Home Blog Page 1450

দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থ অধ্যয়নৰ কৰ্মশালাৰ সফল সামৰণি

নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি গ্ৰন্থ জাগৰণ গঢ়াৰ উদ্দেশ্যে দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ উদ্যোগত তিনিদিনীয়া্ কাৰ্যসূচীৰে “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা” শীৰ্ষক এক ব্যতিক্ৰমি কৰ্মশালা সফলতাৰে মঙলবাৰে সম্পন্ন হয়।

পঞ্চম-সপ্তম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীক সামৰি আজাদ পুস্তকালয়ৰ সম্পাদক ৰাজেন পূজাৰীয়ে আতধৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ যতীন্দ্ৰ নাথ নেওগ আৰু ৰাওনা পাৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ বৰুৱাই।

কৰ্মশালা উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক চক্ৰধৰ বৰুৱাই।

দেৰগাঁও অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও অংশ লয়।

পুস্তকালয়ৰ সহকাৰী সম্পাদক অমৰ বৰুৱা, ,দিপীকা হাজৰীকা্, সত্যজিত হাজৰীকা , উমা শংকৰ চাহু , ৰবীন ফুকন আদি উপস্থিত আছিল।

উক্ত অনুষ্ঠানত দেৰগাঁও টাউন হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজীৱ নাথ, সাংবাদিক বিদ্বান বৰদলৈ, আজাদ পুস্তকালয়ৰ উপসভাপতি দুলু বৰুৱা ,কালী প্ৰসন্ন বৰুৱা , দিব্যজ্যোতি ৰাজখোৱা আদিয়ে বক্তৱ্য আগবঢ়ায়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ…

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ। বিনামুলীয়া স্বাস্থ্য বীমা , জীৱন বীমা আঁচনি, হাউচিং কলনি নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যৰ সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সকলো সাংবাদিকৰ বাবে অতি শীঘ্ৰেই বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা আচনি প্ৰবৰ্তনৰ দাবী জনাই আজি সাংবাদিক – সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েছন ফৰ আসাম চমুকৈ জাফাৰ প্ৰতিনিধি দল এটাই দিছপুৰত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হোৱাৰ লগতে এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । এক প্ৰেছ বিবৃতি যোগে জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এই কথা জানিবলৈ দিয়ে ।

স্মাৰক পত্ৰ যোগে জাফাই অসমৰ সাংবাদিক সকলৰ আন কেতবোৰ সমস্যাও মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰি সমাধানৰ দাবী জনায় । জাফাই স্মাৰক পত্ৰযোগে অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে অসমৰ সকলো সাংবাদিক-সংবাদকৰ্মীৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্যবীমা আৰু জীৱন বীমা আঁচনি প্ৰবৰ্তন কৰাৰ দাবী জনায়। আৰম্ভনিতে এই আচনিত অসমৰ সকলো সাংবাদিক – সংবাদকৰ্মীক সাঙুৰি লোৱাত অসুবিধা হলে প্ৰাৰম্ভিক পৰ্যায়ত এই ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃত সাংবাদিকক অগ্ৰাধিকাৰ প্ৰদানৰ পৰামৰ্শ আগবঢ়ায় । তদুপৰি সাংবাদিক পেঞ্চনৰ ধন প্ৰতি মাহে ৮ হেজাৰৰ পৰা ১৫ হেজাৰৰ পৰ্য্যন্ত বৃদ্ধি কৰা ,পেঞ্চন প্ৰাপ্ত সাংবাদিক গৰাকীৰ মৃত্যুৰ পাছত পেঞ্চনৰ ধন সম্পূৰ্ণ ভাৱে পত্নী বা পুত্ৰ -কন্যাক দিয়াৰ ব্যৱস্থা কৰা ,কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ পৰিয়ালক এককালীন ভাবে ২০ লাখ টকাৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা কৰা,গুৱাহাটীত কৰ্মৰত সাংবাদিক সংবাদকৰ্মীৰ বাবে পৃথকে হাউচিং কলনি নিৰ্মাণৰ ব্যৱস্থা কৰা ,গুৱাহাটীলৈ দেশ – বিদেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলৰ থকাৰ সুবিধাৰ্থে গুৱাহাটীত এটি নতুনকৈ সাংবাদিক গেষ্ট হাউচ নিৰ্মাণ কৰা আৰু সাংবাদিক সমাজ উপকৃত হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগে গঠন কৰা উপ সমিতি সমুহ যেনে – প্ৰেছ এক্ৰিডিয়েচন কমিতি , পেঞ্চন কমিতি , মেডিকেল কমিতি আদিত চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত সাংবাদিক সংগঠনৰ এজনকৈ প্ৰতিনিধিক সদস্য হিচাপে মনোনীত কৰাৰ ওপৰিও টোলগেটত সাংবাদিকৰ বাহনক কৰৰ পৰা ৰেহাই দিয়াৰো দাবী জনায় জাফা’ই । বিভাগীয় মন্ত্ৰী গৰাকীয়ে আলোচনা কালত জাফাৰ দাবী সমুহ গুৰুত্ব সহকাৰে লৈ যথাশীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে।


