Home Blog Page 1556

নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হিৰ’ইনসহ গ্ৰেপ্তাৰ এজনক…

সম্প্ৰতি সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ৰমৰমীয়া বেহাই নৱ প্ৰজন্মৰ যুৱ সমাজক জীৱন ধ্বংসৰ পথলৈ গতি কৰাইছে। আৰক্ষীয়ে প্ৰায়ে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুই – এক সৰবৰাহকাৰীক. আটক কৰিবলৈ সক্ষম হয় যদিও আইনৰ সুৰুঙাই সেইসকলক জামিন দিয়াৰ পিছত পুনৰ একে কাৰ্যত জড়িত হৈ পৰে। আজি পুৱতি নিশা নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীয়ে নগৰৰ ৩ নং ৱাৰ্ডৰ প্ৰদীপ চাহুৰ ঘৰত অভিযান চলাই ৪ নং ৱাৰ্ডৰ ৰিজুৱান হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১.৪৪ গ্ৰাম হিৰ’ইন , ১২ টা কণ্টেনাৰ আৰু নগদ ৮১০০ টকা সহ সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা এ এছ ০৪ জেদ ৯১৮৬ নম্বৰৰ স্কুটিখন জব্দ কৰিবলৈ সক্ষম হয় ।

ৰিজুৱানে দীৰ্ঘদিন ধৰি নিজা ঘৰৰ পৰিৱৰ্তে সহপাঠী প্ৰদীপ চাহুৰ ঘৰত ড্ৰাগছ সমূহ লুকুৱাই ৰাখি তাৰ পৰাই নাজিৰাৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে । আজি পুৱতি নিশা আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি অভিযান চলাই ৰিজুৱান হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও তেওঁৰ লগত থকা প্ৰদীপ চাহুৰ লগতে আন তিনিজন ড্ৰাগছ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে পলাতক কেউজনকে গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত আছে।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

এক অনন্য ৰূপত নিক জোনাছে মাতৃ আৰু শাহুৱেকক মাতৃ দিৱসৰ শুভেচ্ছা জনায়, পত্নী আৰু কন্যাৰ বিশেষ ফটো শ্বেয়াৰ কৰে…

এক অনন্য ৰূপত নিক জোনাছে মাতৃ আৰু শাহুৱেকক মাতৃ দিৱসৰ শুভেচ্ছা জনায়, পত্নী প্ৰিয়ংকা আৰু কন্যা মালতীৰ অদৃশ্য ফটো শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰাম ষ্ট’ৰীত দুখন ছবি শ্বেয়াৰ কৰি নিকে মাতৃ দিৱসৰ শুভেচ্ছা জনাইছে। প্ৰথম ফটোখনত নিকক মাতৃ ডেনিছৰ সৈতে দেখা গৈছে আৰু দ্বিতীয়খন ফটোত শাহুৱেক মধু চোপ্ৰাৰ সৈতে দেখা গৈছিল।মাকৰ প্ৰতি থকা মৰম প্ৰকাশ কৰিছে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিকে দুখন ছবি শ্বেয়াৰ কৰিছে। প্ৰথম ফটোখনত নিকক মাতৃ ডেনিছৰ সৈতে দেখা গৈছে। এই ফটোখনৰ জৰিয়তে নিক লিখিছে, ‘হেপি মাতৃ দিৱস মা, তোমাক বহুত ভাল পাওঁ।’ পৰৱৰ্তী খনত নিকক প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ আৰু শাহুৱেক মধু চোপ্ৰাৰ সৈতে দেখা গৈছে।


লগতে পত্নী প্ৰিয়ংকা চোপ্ৰাক মাতৃ দিৱসৰ শুভেচ্ছা জনালে নিক। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰিয়ংকা আৰু কন্যা মালতীক একেলগে থকা এখন ফটো পোষ্ট কৰি নিকে কেপচনত লিখিছে, ‘হেপি মাতৃ দিৱস মোৰ প্ৰেম, তুমি এগৰাকী আচৰিত মাতৃ। তুমি মোৰ আৰু মালতীৰ পৃথিৱীখন প্ৰতিদিনে উজ্জ্বল কৰি তোলা।’


