Home Blog Page 1584

এছিয়ান জুনিয়ৰ টেনিছ, ওড়িশ্যা আহান এ-ৰ দ্বিমুকুট অৰ্জন…

এছিয়ান জুনিয়ৰ টেনিছ ১৬ আৰু অনুৰ্দ্ধ প্ৰতিযোগিতাখন আজি ল’ৰা আৰু ছোৱালীৰ প্ৰতিদ্বন্দ্বিতামূলক খেলৰ মাজেৰে অন্ত পৰে৷ এইবাৰ প্ৰতিযোগিতাৰ গুৰুত্বপূৰ্ণ দিশ হ’ল ওড়িশ্যাৰ আহান এ-ৰ দ্বিমুকুট অৰ্জন৷ উল্লেখ্য যে ওড়িশ্যাৰ অবাচনিপ্ৰাপ্ত খেলুৱৈ আহান এ-য়ে ১৬ বছৰ অনুৰ্দ্ধ ছোৱালীৰ ছিংগলছ আৰু ডাবোলছত জয়লাভ কৰি দ্বৈত মুকুট অৰ্জন কৰে। ছিংগলছৰ খেলত তেওঁ পশ্চিম বংগৰ শীৰ্ষ স্থানপ্ৰাপ্ত আকাংক্ষা ঘোষক ৬-১, ৬-৩ ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে আকাংক্ষা ঘোষৰ সৈতে তেওঁ ডাবোলছৰ খেলত অসমৰ নিস্থাপ্ৰিয়া বেজবৰুৱা আৰু চণ্ডিগড়ৰ শ্ৰাৱস্তী কুণ্ডিলিয়াৰ যুটিক ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰে। পৃষ্ঠপোষকৰ নামৰ সৈতে বিতং ফলাফলবোৰ এনেধৰণৰ৷ অসমৰ অন্তৰীক্ষ তামুলীয়ে ল’ৰাৰ অনুৰ্দ্ধ 16 বছৰৰ ছিংগলছ প্ৰতিযোগিতাত মহেন্দ্ৰ নাথ শইকীয়া ট্ৰফী জয় কৰে৷ তেওঁ অসমৰ ৰিয়ান কাশ্যপক 7-5, 6-2 ত পৰাস্ত কৰে। এই ট্ৰফী পাৰ্থ সাৰথি শইকীয়াই দান আৰু বিতৰণ কৰিছিল। আনহাতে উৰিষ্যাৰ আহান এ-য়ে পশ্চিম বংগৰ পৰা আকাংক্ষা ঘোষক 6-1, 6-3 ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ অনুৰ্দ্ধ 16 বছৰৰ ছিংগলছ প্ৰতিযোগিতাত প্ৰগতি মটৰ্ছ ট্ৰফী লাভ কৰে।

এই ট্ৰফী জয়ন্ত দত্তই দান কৰিছিল আৰু ডাঃ অনিমেষ বৰুৱাই বিতৰণ কৰে। ল’ৰাৰ ডাবলছ ইভেণ্টত কৰ্ণাটকৰ মাধৱ দীক্ষিতৰ সৈতে যুটি বান্ধি অসমৰ ৰৌনক কাশ্যপে পশ্চিম বংগৰ মহম্মদ আদিল আৰু অসমৰ ৰিটিক ৰাউটক ৬-৩, ৭-৬ (৫)ত পৰাস্ত কৰি জৈনকো লাইফষ্টাইল ট্ৰফী জয় কৰে। এই ট্ৰফী অনিল মহেশ্বৰীয়ে দান আৰু বিতৰণ কৰে। ছোৱালীৰ ডাবল ইভেণ্টত, উৰিষ্যাৰ আহান এ আৰু পশ্চিম বংগৰ আকাংক্ষা ঘোষৰ যুটিৱে অসমৰ নিস্থাপ্ৰিয়া বেজবৰুৱা আৰু চণ্ডিগড়ৰ শ্ৰাৱস্তী কুণ্ডিলিয়াক 6-2, 6-2 ব্যৱধানত পৰাস্ত কৰি কুটোন আৰ এল পলিমাৰ্ছ ট্ৰফী লাভ কৰে। এই ট্ৰফী শ্ৰৱণ মালানীয়ে দান আৰু বিতৰণ কৰে।

