Home Blog Page 1451

ৰজাপথাৰত তিৱা ছাত্র-ছাত্রীসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান

দেওবাৰে ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ তিৱা ছাত্র সন্থা, তিৱা মাথনলাই তখ্ৰা, তিৱা সাংস্কৃতিক সমাজ, ডিফু মাণ্ডলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র ছাত্রীসকলৰ বাবে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।

কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ১৫০ ৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীর্ণ ছাত্র-ছাত্রীসকলক তিৱা ফালি, মানপত্ৰ আৰু গছৰ পুলিৰে অভিনন্দন জনোৱা হয়।

সদৌ তিৱা ছাত্র সন্থা ডিফু মাণ্ডলিকৰ সভাপতি ৰূপক মছৰঙৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিত উপস্থিত থাকে লাংফেৰ পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, তিৱা সাংস্কৃতিক সমাজ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কুমুদ মিথি, তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰভাত দাৰফাং, তিৱা মাথনলাই তখ্ৰাৰ সম্পাদক জনাৰ্দন পাটৰ, সদৌ তিৱা ছাত্র সন্থা জিলা সমিতিৰ ৰাহুল দাৰফাং, কবি সাহিত্যিক শৰৎ পাটৰ, সদৌ তিৱা ছাত্র সন্থাৰ জিলা সম্পাদক অচ্যুত মছৰং, তিৱা মাথনলাই তখ্ৰা কেন্দ্রীয় সদস্য সুনথ দামলঙৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল।

ডিফু মাণ্ডলিক তিৱা মাথনলাই তখ্ৰাৰ সম্পাদক ৰিতু মছৰঙে আঁত ধৰা অনুষ্ঠানটোত ৰজাপথাৰ, লাংহিন চেলাবৰ, হাওৰাঘাট হাতিপুৰা, ডিফু, বোকাজান, পাৰখোৱা বৰবালি চাকলি অঞ্চলৰ ছাত্র ছাত্রী আৰু ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত ছাত্র ছাত্রী সকলক উদ্দেশ্যি অতিথি সকলে শিক্ষা সন্দৰ্ভত পৰামৰ্শ আৰু জাতীয় সমস্যাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সোমবাৰে চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজখন আকস্মিকভাৱে পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ কৰাৰ লগতে ৰোগীসকলৰ অভাৱ- অভিযোগৰো বুজ লয়।

একেবাৰে নতুনকৈ স্থাপন হোৱা হস্পিতাল হিচাপে নলবাৰী মেডিকেল কলেজখনৰ OPD -কে আদি সকলো ব্যৱস্থা পৰ্যবেক্ষণ কৰি মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগত নিজৰ মত বিনিময় কৰি মন্ত্ৰী বৰুৱাই কয় যে সকলোবোৰ কাম সুকলমে হৈ গ’লে নলবাৰী মেডিকেল কলেজখন অসমৰ এখন আগশাৰীৰ মেডিকেল কলেজৰূপে পৰিগণিত হ’ব বুলি তেওঁ আশাবাদী।

ডক্তৰ আৰু নাৰ্চৰ উপস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো ৱাৰ্ডতেই প্ৰয়োজনীয় ডক্তৰ – নাৰ্চ উপস্থিতি আছে ইয়াৰোপৰি ৰোগীসকলেও মেডিকেল কলেজখনত উপলব্ধ সা-সুবিধাক লৈ সুখী বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

তেওঁ লগতে উল্লেখ কৰে “মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত এই মেডিকেল কলেজখনে নলবাৰী জিলা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক অতি দক্ষতাৰে সেৱা আগবঢ়াব পাৰিব।”

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত স্মৃতি তৰ্পনৰ শুভাৰম্ভ কৰে মইনা বৃষ্টি বৰাই আৰু বৃক্ষ ৰোপন কৰে মইনা পুষ্পাঞ্জল বৰাই৷

