Home Blog Page 1785

ধূমপানমুক্ত দেশ! বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট সেৱন নিষিদ্ধ কৰা এই দেশখনে কাৰ্যকৰী কৰিলে কঠোৰ আইন

নিউজিলেণ্ডৰ জেচিণ্ডা আৰ্ডাৰ্ণ চৰকাৰে যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কঠোৰ আইন প্ৰণয়ন কৰে, ধূমপানৰ বিৰুদ্ধে অতি কঠোৰ আইন ৰূপায়ণ কৰিছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণ চৰকাৰে যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত ধূমপান সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ আইন প্ৰণয়ন কৰিছে।

নতুন আইনখনে কি কয়?

ধঁপাতমুক্ত দেশ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱা এই দেশখনে শক্তিশালী প্ৰস্তুতিৰে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ব্যাপক ফল পোৱাৰ সম্ভাৱনা আছে। যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত সেৱন সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰণয়ন কৰা আইন অনুসৰি ২০০৯ চনৰ ১ জানুৱাৰীৰ পিছত জন্ম হোৱা কোনো লোকক নিউজিলেণ্ডত ধঁপাত বিক্ৰী কৰিব নোৱাৰিব।

নতুন আইনখনৰ অধীনত সময়ৰ লগে লগে বৃদ্ধি পাব চিগাৰেট ক্ৰয়ৰ নূন্যতম বয়স। তাত্ত্বিকভাৱে এতিয়াৰ পৰা ৫০ বছৰৰ পাছত চিগাৰেটৰ পেকেট এটা কিনিবলৈ চেষ্টা কৰা কোনোবাই কমেও ৬৩ বছৰীয়া বুলি প্ৰমাণ কৰিবলৈ আইডিৰ প্ৰপত্ৰৰ প্ৰয়োজন হ’ব।

চিগাৰেটৰ পেকেটৰ বাবে আইকাৰ্ডৰ প্ৰয়োজন

চিগাৰেট কিনিবলৈ এতিয়া মানুহে নিজৰ বয়সৰ প্ৰমাণ সকলোতে দেখুৱাব লাগিব। প্ৰতিবেদন অনুসৰি নিউজিলেণ্ডে ২০২৫ চনৰ ভিতৰত দেশখন ধূমপানমুক্ত কৰাৰ পৰিকল্পনা কৰিছে। ষ্টেটিষ্টিকছ নিউজিলেণ্ডে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি নিউজিলেণ্ডৰ প্ৰায় ৮% প্ৰাপ্তবয়স্ক লোকে ধূমপান কৰে। বহু বছৰ ধৰি চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৃহৎ কৰ আৰোপ কৰাৰ পিছত এই নিষেধাজ্ঞাৰ সৃষ্টি হৈছে।

স্বাস্থ্য মন্ত্ৰীৰ বিবৃতি

এই আইনখনে দেশত ধূমপান হ্ৰাস কৰিব বুলি আশা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এই সিদ্ধান্তৰ লগে লগে ইয়াত ধঁপাত বিক্ৰী কৰিবলৈ অনুমতি দিয়া দোকানীসকলৰ সংখ্যা ৬০০০ৰ পৰা ৬০০লৈ হ্ৰাস পাব আৰু ধূমপানযোগ্য ধঁপাতত নিকোটিনৰ পৰিমাণো হ্ৰাস পাব। স্বাস্থ্যমন্ত্ৰী ডাঃ আয়েছা ভেৰালৰ মতে, ‘এনে ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়াৰ কোনো উচিত কাৰণ নাই, ইয়াৰ ব্যৱহাৰে লাখ লাখ লোকৰ মৃত্যু হয়। মই আপোনালোকক কব পাৰো যে ভৱিষ্যতে আমি ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিম। এই নতুন স্বাস্থ্য ব্যৱস্থাই ধূমপানৰ ফলত হোৱা ৰোগ, যেনে কেন্সাৰ, হাৰ্ট এটেক, ষ্ট্ৰোক আদিৰ চিকিৎসাৰ বাবে কোটি কোটি টকা ৰাহি কৰিব।

আন্তৰাষ্ট্ৰীয় কিক বক্সিঙত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনক ঘৰত উপস্থিত বিজেপি নেতা তবিবৰ ৰহমান

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বীপত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনৰ ঘৰত উপস্হিত হল ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি তবিবৰ ৰহমান। উপস্থিত হৈ ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জনালে দলগাঁৱৰ অতি ভিতৰুৱা অখ্যাত বৰকুৰ গাৱৰ সু-কন্যা তথা দলগাঁওবাসীৰ গৌৰৱ হাজেৰা খাতুনক । লগতে কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য আগবঢ়ালে এখন চেক।

অনাগত দিনতো দলগাৱৰ এই গৰাকী সু কন্যাক আৰ্থিক সাহায্য আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাইৰ প্ৰতিভাৰ কথা অৱগত কৰিব বুলি কয় তবিবৰ ৰহমানে। ‌এগৰাকী দৰিদ্ৰ মোকবদিৰ পিতৃৰ কন্যা তথা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যানৰত হাজেৰা খাতুন স্থানীয় ৰাইজৰ আৰ্থিক অনুদানত কিক বক্সিংঙৰ লগত বহুত দিনৰ পৰা জড়িত থাকি এতিয়ালৈ বহুবাৰ দৰঙৰ দলাগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজেৰা খাতুনে ১8 টাকৈ সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । কোচ্ ৰহমান আলীৰ আপ্ৰাণ প্ৰচেষ্টাৰ বাবে তাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি কয় হাজেৰা খাতুনে ।

তিতা চুলিৰে ভুলতেও এই কাম নকৰিব, এনে কৰিলে আপোনাৰ চুলি সৰিবলৈ আৰম্ভ কৰিব

চুলিৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। আনহাতে কিছুমানে চুলি শ্বেম্পু কৰাৰ পিছত কিছু ভুল কৰে যাৰ ফলত চুলিৰ ক্ষতি হব পাৰে।কাৰণ যদি চুলিৰ সঠিক যত্ন লোৱা নহয় তেন্তে চুলি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। যাৰ বাবেই চুলি সৰা সমস্যাও আৰম্ভ হয়। আনহাতে কিছুমানে চুলি চেম্পু কৰাৰ পিছত কিছু ভুল কৰে, যাৰ ফলত চুলিৰ ক্ষতি হব পাৰে।এনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক ক’ম যে তিতা চুলিৰ লগত কি কি কাম পৰিহাৰ কৰিব লাগে?

তিতা চুলিৰে ভুলতো এই কাম নকৰিব-
তিতা চুলি ফণিয়াব নালাগে কাৰণ তিতা চুলি ফণিয়ালে চুলি ছিঙি যায়। গতিকে মনত ৰাখিব যে চুলিখিনি ভালদৰে শুকুৱাই লোৱাৰ পিছতহে ফণিয়াব লাগে। আনহাতে, যদি আপোনাৰ তিতা চুলি ফণিয়াই থকা অভ্যাস আছে, তেন্তে আপুনি ডাঠ ব্ৰাছেৰে ফণিয়াব পাৰে। কিন্তু প্ৰথমে চুলিখিনি ভাগ কৰি লওক।



তিতা চুলি একেবাৰে বান্ধিব নালাগে। কাৰণ যেতিয়া আপুনি আপোনাৰ চুলিখিনি পনিটেইলত বান্ধি লয় তেতিয়া ইহঁতে টানিবলৈ প্ৰৱণতা থাকে, এনে ক্ষেত্ৰত চুলিও ভাঙিব পাৰে। সেইবাবেই চুলি শুকুৱাই বান্ধি দিব লাগে।
চুলিৰ স্প্ৰে
বহুতে তিতা চুলিত হেয়াৰ স্প্ৰে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ পৰা আঁতৰি থাকিব লাগে কাৰণ ই আপোনাৰ চুলিৰ ক্ষতি কৰিব পাৰে। গতিকে চুলি শুকাই যোৱাৰ পিছতহে চুলিত স্প্ৰে কৰিব লাগে তিতা চুলি টাৱেলত বান্ধিব নালাগে।

বহুতৰে চুলি টাৱেলেৰে বান্ধি ৰখাৰ অভ্যাস আছে। কিন্তু এইটো কৰা উচিত নহয়। কাৰণ এনে কৰিলে চুলি ভাঙিবলৈ আৰম্ভ কৰে।সেয়েহে তিতা চুলিখিনি টাৱেলেৰে মচি শুকুৱাব।

চৰাইদেউৰ কুকুৰাচোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে

কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম। ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত কৰণৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ।

সেই উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমণ্ডলৰ অধীনত চৰাইদেউ জিলাৰ কুকুৰাচোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। এই আচঁনিত কলীয়ামাটি অঞ্চলৰ প্ৰায় ১৩৮ ঘৰ লোক উপকৃত হ’ব বুলি জনায় মন্ত্ৰী গৰাকীয়ে।আনহাতে মন্ত্ৰী গৰাকীয়ে দিনটোত কেইবাখনো আচনিৰ কামৰ আধাৰশিলা কৰাৰ কথাও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা

ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা।ননৈ চেৰফাং পৰিষদীয় সমষ্টি ভিচিডিচিৰ অন্তৰ্গত অঞ্চল সমূহত চকু চিকিৎসা সেৱা প্ৰদান।মানৱ শৰীৰত দৈনিক বৃদ্ধি পায় আহিছে বিভিন্ন ৰোগৰ সংক্ৰমণ । ভেজাল খাদ্যয় সংকুচিত কৰিছে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা । মানৱ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত চকু হৈছে এটা প্ৰধান অংগ । ভেজাল তথা ঔষধিযুক্ত খাদ্য সেৱনৰ ফলত বিশেষকৈ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকলৈ ভয়াৱহভাবে বিয়পিছে চকুৰ ৰোগ । বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ দাতি কাষৰীয়া অঞ্চল সমূহত মাৰাত্মকভাবে চকুৰ ৰোগে দেখা দিব ধৰিছে ।

চকুৰ বিনামূলীয়া চিকিৎসাৰ উদ্দেশ্যেৰে ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ইএম সঞ্জিৎ তাঁতীয়ে ৰাইজৰ সুবিধাৰ্থে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আয়োজন কৰিছে চকু চিকিৎসাৰ সেৱা । ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ইএম সঞ্জিৎ তাঁতীৰ উদ্যোগত আৰু দিল্লীৰ VISION SPRING N.G.O. ৰ দ্বাৰা মহাৰাষ্ট্ৰৰ চকু বিশেষজ্ঞৰ দল আনি ১২ টা ভিচিডিচিত ৬ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছে এই সেৱা । যিহেতুকে ভাৰত-ভূটান সীমান্তৰ পিছপৰা অঞ্চল সমূহৰ ৰাইজে চকু চিকিৎসা কৰিবলৈ দূৰ-দুৰণিলৈ যাব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ইএম সঞ্জিৎ তাঁতীয়ে।

থানেশ্বৰ মালাকাৰৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ “মানুহক ভালপোৱা মানুহজন” উন্মোচন

গুৱাহাটী: থানেশ্বৰ মালাকাৰ যলৈকে গৈছে তাতেই মানুহৰ আদৰ পাইছে ৷ মানুহৰ মনৰ মানুহ হৈ পৰিছে তেওঁ ৷ বিশিষ্ট মানৱতাবাদী লেখক তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰৰ জীৱন আৰু কৃতি বিষয়ক “মানুহক ভালপোৱা মানুহজন”শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীয়ে এনেদৰে কয় ৷ শিক্ষাবিদ গৰাকীয়ে পুনৰ কয় যে গ্ৰন্থখনিক প্ৰকাশিত সমাজৰ অতিকে সাধাৰণ লোকসকলৰ অকৃত্ৰিম লেখাসমুহে তেখেতক বিশেষভাবে আকৰ্ষণ কৰিছে তেখেতে ভাষণ প্ৰসঙ্গত থানেশ্বৰ মালাকাৰৰ ব্যক্তিত্বক ফুটবল খেলুৱৈ মেচিৰ স’তেও তুলনা কৰে ৷ সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট নিৱন্ধকাৰ ময়ূৰ বৰাই মালাকাৰক ’মনৰ হাকিম’ বুলি অভিহিত কৰাৰ লগে সভা পৰিচালনাৰ ক্ষেত্ৰত তেখেতৰ কৌশল আৰু মহাপুৰুষ গুৰুসকলৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধাই তেখেতৰ ব্যক্তিত্বক সৌম্য কৰি তুলিছে বুলি মত পোষণ কৰে ৷ প্ৰবীন সাংবাদিক হাইদৰ হুছেইন দেৱে বৰ্তমান সময়ত মানুহক ভালপোৱা মানুহৰ অভাৱ হৈছে বুলি কৈ মালাকাৰৰ দৰে লোকসকলে সমাজখনৰ এই অভাৱ বৰ্তমান সময়ত পুৰণ কৰি ৰখিছে বুলি কয় ৷ আৰু ৷

উল্লেখযোগ্য যে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নিকুমণি হুছেইন আৰু বিজয় শঙ্কৰ শৰ্মাৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনি উন্মোচনী সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ দয়ানন্দ পাঠকে ৷ প্ৰসন্ন কুমাৰ দাসে বন্তিপ্ৰজ্বলন কৰা সভাখনি উদ্বোধন কৰি বিশিষ্ট লেখক তবিউল হুছেইনে মালাকাৰদেৱৰ মানৱতাবাদী আৰু মানুহক মৰ্যাদা দিয়া চৰিত্ৰৰ বিষয়ে অৱলোকন কৰে ৷ সভাত অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালে কোকৰাঝাৰৰ গোষ্ঠীগট সংঘৰ্ষৰ সময়ত মালাকৰে উপয়ুক্ত হিচপে সংঘৰ্ষ নিৰাময়ৰ ক্ষেত্ৰত লোৱা বিশেষ ভুমিকাৰ কথা উল্লেখ কৰে ৷ সভাৰ আৰম্ভণিতে সম্পাদক বিজয় শঙ্কৰ শৰ্মা আৰু মুখ্য সম্পাদক নিকুমণি হুছেইনে গ্ৰন্থখনি প্ৰকাশৰ আৰৰ কথা ব্যক্ত কৰে ৷ নিজৰ ভাষনৰ থানেশ্বৰ মালাকাৰে গ্ৰন্থখনি তেওঁৰ বাবে প্ৰেৰণাৰ উৎস আৰু আৰ্শীবাদ বুলি কৈ গ্ৰন্থখনি অভিনন্দন গ্ৰন্থখনি প্ৰকাশৰ প্ৰয়াস কৰিছিল যদিও তেখেতে সন্মতি জনোৱা নাছিল বুলি কয় ৷ শিক্ষাবিদদ্বয় অক্ষয় কুমাৰ মিশ্ৰ আৰু মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মালাকাৰৰ ব্যক্তিত্বৰ আকৰ্ষণীয় দিশসমূহৰ বিষয়ে অৱলোকন কৰাৰ লগতে গ্ৰন্থখনিৰ উদ্যোক্তা সকলৰ শলাগ লয় ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত ডা° অঞ্জনজ্যেতি চৌধুৰী আৰু ডা° গাৰ্গী মালাকাৰে দুটি গীত পৰিবেশন কৰে ৷

মোহন চন্দ্ৰ মালাকাৰ, কৃষ্ণ ৰয় , গোপাল জালান , সূৰ্য্য হাজৰিকাকে ধৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তি উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়াই মনহৰি বায়নে ৷ উল্লেখযোগ্য যে অসমৰ তিনিখনকৈ গুৰুত্বপুৰ্ণ জিলা ওদালগুৰি , কোকোৰাঝাৰ আৰু বৰপেটা জিলাৰ উপায়ুক্ত হিচাবে এসময়ত কৰ্মকুশলতাৰে দায়িত্ব সম্পাদন কৰা আৰু অসম চৰকাৰৰ আয়ুক্ত সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা আসমীয়া সাহিত্যৰ এগৰাকী মানৱতাবাদী লেখক থানেশ্বৰ মালাকাৰৰ জীন আৰু কৰ্মৰ বিষয়ে মহিম বৰা , হোমেন বৰগোহাঞি ,ড° লক্ষ্মীনন্দন বৰা , ড° বীৰেন্দ্ৰ নাথ দত্ত , ড° নগেন শইকীয়া, সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মাকে ধৰি বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈকে বহুসংখ্যক প্ৰসিদ্ধ আৰু স্বনামধন্য লেখকৰ লেখা সন্নিৱিষ্ট আৰু বিজয় শঙ্কৰ শৰ্মাৰ দ্বাৰা সম্পাদিত ৫২০ পৃষ্ঠাৰ গ্ৰন্থখনি প্ৰকাশ কৰিছে পাণবজাৰৰ সূৰ্য্য প্ৰকাশে ৷

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সামৰণি অনুষ্ঠানঃ দহ সহস্ৰাধিক লোকৰ উপস্থিতিত লাইখূঁটা স্থাপনঃ

মিচিং জনজাতি সকলৰ আটাইতকৈ শক্তিশালী জাতীয় সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পিকেৰ সোণালী জয়ন্তী বৰ্ষ  আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ অনুষ্ঠান ধেমাজি জিলাৰ গোগামুখত চাৰিদনীয়া  বৰ্ণাঢ্য কাৰ্যসূচীৰে ২-৫ ফেব্ৰুৱাৰী ২০২৩ বৰ্ষত  অনুষ্ঠিত  হ’ব ৷ গোগামুখ পাৰঘাটৰ চুমনিৰ ২২৭ বিঘা ৰাজহুৱা বিশাল ভূমিত  অনুষ্ঠিত হ’বলগা সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ আজি লাইখূঁটা স্থাপন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ দহ সহস্ৰাধিক লোকৰ উপস্থিতিি অনুষ্ঠিত হোৱা উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত গোমৰাগ নৃত্য আৰু অই নিঃতমেৰে মুখৰিত হৈ পৰে ৷ জাক জাক লোকনৃত্য শিল্পীৰে ভৰি পৰা আজিৰ লাইখুঁটা  অনুষ্ঠান  স্থাপন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই কয়- বৃহত্তৰ অসমীয়া সমাজৰ এক অবিছেদ্য অংগ হৈছে ভূমিপুত্ৰ মিচিং সকল ৷

এই মিচিং সকলৰ শক্তিশালী সংগঠন হৈছে টি এম পি কে আৰু বৰ্ণাঢ্য মিচিং সংস্কৃতিক যুৱ প্ৰজন্মৰ মাজত নিকপকপীয়া আৰু নিভাঁজভাৱে সমগ্ৰ ৰাইজৰ মাজত তুলি ধৰা অনুষ্ঠান হৈছে মিচিং যুৱ মহোৎসৱ ৷ এই মহান অনুষ্ঠান দুটাৰ কাৰ্যসূচী এইবেলি একেখন মঞ্চত অনুষ্ঠিত হ’ব ৷  ইয়াত মিচিং সমাজৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি  প্ৰকাশ ঘটাৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি পূুৰ্ণ ৰূপত প্ৰতিফলিত হ’ব ৷  অনুষ্ঠানৰ সকলো খৰচ মিচিং ৰাইজ আৰু শুভাকাংক্ষীৰ দান-বৰঙনিৰে ৰূপায়িত হ’ব বুলি তেওঁ দোহাৰে আৰু এই অনুষ্ঠানে মিচিং সকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ঐতিহাসিক চিন্তাধাৰাক তুলি ধৰিব ৷ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগু আৰু সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামানে জনোৱা মতে টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱত  ৫ লাখ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ১০ হাজাৰ থলুৱা শিল্পীয়ে পৰম্পৰাগত নৃত্য-গীত প্ৰতিযোগিতাত অংশ ল’ব ৷ অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, আইন মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, বলিউদৰ কেইবাগৰাকী তাৰকা শিল্পী আৰু বিদেশৰ অতিথিয়ে অংশ ল’ব ৷

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনৰ মুৰব্বী, নেতা-পালিনেতাও উপস্থিত থকাটো নিশ্চিত কৰিছে অভ্যৰ্থনা সমিতিয়ে ৷ উল্লেখনীয় যে মিচিং জাতীয় সংগঠন টি এম পি কেই জন্ম লাভ কৰিছিল ১৯৭১ চনত ৷ বহু উত্থান পতনৰ মাজেদি আগবাঢ়ি মিচিং সমাজৰ জাতীয় স্বাৰ্থক এক সন্মান জনক স্থানত উপনীত কৰিবলৈ সক্ষম হোৱা টি এম পি কেই ৫০ বছৰ গৰকিলে ৷ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান ইতিমধ্যে জোনাই আৰু ঢকুৱাখনাত অনুষ্ঠিত হৈ গৈছে ৷ সামৰণি অনুষ্ঠান গোগামুখৰ উল্লিখিত বিশাল ভূমিত অনুষ্ঠিত হ’ব ৷ আজিৰ এই লাইখূঁটা স্থাপন  অনুষ্ঠানত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সম্পাদক তিলক দলে, মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক ডিম্বেশ্বৰ দলে, মিচিং দৃৰবৃ কেবাঙৰ মুখ্য উপদেষ্টা একলব্য গাম,

 

ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ,  আছু, আটাছু, এবছু, যুৱ-ছাত্ৰ পৰিষদ, গোৰ্খা, এম এম কে আৰু টি এম এম কেৰ জিলা আৰু কেন্দ্ৰীয় নেতা সকল উপস্থিত থাকে ৷

ডিব্ৰুগড়ৰ প’লো খেলপথাৰত অনুষ্ঠিত প্ৰাক্তন সেনাবাহিনীৰ ৰেলী

আজি ডিব্ৰুগড়ৰ প’লো খেলপথাৰত অনুষ্ঠিত হয় প্ৰাক্তন সেনাবাহিনীৰ ৰেলী।ভাৰতীয় সেনাবাহিনীৰ সমগ্ৰ প্ৰাক্তন সেনাবাহিনীৰ ভ্ৰাতৃত্ববোধৰ সৈতে থিয় দিয়াৰ সংকল্প পুনৰাবৃত্তি কৰি ২০২২ চনৰ ১৪ ডিচেম্বৰত ডিব্ৰুগড় প’লো খেলপথাৰত প্ৰাক্তন সেনাবাহিনীৰ বিধৱা দাও বিভাগৰ সৈতে থিয় দিয়াৰ সংকল্পক পুনৰাবৃত্তি কৰে 2500 তকৈ অধিক প্ৰাক্তন সৈনিক আৰু মুখ্য অতিথিৰ দ্বাৰা 80 বছৰৰ ওপৰৰ বীৰ নাৰীছ আৰু প্ৰবীণ সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ দ্বাৰা চিহ্নিত কৰা হয়। জিঅ’চিয়ে তেওঁৰ উদ্বোধনী ভাষণত সমগ্ৰ এক্স-চাৰ্ভিচমেন ভ্ৰাতৃত্ববোধ আৰু তেওঁলোকৰ পৰিয়ালক জাতিটোৰ প্ৰতি কৰা সেৱা আৰু ত্যাগৰ বাবে ধন্যবাদ জনায়।


অনুষ্ঠানৰ অংশ হিচাপে আৰ্মী মিলিটাৰী বেণ্ড, কালাৰিপায়ট্টু মাৰ্শ্বেল আৰ্ট আৰু এনচিচিৰ কেডেটৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীৰ এক দৰ্শনীয় প্ৰদৰ্শনৰ আয়োজন কৰা হয়। আমাৰ Veterans & their Families ৰ নিস্বাৰ্থ সেৱাক সন্মান জনোৱাৰ বাবে এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল।

ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদ প্ৰতিবেদন

ডায়েবেটিছ ৰোগীৰ বাবে আলু উপকাৰী নে অপকাৰী জানক…

ডায়েবেটিছ ৰোগীয়ে আলু খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগেনে? বিশেষজ্ঞসকলে কি কয় জানি লওক-
আলু কাৰ্বহাইড্ৰেটৰ উৎস আৰু ডায়েবেটিছ ৰোগীয়ে তেজৰ চেনিৰ মাত্ৰা ভাৰসাম্যহীনতা ধৰা পৰিলে সদায় ইয়াক পৰিহাৰ কৰে। কিন্তু সঁচাকৈয়ে ডায়েবেটিছ ৰোগীয়ে আলু খাব নালাগে। ডেনিছ গৱেষকসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে যিসকল লোকে সৰ্বাধিক মুঠ শাক-পাচলি গ্ৰহণ কৰে তেওঁলোকৰ টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা ২১% কম। আলু কাৰ্বহাইড্ৰেটৰ উৎস আৰু ডায়েবেটিছ ৰোগীয়ে তেজৰ চেনিৰ মাত্ৰা ভাৰসাম্যহীনতা ধৰা পৰিলে সদায় ইয়াক পৰিহাৰ কৰে। আলু খোৱা আৰু টাইপ ২ ডায়েবেটিছৰ মাজৰ সম্পৰ্ক জানিবলৈ এই গৱেষণা কৰা হৈছিল।

বিভিন্ন প্ৰস্তুতিৰ পদ্ধতি বিবেচনা কৰিলে অধ্যয়নত দেখা গৈছে যে আলুৰ ভাজি/চিপছৰ লগতে সিজোৱা, পোৰা আৰু গুড়ি কৰা আলু খোৱাৰ সৈতে টাইপ ২ ডায়েবেটিছৰ ইতিবাচক সম্পৰ্ক আছে। অধ্যয়নটোত উল্লেখ কৰা হৈছে যে কেৱল আলু পিটিকা আৰু আলুৰ ভাজি/চিপছহে পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ আছিল আৰু ই বিপাকীয় স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। ইয়াৰ উপৰিও সিজোৱা আলু আৰু ডায়েবেটিছৰ মাজত ইতিবাচক সম্পৰ্ক আছে যদিও সেয়া গুৰুত্বহীন আছিল। এই অধ্যয়নত মুঠ ৫৪,৭৯৩ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, য’ত টাইপ ২ ডায়েবেটিছ ৰোগী ৭,৬৯৫ জন আছিল।

দৈনিক ১৫০-২৫০ গ্ৰাম শাক-পাচলি খাব লাগে
অধ্যয়নটোত শাক-পাচলি খোৱা আৰু টাইপ ২ ডায়েবেটিছৰ মাজত বিপৰীত সম্পৰ্ক পোৱা গৈছে আৰু দৈনিক ১৫০–২৫০ গ্ৰাম শাক-পাচলি খোৱাৰ ক্ষেত্ৰত ই সুস্থিৰ আছিল। দৈনিক ২০০-৪০০ গ্ৰাম শাক-পাচলি খালে ডায়েবেটিছৰ সম্ভাৱনা ১২-১৪ শতাংশ হ্ৰাস পোৱা দেখা গৈছে।ডায়েবেটিছ ৰোগীয়ে আলু খাব পাৰেনে?
ডায়েবেটিছ ৰোগীয়ে আলু খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগেনে? এই প্ৰশ্নৰ ওপৰত এণ্ডক্ৰাইন’লজী আৰু ডায়েবেটিছ কনচালটেণ্ট ডাঃ ঐশ্বৰ্য কৃষ্ণমূৰ্তিয়ে কয় – এই প্ৰশ্নৰ উত্তৰ হ’ব। তেওঁ কয় যে আলু বহুমুখী আৰু বহু প্ৰিয় শাক, যিয়ে বহু পৰম্পৰাগত খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঠন কৰে। ইয়াত পটাছিয়াম আৰু বি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। তেজৰ চেনিৰ মাত্ৰাত আলুৰ প্ৰভাৱ আৰু অংশৰ আকাৰৰ গুৰুত্ব বুজিব লাগিব। আলু উচ্চ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, যাৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।


(আমি আপোনালোকক অনুৰোধ কৰিছো যে যিকোনো প্ৰতিকাৰ চেষ্টা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। আমাৰ লক্ষ্য কেৱল আপোনালোকক তথ্য প্ৰদান কৰা।)

এইখনে হয়তো শেষ খেল হ’ব ! ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলৰ পিছৰ পৰা আৰ্জেণ্টিনাৰ জাৰ্ছীত নেদেখিব লিয়নেল মেছিক

ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলৰ পিছত অৱসৰ ল’ব লিয়নেল মেছিয়ে? অনুৰাগীয়ে হয়তো ডাঙৰ শ্বক পাব!আৰ্জেণ্টিনাৰ কিংবদন্তি খেলুৱৈ তথা অধিনায়ক লিয়নেল মেছিয়ে ফিফা বিশ্বকাপ ২০২২ৰ পিছত অৱসৰৰ কথা ঘোষণা কৰিব পাৰে। আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলৰ খেলখনত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে দলটোৱে গুঞ্জৰিত জয় লাভ কৰে। এতিয়া ফাইনেল মেচৰ ঠিক আগতেই ডাঙৰ খবৰ আহিছে। আৰ্জেণ্টিনাৰ কিংবদন্তি খেলুৱৈ তথা অধিনায়ক লিয়নেল মেছিয়ে ফিফা বিশ্বকাপ ২০২২ৰ অন্তিমখন খেলৰ পিছত অৱসৰৰ কথা ঘোষণা কৰিব পাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মেছিয়ে অৱসৰ নিশ্চিত কৰিছে। কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ খেলি আছে মেছিয়ে।

মেছিৰ অধিনায়কত্বত থকা আৰ্জেণ্টিনাই ছেমি ফাইনেলত এক সুন্দৰ প্ৰদৰ্শন প্ৰদৰ্শন কৰি ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে জয়লাভ কৰে। ইয়াৰ পিছতে মেছিৰ অৱসৰৰ খবৰটো চৰ্চালৈ আহিল। হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি মেছিয়ে অৱসৰ নিশ্চিত কৰিছে। মেছিয়ে কয় যে মই সুখী যে মই চূড়ান্ত মেচত খেলি বিশ্বকাপৰ যাত্ৰা শেষ কৰিম। পৰৱৰ্তী বিশ্বকাপ বহুদিনৰ মূৰত আহিব আৰু তেতিয়ালৈকে মই কৰিব নোৱাৰিম বুলি নাভাবো। এইদৰে শেষ কৰাটোৱেই উত্তম।’ যদি আমি মেছিৰ কেৰিয়াৰৰ কথা কওঁ, তেন্তে তেওঁ মেধাৱী হৈছে।’ আৰ্জেণ্টিনাৰ হৈ এতিয়ালৈকে ১৭১খন খেল খেলি এই সময়ছোৱাত ৯৬টা গ’ল দিছে। তেওঁ এইবাৰ নিজৰ দলৰ হৈ ৯খন মেচ খেলি ১৬টা গ’ল দিছে। ২০২১ চনত মেছিয়ে ১৬খন মেচ খেলি ৯টা গ’ল দিছিল। ২০০৫ চনত আৰ্জেণ্টিনাৰ হৈ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰে। ২০০৫ চনত মেছিয়ে ছিনিয়ৰ দলৰ হৈ তিনিখন মেচ খেলিছিল। যদিও তেওঁ এটাও গ’ল দিব নোৱাৰিলে।

তাৎপৰ্যপূৰ্ণভাৱে কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নেদাৰলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাই এক ৰোমাঞ্চকৰ জয় পঞ্জীয়ন কৰে। পূৰ্ণ সময়ৰ সময়লৈকে দুয়োটা দলে ২-২ গ’লত সমতা স্থাপন কৰিছিল। ইয়াৰ পিছত পেনাল্টি শ্বুটআউট হয়, য’ত আৰ্জেণ্টিনাই ৪-৩ গ’লত জয়লাভ কৰে। ইয়াৰ পিছত আৰ্জেণ্টিনাই ছেমি ফাইনেলত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰে। এতিয়া মেছিৰ দলটোৱে ১৮ ডিচেম্বৰত চূড়ান্ত খেল খেলিব।