Home Blog Page 1440

এহাল দম্পতীয়ে আইফোন কিনি ৰিল বনাবলৈ বিক্ৰী কৰিলে ৮ মহীয়া শিশু

এক আচৰিত ঘটনা! পশ্চিম বংগৰ এহাল দম্পতীয়ে ৰিল বনোৱাৰ উদ্দেশ্যে নিজৰ আঠ মহীয়া কেঁচুৱাটোক বিক্ৰী কৰি এটা দামী আইফোন কিনিলে। ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এই অদ্ভুত ঘটনা৷

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে সাথী নামৰ শিশুটিৰ মাতৃক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পিতৃ জয়দেৱ এতিয়াও পলাতক অৱস্থাত আছে।

খবৰ অনুসৰি, দম্পতীহালৰ ওচৰ-চুবুৰীয়াই এই বিষয়ে আৰক্ষীক অৱগত কৰে। শিশুটিৰ অনুপস্থিতি আৰু দম্পতীহালৰ আচৰণ হঠাৎ পৰিৱৰ্তন হোৱাটো লক্ষ্য কৰি চুবুৰীয়াই ক্ষুব্ধ হৈ পৰে।

তেওঁলোকৰ মতে, কিছুদিন পূৰ্বে দম্পতীহালে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আছিল আৰু হঠাতে, তেওঁলোকৰ হাতত এটা আইফোন আছিল আৰু তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি ৰিল শ্বুটিং কৰিছিল।

কেঁচুৱাটোৰ অৱস্থানৰ বিষয়ে ওচৰ-চুবুৰীয়াৰ সৈতে মুখামুখি হোৱাৰ সময়ত দম্পতীহালে শিশুটিক আইফোনৰ বাবে বিক্ৰী কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে খাৰদাহ অঞ্চলৰ এগৰাকী ভদ্ৰমহিলাৰ পৰা উদ্ধাৰ কৰে কেঁচুৱাটোক। আপাত দৃষ্টিত দম্পতীহালে নিজৰ কেঁচুৱাটো এই ভদ্ৰমহিলাগৰাকীক বিক্ৰী কৰি ফোনটো কিনিবলৈ ধন দিছিল যাতে ৰিল বনাব পাৰে।

প্ৰশ্ন কৰা ভদ্ৰমহিলাগৰাকীক প্ৰিয়ংকা ঘোষ বুলি চিনাক্ত কৰা হৈছে৷

ইফালে এই কথাও চৰ্চালৈ আহিছে যে দম্পতীহালৰ এগৰাকী সাত বছৰীয়া কন্যাও আছে আৰু লগতে ড্ৰাগছ সেৱনত লিপ্ত হয় বুলি চুবুৰীয়াই উল্লেখ কৰে।

স্থানীয় এজন কাউন্সিলাৰৰ বিবৃতিত এই কথাও উল্লেখ কৰা হৈছে যে দম্পতীহালে নিজৰ ছোৱালীকো বিক্ৰী কৰিবলৈ ওলাইছে। স্থানীয় কাউন্সিলাৰ তাৰক গুহাই কয়, ‘ল’ৰাটোক বিক্ৰী কৰাৰ পিছত শনিবাৰে মাজনিশা জয়দেৱেও ছোৱালীজনীক বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। আমি বুজি পোৱাৰ লগে লগে আৰক্ষীক খবৰ দিলোঁ।”

এজন আৰক্ষী বিষয়াৰ বিবৃতি অনুসৰি ল’ৰাটো দৰিদ্ৰতাৰ বাবে বিক্ৰী হৈছে নে তেওঁলোকৰ অদ্ভুত সিদ্ধান্তৰ আঁৰত আন কোনো কাৰণ আছে সেয়া স্পষ্ট হোৱা নাই।

মৈৰাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক

মৰিগাঁও জিলাৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীয়ে যৌথভাবে চলোৱা এক অভিযানত দুটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ ইমদাদুল হক আৰু
মৰিগাঁৱৰ মিকিৰভেটাৰ বালিজান গাঁৱৰ কাদিৰ গুণী।

সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে দহটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, AS02 AE 2493 আৰু AS02AE 2493 নম্বৰৰ দুখন বাইক জব্দ কৰাৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ আনুমানিক মূল্য ৩০ লাখ টকা হ’ব বুলি সূত্ৰত প্ৰকাশ পাইছে।

বৰপথাৰ আৰক্ষীৰ যান-বাহন আইন সম্পৰ্কে সজাগতামূলক ৰেলী

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বৰপথাৰত যান-বাহন আইন সম্পৰ্কে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপথাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই সজাগতামূলক কাৰ্যসূচীৰ যোগেদি যান-বাহন আইন সম্পৰ্কীয় নীতি নিয়ম মানি চলা, পথ সুৰক্ষা, হেলমেট পৰিধান, চিট বেল্ট লগোৱা, মদ্যপান কৰি গাড়ী নচলোৱা, মবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন বিষয়ৰ ওপৰত জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰয়াস কৰা হয়।

এই কাৰ্যসূচী অনুসৰি বৰপথাৰ আৰক্ষী থানাৰ পৰা নগৰখনৰ হাইস্কুল তিনিআলি, গেলাবিল তিনিআলি আৰু কালীবাৰীলৈকে এক ৰেলী বাহিৰ কৰা হয়।

এই কাৰ্যসূচীত গোলাঘাট জিলা পৰিবহন বিষয়া ক্ষীৰোদ নেওঁগ, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ লগতে বৰপথাৰ থানাৰ আৰক্ষীসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই সজাগতামূলক ৰেলীৰ সময়ত হেলমেট পৰিধান কৰি বাহন চলোৱা লোকসকলক একোটাকৈ চকলেট প্ৰদান কৰি উৎসাহিত কৰা দেখা যায়।

কায্যসূচীত অংশগ্ৰহণ কৰি জিলা পৰিবহণ বিষয়া গৰাকীয়ে কয়, “আমাৰ জীৱনটো বৰ অনুপম আৰু মিঠা। এই অনুপম জীৱনটোক সুন্দৰকৈ উপভোগ কৰিবলৈ অকণমান ভুলৰ কাৰণে যাতে শেষ কৰি নেপেলাও তাৰ বাবে আমি সজাগ আৰু সচেতন হ’ব লাগিব”।

ধুবুৰীৰ মিচন ৰোডত বিদ্যুতৰ তাঁৰ ছিঙি এজনৰ মৃত্যু, মৃতদেহ লৈ বিভাগীয় কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

ধুবুৰীত অঘটন! বিদ্যুতৰ তাঁৰ ছিঙি এজনৰ মৃত্যু। মৃত্যু হোৱা লোক জনৰ নাম নৱজিৎ সিং চৌধুৰী। ঘটনাটো সংঘটিত হয় ধুবুৰীৰ ১৬ নং ওৱাৰ্ড মিচন ৰোডত৷ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাক কেন্দ্ৰ তীব্ৰ উত্তেজনা।

দীৰ্ঘদিন ধৰি মিচন ৰোডৰ এটা ট্ৰান্সফৰ্মাৰ বিসংগতি পূৰ্ন হৈ আছিল। বৃহস্পতিবাৰে ট্ৰান্সফৰ্মাৰটোত বৈদ্যুতিক বিচ্যুতি ঘটি প্ৰচণ্ড শব্দ হৈ অগ্নি নিৰ্গত হয়।

ঘটনাটো প্ৰত্যক্ষ কৰাৰ বাবে মিচন ৰোডৰ বাসিন্দা তথা গোলকগঞ্জ বিদ্যুৎ বিভাগৰ কৰ্মী নৱজিৎ সিং চৌধুৰী ঘৰৰ পৰা বাহিৰত ওলায়। তেনে সময়তে ঘৰৰ ওচৰতে থকা ট্ৰন্সফৰ্মাৰৰ পৰা বিদ্যুতৰ তাঁৰ চিঙি লোকজনৰ গাৰ ওপৰত পৰে।

ফলত লোক জন বিদ্যুতস্পৃষ্ট হৈ গুৰুত্বৰ আহত হয়। ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ধুবুৰী বিদ্যুৎ বিভাগক খবৰ দিয়াত বিদ্যুৎ সংযোগ কাটি দিয়াত লোক জনক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু চিকিৎসাধীন অৱস্থাতে লোক জনৰ মৃত্যু হয়। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

ধুবুৰী বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত মৃতদেহ লৈ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ক্ষতিপূৰণ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। অৱশেষত আৰক্ষীৰ লোক আৰু বিদ্যুত বিভাগৰ এছ,ডি,ও আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

গোলাঘাট কাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানক ফাঁচীৰ দাবীত ঢেকীয়াজুলিত বহুকেইটা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী…

গোলাঘাটৰ নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানক ফাঁচীৰ দাবীত আজি ঢেকীয়াজুলিত কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে নাজিবুৰ ৰহমান নামৰ মুছলমান সম্প্ৰদায়ৰ যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই হিন্দু হিচাপে পৰিচয় দি গোলাঘাটৰ এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই পলুৱাই নিছিল৷পাছলৈ এই প্ৰতাৰণাই প্ৰেমত ফাট মেলাত নাজিবুৰ ৰহমানে যুৱতী গৰাকীৰ লগতে যুৱতীৰ পৰিয়ালৰ অইন দুজন সদস্যক হত্যা কৰে৷

সেহেয়ে হত্যাকাৰী নাজিবুৰ ৰহমানক ফাঁচী দিয়াৰ দাবীত আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন,বজৰং দল,নিখিল বড়ো ছাত্ৰ সন্থা,চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাষ্ট্ৰীয় বজৰং দলৰ যৌথ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷


ৰহাৰ সৰবৰহী মহিলা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কল্পনা বৰদলৈৰ বিয়োগ

নগাঁও জিলাৰ ৰহা নগৰৰ দেৱাগুৰিৰ নিবাসী অৱসৰ প্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, সুলেখিকা, সাহিত্যিক কল্পনা বৰদলৈৰ বুধবাৰে গুৱাহাটী এপল’ হস্পিটালত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ।

জানিব পৰা মতে, কিছুদিনৰ আগতে শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী এপল’ হস্পিতালত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ শাৰিৰীক অৱস্থা অৱনতি ঘটাত আই,চি,ইউলৈ স্থানান্তৰ কৰিছিল চিকিৎসকে।

কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টাক নসাৎ কৰি বুধবাৰে সন্ধিয়া ৭.৫০ বজাত ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। উল্লেখ্য যে, সদা হাস্যময়ী, সৰবৰহী, সমাজকৰ্মী কল্পনা বৰদলৈ আছিল এগৰাকী সমাজপ্ৰিয় মহিলা। ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সম্পাদিকা হিচাপে কেইবাটাও বছৰ দায়িত্ব পালন কৰা লগতে ৰহাৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত অতি ওত:প্ৰোতভাৱে জড়িত হৈ আছিল বৰদলৈ।

কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা কল্পনা বৰদলৈয়ে লিখি প্ৰকাশ কৰিছে গল্প সংকলন “মন ফুলনিৰ উৰণীয়া সুৱাস” আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে “কুইজ সমাহাৰ। তদুপৰি বিভিন্ন কাকত, আলোচনী আদিত সময় সাপেক্ষ লিখনিয়ে সাহিত্যৰ ভঁৰাললৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা বৰদলৈয়ে ২০১৪ চনত নগাঁও জিলা সাহিত্য সভাৰ প্ৰেৰণা বঁটা আৰু ২০১৬ চনত “এনাজৰী” বঁটা লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিজ্ঞান কুইজ আৰু দুখন উপন্যাস প্ৰকাশৰ পৰিকল্পনা কৰিছিল যদিও নিষ্ঠুৰ সময়ে সুবিধা প্ৰদান নকৰিলে বৰদলৈক।

বৰদলৈৰ মৃত্যুত ৰহা সূৰ্যৱতী শাখা সাহিত্য সভা, নগাঁও জিলা সাহিত্য সভা, ৰহা লেখিকা সমাৰোহ, ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা জেষ্ঠ নাগৰিক সমিতি, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদকে আদি কৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।

গোৰেশ্বৰ-খৈৰাবাৰী ৰাজপথত বৃহৎ ফাট। যিকোনো মূহুৰ্তত যাতায়ত বন্ধ হৈ পৰাৰ আশংকা…

এফালৰ পৰা বৃহৎ ফাট মেলিলে গোৰেশ্বৰ-খৈৰাবাৰী ৰাজপথত। পথ নে যমদূত ধৰিবয়ে নোৱাৰি যিকোনো মূহুৰ্তত যাতায়ত বন্ধ হৈ পৰাৰ আশংকা। বৰ্তমান শাসনাধিষ্ট দলৰ মূৰব্বী প্ৰমোদ বড়োৰ বিটিআৰৰ ওদালগুৰি আৰু বাক্সা জিলা সংযোগী গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ-খৈৰাবাৰী অন্যতম পথটোৰে বিপদসংকূল ভাৱে যাতায়ত অব্যাহত ৰাখিছে সৰ্বসাধাৰণ ৰাইজে। যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষৰ ভিতৰতে অসমক উন্নয়নৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিবলৈ সপোন দেখিছে, কিন্তু তেনে সময়ত এতিয়া বিশেষকৈ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ওদালগুৰি আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ৰাস্তা-পথ দুৰৱস্থাই যমৰ যান্ত্ৰণা ভূগাই আহিছে। গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী অন্যতম ব্যস্ত পথটোৰে এতিয়া যাতায়ত কৰিবলৈ হ’লে হাজাৰ বাৰ ভাবিব লাগিব পথচাৰীয়ে। ওদালগুৰি ,বাক্সা আৰু দৰং তিনিখনকৈ জিলা সংযোগী পথটোৰ কেইবাটাও স্থানত বৃহৎ-বৃহৎ ফাটৰ সৃষ্টি হৈছে। যাতায়ত পথটো কেবাস্থানতো ফাঁট মেলি বহি যোৱাত সেয়েহে এতিয়া যাতায়তৰ বাধিত হোৱাৰ শংকা ঘণীভূত হৈ পৰিছে। কাষৰে বৈ যোৱ এটা জানৰ পাৰে পাৰে মাটি বহি গৈ গড়কপ্তানি বিভাগৰ এটি ব্যস্ত পথটোলৈ এতিয়া ভাবু্কি কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে গড়কপ্তানি বিভাগে মাথো কেইটামান বস্তা দি বিপদ সংকেত দিয়েই তেওঁলোকৰ দায়িত্ব সামৰি হাত সাৱটি বহি আছে। ইফালে কিন্তু প্ৰতিদিনে বিলাসী বাহনত চাইৰেণ্ট বজায় ৰজাঘৰীয়াৰ বৰমুৰীয়া নেতা পালিনেতাকে ধৰি গড়কাপ্তনি বিভাগৰ বিষয়ববীয়া সকলে নিতৌ অহা যোৱা কৰে। তথাপিও কিন্তু মাহৰ পিছত মাহ গ’ল পিছে চকুত নপৰিল এই জহি-খহি যাবলৈ ধৰা পথছোৱা মেৰামতি কৰি সৰ্বসাধাৰণ ৰাইজক যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ। উল্লেখ্য এই পথটোৰে গোৰেশ্বৰৰ পৰা দৰং আৰু ওদালগুৰি জিলালৈ অহা -যোৱাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ। কিন্তুু এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গড়কপ্তানি বিভাগটোৱে বৰ্তমানলৈকে মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠন‌ স্থানীয় অঞ্চলবাসী ৰাইজ । সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে শীঘ্ৰই পথছোৱা মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিটিআৰ চৰকাৰক দাবী জনাইছে।

মিজোৰামৰ মুখ্যমন্ত্ৰীক আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক নিজৰ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ কয়।

ৰাজ্যখনত চলি থকা জাতিগত হিংসাৰ সময়ত মিজোৰাম ৰাজ্যত ৰাজ্যখনৰ কুকি-জো জনজাতি জনগোষ্ঠীৰ সৈতে সংহতিৰ ব্যাপক সমাৱেশ হোৱাৰ এদিন পিছতে তেওঁৰ এই মন্তব্য। কৰ্তৃপক্ষই শান্তি ঘূৰাই অনাটো নিশ্চিত নকৰিলে শীঘ্ৰে দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সময়সীমা তিনিমাহৰ সীমাত উপনীত হ’ব।

কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে মণিপুৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে যে তেওঁলোকে পাহাৰত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ৰাজ্যখনৰ উপত্যকা অঞ্চলত মেইটেইসকলক সমৰ্থন কৰা জনজাতীয় সম্প্ৰদায়সমূহৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আহিছে।

খবৰ অনুসৰি চুবুৰীয়া ৰাজ্য মিজোৰামত ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ মাজত সংঘাতৰ আৰম্ভণিৰ পৰাই মণিপুৰৰ পৰা পলায়ন কৰা প্ৰায় ১৩০০০ৰো অধিক লোকক আশ্ৰয় দিছে। মণিপুৰৰ কুকি-জো জনগোষ্ঠীৰ লগতে মণিপুৰৰ চিন জনগোষ্ঠীৰ সৈতে মিজো জনগোষ্ঠীৰ দৃঢ় জাতিগত সম্পৰ্ক আছে। ম্যানমাৰ সেনাকে ধৰি কেইবাটাও দলৰ সৈতে হোৱা যুঁজৰ পাছতো চিন সম্প্ৰদায়ৰ বিপুল সংখ্যক লোকে মিজোৰামত আশ্ৰয় লৈছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উল্লেখ কৰে যে তেওঁৰ চৰকাৰে তেওঁৰ ৰাজ্যজুৰি চলি থকা সকলো পৰিঘটনা অনুসৰণ কৰি আহিছে আৰু যিসকলে তেওঁৰ ভাষাত “মণিপুৰৰ অখণ্ডতা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে” তেওঁলোকক কঠোৰ সতৰ্কবাণী দিয়ে।

তেওঁ লগতে কয় যে এতিয়া এই যুঁজখন ৰাজ্য চৰকাৰ আৰু মণিপুৰৰ জনসাধাৰণৰ শান্তিপূৰ্ণ সহাৱস্থানক বিঘ্নিত কৰিব বিচৰাসকলৰ মাজত। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আইজলৰ প্ৰতিবাদী সমাৱেশত অংশ লোৱা আৰু কুকি-জো জনগোষ্ঠীক সমৰ্থন কৰা সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। এন বীৰেণ সিঙে কয় যে মিজোৰামৰ মুখ্যমন্ত্ৰীক আন এখন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ অনুৰোধ জনাইছো।

বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক…

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বীৰ শ্বহীদ সুনিল কলিতাই। বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক (ৰাষ্ট্ৰপতি পুলিচ মেডেল)। আজি দিল্লীৰ বসন্তকুঞ্জৰ শৌৰ্য ভৱনত CRPF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ‘বীৰতা পদক বিজেতা সমাৰোহ’ত এই বঁটা প্ৰদান কৰা হয় বীৰ শ্বহীদগৰাকীক। শ্বহীদগৰাকীৰ হৈ বঁটা গ্ৰহণ কৰে পত্নী তথা বীৰ নাৰী পদুমী ডেকাই। পৰাক্ৰম, সাহসিকতা আৰু পাৰদৰ্শিতাৰ বাবে সুনিল কলিতালৈ এই সন্মান। আজিৰ এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত intelligence bureau তথা অসম সন্তান তপন কুমাৰ ডেকা, CRPF ৰ DG ড° সুজয় লাল থাওচে। সেনা বাহিনীত থাকি অদম্য সাহস, পৰাক্ৰম আৰু মাওবাদীৰ সৈতে সমুস সমৰৰ পৰা যুদ্ধত জয়ী হৈ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়াৰ বাবে সুনিল কলিতাই ইতিমধ্যে পৰাক্ৰম সন্মান,পুলিচ পদক সন্মান লাভ কৰিছে।

উল্লেখ্য যে ২০১৯ চনৰ ২৮ মে’ ত ঝাৰখণ্ডৰ চৰাইকিল্লাৰ অতব্য জংঘলত এক অভিযানত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিজৰ পাৰদৰ্শিতা দেখুৱাই সমুখ সমৰৰ পৰা মাওবাদীৰ সৈতে যুদ্ধ কৰি মাওবাদিক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও মাওবাদীৰ IED বিষ্ফোৰণত আহত হৈছিল সুনীল কলিতাসহ CRPF ৰ অভিযানকাৰী দলটো। কিন্তু গুৰুতৰভাবে আহত হৈয়ো সুনিল কলিতাই নিজৰ সহযোগিসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ গৈছিল। অৱশেষত আহত অৱস্থাত চিকিৎসালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় বীৰগৰাকীৰ।

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী। বৰঘোলা-কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি…

আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বঙাইগাঁৱত উপস্থিত হৈ আই নৈৰ ওপৰত বৰঘোলা – কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখনে বঙাইগাঁও আৰু বৰপেটা জিলাৰ মাজত যাতায়াত ব্যৱস্থা সুগম কৰিব। উল্লেখ্য যে ২০১১ চনৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা কৰা দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ২০১৩ চনত।

আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক আব্দুল বাতেন অন্ধকাৰ, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে।ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁ সৃজনগ্ৰামলৈ অহাত দলংখনলৈ পুনৰ ২৯ কোটি টকা আবণ্টণ দিয়াত দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় ৷ আজি সেই দলংখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ পিছত দলং খনেৰে হাজাৰ হাজাৰ যাত্ৰীৰ আগমন ঘটাত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দলং মুকলিৰ পিছতে অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰি বঙাইগাঁও লৈ যায় মুখ্যমন্ত্ৰী গৰাকী।