ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চন্দনপুৰ এলেকাৰ দাঁতি-কাষৰীয়া অঞ্চল বগৰীবাৰীৰ ইডিচিৰ সভাপতি আহমদ আলী,বগৰীবাৰী গাঁও ৰক্ষী বাহিনী, নদীৰ পাৰ গাঁও ৰক্ষী বাহিনী আৰু কাচোম মাৰী গাওঁ ৰক্ষী বাহিনীয়ে এক গোপন সুত্ৰে জানিব পাৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য পিপলী চেঙ চিকাৰ কৰিবলৈ কেইজনমান ব্যক্তি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব, সেইমতে গোটেই কেইটা দলে দেওবাৰে নিশা টহল দি থকা অৱস্থাত প্ৰায় ১১ মান বজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবৈধ ভাবে মাছ মাৰিবলৈ অহা দুজন যুৱক আৰু এগৰাকী মহিলাক প্ৰত্যক্ষ কৰে।
লগে লগে ব্যক্তি কেইজন পলাই যাব খোজিছিল যদিও গাওঁ ৰক্ষী বাহিনী আৰু ইডিচিৰ প্ৰচেষ্টাত তিনিও জনকে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি কেইজন ক্ৰমে ওমেদ আলী (৩০)এচমিন আলী (২৮)আৰু জেহিৰুন নেছা (৩০)।
আটাইকেইজনৰে ঘৰ কাচোম মাৰী চোনাৰী বুলি জানিব পৰা গৈছে। এই ব্যক্তি কেইজনৰ পৰা এশ আঠ খন বৰশী, টৰ্চলাইট আৰু হাত মোজা উদ্ধাৰ কৰা হৈছে।ব্যক্তি কেইজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য মাছ পিপলী চেঙ চিকাৰ কৰিবলৈ যোৱা বুলি স্বীকাৰ উক্তি দিয়ে।
ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত সাই বিৱাহ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ সাধাৰণ সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷
প্ৰতিকূল বতৰকো নেওচি শ শ কৃতী ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷ পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি মনোজ কুমাৰ চাহে৷
ইয়াৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ মনোজ কুমাৰ চাহৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়ায় সন্থাৰ উপদেষ্টা অনুপ জয়ছোৱালে ৷ প্ৰতিনিধি সভা উদ্বোধন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙে ৷ প্ৰতিনিধি সভাত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ গামা পাছোৱান আৰু পল্টু সিং ৷ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৰাজগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী সদানন্দ জয়ছোৱাল আৰু মুক্তি কালোৱাৰে ৷
প্ৰতিনিধি সভাতে সন্থাৰ বৰ্তমানৰ সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ৷ গগন জয়ছোৱালক সভাপতি আৰু সুৰজ চাহক সম্পাদক হিচাপে লৈ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে এক শক্তিশালী নতুন সমিতি গঠন কৰা হয় ৷ ইয়াৰ পিছতেই মুকলি সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷
সপোন থাকে। প্ৰতিজন ব্যক্তিৰে নিজা নিজা সপোন থাকে। কিন্তু এজন যুৱকৰ এক আচৰিত সপোন। যি সপোনৰ কথা শুনিলে আপুনিও আচৰিত হ’ব। এজন যুৱকৰ সপোন কুকুৰ হোৱা। সপোন পূৰণো কৰিলে। ১৮ লাখ টকা খৰছ কৰি মানুহৰ পৰা ‘কুকুৰ’ হৈ পৰিল। এই যুৱকজন হৈছে জাপানৰ। এক প্ৰতিবেদন অনুসৰি জেপেট নামৰ এটা কোম্পানীয়ে এই জাপানী যুৱকজনক কুকুৰৰ ৰূপত তৈয়াৰ কৰাত সহায় কৰিছে। এই কাম কৰিবলৈ কোম্পানীটোৱে মুঠ ৪০ দিন সময় লৈছিল।
এই ব্যক্তিজনে কলি জাতৰ কুকুৰৰ ৰূপ লৈছে। এই সন্দৰ্ভত কোম্পানীটোৰ মুখপাত্ৰই কয় যে এই ব্যক্তিজনক কলি কুকুৰৰ লাইনত নিৰ্মাণ কৰা হৈছে। চাৰি ভৰিৰে খোজ কাঢ়ি যোৱা প্ৰকৃত কুকুৰ যেন লাগে। মানুহৰ পৰা কুকুৰ হোৱা এই জাপানী যুৱকজনে কৈছে যে এয়াই তেওঁৰ জীৱনৰ সপোন আছিল।
এই ব্যক্তিজনে নিজৰ ইউটিউব চেনেলত ‘মই জন্তু হ’ব বিচাৰো’ নামৰ এটা ভিডিঅ’ও আপলোড কৰিছিল। তেওঁ শৈশৱৰ এটা চখ আছিল, কিন্তু তেওঁ বিচাৰা নাছিল যে তেওঁৰ চৌপাশৰ মানুহে এই চখৰ বিষয়ে জানক। মানুহে যদি গম পালেহেঁতেন তেন্তে মই কুকুৰ হ’ব বিচৰাটো আচৰিত কথা বুলি ভাবিলেহেঁতেন।
পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত প্ৰয়াত গঞ্জাৰাম তাৰ’ সোঁৱৰনী পষেকজোৰা নৃত্য কৰ্মাশালৰ সামৰণি অনুষ্ঠানটি আজি অনুষ্ঠিত কৰা হয় ৷ চলিত মাহৰ ১৫ তাৰিখে অনুষ্ঠিত কৰা এই নৃত্য কৰ্মশালাখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰভাত চন্দ্ৰ তাৰ’ৱে পিতৃ গঞ্জাৰাম তাৰ’ৰ স্মৃতিত অনুষ্ঠিত কৰাৰ বাবে এই অনুষ্ঠানটিত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াই ৷ এপষেকযোৰা এই নৃত্য কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে কৰিঅ’গ্ৰাফাৰ তথা জনপ্ৰিয় নৃত্যশিল্পী জিতুল টিমুঙে ৷ ১৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰটোত আঞ্চলিক ভাষাৰ নৃত্য হিচাপে কাৰ্বি গীতৰ নৃত্য আৰু হিন্দী গীতৰ নৃত্য প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ আজিৰ এই সামৰণি অনুষ্ঠানত প্ৰয়াত পিতৃক সুঁৱৰি আবেগিক হৈ পৰে কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷
মুখ্য অতিথি হিচাপে উপস্থিত থকা জনদৰদী নেতাগৰাকীয়ে কয় যে আমাৰ দিনত ভকচং অঞ্চলত এনেধৰণৰ নৃত্য কৰ্মাশালা হোৱা নাছিল, কিন্তু এইবাৰ আমি এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান এটি অনুষ্ঠিত কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈছোঁ ৷ তাৰোপৰি, অনাগত সময়ত ভকচঙখনক সাংস্কৃতিক আৰু ক্ৰীড়াৰ নগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি যাম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷
অনুষ্ঠানত প্ৰভাত চন্দ্ৰ তাৰ’ৰ উপৰিও মাতৃ খাদৈ ৰংহাঙপী, সহধৰ্মিনী প্ৰনতি বে’পী, বিশিষ্ট শিক্ষাবিদ কৃষ্ণকান্ত সিংহ, মণ্ডল বিজেপিৰ সভাপতি খৰছিং বে’, প্ৰাক্তন কাৰ্যবাহী সদস্য ধনীৰাম ইংলেঙকে অঞ্চলটোৰ একাংশ সাংস্কৃতিকপ্ৰেমী দৰ্শক-ৰাইজ উপস্থিত থাকে ৷