জাফা’ৰ প্ৰতিনিধি দলটোৰ সদস্য সকল আছিল কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী ,কাৰ্য্যকৰী সভাপতি পংকজ ডেকা ,সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায় ,উপ-সভাপতি মনোজ ডেকা ,কামৰূপ মহানগৰ জাফাৰ সম্পাদক মিণ্টু হাজৰিকা ,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু কামৰূপ মহানগৰ জিলা জাফাৰ উপ-সভাপতি ৰিদীপ কলিতা।

দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী এম এছ ধোনিৰ পত্নী সাক্ষী। ‘পুষ্পা ২’ মুক্তিৰ বাবে অপেক্ষা সাক্ষীৰ…

ক্ৰিকেটাৰ ধোনিৰ পত্নী সাক্ষী এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী। সাক্ষী আৰু ধোনীয়ে এতিয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। তেওঁৰ বেনাৰ ধোনি এণ্টাৰটেইনমেণ্টৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইয়াৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী আৰু অভিনেতাগৰাকীৰ সকলো ছবি চাইছে বুলি মন্তব্য কৰে। এম এছ ধোনী আৰু সাক্ষীয়ে প্ৰথম প্ৰডাকচন ভেঞ্চাৰ হিচাপে প্ৰযোজনা কৰিব ৰোমান্টিক ছবি ‘লেটছ গেট মেৰেড ওৰফে এল জি এম’। হায়দৰাবাদত অনুষ্ঠিত এক প্ৰচাৰ অনুষ্ঠানত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী। আল্লু অৰ্জুনৰ এটা ফেন পেজে ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

চতুৰ্থখন বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে আল্লু অৰ্জুন আৰু চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবিক্ৰম। একে সময়তে আল্লুৰ ‘পুষ্পা ২’ও শীঘ্ৰে মুক্তি পাব। সকলোৱে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ‘পুষ্পা ২’ মুক্তিৰ বাবেও অপেক্ষা কৰি আছে সাক্ষী আৰু ধোনীয়ে।

১০-১৫ মিনিট ‘বাৰ্বি’ ছবি উপভোগ কৰি ছবিগৃহৰ পৰা সন্তানকলৈ ওলাই আহিল অভিভাৱক! ছবিখনৰ বিষয়বস্তু ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় নেকি…

১০-১৫ মিনিট ‘বাৰ্বি’ ছবি উপভোগ কৰি ছবিগৃহৰ পৰা সন্তানকলৈ ওলাই আহিল অভিভাৱক! ছবিখনৰ বিষয়বস্তু ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় নেকি। বৰ্তমান ছবিগৃহত চলি আছে ‘বাৰ্বি’ ছবিখন। সামাজিক মাধ্যমৰ এটা পোষ্ট চৰ্চালৈ আহিছে। এই পোষ্টটো জুহী পৰমাৰ। জুহী পৰমাই ছবিখন আৰম্ভ হোৱাৰ মাত্ৰ ১০-১৫ মিনিটৰ পিছতে তেওঁ নিজৰ কন্যাৰ সৈতে ছবিগৃহৰ পৰা ওলাই আহে। বিখ্যাত টিভি অভিনেত্ৰী জুহি পাৰমাৰৰ দীঘলীয়া এই পোষ্টটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

