Home Blog Page 1444

ডিব্ৰুগড়ত ভাৰতীয় সেনা অসমৰ বীৰ নাৰী আৰু OUT REACH অনুষ্ঠান

ভাৰতীয় সেনাবাহিনীয়ে বীৰ নাৰী, প্ৰাক্তন সেনাবাহিনীৰ বিধৱা আৰু সমগ্ৰ প্ৰাক্তন সেনাবাহিনীৰ ভ্ৰাতৃত্ববোধৰ কাষত থিয় দিয়াৰ সংকল্পৰ অংশ হিচাপে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছৰ যোদ্ধাসকলে মঙলবাৰে ডিব্ৰুগড়ত “বীৰ নাৰী আৰু শাৰীৰিক হতাহতৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে” এক আউটৰিচ অনুষ্ঠানৰ আয়োজন কৰে।

ভাৰতীয় সেনাবাহিনীয়ে সংশ্লিষ্ট সামৰিক প্ৰতিষ্ঠান আৰু অসামৰিক প্ৰশাসনৰ সৈতে ঘনিষ্ঠ যোগাযোগত নিৰ্ভৰশীলসকলৰ অভিযোগ নিষ্পত্তি কৰাৰ লক্ষ্যৰে বীৰ নাৰী আৰু শাৰীৰিক ক্ষতিৰ ওপৰত নিৰ্ভৰশীল লোকসকলক সুবিধা প্ৰদানৰ বাবে সকলো অভিযোগ নিৰাময় মঞ্চৰ পৰা সহায়, সাহায্য আৰু সেৱাৰ আয়োজন কৰা পৰিলক্ষিত হয়।

এই আউটৰিচ কাৰ্যসূচীয়ে ভেটেৰান্স আৰু তেওঁলোকৰ পৰিয়ালসমূহক পেঞ্চনৰ বিজুতি, ইচিএইচএছ আৰু কেণ্টিন কাৰ্ড উন্নীতকৰণ, আধাৰ উন্নীতকৰণ আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ পৰা সুবিধাসমূহৰ দৰে আগতীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সামৰিক আৰু অসামৰিক সংস্থা দুয়োটাৰে সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ সুযোগ প্ৰদান কৰে।

এই আউটৰিচ কাৰ্যসূচীৰ জৰিয়তে প্ৰবীণ আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হিচাপে প্ৰমাণিত হয়।

উক্ত অনুষ্ঠানত পঞ্চম মাদ্ৰাজ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ ৰবি প্ৰতাপ সিংহৰ উপস্থিতিত ৪ গৰাকী মহিলাক বীৰ নাৰী আৰু ১১ গৰাকী শাৰীৰিক হতাহতিৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিক বিশেষ সন্মান জনোৱা হয়।

ঢেকীয়াজুলিৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি

ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ মঙলবাৰে সফল সামৰণি পৰে৷

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ঢেকীয়াজুলি বিধানসভা সমষ্টি ভিত্তিত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যায়ত অনুষ্ঠিত হৈছিল ১০ দিনীয়া গ্রীষ্মকালীন কৰ্মশালাৰ৷

এক উৎসৱমুখৰ পৰিবেশৰ মাজেৰে সফল সামৰণি পৰিল ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্রীষ্মকালীন কৰ্মশালাৰ৷

অনুষ্ঠানটোৰ সফল সামৰণি পৰাত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়ৰ সভাগৃহত এখনি সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

মাজুলীত মৰ্মান্তিক ঘটনা: চানং ঘাটত গৰ্ভৱতী মহিলাৰ চিৎকাৰ, টুলুঙা নাৱৰ ওপৰতে প্ৰসৱ কৰিলে সন্তান, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথত শিশুটিৰ মৃত্যু

এগৰাকী মাতৃৰ বুকু উদং কৰি ঘাটৰ পৰাই ঘৰলৈ ওভতাই নিব লগা হ’ল এগৰাকী প্ৰসূতি মাতৃক। মাজুলীৰ চানং ঘাটত এটা সপ্তাহৰ পূৰ্বে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটো সোমবাৰে লোকচক্ষুৰ মাজলৈ অহাত কৰুণ ঘটনাটোৱে সমগ্ৰ মাজুলীতে বাট-পথৰ দুৰৱস্থা আৰু স্বাস্থ্যখণ্ডৰ দুখ লগা ছবিখন উদঙাই দেখুৱালে।