লগে লগে মইনা মনদীপ বৰা, ৰিদিপ বিশ্বাস, মনোৰঞ্জন পাৱাৰ, গৌৰৱজ্যোতি নাথ আদিৰ লগতে মইনা পাৰিজাতৰ বিষয়ববীয়াসকলেও ককা মহাদেৱ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পন কৰে৷ পুৱাৰ অনুষ্ঠানত মইনা সভাৰ বৈঠকৰ মইনাসকলক লঘু আহাৰ বিতৰণ কৰা হয়৷

মধ্যাহ্ন ভোজনৰ পাছত দুপৰীয়া এক বজাৰ পৰা “আমি পোহৰ বিচাৰি যাওঁ” শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি অধিৱেশনত সভাপতিত্ব কৰে কন্যাপুৰ মইনা পাৰিজাতৰ মইনা ধ্ৰুৱজ্যোতি বৰাই৷ সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পাছতে আমন্ত্ৰিত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদিকা নীলিমা বেজবৰুৱা, শিশু মহীয়ান বেণুধৰ কাকতি, জিলা মইনা পাৰিজাতৰ সম্পাদক চিত্তৰঞ্জন নাথ, মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য বন্দনা হাজৰিকা আৰু আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি মৃদুল কুমাৰ শৰ্মাক আসনত উপবিষ্ট কৰি সম্বৰ্ধনা জনোৱা হয়৷

তাৰ পাছত আদৰণি ভাষণ দিয়ে মইনা পাৰিজাতৰ সভানেত্ৰী নিৰু নেওগ বৰাই৷ ইয়াৰ পাছতে  কণমানি মইনা দেৱাঙৰী কাশ্যপৰ দশাৱতাৰ নৃত্যই সভাস্থ সকলোকে আপ্লুত কৰে৷ কন্যাপুৰ মইনা পাৰিজাতৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদিকা পূৰৱী ঠাকুৰীয়াই৷ গীত-মাত-নৃত্যৰে মুখৰিত অধিৱেশনত সাৱলীল ভাষাৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় পহুমৰাৰ অপৰাজিতা মইনা পাৰিজাতৰ মইনা ভাস্বতী কাশ্যপে৷

আমন্ত্ৰিত মইনা অতিথিৰ ভাষণ দিয়ে জ্যোতি বিষ্ণু মইনা পাৰিজাতৰ মইনা ৰশ্মিতা দেৱী আৰু বাৰহলীয়া মইনা পাৰিজাতৰ মইনা অনিমা দাসে৷ 

ইয়াৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় কন্যাপুৰ মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সম্পাদিকা ললিতা শৰ্মাক৷ অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা ললিতা শৰ্মাৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰে কাৰ্যকৰী সভানেত্ৰী মিৰা বৰাই৷

আন এগৰাকী শিশু বন্ধু; চালেহা খাতুনকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত বিশিষ্ট অতিথি সকলে দুআষাৰ শিশুক উদ্দেশ্যি কোৱাৰ উপৰিও সম্বৰ্ধিত ব্যক্তি দুগৰাকী ললিতা শৰ্মা আৰু চালেহা খাতুনেও তেখেতসকলৰ অনুভৱ ব্যক্ত কৰে৷ এই অধিৱেশনতে শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়৷

অসমীয়া-মিচিং ভাষাৰ দ্বি-ভাষিক ই আলোচনী ‘দকচিৰি’ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

অসমীয়া আৰু মিচিং ভাষাৰ  জনপ্ৰিয় দ্বিভাষিক ই আলোচনী দকচিৰিৰ সোমবাৰে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান  ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত কৰা হয়৷

এই উপলক্ষে দকচিৰি কবিতা পাঠ অনুষ্ঠানৰো আয়োজন কৰা হয়৷ মিচিং ভাষাৰ লেখক গোবিন নৰহে সভাপতিত্বত কবিতা পাঠৰ অনুষ্ঠানটো  সঞ্চালনা কৰে লেখক তথা মিচিং আগম কৗবাঙৰ উপ সভাপতি কালিনাথ পাংগিঙে ৷

বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি  দকচিৰি গোষ্ঠীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা  মিচিং আৰু অসমীয়া ভাষাৰ মুকলি কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত কবি সকলক মিচিং অৗৰকক, বঁটা, সন্মান পত্ৰৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়।

পুৰস্কাৰ সমূহৰ দাতা আছিল সোৱণশিৰি গাঁও পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদক৷ মিচিং ভাষাৰ কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে যোৰহাট জিলাৰ তিয়কৰ যুৱ কবি যতীন মিলি, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ঢকুৱাখনাৰ মেঘালি মেদক দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে মাজুলীৰ দিগেন টাইদে।

অসমীয়া ভাষাৰ কবিতা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ ইলামনি শইকীয়া, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কাটাৰৰ হৱাহিদ আহমেদ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ সীমাশ্ৰী দত্তই৷ পুৰস্কাৰ সমূহৰ দাতা আছিল শিক্ষক ভৱ দলে৷ 

বৰ্ষপূৰ্তি অনুষ্ঠানৰ উপলক্ষে দকচিৰিৰ জুলাই সংখ্যাটি অনলাইনত মুকলি কৰে মিচিং আগম কৗবাঙৰ সহকাৰী সাধাৰণ সম্পাদক ড° সুৰজিত দলেয়ে ।

দকচিৰি ই আলোচনী সম্পৰ্কে উদ্দেশ্য ব্যাখ্যা কৰে দকচিৰিৰ সম্পাদক তপন লাল মেদকে ৷ উল্লেখনীয় যে দকচিৰি ই আলোচনীৰ পাঠকৰ সংখ্যা বৰ্তমানলৈকে তিনি লাখ ৷ 

খৰখেদাকৈ খাদ্য খাই নেকি? নাখাব, বহু সমস্যাৰ সন্মুখীন হ’ব…

খৰখেদাকৈ খাদ্য খাই নেকি? নাখাব, বহু সমস্যাৰ সন্মুখীন হ’ব। খাদ্য সদায় লাহে ধীৰে খাব লাগে। বিখ্যাত পুষ্টি বিশেষজ্ঞ ‘নিখিল ভাটছে’ কয় যে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে আপুনি প্ৰায় ২৫ৰ পৰা ৩০ মিনিট সময় খাব লাগে। কিয়নো খৰকৈ খোৱাৰ আছে বহু সমস্যা। বেছি খৰকৈ খোৱাৰ অসুবিধা সমূহৰ বিষয়ে জানি লওক-

১/ যদি আপুনি খৰকৈ খাদ্য খাই তেন্তে ডিঙিত খাদ্য আবদ্ধ হৈ পৰাৰ সম্ভৱ। এনে পৰিস্থিতিৰ বিপদ সৃষ্টি হ’ব পাৰে।

২) যদি আপুনি খৰখেদাকৈ খাদ্য খায় তেন্তে আমাৰ পাচনতন্ত্ৰত অতিৰিক্ত চাপ পৰে। আনহাতে আমি যদি সম্পূৰ্ণ চোবাই খাওঁ তেন্তে পাচনতন্ত্ৰৰ কাম বহুত সহজ হৈ পৰে।

৩) খৰকৈ খাদ্য খোৱাৰ ফলত বদহজম, কোষ্ঠকাঠিন্য, গেছ, অৰ্শ জ্বলন, এচিডিটি আদি সমস্যাৰ সৃষ্টি হয়। যিয়ে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পেলায়। মনত ৰাখিব যে খাদ্য চোবাই খালে পেটৰ কাম সহজ হৈ পৰে।

৪) খৰখেদাকৈ খোৱা মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়।

৫) খৰখেদাকৈ খাদ্য গ্ৰহণ কৰিলে আপোনাৰ শৰীৰত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ এই অভ্যাসে ইনচুলিনৰ প্ৰভাৱ কমায় আৰু তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে।

৬) এই বেয়া অভ্যাসৰ বাবে আপুনি মেটাবলিক চিণ্ড্ৰমৰ বলিও হ’ব পাৰে, যাৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, যাৰ ফলত হাৰ্ট এটেক হয়।

গতিকে খাদ্য সদায় লাহে লাহে চোবাই খাবলৈ চেষ্টা কৰিব।

বিশ্বৰ পঞ্চম বৃহত্তম হীৰা তমন্নাৰ হাতত। দামী উপহাৰ আঁৰত আছে এক ৰহস্য…

তমন্না ভাটিয়া বিশ্বৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক। তেওঁৰ কামত সুখী এগৰাকী বিশেষ ব্যক্তিয়ে এই দামী উপহাৰটো দিছিল তমন্নাক। দক্ষিণৰ লগতে বলীউডৰ এক চিনাকি নাম হৈ পৰিছে তমন্না ভাটিয়া। তমন্নাক উপহাৰ দিয়া এই আঙঠিটোত স্থাপন কৰা হৈছে বিশ্বৰ পঞ্চম বৃহত্তম হীৰা। খবৰ অনুসৰি তমান্না ভাটিয়াৰ হাতত আছে বিশ্বৰ ভিতৰতে পঞ্চম বৃহত্তম হীৰা ষ্টাডেড আঙঠি। এই হীৰাটোৰ ব্যয় হৈছে ২ কোটি টকা। এই হীৰাটোৰ আকৃতি অতি সুন্দৰ। আচলতে ৰামচৰণৰ পত্নী উপাসনাই এই আঙঠিটো তমন্নাহক দিছে। দৰাচলতে ‘ছ্যে ৰা নৰসিংহ ৰেড্ডী’ ছবিখনত তমান্নাৰ অভিনয়ত উপাসনা যথেষ্ট আপ্লুত হৈছিল। ইয়াৰ পিছত তেওঁ এই আঙঠিটো তমান্নাক উপহাৰ দিলে। তমন্নাৰ উপৰিও এই ছবিখনত অমিতাভ বচ্চন, কিচ্চা সুদীপ, অনুষ্কা শেট্টী, বিজয় সেঠুপতি, নয়ন্তৰা আৰু নিহাৰিকাইও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ৰাম চৰণৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল।

এই ছবিখন ২০১৯ চনত মুক্তি লাভ কৰিছিল। যিখন আছিল বছৰৰ অন্যতম ব্লকবাষ্টাৰ ছবি। এই আঙঠিটো উপহাৰ দিয়াৰ পিছত উপাসনাই এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে জনাই। য’ত অভিনেত্ৰীগৰাকীয়ে এই আঙঠিটো পিন্ধি থকা দেখা গৈছিল।


মাতৃত্ব অৰ্জনত বহু সমস্য়াৰ সন্মুখীন হৈছিল ঐশ্বৰ্য ৰায়! ঘণ্টাৰ পিছত ঘণ্টা প্ৰসৱ বেদনাত ছটফটাই আছিল অভিনেত্ৰীগৰাকী…

মাতৃত্ব অৰ্জনত বহু সমস্য়াৰ সন্মুখীন হৈছিল ঐশ্বৰ্য ৰায়! ঘণ্টাৰ পিছত ঘণ্টা প্ৰসৱ বেদনাত ছটফটাই আছিল অভিনেত্ৰীগৰাকী। চিকিৎসকে চি ছেকচন প্ৰসৱৰ পৰামৰ্শ দিয়াৰ পিছতো ঐশ্বৰ্য ৰায় বচ্চনে স্বাভাৱিক প্ৰসৱৰ সিদ্ধান্ত লৈছিল। শহুৰেক অমিতাভ বচ্চনেও এই কথা প্ৰশংসা কৰে। বলীউডৰ অন্যতম ধুনীয়া অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ সময়ত বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল। শহুৰেক অমিতাভ বচ্চনেও ঐশ্বৰ্য ৰায় বচ্চনক বহুত প্ৰশংসা কৰে।