এই পোষ্টটোত জুহি পৰমাৰে কয় যে তেওঁ নিজৰ ১০ বছৰীয়া কন্যাক লৈ গৈছিল ‘বাৰ্বি’ ছবিখন চাবলৈ। কিন্তু ১৫ মিনিটৰ পিছতে অভিনেত্ৰীগৰাকীয়ে কন্য়াকলৈ ছবিগৃহৰ পৰা ওলাই আহে। এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে ‘বাৰ্বি’ ছবি নিৰ্মাতাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ লগতে ছবিখনত ব্যৱহৃত অশ্লীল ভাষা আৰু যৌন সম্পৰ্কেও উত্তেজিত কৰিছে বুলি কয়।

জুহি পৰমাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই পোষ্টটো কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘আজি মই যিখিনি শ্বেয়াৰ কৰিছো, বহুতে ইয়াকলৈ সুখী নহ’ব আৰু কিছুমান মানুহৰ খঙও উঠিব পাৰে।’ কিন্তু মই এজন অভিভাৱক হিচাপে এই কথা শ্বেয়াৰ কৰিছো। মোক ভুল নুবুজিব।

জুহীয়ে আৰু লিখিছে- ‘চিনেমা আৰম্ভ হোৱাৰ মাত্ৰ ১০-১৫ মিনিট পিছতেই মই মোৰ ছোৱালীজনীক তাৰ পৰা লৈ আহিলোঁ৷ ইতিমধ্যে কিছুমান অভিভাৱক সন্তানৰ সৈতে ওলাই আহিছিল, সন্তানেও কান্দিছিল। মই সুখী যে মই এই ছবিখন মাজ বাটতে এৰি থৈ আহিলোঁ। এই ছবিখন ভাষা আৰু বিষয়বস্তুৰ বাবে ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় বুলি কয় অভিনেত্ৰীগৰাকীয়ে।

ধুবুৰীৰ জিলাৰ শৌলমাৰী আৰক্ষীৰ অভিযানত জব্দ ৫কুইণ্টল ৭৩ কেজি গো মাংস সহ এখন বিলাসী বাহন

ৰাজ্যত অব্যাহত আছে গো মাংসৰ চোৰাং সৰবৰাহ। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱা শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকিব ৰেজাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালাহাট অঞ্চলৰ পৰা A S 16 B 5508 নম্বৰৰ ছেনট্ৰ বাহনৰ পৰা 5 কুইন্টল 73 কেজি গো মাংস উদ্ধাৰ কৰে।

আৰু বাহনখন জব্দ কৰাৰ লগতে আৰু গাড়ী চালক আৰু হেনডিমেন জনক আটক কৰিবলৈ সক্ষম হয়। চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ পৰা ছাগলীয়া- হালাকুৰা -আগমনি -গোলকগঞ্জ আৰু বালাজান আৰক্ষীৰ চকুত ধুলি দি চান্দাখোল লৈ যাত্ৰা কৰিছিল গো মাংস ভৰ্তি বাহনখনে।

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে খেদি খেদি বাহন খন আৰু চালক হেনডিমেন সহ বাহন খন জব্দ কৰিবলৈ সক্ষম হয়।

গো মাংস সৰবৰাহৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভৱনা আছে।

চাহত ৪টা বস্তুৱে ঔষধ হিচাপে কাম কৰে…

বনৌষধি চাহত যিবোৰ উপাদান দিয়া হয় সেই উপাদানবোৰ পেটৰ বাবে উপকাৰী। ইয়াৰ ফলত গেছ, বদহজম আৰু এচিডিটিৰ সমস্যা শেষ হয়। বাৰিষা বহু ধৰণৰ ৰোগ আৰু সংক্ৰমণ বৃদ্ধি পায়। আনহাতে পেটৰ লগত জড়িত সমস্যাবোৰ দ্ৰুতগতিত বৃদ্ধি পায়। এনে পৰিস্থিতিত বনৌষধি চাহ অতি উপকাৰী। যদি আপুনি দৈনিক বাৰিষাত ইয়াক পান কৰে, তেন্তে আপুনি এচিডিটি, গেছ, বদহজম আদি সমস্যাৰ পৰা সকাহ পাব। বনৌষধি চাহ বনোৱাটোও অতি সহজ। জানো আহক…

বনৌষধি চাহ কেনেকৈ বনাব
১) প্ৰথমে এক ইঞ্চি আদা, দুটা ইলাচি, এক চামুচ জিৰা প্ৰায় এক লিটাৰ পানীত উতলাই লওক।
২) পানীখিনি আধালৈ কমি যোৱালৈকে উতলাই লওক।
৩/ ইয়াৰ পিছত ইয়াক ফিল্টাৰ কৰি কুহুমীয়াকৈ পান কৰক।

বনৌষধি চাহৰ উপাদানৰ উপকাৰিতাৰ-

আদা
হজম শক্তিৰ পৰা আৰম্ভ কৰি চৰ্দিলৈকে আদাই ঔষধ হিচাপে কাম কৰে। ইয়াৰ প্ৰভাৱ গৰম, যাৰ বাবে ঠাণ্ডা নোহোৱা হৈ যায়। বাৰিষাৰ সময়তো ই অতি উপকাৰী। ই বদহজম, পেট ফুলাৰ সমস্যা কমোৱাৰ কাম কৰে।

ইলাচি
বনৌষধি চাহত যোগ কৰা ইলাচিয়ে কেৱল সুগন্ধি আৰু সোৱাদ বৃদ্ধি কৰাই নহয়। এচিডিটি, পেট ফুলা আৰু বদহজমৰ সমস্যাৰ পৰাও সকাহ দিয়ে। ইলাচিয়ে পেটৰ বিষ আৰু গেষ্ট্ৰাইটিছৰ দৰে সমস্যাৰ অন্ত পেলায়।

জিৰা
জিৰাই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। পেটৰ লগত জড়িত সমস্যাও সমাধান কৰে। ইয়াত থাইমল নামৰ যৌগ এটাই গেষ্ট্ৰিক গ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি কৰে। যাৰ বাবে পেটৰ সমস্যা দূৰ হয়।

প্ৰতিজন ব্যক্তিয়ে দৈনিক বিনামূলীয়াকৈ পাব ২০ লিটাৰ আৰ অ’ পানী। ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বস্তিৰ ওচৰত আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলত ৫০০ টা পানীৰ ATM স্থাপন কৰিব, যাতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ২০ লিটাৰ বিনামূলীয়া RO পানী লাভ কৰিব পাৰে। ইয়াৰ বাবে দিল্লী চৰকাৰে বস্তি আৰু অন্যান্য ঘন জনবসতিপূৰ্ণ অঞ্চলত ৫০০ টা পানীৰ এটিএম স্থাপন কৰিব। ইয়াৰ অধীনত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মায়াপুৰীৰ খাজান বস্তিত এটা RO প্লাণ্ট পৰিদৰ্শন কৰি পানীৰ এটিএম উদ্বোধন কৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে প্ৰতিজন ব্যক্তিক জল ব’ৰ্ডে RFID (Radio Frequency Identification) কাৰ্ড প্ৰদান কৰিব, যাৰ জৰিয়তে তেওঁ এটিএমৰ পৰা প্ৰতিদিনে ২০ লিটাৰ পানী ল’ব পাৰিব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে নিৰ্ধাৰিত ২০ লিটাৰকৈ অধিক পানী গ্ৰহণ কৰিলে প্ৰতি ২০ লিটাৰত ১.৬০ টকা মাচুল লোৱা হ’ব। লগতে তেওঁ কয় যে যিবোৰ বস্তিৰ ওচৰত পানীৰ পাইপলাইন নথকা আৰু টেংকাৰৰ জৰিয়তে পানী যোগান ধৰা হয়, সেইবোৰ বস্তিৰ ওচৰতে এই এটিএম স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ‘যিদৰে আমি সকলোৱে জানো যে ধনী লোকৰ ঘৰত আৰ অ’ৰ সুবিধা আছে, এতিয়া এই সুবিধাৰ দ্বাৰা দিল্লীৰ দৰিদ্ৰ জনসাধাৰণেও বিশুদ্ধ পানী পাব।’ কেজৰিৱাল আৰু দিল্লী জাল ব’ৰ্ডৰ উপাধ্যক্ষ তথা জলমন্ত্ৰী সৌৰভ ভৰদ্বাজেও আৰ অ’ প্লাণ্টৰ পৰা বিশুদ্ধ পানী পান কৰে। আনুষ্ঠানিক বিবৃতি অনুসৰি খাজান বস্তি প্লাণ্টত তিনি হাজাৰ লিটাৰৰ দুটা টেংক স্থাপন কৰা হৈছে। লগতে তেওঁ কয় যে দিল্লী জাল ব’ৰ্ডে শকুৰবস্তি, কলকাজী আৰু ঝাওদাত পানীৰ এটিএম স্থাপন কৰিছে। এই প্ৰকল্পৰ অধীনত বিভিন্ন বস্তিৰ সমীপত ৩০ হাজাৰ লিটাৰ ক্ষমতাৰ ৫০টা আৰ অ’ প্লাণ্ট স্থাপন কৰা হ’ব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে প্ৰতিজন ব্যক্তিক RO পানীৰ বাবে জল ব’ৰ্ডে ৰেডিঅ’ ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন কাৰ্ড (আৰ এফ আই ডি কাৰ্ড) প্ৰদান কৰিব। এই কাৰ্ডখনৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়ে দৈনিক ২০ লিটাৰ পানী বিনামূলীয়াকৈ পাব। দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে খাজান বস্তিৰ বাসিন্দাসকলক এটিএমৰ পৰা বিনামূলীয়া পানীৰ বাবে প্ৰায় ২৫০০ কাৰ্ড উপলব্ধ কৰা হৈছে।

গা ধোৱাৰ এই নিয়ম সমূহ মানি চলক ! আপোনাৰ ঘৰলৈ আগমন হ’ব লক্ষ্মী দেৱীৰ…

জ্যোতিষৰ দৰে বাস্তু শাস্ত্ৰতো বাথৰুমৰ বিশেষ গুৰুত্বৰ কথা কোৱা হৈছে। কোৱা হয় যে বাথৰুম ঘৰৰ এনেকুৱা ঠাই য’ত কিছু নিয়ম মানি চলিব লাগে। বাস্তুৰ মতে বাথৰুমৰ দিশটোও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত। বাথৰুমে আপোনাৰ ভাগ্য কেনেকৈ সলনি কৰিব পাৰে জানেনে? বাস্তু শাস্ত্ৰৰ মতে সঠিক দিশত থিয় হৈ গা ধুলেও মানুহৰ ভাগ্য উজ্জ্বল হ’ব পাৰে। পূব দিশক সূৰ্য্য ঈশ্বৰৰ দিশ বুলি গণ্য কৰা হয়। সূৰ্য্য উদয় হ’লে নিজৰ লগত ধনাত্মক শক্তি আনে। পুৱা সোনকালে এই দিশত গা ধোৱাটো অতি উপকাৰী। এই ধনাত্মক শক্তিয়ে আপোনাৰ শৰীৰৰ সকলো ঋণাত্মক শক্তিক নিঃশেষ কৰিব।

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ বাথৰুম উত্তৰ বা উত্তৰ-পশ্চিম দিশত হ’ব লাগে। দক্ষিণ, দক্ষিণ-পূব বা দক্ষিণ-পশ্চিম দিশত বনাব নালাগে। অন্যথা এজন ব্যক্তিয়ে বহুতো নেতিবাচক শক্তিৰ সন্মুখীন হ’বলগীয়া হয়।

বাস্তু বিশেষজ্ঞসকলে কয় যে বাথৰুম কেতিয়াও পাকঘৰৰ সন্মুখত বা কাষতে থাকিব নালাগে। শৌচাগাৰৰ আসনখন হয় পশ্চিম দিশত হ’ব লাগে নহয় উত্তৰ-পশ্চিম দিশত হ’ব লাগে।

একে সময়তে বাল্টি বা টাব এটা পানী সদায় বাথৰুমত ভৰাই ৰাখিব লাগে। বাল্টিটো খালী হ’লে সদায় ওলোটাকৈ ৰাখিব লাগে। ঘৰত সমৃদ্ধি বজাই ৰখাত সহায় কৰে।

  • বাথৰুমৰ বস্তুত নীলা ৰং অতি গুৰুত্বপূৰ্ণ। নীলা ৰঙে সুখক প্ৰতিনিধিত্ব কৰে। সেইবাবেই বাথৰুমত নীলা ৰঙৰ বাল্টি আৰু মগ ৰখাই ভাল।
  • বাথৰুমৰ দুৱাৰ সদায় বন্ধ কৰি ৰাখিব লাগে। যদি মুকলিকৈ ৰখা হয় তেন্তে ই নেতিবাচক শক্তিৰ সঞ্চাৰণ কৰে আৰু ই আপোনাৰ কেৰিয়াৰত বাধাৰ সৃষ্টি কৰিব পাৰে।

গৰ্ভৱতী মহিলাই দৈ খোৱাটো উচিত নে…

গৰ্ভৱতী মহিলাই দৈ খোৱা উচিত নে? বহু গৰ্ভৱতী মহিলাই দৈ খালে শিশুৰ ক্ষতি হ’ব বুলি ভাবে। আজি আমি আপোনালোকক জনাম গৰ্ভৱতী মহিলাই দৈ খোৱাটো উচিত নে অনুচিত। দৈ অতি পুষ্টিকৰ খাদ্যবস্তু বিশেষজ্ঞসকলে দৈক স্বাস্থ্যৰ ক্ষেত্ৰত সকলো দিশতে উপকাৰী বুলি অভিহিত কৰিছে। দৈত প্ৰটিন, কেলচিয়াম, ভিটামিন বি১২ৰ অতি উত্তম উৎস।

গৰ্ভৱতী মহিলাই দৈ খোৱাৰ উপকাৰীতা-
দৈ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হয়। দৈত থকা প্ৰ’বায়’টিক অৰ্থাৎ ভাল বেক্টেৰিয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গৰ্ভাৱস্থাত মেজাজৰ পৰিৱৰ্তন আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ দৈ সেৱন কৰিব লাগে। দৈত থকা প্ৰ’বায়’টিকে মেজাজ উন্নত কৰে আৰু উদ্বেগ দূৰ কৰে। ডিপ্ৰেছন সম্পৰ্কীয় লক্ষণসমূহৰ পৰাও উপশম পোৱাৰ ক্ষমতা আছে। গৰ্ভাৱস্থাত বি পি বৃদ্ধিৰ সমস্যাৰ বাবে জটিলতা আহিব পাৰে। এনে পৰিস্থিতিত দৈ খাব পাৰে। ইয়াত উপস্থিত থকা উচ্চ ৰক্তচাপ প্ৰতিৰোধী প্ৰভাৱে ৰক্তচাপ বজাই ৰখাত সহায় কৰে। দৈ খালে হাড় আৰু পেশী শক্তিশালী হয়। ইয়াত থকা প্ৰটিন আৰু কেলচিয়ামে হাড়ক দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰে। সুস্থ পেশী গঢ়ি তোলাত সহায় কৰে। গৰ্ভাৱস্থাত এচিডিটি আৰু হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত যদি আপুনি দৈ সেৱন কৰে, তেন্তে ই হজম শক্তিৰ লগত জড়িত সমস্যাসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

পৰাপক্ষত ডক্তৰৰ পৰামৰ্শ লৈহে দৈ বা অন্যান্য কাদ্য সেৱন কৰিব লাগে গৰ্ভৱতী মহিলাই।


ৰূপকোঁৱৰে গঢ়ি তোলা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ “জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়”ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান  

উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি গঢ়ি তোলাৰ এক আলোকসন্ধানী লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশেষ তৎপৰতাত দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি উঠা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ ৮৩ সংখ্যক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত দেওবাৰে নিশা মহাবিদ্যালয়খনৰ পাঁচশগৰাকী শিক্ষাৰ্থীৰ মাজৰ নিৰ্বাচিত দহটাকৈ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে  জীপাল হৈ পৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মঞ্চ।

সংগীত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰুৱাই আৰম্ভণিতেই মহাবিদ্যালয়খনৰ ইতিহাস সদৰী কৰি আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰবীণ গীতিকাৰ – সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে।

 

ইয়াৰ পিছতেই বংকিম শৰ্মা ৰচিত আৰু মহাবিদ্যালয়খনৰ শিক্ষক মনোজ নাথ সংগীত পৰিচালিত মহাবিদ্যালয়খনৰ “প্ৰতিকী গীত”টি পৰিৱেশন কৰে শিক্ষাৰ্থী সকলে। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ, লেখক ড° প্ৰাণজিৎ হাজৰিকাই আনুষ্ঠানিক ভাৱে উদ্বোধনী ভাষণ আগবঢ়াই ঐতিহ্যমণ্ডিত সংগীত মহাবিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰী কৰি ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে।

আনহাতে সাংস্কৃতিক অনুষ্ঠানৰ মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত মহাবিদ্যালয়খনৰ সৈতে জড়িত হৈ থকা বিভিন্ন বিভাগৰ শিক্ষক-কৰ্মচাৰী সহ ২১ গৰাকী লোকক অধ্যক্ষ লিখন শৰ্মাই ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়ে। 

অনুষ্ঠানটিত  লক্ষ্নৌৰ ভাটখাণ্ডেৰ বিশেষ পৰীক্ষাত কৃতীত্ত্বৰ পৰিচয় দিয়া মহাবিদ্যালয়খনৰ কথক নৃত্য, ভায়লিন বিভাগ, তবলা আৰু চিত্ৰকলা বিভাগৰ শিক্ষাৰ্থী ক্ৰমে – কাঞ্চন লামা, ময়ূখ দেৱচৌধুৰী, অৰূপ পাল, দেৱাঞ্জন সৰকাৰ আৰু অশ্লেষা কাশ্যপক দাতা পৰিয়ালৰ সদস্যৰ উপস্থিতিত অজয় চলিহা সোঁৱৰণী বঁটা, দিলীপ বৰঠাকুৰ সোঁৱৰণি বঁটা আৰু লম্বোদৰ ডেকা সোঁৱৰণী বঁটা  প্ৰদান কৰা হয়।

আনহাতে মূল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় সত্ৰীয়া বিভাগৰ শিক্ষাৰ্থীৰ  দৃষ্টিনন্দন সত্ৰীয়া নৃত্যৰ অনুষ্ঠানেৰে। অতি মনোৰম আৰু দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত  এটি বিশেষ কৃষ্ণ বন্দনা অনুষ্ঠান, মাছমৰীয়া লোক পৰম্পৰাৰে মহাৰাষ্ট্ৰৰ এটি বিশেষ লোক নৃত্য, মহাবিদ্যালয়খনৰ ভায়লিন আৰু তবলা বিভাগৰ শিক্ষাৰ্থীৰ ভায়লিন বাদন আৰু তবলাবাদনৰ অনুষ্ঠান, সমূহীয়া কথক নৃত্য, ভাৰত নাট্যম নৃত্য, গীটাৰ বিভাগৰ শিক্ষাৰ্থীৰ গীটাৰ বাদনৰ অনুষ্ঠান আৰু কন্ঠ সংগীত বিভাগৰ শিক্ষাৰ্থীৰ জ্যোতি সংগীতৰ অনুষ্ঠানেৰে  জীপাল হৈ পৰে বাণ থিয়েটাৰৰ মঞ্চ। 

উল্লেখ্য যে, এই ৮৩ সংখ্যক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী “অভিসাৰিকা ৰাধিকা” শীৰ্ষক নৃত্য নাটিকাই দৰ্শকক বিশেষ ভাৱে আপ্লুত কৰা পৰিলক্ষিত হয়।

বিশিষ্ট গীতিকাৰ, সুৰকাৰ বংকিম শৰ্মাৰ ৰচনা, লিখন শৰ্মা আৰু ৰমেশ ডেকাৰ পৰিকল্পনা, ড° প্ৰতিভা শৰ্মাৰ সহযোগত দক্ষ নৃত্যশিল্পী প্ৰেৰণা বৈশ্যৰ নৃত্য পৰিচালনা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী অনামিকা বৰদলৈ বৰুৱাই সূত্ৰধাৰৰ ভূমিকা পালন কৰা ভাৰতীয় শাস্ত্ৰীয় শৈলীৰ আধাৰত নিবেদন কৰা নৃত্য নাটিকাখনৰ দৃশ্যাংশই মুগ্ধ কৰি তোলে ৰাইজক।