বিষয়াসকলৰ মতে, সকলো জোৱান নিৰাপদ আৰু এই কাণ্ডত কোনো লোক আহত হোৱা নাই। এই সন্দৰ্ভত স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই কয় যে মেৰামতি চলি থকা কিউ ৪০০ বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ সতৰ্কবাণী পৰ্যবেক্ষণ কৰা হয় আৰু অগ্নিনিৰ্বাপক যন্ত্ৰটো ডিচাৰ্জ কৰা হয়।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে অগ্নিনিৰ্বাপক বাহিনীক মাতি অনা হয়, আনহাতে সকলো বিমান আৰু ৰক্ষণাবেক্ষণ কৰ্মী নিৰাপদ বুলিও মুখপাত্ৰগৰাকীয়ে লগতে কয়।
ইফালে, বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, নিশা প্ৰায় ৮ বজাত প্ৰথমে মাটিত থকা বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ খবৰ পোৱা গৈছিল আৰু পিছত জুই সফলভাৱে নিৰ্বাপিত কৰা হৈছিল।
স্বাস্থ্যৰ পক্ষে এক অন্যতম স্বাস্থ্যকৰ খাদ্য হৈছে আখৰোট। এক গবেষণাত প্রকাশিত তথ্য অনুসৰি যিসকল লোকে সপ্তাহত তিনিবাৰ বা তাতকৈ অধিকবাৰ বাদাম, বিশেষকৈ আখৰোট খায়, তেওঁ জীৱন দুই-তিনি বছৰ অধিক উপভোগ কৰে। তদুপৰি বাদামজাতীয় খাদ্যই কর্কট ৰোগ আৰু হৃদৰোগ প্রতিৰোধতো সহায় কৰে। অন্য এক গৱেষণাত প্রাপ্ত তথ্য অনুসৰি আয়ুস বৃদ্ধি কৰাত চীনা বাদামেও (পিনাট) সহায় কৰে।
ডালিম: ডালিমৰ অম্লযুক্ত ৰঙা বীজে মানুহক অমৰত্ব প্ৰদান কৰিব নোৱাৰিলেও দীর্ঘজীৱন প্রদান কৰিব পাৰে। বিজ্ঞানীসকলে গৱেষণাত এই তথ্য লাভ কৰিছে যে, ডালিমত ইউৰোলিথিন এ নামৰ এক যৌগ থাকে, যি বাৰ্ধক্যৰ বিৰুদ্ধে পেশীকোষক সবল কৰি তোলে। সেয়েহে নিয়মিতভাৱে ডালিম খালে আমি সকলোৱে দীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব পাৰো।