২০১১ চনৰ কথা। যেতিয়া ঐশ্বৰ্য ৰায় গৰ্ভৱতী আছিল। প্ৰসৱৰ সময় ওচৰ চাপি আহিছিল, দুদিন আগতেই চিকিৎসালয়ত ভৰ্তি কৰাইছিল অভিনেত্ৰীগৰাকীক। কিন্তু অভিনেত্ৰীগৰাকীৰ প্ৰসৱৰ বিষ হোৱা নাছিল যাৰ বাবে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। এই সময়ছোৱাত বচ্চন পৰিয়াল তেওঁৰ লগত আছিল। এবাৰ অমিতাভ বচ্চনে নিজেই কৈছিল যে ঐশ্বৰ্যৰ নৰ্মেল ডেলিভাৰী সহজ নহয়। এনে পৰিস্থিতিত ডাক্তৰে তাইক চি-চেকচনৰ পৰামৰ্শ দিছিল যদিও তাই ডাক্তৰৰ কথা নুশুনি স্বাভাৱিক প্ৰসৱৰ সিদ্ধান্ত লৈছিল। অৱশেষত ২ দিনৰ পিছত প্ৰসৱ বেদনাত ৩ ঘণ্টা ধৰি এই বিষত ভুগি আছিল, তাৰ পিছত ২০১১ চনৰ ১৬ নৱেম্বৰত আৰাধ্যাৰ জন্ম হয়। ৩৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মাতৃত্ব অৰ্জন কৰে। এই সিদ্ধান্তৰ বাবে বিগ বিয়ে সকলোৰে সন্মুখত ঐশ্বৰ্যক প্ৰশংসা কৰিছিল।


ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ উপযুক্ত সময় কেতিয়া জানেনে?

ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। যদি এই তিনিওটাৰ সময় সঠিক নহয়, তেন্তে স্বাস্থ্যৰ বহু সমস্যাৰ আহি পৰিব পাৰে। আজি আমি আপোনালোকক ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ, ৰাতিৰ আহাৰ গ্ৰহণৰ উপযুক্ত সময়ৰ বিষয়ে জনাম। যদি আমি সঠিক সময়ত ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ নকৰো তেন্তে আমাৰ শৰীৰত কি কি সমস্য়া হ’ব পাৰে-


যদি আমাৰ ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ সময় সঠিক নহয়, তেন্তে মেদবহুলতা হ’ব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ ৩ ঘণ্টাৰ ভিতৰত ব্ৰেকফাষ্ট খাব লাগে। অৰ্থাৎ ৰাতিপুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ব্ৰেকফাষ্ট খাব লাগে। ব্ৰেকফাষ্টত কেৱল গাখীৰ, ৰুটি, সেউজীয়া শাক-পাচলি, ওটচ, কণী আৰু আঁহযুক্ত প্ৰটিন সমৃদ্ধ খাদ্যহে খাব লাগে।

শৰীৰক ৰোগৰ পৰা আঁতৰাই ৰাখিবলৈ তেতিয়া দুপৰীয়াৰ আহাৰো উপযুক্ত সময়ত খাব লাগে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় নিৰ্ধাৰণ কৰিব লাগে। মনত ৰাখিব দুপৰীয়াৰ আহাৰ ৫ ঘণ্টা ব্ৰেকফাষ্টৰ পিছতহে কৰিব লাগে। অন্যথা শৰীৰৰ বহু ধৰণে ক্ষতি হব পাৰে।

গভীৰ নিশা ৰাতিৰ আহাৰ খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। পাচনতন্ত্ৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। বহুতো ৰোগে শৰীৰকো আগুৰি ধৰিব পাৰে। সেইবাবেই ৰাতি ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত খাদ্য খাব লাগে।


৫৫ কোটিটকীয়া এখন ব্যয়বহুল বিয়া। য’ত উপস্থিত আছিল ৪২খন দেশৰ অতিথি। সকলোৱে দিলে বাহঃ বাহঃ…

৮ বছৰ পূৰ্বে হৈ যোৱা এখন বিবাহক লৈ আজিও চৰ্চা হয়। আপুনি নিশ্চয় বলীউডৰ পৰা ব্যৱসায়ীলৈকে বহু বিবাহ দেখিছে। কিন্তু আজি আমি আপোনালোকক এনে বিবাহৰ কথা ক’ম যিখন বিয়াৰ বিষয়ে ৮ বছৰৰ পিছতো আলোচনা হৈ আছে। এয়া বিয়া খন আন কাৰো নহয়, ভাৰতৰ বিখ্যাত ব্যৱসায়ী ৰবি পিল্লাইৰ কন্যা আৰতি পিল্লাইৰ বিবাহ। এই বিয়া খন দেখি সকলোৰে মুখে মুখে বাহঃ বাহঃ দিছিল। ২০১৫ চনৰ ২৬ নৱেম্বৰত অনুষ্ঠিত হোৱা এই গ্ৰেণ্ড বিয়াখনত ৫৫ কোটি টকা ব্যয় কৰা হৈছিল। কেৰালাৰ কোল্লামত বাস কৰা আদিত্য বিষুৰ সৈতে আৰতি পিল্লাই বিবাহপাশত আবদ্ধ হৈছিল। এই বিয়াখনক আজিও মানুহে প্ৰশংসা কৰে।

৪২খন দেশৰ পৰা ৩০ হাজাৰ অতিথি আহিছিল এই বিয়াখনলৈ। চেমচাং আৰু জাপান গেছ কৰ্প’ৰেশ্যনৰ চিইঅ’সকলকো উপস্থিত আছিল। কাটাৰৰ ৰয়েল ফেমিলিও এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই বিলাসী বিয়াখনত ১১ প্ৰকাৰৰ সুস্বাদু পৰম্পৰাগত ব্যঞ্জন ৰখা হৈছিল। এই বিবাহত ৰবি পিল্লাই পানীৰ দৰে টকা খৰচ কৰিছিল। এই বিবাহত মুঠ ৫৫ কোটি টকা খৰচ হৈছিল। যিখন কেৰালাৰ আটাইতকৈ ডাঙৰ বিয়া বুলি গণ্য কৰা হৈছিল। আৰতিৰ বিয়াৰ বাবে পদুম থিমৰ মণ্ডপটো ডিজাইন কৰিছিল ছাবু চাইৰিলে, যিয়ে এছ এছ ৰাজামৌলিৰ ‘বাহুবলী’ আৰু ‘মেগনাম অপাছ’কে ধৰি বহু ছবিৰ চেট ডিজাইন কৰিছে। ৭৫ দিনত নিৰ্মাণ কৰা এই মণ্ডপটো প্ৰস্তুত কৰাত ২০ কোটি টকা ব্যয় কৰা হৈছিল। এই বিয়াৰ চেটটো প্ৰথমে মুম্বাইত মাটিৰে প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পিছত ইয়াক প্লাষ্টাৰ অৱ পেৰিছত প্ৰস্তুত কৰা হয়। এই মণ্ডপক এই স্থানলৈ স্থানান্তৰিত কৰিবলৈ ৪০ দিন সময় লাগিছিল।

আৰতিয়ে এই বিয়াত মনীষ মালহোত্ৰাৰে ডিজাইন কৰা এখন শাৰী পিন্ধিছিল। লগতে তাই পিন্ধা সকলো অলংকাৰ হীৰাৰ আছিল। এই বিয়াখন দেখি সকলো আচৰিত হৈ পৰিছিল।