Home Blog Page 1485

কাজলক প্ৰত্যাহ্বান জনাই কোটি কোটি মূল্যৰ সম্পত্তি ক্ৰয় কৰে অজয় ​​দেৱগনে…

কাজলে মুম্বাইত ১৬.৫ কোটি টকাৰ ঘৰ ক্ৰয় কৰাৰ মাত্ৰ পাঁচ দিনৰ পিছতে কোটি টকীয়া সম্পত্তি ক্ৰয় কৰিলে অভিনেতা অজয় দেৱগনে। এক নতুন প্ৰতিবেদন অনুসৰি অজয়ে মুম্বাইৰ আন্ধেৰী পশ্চিম অঞ্চলত ক্ৰয় কৰিছে সম্পত্তি। অভিনেতাগৰাকীৰ নতুন সম্পত্তিৰ মূল্য ৪৫ কোটি টকা। মানি কণ্ট্ৰলৰ তথ্য অনুসৰি এই কাৰ্যালয়ৰ স্থান মুঠ ১৩,২৯৩ বৰ্গফুট এলেকাত বিস্তৃত। ইউনিট ১ ৰ বিল্ড আপ এলেকা ৮,৪০৫ বৰ্গফুট। এই ইউনিটটো অশিৱাৰাৰ চিগনেচাৰ বিল্ডিঙৰ ১৬ নং মহলাত অৱস্থিত। এই ইউনিটটোৰ ব্যয় ৩০.৩৫ কোটি টকা বুলি কোৱা হৈছে।

অজয় ​​আৰু কাজলে নিজৰ কামৰ বাবে শিৰোনাম দখল কৰিছে। অজয়ৰ বাবে বৰ্তমান বহু প্ৰজেক্ট আছে। ইয়াৰ ভিতৰত আছে ৰোহিত শ্বেট্টীৰ সিংঘম ৩। এই ছবিখনত দীপিকা পাডুকনেও লেডী সিংঘমৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনত বিকি কৌশলকো দেখা যাব। খবৰ অনুসৰি ৰণবীৰ সিং আৰু অক্ষয় কুমাৰ, অজয় ​​দেৱগন আৰু বিকি কৌশলেও যোগদান কৰিব সিংঘমত। ইয়াৰ উপৰিও অজয় ​​আৰু ৰোহিত পুনৰ একত্ৰিত হ’ব গোলমাল ৪ৰ বাবে। আনহাতে কাজলক শেহতীয়াকৈ লাষ্ট ষ্ট’ৰীছ ৪ত দেখা গৈছিল আৰু এতিয়া তেওঁক দ্য ট্ৰেইলত দেখা যাব।

সৰভোগত বিধায়ক অখিল গগৈ, লুৰিণজ্যোতি গগৈ, বিধায়ক ৰকিবুল হুছেইনৰ উপস্থিতিত বিশাল প্ৰতিবাদী জনসভা…

সৰভোগত বিশাল প্ৰতিবাদী জনসভা । সৰভোগ সমষ্টি কৰ্তনক লৈ বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰিব বুধবাৰে। ঐতিহাসিক সৰভোগ বিধান সভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত বুধবাৰে সৰভোগ গান্ধী ময়দানত আবেলি দুই বজাত ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু চিপি আই এমৰ আহ্বানত বিশাল জনসভা অনুষ্ঠিত হ’ব। দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে ৷ এই খচৰা অনুসৰি বৰ্তমানৰ কেইবাটাও ঐতিহ্যমণ্ডিত বিধান সভা সমষ্টি বিলুপ্ত হ’ব ৷ সৰভোগ সমষ্টি বিলুপ্তিকৰণৰ সন্দৰ্ভত সৰভোগত যোৰদ্বাৰ প্ৰতিবাদ সাব্যস্ত কৰিব বিধায়ক মনোৰঞ্জন তালুকদাৰ।

বিশাল প্ৰতিবাদী জনসভাত উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ , ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ , বিৰোধী দলৰ উপ সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন , সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ , সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস আৰু প্ৰাক্তন বৰপেটা লোকসভা সাংসদ, প্ৰাক্তন বিধায়ক উদ্বব বৰ্মন। বুধবাৰে বিশাল প্ৰতিবাদী জনসভাত ৰাইজক উপস্থিত থাকিবলৈ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আহ্বান জনায়।

দৃষ্টিহীন ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত কঠীয়াতলীৰ চিমু দাস…

দৃষ্টিহীন ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত কঠীয়াতলীৰ চিমু দাস। নগাঁও জিলাৰ কঠীয়াতলী কছাৰী গাঁৱৰ এগৰাকী দৃষ্টিহীন যুৱতীয়ে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দললৈ নিৰ্বাচিত হোৱাৰ খৱৰে কঠীয়াতলী অঞ্চলত আনন্দৰ লহৰ উঠিছে। অসমৰ পৰা প্ৰথম গৰাকী দৃষ্টিহীন মহিলাই যোগ্যতা অৰ্জন কৰিছে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ ৷ উল্লেখ্য যে বিগত জানুৱাৰী মাহত নেপালত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চিমুয়ে মেন অফ ডা চিৰিজ আৰু মেন অফ ডা মেছ দখল কৰি অসমলৈ গৌৰৱ কঢিয়াই আনে।

এইবাৰ আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলৰ হৈ চিমুয়ে ইংলণ্ডত খেলিবলৈ যাব। কঠিয়াতলীৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী চিমুৰ ভাতৃও বিশেষ ভাৱে সক্ষম৷ মাতৃয়ে ঘৰে ঘৰে দিন হাজিৰা কৰি পোহপাল দি আছে পৰিয়ালটো ৷ চিমুৰ এই যাত্ৰাত অসম ক্ৰিকেট সন্থাৰ লগতে ৰাইজৰ সহায় সহযোগীতা আৰু আশীৰ্বাদ বিচাৰিছে চিমুয়ে ৷ কঠিয়াতলীবাসীৰ আশা চিমুয়ে ইংলেণ্ডত দৃষ্টিহীন মহিলা ক্ৰিকেট দলত অংশ গ্ৰহন কৰি পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব ৷

পাতল প্লাষ্টিকৰ বেগ নিষিদ্ধ! একক ব্যৱহাৰৰ প্লাষ্টিকৰ ওপৰত কঠোৰ ব্যৱস্থা চৰকাৰৰ…

এই দেশত পাতল প্লাষ্টিকৰ বেগ নিষিদ্ধ, একক ব্যৱহাৰৰ প্লাষ্টিকৰ ওপৰত চৰকাৰৰ কঠোৰ ব্যৱস্থা! ‘আমি যিকোনো একক ব্যৱহাৰৰ পেকেজিং হ্ৰাস কৰিব বিচাৰো,’ এই মন্তব্য পৰিৱেশ মন্ত্ৰী ৰেচেল ব্ৰুকিঙৰ। নিউজিলেণ্ডৰ চুপাৰ মাৰ্কেটত প্লাষ্টিক বেগ নিষিদ্ধ। এই নিষেধাজ্ঞাৰ অধীনত ফল-মূল ৰখাৰ বাবে ব্যৱহাৰ কৰা পাতল বেগও অন্তৰ্ভুক্ত কৰা হৈছে। শনিবাৰৰ পৰা বলবৎ হোৱা এই পদক্ষেপে একক ব্যৱহাৰৰ প্লাষ্টিকৰ বিৰুদ্ধে চৰকাৰে চলোৱা ব্যাপক অভিযানে ফলপ্ৰসূ হৈছে। ২০১৯ চনত নিউজিলেণ্ডত ঘৰলৈ লৈ যোৱা প্লাষ্টিকৰ বেগ আদিৰ ওপৰত প্ৰাথমিক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তেতিয়াৰ পৰাই নিউজিলেণ্ডৰ বেছিভাগ বজাৰ কৰা লোকে দোকানলৈ যোৱাৰ সময়ত নিজৰ বেগ লৈ গৈছিল। সহযোগী পৰিৱেশ মন্ত্ৰী ৰেচেল ব্ৰুকিঙে কয় ‘নিউজিলেণ্ডে অত্যধিক আৱৰ্জনা, অত্যধিক প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে,’। লগতে কয় যে ২০১৯ চনত প্ৰৱৰ্তন কৰা ডাঠ বেগ ব্যৱহাৰে ইতিমধ্যে এক বিলিয়নতকৈও অধিক প্লাষ্টিকৰ বেগ প্ৰচলন বন্ধ কৰি দিছে I এই পৰিৱৰ্তনে দেশত প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগাইছে। এই নিষেধাজ্ঞা ফলত বছৰি প্ৰায় ১৫ কোটি প্লাষ্টিকৰ বেগ ব্যৱহাৰ ৰোধ কৰা হ’ব বুলি অনুমান কৰিছে নিউজিলেণ্ড চৰকাৰে।

অৱশ্যে কিছুমান সমালোচকে কৈছে যে গ্ৰাহকে ডিচপ’জেবল কাগজৰ বেগৰ আশ্ৰয় ল’ব পাৰে, যিবোৰ এতিয়াও চুপাৰ মাৰ্কেটত উপলব্ধ। সমগ্ৰ দেশতে ১৮৫টাতকৈও অধিক ষ্ট’ৰ পৰিচালনা কৰা অগ্ৰণী চুপাৰ মাৰ্কেট চেইন কাউণ্টডাউনে বজাৰ কৰা লোকসকলৰ বাবে ফল-মূল আৰু শাক-পাচলি ভৰাবৰ বাবে পুনৰ ব্যৱহাৰযোগ্য পলিয়েষ্টাৰ মেছ বেগ প্ৰৱৰ্তন কৰি এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে।

চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। প্ৰায় ৪০জন যাত্ৰী আহত…

চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰাবাছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰে। এই দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত শিশু সহ প্ৰায় ৪০জন যাত্ৰী। যাত্ৰীবাহী বাছখন বৰপেটাৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। আহত সকলক প্ৰথম অৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইয়াৰে কেইবাগৰাকী যাত্ৰীৰ অবস্থা সংকটজনক বাবে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

উক্ত দুৰ্ঘটনাটো তীব্ৰ বেগ আৰু বৰষুণৰ ফলত হোৱাৰ আশংকা যাত্ৰীসকলৰ। ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাৱে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰতিকূল বতৰকো নেওচি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰৰ সমষ্টি বিভাজনৰ বিৰুদ্ধে হাৰাপুটাত বৃহৎ গণ প্ৰতিবাদ…

বৰষুণৰ প্ৰতিকূল বতৰকো নেওচি গোসাঁইগাঁও বিধান সভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰক সমষ্টি বিভাজনৰ বিৰুদ্ধে আজি পুৱা গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত হাৰাপুটাত এক বৃহৎ গণ প্ৰতিবাদ সাব্যস্ত কৰে। বৰষুণৰ মাজত সদৌ চাওঁতাল ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, চাওঁতাল কলনী গাওঁবুঢ়া সন্থা, নিখিল কুড়ুক ছাত্ৰ সন্থা‌(ওৰাং) আদিকে ধৰি চাওঁতাল আদিবাসী সকলৰ বিভিন্ন দল সংগঠনৰ যৌথ উদ্যোগত হাজাৰ হাজাৰ ৰাইজ হিলদলভাঙি হাৰাপুটা ফুটবল খেলপাথাৰত উপস্থিত হৈ এক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি গোসাইগাঁও বিধান সভা চাৰি ভাগত বিভক্ত কৰা নহব, গোসাইগাঁও বিধান সভা সমষ্টি লাগিবই ,মিত্ৰজোঁট চৰকাৰ হায়! হায়! ,আদিবাসী জাগিছে,আদিবাসীৰ মৌলিক অধিকাৰ খৰ্ব কৰা নচলিব ,অসম চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি আকাশ – বতাহ উত্তাল কৰি তোলে ৷

গোসাঁইগাঁও বিধান সভা সমষ্টিক বিভাজন নকৰি সমষ্টিটোক চাওঁতাল আদিবাসী সকলৰ বাবে সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰক আহ্বান জনায়। সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান সৰেনে কয় যে চৰকাৰে কাৰোবাক সন্তুষ্ট কৰিবলৈ চাওঁতাল সকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে। আমি কেতিয়াও এয়া হ’বলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলিও হুংকাৰ দিয়ে।

২০১৪ চনৰ পিছত কিয় কোনো ছবিত অভিনয় কৰা নাই ৰেখাই? অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে…

২০১৪ চনৰ পিছত কিয় কোনো ছবিত অভিনয় কৰা নাই ৰেখাই? অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে ইয়াৰ কাৰণ। প্ৰবীণ অভিনেত্ৰী ৰেখাক শেষবাৰৰ বাবে ২০১৪ চনত ছুপাৰ নানী ছবিত দেখা গৈছিল। তাৰ পিছৰ পৰা তেওঁ কোনো ছবিত চহী কৰা নাই। প্ৰবীণ অভিনেত্ৰী ৰেখাই নিজৰ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ৰেখাক এতিয়া কোনো ছবিত দেখা পোৱা নাযায় যদিও বলীউডৰ অনুষ্ঠান আৰু পাৰ্টিত প্ৰায়ে দেখা পোৱা যায়। য’ত অভিনেত্ৰীগৰাকীক চেলিব্ৰিটিৰ সৈতে বহুত আনন্দ-উল্লাস কৰা দেখা যায়। ৰেখাই শেষবাৰৰ বাবে ২০১৪ চনত এখন ছবিত চুক্তিবদ্ধ হৈছিল। তাৰ পিছৰ পৰা তাই কোনো ছবিত অভিনয় কৰা নাই। এতিয়া ৰেখা ছবি জগতৰ পৰা বহু দূৰত, ইয়াৰ কাৰণ। ৰেখাই তেলেগু ছবি এখনত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ছবিখনৰ পিছত ৰেখাই বলীউডত খোজ পেলালে। তেওঁৰ শেষৰখন ছবি আছিল ছুপাৰ নানি।

ৰেখাই এক সাক্ষাৎকাৰত কয় যে ২০১৪ চনৰ পিছত তেওঁ কোনো প্ৰজেক্টত কাম কৰা নাই। ৰেকাই এই সন্দৰ্ভত কয় যে মই ভালপোৱাবোৰৰ লগত জীয়াই থাকিবলৈ মোৰ স্মৃতিবোৰ আছে আৰু যেতিয়া সঠিক প্ৰজেক্ট আহিব তেতিয়াহে মই অভিনয় কৰিম। মোৰ ব্যক্তিত্ব মোৰ নিজৰ, কিন্তু মোৰ অভিনয়ৰ ব্যক্তিত্ব দৰ্শকৰ চকুত। শেহতীয়াকৈ ৰেখাক টিভি শ্ব’ গম হায় কিছি কে ভাল মেইনৰ প্ৰ’ম’ত দেখা গৈছিল। ৰেখাক প্ৰমোত দেখি অনুৰাগীসকল অতিশয় আনন্দিত হৈছে। এতিয়াও অপেক্ষা কৰি আছে তেওঁৰ নতুন প্ৰজেক্টৰ ঘোষণাৰ বাবে।

মহিলাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা! নিষিদ্ধ কৰা হ’ল বিউটি পাৰ্লাৰ…

আফগানিস্তানত নিষিদ্ধ মহিলা বিউটি পাৰ্লাৰ। ২০২১ চনৰ আগষ্ট মাহত ক্ষমতালৈ অহাৰ পিছত তালিবানে পূৰ্বৰ প্ৰশাসনতকৈ অধিক মধ্যপন্থী শাসন ব্যৱস্থাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তালিবানে নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি মহিলাৰ ওপৰত বিভিন্ন বাধা আৰোপ কৰে। এক নতুন আদেশত তালিবানে দেশৰ মহিলা বিউটি চেলুন নিষিদ্ধ কৰিছে। তালিবানৰ ‘প্রেভেন্টিং ইভিল এণ্ড স্প্রেডিং ভির্টু’ মন্ত্র্যালয়ৰ মুখপাত্ৰ মহম্মদ আকিফ মহাজাৰে এই তথ্য জনাইছে৷ মন্ত্ৰালয়ে কাবুল পৌৰসভাক মহিলা বিউটি চেলুনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আফগানিস্তানৰ মেকআপ আৰ্টিষ্ট ৰেহান মুবাৰীজে কয়, ‘পুৰুষ নিবনুৱা। যেতিয়া পুৰুষে নিজৰ পৰিয়ালৰ যত্ন ল’ব নোৱাৰে তেতিয়া মহিলাসকলে উপাৰ্জনৰ বাবে বিউটি পাৰ্লাৰত কাম কৰে। তাতো যদি বাদা, তেন্তে আমি কি কৰিম?’

এগৰাকী মেক-আপ আৰ্টিষ্টে কৈছিল- ‘পুৰুষসকলৰ (পৰিয়ালৰ) চাকৰি থাকিলে আমি ঘৰৰ পৰা ওলাই নাযাওঁ। আমি কি কৰিব পাৰো? আমি ভোকত মৰিব লাগিব, আমি কি কৰা উচিত? আমাক মাৰিব বিচাৰিছা।’

তাৎপৰ্যপূৰ্ণভাৱে ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ পৰা আমেৰিকা আৰু নাটোৰ সৈন্য যোৱাৰ পিছত তালিবানে দেশখনৰ ক্ষমতা দখল কৰি ১৯৯০ চনত পূৰ্বৰ শাসন ব্যৱস্থাতকৈ অধিক মধ্যপন্থী শাসন ব্যৱস্থা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই প্ৰতিশ্ৰুতি পূৰণ নকৰি তালিবানে মহিলাৰ ওপৰত বাধা আৰোপ কৰিবলৈ আৰম্ভ কৰিলে। ইছলামিক আমীৰাটে ছোৱালী আৰু মহিলাক বিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়া আৰু এন জি অ’ত কাম কৰাৰ লগতে উদ্যান, চিনেমা হল আৰু অন্যান্য মনোৰঞ্জন ক্ষেত্ৰ আদি ৰাজহুৱা স্থান ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তালিবানে আফগান ছোৱালী আৰু মহিলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনা কৰিছে।

ৰাতি হঠাতে টোপনিৰ পৰা সাৰ পাই নেকি? ইয়াৰ কাৰণ কি জানেনে…

ৰাতি হঠাতে টোপনিৰ পৰা সাৰ পাই নেকি? ইয়াৰ কাৰণ কি জানেনে? যদি ৰাতি ৭ৰ পৰা ৮ ঘণ্টা ধৰি টোপনি সম্পূৰ্ণ নহয়, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰিব পাৰে। কোনে নিবিচাৰে দিনটোৰ কামৰ অন্তত যেতিয়া ৰাতি শুবলৈ যায়, তেতিয়া তেওঁলোকে সোনকালে টোপনি নহাটো। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে এজন সুস্থ ব্যক্তিয়ে ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাব লাগে। কিন্তু কিছুমান লোকৰ দৈনিক ৭-৮ ঘণ্টা টোপনি নাহে কাৰণ তেওঁলোকে ৰাতি বাৰে বাৰে সাৰ পায় থাকে তাৰ পিছত পুনৰ টোপনি আহিবলৈ বহু সময় লাগে। এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক-

ৰাতি শুৱাৰ আগত যিবোৰ বস্তুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, সেইবোৰ বস্তু খাব নালাগে। য’ত চাউল, চিপচ, আলু, কল আৰু পাস্তা আদি অন্তৰ্ভুক্ত। কাৰ্বহাইড্ৰেটৰ বস্তুৱে টোপনি অহাত বাধা সৃষ্টি কৰে আৰু সেইবাবে ৰাতি বাৰে বাৰে সাৰ পায়।

ভাৰতত চাহ-কফি খোৱা লোকৰ অভাৱ নাই। ৰাতি চাহ-কফি খালে টোপনি অহাত বাধাৰ সৃষ্টি কৰিব পাৰে। কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে কেফেইন থাকে। প্ৰায়ে আমি টোপনিৰ পৰা মুক্তি পাবলৈ আৰু সতেজ অনুভৱ কৰিবলৈ চাহ-কফি খাওঁ, কিন্তু শুৱাৰ ২-৩ ঘণ্টা আগত এই কাম একেবাৰেই নকৰিব।

মানসিক চাপৰ বাবেও আপোনাৰ টোপনি অহাত বাধা হ’ব পাৰে। সেইবাবে শুৱাৰ পূৰ্বে চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাবলৈ চেষ্টা কৰিব।

জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, “ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্য-কৰ্তাৰ বাবে দলীয় কাৰ্যালয়সমূহ মন্দিৰ সদৃশ। এই কাৰ্যালয় ভৱনটোৱে বিজেপিক জনসাধাৰণলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ লগতে দলীয় কাম-কাজসমূহ সূচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।”

উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্রীয় পথ পুঁজি শিতানৰ অধীনত ২০১৬-১৭ বর্ষৰ বাবে নলবাৰী-ধমধমা পথত নির্মিত দুই লেণ্ডযুক্ত উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুঠ ৪৭.০৫ কোটি টকা ব্যয় সাপেক্ষে আৰু ৪৬৭.২৪ মিটাৰ দৈর্ঘ্যৰ ‘প্রজ্ঞা সেতু’ নামকৰণ কৰা এই সেতুখন শ্রীশ্রী হৰিমন্দিৰৰ সমীপত, পূৰ্বোত্তৰ সীমান্ত ৰে’লৱেৰ ৰে’লপথৰ ওপৰত নির্মাণ কৰা হৈছে৷

সেইদৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্রমা বিভাগ(কাৰিকৰী শাখা)-এ নলবাৰীৰ গৰ্ডন হাইস্কুল খেলপথাৰত নির্মাণ কৰিবলগীয়া এহেজাৰ আসনযুক্ত নলবাৰী নগৰ প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। পিছত চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাৰ পৰাই মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই ভার্চুৱেল পদ্ধতিৰে ‘মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি’, ‘মুখ্যমন্ত্রীৰ পকী পথ নৱীকৰণ আঁচনি’ আৰু ‘মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি’ৰ অন্তর্গত কেইবাটাও পথৰ প্রকল্পৰ শিলান্যাস কৰে। লগতে ৩৮ কোটি টকা ব্যয় সাপেক্ষে এ আই আই বি-ৰ অধীনত ৪টা শক্তি প্রকল্পৰো ভার্চুৱেল শিলান্যাস কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম চৰকাৰৰ ‘কোচ-ৰাজবংশী উন্নয়ন পৰিষদ’ৰ পুঁজিৰ অধীনত নলবাৰী জিলাৰ বৰকুছি, মিলনপুৰত নিৰ্মাণ হ’ব লগা চিলাৰায় ভৱন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰে।