Home Blog Page 1460

কেদাৰনাথ ধামত নিষিদ্ধ ভিডিঅ’গ্ৰাফী, ফটোগ্ৰাফী। এই সিদ্ধান্ত মন্দিৰ সমিতিৰ…

ফটো উঠি, ৰিল বনাই ভালপোৱা সকলৰ বাবে এক বেয়া খবৰ। কেদাৰনাথ মন্দিৰলৈ গ’লে নোৱাৰিব ফটো আৰু ৰিল কৰিব। কেদাৰনাথ মন্দিৰ চৌহদত নিষিদ্ধ কৰা হৈছে ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফী। উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ৰিল বনোৱা সকলৰ এতিয়া ভাল নহয়। উত্তৰাখণ্ডৰ শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ ভিতৰত ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফী নিষিদ্ধ কৰিছে। কেদাৰনাথ মন্দিৰ চৌহদৰ বিভিন্ন স্থানত মন্দিৰ সমিতিয়ে সতৰ্কবাণী ফলক লগাইছে যে যদি কোনো লোকে ফটো তুলি বা ভিডিঅ’ বনোৱা ধৰা পৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ বহু লোকে মন্দিৰৰ মৰ্যাদাৰ কথা নাভাবি ৰিল বনাইছিল। সেইবাবে মন্দিৰৰ চৌহতত এই কাৰ্য বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

কেদাৰনাথ মন্দিৰ চৌহদৰ বহু ঠাইত হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে বৰ্ড লগোৱা হৈছে, য’ত ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফী নিষিদ্ধকৰণৰ তথ্য লিখা হৈছে। মন কৰিবলগীয়া বিষয় যে শেহতীয়াকৈ কেদাৰনাথৰ পৰা এনে বহু ৰিল আৰু ভিডিঅ’ ওলাইছিল য’ত কোনোবাই তেওঁৰ প্ৰেমিকাক প্ৰপ’জ কৰা দেখা গৈছিল আৰু কোনোবা দম্পতীয়ে একেলগে ফটো, ৰিল বনাই আনন্দ-ফূৰ্তি কৰা দেখা গৈছিল। এটা ভিডিঅ’ত মহিলাগৰাকীয়ে কেদাৰনাথ মন্দিৰৰ ভিতৰত নোট উৰুৱাই থকা দেখা গৈছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

ভক্ত সকলৰ এনে কাৰুকাৰ্যৰ বাবেই মন্দিৰ কৰ্তৃপক্ষই এনে সিদ্ধান্ত লয়।

বিবাহৰ পূৰ্বে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই ল’লে এক ডাঙৰ সিদ্ধান্ত ! এনে সিদ্ধান্তৰ কাৰণ কি…

বিবাহৰ পূৰ্বে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই ল’লে এক ডাঙৰ সিদ্ধান্ত ! এনে সিদ্ধান্তৰ কাৰণ কি? পৰিনীতি চোপ্ৰা আৰু ৰাঘৱৰ এংগেজমেণ্টৰ পিছত চেলিব্ৰিটিৰ বিবাহক লৈ যথেষ্ট চৰ্চা হৈছে। আগতে দুয়োজনে দুটা গ্ৰেণ্ড অভ্যৰ্থনা দিব বুলি খবৰ ওলাইছিল। কিন্তু এতিয়া যেন দুয়োৰে পৰিকল্পনা সলনি হৈছে। পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ বাগ্দান চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হোৱাৰ খবৰ ওলাইছিল। কিন্তু এতিয়ালৈকে এই দুয়োগৰাকী তাৰকাই বিয়াৰ তাৰিখ ঘোষণা কৰা নাই। ইফালে, খবৰ আহিছে যে এই দম্পতীহালে এতিয়া দুটা নহয়, এটা অভ্যৰ্থনা দিয়াৰ পৰিকল্পনা কৰিছে। একে সময়তে বিয়াৰ তাৰিখৰ সন্দৰ্ভতো বহু তথ্য প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে এই অভ্যৰ্থনাৰ বিষয়ে খবৰ ওলাইছিল যে দুয়োজনে মুম্বাই আৰু চণ্ডীগড়ত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠীত কৰিব কৰিব। কিন্তু এতিয়া এই দম্পতী হালে কেৱল গুৰুগ্ৰামৰ ‘দ্য লীলা এম্বিয়েন্স গুৰুগ্ৰাম হোটেল’ত অভ্যৰ্থনাৰ পৰিকল্পনা কৰাৰ কথা ভাবিছে। এই দম্পতীহালে দিল্লীতে নিজেই অভ্যৰ্থনা ঠিক কৰিব। কাৰণ ৰাঘৱৰ জন্মস্থান দিল্লী আৰু তেওঁৰ বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়সকল দিল্লীতে থাকে। বিবাহৰ তাৰিখ সন্দৰ্ভত দম্পতীহালে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও চলিত বৰ্ষৰ অক্টোবৰ মাহত এই দম্পতীহাল বিবাহপাশত আবদ্ধ হ’ব পাৰে বুলি কোৱা হৈছে এক মনোৰঞ্জনমূলক বাতৰিত।

‘চন্দ্ৰযান মিছন ভাৰতৰ বাবে ডাঙৰ কথা নহয়’। অন কেমেৰা এই কথা ক’লে এজন পাকিস্তানী ব্যক্তিয়ে…

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাইত ইছৰোৰ তৃতীয় সংস্কৰণৰ চন্দ্ৰ উৎক্ষেপণ কাৰ্যসূচী সফলতাৰে আৰম্ভ হয়। এই কাৰ্যৰ পিছতে বিশ্বৰ বহু দেশে ভাৰতক এই সফলতাৰ বাবে অভিনন্দন জনায়। ইফালে পাকিস্তানী মহিলা ইউটিউবাৰ ছানা আমজাদে চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ সন্দৰ্ভত জনসাধাৰণৰ মতামত জানিব বিচাৰিছিল। ভাৰতৰ চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানী ব্যক্তিজনে কয় যে ভাৰত ইতিমধ্যে চন্দ্ৰলৈ নিজাকৈ অভিযানত আগবাঢ়িছে। প্ৰযুক্তিৰ স্থানৰ ক্ষেত্ৰত ভাৰত অতি শক্তিশালী। ‘মই ভাৰতৰ অনুৰাগী’ বুলিও মন্তব্য কৰে ব্যক্তিগৰাকীয়ে। ভাৰতৰ বাহিৰেও পাকিস্তানী ব্যক্তিজনে ইউৰোপৰ বহু দেশৰ উদাহৰণ দাঙি ধৰিলে, যিবোৰ দেশ চন্দ্ৰ অভিযানত গৈছে। ভাৰতে এই কাৰ্য পুনৰ সম্পূৰ্ণ কৰাটো কোনো ডাঙৰ কথা নহয়। প্ৰযুক্তিৰ স্থানৰ ক্ষেত্ৰত ভাৰত অতি শক্তিশালী।

চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। ইছৰোৱে ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা তৃতীয় সংস্কৰণৰ চন্দ্ৰ অন্বেষণ কাৰ্যসূচী সফলতাৰে আৰম্ভ কৰে। চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব, যিটো এতিয়াও আৱিষ্কাৰ হোৱা নাই। ইয়াৰ পূৰ্বে মাত্ৰ তিনিখন দেশ আমেৰিকা, চীন আৰু ৰাছিয়াই চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰাত সফল হৈছে।

সাৱধান ! শিশুক চাহ খাবলৈ নিদিব…

সাৱধান ! শিশুক চাহ খাবলৈ নিদিব। ডাঙৰ-সৰু সকলোৰে প্ৰিয় চাহ। অৱশ্যে শিশুক চাহ দিয়াটো কিমান বিপদজনক হ’ব পাৰে সেই বিষয়ে হয়তো বহু লোক অজ্ঞাত। যদি আপোনাৰ সন্তানেও চাহ খোৱাৰ অভ্যাস আছে তেন্তে চাহ খোৱাৰ অসুবিধা সমূহৰ বিষয়ে জানি লওক। আচলতে চাহ আৰু কফি দুয়োটাতে প্ৰচুৰ পৰিমাণে কেফেইন আৰু চেনি পোৱা যায়। কেফেইন আৰু চেনি দুয়োটাই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই। ইয়াৰ ফলত কেৱল শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ নপৰে, শিশুটিৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে।

১২ বছৰৰ তলৰ শিশুক চাহ খুৱাব নালাগে। কিয় জানেনে? চিকিৎসকৰ মতে কেফেইনযুক্ত মিঠা বস্তু সেৱন কৰিলে শিশুৰ দাঁত ক্ষয়ৰ সমস্যা হ’ব পাৰে। কেৱল এয়াই নহয়, চাহ-কফি অধিক পৰিমাণে সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ তথ্য অনুসৰি ১২ বছৰৰ তলৰ শিশুক কেফেইনযুক্ত বস্তু সেৱন কৰিবলৈ দিয়া উচিত নহয়। চাহ-কফিও তেওঁলোকক দিব নালাগে।

আনহাতে ১২-১৮ বছৰ বয়সৰ লোকে দৈনিক ১০০ মিলিগ্ৰামতকৈ অধিক কেফেইন সেৱন কৰিব নালাগে। যদি আপুনি শিশুক অত্যধিক পৰিমাণৰ চাহ বা কফি দি থাকে, তেন্তে বহু স্বাস্থ্যজনিত সমস্যাই তেওঁলোকক আগুৰি ধৰিব পাৰে। তেওঁলোকৰ হাড়বোৰ দুৰ্বল হৈ পৰিব পাৰে। টোপনিৰ অভাৱ হ’ব পাৰে। খিংখিঙীয়া, ডায়েবেটিছ, পানীলগা সমস্যা হ’ব পাৰে।

শাওণ মাহৰ সোমবাৰে দান কৰক এই সমূহ বস্তু; জীৱনলৈ আহিব সফলতা…

শাওণ মাহৰ সোমবাৰে দান কৰক এই সমূহ বস্তু; জীৱনলৈ আহিব সফলতা। আজি শাওণ মাহৰ দ্বিতীয়টো সৱন সোমবাৰ, লগতে আজিও অমাৱস্যাও। এনে পৰিস্থিতিত ভোলানাথক পূজা আৰু পবিত্ৰ কৰাৰ উপৰিও আজিয়েই দান কৰক কিছু বিশেষ বস্তু। শাওণ মাহৰ সোমবাৰে ভগৱান মহাদেৱক পূজা কৰিলে, উপবাসে থাকিলে বহুতো উপকাৰ পোৱা যায় বুলি এক লোকবিশ্বাস আছে। আজিৰ দিনটোত বস্তু দান কৰি দোষ-ত্ৰুটি আঁতৰি যাব আৰু গ্ৰহবোৰে শুভ ফল দিব-

  • শাওণ মাহৰ সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ ঢালক। লগতে আজিয়েই কেঁচা গাখীৰ দান কৰক। চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিব।

যিসকলৰ ৰাশিফলত দুৰ্বল চন্দ্ৰ আছে, তেওঁলোকে শাওণ মাহৰ সোমবাৰে দৰিদ্ৰ আৰু আৰ্তজনক চাউল, চেনি, ঘিউ আৰু গাখীৰ দান কৰিব লাগে। এই কাম কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় আৰু চন্দ্ৰ ৰাশিফলত শক্তিশালী হৈ শুভ ফল দিবলৈ আৰম্ভ কৰিব।

  • আজি সোমবাৰ আৰু অমৱস্যা , এই উপলক্ষে ক’লা তিল পানীত মিহলাই ভগৱান শিৱক অৰ্পণ কৰক। লগতে ক’লা তিল দান কৰিব। এনে কৰিলে শনি দোষ আঁতৰি যাব। যদি আপুনি এই কাম কৰিব নোৱাৰে তেন্তে অন্ততঃ কোনোবা দুখীয়া মানুহক অলপ টকা দিব।
  • শাওণ সোমবাৰৰ দিনা এটা মন্দিৰত এটা নতুন ঝাড়ু দান কৰক, ইয়াৰ দ্বাৰা দেৱী লক্ষ্মী সুখী হ’ব আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ’ব। আপোনাৰ উপাৰ্জন বাঢ়িব, জীৱনলৈ সুখ-সমৃদ্ধি বাঢ়িব।

ধুনীয়া ছালৰ বাবে দামী ক্ৰীম নহয়; এইদৰে তৰমুজ ব্যৱহাৰ কৰক…

ধুনীয়া ছালৰ বাবে দামী ক্ৰীম নহয়; এইদৰে তৰমুজ ব্যৱহাৰ কৰক। আজি আমি আপোনালোকক জনাম তৰমুজ ব্যৱহাৰ কৰি কিদৰে আপোনাৰ ছাল ধুনীয়া কৰি ৰাখিব। যদি আপুনি মুখত তৰমুজ ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ ছালখনক ৰ’দৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰিব। তৰমুজ কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও উপকাৰী। গতিকে আহকচোন জানোঁ কেনেকৈ তৰমুজৰ জৰিয়তে মুখখন ধুনীয়া কৰিব…..

তৰমুজৰ ফেচ পেক বনাবলৈ উপকৰণ-

তাৰ পিছত আপুনি অলপ তৰমুজৰ ৰস এটা বাটিত লৈ ল’ব।
ইয়াৰ পিছত এই ৰসত প্ৰায় এক চামুচ মৌ দিব।
তাৰ পিছত এই দুয়োটা বস্তু ভালদৰে মিহলাই মসৃণ কৰি লওক।
এইদৰে তৰমুজ হাইড্ৰেটিং ফেচ পেক বনাব পাৰি।

তৰমুজৰ ফেচ পেক ব্যৱহাৰ কৰা আগমূহুৰ্তত মুখখন ভালদৰে চাফা কৰি ল’ব।
তাৰ পিছত গোটেই মুখত ভালদৰে এই ফেচ পেক ব্যৱহাৰ কৰক। ইয়াৰ পিছত আঙুলিৰ মূৰেৰে মুখখন কিছু সময় মালিচ কৰিব। তাৰ পিছত ২০ মিনিটমান লগাই শুকুৱাই লৈ সাধাৰণ পানীৰ সহায়ত মুখখন ধুই পৰিষ্কাৰ কৰিব।
ভাল ফলাফলৰ বাবে এই পেকটো সপ্তাহত কমেও ৩ বাৰ ব্যৱহাৰ কৰিব লাগিব।

বিশ্বনাথৰ বালিচাং খেৰবাৰীত ছাগলী চুৰি চক্ৰক কৰায়ক্ত

বিশ্বনাথৰ বালিচাং খেৰবাৰীত দেওবাৰে কৰায়ক্ত কৰা হয় ছাগলী চুৰৰ এটা চক্ৰ৷ দলংগুৰি টেঙাবস্তিৰ পথৰ দাতিৰ পৰা চুৰি কৰি আনিছিল ছাগলী৷

AR01C7375 নম্বৰৰ নীলা ৰঙৰ ৱেগেনাৰ বাহনত ভৰাই তীব্ৰ বেগেৰে পলায়ন কৰিছিল চোৰ দুজন৷ ততাতৈয়াকৈ পোৱা খবৰ অনুসৰি বালিচাং আৰক্ষী আৰু স্থানীয় গাওঁৰক্ষী বাহিনীয়ে পিছে পিছে খেদি বালিচাং খেৰবাৰীত কৰায়ক্ত কৰে চোৰ দুজনক ৷

চুৰ দুগৰাকী বৰগাঙৰ চাহিল আলি আৰু চৌকত আলী বুলি জনা গৈছে ৷সম্প্ৰতি বালিচাং আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

মাজুলী জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ বালিচাপৰি নাথ গাঁও অধিৱেশন ২০২৩ সম্পন্ন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি অনুষ্ঠান সম্পন্ন মাজুলীত৷ সমন্বয় শাখা সাহিত্য সভা পুৰণিবাৰীৰ উদ্যোগত মাজুলী জিলা সাহিত্য সভাৰ প্ৰথম পূৰ্ণাংগ অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে বালিচাপৰি নাথ গাঁওৰ বৰনামঘৰ প্ৰাংগনত সুকলমে সম্পন্ন হয়৷

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে আদৰণি সমিতিৰ উপসভাপতি ৰূপজ্যোতি নাথে আৰু পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মাজুলী জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু আদৰণি সমিতিৰ সভাপতি আনন্দ নাথে৷

আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত চন্দ্ৰ নাথে স্মৃতি তৰ্পণ কৰাৰ পিছতে মাজুলীৰ বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী কেন্দ্ৰীয় কুঁহি প্ৰতিযোগিতাত চিত্রাংকন, কবিতা আবৃত্তি, বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিত শৰ্মাই উদ্বোধন কৰা কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভাৰ কু্ঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু জিলা সম্পাদক মনোজ্যোতি ৰেগনে৷ অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁয়ে সঞ্চালনা কৰা সমগ্ৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন কলিতা, ধেমাজি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক দীপক ভৰালী, প্ৰাক্তন জিলা প্ৰতিনিধি নামেশ্বৰ কাৰ্দঙ, চৰাইদেউ জিলা সাহিত্য সভাৰ কু্ঁহি উপসমিতিৰ আহ্বায়ক সুনীল গগৈ, অসম সাহিত্য সভাৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা প্ৰমুখ্যে পাঁচ শতাধিক সাহিত্য অনুৰাগীয়ে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

দুটা শাখাত অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত ‘ক শাখা’ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ আৰু ‘খ শাখা’ত ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কবি দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানুহৰ দেশ’ শীৰ্ষক কবিতা আবৃত্তি কৰে৷

তেনেদৰে চিত্রাংকন প্ৰতিযোগিতাও দুটা শাখাত অনুষ্ঠিত হোৱাৰ বিপৰীতে এটা এটা শাখাত অনুষ্ঠিত হোৱা বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিক পৰ্যন্ত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমনি নাথ আৰু কবি যতীন্দ্ৰনাথ মুদৈয়ে বিচাৰক হিচাপে উপস্থিত থকা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত ক্ৰমে অভিজ্ঞান দত্ত, অনুৰাগ নাথ, দেৱাশ্ৰী বৰাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ, ধেমাজি জিলাৰ নীৰা কোঁৱৰে নিচুকনি পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ‘খ’ শাখাত অভিলাষা বৰা, কৃষাৰাণী নাথ, অনন্যা পামেগামে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে৷

বিশিষ্ট অনাতাঁৰ শিল্পী অনিমা শইকীয়া, গীতিকাৰ ইভাৰাণী গোস্বামী, শিল্পী ৰুণমণি শইকীয়া আৰু গায়ক ইন্দিৰাম নাথে বিচাৰক হিচাপে উপস্থিত থকা বৰগীত প্ৰতিযোগিতাত ৰক্তিম ৰঞ্জন নাথে প্ৰথম, অৰ্চিতা শইকীয়াই দ্বিতীয়, প্ৰাচুৰ্য্যা প্ৰিয়ম বৰুৱা আৰু দিব্যজ্যোতি শৰ্মাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ, ধেমাজিৰ বাৰ্লিনা চুতীয়াই নিচুকনি পুৰস্কাৰ লাভ কৰাৰ পিছতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত মনালিচা নাথ, মৃগাংক নাথ, ধৃতিমণি বৰাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে৷ চিত্র শিল্পী শ্যামন্ত পায়েং আৰু ত্ৰিপুৰাত দলে বিচাৰক হিচাপে উপস্থিত থকা চিত্রাংকণ প্ৰতিযোগিতাৰ ‘ক’ শাখাত ক্ৰমে মধুস্মিতা হাজৰিকা, দৰ্শন প্ৰতীম গোস্বামী, চিত্রৱন পামেগামে প্ৰথম দ্বিতীয় আৰু তৃতীয় হোৱাৰ বিপৰীতে ‘খ’ শাখাত অনুপম বৰুৱাই প্ৰথম, সমুজ্জ্বল হাজৰিকাই দ্বিতীয় আৰু অভিলাষা বৰাই তৃতীয় স্থান অধিকাৰ কৰে৷

ইয়াৰ পিছতে বিয়লি ৩ বজাত অনুষ্ঠিত প্ৰজাতীয় মৈত্ৰীবন্ধনৰ কেন্দ্ৰীয় আলোচনা চক্ৰৰ সঞ্চালনা কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰত্নেশ্বৰ বসুমতাৰীয়ে। মিচিং লোক-সংস্কৃতিৰ গৱেষক অমিয় কুমাৰ চিৰাং, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিষ্ণু দেউৰী আৰু লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিপুল শৰ্মা বৰুৱাই মুখ্য আলোচক হিচাপে অংশগ্ৰহন কৰা ‘অসমীয়া ভাষা সাহিত্যলৈ জনগোষ্ঠীয় অৱদান’ শীৰ্ষক আলোচনাত বহুসংখ্যক সাহিত্য অনুৰাগীয়ে অংশগ্ৰহণ কৰে৷ সম্পাদক মনোজ্যোতি ৰেগনে উদ্দেশ্য বাখ্যা কৰা সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই। প্ৰতিনিধি সভাই সাহিত্যিক মহিম চন্দ্ৰ নাথক জিলা প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে৷

সভাত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা আৰু লিপিৰ বাধ্যতামূলক ব্যৱহাৰ, অসম সাহিত্য সভাৰ সভ্যসকলক অসম সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা, গড়মূৰ সত্রৰ বিপ্লৱী সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱ গোস্বামী, সুসাহিত্যিক তথা নতুন কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী আৰু প্ৰথম অসমীয়া বাতৰি কাকত ‘আসাম বিলাসিনী’ৰ প্ৰণেতা দত্তদেৱ গোস্বামীৰ স্মৃতিদিৱস অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ পৰ্যবেক্ষণত সুসম্পন্ন হোৱা প্ৰতিনিধি সভাত মাজুলী জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ১৫ লাখ টকাৰ সঠিক প্ৰয়োগত গুৰুত্ব প্ৰদান কৰি নতুন জিলা সমিতিক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰাৰ লগতে প্ৰয়োজনত পূৰ্ব প্ৰস্তাৱিত নিৰ্মাণ সমিতিৰ সালসলনি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে৷


দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে নৱনিৰ্ৱাচিত জিলা সভাপতি ৰামসাগৰ নাথক আদৰি অনাৰ পিছতে দিনৰ ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় I পঞ্চৰত্ন মহিলা গোটে দিহানাম পৰিৱেশন কৰি মঞ্চ মুকলি কৰে I ইয়াৰ পিচতে অধিৱেশনৰ মুকলি সভাত শিল্পী ইভাৰাণী গোস্বামীৰ নেতৃত্বত ৰিডম মাজুলীৰ বাচকবনিয়া শিল্পীয়ে অসম সাহিত্য সভাৰ আৰম্ভণি গীত পৰিৱেশন কৰে I মুকলি সভাত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই নৱ নিৰ্বাচিত সভাপতি ৰামসাগৰ নাথক আনুষ্ঠানিকভাৱে সভাপতিৰ আসনত অলংকৃত কৰায় I অসম সাহিত্য সাহিত্য সভাৰ উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল অসমীয়াই সংৰক্ষন কৰি ৰাখি ভাষাৰ বহুল প্ৰয়োগৰ সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে৷

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই ‘সমন্বয় সুবাস’ শীৰ্ষক আদৰণী সমিতিৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে | নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী সত্যজিৎ মহন্তই বিশেষ সন্মানীয় অতিথি, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড০ জয়ন্ত মাধৱ বৰা, অৱসৰী অধ্যক্ষ ঘনকান্ত নাথ, অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, কেন্দ্ৰীয় কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, সাংবাদিক যদু কলিতা, প্ৰাক্তন জিলা সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, বিষয়ববীয়া ক্ৰমে ৰুবী শইকীয়া, প্ৰফুল্ল বৰুৱা, আৰতি বৰা, যুগল হাজৰিকা, অমূল্য কুমাৰ নাথ, মিনতি শইকীয়া, গুণকান্ত ভূঞা, গিৰিধৰ কলিতা, প্ৰদীপ বৰঠাকুৰ, জীৱেশ্বৰ বৰা, ইন্দুলেখা হাজৰিকা, ৰবীন শইকীয়া, হৰেন্দ্ৰনাথ বৰুৱা, প্ৰণৱজিত মিশ্ৰ, সত্যজিৎ কুম্বাং, খগেন হাজৰিকা, অনুপ্ৰভা দেৱী, প্ৰফুল্ল বৰুৱা, প্ৰমোদ চন্দ্ৰ গোস্বামী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷

আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য প্ৰভাত বৰা বুঢ়াভকতে উদ্বোধন কৰা সভাতেই অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ উদ্যোগত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী চিত্রাংকণ-কবিতা আবৃত্তি-বৰগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, প্ৰধান সম্পাদক তথা কেন্দ্ৰীয় কুঁহি সমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়কৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ প্ৰদানৰ লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ পোন্ধৰশ টকা, এহেজাৰ টকা আৰু পাঁচশ টকা, কিতাপৰ টোপোলা, লেখন সামগ্ৰী প্ৰদান কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আদৰণী সমিতিৰ সভাপতি আনন্দ নাথে৷ জাতীয় সংগীতেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে৷

লঃলে নিঃতম গুমৰাগ চঃমানে কঁপালে মাজুলীৰ নামনি গেজেৰা

মিচিং সকলৰ পিতৃ সংগঠন বাঃনৗ কৗবাঙৰ শতবৰ্ষৰ দেওবাৰে দ্বিতীয়টো দিন৷ তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ নামনি গেজেৰাত উদযাপন কৰা হৈছে বাঃনৗ কৗবাং৷


তাৰে লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷


উল্লেখ যোগ্য যে ১৯২৪ চনৰ এই দিনটোতে অৰ্থাৎ( ১৬ জুলাই তাৰিখে) শ্ৰীশ্ৰী পীতাম্বৰদেৱগোস্বামীৰ সহযোগ আৰু সভাপতিত্বত বাঃনৗ কৗবাঙে প্ৰতিষ্ঠা লাভ কৰিছিল৷

যাৰ উদ্দেশ্য আছিল শিক্ষা, সংস্কৃতি আৰু সুন্দৰ জীৱন যাপনৰ সম্পৰ্কে নিৰক্ষৰসকলক সজাগ কৰা৷

তাৰেই শতবৰ্ষৰ শুভাৰম্ভণি উদযাপন কৰি কবিতা, নৃত্য প্ৰতিযোগিতা, ঐনিঃতম প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হৈছে৷
-প্ৰাঞ্জল গাৰে, মাজুলী

প্ৰসংগঃ আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ’; স্পষ্টীকৰণ দিলে আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে

অসম আৰক্ষীৰ কু-কাণ্ডৰ বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে৷

কেইদিনমান পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল; য’ত দেখা গৈছিল যে এজন আৰক্ষী বিষয়াই এগৰাকী মহিলাক চোচৰাই লৈ গৈছিল। দাবী অনুসৰি ভিডিঅ’টো লখিমপুৰৰ।

এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

ভাইৰেল ভিডিঅ’ সন্দৰ্ভত এক টুইট কৰি তেওঁ কয় যে ভিডিঅ’টো ২০২২ চনৰ এপ্ৰিল মাহৰ। সিঙৰ মতে ভাইৰেল হোৱা ভিডিঅ’টোত থকা মহিলাগৰাকীয়ে একেলগে আৰক্ষী বিষয়াগৰাকীৰ লগত বাস কৰিছিল।

দুয়ো লখিমপুৰ আৰক্ষী থানা চৌহদৰ বাসগৃহত বাস কৰিছিল।

কেইবছৰমান ধৰি আৰক্ষীজনৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক আছিল যদিও সেই ঘটনাৰ পাছত তেওঁলোকৰ বিচ্ছেদ হৈছিল। লগতে টুইটত সিঙে এয়াও কয় যে, সকলো কথা নিশ্চিত কৰিবলৈ মহিলাগৰাকীক যোগাযোগ কৰা হৈছিল। লগতে সকলো তথ্য চালি জাৰি চোৱা হৈছে।

ইয়াৰোপৰি সিঙে লখিমপুৰৰ এছ পিক নিৰ্দেশ দি বিষয়টো সন্দৰ্ভত বিভাগীয় নিয়ম উলংঘা হৈছে নে নাই সকলো চোৱা চিতা কৰিবলৈ নিৰ্দেশ দিয়ে।