সাৱধান! ভিটামিন খাওঁতে দহবাৰ ভাবক। ৪৮ বিধ দৰবৰ বিৰুদ্ধে সতৰ্কবানী …

জনজীৱনৰ বাবে অপৰিহাৰ্য ভিটামিনক লৈ এতিয়া দেশত চলিছে চূড়ান্ত দুৰ্নীতি। এনেবোৰ ভিটামিন প্ৰস্তুতকৰ্তাই শেহতীয়াকৈ ড্ৰাগছ চেফটি এলাৰ্টত মুখ থেকেচা খাব লগীয়া হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ড্ৰাগছ ৰেগুলেটৰে মাৰ্চ মাহত ড্ৰাগছ চেফটি এলাৰ্ট পৰীক্ষাৰ বাবে আহ্বান জনাইছিল। কিন্তু বহুকেইটা ভিটামিন প্ৰস্তুত কৰা কোম্পানীয়ে উৰ্ত্তীণ হোৱাত ব্যৰ্থ হয়। কেন্দ্ৰীয় ড্ৰাগ মাপক নিয়ন্ত্ৰন সন্হাই ১৪৯৭ বিধ দৰবৰ ৪৮ বিধ ভিটামিনৰ বিৰুদ্ধে সতৰ্কবানী জাৰি কৰে। আইৰণ, ফোলিক এচিড, মাল্টিভিটামিন, ভিটামিন-চি, ভিটামিন বি -১২ৰ লগতে নিয়মিত ভাবে গ্ৰহণ কৰা নিয়াচিনামাইড বেজী ইত্যাদি দৰবৰ ক্ষেত্ৰত সতৰ্কবানী জাৰি কৰা কাৰ্যই দেশত একাংশ দৰব প্ৰস্তুতকৰ্তাই মুক্ত মনে নিম্ন মানৰ দৰব প্ৰস্তুত কৰি বজাৰত উলিয়াই দি ব্যাপক ৰূপত মুনাফা লুটি আছে। ঔষধ মাপক নিয়ন্ত্ৰন সন্হাই ইতিমধ্যে তেওঁলোকৰ ৱেবচাইটত সতৰ্কীবানী জাৰি কৰা দৰবৰ তালিকা উপলপদ্ধ বুলি জানিবলৈ দিয়ে। সতৰ্কবানী জাৰি কৰাৰ পিছত একাংশ প্ৰস্তুতকাৰীয়ে বজাৰত ভেজাল আৰু ভুৱা দৰব প্ৰস্তুত কৰি বিক্ৰি কৰি অহা বুলি দাবী কৰাৰ বিপৰীতে একাংশ কোম্পানীয়ে সতৰ্কবানী জাৰি কৰা দৰব গ্ৰাহকক ক্ৰয় কৰা ফাৰ্মাচীত ওভোটাই দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে ইতিমধ্যে ভাৰতত প্ৰস্তুত কৰা তিনিবিধ কফ চিৰাপ বিশ্ব স্বাস্থ্য সন্হাই নিষিদ্ধ ঘোষনা কৰাৰ পাছত ৪৮ বিধ ভিটামিনৰ বিৰুদ্ধে সতৰ্কবানী জাৰি কৰা কাৰ্যই অশুভ সংকেত কঢ়িয়াই আনিছে জনজীৱনলৈ। কিয়নো ৰোগীক চিকিৎসক সকলে ভিটামিন খাবলৈ উপদেশ দিয়াটো এক স্বাভাৱিক ঘটনা। শৰীৰ সুস্থ আৰু সবল কৰি ৰখাত ভিটামিন এক অপৰিহাৰ্য অংগ। কিন্তু এচাম অসৎ মানসিকতাৰ উদ্যোগীয়ে মানৱ জীৱনৰ লগত হেতালি খেলি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নামি পৰিছে জঘন্য কাৰ্যত। চৰকাৰে এনে উদ্যোগপতিৰ বিৰুদ্ধে কেনে ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।

পেটুৱা আৰক্ষীলৈ অশনি সংকেত। কৰিব লাগিব স্বেচ্ছামূলক অবসৰ গ্ৰহন…

২৫০ গৰাকীলৈ অশনি সংকেত। গোচৰ পঞ্জীয়ন আৰু তদন্ত গুৰুত্ব ডঃ শৰ্মাৰ। স্মাৰ্ট দায়বদ্ধ নিৰপেক্ষ হবই লাগিব।একাংশ গেৰেলা, দুৰ্নীতি পৰায়ন আৰু সুৰাপায়ী আৰক্ষীলৈ নামি আহিছে ঘোৰ অমানিশা। খাকী পোছাকৰ বলত বলীয়ান হৈ ঘোচ লোৱা, দুৰ্নীতি পৰায়ন ব্যক্তিক সহায় কৰা আদি বিভিন্ন দুৰ্নীতিত লিপ্ত থকা আৰক্ষী আজিও বিৰাজমান বিভাগটোত। একেদৰে সুৰাপান কৰি অশ্লীল অশ্ৰাব্য কথা কোৱা আৰক্ষীৰো অভাব নাই বিভাগটোত। আনহাতে শাৰীৰিক ব্যায়াম নকৰা এচাম আৰক্ষী চোৰ ডকাইতক দৌৰি গৈ ধৰিব পৰাটো এক প্ৰকাৰ অসম্ভব হৈ পৰিছে। কিয়নো এনে আৰক্ষীৰ ইচ্ছা থাকিলেও শৰীৰে বিশেষকৈ পেটটোৱে অনুমতি নিদিয়ে। বিভাগটোত চলি থকা এনে অৰাজকতাৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গৃহ বিভাগৰো দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে গৃহ বিভাগৰ প্ৰধান সচিবৰ উপৰি শীৰ্ষ বিষয়াৰ সৈতে কৰা এক দীঘলীয়া আলোচনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

আলোচনা কালত সঞ্চালক প্ৰধান জি পি সিঙে দীৰ্ঘদিন ধৰি প্ৰায় অকামিলা ২৫০ গৰাকী আৰক্ষীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণ প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিটো গোচৰ ৰুজু কৰাৰ লগতে তদন্ত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কোলকাতাকে ধৰি কিছু চহৰত নাৰী অধিক সুৰক্ষিত বুলি মন্তব্য কৰি আৰক্ষী স্মাৰ্ট, মডাৰ্ণ আৰু দায়বদ্ধ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ২০১৪ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকৰে হোৱা আলোচনাতো এই বিষয়ে উল্লেখ কৰিছিল বুলি সদৰি কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি ডঃ শৰ্মাই নিশা থানালৈ এগৰাকী ভুক্তভোগী মহিলা আহিব পৰা পৰিবেশ গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু এচাম আৰক্ষীৰ কৰ্মকাণ্ডই জনতা আৰু আৰক্ষীৰ মাজত গঢ়ি তুলিছে বৃহৎ প্ৰাচীৰ। বিশেষকৈ নিশাৰ ভাগত এচাম মাতাল আৰক্ষীৰ ব্যৱহাৰে ন্যায় বিচাৰি থানাত যাবলৈ বহুলোক ইচ্ছুক নহয়। আনহাতে এতিয়াও বহু বিষয়াৰ বিৰুদ্ধে থানাত গোচৰ পঞ্জীয়ন হৈ আছে যদিও তদন্তই আৰম্ভ কৰা নাই তদন্তকাৰী বিষয়াই। এনে দুৰ্নীতি পৰায়ন বিষয়াই এতিয়াও বিভাগটোত কাৰ্যনিৰ্বাহ কৰি থকা ঘটনাই জনতাক ন্যায় প্ৰদান কৰাত চৰকাৰ কিমান সফল হব সেয়া বিচাৰ্যৰ বিষয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুৰাপায়ী, দুৰ্নীতি পৰায়ন আৰু পেটুৱা আৰক্ষীক স্বেচ্ছামূলক অৱসৰ দিবলৈ আগবঢ়া কাৰ্যক সৰ্বসাধাৰণ জনতাই আদৰণি জনাইছে।

