Home Blog Page 1540

‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পিছত ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ ছবিখনক লৈ নতুন বিতৰ্ক…

পৰিচালক সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ বিতৰ্ক শেষ নৌহওতেই পশ্চিমবংগত এখন নতুন ছবিক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। ছবিখনৰ নাম ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ এই হিন্দী ছবিখনৰ পৰিচালনা সনোজ মিশ্ৰৰ।

এই ছবিখনৰ ট্ৰেইলাৰ নেট জগতত বিয়পি পৰাৰ লগে লগে তৎপৰ হৈ পৰিল পশ্চিমবংগৰ পুলিচ। পৰিচালক সনোজলৈ পোনপটীয়াকৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।

অভিযোগ উত্থাপন হৈছে যে এই ছবিখনৰ জৰিয়তে পশ্চিমবংগৰ সন্মানক ক্ষুণ্ণ কৰাৰ চেষ্টা কৰা হৈছে। আমহাৰ্ষ্ট ষ্ট্ৰীট থানাত সোধা-পোছাৰ বাবেও পৰিচালকগৰাকীক মাতি পঠোৱা হৈছে।

পৰিচালক সনোজ মিশ্ৰ মুম্বাইৰ বাসিন্দা। মুম্বাইৰ ওছিৱাৰা থানাৰ আৰক্ষীৰ জৰিয়তে পৰিচালকলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে। বংগ আৰক্ষীৰ ফালৰ পৰা তাৎক্ষণিক সঁহাৰি বিচৰা হৈছে।

বাতৰি অনুসৰি,  ছবিখনৰ পৰিচালক সনোজে কয় যে ‘’এই ছবিখন পশ্চিমবংগক বদনাম কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাই। আমি তথ্য দাঙি ধৰিছো। পুংখানুপুংখ গৱেষণাৰ অন্তত ছবিখন নিৰ্মাণ কৰা হৈছে।”

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে ১১ জনীয়া সমিতি গঠন…

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল চিতাৰ।

আমদানি ঘটোৱা এই চিতাসমূহ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল।

কিন্তু কেন্দ্ৰৰ এই পৰিকল্পনাত নামি আহিছে বাধা। কুনোত মুকলি কৰা চিতাৰ এইপৰ্যন্ত তিনিটা প্ৰাপ্তবয়স্ক চিতা আৰু তিনিটা নৱজাত পোৱালীৰ মৃত্যু ঘটিছে।

ইয়াৰ ফলশ্ৰুতিত চিতাৰ বাসস্থান আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ উপযুক্ততা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু…

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ ৰেল ষ্টেচনৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দুপৰীয়া ভাগত হোৱা এক পথ দুৰ্ঘটনাত এটি শিশু থিতাতে নিহত হয়।

জব্বৰ খান নামৰ বাইক আৰোহী জনে মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাত পাৱৈ ৰেল ষ্টেছনৰ সমীপত এ এচ ২৩ এ এফ ৬৫৭১ নম্বৰৰ তীব্ৰবেগী বাইকখনে পাৱৈ চাহ বাগিছাৰ নাগাপাৰ অঞ্চলৰ ৰাজ ওৰাং (৭) নামৰ শিশুজনক খুন্দা মাৰে ।

বাইকৰ খুন্দাত শিশুজনৰ থিতাতে নিহত হয়। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃত শিশুজনক উদ্ধাৰ কৰাৰ লগতে উদণ্ড বাইক চালকজনক আটক কৰিছে।

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত জানেনে আপুনি…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত।

এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি। এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

ডাঃ জীৱন দত্ত বৰুৱা

দ্বিতীয় ৰাষ্ট্ৰীয় হাপকিডো প্রতিযোগিতাত অসমৰ ২ টা স্বৰ্ণসহ তিনিটা পদক জয়…

২০ মে’ৰ পৰা উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ চহৰৰ কে ডি সিং বাবু ইনড’ৰ ষ্টেডিয়ামত ২য় ৰাষ্ট্ৰীয় হাপকিডো প্রতিযোগিতা অনুষ্ঠিত হৈ যায়।

হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত কোৰিয়ান সমৰকলাৰ এই ৰাষ্ট্ৰীয় প্রতিযোগিতাত অসমৰ হাপকিডো খেলুৱৈয়ে দুটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰে।পদক পোৱা খেলুৱৈসকলৰ নাম হ’ল- জুনিয়ৰ ল’ৰাৰ ৭২ কেজিৰ তলত জ্যোতিষ বড়ো সোণ, ছিনিয়ৰ ল’ৰাৰ ৫২ কেজিৰ তলত আকাশ সিং সোণ আৰু ছিনিয়ৰ ল’ৰাৰ ৬০ কেজিৰ তলত আয়ুশ শৰ্মা ৰূপ ।

এই বাতৰি প্ৰেৰণ কৰিছে হাপকিডো অসমৰ সাধাৰণ সম্পাদক ইমৰাডুল হকে । উল্লেখ্য যে হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি আনন্দেশ্বৰ পাণ্ডে আৰু সম্পাদক ৰূপকমল নন্দী ।

গোগামুখত ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠানৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন…

এছিয়া মহাদেশৰ অন্যতম বৃহৎ আৰু অত্যাধুনিক কৃষি অনুসন্ধান বা গৱেষণা প্ৰতিষ্ঠান হিচাপে বিবেচিত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদ্‌যাপন কৰা হয় ৷ ধেমাজি জিলাৰ গোগামুখৰ দিৰপাইস্থিত কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশাসনিক ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদ্‌যাপন কৰা উক্ত অনুষ্ঠানৰ পুৱা ১০-৩০ বজাত আইকাৰৰ শিৰোনাম গীত পৰিৱেশন কৰা হয় ৷

১০-৩৫ বজাত সৰস্বতী বন্দনা আৰু সমবেত সংগীত পৰিৱেশন কৰা হয় ৷ ১০-৩৫ বজাত আদৰণি ভাষণ দিয়ে জেষ্ঠ বিজ্ঞানী তথা আইকাৰ গোগামুখৰ তত্বাবধায়ক ড° দীপজ্যোতি বৰুৱাই ৷ আদৰণি ভাষণত তেওঁ কয়- ২০১৭ চনত গোগামুখস্থিত আইকাৰ প্ৰতিষ্ঠা হৈছিল ৷ প্ৰতিষ্ঠা লগ্নৰ পৰা আইকাৰৰ নিৰ্মাণ কাৰ্য যিমান দূৰ ইমান দ্ৰুত কৰি তোলা হৈছে ৷ প্ৰশাসনিক ভৱন, অতিথিশালাৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে ৷ গৱেষণাৰ বিভাগীয়  গৃহ সমূহ নিৰ্মাণ চলি আছে ৷ গৱেষক ছাত্ৰ-ছাত্ৰীৰ আৱাস সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷ গৱেষক ছাত্ৰ-ছাত্ৰীৰ আৱাস সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ’লেই তেওঁলোকৰ পাঠদান কাৰ্যসূচীও আৰম্ভ হ’ব ৷ তেওঁ কয়- বৰ্তমান আইকাৰত ২৮ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত আগতীয়াাকৈ কাম কৰি আছে ৷ আগন্তুক ২০২৪ চনৰ পৰা আইকাৰত পাঠদান কাৰ্যসূচী  আৰম্ভ হ’ব আৰু তেতিয়ালৈকে আইকাৰৰ সকলোবোৰ আন্তগাঁথনি সম্পূৰ্ণ হ’ব বুলিও তেওঁ দোহাৰে ৷  আইকাৰৰ সকলো ধৰণৰ  নিৰ্মাণ কাৰ্য সুন্দৰভাৱে পৰিচালনা কৰাত গোগামুখবাসী ৰাইজৰ সহযোগীতাক তেওঁ শলাগ লয় ৷ ১০-৫৫ বজাত আইকাৰ সন্দৰ্ভত চমু বক্তব্য আগবঢ়াই আইকাৰ গোগামুখৰ প্ৰধান বিজ্ঞানী ড° এ কে শ্ৰীবাস্তৱে ৷  ১১-১০ বজাত আইকাৰ গোগামুখৰ ন’ডেল বিষয়া ড° ৰবীন গগৈয়ে আইকাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোলৈকে শুভবাৰ্তা প্ৰেৰণ কৰে ৷ ১১-১৫ বজাত ‘ভাৰতীয় কৃষিত উদ্ভিদৰ জৈৱ বৈচিত্ৰ্য আৰু জাতৰ বিকাশৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ১১-৩০ বজাত ৫ গৰাকী সফল কৃষকক সম্বৰ্ধনা জনোৱা হয় । কৃষক সকল হৈছে জয় পেগু, অনুজ দলে, বনশ্ৰী হাজৰিকা, গিৰিজাপ্ৰসাদ দলে  আৰু ৰজত পাৱে ৷

দুপৰীয়া ১২  বজাত সন্মানীয় অতিথি হিচাপে উদ্যান শস্য আৰু বনাঞ্চলৰ ওপৰত ভাষণ দিয়ে অৰুণাচল প্ৰদেশৰ পাচিঘাট কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানী ড° বি এন হাজৰিকাই ৷ ১২-১৫ বজাত  আমন্ত্ৰিত  অতিথিৰ ভাষণ দিয়ে ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ ১২-২৫ বজাত কৃষিত চৰাইৰ পৰিৱেশত পৰিৱেশ তন্ত্ৰ সেৱা শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ দিয়ে অসম কৃষি বিজ্ঞান বিশ্ব বিদ্যালয়ৰ লখিমপুৰ চৌহদৰ মুখ্য  বিজ্ঞানী ড° প্ৰবাল শইকীয়াই ৷ বিয়লি ১ বজাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ ১-২০ বজাত শলাগৰ শৰাই আগবঢ়াই প্ৰধান বিজ্ঞানী ড° এছ মনিবন্ননে ৷ উল্লেখনীয় যে ২০১৭ চনৰ আজিৰ দিনটোতে গোগামখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছিল ৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, আইকাৰৰ প্ৰাক্তন ন’ডেল বিষয়া ড° কে বি পন আদিয়ে ৷

পিয়াঁজৰ ঔষধি গুণবোৰ জানক…

পিয়াজত প্ৰ’টিন, কাবোহাইড্ৰ্ট,কেলচিয়াম,আয়ৰন,ভিটামিন ‘এ’, ‘বি’, আৰু ‘চি’, থাকে ।পিয়াজ আমাৰ খাদ্যত অপৰিহাৰ্য হোৱাৰ বাবেই ইয়াৰ মূল্য ও বাঢ়ি আহিছে। পিয়াঁজ খালে শৰীৰত বল শক্তি বাঢ়ে।পিত্ত্নাশক। ৰঙাঁ পিয়াঁজ আৰু বগা পিয়াঁজ দুয়োবিধৰে খাদ্যমূল্য যথেষ্ট বেছি।পিয়াঁজ খালে হজম শক্তি বৃদ্ধি হয়।প্ৰ্স্ৰাৱৰ জ্বলা-পোৰা ভাল হয় আৰু অন্যান্য বহু সমস্যা দূৰ কৰে।

পিয়াঁজৰ ঔষধি গুণ বোৰ

কুকুৰীকণা অসুখত:

পিয়াঁজৰ শাহখিনি পানীত উতলাই চাহৰ দৰে খালে কুকুৰীকণা গুচে।অন্য এটা ব্যৱহাৰ হ’ল-পিয়াঁজৰ ৰস ১০গ্ৰাম উলিয়াই তাত অকণমান নিমখ দিব লাগে।মিশ্ৰ্ণখিনিৰ পৰা মাএ দুই টোপাল চকুৰ কোণত দিব লাগে।এই মিশ্ৰ্ণখিনিত মৌজোল কেইটোপালমান দি চকুত দুইটোপাল দিলে দৃষ্টি শক্তি বাঢ়ে।

টোপনি নহা বা নিদ্ৰাহীনতাত : পিয়াঁজৰ ৰস এবাৰকৈ দুচামুচ পৰিমাণে ৰাতি শোৱাৰ আগে আগে এসপ্তাহ খালেই এই সমস্যা দূৰ হয়।পিয়াঁজৰ ৰস এচামুচত অলপমান চেনি দি খালেও টোপনি নহা মানুহৰ টোপনি আহে।

চকুত ছানি পৰা ৰোগত:

পিয়াঁজৰ ৰস ১০মিলিগ্ৰাম,১০মিলিগ্ৰাম আদাৰ ৰস ,নেমুৰ ৰস ১০মিলিগ্ৰাম আৰু ৫০মিলিগ্ৰাম মৌজোল লওক।এই সকলো মিহলাই ইয়াৰ পৰা দুটোপালকৈ ছানি পৰা চকুত দিয়ক নিয়মিত্ভাবে।এই মিশ্ৰ্ণটো আয়ুৰ্বেদিক আশ্ৰ্মত প্ৰ্স্ত্ত্ত কৰি দিব্য নেএজ্যোতি নামেৰে বজাৰত বিক্ৰি হয়।

এজমা অসুখত:

পিয়াঁজৰ ২০বা ৩০গ্ৰাম শাহ প্ৰ্তিদিনে পুৱা আৰু  আবেলি খালে হাপানিৰ টান কমি যায়।উশাহ-নিশাহৰ সমস্যা কমি যায়।

বদহজম হ’লে:

পিয়াঁজৰ ৰস এচামুচ বা এটুকুৰা কেঁচা পিয়াঁজ ভাতৰ লগত প্ৰ্তিদিনে খোৱাৰ অভ্যাস কৰক।এই সমস্যা দূৰ হ’ব।

ৰক্ত পৰা বন্ধ কৰিবলৈ:

২০/৩০মিলিগ্ৰাম পিয়াঁজৰ ৰস দিনে ২/৩বাৰ খাব লাগে।পিয়াঁজৰ বগা বিধ ব্যৱহাৰ কৰিলে অতি কম সময়ৰ ভিতৰতে তেজ বন্ধ হ’য়।

পেট ফুলিলে:

২০মিলিগ্ৰাম পিয়াঁজৰ ৰসত ১০ মিলিগ্ৰাম হিং,এক গ্ৰাম জালুকৰ গুড়ি মিহলাই তাত অকণমান ক’লা নিমখ মিহলাই দিনটোত ২/৩ বাৰ খাব লাগে।পেট ফুলা কমি যাব আৰু গেষ্ট্ৰিকৰ সমস্যাও গুচিব।

পাইলছ বা অৰ্শ বেমাৰত:

দুটা পিয়াঁজ থেতেলিয়াই পেষ্ট কৰি গুহ্যদ্বাৰত বিষ হোৱা ঠাইত সানিব লাগে।ফিটকিৰিৰ গুড়ি অলপ লৈ গৰম পানীত মিহলাই সহ্য কৰিব পৰা গৰম পানীৰে গুহ্যদ্বাৰ ধুলে পাইলছ বা অশৰ সমস্ত বিষ, খজুৱতি, ৰক্ত পৰা বন্ধ হয়।

বয়স অনুযায়ী ছালৰ যত্ন বেলেগ বেলেগ! ২০-৩০-৪০-৫০ বছৰ অনুসৰি কি ৰুটিন মানি চলিব লাগে জানক…

বয়স বৃদ্ধিৰ লগে লগে ছালখনো পৰিপক্ক হ’বলৈ আৰম্ভ কৰে, এই ক্ষেত্ৰত বিভিন্ন বয়সৰ লোকে নিজৰ ছালৰ যত্ন বেলেগ বেলেগ ধৰণে ল’ব লাগে। ২০ বছৰৰ পৰা ৫০ বছৰলৈকে আপুনি কেনেধৰণৰ ছালৰ যত্নৰ ৰুটিন মানি চলিব লাগে জানক। ২০, ৩০, ৪০, ৫০ বছৰ বয়সত কি ৰুটিন মানি চলিব লাগে…

২০ বছৰ বয়সত ছালৰ যত্নৰ ৰুটিন কি হ’ব লাগে?
২০ বছৰ বয়সত আপোনাৰ ছালখন কোমল হৈ থাকে। কিন্তু কেতিয়াবা হৰম’নৰ পৰিৱৰ্তনৰ বাবে পিম্পল আৰু ব্ৰণ সমস্যা হ’ব পাৰে, এনে পৰিস্থিতিত ২০ বছৰ বয়সত আপুনি কেৱল এটা ভাল ক্লিনজিং, টনিং আৰু মইশ্ব’ৰাইজিং ৰুটিন মানি চলিব লাগে আৰু ইয়াৰ লগতে ৰ’দৰ পৰা ছাল খন বচাই ৰাখিব।

৩০ বছৰ বয়সত ছালৰ যত্নৰ ৰুটিন
৩০ বছৰ বয়সত ছালখন অলপ পৰিপক্ক হ’বলৈ আৰম্ভ কৰে আৰু কেতিয়াবা মানসিক চাপ আৰু ব্যস্ত জীৱনৰ বাবে ৰং, মিহি ৰেখা, ক’লা দাগ আৰু ক’লা বৃত্ত দেখা দিয়ে। এই সময়ত আপুনি ছালত হাইয়ালুৰনিক এচিডৰ দৰে ছিৰাম ব্যৱহাৰ কৰিব লাগে।

৪০ৰ দশকত ছালৰ যত্নৰ টিপছ
৪০ বছৰ বয়সত ছালত কলাজেনৰ উৎপাদন যথেষ্ট হ্ৰাস পায়। এনে পৰিস্থিতিত অতিৰিক্ত পৰিপূৰক গ্ৰহণ কৰিব লাগিব, যাতে ছালৰ গ্লো ভালে থাকে। এই দশকত আপুনি ফেনযুক্ত হাইড্ৰেটিং ক্লিনজাৰ, গধুৰ মইশ্ব’ৰাইজাৰ আৰু ভিটামিন চি ছিৰাম ব্যৱহাৰ কৰিব লাগে, ই ছালখনক ভালে ৰাখিব।

৫০ বছৰৰ পিছত ছালৰ যত্ন লোৱা
৫০ বছৰমান পিছত ছালখন বহু পৰিমাণে পৰিপক্ক হয়। বলিৰেখা, হাইপাৰপিগমেণ্টেচন আৰু শুকান ছাল দেখা দিয়ে। এনে পৰিস্থিতিত এই সময়ত আপুনি ছুপাৰ হাইড্ৰেটিং ছালৰ যত্নৰ ৰুটিন মানি চলিব লাগে, যাৰ ফলত আপোনাৰ ছালখন আৰ্দ্ৰ হৈ থাকিব। আপুনি আপোনাৰ ছালৰ যত্নৰ ৰুটিনত গ্লিচাৰিন, চেৰামাইড আৰু হাইয়ালুৰনিক এচিডৰ দৰে উপাদান যোগ কৰিব পাৰে।


ভৰিত ক’লা সূতা কিয় পিন্ধে জানেনে? ইয়াৰ আছে বৈজ্ঞানিক কাৰণ…

প্ৰায় লোকে ভৰিত ক’লা সূতা পিন্ধে। বহুতে ভাবে যে কেৱল ফেশ্বনৰ বাবেহে পিন্ধে ক’লা সূতা, কিন্তু নহয়। ভৰিত ক’লা সূতা পিন্ধা বহু উপকাৰ আৰু বৈজ্ঞানিক কাৰণ আছে। বহু মানুহে ভৰি আৰু হাতত ক’লা সূতা বান্ধি থাকে। শাস্ত্ৰ বিশেষজ্ঞসকলে কয় যে ক’লা সূতা পিন্ধিলে শনি ৰাশিফলত শক্তিশালী হৈ পৰে আৰু শনি দোষৰ পৰা মুক্তি পায়।

১। শাস্ত্ৰৰ বিশেষজ্ঞসকলে কৈছে যে যিখন হাত বা ভৰিত ক’লা সূতা বন্ধা হয়, সেই হাতখনত আন কোনো ৰঙীন সূতা বান্ধিব নালাগে। যেতিয়াই ক’লা সূতা বান্ধিব তেতিয়াই তাত ৯টা গাঁঠি বান্ধিব।

২) ক’লা সূতা বান্ধি থাকোঁতে শুভ সময়ৰ যত্ন লব লাগিব। ইয়াৰ বাবে আপুনি এজন জ্যোতিষীৰ সৈতে যোগাযোগ কৰিব লাগিব। ক’লা সূতাই দুষ্ট চকুৰ পৰাও ৰক্ষা কৰে আৰু জীৱনৰ সমস্যা দূৰ কৰে।

৩) ঘৰৰ কোনো সদস্য বা শিশু যদি বাৰে বাৰে অসুস্থ হৈ পৰে আৰু তেওঁৰ ৰোগ ঔষধৰ দ্বাৰা আৰোগ্য হোৱা নাই, তেতিয়া তেওঁৰ কঁকালত ক’লা সূতা বান্ধিব লাগে। ইয়াৰ ফলত শিশুটিৰ ৰোগ নিৰাময় হ’ব আৰু চিকিৎসাৰ সুবিধা অতি সোনকালে লাভ কৰিব।

৪. শাস্ত্ৰৰ বিশেষজ্ঞসকলে কয় যে যেতিয়াই আপুনি ক’লা সূতা পিন্ধে। ইয়াৰ পিছত দৈনিক গায়ত্ৰী মন্ত্ৰ জপ আৰম্ভ কৰক। ঘৰৰ দুৱাৰত ক’লা সূতাত নেমু আৰু মৰিচা ওলোমাই থৈ ঘৰৰ ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তি বিয়পাই দিয়ে।

৫) যদি আপোনাৰ শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে তেন্তে শিশুটিৰ ভৰিত ক’লা সূতা বান্ধিব লাগে;এই কাম কৰিলে শিশুটি অসুস্থতা লাহে লাহে কমিব।

পুৰুষৰ টেষ্টষ্টেৰনৰ অভাৱ কিয় হয়? এই অভ্যাসবোৰ সলনি কৰক অন্যথা পিতৃ হোৱাত বাধা আহিব…

পুৰুষৰ প্ৰজনন ক্ষমতাৰ বাবে টেষ্টষ্টেৰনৰ মাত্ৰা উন্নত কৰাটো অতি প্ৰয়োজনীয় যদিও জীৱনশৈলীৰ কিছুমান অভ্যাস আছে যাৰ ফলত এই হৰম’নৰ অভাৱ হয়। বিয়াৰ পিছত পিতৃ হোৱাৰ ইচ্ছা সকলোৰে কৰে, কিন্তু কিছুমানৰ বাবে বহুতো আভ্যন্তৰীণ দুৰ্বলতাৰ বাবে এই ইচ্ছা পূৰণ কৰাটো কঠিন হৈ পৰে। বৰ্তমান যুগত বহু পুৰুষে টেষ্টষ্টেৰন কম হোৱাৰ সমস্যাৰ সন্মুখীন হৈছে যদিও লাজৰ বাবে মুকলিকৈ কথা ক’বলৈ লাজ কৰে একাংশই। পুৰুষৰ শৰীৰত এই হৰম’নৰ অভাৱ হোৱা কাৰণবোৰ কি কি জানো আহক-


১/ অস্বাস্থ্যকৰ খাদ্য
স্বাস্থ্যতকৈ ৰুচিক বেছি পছন্দ কৰা পুৰুষসকলে প্ৰায়ে তেলীয়া আৰু মিঠা খাদ্য ভাল পায়, কিন্তু স্বাস্থ্যসন্মত খাদ্যৰ জৰিয়তেহে সুস্থ জীৱন লাভ কৰিব পৰা যায়। যদি খাদ্য সঠিক নহয় তেন্তে আপুনি কম টেষ্টষ্টেৰনৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২/ টোপনিৰ অভাৱ
স্বাস্থ্য বিশেষজ্ঞৰ অধিকাংশই এই কথাত একমত যে এজন সুস্থ প্ৰাপ্তবয়স্কই দিনটোত কমেও ৮ ঘণ্টা টোপনি যাব লাগে, কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱন, পাৰিবাৰিক দায়িত্ব আৰু কৰ্মৰ চাপৰ বাবে পুৰুষে টোপনি যাব নোৱাৰে যাৰ বাবে অভাৱৰ হয় টেষ্টষ্টেৰনৰ।
৩/ মেদবহুলতা
মেদবহুলতা নিজৰ বাবে কোনো ৰোগ নহয়, কিন্তু ই নিশ্চিতভাৱে বহু ৰোগৰ মূল, যাৰ বাবে উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, হাৰ্ট এটেক আৰু ডায়েবেটিছ আদি ৰোগৰ সৃষ্টি হয়। লগতে ই পুৰুষৰ উৰ্বৰতাত অতি বেয়া প্ৰভাৱ পেলায়, ইয়াৰ ফলত টেষ্টষ্টেৰন হ্ৰাস পায়।


৪/ অস্বাস্থ্যকৰ জীৱনশৈলী
আমি প্ৰায়ে শুনি আহিছো যে যিসকল লোকে অস্বাস্থ্যকৰ জীৱনশৈলী কটায়, তেওঁলোকৰ মাজত বাৰ্ধক্যৰ প্ৰভাৱ বেছিকৈ দেখা যায়, অৰ্থাৎ সময়ৰ আগতেই তেওঁলোকক বয়সীয়াল দেখা যায়, টেষ্টষ্টেৰনৰ অভাৱৰ এয়া এটা প্ৰধান কাৰণ, গতিকে গালৈ অকাল বাৰ্ধক্য আহিবলৈ নিদিব।