Home Blog Page 1507

‘হেণ্ড কাফ’ আলোচনীয়ে অপৰাধ ৰোধ কৰাত গুৰুত্ব পূর্ণ ভূমিকা ল’বঃ উপায়ুক্তি নিবেদন দাস পাটোৱাৰী

এখন আলোচনী প্রকাশ কৰাতো সহজ কিন্তু জীয়াই ৰখাটো অত্যন্ত কঠিন। প্রত্যাহবান মূলক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব এখন আলোচনী জীয়াই ৰাখিবলৈ হ’লে। জটিল আৰু প্রত্যাহবানৰ সন্ধিক্ষণত প্রকাশিত ‘হেণ্ডকাপ’ নামৰ ব্যক্তিক্রমি আলোচনী প্রকাশ পাইছে।

অপৰাধ মুক্ত সমাজ গঢ়া লক্ষ্যৰে প্রকাশিত ‘হেণ্ড কাফ’ আলোচনী খনে তেঁও লোকৰ উদ্দেশ্যে সফল কৰাত যথেষ্ট গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিব। যোৱা ১৮ জুনত মৰান বিষ্ণু পুৰস্থিত ব্রহ্মপুত্র নিউজ’ কাৰ্যালয়ত অনুষ্ঠিত নিউজ চেনেলটোৰ বৰ্ষপূৰ্তি অনুষ্ঠান লগত সংগতি ৰাখি ডঃ ৰাজীৱ কুমাৰ মহত্বৰ মূখ্য সম্পাদকৰ সম্পাদনাত প্রকাশ কৰি উলিওৱা অপৰাধীৰ সন্ধানত হেণ্ডকাপ” নামৰ আলোচনী খন উন্মোচন কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী য়ে নিজ ভাষণত এনেদৰে কয়।

মাহমৰা প্রেছ ক্লাৱৰ সভাপতি সঞ্চয় নেৱাৰৰ পৌৰহিত্যত অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি গনশিল্পী মহেন্দ্র হাজৰিকাই ভাষণ প্রসংগত এনেদৰে কয়। জনসাধাৰণে এক শুদ্ধ খবৰৰ অপেক্ষাত থাকে। জনতাৰ জনৰ ভাৱ হৃদ্য়ংগম কৰিব পৰাকৈ ব্রহ্মপুত্র নিউজ’ শুদ্ধ খবৰ দিব যাব বুলি আশা কৰা বুলি উল্লেখ কৰি শিল্পী গৰাকী য়ে ব্রহ্মপুত্র নিউজ’ চেনেলক লৈ অতি কম সময়ৰ ভিতৰত এটি গীত ৰচনা কৰাৰ প্রতিশ্রুতি প্রদান কৰে।

ৰাইজৰ অশ্বিকাৰৰ সম্পাদক শৰৎ ভূঞাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত মহাবাহু কাকতৰ সম্পাদক, এন ই জে ডি এম এৰ উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি ৰাগ্নামনি গগৈ, সাধাৰণ সম্পাদক তৰুণ গগৈ, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা ৰামচন্দ্ৰ দত্ত , তাই আহোম নেতা নিপন ফুকন, আদিবাসী যুৱ -পৰিষদৰ কাৰ্যকৰী সভাপতি বৰুন তাচা , উপ সভাপতি দানিয়েল সূৰ্য, সম্পাদক বংশীবাদন বংশীবাদন ক্ষেত্রপালকে ধৰি বহু কেইগৰাকী বিশিষ্ট নাগৰিক।

ব্রহ্মপুত্র নিউজ’ ৰ প্রথম বৰ্ষপূৰ্তি উপলক্ষে সঞ্চালক ড° ৰাজীৱ কুমাৰ মহত্বয়ে ইতিমধ্যে প্রকাশ হৈ থকা ‘হামদেৰ অধিকাৰ ‘ আৰু ৰাইজৰ অধিকাৰ’ কাকত দুখনে ইতিমধ্যে জনসাধাৰণে আকোৱালী লোৱা বুলি উল্লেখ কৰি নিউজ চেনেলকো আকোৱালী ল’ব বুলি আশা কৰি সহায় সহযোগিতা কামনা কৰি আদৰনী ভাষণত আবেগিক হৈ পৰে।

