Home Blog Page 1516

সাপকাটা ভি চি ডি চিৰ কাৰ্যলয়ৰ লাইখুঁটা স্থাপন…

বি টি আৰৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত সাপকাটা ভি চি ডি চিৰ কাৰ্যালয়ৰ আজি লাইখুঁটা স্থাাপন কৰা হয়৷ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক জিৰন বসুমাতাৰীয়ে লাইখুঁটা স্থাপন কৰি বিধায়ক বসুমাতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰৰ প্ৰমোদ বড়ো নেতৃত্বতাধীন বি টি আৰ চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বহু কাম কৰি আছে ৷ তাৰে এটা অংশ হৈছে বি টি আৰৰ প্ৰতিটো সমষ্টিত ভি চি ডি চিৰ কাৰ্য্যলয় নিৰ্মানৰ কাম দ্ৰুতগতিত চলি আছে ৷

ৰাইজে ভি চি ডি চি পৰ্যায়ৰ কাম- কাজ সমূহ ভি চি ডি চিৰ কাৰ্যালয়তে কৰাৰ সুবিধা লাভ কৰিব ৷ ভি চি ডি চিৰ কাৰ্যালয় নিৰ্মান হোৱাৰ লগে লগে সাপকাটা অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃৃ হ’ব বুলি আশা প্ৰকাশ কৰে ৷ ভি চি ডি চিৰ কৰ্যালয়টো ২৫ লাখ টকাৰ ব্যয়সাপেক্ষ নিৰ্মান হ’ব বুলিও সদৰী কৰে বিধায়ক গৰাকীয়ে ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

সদ্য মুক্তি প্ৰাপ্ত অসমীয়া চলচিত্ৰ ‘শ্ৰী ৰঘুপতি’ চাবলৈ নাজিৰা বোলছবিত ভিৰ দৰ্শকৰ…

বিতৰ্কৰ অন্তত মুক্তি পোৱা শ্ৰীৰঘুপতিয়ে বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে বহুজন দৰ্শকৰ মাজত। ব্যতিক্ৰম নহয় নাজিৰা বোলছবিৰ পৰিৱেশ। পুৱাৰে পৰা দীঘলীয়া শাৰী দৈখিবলৈ পোৱা গৈছে নাজিৰা বোলছবি গৃহত। শ্ৰী ৰঘুপতি মুক্তিৰ প্ৰথমটো দিনৰে পৰা নাজিৰা বোলছবিত অসমীয়া ছবি খন চাবলৈ ভিৰ কৰিছে বহুজন দৰ্শকে । ছবি খন চাবলৈ অহা দৰ্শক সকলে মত প্ৰকাশ কৰি কয় যে , ৰঘুপতি এখন সুন্দৰ অসমীয়া ছবি; ৰঘুপতি উপভোগ কৰি দক্ষিণৰ ছবি উপভোগ কৰাৰ মাদকতা লাভ কৰিছো।

মুঠৰ ওপৰত এতিয়া এনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ ছবি গৃহ সমূহৰ সমান্তৰালকৈ নাজিৰা বোলছবিতো অসমীয়া ছবি ৰঘুপতি চোৱাৰ উদ্দেশ্যে নাজিৰা বোলছবিত ভিৰ কৰিছেহি বহুজনে। মুক্তি পোৱাৰ প্ৰথম দিনাৰ পৰাই দেখিবলৈ পোৱা গৈছে দৰ্শকৰ ভিৰ আগন্তুক দুটা দিনৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈ গৈছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

যদি আপুনি হাৰ্ট এটেকৰ পৰা হাত সাৰিব বিচাৰে তেন্তে সূৰ্য্যমুখী ফুলৰ গুটি খাওক, কলেষ্টেৰলও কমিব…

যদি আপুনি হাৰ্ট এটেকৰ পৰা হাত সাৰিব বিচাৰে তেন্তে সূৰ্য্যমুখী ফুলৰ গুটি খাওক, কলেষ্টেৰলও কমিব। সূৰ্যমুখী পৃথিৱীৰ অন্যতম ধুনীয়া ফুল। কেৱল দেখিবলৈ ধুনীয়াই নহয়, স্বাস্থ্যৰ বাবেও এই ফুল অতি উপকাৰী। এনে বহু ঔষধি গুণ সূৰ্য্যমুখী ফুলৰ গুটিত লুকাই থাকে, যাৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব। বহুতো গৱেষণাৰ দ্বাৰা এই বীজৰ ঔষধি গুণৰ বিষয়ে জানিব পৰা গৈছে। এই ফুলৰ উপকাৰিতা বিষয়ে জানো আহক – এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ সূৰ্য্যমুখীৰ গুটিত পোৱা যায়। এই বীজত ফ্লেভন’ইড, পলিচেচুৰেটেড ফেটি এচিড আৰু ভিটামিন থাকে, যিয়ে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা ৰক্ষা কৰাৰ কাম কৰে। সূৰ্য্যমুখীৰ গুটিৰ জৰিয়তেও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এই বীজত ওমেগা ফেটি এচিড থাকে যি ৰক্তবাহী নলীৰ বাবে উপকাৰী। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ৰক্তশৰ্কৰা আৰু কলেষ্টেৰল বৃদ্ধিৰ আশংকা হ্ৰাস পায়।

সূৰ্য্যমুখীৰ গুটি সেৱন কৰিলে মহিলাসকলৰ স্তন কেন্সাৰৰ সম্ভাৱনা কম কৰিব পাৰে। সূৰ্য্যমুখীৰ গুটিত লিগনান থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয়। লিগনান হৈছে এক প্ৰকাৰৰ পলিফিনল যিয়ে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে।

সূৰ্যমুখী গুটিয়ে আপোনাৰ মানসিক স্বাস্থ্য ভাল কৰি ৰখাৰ বাবেও উপযোগী হ’ব পাৰে। এই বীজত কেলচিয়াম আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিবোৰ মগজুৰ বিকাশত উপকাৰী হ’ব পাৰে।

সূৰ্যমুখী গুটিত আইৰণ, জিংক, কেলচিয়াম থাকে, যিয়ে হাড় সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। হাড় মজবুত হোৱাৰ বাবে শৰীৰেও শক্তি লাভ কৰে।

‘আপক নকল কৰিছে বিজেপি আৰু কংগ্ৰেছে’- অৰবিন্দ কেজৰিৱাল…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰি কয় যে বিজেপি আৰু কংগ্ৰেছে আপক নকল কৰিছে। কেজৰিৱালে টুইট কৰি কয়, ‘কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিয়েও আপে কোৱা পথ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছে আপৰ কাৰ্য নকল কৰাৰ নিশ্চয়তা লাভ কৰিছিল। এতিয়া বিজেপিয়ে সাংসদত আপৰ পথ গ্ৰহণ কৰিছে।

ভাল কথা। মানুহ উপকৃত হোৱা উচিত। এই দলেই হওক বা সেই দলেই হওক। কোনো কথা নাই।’ আচলতে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ‘মুখ্যমন্ত্ৰীৰ লাদলী বাহানা যোজনা’ আৰম্ভ কৰিলে। ইয়াৰ অধীনত মহিলাসকলক প্ৰতিমাহে ১০০০ টকা দিয়া হ’ব। ইয়াৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি বিজেপিক এইদৰে সমালোচনা কৰিছে।

১০০ মিলিয়নতকৈ অধিক ভাৰতীয়ৰ ডায়েবেটিছ! ১০টা লক্ষণক কেতিয়াও আওকাণ নকৰিব…

শেহতীয়াকৈ আইচিএমআৰ-ইণ্ডিয়া ডায়েবেটিছৰ এক অধ্যয়নত কিছুমান চিন্তনীয় তথ্য প্ৰকাশ পাইছে। ইয়াৰ পৰা দেখা গৈছে যে ১০ কোটি ১০ লাখ ভাৰতীয় ডায়েবেটিছ ৰোগত আক্ৰান্ত, আনহাতে ১৩.৬ কোটি ভাৰতীয়ৰ প্ৰি-ডায়েবেটিছ। আগতীয়াকৈ ধৰা পেলোৱা, চিকিৎসা কৰা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন ডায়েবেটিছ নিয়ন্ত্ৰণৰ মূল চাবিকাঠি। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ দ্য লেন্সেট ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰাইন’লজী আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ১০ কোটিতকৈ অধিক ভাৰতীয় ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জীয়াই আছে। অধ্যয়নটোৱে বহু আতংকজনক তথ্য উন্মোচিত কৰে। ইয়াৰ মতে ১০ কোটি ১০ লাখ ভাৰতীয় ডায়েবেটিছ ৰোগত আক্ৰান্ত, আনহাতে ১৩.৬ কোটি ভাৰতীয় প্ৰি-ডায়েবেটিছ।

উচ্চ ব্লাড চুগাৰৰ: ১০টা লক্ষণৰ প্ৰতি লক্ষ্য ৰাখিব লাগে-

সঘনাই প্ৰস্ৰাৱ কৰা
অত্যধিক পিয়াহ
অস্পষ্টভাৱে ওজন কমি যোৱা
ভাগৰ
ভোক বৃদ্ধি
ঘাঁ লাহে লাহে ভাল হোৱা
দৃষ্টিশক্তি অস্পষ্ট
সঘনাই সংক্ৰমণ
চৰম অংশত অজ্ঞানতা বা টিংটিং শব্দ হোৱা
ছালৰ দাগ ক’লা হৈ পৰা
সঘনাই প্ৰস্ৰাৱ কৰা আৰু অত্যধিক পিয়াহ ডায়েবেটিছৰ আগতীয়া সূচক, ভোক বৃদ্ধি হোৱাৰ পিছতো অস্পষ্টভাৱে ওজন হ্ৰাস হ’ব পাৰে। ক্লান্তিও এটা সাধাৰণ লক্ষণ। ডায়েবেটিছে একাধিক অংগক প্ৰভাৱিত কৰিব পাৰে আৰু জটিলতাসমূহৰ ভিতৰত ঘাঁ লাহে লাহে ভাল হোৱা আৰু দৃষ্টিশক্তি ম্লান হোৱাৰ কাৰণে দেখা দিয়ে। ডায়েবেটিছে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে, যাৰ ফলত ব্যক্তিৰ সংক্ৰমণৰ সম্ভাৱনা অধিক হয়।

পবিত্ৰ হজ যাত্ৰাৰ বাবে মক্কালৈ ওলোৱা দেৰগাঁৱৰ ৰঙামাটিৰ আক্তাৰুদ্দিন লস্কৰক সম্বৰ্ধনা…

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ ৰঙামাটি জামাতৰ পৰা শনিবাৰে মক্কালৈ হজ যাত্ৰা কৰে আক্তাৰুদ্দিন লস্কৰে। ৰঙামাটি জামাতৰ স্থায়ী সভাপতি মহম্মদ খছনুৰ আলীৰ সভাপতিত্বত শনিবাৰে ঈদগাহ ৰঙামাটি জামাতৰ প্ৰাংগনত অনুষ্ঠিত হোৱা হজ যাত্ৰী সম্বৰ্ধনা সভাত পবিত্ৰ হজলৈ যাত্ৰা কৰা আক্তাৰুদ্দিন লস্কৰক ৰঙামাটি জামতৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা জনায়।

উক্ত সভাত ৰঙামাটি জামাতৰ পুৰুষ মহিলাকে আদি কৰি প্ৰায় চাৰি শতাধিক লোক সমবেত হয়। উল্লেখ্য যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমগ্র মানৱ জাতিৰ বাবে দোৱা প্ৰাৰ্থনাৰ উদেশ্যৰে পবিত্ৰ মক্কালৈ যাবলৈ ওলোৱা আক্তাৰুদ্দিন লস্কৰক আনুষ্ঠানিক ভাৱে ৰঙামাটি জামাতৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে সহস্ৰাধিক লোকৰ অংশগ্ৰহনেৰে এক বিশাল শোভাযাত্ৰাৰ জৰিয়তে আগবঢ়াই নিয়ে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

সাংসদ পদৰ পৰা পদত্যাগ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ…

সাংসদ পদৰ পৰা পদত্যাগ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ৷ পাৰ্টিগেট কেলেংকাৰীৰ তদন্ত প্ৰতিবেদনৰ পাছতে সাংসদ পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে ৷ পাৰ্টিগেট কেলেংকাৰীৰ তদন্তত সংসদক বিপথে পৰিচালিত কৰা আৰু হাউছ অৱ কমনছৰ পৰা দীৰ্ঘদিনীয়া নিলম্বনৰ পৰামৰ্শ দিয়াৰ পিছত বৰিছ জনছনে কনজাৰ্ভেটিভ সাংসদ হিচাপে তৎক্ষণাত পদত্যাগ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তদন্তই তেওঁক খেদি ফুৰিছে বুলি ক্ষোভিত অভিযোগ উত্থাপন কৰে। ১০০০ শব্দৰ তিক্ত বক্তব্যত তেওঁ ঋষি সুনকৰ চৰকাৰক আক্ৰমণ কৰি কৰ বৃদ্ধি, যথেষ্ট কনজাৰ্ভেটিভ নহয় আৰু ব্ৰেক্সিটৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰীক দোষাৰোপ কৰে।

পদত্যাগৰ ফলত জনছনৰ আক্সব্ৰিজ আৰু চাউথ ৰুইছলিপ সমষ্টিত তাৎক্ষণিক উপ-নিৰ্বাচনৰ সূচনা হ’ব।



২২ জুনৰ পৰা মা-কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা…

২২ জুনৰ পৰা মা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।

এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০বাজি ৪২ ছেকেণ্ডত আৰম্ভ হ’ব ।

অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।

২৬ জুনৰ পুৱা পূজাৰ পাছতহে খোলা হ’ব মন্দিৰৰ দুৱাৰ।

নিশা ৯ বজাৰ পাছত ভক্তৰ প্ৰৱেশত বাধা থাকিব কামাখ্যাত।

ছেফাংগুৰী আমছুৰ শাখা সমিতি গঠনঃ বাল্য বিবাহ, বহু বিবাহ, নিচামুক্ত সমাজ গঢ়াৰ পণঃ আমছুৰ

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ নিৰ্দেশমৰ্মে গোসাইগাঁও আঞ্চলিক সমিতি আমছুৰ উদ্যোগত শুক্ৰবাৰে ৰাতি ছেৰফাংগুৰীস্থিত শংকৰ আজান জাতীয় বিদ্যালয় প্ৰাংগনত এখন সধাৰণ সভা অনুষ্ঠিত হয় ৷ আমছুৰ গোসাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ ইতিবৃত্ত সম্পৰ্কে ভাষন প্ৰদান কৰে ৷ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সফিকুল ইছলাম ওৰফে বাবুলে আমছু সংগঠনৰ নীতি আদৰ্শ সম্পৰ্কে বিস্তাৰিত ব্যাখ্যা দাঙি ধৰি ভাষণ আগবঢ়াই৷

উক্ত সভাতে সৰ্বসন্মতি ক্ৰমে আব্দুৰ ৰহিম শ্বেখক সভাপতি আৰু ছানোৱাৰ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া সদস্যৰে আমছুৰ ২ নং ছেৰফাংগুৰী শাখা সমিতিখন গঠন কৰা হয় ৷ লগতে নৱ সদস্য সকলক এখনকৈ ফুলাম গামোছাৰে আদৰি লয়।নৱ গঠিত শাখা সমিতিখনে বাল্যবিবাহ ,বহু বিবাহ ,নিচামুক্ত সমাজ গঢ়াৰ স্বাৰ্থত দায়বদ্ধতাৰে কাম কৰি যাব বুলি সদৰী কৰে লগতে শিক্ষাৰ ক্ষেত্ৰত জাগৰণ অনাৰ দৃঢ় সংকল্পৰে সমাজৰ হিতাৰ্থে কাম কৰি যাব বুলি আমছুৰ নৱ গঠিত শাখা সমিতিয়ে পণ লয় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

শিৱসাগৰত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতিৰ সাক্ষাৎ ইমৰাণ শ্বাহক। মোদীৰ প্ৰশংসাত পঞ্চমুখ, ৰাহুল গান্ধীক সমালোচনা…

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ। বৃদ্ধি কৰিছে মহা জন জনসম্পৰ্ক অভিযান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশত ৯ বছৰ শাসন সম্পূৰ্ণ কৰাকলৈ এমহীয়া উদযাপন কাৰ্যসূচী হাতত লৈ প্ৰতি ৰাজ্যত এহেজাৰ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ অভিযান চলাইছে। সেই সূত্ৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ ঘৰত উপস্থিত হয় কুট্টী। শুক্ৰবাৰৰ সন্ধিয়া বিশিষ্ট সাহিত্যিক গৰাকীৰ ধাই আলিস্থিত বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে।এ পি আব্দুল্লা কুট্টীক সংগ দিয়ে সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইসহ কেইবাগৰাকী বিষয়ববীয়াই।

ইমৰান শ্বাহৰ বাসগৃহৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ সন্মুখত ৰাষ্ট্ৰীয় উপ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিয়াৰ লগতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। নৰেন্দ্ৰ মোদীয়ে উন্নয়ন আৰু পৰিৱৰ্তনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি কুট্টীয়ে কয় যে ভাৰতৰ গাঁৱত বিদ্যুৎ সংযোগ এতিয়াও নাই বুলি সমালোচনা কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। কিয়নো ভাৰতত ৬০ বছৰৰ অধিক কাল শাসন কৰা কংগ্ৰেছ দলৰ নেতা ৰাহুলে এই কথা তেওঁৰ বাপেক,আইতাক,আজো ককাক আদিক সুধা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰতৰ আৰম্ভণি কৰি বিগত দিনত ভাৰতত নোহোৱা উন্নতি সাধন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে।