Home Blog Page 1452

স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ক্ৰয় কৰিলে ৯৩ লাখ টকীয়া বিলাসী গাড়ী…

অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ক্ৰয় কৰিলে ৯৩ লাখ টকীয়া ৰেঞ্জ ৰভাৰ ভেলাৰ বিলাসী SUV। দেশৰ প্ৰথম আৰু একমাত্ৰ স্বৰ্ণ পদক লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰা ভাৰতৰ অন্যতম প্ৰখ্যাত ক্ৰীড়াবিদ নীৰজ চোপ্ৰা। পুৰুষৰ জেভলিন নিক্ষেপত স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাই কেৱল ভাৰতৰ প্ৰথমজনেই নহয়, জেভলিন নিক্ষেপত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন এছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হয়। পিছলৈ তেওঁ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰি জেভলিন থ্ৰ’ত ডাইমণ্ড লীগ চেম্পিয়ন হিচাপে জয়লাভ কৰে, যাৰ ফলত তেওঁ বিশ্বৰ প্ৰথমজন জেভেলিন নিক্ষেপকাৰী হিচাপে পৰিগণিত হয়।

নীৰজ চোপ্ৰাই এতিয়া ক্ৰয় কৰিছে এখন নতুন ক’লা ৰঙৰ ৰেঞ্জ ৰভাৰ ভেলাৰ এছ ইউ ভি গাড়ী ক্ৰয় কৰে। যাৰ মূল্য ৯৩ লাখ টকা। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীৰ নতুন ৰেঞ্জ ৰভাৰ ভেলাৰৰ ছবিখন শেহতীয়াকৈ অনলাইনত শ্বেয়াৰ কৰিছে জাগুয়াৰ – লেণ্ড ৰভাৰৰ অনুমোদিত ডিলাৰশ্বিপ লেণ্ড ৰভাৰ মালৱা অটোমোটিভছে। লেণ্ড ৰভাৰ – মালৱা অটোমোটিভছে তেওঁলোকৰ ফেচবুক পোষ্টত কয়, “আমি মিষ্টাৰ নীৰজ চোপ্ৰাক ৰেঞ্জ ৰভাৰ পৰিয়াললৈ আদৰণি জনাইছো আৰু তেওঁৰ নিউ ৰেঞ্জ ৰভাৰ ভেলাৰৰ বাবে অভিনন্দন জনাইছো।”

নীৰজ চোপ্ৰাৰ পূৰ্বে ৰেঞ্জ ৰভাৰ স্প’ৰ্ট, প্ৰি-অনড নীলা ৰঙৰ ফৰ্ড মুস্তাংগ আৰু অন্যান্য বিলাসী বাহনৰ দৰে গাড়ী আছিল। সোণৰ পদক জয়ৰ পাছত আনন্দ মহিন্দ্ৰাই মহিন্দ্ৰা XUV700 Gold Edition ৰ সন্মানো লাভ কৰে নীৰজ চোপ্ৰাই।

শাওণৰ সোমবাৰৰ দিনটোত কেঁচা কলৰ চিপছ খাওক…

আজি শাওণৰ তৃতীয়টো সোমবাৰ। শিৱ ভক্তসকলে সোমবাৰৰ দিনটোত ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰত ৰাখে। সাৱনৰ তৃতীয়টো সোমবাৰে ব্ৰত ৰখাৰ সময়ত কলৰ চিপছ তৈয়াৰ কৰিব পাৰি। ইয়াৰ উপৰিও কলে শৰীৰক শক্তি প্ৰদান কৰিব আৰু ইয়াক বনোৱাটো অতি সহজ। কিছুমানে উপবাসৰ সময়ত ফল-মূল খায়, আনহাতে কিছুমানে এটা সময়ত খাদ্য খায়। এনে পৰিস্থিতিত আমি আপোনাক এটা কলৰ ৰেচিপিৰ বিষয়ে জনাম-

কেঁচা কলৰ চিপছ বনাবলৈ আপোনাক প্ৰয়োজন হ’ব-

৪ টা কেঁচা কল
২ কাপ ঘিউ
নিমখ
পিহি লোৱা ক’লা জলকীয়া
শুকান আমৰ গুড়ি

কলৰ চিপছ বনোৱাৰ পদ্ধতি-

১) কলৰ চিপচ বনাবলৈ প্ৰথমে কেঁচা কলৰ বাকলি গুচাই কিছু সময় পানীত তিয়াই ৰাখিব।
২) এতিয়া সকলো কল পানীৰে পৰিষ্কাৰকৈ ধুই চিপচৰ আকৃতিত কাটি লওক।
৩) ইয়াৰ পিছত কটা চিপচখিনি কপাহী কাপোৰত ৰাখি ১০ মিনিট ৰাখিব।
৪) এতিয়া কেৰাহীত দেশী ঘিউ দি গৰম কৰি লওক, তাৰ পিছত তাত কটা কলৰ চিপচখিনি ভাজি লওক। পাতল ৰঙা হোৱালৈকে ভাজিব।
৫) ভাজিৰ পিছত প্লেট এখনত উলিয়াই আনিব।
৬) এতিয়া চিপচৰ ওপৰত ৰক ছল্ট, ক’লা জলকীয়াৰ গুড়ি আৰু শুকান আমৰ গুড়ি দিব।
৭) আপোনাৰ সোৱাদযুক্ত চিপচ ৰেডি হৈ গৈছে, উপবাসৰ সময়ত চাহৰ লগত খাওক এই কলৰ চিপচ।

মুখ, নাক, চকু; ওঁঠৰ অস্ত্ৰোপচাৰ কৰি কোন কোন অভিনেত্ৰী হ’ল কুৎসিত…

মুখ, নাক, চকু; ওঁঠৰ অস্ত্ৰোপচাৰ কৰি বহু অভিনেত্ৰী হ’ল কুৎসিত। জন্মতে কোনোৱেই নিখুঁত নহয়। নিখুঁত হ’বলৈ চেষ্টা কৰিব লাগিব। গ্লেমাৰ উদ্যোগৰ সুন্দৰ মুখৰ আঁৰৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। বহু সময়ত অভিনেত্ৰীসকলৰ মুখত আকৰ্ষণীয় পৰিৱৰ্তন দেখা গৈছিল। আজি আপোনালোকক জনাম বলীউডৰ অভিনেত্ৰীসকলj সৌন্দৰ্য আঁৰৰ ৰহস্যৰ বিষয়ে। বহু চেলিব্ৰিটিয়ে নিজকে ফিট কৰি ৰাখিবলৈ জিমলৈ যায়, ঠিক সেইদৰে তেওঁলোকেও কচমেটিক চাৰ্জাৰীৰ সহায় লৈ নিজৰ মুখখন ধুনীয়া আৰু আকৰ্ষণীয় কৰি তুলে। বিগত সময়ত একাংশ অভিনেত্ৰীয়ে এই চাৰ্জাৰি কৰিছিল। এনে চাৰ্জাৰি কৰি বহু অভিনেত্ৰী ধুনীয়া হৈছিল আৰু বহু অবিনেত্ৰী দেখিবলৈ বেয়া হৈ পৰিছিল। সেই অভিনেত্ৰীসকল কোন কোন জানেনে…

প্ৰিয়ংকা চোপ্ৰাঃ প্ৰিয়ংকা চোপ্ৰাই যেতিয়া এটা সময়ত নাকৰ অস্ত্ৰোপচাৰ কৰিছিল তেতিয়া বহু লোকে প্ৰিয়ংকাক সমালোচনা কৰিছিল।

শিল্পা শ্বেট্টীঃ বলীউডৰ তাৰকা শিল্পা শ্বেট্টীৰ বিৰুদ্ধেও নাকৰ অস্ত্ৰোপচাৰৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত শিল্পাই নিজে স্বীকাৰ কৰিলে ক’লে যে হয় মই নাকৰ অস্ত্ৰোপচাৰ কৰিলোঁ।

অনুষ্কা শৰ্মাঃ ওঁঠৰ আকৃতি কৃত্ৰিমভাৱে সুন্দৰ কৰি তোলাৰ বাবে অনুষ্কা শৰ্মাক ট্ৰ’ল কৰা হৈছিল। পিছত তেওঁ ক’লে যে মই লিপ জবক বম্বে ভেলভেট ছবিখনৰ চৰিত্ৰটোৰ বাবে এই কাম কৰিলোঁ।

উৰ্ফি জাভেদঃ নিজৰ সাহসী ষ্টাইলৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা উৰ্ফি জাভেদে শেহতীয়াকৈ স্বীকাৰ কৰিছে যে তেওঁ নিজৰ চকু দুটা প্ৰসাধন পদ্ধতিৰে সুন্দৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চকুৰ তলৰ ক’লা বৃত্তবোৰৰ বাবে তেওঁক ট্ৰ’ল কৰা হ’ল। কিন্তু তেওঁ ওঁঠত ফিলাৰ কৰি অনুশোচনাত ভুগিছে বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

কোয়েনা মিত্ৰঃ এসময়ত আইটেম ডান্সৰ জৰিয়তে বলীউডত শিৰোনাম দখল কৰা ক’য়েনা মিত্ৰাৰ কেৰিয়াৰৰ অন্ত পেলাইছিল নাকৰ চাৰ্জাৰি জৰিয়তে। এই অস্ত্ৰোপচাৰৰ তেওঁৰ বাবে সমস্যা হৈ পৰিছিল। মানুহে তেওঁক অস্ত্ৰোপচাৰৰ বাবে ট্ৰ’ল কৰিছিল। তেতিয়া খঙাল কোয়েনাই কৈচিল মোৰ মুখ, মোৰ জীৱন। মই কৰা কামৰ লগত আন মানুহৰ কি সম্পৰ্ক?


অমিতা ব্যৱহাৰ কৰি জিলিকাই তোলক আপোনাৰ মুখখন…

অমিতা ব্যৱহাৰ কৰি জিলিকাই তোলক আপোনাৰ মুখখন। সকলোৱে ধুনীয়া আৰু উজ্জ্বল ছাল পাব বিচাৰে। এনে ছাল পাবলৈ আপুনি বহু পদ্ধতি ব্যৱহাৰ কৰে। আজি আমি আপোনালোক জনাম ঘৰতে অমিতা ফেচ জেল বনোৱাৰ পদ্ধতিৰ বিষয়ে, যাৰ জৰিয়তে আপোনাৰ মুখলৈ আহিব গ্লো। অমিতাৰ ফেচ জেল কেনেকৈ বনাব পাৰি এই বিষয়ে জানি লওক। অমিতাৰ মুখৰ জেল বনাবলৈ ব্যৱহাৰ কৰক এই উপকৰণ সমূহ-

অমিতাৰ ফেচ জেল বনাবলৈ প্ৰথমে এটা ভাল পকা অমিতা লৈ লওক
তাৰ পিছত অলপ পকা অমিতা লৈ লওক
ইয়াৰ পিছত গ্ৰাইণ্ডাৰত ভালদৰে পিহি পেষ্ট প্ৰস্তুত কৰি লওক
তাৰ পিছত আপুনি এটা বাটিত ২ চামুচ গাখীৰ আৰু ২ চামুচ নাৰিকল তেল দিব
ইয়াৰ লগতে ইয়াত ৪ চামুচ ভিটামিন-ই কেপচুল দিব
তাৰ পিছত আপুনি তাত ১ চামুচ গোলাপ পানী দিব
এতিয়া এই সকলোবোৰ ভালকৈ মিহলাই লওক
তাৰ পিছত কাঁচৰ পাত্ৰত ভৰাই সংৰক্ষণ কৰক
এতিয়া আপোনাৰ অমিতাৰ ফেচ জেল প্ৰস্তুত হৈ গৈছে

অমিতাৰ ফেচ জেল কেনেকৈ ব্যৱহাৰ কৰিব?
অমিতাৰ ফেচ জেল লগোৱাৰ আগতে মুখখন ধুই মচিব ল’ব
তাৰ পিছত মুখত সঠিকভাৱে অমিতাৰ জেল লগাব
ইয়াৰ পিছত লাহে লাহে হাতেৰে মুখখন মালিচ কৰিব
তাৰ পিছত প্ৰায় ১০ মিনিটমান ৰাখিব।
ইয়াৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই পৰিষ্কাৰ কৰিব

এইদৰে অমিতাৰ ফেচ জেল ব্যৱহাৰ কৰি আপোনাৰ মুখলৈ আনিব পাৰিব অধিক গ্লো।

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী লোকে।

জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসমৰ নেতাৰ লগতে শাসকীয় পক্ষ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছত।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ড° হেমপ্ৰভা শইকীয়া, শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা, নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতি সভাৰাম গগৈকে ধৰি ভালে কেইজন বিষয় ববীয়া৷

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়।

প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়ৰ প্ৰায় ৮০ জন খেলুৱৈ অংশগ্ৰহণ কৰে।

খেলুৱৈৰ উন্নত প্ৰদৰ্শনৰে প্ৰতিযোগিতাত শিলপুখুৰীৰ মহৰ্ষি বিদ্যামন্দিৰে প্ৰথম শ্ৰেষ্ঠ আৰু প্ৰাগজ্যোতিষ ছিনিয়ৰ চেকণ্ডাৰী বিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰে।

বিয়লি ৩ বজাৰ পৰা আয়োজিত বটা বিতৰণী সভাত খেলুৱৈ সকলক বঁটা সমূহ প্ৰদান কৰে এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ সভাপতি সন্দীপ শৰ্মা, এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ একুৱেটিক শাখাৰ সম্পাদক সঞ্জয় দাস , যুটীয়া সম্পাদক ভাৱনা কৰ্ণে।

কলাক্ষেত্ৰত মঞ্চস্থ হ’ল শিশুনাট “শিয়ালী পালেগৈ ৰতনপুৰ”

দেওবাৰে সন্ধিয়া ৬.৩০ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত ‘শিয়ালী পালেগৈ ৰতনপুৰ ‘শীৰ্ষক এখনি শিশু নাট পৰিবেশিত হয়৷

নৱকান্ত বৰুৱা মূল গল্প কাহিনীৰ “শিয়ালী পালেগৈ ৰতনপুৰ”ৰ নাট্যৰূপ আৰু পৰিচালনা মানিক ৰয়ৰ৷


অসমৰ এখন আগশাৰীৰ নাট্যশিক্ষানুষ্ঠান গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰা নাটকখনৰ সহপৰিচালনা আছিল ৰুণুমী দেৱীৰ৷

মনদ্বীপ মহন্তৰ সংগীত পৰিচালনা, বনলতা বৈশ্যৰ নৃত্য পৰিচালনা, ধ্ৰুৱ হাজৰিকাৰ সংগীত সঞ্চালনা, অপূৰ্ব শৰ্মাৰ সাজসজ্জা, ডিম্পল দাসৰ পোহৰ তীব্ৰজ্যোতি বৈৰাগী আৰু নিতুমণি বৰাৰ ৰূপসজ্জাৰে নাটখনত শিশুশিল্পী সকলে সুন্দৰ অভিনয় কৰে৷

এই নাট সন্ধিয়াত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক হৃষীকেশ গোস্বামী,শোভেশ্বৰ দাস,জিতেন শৰ্মাৰ লগতে আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি নাট উপভোগ কৰে৷

উল্লেখযোগ্য যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত ২জুলাইৰ পৰা ২২জুলাইলৈ বীৰকুছি নাৰেংগীস্থিত মাৰিয়া পাব্লিক স্কুলত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাখনিৰ সামৰণি পৰাত এক অনুষ্ঠানৰ আয়োজন কৰি শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

আনহাতে ২৫ জুলাইৰ দিনা সন্ধিয়া ৬:৪৫ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত, গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহতে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ন পুৰণি ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিব নাট্যকাৰ জিতেন শৰ্মা ৰচিত তথা কনকলতা বৰুৱাৰ জীৱনগাথাঁ আধাৰিত নাট “কনকা”৷ কনকা নাটখনৰ পৰিচালনা আৰু পৰিকল্পনা মানিক ৰয়ৰ৷

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’ব ১০৮ ফুট উচ্চতাৰ ৰামমূৰ্তি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আধাৰশিলা স্থাপন

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’বলগীয়া ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ দেওবাৰে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ৰাজ্যখনৰ মন্ত্ৰালায়ম গাঁৱৰ টুংগাভদ্ৰা নদীৰ সমীপৰ ১০ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া ভগৱান শ্ৰীৰামৰ মূৰ্তিটোত ব্যয় হ’ব ৫০০ কোটি টকা।

আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰী গৰাকীয়ে ভগৱানৰ মূৰ্তিটোৱে সনাতন ধৰ্মৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।

আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অসম ত্যাগৰ সকীয়নি আলফা(স্বা)ৰ

জি পি সিঙক অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকীয়নি আলফ(স্বা)ৰ।

তিনিচুকীয়াৰ লাইপুলিত এনকাউন্টাৰ কৰা পুষ্পাঞ্জলী গগৈ নামৰ মহিলাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ আলফা(স্বা)ৰ।

শিৱসাগৰ গেলেকীত শেন চেতিয়া নামৰ ব্যক্তি গৰাকীকো শীতল মস্তিষ্কৰে আৰক্ষীয়ে গুলীয়াই আঘাত কৰাৰ অভিযোগ।

ৰাজকোষৰ কোটি কোটি টকা অন্যায়ৰ বাবে আত্মসাৎ কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া নেতাক এনকাউন্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিবলৈ আহ্বান আলফ(স্বা)ৰ।

আলফা(স্বা)ৰ অভিযোগ যোৱা বছৰ এপ্ৰিলত শিৱসাগৰত সুৰয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউন্টাৰেৰে হত্যা কৰিছিল।

অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শনৰ কাৰ্য বন্ধ নকৰিলে অসম এৰি যাবলৈও সকিয়নী জিপি সিঙলৈ।

বিশ্বনাথত ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ কৰ্মশালা

শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক উত্তৰণৰ লগতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক গোষ্ঠী নৃত্যস্পৰ্শৰ উদ্যোগত ১৫ জুলাইৰ পৰা ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ এক কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে।

এই কৰ্মশালা ২৫ জুলাইলৈকে ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব।

বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দিনৰ ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ অনুষ্ঠিত হৈ আছে এই কৰ্মশালা।

উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰত নাট্যমৰ বিশাৰদ নৃত্যপটিয়সী অনুষ্ঠানটোৰ সম্পাদিকা মানসী কলিতা আৰু সুদীপ্ত বৰাই।

কর্মশালাৰ সামৰণি অনুষ্ঠান অহা ২৬ জুলাইত হ’ব বুলি জানিবলৈ দিছে নৃত্যস্পৰ্শ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ৰূপজ্যোতি শইকীয়াই।

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং