Home Blog Page 1476

সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈৰ মহানুভৱতা ৷ জটিল ৰোগত আক্ৰান্ত পম্পী গগৈৰ চিকিৎসাৰ বাবে প্ৰদান ১০ হাজাৰ টকা…

সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈৰ মহানুভৱতা ৷ জটিল ৰোগত আক্ৰান্ত পম্পী গগৈৰ চিকিৎসাৰ বাবে নগদ ১০ হাজাৰ টকা অৰ্থ সাহাৰ্য্য প্ৰদান ৷ পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰি ভৰ যৌৱনত ৰঙীন স্বপ্ন দেখাৰ সময়তে দুচকুৰ চকুলো মচি এক দূৰ্বিহ জীৱন পাৰ কৰিছে টেঙাখাত চুঙি গাঁৱৰ এগৰাকী দূৰ্ভগীয়া যুৱতীয়ে। যুৱতীগৰাকীৰ নাম পম্পী গগৈ ৷ মাত্ৰ কেইমাহ মানৰ আগেয়ে দিন হাজিৰা কৰি দৰিদ্ৰ পৰিয়ালটিক পোহপাল দিয়া পম্পীৰ পিতৃ হৰিচন গগৈৰ মৃত্যু হোৱা বেদনাই কন্যা আৰু পত্নীক দহি থকাৰ সময়তে পম্পীয়ে এতিয়া ভুগিছে মগজুৰ এক জটিল ৰোগত ৷ যাৰ ফলত তাই এতিয়া দুয়োটা চকুৰে সম্পূৰ্ণ অন্ধ হৈ পৰিছে আৰু অৰ্থৰ অভাৱত পৰি উন্নত চিকিৎসা কৰোৱাৰ পৰা বঞ্চিত হৈ দিনে নিশাই বিচনাতে পৰি কেৱল দুচকুৰে চকু পানী টুকি থকাৰ বাহিৰে কোনো পথ বিছাৰি পোৱা নাই পম্পী আৰু দূৰ্ভগীয়া মাতৃ দিপালী গগৈয়ে ৷

এই ক্ষেত্ৰত টেঙাখাতৰ সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈয়ে এই খবৰ লাভ কৰাৰ লগে লগে শনিবাৰে সন্ধিয়া দূৰ্ভগীয়া পম্পী গগৈৰ বাসগৃহত উপস্থিত হয় আৰু পম্পীৰ মাতৃৰ উপস্থিতিত উন্নত চিকিৎসাৰ বাবে নগদ ১০ হাজাৰ টকা সাহাৰ্য্য হিচাপে প্ৰদান কৰে ৷ লগতে প্ৰয়োজন সাপেক্ষে পুনৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে আৰু অনান্য সামৰ্থবান ব্যক্তি সকলকো এই গৰাকী দূৰ্ভগীয়া যুৱতীক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই ৷

আকাশ পৰিষ্কাৰ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

দুদিনৰ বাবে স্থগিত ৰখাৰ পিছত দেওবাৰে বিয়লিৰ পৰা পুনৰ আৰম্ভ হয় অমৰনাথ যাত্ৰা। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনে এই যাত্ৰা একেৰাহে দুদিনৰ বাবে পিছুৱাই দিছিল। দেওবাৰে পুৱাও বতৰৰ উন্নতি নোহোৱাত যাত্ৰা পিছুৱাই দিয়া হয়।

কিন্তু দেওবাৰে দুপৰীয়াৰ পৰা আকাশ পৰিষ্কাৰ হোৱাৰ লগে লগে প্ৰশাসনে পুনৰ এই যাত্ৰাৰ অনুমতি দিলে। জম্মু-কাশ্মীৰৰ পঞ্চতৰণি আৰু লাষ্টনাগ শিবিৰৰ পৰা অমৰনাথ গুহালৈ ৰাওনা হজযাত্ৰীসকল। পঞ্চতৰাণী বেচ কেম্পৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, অমৰনাথ ভ্ৰমণ কৰা সকলো তীৰ্থযাত্ৰী বাল্টাল বেছ কেম্পলৈ উভতি আহিছে।

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাৰ বাবে দেওবাৰে জম্মু বেছ কেম্পত স্থানীয় প্ৰশাসনে ৭০০ জনীয়া এটা তীৰ্থযাত্ৰীৰ দলক আবদ্ধ কৰে। আনহাতে, ৬০০০ তীৰ্থযাত্ৰী ৰামবনত আবদ্ধ হৈ পৰে। পঞ্চতৰণিত আবদ্ধ হৈ পৰিল ৮০ জনীয়া তীৰ্থযাত্ৰীৰ এটা দল।

ৰামবানৰ উপ আয়ুক্ত মুছাৰাট ইছলামে কয় যে হজযাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছে। যোৱা দুদিন ধৰি ৰামবনত আবদ্ধ হৈ থকা সকলো তীৰ্থযাত্ৰীৰ বাবে থকা-খোৱা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।

যোৱা ১ জুলাইৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। এই পৰ্যন্ত ৮০ হাজাৰ তীৰ্থযাত্ৰী অমৰনাথ ভ্ৰমণ কৰিছে। ৫ জুলাইত প্ৰায় ১৯ হাজাৰ তীৰ্থযাত্ৰী অমৰনাথলৈ ৰাওনা হয়। কিন্তু পিছদিনাৰ পৰা ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে জম্মুৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰে তীৰ্থযাত্ৰীসকল।

মাজবাটৰ আৰক্ষীৰ বৃহৎ সাফল্য, জব্দ ৩৫০ কেজি ভাং…

মাজবাট আৰক্ষীৰ বৃহৎ সাফল্য ৩৫০ কেজি ভাং জব্দ। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে যোৱা নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শিং ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰ নিকটবৰ্তী ঘন জংঘলৰ মাজত অভিযান চলাই ৩৫০ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পাই ভাং ব্যৱসায়ী সকল সুযোগ বুজি পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাং খিনি মাজবাট থানালৈ লৈ আহে আৰু কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। ভাং খিনিৰ আনুমানিক মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

টংলাত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰৰ উদ্যোগত পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন…

টংলাত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰৰ পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, বাৰাণসী কেন্দ্ৰ আৰু সংগীত নাটক একাডেমি, গুৱাহাটীৰ যৌথ তত্বাৱধানত শনিবাৰে সন্ধিয়া দাপোন দ্যা মিৰৰ, আমাৰ গাওঁত অংকীয়া ভাওনা পাৰিজাত হৰণ নাট প্ৰদৰ্শন হয়। পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰে ৷

নেচনেল স্কুল অৱ ড্ৰামাৰ স্নাতক পবিত্ৰ ৰাভাৰ দ্বাৰা সৃষ্ট দাপোন দ্যা মিৰ’ৰ নামৰ সংস্থাৰ ওদালগুৰি জিলাৰ টংলাস্থিত আমাৰ গাঁৱত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰত পৰম্পৰাগত নাটক বিষয়ত অধ্যয়নৰত দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ওড়িষা, ছটিছগড় আৰু জম্বু-কাশ্মীৰ প্ৰশিক্ষাৰ্থীসকলে আউনীআটী সত্ৰৰ শিক্ষক হৰিচৰণ বৰ বায়ন আৰু ধীৰেন চেকনিধৰাৰ পৰিচালনাত লক্ষ্মীকান্ত কাকতি আৰু সহযোগী বাপ-বান্ধৱসকলৰ তত্ত্বাৱধানত ২০ দিন শ্ৰীমন্তশঙ্কৰদেৱৰ মহান সৃষ্টি পাৰিজাত হৰণ অংকীয়া ভাওনাৰ আখৰা কৰি বহিঃৰাজ্যৰ শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰি সমবেত দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

জিংকৰ অভাৱত চুলি সৰা, ওজন কমা, মানসিক সমস্যা আদি নানান ধৰণৰ সমস্যা হোৱাৰ সম্ভাৱনা…

জিংকৰ অভাৱত চুলি সৰা, ওজন কমা, মানসিক সমস্যা বৃদ্ধি হ’ব পাৰে। এই ৮ টা খাদ্যই শৰীৰত জিংকৰ অভাৱ পূৰণ কৰাত সহায় কৰিব। শৰীৰত জিংকৰ অভাৱ হ’লে মানুহ অসুস্থ হৈ পৰিব পাৰে। মানসিক সমস্যা হ’ব পাৰে লগতে চুলি সৰা সমস্যাও বাঢ়িব পাৰে। আপোনাৰ দেহৰ ওজন কমিব পাৰে। জিংকৰ কিছুমান উত্তম উৎসৰ বিষয়ে জানক-


এই ৮ টা খাদ্যই শৰীৰত জিংকৰ অভাৱ পূৰণ কৰাত সহায় কৰিব-
শামুক জিংকৰ এক ব্যতিক্ৰমী উৎস, ইয়াত আন যিকোনো খাদ্যতকৈ অধিক জিংক থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যকলাপ সমৰ্থন কৰাৰ উপৰিও শামুকত পোৱা জিংকে প্ৰটিন, হৰম’ন নিয়ন্ত্ৰণত সহায় কৰে। নিয়মিতভাৱে শামুক সেৱনে উৰ্বৰতা বৃদ্ধি কৰিব পাৰে, কিয়নো প্ৰজনন স্বাস্থ্যত জিংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কুমলীয়া ৰঙালাওৰ গুটি জিংকৰ এক উত্তম উৎস। এই সৰু সৰু বীজবোৰত এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বিৰ লগতে উচ্চ মাত্ৰাৰ জিংক থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে আৰু সুস্থ ছাল প্ৰদান কৰে। আপোনাৰ খাদ্যত কুমলীয়া ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিলেও তেজৰ চুগাৰৰ মাত্ৰা সুস্থ কৰি ৰাখিব।

ডাৰ্ক চকলেটত পোৱা যায় জিংক। ডাৰ্ক চকলেটত থকা জিংকৰ উপস্থিতিয়ে চুলি, ছাল আৰু নখ সুস্থ কৰি তোলে।

মচুৰ দাইলত থকা জিংকৰ পৰিমাণেও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে।

কচু কেৱল আইৰণৰ উৎসই নহয়, ইয়াত ভাল পৰিমাণৰ জিংকো থাকে। কচুত থকা জিংক আৰু এন্টিঅক্সিডেন্টৰ সংমিশ্ৰণে চকুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে।ইয়াৰ উপৰিও কচুত পোৱা জিংকে নিউৰ’ট্ৰান্সমিটাৰ নিয়ন্ত্ৰণত অৰিহণা যোগায়।স্মৃতিশক্তি বজাই ৰখাতো সহায় কৰে কচুৱে।

কাজুত থাকে অধিক পৰিমাণ জিংক। কাজুত পোৱা জিংকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

বিলাসীপাৰা প্ৰেছ ক্লাবত সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

বিলাসীপাৰা প্ৰেছ ক্লাবত কলা বেজ পৰিধান কৰি সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। সাংবাদিকক আক্ৰমণ কৰা কালপিটক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যোৱা ৭ জুলাইৰ নিশা ধুবুৰীত জিলা পৰিষদৰ কাৰ্যালয় ভাড়া লৈ বিবাহ ভৱন বনাইছিল।

ধুবুৰী সাংবাদিক সকলে সেই চৰকাৰী কাৰ্যালয়ৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল। বাতৰি সংগ্ৰহ কৰাত গুণ্ডা বাহিনীয়ে ধুবুৰীৰ সাংবাদিকক আক্ৰমণ কৰি কেমেৰা ভাঙি দিয়ে।

যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেওবাৰে বিলাসীপাৰাৰ প্ৰেছ ক্লাৱৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ, অসম সংখ্যালঘু সংগ্ৰাম সমিতিয়ে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

অতি সোনকালে ধুবুৰী আৰক্ষী প্ৰশাষনে দোষীক কাৰায়ত্ত নকৰিলে ৰাজপথত আন্দোলন কৰিৱ ধুবুৰী জিলা সাংবাদিক সমাজ তথা দল সংগঠনে৷

-জিয়াৰুল আলম, বিলাসীপাৰা

৪৫ বছৰৰ পিছত এই অভ্যাসবোৰ কৰক সলনি, নহ’লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা…

৪৫ বছৰ বয়সৰ পিছত এই অভ্যাসবোৰ সলনি কৰক, নহ’লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা। আজিকালি মানুহৰ মাজত হৃদৰোগ বাঢ়িছে। কাৰণ আমাৰ অভ্যাসে আমাৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। বেয়া অভ্যাসৰ বাবে মানুহবোৰ হৃদযন্ত্ৰৰ লগত জড়িত হৈ পৰিছে। এনে পৰিস্থিতিত যদি আপুনি হৃদৰোগৰ পৰা নিৰাপদে থাকিব বিচাৰে তেন্তে আজিয়েই সলনি কৰক কিছুমান অভ্যাস-

ধূমপানৰ পৰা আঁতৰি থাকক- হৃদযন্ত্ৰক সুস্থ কৰি তুলিবলৈ প্ৰথমে ধূমপানৰ পৰা আঁতৰি থাকক। কাৰণ চিগাৰেটত ধঁপাত থাকে যি শৰীৰৰ বাবে অতি ক্ষতিকাৰক। গতিকে যদি আপুনিও চিগাৰেট খায় তেন্তে এই অভ্যাস ত্যাগ কৰক।


ব্যায়াম-
সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়।দৈনিক কমেও ৩০ মিনিটৰ ক্ৰিয়া-কলাপ কৰাটো অতি প্ৰয়োজনীয়। কাৰণ ব্যায়ামৰ দ্বাৰা শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে। কেৱল এয়াই নহয়, ব্যায়াম কৰিলেও উচ্চ বি পি, উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছৰ দৰে ৰোগ নহয়।


সুস্থ হৈ থাকিবলৈ ভালকৈ টোপনি অহাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে দিনটোত কমেও ৮ ঘণ্টা টোপনি ল’ব লাগিব। ভাল টোপনি হ’লে উচ্চ বি পি, ডায়েবেটিছ, হতাশা আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়।

মানসিক চাপৰ বাবেও হাৰ্ট এটেক আহে। মানসিক চাপ কমোৱাৰ বাবে অস্বাস্থ্যকৰ খাদ্য, মদ আৰু ধূমপান ত্যাগ কৰিবলগীয়া হয়। একে সময়তে মানসিক চাপ কমোৱাৰ বাবে যোগাসন আৰু ধ্যান-ধাৰণাক আপোনাৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব লাগে।

“শক্তি শুল্কৰ সৈতে জড়িত কোনো অভিযোগ পাইছেনে? আপোনাৰ প্ৰশ্নসমূহ CMO লৈ প্ৰেৰণ কৰক”-মুখ্যমন্ত্ৰী

গ্ৰাহকে তেওঁলোকৰ বিদ্যুৎ বিলৰ তাৰতম্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰাহকসকলক তেওঁলোকৰ অভিযোগ পোনপটীয়াকৈ তেওঁৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী শৰ্মাই জনাইছে যে এই পৰ্যন্ত তেওঁ গ্ৰাহকৰ পৰা ৬০টা অভিযোগ লাভ কৰিছে ইয়াৰে ৫৭টা অভিযোগ সমাধান হৈছে।

টুইটাৰত তেওঁ কয়, “শেহতীয়াকৈ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰকাশ পোৱা কভাৰেজৰ পোহৰত বিদ্যুৎ শুল্কৰ ভুলৰ বাবে আমাৰ মূল্যৱান গ্ৰাহকসকলৰ দুখ-কষ্টৰ ওপৰত আলোকপাত কৰা হৈছে, মই অনুৰোধ কৰিছো যে অভিযোগ পোনপটীয়াকৈ মোৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হওক। আমি মাত্ৰ ৬০টা অভিযোগহে পাইছো, ইয়াৰে আমি এতিয়ালৈকে ৫৭টা অভিযোগ সফলতাৰে সমাধান কৰিছো।”

বিগত মাহত মুখ্যমন্ত্ৰী শৰ্মাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এজন গ্ৰাহকক উত্তৰ দিছিল, পিছৰজনে ২০২৩ চনৰ জুন মাহৰ বাবে লাভ কৰা ৪৪ হাজাৰ টকাৰ বিদ্যুৎ বিলৰ অভিযোগ উত্থাপন কৰিছিল।

‘দেশৰ নেতা শিক্ষিত নহয়’! এই মন্তব্যৰ পিছতে সমালোচনাৰ সন্মুখীন অভিনেত্ৰী কাজল…

এক বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন অভিনেত্ৰী কাজল। কাজলে কৈছিল ‘দেশৰ নেতা শিক্ষিত নহয়’! কাজলে ইয়াৰ পূৰ্বেও কৈছিল যে ভাৰতত কোনো দৃষ্টিশক্তি নথকা অশিক্ষিত নেতাই শাসন কৰি আছে।ভাৰতীয় ৰাজনীতিবিদ আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে কৰা মন্তব্য ভাইৰেল হোৱাৰ পিছতে শেহতীয়াকৈ অভিনেতা কাজলে প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে এতিয়া কাজলে স্পষ্ট কৰি দিছে যে তেওঁৰ উদ্দেশ্য কাকো হেয়জ্ঞান কৰা নাছিল।

শনিবাৰে কাজলে নিজৰ টুইটাৰ একাউণ্টত লিখিছিল, ‘মই কেৱল শিক্ষা আৰু ইয়াৰ গুৰুত্বৰ বিষয়েহে এটা কথা কৈছিলোঁ। মোৰ উদ্দেশ্য কোনো ৰাজনৈতিক নেতাক হেয়জ্ঞান কৰা নাছিল, আমাৰ কিছুমান মহান নেতা আছে যিয়ে দেশক সঠিক পথত আগুৱাই লৈ গৈছে।’ এক সাক্ষাৎকাৰত কাজলে কৈছিল যে এখন দেশৰ বৃদ্ধিৰ বাবে শিক্ষিত নেতা থকাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ভাৰতৰ দৰে দেশত পৰিৱৰ্তন লেহেমীয়া হয়।

কৰ্মক্ষেত্ৰত কাজলক পৰৱৰ্তী সময়ত দেখা যাব ৱেব শ্ব’ দ্য ট্ৰাইলত, যিটো আমেৰিকাৰ নাটক দ্য গুড ৱাইফৰ অভিযোজন।

৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

দেওবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰস্তাৱিত ৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত উচ্চ শিক্ষা বিভাগ আৰু সংশ্লিষ্ট মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে।

বৈঠকত অহা আগষ্ট মাহৰ ভিতৰত মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষসকলক অহা ৭ দিনৰ ভিতৰত বিশ্ববিদ্যালয় সম্পৰ্কীয় সকলো দিশ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে।

বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে প্ৰস্তাৱিত ৭ খন মহাবিদ্যালয় ক্ৰমে –

১) নগাঁও মহাবিদ্যালয়

২) শিৱসাগৰ মহাবিদ্যালয়

৩) জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট

৪) লখিমপুৰ মহাবিদ্যালয়

৫) কোকৰাঝাৰ মহাবিদ্যালয়

৬) গুৰুচৰণ মহাবিদ্যালয়, শিলচৰ

৭) বঙাইগাঁও মহাবিদ্যালয়

বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমূখ্যে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