সিদ্ধাৰামাইয়াই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। বৃহস্পতিবাৰে হ’ব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ…

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিলে। এতিয়া সকলোৰে মনত প্ৰশ্ন সৃষ্টি হৈছে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ বৃহস্পতিবাৰে (১৮ মে’) হ’ব পাৰে। মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰৰ নাম জড়িত হৈ আছে।

দলৰ বিভিন্ন সূত্ৰৰ পৰা গম পোৱা গৈছে যে সিদ্ধাৰামাইয়াই হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।কংগ্ৰেছৰ সূত্ৰ অনুসৰি দলৰ নেতৃত্বই ভাবিছে যে আজি বা কাইলৈৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰি বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব লাগে। এতিয়ালৈকে যি চিন্তা-চৰ্চা কৰা হৈছে, সেই অনুসৰি এজন মুখ্যমন্ত্ৰী আৰু মাত্ৰ এজন উপ-মুখ্যমন্ত্ৰীৰ লগতে ২৪-২৫ জন মন্ত্ৰীকো একেলগে শপত গ্ৰহণ কৰিব লাগে।

‘আমি দুয়ো বেলেগ বেলেগ জগতৰ পৰা আহিছো…’ পৰিনীতি আৰু ৰাঘৱ চাধা এংগেজমেণ্টৰ পিছত চৰ্চালৈ আহিছে এটি বাৰ্তা…

দুদিনৰ পূৰ্বে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ এংগেজমেণ্ট অনুষ্ঠান হৈ যায়। দম্পতীহালে অনুৰাগী আৰু সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা হৃদয়স্পৰ্শী টোকা লিখিলে। ইনষ্টাগ্ৰামত এটা টোকা শ্বেয়াৰ কৰি তেওঁলোকৰ এংগেজমেণ্ট অনুষ্ঠানত সহযোগিতা কৰা সকলোকে ধন্যবাদ জনায়।

টোকাটোত কোৱা হৈছিল যে তেওঁলোক বিভিন্ন জগতৰ পৰা আহিছে, ইয়াৰ পৰা বুজা যায় যে পৰিনীতি এগৰাকী অভিনেতা হোৱাৰ বিপৰীতে ৰাঘৱ ৰাজনীতিৰ লগত জড়িত এজন ব্যক্তি। পটভূমি আছে,তেওঁলোকে লিখিছে যে তেওঁলোকৰ দুয়োখন ভিন্ন জগতৰ মিলন। সংবাদ মাধ্যমক কভাৰেজ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাই তেওঁলোকে লিখিছে এংগেজমেণ্ট অনুষ্ঠানৰ বিষয়ে তেওঁলোকে পঢ়া আৰু দেখা কথাবোৰে দম্পতীৰ অন্তৰত ‘স্পৰ্শ’ কৰিছে। শেষত তেওঁলোকে তেওঁলোকক উৎসাহিত কৰাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ দিলে। এংগেজমেণ্ট অনুষ্ঠানত পৰিনীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা, মিকা সিঙকে ধৰি চলচ্চিত্ৰ তাৰকাসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজনৈতিক দিশত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান,কে ধৰি আন আন আপ নেতাসকলে অনুষ্ঠানটো অতি আকৰ্ষণীয় কৰি তোলে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দুখনমান ছবি শ্বেয়াৰ কৰি দম্পতীহালক অভিনন্দন জনায়। আপৰ সাংসদ ৰাঘৱ চাধাই টুইটাৰত গৈ তেওঁৰ উপস্থিতি আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জনাই । তেওঁ লিখিছে যে কেজৰিৱালৰ আশীৰ্বাদে তেওঁৰ বিশেষ দিনটোক অধিক বিশেষ কৰি তুলিলে আৰু তেওঁ আৰু পৰিনীতিৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছে। আনহাতে পৰিনীতিৰ এই সাজ-পোছাক ডিজাইন কৰিছিল চেলিব্ৰিটি ডিজাইনাৰ মনীষ মালহোত্ৰাই।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য – ‘২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশলৈ পৰিণত হ’ব’

ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি সপোন দেখিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হ’ব। প্ৰযুক্তিৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰ হ’ব। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজিৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সিঙে মন্তব্য কৰে দেশ এতিয়া স্বাৱলম্বী হৈ উঠিছে আৰু অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্ব অৰ্থনীতিৰ তৃতীয় স্থানত আহিব।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পৃথিৱীখন দ্ৰুতগতিত পৰিবৰ্তন হৈছে। প্ৰতিৰক্ষা খণ্ডতো পৰিৱৰ্তন আহিছে। এই ক্ষেত্ৰত আমি বহুতো প্ৰযুক্তিগত পৰিৱৰ্তন দেখিবলৈ পাওঁ। প্ৰতিৰক্ষা খণ্ডতো বহু সমস্যাৰ সৃষ্টি হৈছে, বিশেষকৈ চাইবাৰ খণ্ডত ভাবুকি বৃদ্ধি পাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ লগে লগে আমি প্ৰযুক্তিৰ উন্নীতকৰণৰ দিশত আগবাঢ়িব লাগিব। যদি কোনো প্ৰত্যাহ্বান আছে তেন্তে ইয়াৰ সমাধান আছে। এতিয়া প্ৰযুক্তিৰ উন্নীতকৰণৰ প্ৰচেষ্টা চলোৱা উচিত। এইদৰে মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ৰাজনাথ সিঙে কয় যে অর্থনৈতিক বিশেষজ্ঞসকলৰ মন্তব্য ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্ব অর্থনীতিৰ তৃতীয় স্থানত আহিব৷ আমাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি এই দিশত কাম কৰা উচিত। অনুষ্ঠানত ভাষণ দি ৰাজনাথ সিঙে কয় যে তেওঁ DIAT ৰ দ্বাদশ সমাৱৰ্তনৰ অংশ হ’বলৈ পাই অতিশয় আনন্দিত হৈছো।

তিনিচুকীয়াৰ কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আপ অসমৰ স্বেচ্ছাসেৱকৰ প্ৰতিবাদী কাৰ্যসূচী…

তিনিচুকীয়াৰ কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীৰ পাৰৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানক দাবী-পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে আপ অসমৰ স্বেচ্ছাসেৱক সকলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।

বিয়েৰৰ লগত এই ৫টা বস্তু নাখাব, কিডনীত পাথৰ হোৱাৰ লগতে কেন্সাৰ হোৱাৰ আশংকা থাকে…

গ্ৰীষ্মকালত মানুহৰ ঠাণ্ডা বিয়েৰ খোৱাৰ প্ৰৱণতা বাঢ়ি যায়। কিন্তু বিয়েৰ খোৱাৰ সময়ত কিছু কথা মনত ৰাখিব আৰু ভুলতেও এই বস্তুবোৰ বিয়েৰৰ লগত নাখাব। বিয়েৰৰ লগত কি কি খাব নালাগে জানি লওক এই বিষয়ে…

টেণ্ডু ফলত টেনিক এচিড অতি বেছি। ভুলতেও বিয়েৰৰ লগত নাখাব।নহ’লে পেটত পাথৰ হ’ব পাৰে। কেৱল মদৰ লগত নহয়, যিকোনো ধৰণৰ উচ্চ প্ৰটিনযুক্ত খাদ্যৰ লগত বিয়েৰ পৰিহাৰ কৰিব লাগে, নহ’লে ইয়াৰ ফলত গুৰুতৰ ক্ষতি হ’ব পাৰে।

বেকনত প্ৰচুৰ পৰিমাণে নাইট্ৰ’ছামাইন থাকে। আনহাতে ইয়াৰ পৰিমাণো মদ্যপানৰ পৰিমাণ বেছি। এই কাৰণেই বিয়েৰ আৰু বেকনৰ সংমিশ্ৰণে ডিঙি আৰু পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

বিলাহী টেঙা কাৰণ ইয়াত টেনিক এচিডৰ পৰিমাণ অতি বেছি। টেঙা বিলাহী বিয়েৰ বা মদৰ সৈতে পৰিহাৰ কৰিব নালাগে, অন্যথা ইয়াৰ ফলত বমি হ’ব পাৰে।

বহুতে বিয়েৰৰ লগত চালাড খাই ভাল পায়। বিয়েৰৰ সৈতে চালাড খোৱাৰ পৰা বিৰত থাকক। মদ আৰু বিলাহীৰ সংমিশ্ৰণে যকৃতৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।

যদি খাদ্যত বীন বা মচুৰ দাইলৰ পৰা তৈয়াৰী কিবা এটা থাকে তেন্তে বিয়েৰৰ লগত নাখাব। বীনত আইৰণ বেছি থাকে। বিয়েৰৰ লগত খালে শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।

সদৌ অসম সাংবাদিক সন্থাৰ গহপুৰ মহকুমা সমিতি গঠন। পল্লৱ বৰা সভাপতি আৰু বিপ্লৱ নেওগ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত…

অসমৰ মফচলীয় সাংবাদিক সকলৰ আটাইতকৈ পুৰণি তথা সৰ্ববৃহৎ সাংবাদিক মঞ্চ সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ গহপুৰ মহকুমা সমিতিখন আজি আনুষ্ঠানিকভাৱে গঠন কৰা হয়।সেই উপলক্ষে গহপুৰ নগৰৰ “নিমিষা কিটছেন”ৰ সভাকক্ষত কালি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সভাপতিত্ব কৰে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নগেন কোঁৱৰে। হেলেম প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ভূঞাই আঁত ধৰা সভাখনত আমাৰ অসমৰ বৰঙাবাৰীৰ সাংবাদিক পল্লৱ বৰাক সভাপতি আৰু গহপুৰৰ সাংবাদিক বিপ্লৱ নেওগক সাধাৰণ হিচাপে লৈ আজুৰ গহপুৰ মহকুমা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়।

নৱগঠিত সমিতিখনত নগেন কোঁৱৰ, নগেন শইকীয়া, ভুৱন শইকীয়া মুখ্য উপদেষ্টা, মৃদুল কুমাৰ বৰা,ভাস্কৰ জ্যোতি ভূঞা, ৰামচন্দ্ৰ কটকী উপদেষ্টা, পল্লৱ বৰা সভাপতি, ৰমেন বৰা কাৰ্য্যকৰী সভাপতি, অমৰ শৰ্মা, নিতুল বৰা,দ্বীপন দিহিংগীয়া উপ সভাপতি, বিপ্লৱ নেওগ সাধাৰণ সম্পাদক, সমীৰণ বৰা,মহেন্দ্ৰ পগাগ সহকাৰী সম্পাদক, হেমন্ত কাকতি, উৎপল নেওগ সাংগঠনিক সম্পাদক, প্ৰণৱজ্যোতি শইকীয়া পত্ৰিকা আৰু সাংস্কৃতিক সম্পাদক হিচাপে মনোনীত কৰা হয়।উক্ত সমিতি গঠনৰ কাৰ্য্যসূচীত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে আজুৰ বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা,সাধাৰণ সম্পাদক ৰতন ভূঞা আৰু কাৰ্য্যকৰী সদস্য অজিত দাস।নিতুল বৰা গহপুৰ।

‘সদৌ অসম সত্ৰ মহাসভা’ৰ বৰপেটা জিলা পূৰ্ণাংগ সমিতি গঠন। মুখ্যমন্ত্ৰীলৈ “সত্ৰ সাৰথী” বটাঁ প্ৰদান…

‘সদৌ অসম সত্ৰ মহাসভা’ৰ বৰপেটা জিলা সমিতিখন ‘সদৌ বৰপেটা জিলা সত্ৰ মহাসভা’ নামেৰে আজি গঠন কৰা হয়। এই উপলক্ষে ৰহাৰ ঐতিহাসিক ঘিলাঝাৰী সত্ৰৰ সত্ৰাধিকাৰ দিপেন্দ্ৰ নাৰায়ণ অধিকাৰীৰ সভাপতিত্বত সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰত দিনৰ দুই বজাত বৰপেটা জিলাৰ বিভিন্ন সত্ৰ, নামঘৰ তথা আধ্যাত্মিক ক্ষেত্ৰৰ পৰা অহা লোকসকলৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ‘সদৌ অসম সত্ৰ মহাসভা’ৰ সভাপতি তথা শ্রীশ্ৰী গড়মূৰ সৰুসত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ, হৰিদেৱ গোস্বামীয়ে কয় যে, সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ‘সদৌ অসম সত্ৰ মহাসভাই সদায় কাম কৰি যাৱ । সদৌ অসম সত্ৰ মহাসভা’ই অহা ১৭ জুনত গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হব লগা সত্ৰাধিকাৰ-সন্ত সন্মিলনত মুখ্যমন্ত্ৰীক এই বটাঁ প্ৰদান কৰা হব বুলি সদৰী কৰে।

সভাত ‘সদৌ অসম সত্ৰ মহাসভা’ৰ সম্পাদক তথা শ্ৰীশ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য কুমাৰ গোস্বামী, মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী আদি কৰি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অৰূপ পাঠক, উপ সভাপতি দুৰ্গাচন্দ্ৰ দাস সহিতে বিষয়ববীয়া সকল উপস্থিত থাকে। উক্ত সভাতে বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুনীন্দ্ৰ নাথ ওজাক বৰপেটা জিলা সমিতিৰ সভাপতি, মইনবড়ী সত্ৰৰ যুৱ সত্ৰীয়া অপূৰ্ব অধিকাৰী কাৰ্যকৰী সভাপতি, বৰপেটাৰোড শাখা সত্ৰৰ মনজিৎ দাসক সম্পাদক লগতে সহকাৰী সম্পাদক হিচাপে হিমাংশু দাস, দিলীপ নাথ, ভৱানন্দ দাস পাঠক, প্ৰনৱ বৰ্মনক দ্বায়িত্ব প্ৰদান কৰি সৰ্বমুঠ ৫১ জনীয়া জিলা সমিতিখন গঠন কৰা হয়।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

বিষাক্ত সুৰাৰ ফলত ৩ গৰাকী মহিলাকে ধৰি ১০ জনৰ মৃত্যু…

তামিলনাডুত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইয়াৰ ভিল্লুপুৰম আৰু চেংগলপট্টু জিলাত ভুৱা সুৰা সেৱন কৰি তিনিগৰাকী মহিলাসহ দহজন লোকৰ মৃত্যু হয়। দেওবাৰে বিষয়াসকলে জনোৱা মতে, ভিল্লুপুৰম জিলাৰ মৰাক্কানামৰ সমীপৰ একিয়াৰকুপ্পামত বাস কৰা ছয়জন লোকৰ মৃত্যু হৈছে। তেওঁ জনোৱা মতে, শুকুৰবাৰে (১২ মে’) চেংগলপট্টু জিলাৰ মদুৰন্তগামত দুজন লোকৰ মৃত্যু হৈছিল।ইয়াৰ বাহিৰেও দেওবাৰে এহাল দম্পতীৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, এই সকলোবোৰ মৃত্যু হৈছে বিষাক্ত সুৰা সেৱনৰ বাবে। ইয়াৰ বাহিৰেও বৰ্তমান দুহজনৰো অধিক লোকৰ চিকিৎসা চলি আছে। এই ঘটনাৰ পিছতে আৰক্ষী মহাপৰিদৰ্শক (উত্তৰ) এন কান্নানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে ১০ জনেই নিশ্চিতভাৱে ইথানল-মিথানল পদাৰ্থৰে বিষাক্ত সুৰা সেৱন কৰিছিল।

আনহাতে প্ৰশাসনে এয়া ভুৱা সুৰাৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে। প্ৰাথমিক তদন্তৰ মতে সকলো মৃত লোকে সম্ভাৱ্য ইথানল আৰু মিথানল মিশ্ৰিত পদাৰ্থৰ সৈতে বিকৃত এলকহল সেৱন কৰিছিল যিটো মৃত্যুৰ কাৰণ হ’ব পাৰে। এই ঘটনাৰ একাংশ অভিযুক্ত পলাতক হৈ আছে আৰু অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰা হৈছে। ঘটনা সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে চাৰিজন আৰক্ষীক নিলম্বন কৰা হৈছে।