‘২০ বছৰলৈ মুখ্যমন্ত্ৰীৰ পদ খালি নাই’ – পীয়ূষ হাজৰিকা। কংগ্ৰেছ এআইডিইউএফ ভাই ভাই! অজিত ভূঞাৰ দল ক’ত – ‘উমানন্দত’

অজিত ভূঞাৰ দল ক’ত– উমানন্দত। ১১ টা দল অসমত আছে নেকি। মাটি বাৰীৰ কাজিয়াত ব্যস্ত কংগ্ৰেছ এআইডিইউএফ।অসমত আগন্তুক ২০ বছৰলৈ মুখ্যমন্ত্ৰীৰ পদ খালি নাই। এই ভাষ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। মন্ত্ৰী হাজৰিকাই কৌশলেৰে আগন্তুক ২০ বছৰ ৰাজ্যত বিজেপিৰ বাহিৰে আন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ সপোন নেদেখাই ভাল বুলি এক প্ৰকাৰ সকিয়াই দিয়ে । সংবাদমাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই বৰ্তমান ৰাজ্যবাসীৰ মাজত বিৰোধীদল সমূহ আছে নেকি বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি মিত্ৰতাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক সমালোচনা কৰে। মন্ত্ৰী হাজৰিকাই সাংসদ অজিত কুমাৰ ভূঞাৰ দলটো ক’ত বুলি প্ৰশ্ন উত্থাপন কৰি উমানন্দত নে পাহাৰত বুলিও তীব্ৰ কটাক্ষ কৰে। একেদৰে অখিল গগৈৰ বাহিৰে এই দল সমূহৰ বিধায়ক আছে নেকি বুলি সমালোচনা কৰি কংগ্ৰেছ আৰু এআইডিইউএফ দল দুটাৰ মাজত ভাই ভাই সম্বন্ধ থকা বুলি মন্তব্য কৰে বিগত ৰাজ্যসভাৰ নিৰ্বাচনত ভাই ভাই সম্বন্ধ প্ৰমান কৰা দল দুটাই বৰ্তমান মাটি-বাৰীৰ কাজিয়াত লিপ্ত হৈছে বুলি কটাক্ষ কৰি কয় যে কোনটো সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া চলি থকা বুলি মন্তব্য কৰে।

আনহাতে কংগ্ৰেছ দলৰ নেতা জীতেন্দ্ৰ সিঙ অসমলৈ আহিয়েই থাকে বুলি উল্লেখ কৰি অসমৰ বিষয়ে তেওঁ জ্ঞান নাই বুলি সদৰি কৰে। আনহাতে ৰাজ্যৰ প্ৰতিটো সমষ্টিত বিজেপি দলে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰি ধুবুৰীত বংগীয় মুছলমানে বিজেপিক ভোট নিদিয়ে বুলি সদৰি কৰি কয় যে তথাপি বিজেপি দলে নিৰ্বাচন খেলিবই। তেওঁ আগন্তুক ২০ বছৰ বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি মই অহংকাৰ কৰা নাই বুলি কৌশলী স্হিতি গ্ৰহন কৰে।

৪ এচিএছ বিষয়ালৈ জাননী। সাংসদ পুঁজিৰ কেলেংকাৰী…

সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে চাৰি এচিএছ বিষয়ক জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। হাজো,ৰঙিয়া আদিত অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। তদাৰকী কোষে ইতিমধ্যে কেইবাগৰাকীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্ত গ্ৰহন কৰি অসামৰিক বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত, মুনীন বৰদলৈ আৰু সুনন্দাৰ বৰালৈ জাননী জাৰি কৰে।

উল্লেখযোগ্য যে ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অজিত ভূঞাৰ ওপৰত গোচৰ পঞ্জীয়ন হোৱা নাই বুলি স্পষ্ট কৰি দি কৈছিল যে সাংসদ পুঁজিৰ ধন অসম চৰকাৰৰ বিভাগে ব্যয় কৰিছে বাবে দুৰ্নীতিৰ তদন্ত কৰা হব। সংশ্লিষ্ট সাংসদৰ লগতে বিভাগীয় বিষয়া আমোলা সকলো জবাবদিহি হব লাগিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কেন্দ্ৰক পুঁজিৰ ব্যয়ৰ হিচাপ অসম চৰকাৰে দিব লাগিব বুলিও স্পষ্ট কৰি দিছিল।

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে অৰ্জুন ৰামপালৰ প্ৰেয়সী গেব্ৰিয়েলা। বিবাহৰ প্ৰতি আকৰ্ষিত নহয় মডেল গেব্ৰিয়েলা…

অৰ্জুন ৰামপালৰ সংগী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে তেওঁৰ প্ৰসূতিৰ ফটোশ্বুটৰ ছবি শ্বেয়াৰ কৰি দ্বিতীয়টো গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।শনিবাৰে মডেল গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰসূতিৰ ফটোৰে দ্বিতীয়টো গৰ্ভাৱস্থাৰ খবৰ ঘোষণা কৰে। অভিনেতা অৰ্জুন ৰামপালৰ সৈতে ডেটিং কৰি আছে আৰু ইতিমধ্যে এই দম্পতীৰ তিনি বছৰীয়া এটি পুত্ৰ সন্তানো আছে। ছবিসমূহ শ্বেয়াৰ কৰি গেব্ৰিয়েলাই লিখিছে, “বাস্তৱ নে এয়া ?” অৰ্জুন ৰামপালে প্ৰকাশ কৰিলে প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছ বিবাহৰ প্ৰতি আকৰ্ষিত নহয়।
ফটোবোৰত গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে ফ্ল’ই কমলা ৰঙৰ গাউন পিন্ধিছিল।

পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে চেলিব্ৰিটি আৰু অনুৰাগীসকলে কমেণ্ট ছেকচনলৈ লৰালৰিকৈ গৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে। অৰ্জুন ৰামপালে পোষ্ট কৰিলে এটা দুষ্ট চকু আৰু ৰঙা হৃদয়ৰ ইমোজি। তেওঁৰ লগত যোগ দি কাজল আগৰৱালাই লিখিছে, “অভিনন্দন।” “লাভ ইউ মামী” তনয়া ঘভৰীয়ে ক’লে।

২০১৮ চনত অৰ্জুন আৰু গেব্ৰিয়েলাই মিউচুৱেল ফ্ৰেণ্ডৰ জৰিয়তে লগ পাইছিল।খবৰ অনুসৰি কেইমাহমানৰ পিছত তেওঁলোকে ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল। ২০১৯ চনত দম্পতীহালে জুলাই মাহত ৪ বছৰ সম্পূৰ্ণ হ’বলগীয়া পুত্ৰ আৰিক ৰামপালক আদৰণি জনায়।অৰ্জুনৰ প্ৰাক্তন পত্নী মেহৰ জেছিয়াৰ সৈতে মহিকা ৰামপাল আৰু মাইৰা ৰামপাল নামৰ দুগৰাকী কন্যা সন্তান আছে। ২০১৯ চনত অৰ্জুন আৰু মেহৰ আনুষ্ঠানিকভাৱে পৃথক হয়।

জন্মদিন উপলক্ষে অনুৰাগীয়ে ৰঙা ৰঙৰ শাৰী আৰু সেউজীয়া ব্লাউজৰ সৈতে উন্মোচন কৰে সামান্থাৰ প্ৰতিমূৰ্তি…

সামান্থা ৰুথ প্ৰভুৰ জন্মদিনত অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বাবে মন্দিৰ নিৰ্মাণ কৰি তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।তেওঁ চিটাডেলৰ হিন্দী সংস্কৰণৰ বাবে সাজু হৈছে, য’ত তেওঁ বৰুণ ধাৱনৰ সৈতে অভিনয় কৰিব।অভিনেত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে অনুৰাগী টেনালি সন্দীপে শুকুৰবাৰে সামান্থাৰ মূৰ্তি উন্মোচন কৰি কেক কাটিলে।

ৰঙা ৰঙৰ শাৰী পিন্ধি প্ৰতিমূৰ্তিটো সেউজীয়া ব্লাউজৰ সৈতে টিম কৰা হৈছে। সামান্থাৰ জন্মদিন উদযাপন কৰিবলৈ ওচৰৰ গাঁৱৰ মানুহে সন্দীপৰ ঘৰত ভিৰ কৰিছিল। সন্দীপে কয় যে তেওঁ এটা ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল, কিন্তু আৰ্থিক অভাৱৰ বাবে সেয়া কৰিব নোৱাৰিলে। অভিনয়ৰ উপৰিও সন্দীপে সোমোন্থাক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে।অভিনেত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে তেওঁ দৰিদ্ৰৰ মাজত খাদ্য বিতৰণো কৰে। সামান্থাই তামিল আৰু তেলেগু উদ্যোগত নিজৰ কৰ্মৰ জৰিয়তে নাম অৰ্জন কৰিছে।

সন্দীপে এএনআইক কয়, “সামান্থাই এটা ফাউণ্ডেশ্যনৰ জৰিয়তে আৰ্ত শিশুৰ হৃদযন্ত্ৰৰ অপাৰেচন কৰাৰ দায়িত্ব লৈছিল। যিহেতু তেওঁ নিজেই নম্ৰ পটভূমিৰ পৰা আহিছে, সেয়েহে তেওঁ সদায় আৰ্তজনৰ হৈ থিয় দিয়ে।”

এই কাণ্ডই তেওঁৰ প্ৰতি মোৰ প্ৰশংসা দুগুণ কৰি তুলিলে।”সামান্থা মাই’চাইটিছ নামৰ অটো-ইম্যুন ৰোগত আক্ৰান্ত। তাই এই বিষয়ে একাধিকবাৰ কৈছে। সন্দীপে কয় যে গাঁৱৰ মানুহে সামান্থাৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল।

আমেৰিকাত বাথৰুমতে দুপৰীয়াৰ আহাৰ খাইছিল প্ৰিয়ংকা চোপ্ৰাই! ওলাই যাবলৈ দিয়া নাছিল ৰাতি….

বলীউডৰ পৰা হলিউডলৈ নাম উজলাই তোলা প্ৰিয়ংকা চোপ্ৰাই এসময়ত কম আত্মবিশ্বাসৰ বাবে বাথৰুমত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। শেহতীয়াকৈ প্ৰিয়ংকাই তেওঁৰ ছাত্ৰ জীৱনৰ বহু কথা শ্বেয়াৰ কৰিছিল। প্ৰিয়ংকা চোপ্ৰা আজি বিশ্বৰ এক চিনাকি নাম। এতিয়া তেওঁ স্বামী নিক জ’নাছৰ সৈতে আমেৰিকাত থাকে, কিন্তু এটা সময় আছিল যেতিয়া প্ৰিয়ংকাই হাইস্কুলীয়া পঢ়াৰ বাবে আমেৰিকালৈ গৈছিল আৰু তাত তাই বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰিয়ংকাই বাথৰুমতে দুপৰীয়াৰ আহাৰ খাব লগা হৈছিল। তেতিয়াৰ তুলনাত প্ৰিয়ংকা ইমান আত্মবিশ্বাসী নাছিল। আগতে তাই বিদেশীৰ মাজত বৰ নিৰাশ অনুভৱ কৰিছিল। শেহতীয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই নিজেই এই সত্য প্ৰকাশ কৰিছে।


এক সাক্ষাৎকাৰত কয় যে কিশোৰ বয়সত প্ৰথমবাৰৰ বাবে হাইস্কুলীয়া শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। সেই সময়ত প্ৰিয়ংকাৰ আত্মবিশ্বাস নাছিল যে বিদেশীৰ মাজত বহি দুপৰীয়াৰ আহাৰ খাব পাৰিব। সেই মানুহবোৰৰ মাজত নিজকে বৰ নিৰাশ অনুভৱ কৰিছিল। প্ৰিয়ংকাই কয় যে প্ৰথম সপ্তাহবোৰ বৰ কষ্টকৰ আছিল। তাৰ পিছত পিছলৈ লাহে লাহে কথাবোৰ তেওঁৰ বাবে স্বাভাৱিক হৈ পৰিল।

প্ৰিয়ংকা চোপ্ৰাই ক’লে, ‘মই মোৰ দুপৰীয়াৰ আহাৰ বাথৰুমত, ষ্টলৰ ভিতৰত, কাৰণ মই বৰ নাৰ্ভাছ হৈ আছিলো। কেফেটেৰিয়ালৈ গৈ খাদ্য ল’ব নাজানিছিলো, আগতে তাত থকা ভেণ্ডিং মেচিনৰ পৰা ড’ৰিট’ছ লৈছিলোঁ। আগতে বাথৰুমলৈ গৈছিলোঁ, তাৰ পিছত খৰধৰকৈ খাদ্য খাই মোৰ ক্লাছলৈ গৈছিলোঁ। প্ৰিয়ংকাই ক’লে যে এই সকলোবোৰ ৩ৰ পৰা ৪ সপ্তাহ ধৰি কৰিছিল। তাৰ পিছত বাকী ল’ৰা-ছোৱালীক দেখাৰ পাছত তাৰ জীৱন-যাপনৰ অৱস্থাৰ বিষয়ে শিকি ললোঁ।

মুক্তিৰ দিশে প্ৰভাস আৰু কৃতি ছাননৰ অভিনীত আদিপুৰুষ। ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে ছেইফ আলী খানে…

প্ৰভাস আৰু কৃতি ছানন অভিনীত মোচন পোষ্টাৰত দেখা গৈছে ‘Righteous Saga Of Siya Ram’।সীতা নৱমী উপলক্ষে কৃতি ছানন আৰু প্ৰভাস অভিনেতা ৰাম ছিয়া ৰামৰ সুৰৰ বেকগ্ৰাউণ্ড মিউজিক সন্নিবিষ্ট কৰা মোচন পোষ্টাৰ বাদ দিয়া হয়। বহু প্ৰত্যাশিত প্ৰভাস, কৃতি ছানন অভিনীত আদিপুৰুষৰ নতুন মোচন পোষ্টাৰ মুকলি কৰা হৈছে। ২০২৩ চনৰ অক্টোবৰ মাহত ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা নিৰ্মাতাসকলে নতুন নতুন পোষ্টাৰ পেলাই অনুৰাগীৰ মাজত উত্তেজনা অক্ষত ৰাখিছে। আজি সীতা নৱমী উপলক্ষে কৃতি ছানন আৰু প্ৰভাস অভিনেতা ৰাম ছিয়া ৰাম সুৰৰ বেকগ্ৰাউণ্ড মিউজিক সন্নিবিষ্ট কৰা মোচন পোষ্টাৰ নিৰ্মাতা সকলে বাদ দিয়ে।

আদিপুৰুষ প্ৰায় ৭০০০ বছৰ আগতে ঘটা কাহিনীভাগৰ আশে-পাশে ঘূৰি থাকে। ইয়াত ভগৱান ৰামৰ পত্নী দেৱী সীতাক ৰাৱণৰ পৰা বচাবলৈ লংকালৈ কৰা যাত্ৰাৰ অনুসৰণ কৰা হৈছে। পোষ্টাৰখনত উপস্থিত ষ্টাৰ কাষ্টৰ বাহিৰেও কৃতি ছানন আৰু প্ৰভাসৰ উপৰিও ছাইফ আলী খানে ৰাৱণৰ চৰিত্ৰত ৰচনা কৰিব। ছবিখনৰ নেতৃত্বত আছে টি ছিৰিজৰ ভূষণ কুমাৰ আৰু কৃষণ কুমাৰ, ৰেট্ৰ’ফাইলছৰ ৰাউত, প্ৰসাদ সুতাৰ, ৰাজেশ নায়াৰ। ২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাব ছবিখনে।

আজিৰে পৰা কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ, দুদিনত ৬খন ৰেলী আৰু দুটা ৰোড শ্ব’…

ভোটদানৰ বাবে মাত্ৰ ১০ দিন বাকী থকা সময়ত কৰ্ণাটকত আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোডীৰ সভা। ৰাজ্যৰ ২২৪খন আসনৰ বিধানসভাৰ বাবে একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।অহা ১০ মে’ত কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। কৰ্ণাটকত পুনৰবাৰ বিজেপিয়ে পদুমক জয় কৰাবলৈ আৰম্ভ কৰিছে প্ৰচাৰ। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে দুদিনত ৬খন ৰেলী আৰু দুটা ৰোড শ্ব’ অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও কৰ্ণাটকত বিজেপিৰ প্ৰবীণ নেতা অমিত শ্বাহ, জগত প্ৰকাশ নড্ডা, ৰাজনাথ, শিৱৰাজ সিং চৌহান আৰু যোগী আদিত্যনাথেও ৰোড শ্ব’ আৰু ৰেলী অনুষ্ঠিত কৰিব।

শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী। নিজৰ সময়সূচী অনুসৰি শনিবাৰে পুৱা ১১ বজাত হুমনাবাদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তাৰ পিছত দিনৰ ১ বজাত বিজয়াপুৰাত আৰু দুপৰীয়া ২.৪৫ বজাত কুদাচীত সম্বোধন কৰিব ৰেলী। এই সমাৱেশৰ পিছত সন্ধিয়া বাংগালুৰুলৈ যাব প্ৰধানমন্ত্ৰী মোডী, য’ত তেওঁ মেগা ৰোড শ্ব’ কৰিব। নিৰ্বাচনলৈ মাত্ৰ ১০ দিন বাকী।


৩০ এপ্ৰিলৰ পুৱা ১১.৩০ বজাত কোলাৰত প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভা। ইয়াৰ পিছত ৰামনগৰ জিলাৰ চন্নাপট্নাত দিনৰ ১.৩০ বজাত এখন ৰেলী অনুষ্ঠিত হ’ব। ৰামনগৰৰ পাছত হাছানৰ বেলুৰলৈ যাব প্ৰধানমন্ত্ৰী য’ত বিয়লি ৩.৪৫ বজাত ৰাইজক সম্বোধন কৰিব। দেওবাৰে সন্ধিয়া টিপু চুলতানৰ চহৰ মহীশূৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী। মহীশূৰত প্ৰধানমন্ত্ৰীয়ে ৰোডশ্ব’ৰ জৰিয়তে বিজেপিৰ বাবে ভোট বিচাৰিব।ভোটদানৰ বাবে মাত্ৰ ১০ দিন বাকী থকা সময়তে কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোডীৰ সমাৱেশ আৰম্ভ হৈছে। এনে পৰিস্থিতিত বিজেপি আশাবাদী যে তেওঁলোকৰ এই ট্ৰাম্প কাৰ্ডে এইবাৰো নিৰ্বাচনী যুঁজখন নিজৰ পক্ষত ঘূৰাই আনিব। কৰ্ণাটকৰ ২২৪খন আসনৰ বিধানসভাৰ বাবে একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ১৩ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।