিতাৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভাৰম্ভ কৰা হয় । শুভাৰম্ভ কৰে ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্তই ৷ শুভাৰম্ভণি সভাত সভাপতিত্ব কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কল্যাণ গগৈয়ে৷

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, ধেমাজি জিলা ক্ৰীড়া সংস্থাৰ সভাপতি যতীন বুঢ়াগোঁহাই, ফুটবল সম্পাদক টুলটুল বুঢ়াগোঁহাই, ৰেফাৰী বৰ্ডৰ সভাপতি লক্ষী গগৈ, প্ৰাক্তন ৰাজ্যিক  ফুটবল খেলুৱৈ বিমল স্বৰ্গীয়াৰী, দিলীপ পেগু, সমাজকৰ্মী ৰাজেন শইকীয়া,  টাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সদস্য খগেন কোঁৱৰ, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান আৰু প্ৰতিযোগিতাখনৰ দাতা পৰিয়ালবৰ্গ ৷

উদ্বোধনী খেলত নাইট ৰাইডাৰ এফ চিয়ে থাণ্ডাৰচ্ এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ আজিৰ খেলখন পৰিচালনা কৰে মনোৰঞ্জন বুঢ়াগোঁহাই, জিন্টু চুতীয়া, দীপক গগৈয়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে মণিৰাম পেগুৱে ৷ অনুষ্ঠানটো সামগ্ৰীকভাৱে আঁত ধৰে খেল পৰিচালনা সমিতিৰ সম্পাদক ঋতুপৰ্ণ কোঁচ আৰু সদানন্দ দাসে ৷

বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱক আনুষ্ঠানিক বিদায়…

বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱক সোমবাৰে আনুষ্ঠানিকভাৱে কৰ্মস্থলী বোকাখাতৰ পৰা বিদায় জনোৱা হয়। এই সন্দৰ্ভত মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সভাত বিদায়ী ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীক ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় ।

বোকাখাত মহকুমাত দুবছৰ কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু সমূহ বোকাখাতবাসী ৰাইজক অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱ ডাঙৰীয়ানীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে বোকাখাতৰ নতুন মহকুমাধিপতি হিচাবে অনাগত কাৰ্যকাল চলাই নিব আই এ এছ চিমি কৰণে।

RJD নেতা লালুপ্ৰসাদ যাদৱৰ পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ…


একাধিক দুৰ্নীতিৰ অভিযোগত কাৰাগাৰলৈ যোৱা লালুপ্রসাদৰ বাবে আন এক বিপদ। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত তেওঁ বুৰুৰ ৰোগত ভুগি আছে। তেওঁ এতিয়া অলপ সুস্থ। অৱশ্য, লালুপ্রসাদ যাদৱৰ বাবে ভাল দিন ঘূৰি অহা নাই। ইডিয়ে সোমবাৰে যাদৱ পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

অভিযোগ কৰা হৈছে যে ২০০৪-০৯ বৰ্ষত যেতিয়া লালুপ্রসাদ ৰে’লমন্ত্ৰী আছিল, যাদৱ পৰিয়ালে বিহাৰৰ বাচন্দাৰ বহু যুৱকক ভূমিৰ বিশিষত চাকৰি দিছিল। সেই গোচৰতে লালুৰ ৬ কোটি টকাৰ সম্পত্তি প্ৰবৰ্তন সঞ্চালকালয়ে জন্ম কৰিছে। ১৮ মেত ইডিয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লালুৰ পত্নী ৰাবৰী দেৱীক ভূমি বিবাদৰ গোচৰৰ সন্দৰ্ভত পাঁচ ঘণ্টা সোধা-পোছা কৰিছিল।

আজি বিশ্ব হাওঁফাওঁ কৰ্কট দিৱস : হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ সমূহ কিদৰে চিনাক্ত কৰিব…


শৰীৰৰ যিকোনো অংগত কৰ্কট ৰোগ বিপদজনক আৰু মাৰাত্মক। ১ আগষ্টৰ দিনটোক ‘বিশ্ব হাওঁফাওঁৰ কৰ্কট দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱস পালন কৰাৰ আঁৰৰ কাৰণ হৈছে এই মাৰাত্মক ৰোগৰ বিষয়ে মানুহক সজাগ কৰা। বিশেষকৈ ভাৰতত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম সাধাৰণ কৰ্কট ৰোগ।
হাওঁফাওঁৰ কৰ্কট ৰোগ দুই প্ৰকাৰৰ-
যিসকল লোকে বেছি ধূমপান কৰে। তেওঁলোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকা বেছি। ই আটাইতকৈ দ্ৰুতগতিত বিয়পি পৰা কৰ্কট ৰোগ। এই কেন্সাৰ ধৰা পৰাৰ সময়লৈকে এই কেন্সাৰ বিয়পি পৰে সকলোতে।
হাওঁফাওঁত হোৱা স্বাভাৱিক কৰ্কট ৰোগ আৰু এই কেন্সাৰ ৮০ শতাংশ লোকৰ ক্ষেত্ৰত দেখা দিয়ে। ইয়াৰ ভিতৰত এডিন’কাৰ্চিনোমা, স্ক্ৱামাছ, চেল কাৰ্চিনোমা আৰু বৃহৎ কোষ আদি উল্লেখযোগ্য।


হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল লক্ষণ সমূহ হৈছে-
বহুদিন ধৰি হোৱা কাহ
বুকুৰ বিষ
উশাহ লোৱাত কষ্ট পোৱা
কাহত তেজ ওলোৱা
সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
খাদ্য খোৱাৰ পিছতো ওজন কমি যোৱা
ভোক কমি যোৱা
মূৰৰ বিষ আদি


হাওঁফাওঁৰ কৰ্কট ৰোগৰ এটা ডাঙৰ কাৰণ হ’ল প্ৰচুৰ পৰিমাণে চিগাৰেট খোৱা। ধূমপান, ড্ৰাগছ সেৱন এইসমূহৰ বাহিৰেও প্ৰদূষিত বায়ু, উষ্ণতাৰ উঠা-নমা, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, জিনীয় কাৰণ, হাওঁফাওঁ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।