অনুষ্ঠানলৈ ভিন্ন প্রান্তৰ পৰা অহা শুভাকাংক্ষী আৰু ৰাইজৰ উপস্থিতিতি কেক্ কাটে সঞ্চালক ড° ৰাজীৱ কুমাৰ মহত্বই। শিল্পী মৃত্যুঞ্জয় কৰ্মকাৰৰ লগতে বহু কেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটিক জীপাল কৰি তোলে। সমগ্র অনুষ্ঠানটিক আঁত ধৰে ব্রহ্মপুত্রত নিউজ’ এংকৰ কৰা সাংবাদিক প্রিয়া চাহুৱে।

সভাত উপস্থিত থাকে “হেণ্ডকাপ” আলোচনীৰ সম্পাদক মিতুল দাস। উক্ত অনুষ্ঠানৰ লগত ব্রহ্মপুত্র নিউজ’ সঞ্চালক গৰাকী য়ে নিজৰ জন্ম দিন উদযাপন কৰে। বহু কেইটা অনুষ্ঠান- প্রতিষ্ঠানে ডঃ ৰাজীৱ কুমাৰ মহত্বয়ে সাহিত্য সংস্কৃতি লৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনায়।

ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন আন্তৰ্জাতিক যোগ দিৱস…

ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। ধিং মহাবিদ্যালয়ৰ আৰু ধিং আৰোগ্য যোগকেন্দ্ৰৰ ,ধিং প্ৰেছ ক্লাব ,ধিং পৌৰসভা, ধিং আৰক্ষী, ধিং ৰাজহ চক্র , ধিং মহাবিদ্যালয়ৰ এন এচ এচ ,এন চি চি আদি ৯ টা অনুষ্ঠানৰ যৌথ উদ্যোগত ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস।

ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা অনুস্থানটিত বৰ্ষাবিঘ্নিত বতৰকো নেওচি ডেৰ শতাধিক চৰকাৰী বে-চৰকাৰী কমচাৰী,ছাত্র-ছাত্রী অভিভাৱক সকলে অংশ গ্ৰহন কৰে। অনুস্থানটিত উপস্থিত থকা সকলোকে একোটিকৈ গছ পুলি প্ৰদান কৰে।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ দেখুৱাব অভিনেত্ৰী কৃতি ছাননে…

আজি দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ দেখুৱাব কৃতি ছাননে। এই সময়ছোৱাত তেওঁৰ পৰিয়ালটোও কৃতিৰ লগত থাকিব। ‘আদিপুৰুষ’ৰ বিৰোধিতা সত্ত্বেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কৃতি ছাননৰ মন উচ্চ। শেহতীয়াকৈ কৃতি ছাননে ছ’চিয়েল মিডিয়াত ছবিখনে লাভ কৰা ইতিবাচক সঁহাৰিৰ প্ৰতি মনোযোগ দিয়াৰ কথা কোৱাৰ বিপৰীতে এতিয়া তেওঁ অধ্যয়ন কৰা আৰ কেপুৰামৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়। ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ মুক্তিৰ পূৰ্বেও বিতৰ্কৰ মাজত সোমাই পৰিছিল। অৱশ্যে মুক্তিৰ পিছত ছবিখনে বক্স অফিচত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। আন এটা কথা যে ছবিখনে ক’ৰবাত দৰ্শকৰ ধৰ্মীয় আৱেগক আঘাত কৰিছে, যাৰ বাবে দৰ্শক হতাশ হৈ পৰিছে।

বলীউড হুংগামাৰ খবৰ অনুসৰি আজি দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক ‘আদিপুৰুষ’ দেখুৱাব কৃতি ছাননে। এই সময়ছোৱাত তেওঁৰ পৰিয়ালটোও কৃতিৰ লগত থাকিব। ইয়াৰ বাবে তেওঁ দিল্লীৰ মাল্টিপ্লেক্সত শ্ব’ বুকিং কৰিছে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কিমান ছাত্ৰ-ছাত্ৰীক ছবিখন দেখুৱাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কৃতি বহুদিন ‘আদিপুৰুষ’ত ব্যস্ত আছিল আৰু এতিয়া তেওঁক ‘দ্য ক্ৰু’ত দেখা যাব। চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰত মুক্তি পাব তেওঁৰ ছবি। কৰীনা কাপুৰ খান আৰু টাবুকো তেওঁৰ সৈতে ছবিখনত দেখা যাব। ইয়াৰ উপৰিও দৰ্শকে তেওঁৰ ছবি ‘গণপাট’ৰ বাবেও অপেক্ষা কৰি আছে য’ত তেওঁ টাইগাৰ শ্ৰফৰ সৈতে অভিনয় কৰিব।

গিবন অভয়াৰণ্যত কাটা তাঁ‌ৰৰ বেৰাৰে উন্নয়নৰ নামত বন্য জীৱ কুললৈ বিপদ নমাই আনিছে নেকি বন বিভাগে?

যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰানী সংৰক্ষীত অভয়াৰণ্য মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে অভয়াৰণ্যখনৰ জীৱ কুললৈ বিপদ নমাই আনিব পাৰে।

আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড ডাইভাৰ্চিটি কনজাৰভেশ্বন চমুকৈ(এ,পি,এফ,বি,চি) আঁ‌চনিৰ অধিনত অভয়াৰণ্য খনত গছ পুলি ৰোপন কৰাৰ লগতে চাৰি সীমাত কাটা তাঁ‌ৰৰ বেৰ নিৰ্মান কাৰ্য চলি আছে।

হাতী বাঘ বান্দৰৰ লগৰে বহু দুস্প্ৰাপ্য বন্য জীৱ-জন্তুৰ বাসস্থলী গিবন অভয়াৰন্যৰ উন্নয়নৰ নামত বন বিভাগে অভয়াৰণ্য খনৰ চাৰি সীমাত কাটা তাঁ‌ৰৰ বেৰ নিৰ্মান কৰাৰ দৰে হঠকাৰি কৰ্মই প্ৰকৃতি প্ৰেমি সকলক ক্ষুব্ধ কৰি তুলিছে। প্ৰায় পোৱালী সহ দুকুৰিৰো অধিক হাতী বাস কৰে এই অভয়াৰণ্যত৷

খাদ্যৰ সন্ধানত পোৱালি সহ হাতীৰ জাকটো সদায় দাতীকাষৰীয়া গাঁ‌ও আৰু চাহ বাগিছা অঞ্চললৈ ওলায় যায়। হাতী অহা যোৱা হস্তীদণ্ডীটো কাটা তাঁ‌ৰৰ বেৰ লগাই দিয়াত পোৱালি হাতী গুৰুত্বৰ ভাবে আঘাট পোৱাৰ প্ৰবল আশংকাই দেখা দিছে।

-কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি

টংলা মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

‘বসুধৈৱ কুটুম্বকম’ মূলমন্ত্ৰৰে বিশ্বজুৰি পালিত নৱম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এনচিচি,এন এছ এছ,ছাত্র একতা সভাৰ উদ্যোগত আৰু আই কিউএ চিৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।

টংলা মহাবিদ্যালয় এন চি চি গোটৰ এএনঅ ৰূপন বড়োয়ে আঁত ধৰি উদেশ্য বাখ্যা কৰে।

যোগ শিবিৰ পৰিচালনা কৰা যোগ পৰিদৰ্শক অৰূপ বড়োক আৰোনাইৰে সম্ভাষণ জনোৱা হয়।

যোগ শিবিৰত এন এছ এছৰ প্রগ্ৰাম অফিচাৰ কৃষ্ণকান্ত বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

যোগ শিবিৰত উপস্থিত থাকি সহযোগ আগবঢ়াই মহাবিদ্যালয় খনৰ আইকিউএচিৰ সমন্বয়ক মিন্টু পাঠক, অসমীয়া বিভাগৰ অধ্যাপিকা হেমলতা দেৱী আৰু অৱসৰৰী অধ্যাপিকা সবিতা মজুমদাৰ আৰু অধ্যাপিকা প্ৰাৰ্থনা বুঢ়াগোহাঁই লগতে মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰী উপস্থিত থাকে।

-অৰূপ বড়ো, টংলা

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল মৰিগাঁও।তিৱা সংগঠনৰ প্ৰতিবাদ…

এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল মৰিগাঁও। মৰিগাঁও বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাই উত্তাল কৰিলে মৰিগাঁৱৰ ৰাজপথ। মৰিগাঁও চহৰৰ জাগীৰোড- মৰিগাঁও সংযোগী পথত টায়াৰ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে কয় যে মৰিগাঁও বিধানসভা সমষ্টিটো তিৱা জনজাতীয় সমষ্টি আৰু পূৰ্বতে যিহেতু এই চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষিত স্বাৰ্থৰ বাবে কাম কৰিব তেনে স্থলত মৰিগাঁও সমষ্টিটো জনজাতীয় লোকৰ বাবে সংৰক্ষণ নকৰাটো এক পৰিতাপৰ বিষয়।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে তেঁওলোকে চৰকাৰৰ ওচৰত এই সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।

মৰিগাঁৱৰ পৰা পুলিন কাকতিৰ প্ৰতিবাদ

“মই মোডী-শ্বাহ-নীতিশ কুমাৰক মাৰিম”- ফোন অহাৰ লগে লগে দিল্লী আৰক্ষীত হুলস্থুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ পৰা দুটাকৈ ফোন কল পোৱাৰ খবৰ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এজন আৰক্ষী বিষয়াৰ মতে, মদ্যপান কৰা বুলি ধাৰণা কৰা এজন ব্যক্তিক খেদি ফুৰিছে কৰ্তৃপক্ষই। মদ্যপায়ী বুলি বৰ্ণনা কৰা ব্যক্তিজনে পূৰ্বৰ নিশাৰ পৰাই সুৰা সেৱন কৰি আহিছে। ব্যক্তিজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়াস কৰা হৈছে যদিও তেওঁলোকে নিশ্চিত কৰিছে যে তেওঁ বৰ্তমান ঘৰত নাই।

“আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা চেষ্টা কৰিছিলো, তেওঁ এজন মদ্যপায়ী আৰু যোৱা নিশাৰ পৰা মদ্যপান কৰি আছে। বৰ্তমান তেওঁ ঘৰত নাই। শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।’ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।

এই ভাবুকিসমূহৰ প্ৰতি সঁহাৰি জনাই ফোন কৰাজনক সক্ৰিয়ভাৱে বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।

নেভিৰ চাকৰি এৰি নগ্ন ফটো বিক্ৰী কৰি উপাৰ্জন কৰিছে কোটি কোটি টকা! কিয়, কেনেকৈ…

আমেৰিকাৰ এগৰাকী ধুনীয়া যুৱতীৰ কাহিনী! নেভিৰ চাকৰি এৰি নগ্ন ফটো বিক্ৰী কৰি উপাৰ্জন কৰিছে কোটি কোটি টকা…। এটা সন্মানীয় পেছা এৰি, কিয় এই কাম কৰিলে,আচৰিত! ২৯ বছৰীয়া এই অতি ধুনীয়া যুৱতী গৰাকীৰ নাম টেইলৰ গানাৰ। টেইলৰে কয় যে এমাহত যিমান টকা উপাৰ্জন কৰে, এবছৰতো তেওঁ নৌসেনাত ইমানখিনি নাপালে। আজি টেইলৰে নিজৰ ধুনীয়া ছবি আৰু নগ্ন ভিডিঅ’ বিক্ৰী কৰি প্ৰতি বছৰে কোটি টকা উপাৰ্জন কৰিছে। টেইলৰে প্ৰাপ্তবয়স্ক এই কাৰ্য কৰাৰ আছে এক কাহিনী। তেওঁ এই পৃথিৱীত প্ৰৱেশৰ অস্বাভাৱিক কাহিনীৰ বিষয়ে জানিলে আপুনিও স্তম্ভিত হ’ব।


‘ডেইলী ষ্টাৰ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি তেওঁৰ এজন প্ৰেমিকে টুইটাৰত তেওঁৰ নগ্ন ছবি পোষ্ট কৰাত তেওঁৰ মনটো বৰ বেয়া লাগিছিল। তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ সংগীয়ে তেওঁৰ লগত ইমান জঘন্য কাম কৰিব পাৰে। টেইলৰে কয়, ‘এই বিষয়ে গম পাই মই অতিশয় চিন্তিত হৈছিলো, কিন্তু সেই নগ্নতাতো মই বহুত ইতিবাচক মন্তব্য দেখিছিলো। ইয়াৰ পিছত মোৰ মনলৈ এই ধাৰণাটো আহিল যে যিহেতু সন্মান হানি হৈছে এতিয়া আৰু কি ভয় কৰিব লাগে। মিছৌৰীৰ বাসিন্দা টেইলৰে এক সাক্ষাৎকাৰত কয়, ‘মই বহুত ধুনীয়া কিন্তু হয়তো মোৰ আত্মসন্মান নাই। সেইবাবেই মই সঁচাকৈয়ে ভাল পাওঁ যে লাখ লাখ মানুহে মোক নগ্ন ফটো চাই ভাল পায়। প্ৰেমিকৰ লগত কথা পাতি পাছৱৰ্ডটো লৈ সেই একাউণ্টটোৰ নিয়ন্ত্ৰণ কৰিলোঁ। কেইদিনমানৰ ভিতৰতে সেই একাউণ্টটোৱে ৫০ হাজাৰৰো অধিক ফ’ল’ৱাৰ লাভ কৰিলে। একে সময়তে কোনোবাই মোক এইদৰে ধন ঘটাৰ ধাৰণা দিছিল, মোৰ লগত খাপ খাই পৰিছিল। আজি সেই একাউণ্টৰ লাখ লাখ ফ’ল’ৱাৰ আছে। এই সকলোবোৰ মই কেৱল মনোৰঞ্জন আৰু ফূৰ্তি বাবেই কৰিলোঁ। তাৰ পিছত মই নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিলোঁ আৰু সেইটোও পূৰণ হ’ল। আজি মোৰ উপাৰ্জনৰ হিচাপ নাই। মই দুঘণ্টা বা পাঁচ ঘণ্টা যিমান সময় বিচাৰো সিমান দিন কাম কৰো আৰু যেতিয়াই মন যায় তেতিয়াই লগ আউট কৰো। এই কামত মোৰ কোনো সমস্যা নাই।’

যোগ হৈছে সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মহান উপহাৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত যোগাসন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

এই উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই দ্ৰৌপদী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ বাকী বিশ্বৰ বাবে উপহাৰ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- যোগাসন আমাৰ সভ্যতাৰ অন্যতম মহান সাফল্য আৰু সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মহান উপহাৰ। যোগে শৰীৰ আৰু মনক একত্ৰিত কৰে আৰু ই জীৱনৰ এক সামগ্ৰিক দৃষ্টিভংগী। যোগে আমাৰ সকলোকে আমাৰ চৌপাশৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ উন্নত অৱস্থাত থাকিবলৈ সহায় কৰে।”

লগতে সকলোকে যোগাসন কৰি দৈনন্দিন জীৱনত ইয়াক গ্ৰহণ কৰি ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে দেশবাসীক ভাৰ্চুৱেলি সম্বোধন কৰি কয় যে ভাৰতে সদায় একত্ৰিত, গ্ৰহণ আৰু আকোৱালি লোৱা পৰম্পৰাক লালন-পালন কৰি আহিছে আৰু যোগৰ জৰিয়তে বৈপৰীত্য আৰু প্ৰতিৰোধ নিৰ্মূলৰ বাবে এক আহ্বান জনাইছে।

International Yoga Day

প্ৰধানমন্ত্ৰীয়ে কয়, “যোগে এনে অনুভূতিক শক্তিশালী কৰে, আভ্যন্তৰীণ দৃষ্টিশক্তি বিস্তাৰ কৰে, আৰু সেই চেতনাৰ সৈতে আমাক সংযোগ কৰে যিয়ে আমাক জীৱৰ প্ৰতি প্ৰেমৰ ভিত্তি প্ৰদান কৰি জীৱৰ ঐক্য অনুভৱ কৰায়।”

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰে নৱম আন্তৰাষ্ট্ৰীয় যোগ দিৱস…

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰে নৱম আন্তৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি মৰিগাঁও সংৰক্ষিত আৰক্ষী চাউনি চৌহদত মৰিগাঁও জিলা প্ৰশাসনে ধুমধামেৰে উদযাপন কৰে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ২ ঘণ্টীয়া যোগ অনুষ্ঠানটো আনুষ্ঠানিক বিষয়বস্তুৰ ওপৰত ”বসুদেৱ কুটুম্বকমৰ বাবে যোগ” যিয়ে এটা পৰিয়াল, এটা ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে ।

উক্ত ”যোগ ”কাৰ্যসূচীটো প্ৰশিক্ষণ প্রাপ্ত যোগ শিক্ষকৰ দ্বাৰা যোগাভ্যাস কৰা হয়। উপায়ুক্ত দেৱাশীষ শৰ্মা আই এ এছ, মুখ্য কাৰ্যবাহী বিষয়া খীতিশ চ.পেগু, এছ পি হেমন্ত কুমাৰ দাস, এ ডি চি দ্যোটিভা বৰা, ডঃ সংগীতা বৰঠাকুৰ, বিমান দাস, প্ৰাঞ্জল বৰা আৰু অন্যান্য বিষয়া আৰু কৰ্মচাৰী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল্যমণ্ডিত কৰি তুলে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট