Home Blog Page 1481

সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিছত দেৰগাঁৱৰ প্ৰাক্তন কটনিয়ান প্ৰশান্ত বৰঠাকুৰৰ কাষত বন্ধু সিদ্ধার্থ ভট্টাচার্য…

দেৰগাঁৱৰ প্ৰাক্তন কটনিয়ান প্ৰশান্ত বৰঠাকুৰৰ কাষত বন্ধু সিদ্ধাৰ্থ ভট্টাচাৰ্য। সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিছত একেলগ হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল দুই বন্ধু। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰাক্তন কটনিয়ান উৰুখা পঁজাত কটোৱা জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ পাছতেই প্ৰশান্ত বৰঠাকুৰৰ কাষত বৃহস্পতিবাৰে উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ তিনি সহপাঠী৷ কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা এইগৰাকী প্ৰশান্ত বৰঠাকুৰে এটি উৱলি যোৱা পঁজাত অতি কষ্টৰে দিন পাৰ কৰিছিল ৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো সহপাঠী আছিল ব্যক্তিগৰাকী৷

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই বৃহস্পতিবাৰে প্ৰশান্ত বৰঠাকুৰৰ কাষত উপস্থিত হ’লগৈ একালৰ সহপাঠী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে ৰক্তিম ফুকন আৰু দিগন্ত ঠাকুৰ ৷ সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিচত তিনি সহপাঠী একেলগ হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে আবেগিক হৈ পৰিল ৷ উল্লেখযোগ্য যে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰীধাৰী আৰু আশী দশকৰ তেজে ধোৱা অসম আন্দোলনত অংশ লৈ নিৰ্যাতিত হৈ আঘাতপ্ৰাপ্ত প্ৰশান্ত বৰঠাকুৰে পৰৱৰ্তী পৰ্যায়ত দেৰগাঁৱৰ বামুণ গাঁৱত এটি ভগ্নপ্ৰায় পঁজাত দিন অতিবাহিত কৰি আহিছে।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ অধ্যয়নৰ বাবে গৈছিল গুৱাহাটী কটন কলেজলৈ।

সেই সময়ত সহপাঠী হিচাপে সান্নিধ্য লাভ কৰিছিল অসমৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। ৬২ বছৰীয়া প্ৰশান্ত বৰঠাকুৰৰ এতিয়াৰ পৰিচয় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ এজন শাক-পাচলিৰ গুটি ব্যৱসায়ী ।জীৱনৰ মায়া-মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা উচ্চ শিক্ষিত বৰঠাকুৰে এসময়ত নাগালেণ্ড, নেপালতো শিক্ষকতা কৰিছিল। শিক্ষাৰ পোহৰ বিলোৱা মানুহজন কিন্তু আজি নিজেই অন্ধকাৰত থাকিবলগীয়া হৈছে। আনহাতে, ‘আশীৰ দশকৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী তথা নিৰ্যাতনৰ বলি হৈ আঘাতপ্ৰাপ্ত হৈছিল প্ৰশান্ত বৰঠাকুৰ। একালৰ সতীৰ্থৰ এনে দুৰ্দশা দেখি সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে বন্ধু ভট্টাচাৰ্য।

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ। ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰিবঃ প্ৰশান্ত বড়ো

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ। বড়ো ভাষালৈ অনুবাদৰ কৌশল-পদ্ধতি সম্পৰ্কে বিশেষ আলোচনা। ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰিবঃ প্ৰশান্ত বড়ো। উৎকৃষ্ট অনুবাদৰ কাৰণে গুৰুত্বপূৰ্ণ সমাজবোধ আৰু দৰ্শনঃ নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া। ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা অভিলাষী প্ৰকল্প অনুসৰি কালিৰে পৰা কাজিৰঙাৰ কঁহৰাস্থিত “অৰণ্য টুৰিষ্ট ল’জ”ত অনুষ্ঠিত অনুবাদ কৰ্মশালাৰ আজি দ্বিতীয় দিনা গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত হয় ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি, বিশিষ্ট লেখক প্ৰশান্ত বড়ো আৰু বিশিষ্ট অনুবাদক-লেখক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াই ৷

বড়ো ভাষালৈ অনুবাদৰ কৌশল বিষয়ক গুৰুত্বপূৰ্ণ সত্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰঙাপাৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপক তথা বিশিষ্ট লেখক প্ৰশান্ত বড়োৱে অসমীয়াৰ পৰা বড়ো ভাষালৈ অনুবাদৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে অনুবাদকসকলক অৱগত কৰায়। তেওঁ অসম প্ৰকাশন পৰিষদৰ এই কৰ্মশালাক বিশেষভাৱে প্ৰশংসা কৰি কয় যে অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ অনুবাদৰ ক্ষেত্ৰত এয়াই প্ৰথম ফলপ্ৰসূ পদক্ষেপ ৷ ইয়াৰ ফলত দুয়োটা ভাষাৰ প্ৰসাৰ হোৱাৰ লগতে ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰি তুলিব ৷ আনগৰাকী সমল ব্যক্তি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নীৰেন্দ্ৰনাথ ঠাকুৰীয়াই অনুবাদ কৰ্মৰ বিষয়ে কয় যে অনুবাদকে কেৱল দুটা ভাষা জনাটোৱেই যথেষ্ট নহয় ৷ উৎকৃষ্ট অনুবাদৰ কাৰণে গুৰুত্বপূৰ্ণ সমাজবোধ আৰু দৰ্শন প্ৰয়োজন ৷ তদুপৰি সংশ্লিষ্ট সমাজৰ সাংস্কৃতিক পৰম্পৰাৰ বিষয়েও পৰিপূৰ্ণ জ্ঞান অৰ্জন কৰিব পাৰিলে অনুবাদ কৰ্ম সৃষ্টিশীল আৰু মৌলিক হৈ উজলি উঠে বুলি ঠাকুৰীয়াই মন্তব্য কৰে ৷

ঠাকুৰীয়াই লগতে অনুবাদৰ সমল হিচাপে ভিন্ন বিষয়ক অভিধানৰ গুৰুত্বৰ বিষয়ে উনুকিয়ায় ৷ উল্লেখ্য যে ডেৰকুৰিৰো অধিক লেখক-অনুবাদকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ডক্টৰ মুকুণ্ডমাধৱ শৰ্মাৰ “হিতোপ্ৰদেশ’, ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ডক্টৰ বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়াে আৰু বাংলা ভাষালৈ অনুবাদ কৰা হ’ব৷

চুলি সৰিছে নেকি? এই ৫ টা খাদ্যৰ ওপৰত দিয়ক গুৰুত্ব…

চুলি সৰিছে নেকি? এই ৫ টা খাদ্যৰ ওপৰত দিয়ক গুৰুত্ব। চুলি সৰা সমস্যা মহিলা সকলৰ বাবে এক ডাঙৰ সমস্যা। চুলি পাতল হোৱা, মূৰৰ ছালত উফি হোৱাৰ বাবে কেতিয়াবা লাজৰো সন্মুখীন হ’বলগীয়া হয়। যদি আপুনি চুলি সৰাকে ধৰি চুলিৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে আজিৰ পৰাই ৫টা ছুপাৰফুড খাবলৈ আৰম্ভ কৰক। জানি লওক এই ৫টা ছুপাৰফুডৰ বিষয়ে-

সেউজীয়া শাক-পাচলিৰ ভিতৰত কচুক অন্যতম উত্তম খাদ্য সামগ্ৰী হিচাপে গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ফলেট আৰু আইৰণ থাকে, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে, লগতে চুলি সৰা সমস্যাৰ অন্ত পেলায়।

যদি আপুনি নিৰামিষভোজী আৰু আপোনাৰ চুলি সৰা সমস্যা আছে, তেন্তে আজিৰে পৰা চৰ্বিযুক্ত মাছ খাবলৈ আৰম্ভ কৰক। কাৰণ ইয়াত ভিটামিন এ আৰু ওমেগা-২ ফেটি এচিড থাকে, যিয়ে চেবাম উৎপাদনত সহায় কৰে আৰু চুলিৰ বৃদ্ধি কৰে।

জামুক এবিধ সুস্বাদু ফল, যি এন্টিঅক্সিডেন্ট আৰু ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি জনা যায়। এই ফল খালে কলাজেন উৎপাদনত সহায় হয়, যাৰ বাবে চুলিৰ শিপা শক্তিশালী হৈ পৰে।

মেথিৰ গুটি চুলিৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন ই পোৱা যায়, যিটো চুলি সৰাৰ বাবে ঔষধ বুলি গণ্য কৰা হয়। ৰাতিপুৱা শুই উঠিয়ে এচামুচ মেথি গুটি এগিলাচ পানীত লৈ পানী খাব লাগে।

প্ৰটিন আৰু বায়টিন প্ৰচুৰ পৰিমাণে কণীত পোৱা যায়, যি চুলিৰ বাবে অপৰিহাৰ্য উপাদান। এইবোৰৰ দ্বাৰা কেৰটিন উৎপন্ন হয়, যিয়ে চুলিক শক্তি প্ৰদান কৰে আৰু লাহে লাহে চুলি সৰা সমস্যাৰ অন্ত পেলায়।

অভিনেতা বিজয় শংকৰ শইকীয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল বিয়োগ…

পুৱাই এটা দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ।

৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ তেজপুৰৰ বহু অনুষ্ঠানৰ সৈতে জড়িত অভিনেতাজনৰ। প্ৰয়াত অভিনেতা উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰ শইকীয়াৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ।

মৃত্যুৰ সময়ত শইকীয়াই দুই সন্তানৰ সৈতে এৰি থৈ যায় পত্নীক। মঞ্চ নাটকৰ লগতে বহুকেইখন অসমীয়া ধাৰাবাহিক, বোলছবিত অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই। শেহতীয়াকৈ ‘ডাঃ বেজবৰুৱা ২’ বোলছবিত কৰিছিল অভিনয়।

সাৱধান! আওকাণ নকৰিব শৰীৰৰ এই লক্ষণ সমূহ…

সাৱধান! আওকাণ নকৰিব শৰীৰৰ এই লক্ষণ সমূহ। পাচনতন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল হয় তেন্তে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আজি আমি আপোনালোকক জনাম পাচনতন্ত্ৰ দুৰ্বল হ’লে শৰীৰে কি কি সংকেত দিয়ে-

পাচনতন্ত্ৰ দুৰ্বল হ’লে শৰীৰে এই সংকেতবোৰ দিয়ে-

চুলি সৰা
হজম তন্ত্ৰৰ দুৰ্বলতাই আপোনাৰ চুলিতো প্ৰভাৱ পেলায়। বহু সময়ত পাচনতন্ত্ৰৰ দুৰ্বলতাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। যাৰ বাবে চুলিয়ে উপযুক্ত পুষ্টি নাপায় আৰু চুলি ছিঙিবলৈ আৰম্ভ কৰে।

পাচনতন্ত্ৰৰ দুৰ্বলতাৰ বাবে টোপনি সমস্যাও আৰম্ভ হয়। কাৰণ খাদ্য ভালদৰে হজম নোহোৱাৰ বাবে পেট গধুৰ হৈ পৰে আৰু টোপনি অহাত সমস্যা সৃষ্টি হয়। কেৱল এয়াই নহয়, মূৰৰ বিষৰ সমস্যাও আৰম্ভ হয়।

দীৰ্ঘদিন ধৰি পাচনতন্ত্ৰত হোৱা সমস্যাৰ বাবে ছালৰ লগত জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে। যদি পেট পৰিষ্কাৰ নহয়, তেন্তে পিম্পল আৰু তেলীয়া ছালৰ সমস্যা বাঢ়িব পাৰে। যদি আপোনাৰ পাচনতন্ত্ৰত কোনো সমস্যা হয় তেন্তে আপুনি অধিক পানী সেৱন কৰিব।

চাৰি বন্ধুৰ মহামিলনৰ বিৰল দৃশ্যই আল্পুত কৰিছে ৰাইজক…

দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰাক্তন কটনিয়ান উৰুখা পঁজাত কটোৱা জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ পাছতেই প্ৰশান্ত বৰঠাকুৰৰ কাষত আজি উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ দুই সহপাঠীৰ। বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্পচাৰৰ পিছতেই উপস্থিত হয় দুই সতীৰ্থ। সুদীৰ্ঘ ৪৪ বছৰৰ পিছত চাৰিজন সহপাঠী পুনৰ মিলনে অতীতত একেলগে কটোৱা সময়ৰ মূহুৰ্তৰ ম্মৃতিক লৈ হৈ পৰিল নষ্টালজিক।

উৰুখা পঁজাত দুৰ্বিসহ জীৱন কটাৱো উচ্চ শিক্ষিত বৰঠাকুৰক তাৎক্ষণিকভাৱে যাৱতীয় সুবিধাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ দুই সহপাঠী। চাৰি বন্ধুৰ মহামিলনৰ বিৰল দৃশ্যই আল্পুত কৰিলে সকলোকে।

এটি কণমানিলৈ দৰদ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এটা ভিডিঅ’ বৰ্তমান সময়ত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভ্লাদিমিৰ পুটিন ভাইৰেল ভিডিঅ’ক পশ্চিমীয়া সংবাদ মাধ্যমে ইয়াক পুটিনৰ জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে। এই ভিডিঅ’টোত তেওঁ এগৰাকী কণমানি ছোৱালীক আদৰ কৰা দেখা গৈছে। এই ভিডিঅ’টোত এগৰাকী আঠ বছৰীয়া এটি পুটিনক লগ কৰিবলৈ আগবাঢ়ি গৈছে। পুটিনে কণমানিটিক মৰমেৰে কোলাত তুলি লই আৰু তাৰ পিছত চকীত বহিবলৈ দিয়ে আৰু ইয়াৰ মাজতেছোৱালীজনীৰ দাবী মানি কণমানিজনীৰ অঞ্চলৰ বাবে ধন মুকলি কৰি দিয়ে।

সন্তান ঈশ্বৰৰ ৰূপ। মাক-দেউতাক লগত থাকিলে ল’ৰা-ছোৱালীবোৰৰ কোনো চিন্তা বা ভয় নাথাকে। ল’ৰা-ছোৱালীয়ে নিজৰ মধুৰ আৰু মৰমলগা কথাৰে যিকোনো লোককে আকোঁৱালি লব পাৰে। এই কথা প্ৰমাণ কৰিছে এটি আঠ বছৰীয়া কণমানিয়ে, যিয়ে ৰাছিয়াৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰপতিক লগ কৰে। যি কাৰ্য পূৰ্বে কোনেও কৰা নাছিল। এই ছোৱালীজনীৰ নাম ৰাইছাজ আকিপোভা। কিছুদিন পূৰ্বে যেতিয়া পুটিনে নিজৰ গৃহ অঞ্চল দাগেস্তান ভ্ৰমণ কৰিছিল তেতিয়া ভিৰৰ বাবে ছোৱালীজনীক লগ কৰিব পৰা নাছিল। পুটিনক লগ কৰিব নোৱাৰাৰ বাবে ৰাইছাজে কান্দিছিল। এই কথা গম পোৱাৰ লগে লগে পুটিনে ছোৱালীজনী আৰু তাইৰ পৰিয়ালৰ লোকক মস্কোলৈ মাতিলে। পুটিনে কন্যা শিশুটিক তেওঁৰ ৰাজ সভালৈ ফুলেৰে আদৰণি জনায়। এই সময়ছোৱাত ৰাইছাটে পুটিনক বিত্তমন্ত্ৰীৰ সৈতে ফোনত কথা পাতি নিজৰ গৃহ অঞ্চলৰ বাবে বাজেট অনুদান বিচাৰিবলৈ অনুৰোধ জনাইছিল। যাৰ ওপৰত তেওঁ ইতিবাচক মনোভাৱ দেখুৱাইছিল। ভিডিঅ’টোত পুটিনক ছোৱালীজনীৰ প্ৰতি অতি দয়ালু দেখা গৈছে। এতিয়া পশ্চিমীয়া সংবাদ মাধ্যমে এই ভিডিঅ’টোক ক্ৰেমলিন আৰু পুটিনৰ জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে।

হেমা মালিনীৰ প্ৰথম গৰ্ভধাৰণক গোপন ৰাখিব বিচাৰিছিল ধৰ্মেন্দ্ৰই। ঈছা দেউলৰ জন্মৰ সময়ত সমগ্ৰ চিকিৎসালয় খনকে বুকিং কৰিছিল…

হেমা মালিনীৰ প্ৰথম গৰ্ভধাৰণক গোপন ৰাখিব বিচাৰিছিল ধৰ্মেন্দ্ৰই। ঈছা দেউলৰ জন্মৰ সময়ত সমগ্ৰ চিকিৎসালয় খনকে বুকিং কৰিছিল ধৰ্মেন্দ্ৰই। ১৯৮০ চনত ধৰ্মেন্দ্ৰ-হেমা মালিনীৰ বিবাহ হৈছিল। ১৯৮১ চনত হেমা মালিনীয়ে প্ৰথম কন্যা ঈছা দেউলক জন্ম দিছিল। ধৰ্মেন্দ্ৰই হেমাৰ প্ৰথম গৰ্ভধাৰণক গোপন কৰি ৰাখিব বিচাৰিছিল। ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে প্ৰায় ৪০ বছৰ ধৰি সুখৰ বৈবাহিক জীৱন কটাইছে। তেওঁৰ দুগৰাকী কন্যা ঈছা দেওল আৰু আহনা দেউল। চিনেমাত কাম কৰি থাকোঁতে ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে ইজনে সিজনৰ প্ৰেমত পৰিছিল। সেই সময়ত ধৰ্মেন্দ্ৰ বিবাহিত আছিল আৰু চাৰিটা সন্তান পিতৃৰ আছিল যদিও তেওঁ হেমা মালিনীৰ প্ৰেমত পৰিছিল।

হেমা মালিনীৰ বন্ধু নীতু কোহলীয়ে এবাৰ কৈছিল যে ঈশাৰ জন্মৰ সময়ত ধৰ্মেন্দ্ৰই সমগ্ৰ চিকিৎসালয়খন বুকিং কৰি থৈছিল। ১৯৮১ চনৰ নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰিছিল ঈছাই। ১৯৮০ চনত ধৰ্মেন্দ্ৰ আৰু হেমাৰ গোপনে বিবাহপাশত আবদ্ধ হয়। হেমা মালিনীয়ে যেতিয়া গৰ্ভৱতী হৈছিল তেতিয়া এই কথা তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ বাহিৰে আন কোনোৱেই নাজানিছিল। সেইবাবেই ধৰ্মেন্দ্ৰই ঈশাৰ জন্মৰ সময়ত গোটেই চিকিৎসালয়খনকে বুকিং কৰি থৈছিল, যাতে হেমা মালিনীয়ে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু শান্তিৰে সন্তানটো জন্ম দিব পাৰে।

হেমাৰ বান্ধৱী নীতু কোহলীয়ে কৈছিল- “ঈশা জন্মৰ সময়ত কোনেও গম পোৱা নাছিল যে হেমা মালিনী গৰ্ভৱতী।” তেতিয়া ধৰ্মেন্দ্ৰই হস্পিতালখনে বুকিং কৰি থৈছিল। ১০০ কোঠাৰ নাৰ্চিং হোম আছিল। ঈশাৰ জন্মৰ বাবে তেওঁ ১০০টা কোঠা বুকিং কৰিছিল।”

ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ…

ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । AJYCP ৰঙিয়া জিলা সমিতিৰ উদ্যোগত ৰঙিয়াত শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ন ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা অসম চৰকাৰ যোগান মন্ত্ৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

ৰঙিয়া নগৰৰ মাজমজিয়াত আৰম্ভ কৰা শ্মশান যাত্ৰাত ছাত্ৰ সংগঠনটোৰ কৰ্মী সকলে ৰঙিয়া নগৰৰ মুল পথসমুহেৰে পৰিভ্ৰমণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত যোগান মন্ত্ৰীৰ প্ৰতিকী শৱদেহ বৰলীয়া নৈত উটুৱাই দিয়ে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বাংলাদেশৰ অধিনায়ক তামিম ইকবালৰ। আৱেগত চকুত চকুপানী তামিমৰ…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বাংলাদেশৰ অধিনায়ক তামিম ইকবালৰ। বাংলাদেশৰ এদিনীয়া অধিনায়ক তামিম ইকবালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ ঘোষণা কৰে। এদিনীয়া বিশ্বকাপৰ মাত্ৰ তিনি মাহৰ পূৰ্বেই ৫০ অভাৰৰ ফৰ্মেটত বাংলাদেশৰ অধিনায়ক তামিম ইকবালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। এদিনীয়া বিশ্বকাপলৈ মাত্ৰ তিনি মাহ বাকী থকাৰ সময়তে বাংলাদেশে এতিয়া নতুন অধিনায়ক বিচাৰিব লাগিব। সংবাদমেলত অৱসৰৰ কথা ঘোষণা কৰি অত্যন্ত আৱেগিক হৈ পৰিছিল তামিম। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে এতিয়াও ঘোষণা কৰা নাই তামিমৰ উত্তৰাধিকাৰী ৫০ অভাৰৰ ফৰ্মেটত। চাকিব আল হাছান আৰু লিটন দাসৰ ভিতৰত কোনোবা এজন অধিনায়ক সম্ভাৱনা বেছি। ইতিমধ্যে টি-২০ ফৰ্মেটত বাংলাদেশ দলৰ নেতৃত্বত আছে ছাকিব, আনহাতে লিটন টেষ্টৰ অধিনায়ক।

যোৱা বছৰৰ প্ৰায় একে সময়তে টি-২০ৰ পৰা অৱসৰ নিশ্চিত কৰিছিল তামিমে। এপ্ৰিল মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে দেশৰ হৈ শেষৰখন টেষ্ট খেলিছিল। টেষ্ট ফৰ্মেটত তামিমে নিজৰ নামত ৫০০০ৰো অধিক ৰান সংগ্ৰহ কৰি নিজৰ কেৰিয়াৰ অন্ত পেলায়। লগতে ১০ শতক আৰু ৩১টা অৰ্ধশতক ৰান কৰে। টি-২০ ফৰ্মেটত তেওঁ ১৭৫৮ ৰান সংগ্ৰহ কৰে। বাংলাদেশ ক্ৰিকেটৰ ইতিহাসত তেওঁ কিংবদন্তি হিচাপে উজ্বলি থাকিব।