Home Blog Page 18

কাৰ্বি আংলং জিলাৰ দলামৰা অঞ্চলত এনইচি অৰ্থ সাহাৰ্য্যত নিৰ্মিয়মান আঁচনি পৰিদৰ্শন অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া লংকি ফাংচসহ সজাতি দলৰ

কাৰ্বি আংলং জিলাৰ ৰংমংৱে উন্নয়নখন্ড এলেকাধীন তথা জিলা ডিআৰডিএ প্ৰকল্প সঞ্জালক অধীনত নিৰ্মিয়মান ডলামৰাত Mushroomb ফাৰ্ম (2021-22) বৰ্ষৰ ২০লাখতকৈ অধীক পূঁজি নিৰ্মিত কামৰ গূণগত বূজ লোৱা উদ্দেশ্য পৰিদৰ্শন কৰে ৷

তদুপৰি ১৯লাখতকৈ অধীক পূঁজিৰে নিৰ্মিত দলামৰাত মুকলি মাৰ্কেট গ্‌হ ;পানী চাপ্লাই আৰু টয়লেটৰ (২১-২২) নিৰ্মাণ কাম পৰিদৰ্শন কৰি নিৰ্মাণৰ কাম সঠিক দিশত সম্পূৰ্ণ কৰি ৰাইজক সুবিধা সমুহৰ সূনিচিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷

তদুপৰি অনাগত বৰ্ষৰ উক্ত দোৱাৰ বাগৰি তথ দলামৰাৰ বিভিন্ন গাওঁ সমুহৰ এনইচি অধীনত অধীক পূঁজি যোগান আশ্বাস দিয়ে ৷ সেয়ে বিভাগীয় বিষয়া সকলে কামৰ ক্ষেত্ৰত সঠিক দিশত নিৰুপন কৰি সময়মতে চৰকাৰী নিৰ্দেশা পালন কৰিবলৈ আহ্বান জনাই এনইচি তথা ডনাৰ মন্তণালয় ভাৰত চৰকাৰৰ সদস্য সচিব সচিব লংকি ফাংচয়ে ৷

সংগ দিয়ে জিলাৰ আযুক্ত কাৰ্য্যালয় উচ্চ পদস্থ বিষয়া স্থানীয় নেতা ওপৰিও বিশিষ্ট সমাজসেৱক ড° বলোৰাম ফাংচ ;প্ৰাক্তন কাৰ্বি পৰিষদৰ ইএম পাটৰ ফাংচ উপস্থিত থকা পৰিলক্ষিত হয় ৷

মিঞা আৰু কংগ্ৰেছক উদ্দেশ্যি দিলীপ শইকীয়াৰ তীব্ৰ বাক্যবাণ

 “শেষ বিন্দু থকালৈকে বিজেপিয়ে মিঞাৰ বিৰুদ্ধে যুঁজি যাব ।” মিঞা বিৰুদ্ধে পুনৰ হুংকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ অসমত মিঞাক লৈ ৰাজনীতি আৰম্ভ হৈছে । বিজেপিয়ে মিঞাক লৈ ৰাজনীতি কৰা বুলিও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

তাৰ প্ৰত্যুত্তৰত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, “মিঞাক লৈ ৰাজনীতি কৰিব লাগে । আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম । যি মিঞাই সংস্কৃতিক প্ৰত্যাহ্বান জনাই, যি মিঞাই অসমৰ আধ্যাত্মিক, ধাৰ্মিক ঐতিহাসিক স্থানসমূহ দখল কৰে আৰু তেওঁলোকৰ আয়ত্বলৈ লৈ যায়, যি মিঞাই জনসংখ্যা বঢ়াই, আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে । সেই মিঞাবিলাকে আমাক কম কষ্ট দিয়া নাই । এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলবিলাক । গতিকে আমি মিঞাৰ বিৰুদ্ধে সদায় আছো আৰু ভৱিষ্যতেও থাকিম । যেনেকৈ লাচিত বৰফুকনে ১৭ বাৰ মোগলক পৰাস্ত কৰিছিল, আমিও শেষ বিন্দু থকালৈকে মিঞাৰ বিৰুদ্ধে ৰাজনীতি নহয়, অসমৰ অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত বিজেপি সদায় সন্মুখত থাকিব ।”

দলৰ সাংগঠনিক কামত দুদিনীয়া ডিমা হাছাও জিলা ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জনজাতীয় লোকৰ বাবে বিজেপিয়ে কি কৰিছে বুলি কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰত দিলীপ শইকীয়াই কংগ্ৰেছক প্ৰত্যাহ্বান জনায় । কংগ্ৰেছে জনজাতীয়সকলৰ বাবে কি কৰিছে তাক লৈ গৌৰৱ গগৈয়ে শ্বেতপত্ৰ উলিয়াব লাগে বুলি দাবী কৰে দিলীপ শইকীয়াই । তেওঁ কয়, “কংগ্ৰেছে ৫৫ বছৰ জনজাতিসকলক শোষণ কৰিছে । তাৰ বিপৰীতে আমি জনজাতিক ন্যায় দিবলৈ, উন্নয়নৰ কাৰণে কাম কৰিছো !

কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক পুনৰ সমালোচনা কৰি তেওঁ কয়, “গৌৰৱ গগৈ অহাৰ পিছত অসমত কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে । পঞ্চায়তত,বিহালীত, ৰাভা হাচঙত শোচনীয়ভাৱে পৰাজিত হৈছে । বিটিচিত মাত্ৰ ১.৫ শতাংশ হৈ গ’ল ভোট তেওঁলোকৰ । তাক লৈ গৌৰৱ গগৈয়ে আত্ম অৱলোকন কৰিব লাগে । গৌৰৱ গগৈয়ে অসমত শাসনৰ অলীক কল্পনা কৰি আছে । কিন্তু অসমত কংগ্ৰেছ বহু বছৰলৈকে শাসনত আহিব নোৱাৰে । কাৰণ কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু ।”

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ডিমা হাছাওত দলৰ সাংগঠনিক কামকাজ পৰ্যৱেক্ষণ কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় । তাক লৈ তেওঁ জিলাখনৰ বিজেপি নেতা-কৰ্মীৰে বৈঠকতো মিলিত হয় । বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ সন্মুখত কয় যে পাহাৰীয়া জিলাখনত ত্ৰিপল ইঞ্জিন চৰকাৰে বহু উন্নয়নমূলক কাম কৰিছে । তেওঁ কয় যে এই উন্নয়নমূলক কামকাজ ৰাইজৰ ওচৰলৈ লৈ যাব লাগে । আগন্তুক বিধানসভা নিৰ্বাচনত পূৰ্বতকৈ ভাল ফলাফলেৰে পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দৃঢ়তাৰে কয় দিলীপ শইকীয়াই । ডিমা হাছাও ভ্ৰমণৰ সময়ত দিলীপ শইকীয়াৰ সৈতে বিজেপিৰ সৰ্বভাৰতীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ৰাজুও উপস্থিত থাকে ।

আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ

আলফা স্বাধীনত পুনৰ মোক্ষম আঘাত ৷ এইবাৰ আলফা স্বাধীনৰ সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমে কৰিলে আত্মসমর্পণ । ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচলৰ পাংচুপাচত মেজৰ জেনেৰেল অৰুণোদয় অসমে আত্মসমৰ্পণ কৰিছে ৷ অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ ওচৰত অৰুণোদয় অসমে আত্মসমৰ্পণ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ।

উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীৰ লগতে আন এগৰাকী কেডাৰ তথা অৰুণোদয় অসমৰ দেহৰক্ষী ফ্রান্সিছ অসমেও আত্মসমর্পণ কৰে ৷ আত্মসমৰ্পণৰ সময়ত ফটোত দেখা গৈছে জ্যেষ্ঠ আৰক্ষী বিষয়া অভিজিৎ গৌৰৱ দিলীপক ৷ আত্মসমৰ্পণ কৰি অৰুণোদয় অসমে আৰক্ষীৰ হাতত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ৷ ইয়াৰ পিচতেই অৰুণোদয় অসমক অসমক আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰাত সাংবাদিকৰ আগত আলফা স্বাধীনৰ সৈতে আলোচনা আৰু অৰুণোদয় অসমৰ আত্মসমর্পণ সন্দৰ্ভত কয়, “মই জনাত তেওঁলোক দিল্লীলৈকে নাযায়,তেওঁলোক তিনিচুকীয়াতেই থাকিব । খুব বেছি ডিজিপিক লগ ধৰিবলৈ গুৱাহাটীলৈ আহিব । দিল্লীলৈ যোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ নাই । আলোচনা হ’লে পৰেশ বৰুৱাৰ লগত হ’ব লাগিব,আনৰ লগত কৰি কোনো লাভ নহ’ব । পৰেশ বৰুৱাৰ বাহিৰে আনৰ লগত আলোচনা কৰিলে কিবা লাভ হ’ব বুলি মই ব্য়ক্তিগতভাৱে নাভাবো ।”

আত্মসমৰ্পণৰ সময়ত দুই অৰুণোদয় অসম আৰু তেওঁৰ দেহৰক্ষীয়ে আৰক্ষীৰ হাতত দুটা 9mm পিষ্টলসহ বৃহৎ পৰিমাণৰ সামগ্ৰী জমা দিয়ে । দুটা পিষ্টলৰ উপৰি চাৰিটা মেগজিন, ৫২ ৰাউণ্ড 9mm পিষ্টলৰ সক্ৰিয় গুলী, তিনিটা স্মাৰ্ট ফোন, এটা কী-পেড ম’বাইল, এটা টেবলেট, দুটা টৰ্চ লাইট, এটা ছেটেলাইট ফোন, এটা দামী ঘড়ী, এটা মগ পাউচ এটা স্মল বেকআপ আৰু দুটা ম’বাইল চাৰ্জাৰ জমা দিয়ে ৷

অৰুণোদয় অসমে ৭৭৯ নং শিৱিৰ পৰিচালনা কৰিছিল ৷ সম্প্ৰতি অৰুণোদয় দহোতীয়া অসম আৰক্ষীৰ জিম্মাত ৷ উল্লেখযোগ্য যে, অৰুণোদই দহোটীয়া (অসম)ৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবুৱা নাদুৱা গোহাঁই গাঁৱত ৷ ২০০১ চনৰ ব’হাগ বিহুত গাঁৱত হুঁচৰি গাই থকা অৱস্থাতে বিজিত বৰুৱা ওৰফে অৰুণোদই দহোটীয়াই স্বাধীন অসমৰ স্বপ্ন লৈ ঘৰৰ পৰা ওলাই গৈ আলফা স্বাধীনত যোগ দিছিল ৷

ঐতিহাসিক শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভ হৈছে অতিৰূদ্ৰ মহাযজ্ঞ…

শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ইতিসাহ প্ৰসিদ্ধ ঐতিহাসিক শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভ হৈছে অতিৰূদ্ৰ মহাযজ্ঞ ৷ আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷

উল্লেখ্য যে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তত্‌পৰতাত আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হৈছে উক্ত অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান ৷ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা পত্নী ৰিণিকি ভূঞা শৰ্মা সহিতে শিঙৰীত উপস্থিত হৈ অতিৰূদ্ৰ মহাযজ্ঞত ভাগলয় ৷

আজিৰ উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জন শইকীয়া,অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ,শোণিতপুৰ জিলাৰ আয়ুক্ত,শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ,ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱ মণি দাস,ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলি মণ্ডলৰ সভাপতি কাজু দ্বীপ,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে বহুতো জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকে ৷

Winter session: অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন

২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন
২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন

অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন।(Winter session)

৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন।

অধিৱেশনত উত্থাপন হ’ব কমেও ২৬ খন ন-পুৰণি বিধেয়ক।

ইয়াৰে ৫ খন বিধেয়ক সম্পূর্ণ নতুন।

২১ খন সংশোধনী বিধেয়ক উত্থাপনৰো সম্ভাৱনা আছে।

সদনত কমেও দুখন গুৰুত্বপূৰ্ণ প্রতিবেদন উত্থাপনৰ সম্ভাৱনা আছে।

সদৰী কৰে বিধানসভাৰ প্ৰধান সচিব দুলাল পেগুৱে।

Victor Das: ভিক্টৰ দাস ওলালে সামাজিক স্থানত টি ভি বন্ধ কৰিবলগীয়া হয়ঃ ন্যায়াধীশ

ভিক্টৰ দাস ওলালে সামাজিক স্থানত টি ভি বন্ধ কৰিবলগীয়া হয়ঃ ন্যায়াধীশ
ভিক্টৰ দাস ওলালে সামাজিক স্থানত টি ভি বন্ধ কৰিবলগীয়া হয়ঃ ন্যায়াধীশ

ৰাষ্ট্ৰীয় সুৰক্ষা (Victor Das) আইনৰ অধীনত আটক হোৱা ভিক্টৰ দাসৰ অশালীন ভাষা আৰু আচৰণৰ বাবে ন্যায়াধীশ সঞ্জীৱ কুমাৰ মেধিয়ে দাসক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে যিজন ব্যক্তিয়ে নিজকে আইনৰ ঊধ্বৰ্ত বুলি ভাবি লৈ এনে ধৰণৰ ব্যৱহাৰ কৰে তেওঁৰ আইনৰ ওচৰলৈ ন্যায় বিচাৰি অহাৰ প্ৰয়োজন নাই৷

ন্যায়াধীশগৰাকীয়ে কয় যে ভিক্টৰ দাস ওলালে সামাজিক স্থানত টেলিভিছন বন্ধ কৰিব লগা হয়, কাৰণ তেওঁ কি কৈ দিয়ে ঠিক নাই৷ ইমান এজন অভদ্ৰ আৰু অশালীন ব্যক্তিক প্ৰতিনিধিত্ব কৰাটো অধিবক্তাজনৰ বাবে লাজৰ কথা বুলিও উল্লেখ কৰে তেওঁ৷

তেওঁ কয় যে ভিক্টৰৰ দৰে ব্যক্তিয়ে ক’চিং চেণ্টাৰ চলাই থকাটো আৰু ভয়াৱহ কথা, কাৰণ তেওঁৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অশালীন কথাকে শিকিব৷ জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ভিক্টৰ দাসে ৰাজ্যৰ পৰিস্থিতি অশান্ত কৰিবলৈ উচটনিমূলক মন্তব্য আবঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল৷

Babu Asoni: ১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি
১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

বঙাইগাঁও (Babu Asoni) জিলাৰ অভয়াপুৰীত আজি অনুষ্ঠিত হোৱা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে৷ প্ৰায় ২৪ হাজাৰ নাৰীক ১০,০০০ টকাৰ চেক প্ৰদান কৰা এই অনুষ্ঠানটি স্থানীয় মহিলাসকলৰ বাবে এক নতুন আশাৰ প্ৰহৰ দিশ মুকলি কৰি দিয়ে৷ অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাৰী আৰ্থনৈতিকভাৱে স্বাধীন আৰু আত্মনিৰ্ভৰশীল হোৱা সময়৷ ‘লাখপতি বাইদেউ’ গঢ়াৰ উদ্দেশ্যৰে এই আঁচনি আগবঢ়োৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে৷ নাৰীসকলক স্বাৱলম্বী কৰি সমাজক শক্তিশালী কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য৷ ইফালে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷

তেওঁ কয়– ‘নিযুত মইনা আঁচনি সফলভাৱে আগবাঢ়ি গৈ আছে৷ এতিয়া ল’ৰা-ছোৱালী দুয়ো পক্ষক সমান গুৰত্ব দিয়া উচিত৷ সেয়েহে ৰ জানুৱাৰীৰ পৰা আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিম৷’ এই নতুন আঁচনি আৰম্ভ হোৱাৰ লগে লগে দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ পথ অধিক সুৰক্ষিত হ’ব বুলি অভিভাৱকসকলক আশা ব্যক্ত কৰে৷

সঁচাকৈয়ে মুখ্যমন্ত্ৰীৰ এই নতুন পদক্ষেপ সময়োপযোগী আৰু ভবিষ্যৎমুখী৷ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে শীঘ্ৰেই বৃদ্ধ পেন্সনৰ ধন বৃদ্ধি কৰা হ’ব৷ বৃদ্ধ-বৃদ্ধাসকলৰ জীৱনমান উন্নত কৰা চৰকাৰৰ প্ৰাথমিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয়– ‘আমাৰ আই-বোপাইক মান-সন্মান দি সন্মানজনক জীৱন দিয়া আমাৰ কৰ্তব্য৷ পেন্সন বৃদ্ধি কৰি সেই লক্ষ্যক আগবঢ়াই নিয়া হ’ব৷’

Imran Shah: কথাশিল্পী ইমৰান শ্বাহৰ আজি ৯৩সংখ্যক ওপজা দিন

কথাশিল্পী ইমৰান শ্বাহৰ আজি ৯৩সংখ্যক ওপজা দিন
কথাশিল্পী ইমৰান শ্বাহৰ আজি ৯৩সংখ্যক ওপজা দিন

আজি ৯২টা (Imran Shah) বছৰ গৰকি কাইলৈ অসমীয়া ভাষা- সাহিত্যৰ এগৰাকী অন্যতম কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ইমৰান শ্বাহে ভৰি দিব চাৰিকুৰি তেইছটা বছৰত৷ শিৱসাগৰ নগৰৰ ধাইআলিস্থিত পদ্মশ্ৰী ইমৰান শ্বাহৰ বাসভৱনত অনুষ্ঠিত হ’ব লগা তেওঁৰ ৯৩সংখ্যক ওপজা দিনৰ বিশেষ কাৰ্যসূচীত উন্মোচন কৰা হ’ব শ্বাহ ছাৰৰ ৰচনাৱলীৰ চতুৰ্থ আৰু পঞ্চমটি খণ্ড৷ কথাশিল্পী ইমৰান শ্বাহৰ পৰিয়ালবৰ্গ আৰু শিৱসাগৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিব লগা জন্মদিন উদ্‌যাপন আৰু ৰচনাৱলী উন্মোচনৰ সভাত উপস্থিত থাকিব শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মহাদেৱ পাটগিৰী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়া, পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰহ্লাদ চন্দ্ৰ তাছা, শিৱসাগৰ কলেজৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ঘন হাজৰিকাৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ জন্মদিন উদ্‌যাপনৰ পূৰ্বে কথাশিল্পী ইমৰান শ্বাহে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, সকলোকে এনেকৈয়ে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে৷ সাহিত্যিকগৰাকীৰ জীয়াৰী, জোঁৱাই, তেওঁৰ তিনি নাতি- নাতিনী ৰিম, এহচাচ আৰু ৰেয়ানে কাইলৈ উদ্‌যাপন কৰিব লগা শ্বাহ ছাৰৰ জন্মদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ সম্প্ৰতি এক উখল- মাখল পৰিৱেশ বিৰাজ কৰিছে ধাইআলিস্থিত বাসগৃহ৷ উল্লেখ্য যে, ১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰিছিল ইমৰান শ্বাহে৷

তেওঁৰ পিতৃ মহম্মদ শ্বাহ আৰু মাতৃ মৰিয়ম নিচা৷ ধাইআলিৰ ২নং প্ৰাথমিক বিদালয়ত শিক্ষা জীৱনৰ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুল, কটন কলেজ, শিৱসাগৰ কলেজ আদিত উচ্ছশিক্ষা সম্পন্ন কৰে৷ নৱম শ্ৰেণীত থাকোতেই ১৯৫১ চনত প্ৰকাশ পায় তেওঁৰ প্ৰথম কাব্য সংকলন ‘বনবাসী’৷ ৰামধেনু যুগৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ ইমৰান শ্বাহৰ ইতিমধ্যে জ্জ্বখন গল্প সংকলন, ১০খন উপন্যাস, ২খন প্ৰবন্ধ সংকলন, এখন জীৱনী, ৩খন অনূদিত গল্প আৰু কেইবাখনো সম্পাদিত গল্প সংকলন, তিনিখন কাব্য সংকলন আৰু ৰখন গীতৰ গ্ৰন্থ প্ৰকাশ পাইছে৷ ২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰা শ্বাহে তেওঁৰ সুকীয়া গদ্য ৰীতি আৰু সাহিত্য কৰ্মৰ বাবে সন্মানীয় অসম উপত্যকা বঁটাৰ লগতে আজানপীৰ বঁটা লাভ কৰিছে৷ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা বৰেণ্য সাহিত্যিকগৰাকীৰ কাইলৈ ৯৩ সংখ্যক ওপজা দিন উদ্‌যাপন কৰিবলৈ লোৱা অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিয়ালবৰ্গই৷

Tarun Gogoi: আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম সংখ্যক পুণ্যতিথী

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম সংখ্যক পুণ্যতিথী
ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম সংখ্যক পুণ্যতিথী

আজি ৰাজ্যৰ (Tarun Gogoi) প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম মৃত্যু বাৰ্ষিকী। ২০২০ চনৰ আজি দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যু বাৰ্ষিকীত তেওঁলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

অসম প্ৰদেশ কংগ্ৰেছেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সামাজিক মাধ্যমত উল্লেখ কৰে, ‘অসমৰ জনসাধাৰণৰ প্ৰতি তৰুণ গগৈদেৱৰ প্ৰেম,সেৱা আৰু দায়বদ্ধতাই আজিও আমাক অনুপ্ৰাণিত কৰে। তেখেতে কৈছিল- “মোৰ ৰাজনৈতিক জীৱনৰ মন্ত্ৰ হ’ল অসমৰ জনসাধাৰণৰ মৰম… এই ‘মন্ত্ৰ’ৰে, মই ভৱিষ্যতেও কাম কৰি যাম।”

‘তেখেতৰ আদৰ্শক বুকুত বান্ধি, প্ৰতিটো দিন প্ৰেম,শান্তি আৰু উন্নতিৰ হকে কাম কৰি যাবলৈ আমি সংকল্পবদ্ধ। অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব তৰুণ গগৈদেৱ। মৃত্যুবাৰ্ষিকী উপলক্ষে মহান নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।’

এইদৰে সামাজিক মাধ্যমত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰে।


India vs South Africa: বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ আজি দ্বিতীয়টো দিন

বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন
বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন।(India vs South Africa)

পুৱা ৯ বজাৰ পৰা আৰম্ভ দ্বিতীয় দিনৰ খেল।

২৪৭ ৰানৰ পৰা খেল আৰম্ভ দক্ষিণ আফ্ৰিকাৰ।

টছত জিকি বেটিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ।

চলিত শৃংখলাটোত ইতিমধ্যে ১-০ত পিছ পৰি আছে ভাৰত।

মেচখনত জয়েৰে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য টীম ইণ্ডিয়াৰ।

উল্লেখ কৰিব লাগিব যে টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত সংযোজিত হ’ল গুৱাহাটীৰ নাম।