Home Blog Page 1467

হাজোত ‘কৰুণাধাৰা’ৰ উদ্যোগত চেক প্ৰদান অনুষ্ঠান…

হাজোত ‘কৰুণাধাৰা’ৰ উদ্যোগত চেক প্ৰদান অনুষ্ঠান। (“কৰুণাধাৰা” লৈ ৫০ হাজাৰ টকাৰ অনুদানেৰে মহানুভৱতাৰ নিদৰ্শন দলৈ শিৱ প্ৰসাদ শৰ্মাৰ)। তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ দোমোঠাৰ গুৰিত “কৰুণাধাৰা” এক হৃদয়ৰ আন্দোলন কামৰূপ জিলা সহায়ক সমিতিৰ উদ্যোগত এটি চেক প্ৰদান অনুষ্ঠান সম্পণ্ণ হ’য়। সেই অনুসৰি এখনি সজাগতা সভা সম্পন্ন হয় । সভাৰ সভাপতিত্ব কৰে কামৰূপ জিলা সহায়ক সমিটিৰ সভাপতি শিৱ প্ৰসাদ শৰ্মা দলৈয়ে । সভাত কৰুণাধাৰা ( হৃদয়ৰ আন্দোলন )ৰ সভাপতি পুতুল চন্দ্ৰ ফুকন, উপ সভানেত্ৰী নীলিমা গোস্বামীয়ে ভাষণ আগবঢ়াই । সভাত কামৰূপ জিলা কমিটিৰ কাৰ্যকৰি সভাপতি সোণ চন্দ্ৰ মালাকৰ, অৱসৰী আৰক্ষী অধিক্ষক দেৱজিৎ দাস, ৰেণু বৰদলৈ, হাজো ৰাইজ কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰ ,সমাজ কৰ্মী কিচিন দাস ,প্ৰানজিত দাস ,দেৱজিত হাজৰিকা, বাবুল মজুমদাৰ,বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায়সংখ্যক লোকে উপস্থিত থাকি ” কৰুনাধাৰা” ৰ গঠনমূলক উত্তৰনৰ দিশত সাৱলীল বক্তব্য দাঙি ধৰে।

সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই “কৰুণাধাৰা” কামৰূপ জিলা কমিটিৰ সম্পাদক দ্বীজেন ভৰালীয়ে । সভাত তিনি গৰাকী শাৰিৰীকভাৱে অক্ষম ব্যক্তিক চেক প্ৰদান কৰা হয় । তদুপৰি আজিৰ সভাৰ মূখ্য আকৰ্ষনৰ কেন্দ্ৰবিন্দু সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈয়ে নিজৰ ব্যক্তিগত ধনৰে ৫০ হাজাৰ টকাৰ অনুদান “কৰুণাধাৰা”লৈ আগবঢ়াই এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । যাৰ বাবে দলৈ শিৱ প্ৰসাদ শৰ্মা দেৱৰ মহানুভৱতাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক জ্ঞাপন…

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলক আজি গেলাবিল বালিকা উচ্চমাধ্যমিক বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই।

সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা খেমৰাজ আয়েম সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লোকনাথ গড় গেলাবিল বালিকা উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিতালী কাকতি গড় সমাজৰ জিলা সমিতিৰ শিক্ষা সম্পাদক আছিল বিতুল গড় উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে শিক্ষা জীৱনৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়।

আমেৰিকাৰ আলাস্কাত ৭.৩ ৰিখটাৰ স্কেলৰ ভূঁইকঁপ। জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী…

