Home Blog Page 1792

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বদাৰা আলিউ জুফৰ ভাৰতত মৃত্যু

গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি বাদাৰা আলিয়ু জুফৰ অসুস্থতাৰ বাবে ভাৰতত মৃত্যু হোৱা বুলি ৰাষ্ট্ৰপতি আদামা বেৰ’ৱে প্ৰকাশ কৰে।

বেৰ’ৱে টুইটাৰত কয় যে জুফৰ মৃত্যু হৈছে “অতি অসুস্থতাৰ পিছত” আৰু কোনো সবিশেষ নিদিয়াকৈ।

৬৫ বছৰীয়া জুফে ২০২২ চনত গাম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি লাভ কৰিছিল।

প্ৰায় তিনি সপ্তাহ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে চিকিৎসাৰ বাবে গাম্বিয়া এৰিছিল।

বিদ্যুৎ কৰ্তন নকৰাকৈয়ে বিদ্যুতৰ খুঁটাত উঠাই দিলে এজন সাধাৰণ লোকক, তাৰ পাছত…

বিদ্যুৎ বিভাগৰ এক কাণ্ডজ্ঞানহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলো অঞ্চলত। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু হৈছে।

জানিব পৰা অনুসৰি, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে মঙলবাৰে গাঁওখনত বিদ্যুৎ সংযোগ দিবলৈ আহে কিন্তু বিদ্যুৎ সংযোগৰ সময়তে দেখুৱালে নিজৰ কাণ্ডজ্ঞানহীনতা।

বিভাগীয় কৰ্মচাৰীয়ে নিজেই বিদ্যুৎ পৰিবাহী খুঁটাত নুঠি তাৰ বাবে মাতি আনে মাইলো গাঁৱৰ উত্তম থাপা (৪৮) নামৰ সাধাৰণ লোকজনক।

ইফালে বিদুৎ কৰ্মচাৰীয়ে বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ কৰ্তনৰ কোনোধৰণৰ সঠিক খবৰ নোলোৱাকৈয়ে উত্তম থাপাক বিদ্যুৎ সংযোগৰ বাবে ট্ৰেন্সফৰ্মাৰৰ খুঁটাত উঠাই দিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় লোকজনে।

বিদ্যুৎ বিভাগৰ এক কাণ্ডজ্ঞানহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলো অঞ্চলত।

আজিৰে পৰা ২০২৩ বৰ্ষৰ গুণোৎসৱ আৰম্ভ : আজি বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন

আজিৰে পৰা অসমৰ ১১খন জিলাৰ লগতে বৰপেটাতো আৰম্ভ হৈছে গুণোৎসৱ ২০২৩ ।আজি বৰপেটা জিলাৰ সকলো বিদ্যালয়তে এই উপলক্ষে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন সুকলমে অনুষ্ঠিত হৈ যায়। স্ব-মূল্যায়নত আজি বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজৰ উপস্থিতিত বিভাগীয় ভাবে যোগান ধৰা প্ৰশ্ন কাকতৰ পেকেটবোৰ খোলে আৰু যথাবিধি অনুযায়ী ছাত্ৰ ছাত্ৰী সকলৰ পঠন দক্ষতাৰ মূল্যায়ন কৰা হয়। বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটৰ সদস্যা আৰু স্হানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ শৈক্ষিক দিশ, আন্তঃগাথঁনিৰ বিভিন্ন দিশ, সমাজ জড়িতকৰণ ইত্যাদিৰ সকলো দিশৰ মূল্যায়ন কৰে। আজি জিলাখনৰ বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং দলাহাটী নিম্ন বুনিয়াদী বিদ্যালয়, ৫৩৩ নং সুন্দৰীদিয়া প্ৰাথমিক বিদ্যালয়, সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, বৰপেটা শিক্ষা খণ্ডৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খন্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে।

পৰিদৰ্শন কালত লখিমী দত্তই সকলো ছাত্র ছাত্রীক গুনোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু শিক্ষক শিক্ষয়ত্রীক বিভিন্ন পৰামর্শ আগবঢ়ায়। পিছত সমগ্র শিক্ষাৰ খণ্ড মিছন সমন্বয়ক ৰুবীমণি নাথ, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শিকা নিয়তি পাঠক আৰু খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৫৩০ নং বিলৰতাৰীহাটী প্ৰাথমিক বিদ্যালয়, দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৩ নং দক্ষিণহাটী প্ৰাথমিক বিদ্যালয় আৰু পৰিদৰ্শন কৰি বিদ্যালয়কেইখনত স্ব-মূল্যায়নৰ বুজ লয় আৰু বহিঃ মূল্যায়নৰ বাবে শুভেচ্ছা জনায়।

বাক্সাৰ সুৱনখাটাত আৰম্ভ ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা

বাক্সাৰ সুৱনখাটাত আজিৰে পৰা ঐতিহাসিক ৭১ সংখ্যক মাঘমেলা আৰম্ভ।বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ এক অন্যতম পীঠস্থান। জিলাখনৰ সীমান্তৱৰ্তী এই সুৱনখাটাতে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক ৭১ সংখ্যক সুৱনখাটা মাঘমেলা ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে মেলাস্থলী ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা চাফাই অভিযানৰ পিচত ৭:৩০ বজাত প্ৰথম দ্বাৰ উদ্ঘাটন কৰে সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ পুৱা ৮ বজাত মুখ্য দ্বাৰ উন্মোচন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে I

৯ বজাত ৭১ সংখ্যক মাঘমেলাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন পাঠক দাসে I ইয়াৰ পিচত মূল মণ্ডপ, মিনা বজাৰ, বাণিজ্য মেলা আৰু ব্ৰফেডৰ হস্ততাঁত মেলা উদ্বোধন কৰে ক্ৰমে দাঙাৰাম বড়ো, মানিক দাস, প্ৰভাত চন্দ্ৰ দাস আৰু খগেন পাঠক দাসে ৷ ইয়াৰ পিচত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক তথা সাংস্কৃতিক মত বিনিময়ৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত এই মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে এই মেলাৰ লগতেই যৌথভাৱে প্ৰতিবছৰে ভাৰত-ভূটান বন্ধুত্বমেলাও অনুষ্ঠিত হয় যদিও এইবেলি ভূটানৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু সাংস্কৃতিক দলে পৰিস্থিতিগত কাৰণত মেলাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷

৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

দেশৰ নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল। উত্তৰ পূবৰ ৩ ৰাজ্য মেঘালয়,নাগালেণ্ড,ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা।২৭ ফ্ৰেব্ৰুৱাৰীত মেঘালয়,নাগালেণ্ড আৰু ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত হ’ব নিৰ্বাচন।

২ মাৰ্চত ঘোষণা হ’ব তিনিও ৰাজ্যৰে ফলাফল। এই কথা ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ।

ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ

মাঘবিহুৰ দিনটোত ঢকুৱাখনাৰ মোহেমাৰী গাঁৱৰ কুইজাৰ বিলৰ পাৰত ন-বোৱাৰীৰ চিনাকি উৎসৱ । ন-বোৱাৰী সকলক জেষ্ঠ জনৰ পৰা আশীক লোৱা এক সুকীয়া পৰম্পৰাৰ গাঁৱখনত , লগতে অনুষ্ঠিত হ’ল ৰচিতনা খেল।মাঘ বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমাৰো বিভিন্ন ঠাইত মাঘবিহু উপলক্ষে সৃষ্টি হয় পৰম্পৰাগত খেল-ধেমালিৰে উখল-মাখল পৰিবেশ। ঢকুৱাখনাৰ অন্যান্য গাঁৱৰ দৰে ঢকুৱাখনা মোহেমাৰী গাৱঁটো মাঘ বিহুৰ দিনা আয়োজন কৰা হয় বিভিন্ন ভোগালীৰ খেল ধেমালিৰ লগতে মহেমাৰী গাঁৱবাসীয়ে সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ‘কুইজাৰ বিল’ৰ পাৰত সমূহীয়া ন-বোৱাৰী আদৰণি পৰ্ব অনুষ্ঠিত কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মাঘবিহুৰ দিনটোত এই বিলৰ পাৰত গাঁৱখনৰ জীয়ৰী-বোৱাৰী, খুৰী, আইতা সকলোটি গোটখাই গাঁৱলৈ অহা ন-বোৱাৰীসকলক আদৰণি জনোৱা হয়। পূৰ্বতে এই বিলত সমূহীয়া মৎস্য চিকাৰ কৰা লগতে পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰিছিল । বৰ্তমান সেই স্থানত মাছধৰা পৰ্ব নাই যদিও চলি আছে সেই ঐতিহাসিক পৰম্পৰা ৷ ইপিনে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মহেমাৰী গাওঁবাসীয়ে গাওঁখনৰ পৰম্পৰা সমূহ ধৰি ৰক্ষা উদ্দেশ্য “কুইজাৰ বিল’ৰ” পাৰত ঐতিযৰে পৰা চলি আহিছে এই চিনাকি উৎসৱ উদযাপন কৰে ৷ লোকবিশ্বাস অনুসৰি গাওখনলৈ নতুনকৈ বিয়া হৈ অহা ন-বোৱাৰী সকলে সমজুৱাকৈ কুইজাৰ বিলৰ পাৰত জেষ্ঠ জনৰ ওচৰত সেৱা ললে তেওঁলোকৰ মনো কামনা সিদ্ধি হোৱা লগতে বছৰটো কুশল কামনা কৰে জেষ্ঠ জনে ৷ এইবেলি ২৫ গৰাকীকৈ নৱবিবাহিতা ন-বোৱাৰীয়ে এই অনুষ্ঠানত ভাগ লয় । ইপিনে এই উৎসৱৰ লগত সংগতি ৰাখি ন-বোৱাৰী সকলৰ মাজত অনুষ্ঠিত হয় ৰচি টনা খেল।

ঢকুৱাখনাৰ পৰা পাপু বৰুৱাৰ প্ৰতিবেদন

‘পাথান’ বৰ্জনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য ! বিজেপি নেতাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে পৰামৰ্শ

ছ’চিয়েল মিডিয়াত ‘পাথান’ ছবিখনৰ বহু বিৰোধিতা হৈছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতাসকলক চিনেমাৰ বিষয়ে ক’বলৈ পৰামৰ্শ দিছে। দীৰ্ঘদিন ধৰি দেখা গৈছে যে বলীউড বৰ্জন ট্ৰেণ্ডৰ এক বৃহৎ প্ৰচাৰ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে। যাৰ বাবেই বহু ছবি এই বৰ্জনৰ ধাৰাটোৰ বলি হৈছে। বৰ্তমান সময়ত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘পাথান’ক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে এই ছবিখনৰ গান আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ গেৰুৱা বিকিনিক লৈ আপত্তি কৰিছে বিজেপি নেতা নৰোত্তম মিশ্ৰই। ইফালে ‘পাথান’ মুক্তিৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ কৰ্মী আৰু নেতাসকলক চিনেমাৰ কথা নক’বলৈ পৰামৰ্শ দিছে।

প্ৰধানমন্ত্ৰী মোডীৰ এই ডাঙৰ বক্তব্য ‘পথান’ মুক্তিৰ পৰাই।

পিটিআইৰ প্ৰতিবেদন অনুসৰি মঙলদৈ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কেডাৰলৈ এটা ডাঙৰ বাৰ্তা প্ৰদান কৰিছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে কৈছে যে- ‘চিনেমাৰ দৰে অৰ্থহীন বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰাৰ প্ৰয়োজন নাই। লগতে যিমান পাৰি এৰাই চলিলে ভাল। এই মন্তব্যই দলটোৰ উন্নয়নৰ এজেণ্ডাক বেকবাৰ্নাৰত পেলাইছে।

হয়তো জনা যায় যে বিগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ বহু নেতাই চিনেমা সন্দৰ্ভত বহু বিতৰ্কিত বক্তব্য আগবঢ়াইছে, যাৰ বাবে বহু বিতৰ্কও ঘটিছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোডীৰ এই বক্তব্যৰ পিছত বৰ্জন বলীউডৰ ট্ৰেণ্ডত কিবা পাৰ্থক্য থাকিব নেকি সেয়া চাবলৈ আগ্ৰহী হ’বনে।

পাঠানৰ মুক্তিক লৈ হুলস্থুল

শ্বাহৰুখ খানৰ ছবি পাঠান সন্দৰ্ভত দেশৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদ। যাৰ বাবে পাঠানৰ মুক্তিৰ দিনটোত হুলস্থুলৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই বক্তব্যৰ পিছত হুলস্থুলৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব। কাৰণ তেওঁৰ শেহতীয়া বক্তব্যৰ প্ৰভাৱ সকলোৰে ওপৰত দেখা যায়। অৱশ্যে পি এম মোডীৰ এই বক্তব্যৰ পিছত কিচি কা ভাই কিচি কি জান, চেলফি আৰু জৱানৰ দৰে আগন্তুক বলীউড ছবিয়েও বয়কট বলীউডৰ ট্ৰেণ্ডৰ পৰা সকাহ পাব পাৰে।

বিয়াৰ পিছৰে পৰা ৰাখীৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছে, হাস্পাতালত মাতৃ… এতিয়া অভিনেত্ৰীগৰাকীৰ গৰ্ভপাত!

দীৰ্ঘদিন ধৰি গৰ্ভধাৰণৰ বাবে ৰাখী সাৱন্তৰ শিৰোনামত আছিল। এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ গৰ্ভৱতী আছিল, কিন্তু তেওঁৰ গৰ্ভপাত হৈছিল। ‘বিগ বছ’ খ্যাতি ৰাখী সাৱন্তৰ বিবাহ আৰু মাতৃৰ অসুস্থতাৰ বাবে শিৰোনাম দখল কৰিছে। এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ গৰ্ভৱতী আছিল, কিন্তু তেওঁৰ গৰ্ভপাত হৈছিল। ৰাখীয়ে কয় যে ‘বিগ বছ মাৰাঠী ছিজন ৪’তো এই কথা উল্লেখ কৰিছিল যদিও কোনেও গুৰুত্বসহকাৰে লোৱা নাছিল।

ৰাখী সাৱন্তৰ গৰ্ভপাত?

ফটোগ্ৰাফাৰ ভাইৰাল ভায়ানীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কয় যে ৰাখীয়ে তেওঁৰ সৈতে হোৱা কথা-বতৰাত তেওঁৰ গৰ্ভপাতৰ কথা প্ৰকাশ কৰিছে। ভাইৰালৰ সৈতে হোৱা কথা-বতৰাত ৰাখীয়ে কয়, “হয় ভাইটি, মই গৰ্ভৱতী আছিলো আৰু বিগ বছ মাৰাঠী শ্ব’তো ঘোষণা কৰিছিলো, কিন্তু সকলোৱে ইয়াক কৌতুক বুলি ভাবিছিল আৰু কোনেও ইয়াক গুৰুত্বসহকাৰে লোৱা নাছিল।” ৰাখীয়েও কৈছিল যে তাইৰ গৰ্ভপাতো হৈছে।

ৰাখী সাৱন্তৰ গৰ্ভধাৰণক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল
যোৱা কেইদিনমানৰ পৰা ৰাখী সাৱন্তৰ গৰ্ভধাৰণৰ খবৰ চৰ্চালৈ আহিছে। ৰাখীয়েও কেইবাটাও সাক্ষাৎকাৰত নিজৰ গৰ্ভাৱস্থাৰ বিষয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে। মানুহে জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল যে ৰাখী গৰ্ভৱতী হৈছে, সেইবাবেই তাই বিয়াৰ কথা ঘোষণা কৰিছিল। অৱশ্যে এতিয়া ৰাখী সাৱন্তৰ এই ঘোষণাত সকলোৱে আচৰিত হৈছে।

ৰাখী সাৱন্তৰ বিয়া হৈছিল ৭ মাহ আগতে

ৰাখী সাৱন্তই ৭ মাহ পূৰ্বে প্ৰেমিক আদিল খান দুৰ্ৰানীক বিয়া কৰাইছিল। ‘বিগ বছ মাৰাঠী ছিজন ৪’ৰ আগমনৰ পিছত তেওঁ নিজৰ বিবাহৰ কথা ঘোষণা কৰাৰ লগতে ছবি আৰু ভিডিঅ’ও শ্বেয়াৰ কৰিছিল। তাইৰ বিয়াখনক ভুৱা বুলি কোৱাৰ বাবেও তাই বৰ বিচলিত হৈ পৰিছিল। অৱশ্যে এতিয়া আদিল খান দুৰানীয়েও ৰাখীৰ সৈতে তেওঁৰ বিবাহ মানি লৈছে।

শ্বাহৰুখ, প্ৰিয়ংকাই নিজৰ ওপৰত কাম কৰিছে: ‘ডন ২’ৰ অভিনেতা আল্য খান

বিশেষকৈ নিজৰ চেহেৰাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল অভিনেতা এজন ৰাজহুৱা ব্যক্তিৰ বাবে এটা ডাঙৰ দাবী হ’ল অনুৰাগীসকলে প্ৰথমে দেখা পোৱা যৌৱনৰ ভাবমূৰ্তিটো বজাই ৰখা।

অৱশ্যে সময়ৰ বিপৰীতে জয়ী হোৱাটো অসম্ভৱ যদিও ইয়াক প্ৰতাৰণা কৰিবলৈ কৌশল বিচাৰি পোৱাটো নিশ্চিত। বয়স বৃদ্ধি বিৰোধী ক্ৰীমৰ পৰা আৰম্ভ কৰি প্ৰসাধন পদ্ধতিলৈকে অভিনেতাসকল পৰ্দাত যুৱক হিচাপে দেখা দিয়াৰ এই ছিট ক’ডবোৰৰ বাবে কোনো অচিনাকি নহয়।

বিশ্বাস কৰক বা নকৰক কিন্তু আপোনাৰ প্ৰিয় অভিনেতা কিছুমানেও নিজৰ বয়স দেখা নাযাবলৈ প্ৰসাধন পদ্ধতিৰ ব্যৱস্থা কৰিছে। পাকিস্তানী অভিনেতা আল্য খানেও একে কথাই কয় আৰু দাবী কৰে যে তেওঁৰ ডন ২ৰ সহ অভিনেতা শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰাই কিছু ‘কাম সম্পন্ন’ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্ধৃতি অনুসৰি নাদিৰ আলীৰ প’ডকাষ্টত উপস্থিত থকাৰ সময়ত অভিজ্ঞ অভিনেতাজনক দুয়োগৰাকী তাৰকাৰ সৈতে কাম কৰাৰ বিষয়ে সোধা হৈছিল আৰু কোনো ধৰণৰ মেকআপ নকৰাকৈয়ে তেওঁলোক সঁচাকৈয়ে ওচৰৰ পৰা ভাল দেখা গৈছে নেকি? এই কথাৰ উত্তৰত তেওঁ ক’লে, ”ৱাছিম আক্ৰমে যদি নিজৰ সমগ্ৰ মুখখন সলনি কৰিব পাৰে, তেন্তে এই মানুহবোৰে নোৱাৰেনে? আনকি আমাৰ দেশতো এনে এজন ব্যক্তিৰ নাম কওক যাৰ মুখত কাম হোৱা নাই৷”

আলয় খানে আৰু কয় যে এই ‘আধুনিক সময়ত’ কেনেকৈ ‘বলিৰেখা আঁতৰোৱা, ফিলাৰ লোৱা, বটক্স’ লোৱাটো প্ৰতিজন অভিনেতাৰ অধিকাৰ। তেওঁ লগতে ক’লে, ”এই মানুহবোৰৰ হাতত পৃথিৱীৰ সকলো টকা আছে, কাম শেষ হোৱা বুলি আপুনি নাভাবেনে?”।

তদুপৰি, আল্য খানে উল্লেখ কৰে, ”তেওঁলোকৰ সকলোৰে কিছু কাম হৈছে। ৫০ বছৰৰ ওপৰত, কিছুমানৰ ৫৫ বছৰৰ ওপৰত, শ্বাহৰুখৰ শৰীৰ আৰু মুখখন চাওক।

প্ৰিয়ংকালৈ চাওকচোন, তাইৰ বয়স ৪০ বছৰ হ’লহেঁতেন, আৰু তাই নিজকে, নিজৰ ফিটনেছ, ডায়েট, স্বাস্থ্য… আৰু প্ৰসাধন সামগ্ৰীও বজাই ৰাখিছে, অৱশ্যেই।” ২০১১ চনত মুক্তি পোৱা ডন ২ ছবিখনত লাৰা দত্তেও অভিনয় কৰিছিল।

বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি লুচিল ৰেণ্ডনৰ ১১৮ বছৰ বয়সত মৃত্যু

বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ফৰাচী নন ভগ্নী আন্দ্ৰেৰ ১১৮ বছৰ বয়সত মৃত্যু হৈছে।লুচিল ৰেণ্ডন নামেৰে জন্মগ্ৰহণ কৰা ভগ্নী আন্দ্ৰেই জীৱনৰ বেছিভাগ সময় ধৰ্ম সেৱাৰ বাবে উৎসৰ্গা কৰিছিল।

কেথলিক নন হোৱাৰ আগতে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শিশুৰ যত্ন লৈছিল আৰু তাৰ পিছত ২৮ বছৰ ধৰি ভিচিৰ এখন চিকিৎসালয়ত অনাথ আৰু বৃদ্ধ লোকৰ যত্ন লৈছিল।