চানং গাঁৱৰ পৰা কৃষ্ণ দলেৰ পত্নী বন্তি দলে নামৰ প্ৰসূতি গৰাকীক প্ৰথমে ট্ৰেক্টৰত গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হৈছিল আৰু আধা বাট আহি প্ৰসূতি গৰাকীক এখন টুলুঙা নাৱেৰে ভৰ বাৰিষা চুলিৰ আগত জীউ বান্ধি খেৰকটীয়া নদীৰ চানং ঘাটৰে পাৰ কৰোৱা অৱস্থাতে মহিলা গৰাকীয়ে নাৱতেই সন্তান প্ৰসৱ কৰিব লগা হোৱাত ঘাটত আন কেইবা গৰাকীও মহিলাই চাদৰৰ আচলেৰে ঢাকি সন্তানটিৰ প্ৰসৱ কৰোৱাইছিল যদিও সদ্যোজাত শিশুটিক সেই স্থানৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ পথত চিকিৎসালয় নৌপাওঁতেই অতি কৰুণভাৱে দেৱ শিশুটিৱে মৃত্যুক সাৱটিব লগা হোৱাত দুৰ্ভগীয়া পিতৃ-মাতৃ ভাগি পৰে।

স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ পাছতো অসূচল যাতায়ত ব্যৱস্থাৰ বাবে চিকিৎসালয়লৈ আনোতে নাৱৰ ওপৰতে সন্তান জন্ম দিব লগা হোৱা কৰুণ ঘটনা আৰু চিকিৎসাৰ অভাৱত শিশুৰ মৃত্য হোৱাৰ খবৰে আধুনিক সভ্য সমাজক লজ্জিত কৰিছে।এই নিকৰুণ ঘটনাৰ সাক্ষী দুৰ্ভগীয়া দম্পতীহালে নিজৰ দুখ সাৱটি আমাৰ খবৰৰ এই প্ৰতিবেদনৰ যোগেদি ৰাইজৰ যাতায়ত যোগাযোগ সূচল কৰিবলৈ এখন পকী দলং বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে।

উল্লেখযোগ্য যে,যোৱা বছৰো মাজুলীৰ চানং গাঁৱৰ পৰা এগৰাকী অসুস্থ মহিলাক যাতায়তৰ দুৰৱস্থাৰ বাবে টেক্টৰেৰে চিকিৎসালয়লৈ অনাৰ পথত কৰুণভাৱে মহিলা গৰাকীয়ে মৃত্যুক সাৱটি লৈছিল।বিগত এটা বছৰৰ পূৰ্বে লখিমপুৰ জিলাৰ অন্তৰ্গত লুহিত খাবলু গাওঁ পঞ্চায়ত মাজুলী জিলাৰ সৈতে সংলগ্ন হোৱাৰ পাছত অঞ্চলটোৰ বাট-পথৰ বিশেষ উন্নয়ন চকুত পৰাকৈ দেখা নাই আনহাতে,পূৰ্বেও পাণ্ডৱ বৰ্জিত অঞ্চলটোৰ উন্নয়নৰ বাবে লখিমপুৰ জিলাৰ বিধায়ক মানৱ ডেকাকে ধৰি আন কোনো এগৰাকী বিধায়কেই সদ্দিচ্ছা প্ৰকাশ নকৰাত অঞ্চলটোৰ আজিকোপতি ৰাইজৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।

অনুন্নত যাতায়ত ব্যৱস্থাৰ বাবে সন্তানক হেৰুৱাব লগা দুৰ্ভগীয়া পিতৃ-মাতৃয়ে বিচাৰিছে অনাগত দিনত যাতে পথৰ দুৰৱস্থাৰ বাবে নিজৰ সন্তানক কোনো পিতৃ-মাতৃয়ে হেৰুৱাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো খেৰকটীয়া নদীত সকলো ৰাইজৰ সুবিধা হোৱাকৈ এখন পকী দলং চৰকাৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰক।

লামডিঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যা মায়া চক্রৱৰ্তীৰ বাসগৃহত ডকাইতি কাণ্ড…

লামডিঙত আকৌ ডকাইতৰ সন্ত্ৰাস । লামডিঙত দিনক দিনে বৃদ্ধি পাইছে চোৰ, ডকাইতৰ উপদ্ৰৱ। কিছুদিন পূৰ্বে লামডিঙ আৰক্ষী থানাৰ সম্মুখত থকা এখন মোবাইল দোকানত চোৰে চলাইছিল সন্ত্ৰাস। চোৰে নগদ ধনসহ মোবাইল লৈ গৈছিল। লামডিঙত অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত এই ডকাইতি কাণ্ড। এইবাৰ চোৰৰ শেন চকু অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত। লামডিঙত দিনক দিনে বৃদ্ধি পোৱা চোৰ, ডকাইতৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ।

সোমবাৰে নিশাৰ ভাগত লামডিঙ লংকা ৰোডৰ ষ্টেট বেংকৰ সন্মুখত থকা অসম বিধানসভাৰ প্ৰাক্তন অধক্ষ্য প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত তিনি- চাৰি জনীয়া এটা ডকাইতৰ দলে হাতত চুকা অস্ত্ৰ লৈ প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ বাসগৃহত সোমাই তেওঁৰ পত্নী তথা জেষ্ঠ কংগ্ৰেছী নেত্ৰী মায়া চক্রৱৰ্তীক মুখত সোপা দি ডিঙিত পৰিধান কৰা সোনৰ চেইন আৰু হাতত পৰিধান কৰা সোনৰ খাৰুৰ লগতে নগদ ধন আৰু লক্ষাধিক টকাৰ সোনৰ আ-অলংকাৰৰ লগতে প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ পত্নী মায়া চক্রৱৰ্তীৰ লাইচেঞ্চ কৰা পিষ্টল লৈ যা্য় ডকাইতৰ দলটোৱে।লামডিঙ আৰক্ষী খবৰ পাই তাৎখনিত ভাৱে কংগ্ৰেছৰ নেত্ৰী মায়া চক্রৱৰ্তীৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটোনাৰ বুজ লয় আৰু তদন্ত অব্যাহত ৰাখিছে।

পৃথিৱীৰ কক্ষপথৰ পঞ্চম আৰু শেষ পৰ্যায় অতিক্ৰম চন্দ্ৰযান-৩ৰ

চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ কক্ষপথৰ পঞ্চম আৰু শেষ পৰ্যায় অতিক্ৰম কৰিলে। ২.৪৫ বজাৰ ভিতৰত ইছৰোৱে এই সফলতাৰ বিষয়ে টুইট কৰে।

চন্দ্ৰযান-৩ৰ গতিবিধি নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছে বেংগালুৰুস্থিত ইছৰোৰ মুখ্য কাৰ্যালয়ৰ পৰা। মঙলবাৰৰ কক্ষপথ পৰিৱৰ্তনৰ অন্তিম পৰ্যায়তো তাৰ পৰাই সম্পন্ন কৰা হৈছিল। ফলত চন্দ্ৰযান-৩ পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা ওলাই গৈছে। ইয়াৰ পিছত মহাকাশযানখনে চন্দ্ৰৰ ‘ৰাজ্য’ত প্ৰৱেশ কৰিব।

চন্দ্ৰযান-৩ পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰাৰ পিছত ১২৭৬০৯ কিলোমিটাৰ X ২৩৬ কিলোমিটাৰ কক্ষপথত উপনীত হ’ব বুলি ইছৰোৱে জানিবলৈ দিয়ে। মহাকাশযানখনত অধিক গতিৰ সংবহন থাকিব।

১ আগষ্টত সম্পূৰ্ণ হ’ব চন্দ্ৰ কক্ষপথত প্ৰৱেশৰ প্ৰক্ৰিয়া। সেইদিনা দিনৰ ১২ বজাৰ পৰা ১:০০ বজাৰ ভিতৰত ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ গৈ আছে।

পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বলত মহাকাশত চন্দ্ৰযান-৩ৰ গতি ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ ইছৰ’ই মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল। সকলো পদক্ষেপ সফলতাৰে সম্পূৰ্ণ হ’ল। ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩য়ে ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত কক্ষপথ সলনি কৰিছিল। এইদৰে ই ক্ৰমান্বয়ে কক্ষপথৰ কাষেৰে পৃথিৱীৰ পৰা দূৰত্ব বৃদ্ধি কৰি আছে। চন্দ্ৰযান-৩ৰ মহাকাশ যাত্ৰা এতিয়ালৈকে অঘটনহীন। সকলো ঠিকে থাকিলে ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হ’ব।

ইছৰোৰ এই অভিযান সফল হ’লে ভাৰতে ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু চীনৰ পাছত চন্দ্ৰ অভিযানত সফলতাৰ তালিকাৰ পৰা নিজৰ নাম আঁতৰাই পেলাব। চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হ’ব ভাৰত।

যোৱা ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে ৰভাৰ প্ৰজ্ঞান অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব।

মাইক্ৰৱেভত গৰম নকৰিব এই সমূহ খাদ্য…

সাৱধান! কিছুমান খাদ্য সামগ্ৰী মাইক্ৰৱেভত পুনৰ গৰম কৰিলে খাদ্যৰ সোৱাদ আৰু পুষ্টিকৰ মূল্য নষ্ট হ’ব পাৰে।কিছুমান মানুহে মাইক্ৰৱেভত সকলো বস্তু গৰম কৰে, সেয়া জাংক ফুডে হওক বা শাক-পাচলিয়ে হওক। আজি আমি আপোনালোকক জনাম মাইক্ৰৱেভত কি খাদ্য পুনৰ গৰম কৰিব নালাগে আৰু কিয় কৰিব নালাগে এই সকলো কথা…

ফ্ৰেঞ্চ ফ্ৰাই আৰু ভজা খাদ্য-
যদি আপুনি ভজা খাদ্য বা ফ্ৰেঞ্চ ফ্ৰাই মাইক্ৰৱেভত পুনৰ গৰম কৰে, তেন্তে আজিৰ পৰা আৰু নকৰিব। কাৰণ ফ্ৰেঞ্চ ফ্ৰাই মাইক্ৰৱেভত গৰম কৰিলে ইয়াৰ সোৱাদও সলনি হ’ব পাৰে আৰু এনে খাদ্য স্বাস্থ্যৰ বাবেও অপকাৰি।

মাংস-
বেছিভাগ মানুহেই মাংস গৰম কৰি ভাল পায়। বহুতে মাইক্ৰৱেভত মাংস গৰম কৰে, আনহাতে এনে কৰা উচিত নহয়। কাৰণ অভেনত মাংস গৰম কৰিলে ইয়াৰ সোৱাদ নষ্ট হ’ব পাৰে। মাইক্ৰৱেভত গৰম কৰাৰ পৰিৱৰ্তে গ্ৰীলত বা কেৰাহীত ভাজিব পাৰে।

কণীৰ পৰা তৈয়াৰী খাদ্যও মাইক্ৰৱেভত গৰম কৰিব নালাগে। যেতিয়া আপুনি কণীৰ লগত জড়িত যিকোনো বস্তু বনাব, লগে লগে খাব নাখাব। ঠাণ্ডা কৰিহে খাব।

কচু, সেউজীয়া শাক-পাচলিত নাইট্ৰেট থাকে। অভেনত সেউজীয়া পাচলি গৰম কৰিলে তাত থকা নাইট্ৰেট ক্ষতিকাৰক নাইট্ৰাইটত পৰিণত হয়, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

‘আমি মহিলাৰ চকুলো মচিম’- ৰাহুল গান্ধী…

বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰি কয় যে এইসকল লোকসকল আগন্তুক কেইবাবছৰলৈ বিৰোধী দলত থাকিব। এতিয়া বিৰোধী নেতাসকলে এই সন্দৰ্ভত উত্তৰ দি কৈছে যে ‘আমি মহিলাৰ চকুলো মচিম’। বিজেপিৰ সংসদীয় দলৰ এখন বৈঠক আহ্বান কৰা হয়, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁট ভাৰতক পূব ভাৰতৰ সৈতে তুলনা কৰিছিল, এতিয়া এই বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক বিৰোধী নেতাই উত্তৰ দিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পিছত ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰী মোদীক উত্তৰ দিছে।প্ৰধানমন্ত্ৰী মোদীৰ ‘ভাৰত’ মিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয় “আপুনি যি বিচাৰে আমাক ফোন কৰক মোদী ডাঙৰীয়া। আমি মণিপুৰক সুস্থ কৰাত সহায় কৰিম আৰু প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম। আমি ইয়াৰ ব্যক্তিসকলৰ মাজলৈ মৰম আৰু শান্তি ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতৰ ধাৰণা পুনৰ নিৰ্মাণ কৰিম।”

দৰাচলতে বিৰোধী দলৰ হুলস্থুলৰ মাজতে বিজেপিয়ে সংসদীয় দলৰ বৈঠক আহ্বান কৰিছিল। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী মিত্ৰজোঁটক ‘ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স’ (ভাৰত)ক দেশৰ এতিয়ালৈকে আটাইতকৈ ‘দিশহীন’ মিত্ৰজোঁট বুলি অভিহিত কৰি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইণ্ডিয়ান মুজাহিদীনৰ দৰে নাম উল্লেখ কৰি কয় যে কেৱল দেশৰ নাম ব্যৱহাৰ কৰিয়েই মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰি। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ আচৰণৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ আচৰণৰ পৰা স্পষ্ট যে তেওঁ আগন্তুক বহু বছৰ বিৰোধী দলত থকাৰ সিদ্ধান্ত লৈছে।

দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থ অধ্যয়নৰ কৰ্মশালাৰ সফল সামৰণি

নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি গ্ৰন্থ জাগৰণ গঢ়াৰ উদ্দেশ্যে দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ উদ্যোগত তিনিদিনীয়া্ কাৰ্যসূচীৰে “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা” শীৰ্ষক এক ব্যতিক্ৰমি কৰ্মশালা সফলতাৰে মঙলবাৰে সম্পন্ন হয়।

পঞ্চম-সপ্তম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীক সামৰি আজাদ পুস্তকালয়ৰ সম্পাদক ৰাজেন পূজাৰীয়ে আতধৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ যতীন্দ্ৰ নাথ নেওগ আৰু ৰাওনা পাৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ বৰুৱাই।

কৰ্মশালা উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক চক্ৰধৰ বৰুৱাই।

দেৰগাঁও অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও অংশ লয়।

পুস্তকালয়ৰ সহকাৰী সম্পাদক অমৰ বৰুৱা, ,দিপীকা হাজৰীকা্, সত্যজিত হাজৰীকা , উমা শংকৰ চাহু , ৰবীন ফুকন আদি উপস্থিত আছিল।

উক্ত অনুষ্ঠানত দেৰগাঁও টাউন হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজীৱ নাথ, সাংবাদিক বিদ্বান বৰদলৈ, আজাদ পুস্তকালয়ৰ উপসভাপতি দুলু বৰুৱা ,কালী প্ৰসন্ন বৰুৱা , দিব্যজ্যোতি ৰাজখোৱা আদিয়ে বক্তৱ্য আগবঢ়ায়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ…

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ। বিনামুলীয়া স্বাস্থ্য বীমা , জীৱন বীমা আঁচনি, হাউচিং কলনি নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সকলো সাংবাদিকৰ বাবে অতি শীঘ্ৰেই বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা আচনি প্ৰবৰ্তনৰ দাবী জনাই আজি সাংবাদিক – সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েছন ফৰ আসাম চমুকৈ জাফাৰ প্ৰতিনিধি দল এটাই দিছপুৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হোৱাৰ লগতে এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । এক প্ৰেছ বিবৃতি যোগে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এই কথা জানিবলৈ দিয়ে ।

স্মাৰক পত্ৰ যোগে জাফাই অসমৰ সাংবাদিক সকলৰ আন কেতবোৰ সমস্যাও মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰি সমাধানৰ দাবী জনায় । জাফাই স্মাৰক পত্ৰযোগে অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে অসমৰ সকলো সাংবাদিক-সংবাদকৰ্মীৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যবীমা আৰু জীৱন বীমা আঁচনি প্ৰবৰ্তন কৰাৰ দাবী জনায়। আৰম্ভনিতে এই আচনিত অসমৰ সকলো সাংবাদিক – সংবাদকৰ্মীক সাঙুৰি লোৱাত অসুবিধা হলে প্ৰাৰম্ভিক পৰ্যায়ত এই ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃত সাংবাদিকক অগ্ৰাধিকাৰ প্ৰদানৰ পৰামৰ্শ আগবঢ়ায় । তদুপৰি সাংবাদিক পেঞ্চনৰ ধন প্ৰতি মাহে ৮ হেজাৰৰ পৰা ১৫ হেজাৰৰ পৰ্য্যন্ত বৃদ্ধি কৰা ,পেঞ্চন প্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যুৰ পাছত পেঞ্চনৰ ধন সম্পূৰ্ণ ভাৱে পত্নী বা পুত্ৰ -কন্যাক দিয়াৰ ব্যৱস্থা কৰা ,কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ পৰিয়ালক এককালীন ভাবে ২০ লাখ টকাৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা কৰা,গুৱাহাটীত কৰ্মৰত সাংবাদিক সংবাদকৰ্মীৰ বাবে পৃথকে হাউচিং কলনি নিৰ্মাণৰ ব্যৱস্থা কৰা ,গুৱাহাটীলৈ দেশ – বিদেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলৰ থকাৰ সুবিধাৰ্থে গুৱাহাটীত এটি নতুনকৈ সাংবাদিক গেষ্ট হাউচ নিৰ্মাণ কৰা আৰু সাংবাদিক সমাজ উপকৃত হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগে গঠন কৰা উপ সমিতি সমুহ যেনে – প্ৰেছ এক্ৰিডিয়েচন কমিতি , পেঞ্চন কমিতি , মেডিকেল কমিতি আদিত চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত সাংবাদিক সংগঠনৰ এজনকৈ প্ৰতিনিধিক সদস্য হিচাপে মনোনীত কৰাৰ ওপৰিও টোলগেটত সাংবাদিকৰ বাহনক কৰৰ পৰা ৰেহাই দিয়াৰো দাবী জনায় জাফা’ই । বিভাগীয় মন্ত্ৰী গৰাকীয়ে আলোচনা কালত জাফাৰ দাবী সমুহ গুৰুত্ব সহকাৰে লৈ যথাশীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে।


জাফা’ৰ প্ৰতিনিধি দলটোৰ সদস্য সকল আছিল কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী ,কাৰ্য্যকৰী সভাপতি পংকজ ডেকা ,সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায় ,উপ-সভাপতি মনোজ ডেকা ,কামৰূপ মহানগৰ জাফাৰ সম্পাদক মিণ্টু হাজৰিকা ,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু কামৰূপ মহানগৰ জিলা জাফাৰ উপ-সভাপতি ৰিদীপ কলিতা।

দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী এম এছ ধোনিৰ পত্নী সাক্ষী। ‘পুষ্পা ২’ মুক্তিৰ বাবে অপেক্ষা সাক্ষীৰ…

ক্ৰিকেটাৰ ধোনিৰ পত্নী সাক্ষী এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী। সাক্ষী আৰু ধোনীয়ে এতিয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। তেওঁৰ বেনাৰ ধোনি এণ্টাৰটেইনমেণ্টৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইয়াৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী আৰু অভিনেতাগৰাকীৰ সকলো ছবি চাইছে বুলি মন্তব্য কৰে। এম এছ ধোনী আৰু সাক্ষীয়ে প্ৰথম প্ৰডাকচন ভেঞ্চাৰ হিচাপে প্ৰযোজনা কৰিব ৰোমান্টিক ছবি ‘লেটছ গেট মেৰেড ওৰফে এল জি এম’। হায়দৰাবাদত অনুষ্ঠিত এক প্ৰচাৰ অনুষ্ঠানত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী। আল্লু অৰ্জুনৰ এটা ফেন পেজে ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

চতুৰ্থখন বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে আল্লু অৰ্জুন আৰু চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবিক্ৰম। একে সময়তে আল্লুৰ ‘পুষ্পা ২’ও শীঘ্ৰে মুক্তি পাব। সকলোৱে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ‘পুষ্পা ২’ মুক্তিৰ বাবেও অপেক্ষা কৰি আছে সাক্ষী আৰু ধোনীয়ে।