আমেৰিকাৰ আলাস্কাত ৭.৩ ৰিখটাৰ স্কেলৰ ভূঁইকঁপ। জাৰি কৰা হৈছে সতৰ্কবাণী। আমেৰিকাৰ আলাস্কাৰ উপকূলত ভয়ংকৰ ভূমিকম্প। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৩। এই কঁপনিবোৰ ইমানেই প্ৰবল আছিল যে ইয়াৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অৱশ্যে এই ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ সঠিক তথ্য এতিয়াও প্ৰকাশ পোৱা নাই। ইউ এছ জি এছৰ মতে, এই ভূমিকম্পৰ গভীৰতা ৯.৩ কিলোমিটাৰ (৫.৭৮ মাইল)। আলাস্কা ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, আলাস্কা উপদ্বীপ, আলেউচিয়ান দ্বীপপুঞ্জ আৰু কুক ইনলেট অঞ্চলত প্ৰবল কম্পন অনুভৱ কৰা হৈছে।

১৯৬৪ চনত আলাস্কাত ৯.২ প্ৰাবল্যৰ ভূমিকম্প হৈছিল, যিটো উত্তৰ আমেৰিকাত এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প বুলি গণ্য কৰা হয়। তাৰ পিছত ভূমিকম্প আৰু ছুনামীৰ ফলত ২৫০ৰো অধিক লোকৰ মৃত্যু হয়।

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি

বিশ্বনাথ জিলাৰ অন্তৰ্গত পাতৰ জনগোষ্ঠীৰ অধ্যুষিত এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা পাতৰ সমাজে৷


বিদ্যায়তনিক দিশৰ উপৰিও কলা-শিক্ষা, স্বাস্থ্য বিধি, ব্যায়াম-যোগাসন, কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীতকে ধৰি বিভিন্ন শিক্ষামুলক দিশসমুহ কাৰ্যক্ৰমণিকাত সাঙুৰি লোৱা হৈছে।

ইতিমধ্যে বিশ্বনাথ জিলা পাতৰ সমাজৰ অন্তৰ্গত বালিজান, হনুপাম-টঙীয়া, চামগুৰি-ঘিলাধাৰী, ধূলি-বালিচাং, ডিপলোঙা-বেজৰহোলা, বৰপাম পাতৰবস্তি, আৰু মুখৰগড় প্ৰাথমিক সমিতিৰ গাঁও আৰু চাহ বাগিচা অঞ্চলত এই কাৰ্যসূচী ৰূপায়নৰ শুভাৰম্ভণি কৰা হৈছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা পাতৰ সমাজৰ সম্পাদক কৃষ্ণ পাতৰ আৰু শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰে ৷

সেয়েহে কাৰ্যসুচীভাগ সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে পাতৰ সমাজৰ বিষয়ববীয়াসকলে৷

ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

নামতি আলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নামতি আলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ব্যক্তিগত কামৰ দোহাই দি এম্বুলেঞ্চ চালকে ৰোগী নিয়াত অস্বীকাৰ কৰাত চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

এম্বুলেঞ্চ চালকে কৰ্তব্য পালন নকৰাৰ অভিযোগ স্থানীয় লোকৰ।

স্থানীয় ৰাইজৰ অভিযোগ মতে, চিকিৎসালয়খনৰ এম্বুলেঞ্চ চালকগৰাকীয়ে মইমতালিৰে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

চিকিৎসালয়খনৰ কাষৰে দেবেন দত্ত নামৰ এগৰাকী ব্যক্তি ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাৰ বাবে চিকিৎসকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

আৰ্থিকভাবে দুৰ্বল ব্যক্তিগৰাকীৰ পৰিয়ালে চিকিৎসালয়ৰ এম্বুলেঞ্চৰ জৰিয়তে ৰোগীক নিয়াৰ ব্যৱস্থা কৰিবৰ বাবে এম্বুলেঞ্চ চালকজনক ফোনযোগে যোগাযোগ কৰে যদিও চালক গৰাকীয়ে ব্যক্তিগত কামৰ দোহাই দি ৰোগীক নিয়াৰ বাবে অমান্তি হয় আনকি তেওঁ চিকিৎসালয়খনৰ চিকিৎসকগৰাকীৰ নিৰ্দেশো অমান্য কৰে।

যাৰফলত ৰোগীৰ পৰিয়ালৰ লোকে ক্ষোভিত হোৱাৰ লগতে চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

বলীউডৰ বহু ফ্লপ অভিনেতাই ৰজা-মহাৰজাৰ দৰে জীৱন কটায় ! উপাৰ্জন কৰে কোটি কোটি টকা। কিন্তু, কিয়…

বলীউডৰ বহু ফ্লপ অভিনেতাই ৰজা-মহাৰজাৰ দৰে জীৱন কটায় ! উপাৰ্জন কৰে কোটি কোটি টকা। বলীউডৰ বহু অভিনেতাই ছবিজগতত সফলতা অৰ্জন কৰিব নোৱাৰিলে। বিশেষ কথাটো হ’ল এই তাৰকাসকলে বহু বছৰ চিনেমাত কাম কৰাৰ পিছতো ফ্লপ অভিনেতাৰ নামেৰে নামাকৰণ কৰা হৈছিল। কিন্তু এই তাৰকাসকল বৰ্তমান কোটি টকাৰ মালিক ৷ আনকি তেওঁলোকৰ মুম্বাইৰ বিলাসী ঘৰ, ৰেষ্টুৰেণ্ট, কোনোবাই নিজাকৈ প্ৰডাকচন হাউচ খুলি বিপুল ধন উপাৰ্জন কৰি আছে। এই তাৰকাসমূহৰ বিষয়ে জানক-

আফতাব শিৱদাসনী

‘মাষ্ট’ ছবিখনত মুখ্য অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা আফতাব (আফতাব শিৱদাসনী)ৰ নাম বলীউডৰ ফ্লপ অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হয়। তেওঁ বহু ছবি দিছিল আৰু সকলো ছবি ফ্লপ হৈছিল। আফতাবে হাৰ নামানিল আৰু অভিনয় কেৰিয়াৰৰ বাহিৰেও তেওঁ প্ৰডাকচন হাউচ আৰু অন্যান্য অনুষ্ঠানত মনোনিৱেশ কৰিছিল। সেইবাবেই আফতাব এতিয়া কোটি টকাৰ মালিক। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীৰ এবছৰৰ উপাৰ্জন প্ৰায় ৩ কোটি। কেৱল এইটোৱেই নহয়, মুম্বাইত নিজা ঘৰ, অ’ডি আৰু বিএমডব্লিউ গাড়ী কোটি টকাৰ গৰাকী। খবৰ অনুসৰি আফতাব প্ৰায় ৫১ কোটি টকাৰ মালিক।

‘মহব্বতেইন’ ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা উদয় চোপ্ৰাৰ ছবি ফ্লপ বুলি প্ৰমাণ কৰিলে। আনকি চোপ্ৰা পৰিয়ালেও উদয়ৰ কেৰিয়াৰ পুনৰুজ্জীৱিত কৰিব নোৱাৰিলে। উদয়ে ফ্লপ ছবিৰ পৰা শিক্ষা লৈ ৱাই আৰ এফত যোগদান কৰে। উদয় এই কোম্পানীত ভাল পজিচনত আছে আৰু বহু টকা উপাৰ্জন কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদয় চোপ্ৰাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০ কোটি টকা।

পিতৃ ছুপাৰষ্টাৰ আৰু ভগ্নী একতা কাপুৰ টেলিভিছনৰ ৰাণী, আনহাতে তুষাৰ কাপুৰৰ উপাৰ্জনও কোটি কোটি টকা। বলীউডত ফ্লপ অভিনেতাৰ টেগ পোৱাৰ লগে লগে তুষাৰে ছবিতকৈ ব্যৱসায়ত বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তুষাৰ প্ৰায় ৩৭ কোটি টকাৰ মালিক হোৱাৰ বিপৰীতে বাৰ্ষিক আয় প্ৰায় ৫ কোটি।

চলচ্চিত্ৰ জগতত ফ্লপ অভিনেতা বুলি কোৱা ববি দেওলে আৰম্ভ কৰিছিল ব্যৱসায়ও। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ববীৰ সম্পত্তি প্ৰায় ৫০ কোটি আৰু বাৰ্ষিক আয় প্ৰায় ৮ কোটি। মুম্বাইত ববিৰ নিজা ঘৰ আছে। ইয়াৰ লগতে লেণ্ড ৰভাৰ, ফ্ৰীলেণ্ডাৰ ২, ৰেঞ্জ ৰভাৰ ৱহ, মাৰ্চিডিজ, বেঞ্জ এছ ক্লাছ পৰ্ছে কেয়েন অন্তৰ্ভুক্ত কৰা হৈছে।

নাজিৰা মহকুমাৰ পানীবিলৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে নিজ বাসগৃহতে গঢ় দিছে চেন্দেলৰ এক ক্ষুদ্ৰ উদ্যোগ 

নাজিৰা মহকুমাৰ পানীবিল যমুনামুখৰ ৰিজুমণি দত্ত নামৰ এগৰাকী উচ্চ শিক্ষিত নিবনুৱা তথা উদ্যমী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ।

যুৱতীগৰাকীয়ে কৰ্মসংস্থাপনৰ বাট বুলিবলৈ নিজৰ বাসগৃহতে গঢ়ি তুলিছে চেন্দেলৰ এক ক্ষুদ্ৰ উদ্যোগ।

নাজিৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ৰিজুমণি দত্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ ছাত্ৰী আছিল। যদিও এইগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে বৰ্তমান সময়ত বিভিন্ন চাকৰিৰ বাবে বিভিন্ন সময়ত পৰীক্ষাত বহিছে কিন্তু আজি পৰ্যন্ত কোনোধৰণৰ চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইয়াৰ পিছতো এই গৰাকী উচ্চ শিক্ষিত যুৱতী নিবনুৱা হৈ থমকি ৰোৱা নাই, কৰ্মসংস্থাপনৰ বাবে নিজৰ বাসগৃহতে গঢ়িছে এক ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগত।এই ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগৰ জৰিয়তে ৰিজুমণিয়ে ঘৰতে দৈনিক ভিন্ন ৰঙী চেন্দেল উৎপাদন কৰি সেইসমূহ বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হৈ পৰিছে।

এই চেন্দেলৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা ক্ষেত্ৰত ৰিজুমণিক সহায় কৰিছে ৰিজুমণিৰ নিজৰ ঘৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে।

শিৱসাগৰৰ পানীবিল যমুনামুখৰ ৰিজুমণি দত্ত নামৰ এইগৰাকী উচ্চ শিক্ষিত উদ্যমী যুৱতী বৰ্তমানৰ নিবনুৱা উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বাবে পথ প্ৰদৰ্শক হ’ব পাৰে কিয়নো চাকৰি আশা কৰি থকাৰ সমান্তৰালকৈ ৰিজমুণি দত্তই এই ক্ষুদ্ৰ চেন্দেলৰ উদ্যোগ নিজৰ ঘৰতে গঢ়ি কৰ্মসংস্থাপন তথা স্বাৱলম্বীতা হোৱাৰ এক সুন্দৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে।

-দিলীপ হাজৰিকা, নাজিৰা

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে…

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে। ভাইৰেল ভিডিঅ’ চাওক! ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়তে তাত দুবাৰকৈ এ আৰ ৰহমানৰ বিখ্যাত গীত ‘জয় হো’ বজাইছিল। ভিডিঅ’টোৰ বিশেষ কথাটো হ’ল ফৰাচী গায়কসকলে ‘জয় হো’ গীতটো গোৱা শুনা যায়। ভিডিঅ’টো চাওক-

আচলতে এই ৰাতিৰ আহাৰ ১৪ জুলাই অৰ্থাৎ ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত আয়োজন কৰা হৈছিল। য’ত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্সৰ প্ৰথম মহিলা ব্ৰীজিট মেক্ৰনে। এই ‘জয় হো’ গীতটো বিখ্যাত সংগীত শিল্পী এ আৰ ৰহমানৰ। যিয়ে ২০০৯ চনত ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও গীতটোৱে ৫২ সংখ্যক গ্ৰেমীত ‘চলচ্চিত্ৰৰ বাবে লিখা শ্ৰেষ্ঠ গীত’ শাখাতো বঁটা লাভ কৰে।

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ মানসিকতাৰ সৃষ্টি কৰিবলৈ গছপুলি ৰোপণ কাৰ্যসূচী…

গছ থাকিলেহে মানুহ জীয়াই থাকিব শ্লোগান লৈ মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী উপস্থিত হয় গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত। আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত এখন ফুলৰ বাগিছাৰ শুভাৰম্ভণি কৰে। একাডেমী খন অধ্যক্ষ ৰফিকুল ইছলামে জানিবলৈ দিয়া মতে গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পোৱা, পৰিৱেশ ভালকৈ ৰখাৰ বাবে গছপুলি ৰোপণ কৰাৰ বিকল্প নাই, সেই বাবে ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণ কৰাৰ মানসিকতা সৃষ্টি কৰিবলৈ এখন ফুলৰ বাগিছা স্থাপন কৰা হয়। বাগিছা খনত ফুল গছ ৰোপণ কৰি শুভাৰম্ভণি কৰে আৰফান আলীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে।

অনুষ্ঠানত প্ৰথমে অতিথি দ্বয় আৰফান আলী, হাজী নুৰুল ইছলাম চৌধুৰীৰ লগতে গ্ৰীনভেলী একাডেমীৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন, সম্পাদক মজনু মিঞা, সহকাৰী সম্পাদক হাফিজ ৰকিবুল ইছলাম, অধ্যক্ষ ৰফিকুল ইছলাম, উপাধ্যক্ষ ছবুৰ উদ্দিন দেৱান, স্থানীয় সেনা জোৱান ইমৰাণ খানক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। গছপুলি ৰোপণ কাৰ্যসূচীত আন আন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। আৰফান আলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীক ঘৰতে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।


মহিলাক দলবদ্ধ ধৰ্ষণ, অভিযুক্ত বিজেপি নেতাৰ পুত্ৰকে ধৰি চাৰিজন

চাৰিজন লোকৰ বিৰুদ্ধে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু কিশোৰী ভগ্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযুক্তৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টি দতিয়াত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত দতিয়া থানা ঘেৰাও কৰে।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যে তেওঁক আৰু তেওঁৰ ভগ্নীক চাৰিজন যুৱকে বলপূৰ্বকভাৱে তুলি লৈ যায়। খালী ঘৰলৈ নি তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। কিশোৰী ভগ্নীকো নিৰ্যাতন চলোৱা হৈছিল। এই ঘটনাৰ পিছতে ভুক্তভোগী আৰু ভগ্নী ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে ভুক্তভোগীৰ ভগ্নীয়ে আত্মহত্যাৰ চেষ্টা চলায়। উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ ভগ্নী দুয়োজনেই ছাত্ৰী। চাৰিজন ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু POCSOৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, আটাইকেইজন অভিযুক্ত উন্নাওৰ বাসিন্দা। দতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে অভিযুক্ত আটাইকেইজন ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে দতিয়া। পৰিস্থিতি স্থবিৰ হৈ পৰিছে।

উন্নাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাদবেন্দ্ৰ সিং গুৰজাৰে এই ঘটনাৰ অভিযুক্তৰ ভিতৰত দুজন নাবালক আছে বুলি জানিবলৈ দিয়ে। দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। দুই নাবালকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

দতিয়া জিলা বিজেপিৰ সভাপতি সুৰেন্দ্ৰ বুধোলিয়াই এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ কয় যে যদি ভুক্তভোগীয়ে নিজৰ বক্তব্যত বিজেপি নেতাৰ পুত্ৰৰ নাম উল্লেখ কৰে তেন্তে সেই নেতাৰ বিৰুদ্ধে দলৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব।