Home Blog Page 1454

ভাৰতবৰ্ষত কৰ্তব্যৰত টাইৱানৰ ৰাষ্ট্ৰদূত বৌছোৱান গেৰৰ সৈতে নতুন দিল্লীত মন্ত্ৰী পিয়ূষ হাজৰিকা…

ভাৰতবৰ্ষত কৰ্তব্যৰত টাইৱানৰ ৰাষ্ট্ৰদূত বৌছোৱান গেৰ (Baushuan Ger)ৰ সৈতে নতুন দিল্লীত এক বৈঠকত মিলত হয় অসমৰ কেবিনেট মন্ত্ৰী পিয়ূষ হাজৰিকা।

এই বৈঠকত ভাৰতবৰ্ষৰ সাংস্কৃতিক বিনিময় তথা ব্যৱসায়িক বিনিয়োগ আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

জাম খাওঁক আৰু মধুমেহৰ পৰা পৰিত্ৰাণ পাওঁক…

জাম খাওঁক আৰু মধুমেহৰ পৰা পৰিত্ৰাণ পাওঁক। এই সময়ত জামৰ গছবোৰৰ তলত জামুক পৰি নীলা হৈ থাকে । গছত লগা ৯০ শতাংশ জাম নষ্ট তলত পৰি যায় । যিসকলৰ ঘৰত জামুকৰ গছ আছে , তেওঁলোকে জামুকৰ ৰস বনাই থওঁক। ৰস বনোৱাৰ পাছত যিখিনি অৱশিষ্ট ৰ’ব, সেইখিনি শুকাই গুড়ি কৰি থওঁক । জামুকৰ ৰস পেটৰ বাবে খুব ভাল ঔষধ । ই পাকস্থলী আৰু অন্ত্র চাফা কৰে । জামুকৰ ৰস নিয়মিত এমাহ সেৱন কৰিলে কিডনী পাঠৰ ওলাই যায় ।

জামুকৰ শুকান গুড়ি দৈনিক এক চামুচ এক গিলাচ গৰম পানীত মিহলাই ৰাতিপুৱা খালে তেজত শৰ্কৰাৰ পৰিমাণ কমাই মধুমেহ নিয়ন্ত্ৰণত আনে । মধুমেহৰ ঔষধৰ ভিতৰত জাম এটা অতিকৈ ভাল ঔষধ । এই সময়ত জামৰ ৰস প্ৰতি লিটাৰত ৩০০ টকা আৰু জামৰ গুটিৰ গুড়ি ৪০০ টকা প্ৰতি কিল’গ্ৰাম । ইয়াৰ খেতিৰ কৰি ব্যৱসায় কৰিও লাভবান হব পাৰে ।

চতুৰ্থ পৰ্যায়ত কেন্সাৰ ৰোগৰ পৰা আৰোগ্য হ’ব পাৰিনে…

যদি কেন্সাৰ প্ৰথম বা দ্বিতীয় পৰ্যায়ৰ হয় তেন্তে সেই ৰোগৰ পৰা আৰোগ্য হোৱাৰ আশা থাকে। আনহাতে যদি তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ হয় তেন্তে মানুহৰ চিন্তা বাঢ়ি যায়। শৰীৰৰ বিপজ্জনক আৰু মাৰাত্মক ৰোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰ্কট ৰোগ। দিনক দিনে বৃদ্ধি পাইছে কেন্সাৰ ৰোগীৰ সংখ্যা। কিছুমান লোকে উন্নত চিকিৎসাৰ বাবে এই ৰোগৰ পৰা পৰিত্ৰাণ পায়, আনহাতে কিছুমানে স্বাস্থ্যজনিত জটিলতাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়। প্ৰশ্ন উত্থাপন হয় যে চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ সঁচাকৈয়ে মাৰাত্মক নেকি? চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগীৰ বাবে জীয়াই থকাটো সঁচাকৈয়ে কঠিন নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ জানো আহক…

চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগক বিপদজনক আৰু মাৰাত্মক বুলি গণ্য কৰা হয়। কাৰণ এই পৰ্যায় অহাৰ সময়লৈকে ইতিমধ্যে শৰীৰত কেন্সাৰ বিয়পি পৰে। কৰ্কট কোষে শৰীৰৰ আন অংশত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এই কাৰণেই পৰিস্থিতি অলপ গুৰুতৰ হৈ পৰে। কিন্তু এইটো একেবাৰেই নহয় যে যদি কাৰোবাৰ চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগগ জীয়াই থকাটো কঠিন বা অসম্ভৱ। বহু সময়ত যেতিয়া কেন্সাৰ কোষবোৰ এটা অংগৰ পৰা আন এটা অংগলৈ স্থানান্তৰিত হয়, তেতিয়া ইয়াক চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ বুলিও কোৱা হয়। কিন্তু এইটো একেবাৰেই নহয় যে প্ৰতিটো চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ মাৰাত্মক আৰু বিপদজনক বা ইয়াৰ চিকিৎসা সম্ভৱ নহয়।

আজিৰ যুগত প্ৰায়বোৰ ৰোগৰ আধুনিক চিকিৎসাৰ ব্যৱস্থা আছে। আধুনিক চিকিৎসা পদ্ধতিয়ে বহুতো বিপদজনক ৰোগৰ চিকিৎসা সহজ আৰু সম্ভৱপৰ কৰি তুলিছে। অন্ত্ৰৰ কৰ্কট ৰোগ, মলদ্বাৰৰ কৰ্কট ৰোগ আৰু বৃহদান্ত্ৰৰ কেন্সাৰ এনে কিছুমান কৰ্কট ৰোগ যিবোৰ চতুৰ্থ পৰ্যায়তো আৰোগ্য কৰিব পৰা যায়। কেৱল এয়াই নহয়, মুখ, জিভা আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ কিছুমান ক্ষেত্ৰতো চতুৰ্থ পৰ্যায়ত আৰোগ্য লাভ কৰিব পাৰি। এই ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত কেমোথেৰাপি, ৰেডিয়চন আৰু অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও স্বাস্থ্যসন্মত খাদ্য খোৱা আৰু মদ আৰু চিগাৰেট ত্যাগ কৰিলেও কৰ্কট ৰোগৰ পৰা সোনকালে পৰাস্ত হ’ব পাৰি।

পানীয়েই প্ৰাণীৰ প্ৰাণ! অথচ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰময় অসম মুলুকৰে এটা অঞ্চল

আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বিশুদ্ধ খোৱা পানীৰ নামত দূষিত পানী সেৱন কৰি অহা এই খন অসম মূলুকৰে এটা অঞ্চল এয়া৷


যি সময়ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি আহিছে জল জীৱন মিছন আঁচনি৷


যি খন আঁচনিৰ জড়িয়তে চৰকাৰে হৰ ঘৰ নল, হৰ ঘৰ জলৰ শ্লোগান আওৰাইছে৷

চৰকাৰ খনৰ তেনে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই বিলাসীপাৰা মহকুমাৰ গাতে লাগি থকা পৰ্বতঝোৰাৰ আমঝোৰা অঞ্চল৷

আমঝোৰা অঞ্চলবাসীৰ বাবে চৰকাৰৰ এনে আঁচনি যেন এক নুবুজা সাঁথৰ হে৷


মাটি খান্দি পানী উলিয়াই তৃষ্ণা নিবাৰণ কৰি আহিছে দুৰ্গম অঞ্চলটোৰ বাসিন্দা সকলে৷


নগাঁৱৰ বৰঘাট বাইপাছত উদ্ধাৰ ৮ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ…

নগাঁৱৰ বৰঘাট বাইপাছত উদ্ধাৰ হৈছে ৮ ফুট দৈৰ্ঘ্যৰ এডাল মৃত অজগৰ সাপ।

শনিবাৰে নিশা অজগৰটোৱে ৰাস্তা পাৰ হওঁতেই বাইপাছেৰে যোৱা বাহনে সাপ ডালক চেপি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

দেওবাৰে একাংশ স্থানীয় ৰাইজে ৰাস্তাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে অজগৰটোক।

উলেখ্য যে বাইপাছেৰে অহা যোৱা কৰা একাংশ বাহনৰ দৌৰাত্মৰ বাবেই প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে।

স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক জীৱন্তে জ্বলাই দিলে দুস্কৃতিকাৰীয়ে…

মণিপুৰ হিংসা: স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক দুস্কৃতিকাৰীয়ে ঘৰতে জীৱন্তে জ্বলাই দিলে! মণিপুৰৰ দুগৰাকী মহিলাক জাতিগত সংঘৰ্ষত উলংগ কৰি পেৰেড কৰা ভয়ানক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মণিপুৰৰ পৰা অহৰহ বহু হৃদয় বিদাৰক আৰু কল্পনা কৰিব নোৱাৰা ভয়ানক কাহিনী প্ৰকাশ পাইছে।

শেহতীয়াকৈ মণিপুৰৰ কাকছিং জিলাৰ এটা সশস্ত্ৰ সংগঠনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পত্নী ৮০ বছৰীয়া বৃদ্ধাক নিজৰ ঘৰতে জীৱন্তে জ্বলাই দিয়াৰ খবৰ আহিছে। খবৰ অনুসৰি যোৱা ২৮ মে’ত কাকছিং জিলাৰ চেৰেউ গাঁৱত সশস্ত্ৰ দলটোৱে তেওঁক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি অগ্নিসংযোগ কৰে। মৃত মহিলাগৰাকীৰ প্ৰয়াত স্বামী এছ সুৰচন্দ সিঙক এসময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে সম্বৰ্ধনা জনাইছিল।

বৰপেটাৰ হাউলী থানাৰ অ’চিক ৰিজাৰ্ভ ক্ল’জ

হাউলী থানাৰ অ’চি গোপাল বৰাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

এটা দুৰ্ঘটনাৰ তদন্তত ভুল কৰাৰ বাবে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে হাউলী থানাৰ অ’চি গোপাল বৰাক।

এখন ডাম্পাৰে সংঘটিত কৰিছিল এটা দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকৰ লাইচেঞ্চ নাছিল বাবে হাজিৰ কৰোৱা নাছিল আদালতত।

তাৰ বিপৰীতে আন এজনক হাজিৰ কৰিছিল আদালতত।

ৰহস্যজনক ভাৱে দুৰ্ঘটনাৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল অ’চি গোপাল বৰাই।

আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অ’চি গোপাল বৰাক।

পত্নীৰ বান্ধৱীৰ বাবে ভাঙিল ২২ বছৰীয়া সংসাৰ !

কণ্ঠৰে বহু হৃদয় জয় কৰা হিমেশ ৰেশমিয়াৰ আজি ওপজা দিন। তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰেম জীৱনৰ সৈতে পৰিচয় কৰাই দিম আপোনালোকক। প্ৰথমে তেওঁ টিভিৰ জগতখনত নিজৰ ‘ষ্টাইল’ দেখুৱাইছিল, তাৰ পিছত প্ৰডাকচনৰ প্ৰতি নিজৰ ‘আশিকী’ আৰু ‘অমৰ প্ৰেম’ প্ৰকাশ কৰিছিল। ১৯৭৩ চনৰ ২৩ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা হিমেশে ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰি আহিছে। হিমেশ ৰেশমিয়াই ১৯৯৫ চনৰ ভিতৰত কোমল নামৰ ছোৱালী এজনীক বিয়া কৰাইছিল। ২০১৭ চনৰ ভিতৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। দুয়োৰে এজন পুত্ৰও আছে। ইয়াৰ পিছত হিমেশ ৰেশমিয়াই ছোনিয়া কাপুৰৰ লগত বিবাহপাশত আবদ্ধ হয়। আপুনি জানি আচৰিত হ’ব যে হিমেশৰ জীৱনত ছোনিয়াৰ প্ৰৱেশ তেওঁৰ প্ৰথম পত্নী কোমলৰ বাবেই হৈছিল। আচলতে কোমল আৰু ছোনিয়া বন্ধু আছিল। এইদৰেই ছোনিয়া হিমেশৰ কাষ চাপিছিল।

ছোনিয়া আৰু হিমেশৰ পৰিয়াল একেটা অট্টালিকাতে বাস কৰিছিল। সেই সময়ত ছোনিয়াই বহু টিভি শ্ব’ত কাম কৰিছিল আৰু হিমেশৰ ঘৰলৈও গৈছিল। কোমলেই হিমেশ আৰু ছোনিয়াক লগ কৰাই দিছিল। কোৱা হয় যে ২০০৬ চনত হিমেশ আৰু ছোনিয়াই ইজনে সিজনৰ সৈতে ডেটিং কৰিছিল। দুয়োৰে প্ৰেম প্ৰায় ১১ বছৰ ধৰি চলি থাকিল, যিটো কোমালে কেতিয়াও জনাই নাছিল। ছোনিয়াৰ প্ৰতি মোহিত হিমেশে ২০১৭ চনৰ ভিতৰত এনে সিদ্ধান্ত লৈছিল, যাৰ ফলত কোমলে বহুত কান্দিছিল। আচলতে বিয়াৰ ২২ বছৰৰ পাছত হিমেশে কোমলৰ পৰা বিবাহ বিচ্ছেদ কৰিছিল। এই বিষয়ত হিমেশে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ আৰু কোমলে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ কৰিছিল। দুয়োজনে একেলগে পুত্ৰৰ যত্ন লয়।

বিজেপি নেতা লাচিত গগৈ নিলম্বিত হ’ল দলৰ পৰা

দলৰ পৰা নিলম্বিত কৰিলে বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক।

দলটোৰ অসম প্ৰদেশ কমিতিয়ে এক জাননী যোগে এই কথা সদৰী কৰিছে।

এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল।

অডিঅ’টোত চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল।

যাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰিছিল বিজেপি নেতাগৰাকীক।

ইয়াৰ পাছতেই সমগ্ৰ বিষয়টোয়ে ৰাজনৈতিক মহলত বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল।

দেওবাৰে নেতাগৰাকীক দলৰ পৰা নিলম্বিত কৰে দলীয় কৰ্তৃপক্ষই।

মণিপুৰৰ ঘটনাক লৈ লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী…

মণিপুৰৰ ঘটনাক লৈ বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৷ দেশজুৰি কঁ‌পোৱা মণিপুৰৰ মহিলাৰ যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে প্ৰতিবাদ। আদিবাসী আইকণ তথা বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে তেওঁৰ সমৰ্থক সকলক লৈ বিশ্বনাথৰ জপৌ বাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰি এয়া এক চৰম লজ্জাজনক   বুলি অভিহিত কৰে লক্ষ্মী ওৰাঙে ৷

মহিলাক এইদৰে বিৱস্ত্ৰ কৰি ৰাজপথত সমদল কৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰে ৷ আৰু এই ঘটনাৰ সৈতে জড়িত লোকক কঠোৰতম শাস্তিৰ দাবী তোলে লক্ষ্মী ওৰাঙে । আনহাতে নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে নেত্ৰী গৰাকীয়ে। উল্লেখ্য যে,২০০৭ চনৰ ২৪নৱেম্বৰত আছাৰ আন্দোলনত ভাগ ল’বলৈ গৈ গুৱাহাটিৰ বেলতলাত চৰম নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল বিশ্বনাথৰ লক্ষ্মী ওৰাং নামৰ যুৱতীগৰাকী। ৰাজপথত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ লজ্জা নিবাৰণৰ বাবে অসমৰ্থ হোৱা লক্ষ্মী ওৰাঙে মনিপুৰৰ ঘটনাৰ পিছতে মাতৃজাতিক সুৰক্ষা প্ৰদানত মনিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মূৰব্বীৰ ব্যৰ্থতাৰো তীব্ৰ ভাষাৰে সমলোচনা কৰে।