Home Blog Page 18

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা
আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা।

দেশবাসীক ঈদ-উল-আজহা শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ।

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প’ষ্ট।

সকলোৰে সুস্বাস্থ্য তথা সফলতা কামনা প্ৰধানমন্ত্ৰী মোদীৰ।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদ শুভেচ্ছা জনালে অসমবাসীক।

‘আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল-আদহা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ’, এইদৰে সামাজিক মাধ্যমত সকলো ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসম কন্যা আকাংক্ষা বসুমতাৰীৰ সাফল্য…

অসম কন্যা আকাংক্ষা বসুমতাৰীৰ সাফল্য...
অসম কন্যা আকাংক্ষা বসুমতাৰীৰ সাফল্য...

দেশৰ বিখ্যাত শিক্ষানুষ্ঠান নালন্দা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত বিশেষ কৃতিত্ব অৰ্জন কৰিছে অসম কন্যা আকাংক্ষা বসুমতাৰীয়ে। উল্লেখ্য যে -ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা সুশীল বসুমতাৰী আৰু মণিকা বসুমতাৰীৰ কন্যা আকাংশাই ইতিহাস বিষয়ত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত স্বৰ্ণপদক লাভ কৰিছে। যোৱা ১৯ মে’ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত তিনিদিন পূৰ্বে ছাত্ৰীগৰাকী ঢেকিয়াজুলিৰ বাসগৃহত উপস্থিত হৈছিল। আকাংশাৰ উপস্থিতিত তেওঁৰ এই সাফল্যত অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজে গৌৰৱান্বিত হোৱাৰ লগতে ছাত্ৰীগৰাকীক জনাইছে বিশেষ অভিনন্দন।

আজি ‘দৈনিক অসম’ৰ সৈতে হোৱা বাৰ্তালাপত আকাংশাই কয়, মই বহুত গৰ্ব অনুভৱ কৰিছো মোৰ সাফল্যত। পিতৃ-মাতৃ মোৰ সাফল্যত আনন্দিত হোৱাৰ বাবে মই নথৈ আনন্দিত। ভাৰতবৰ্ষৰ এখন অতি পুৰণি বিশ্ববিদ্যালয়ৰ পৰা পোৱা এনে সাফল্যত ওচৰ-চুবুৰীয়া ৰাইজ আৰু বহু শিক্ষানুষ্ঠানৰ বিশেষ ব্যক্তি আজি আমাৰ ঘৰত উপস্থিত হৈছেহি এই কথাই মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতি, ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাৰ লগতে কেইবাটাও দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে আকাংশাক।

ট্ৰাম্পৰ পাল্লাত পৰি বিপদত ইলন মাস্ক…

ট্ৰাম্পৰ পাল্লাত পৰি বিপদত ইলন মাস্ক...
ট্ৰাম্পৰ পাল্লাত পৰি বিপদত ইলন মাস্ক...

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ গৈছিল ডোনাল্ড ট্ৰাম্প৷ এই বিশেষ ভ্ৰমণত তেওঁৰ লগত সংগী হিচাপে গৈছিল বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্ক৷ এতিয়া এই ভ্ৰমণক লৈ এক অতি আচৰিত দাবী কৰিছে জেনিফাৰ জেং নামৰ এগৰাকী চীনা ব্লাগাৰে৷ তেওঁ দাবী কৰিছে যে চীনত ইলন মাস্কৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ চৰকাৰে এগৰাকী সেনা বিষয়ক গোপনে নিযুক্তি দিছিল৷

জেনিফাৰ জেঙে ছচিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছে, য’ত ৰঙা কাপোৰ পিন্ধা এগৰাকী মহিলাক পৰিচাৰিকা হিচাপে কাম কৰি থকা দেখা গৈছে৷ জেঙৰ দাবী অনুসৰি, এই মহিলাগৰাকী কোনো সাধাৰণ পৰিচাৰিকা নহয়, তেওঁ প্ৰকৃততে চীনৰ সেনাৰ এগৰাকী বিষয়া, যাৰ নাম মেজৰ চেং চেং৷ কেৱল সেয়াই নহয়, পৰিচাৰিকাৰ সাজযোৰৰ ভিতৰত তেওঁ অস্ত্ৰ লুকুৱাই ৰখা বুলিও দাবী কৰা হৈছে৷ অৱশ্যে এই ভয়ংকৰ দাবীৰ পিছতো চীন চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই৷

কিন্তু সমগ্ৰ বিশ্বতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে, ডোনাল্ড ট্ৰাম্পৰ এই চীন ভ্ৰমণত ইলন মাস্কৰ উপৰিও জেনচেন হুয়াঙৰ দৰে বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলেও অংশগ্ৰহণ কৰিছিল৷ বেইজিং বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ট্ৰাম্পক উষ্ম আদৰণি জনাইছিল চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙে৷ এই সময়ত তেওঁৰ লগত চীনত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিড পাৰডিউ, আমেৰিকাত নিযুক্ত চীনৰ ৰাষ্ট্ৰদূত শ্বি ফেং আৰু চীনৰ উপ-পৰৰাষ্ট্ৰমন্ত্ৰী মা ঝাওছু উপস্থিত আছিল৷

UCC: বিধানসভাত গৃহীত সম নাগৰিক সংহিতা

UCC: বিধানসভাত গৃহীত সম নাগৰিক সংহিতা
UCC: বিধানসভাত গৃহীত সম নাগৰিক সংহিতা

বিধানসভাত গৃহীত সমৰূপ নাগৰিক সংহিতা।(UCC)

গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনত গৃহীত বিধেয়কখন।

ধ্বনি ভোটত গৃহীত সমৰূপ নাগৰিক সংহিতা।

UCC বলৱৎ হোৱা তৃতীয়খন ৰাজ্য অসম।

বিধেয়কৰ সমৰ্থনত ভোটদান গৰিষ্ঠসংখ্যকৰ।

বিধেয়কৰ বিৰুদ্ধে ভোটদান মুষ্টিমেয় সদস্যৰ।

কম সময়তে ৰাজনীতিত বিজয়ৰ অভাৱনীয় উত্থান দেখি ঈৰ্ষা উপজিছে

কম সময়তে ৰাজনীতিত বিজয়ৰ অভাৱনীয় উত্থান দেখি ঈৰ্ষা উপজিছে
কম সময়তে ৰাজনীতিত বিজয়ৰ অভাৱনীয় উত্থান দেখি ঈৰ্ষা উপজিছে

অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা জনসেনা পাৰ্টিৰ প্ৰতিষ্ঠাপক পৱন কল্যাণে শেহতীয়াকৈ তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিকলৈ ৰূপান্তৰিত হোৱা বিজয়ৰ দ্ৰুত সাফল্য সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে৷ সোমবাৰে অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি কল্যাণে ধেমেলীয়া সুৰত কয় যে ৰাজনীতিত বিজয়ৰ অভাবনীয় উত্থান দেখি তেওঁৰ ঈৰ্ষা উপজিছে৷ ইয়াৰ কাৰণ হিচাপে তেওঁ উল্লেখ কৰে যে বিজয়ে অতি কম সময়ৰ ভিতৰতে এই সফলতা অৰ্জন কৰিছে, আনহাতে কল্যাণে নিজে ৰাজনীতিত প্ৰতিষ্ঠা লাভ কৰিবলৈ সুদীৰ্ঘ ১৫বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কটাউট আৰু হলোগ্ৰাম ব্যৱহাৰ কৰি বিজয়ে যিদৰে আনন্দৰে বিজয় সাব্যস্ত কৰিলে, সেয়া দেখি তেওঁ সঁচাকৈয়ে ঈৰ্ষান্বিত হৈ পৰিছে৷ ইয়াৰ বিপৰীতে নিজৰ সংগ্ৰামৰ কথা উল্লেখ কৰি কল্যাণে কয় যে তেওঁ যোৱা পোন্ধৰ বছৰ ধৰি কেৱল ৰাজপথতেই ঘূৰি ফুৰিছে৷

এটা ৰাজনৈতিক দল পৰিচালনা কৰা মানে লাখ লাখ মানুহক একত্ৰিত কৰা বুলি মন্তব্য কৰি তেওঁ আক্ষেপ প্ৰকাশ কৰে যে নিজৰ পৰিয়ালৰ সদস্যসকলকে বহু সময়ত একমত কৰিবলৈ সক্ষম নহয়, তেনেক্ষেত্ৰত এটা দল চলোৱাটো কিমান কঠিন সেয়া সহজেই অনুমেয়৷ উল্লেখযোগ্য যে বিজয় আৰু পৱন কল্যাণ দুয়োগৰাকীয়েই মূলতঃ অভিনয় জগতৰ পৰা আহি ৰাজনীতিত পদাৰ্পণ কৰিছে আৰু দক্ষিণ ভাৰতৰ ৰাজনীতিত দুয়োগৰাকীৰেই উত্থান বিশেষভাৱে লক্ষণীয়৷ বিজয়ে ২০২৪চনত নিজা ৰাজনৈতিক দল ‘টিভিকে’ গঠন কৰিছিল আৰু ২০২৬চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত ১০৮খন আসন লাভ কৰি ডিএমকে আৰু এআইএডিএমকে-ৰ দশক দশক ধৰি চলি অহা আধিপত্যৰ অন্ত পেলাবলৈ সক্ষম হয়৷ আনহাতে, পৱন কল্যাণে ২০১৪ চনতে জনসেনা পাৰ্টি প্ৰতিষ্ঠা কৰিছিল যদিও ২০১৯চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত দলটোৱে মাত্ৰ এখন আসনতহে জয়লাভ কৰিছিল আৰু তেওঁ নিজে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনতেই পৰাজয় বৰণ কৰিছিল৷

পৰৱৰ্তী সময়ত কল্যাণে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰে আৰু ২০২৪ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২১খন আসনৰ আটাইকেইখনতেই জয়লাভ কৰিবলৈ সক্ষম হয়৷ উক্ত নিৰ্বাচনত কল্যাণে পিঠাপুৰম সমষ্টিৰ পৰা ৭০হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল৷ বৰ্তমান পৱন কল্যাণে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি থকাৰ সমান্তৰালভাৱে, তামিলনাডুত বিজয়ে নিজৰ দলৰ জৰিয়তে ৰাজ্যখনৰ ৰাজনীতিত এক শক্তিশালী বিৰোধী আৰু নিৰ্ণায়ক শক্তি হিচাপে নিজৰ স্থিতি অব্যাহত ৰাখিছে৷

গৰ্ভপাতৰ পিছত মানসিকভাৱে ভাঙি পৰিছিল ত্বিশাঃ আৰক্ষীৰ জেৰাত স্বামী সমৰ্থৰ বিস্ফোৰক ভাষ্য

গৰ্ভপাতৰ পিছত মানসিকভাৱে ভাঙি পৰিছিল ত্বিশাঃ আৰক্ষীৰ জেৰাত স্বামী সমৰ্থৰ বিস্ফোৰক ভাষ্য
গৰ্ভপাতৰ পিছত মানসিকভাৱে ভাঙি পৰিছিল ত্বিশাঃ আৰক্ষীৰ জেৰাত স্বামী সমৰ্থৰ বিস্ফোৰক ভাষ্য

প্ৰাক্তন অভিনেত্ৰী ত্বিশা শৰ্মাৰ মৃত্যুৰ তদন্ত বৰ্তমান চিবিআইৰ হাতত৷ তেওঁৰ স্বামী সমৰ্থ সিঙক আৰক্ষীয়ে জেৰা কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে৷ সমৰ্থই আৰক্ষীক জনোৱা মতে, এপ্ৰিল মাহত গৰ্ভধাৰণ কৰাৰ পিছৰে পৰা ত্বিশাৰ আচৰণ সলনি হৈছিল আৰু গৰ্ভপাতৰ পিছত তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল৷ সমৰ্থই লগতে দাবী কৰিছে যে তেওঁ পত্নীক জ্জ লাখ টকা দিছিল, অৱশ্যে কি কাৰণত এই টকা দিছিল সেই কথা তেওঁ স্পষ্ট কৰা নাই৷ উচ্ছতম ন্যায়ালয়ে এই ঘটনাৰ এক নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে চিবিআইয়ে নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ যোৱা ১২ মে’ত শাহু-শহুৰৰ ঘৰত ৩৩বছৰীয়া ত্বিশাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ স্বামীৰ পৰিয়ালে এয়া আত্মহত্যা বুলি দাবী কৰিছে যদিও ত্বিশাৰ পিতৃ-মাতৃয়ে যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

প্ৰায় দহ দিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত জব্বলপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা সমৰ্থ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে৷ জেৰাৰ সময়ত সমৰ্থই দিয়া বহু উত্তৰ তেওঁৰ মাতৃ তথা প্ৰাক্তন জিলা ন্যায়াধীশ গিৰীবালা সিঙে আগতে আৰক্ষীক দিয়া ভাষ্যৰ লগত একেখিনি মিলে পোৱা গৈছে৷ জেৰাৰ সময়ত সমৰ্থই কয় যে বিয়াৰ প্ৰথম কেইমাহমান তেওঁলোকৰ সম্পৰ্ক একেবাৰে স্বাভাৱিক আছিল৷ কিন্তু ১৭এপ্ৰিলত ত্বিশাই গৰ্ভৱতী হোৱাৰ কথা গম পোৱাৰ পিছৰে পৰা অশান্তি আৰম্ভ হয়৷ সমৰ্থৰ মতে, ত্বিশাই প্ৰায়ে নিজৰ অতীতৰ গ্লেমাৰ জগতখনৰ কথা কৈছিল আৰু এগৰাকী সাধাৰণ গৃহিণী হিচাপে ঘৰুৱা দায়িত্ব পালন কৰি জীৱন নিৰ্বাহ কৰিবলৈ অস্বস্তি বোধ কৰিছিল৷ সমৰ্থই লগতে জনায় যে এপ্ৰিল মাহত তেওঁলোক একেলগে বেংগালুৰুলৈ যোৱাৰ কথা আছিল, কিন্তু ত্বিশাই হঠাতে ৰাজস্থানৰ আজমেৰত থকা ভাতৃৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয়৷ পিছত সমৰ্থই গম পায় যে ত্বিশা আজমেৰত মাত্ৰ এদিন থাকি তেওঁক নজনোৱাকৈ দিল্লীলৈ গুচি গৈছিল, যাৰ বাবে দুয়োৰে মাজত বিবাদ আৰু অধিক বৃদ্ধি পাইছিল৷

১২ মে’ৰ নিশাৰ ঘটনা বৰ্ণনা কৰি সমৰ্থই কয় যে সেইদিনা সকলো স্বাভাৱিক আছিল৷ একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত দুয়ো খোজ কাঢ়িছিল আৰু ঘৰত টিভি চাইছিল৷ তাৰ পিছত সমৰ্থ শুই পৰে আৰু ত্বিশা মাকৰ লগত ফোনত কথা পাতিবলৈ তললৈ যায়৷ বহু সময় ধৰি ফোন নুঠোৱাত ত্বিশাৰ মাতৃয়ে চিন্তিত হৈ সমৰ্থৰ মাকলৈ ফোন কৰে৷ সমৰ্থ আৰু তেওঁৰ মাতৃয়ে বিচাৰি গৈ ছাদত ত্বিশাক ওলমি থকা অৱস্থাত দেখা পায়৷ লগে লগে তেওঁক উদ্ধাৰ কৰি এইমছ ভূপাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ ঘটনাৰ পিছত সমৰ্থই আৰক্ষীৰ পৰা বাচিবলৈ ম’বাইল ফোন বন্ধ কৰি প্ৰায় এসপ্তাহ ধৰি জব্বলপুৰত আত্মগোপন কৰি আছিল৷ পলাতক অৱস্থাত কোনে তেওঁক আশ্ৰয় দিছিল সেই কথা তেওঁ এতিয়াও প্ৰকাশ কৰা নাই৷ বৰ্তমান সমৰ্থ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে যৌতুক দাবী আৰু নিৰ্যাতনৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ লগে লগে মূৰ দাঙি উঠিছে জল সংকটে…

ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ লগে লগে মূৰ দাঙি উঠিছে জল সংকটে...
ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ লগে লগে মূৰ দাঙি উঠিছে জল সংকটে...

এনেয়ে মৰে ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত…৷ দেশৰ বিভিন্ন ৰাজ্যত গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে জল সংকটেও এতিয়া বহু ৰাজ্যত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ ভাৰতত চলি থকা গৰমৰ ঢৌৱে দেশৰ বহু ঠাইত জীৱন পংগু কৰি তুলিছে, চৰম উষ্ণতাই ৪৫-৪৭ ডিগ্ৰী চেলছিয়াছৰ শিখৰত উপনীত হৈছে৷ এনে অস্বাভাৱিক বতৰৰ কাৰণে হঠাৎ পানী আৰু বিদু্যতৰ প্ৰয়োজনীয়তা বৃদ্ধিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বহু উপযোগী প্ৰতিষ্ঠান ভাঙি পেলাইছে, যাৰ ফলত ৰাজধানী চহৰ দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশকে ধৰি বহু ৰাজ্যৰ প্ৰভাৱ পৰিছে৷ বৰ্তমান সমগ্ৰ এনচিআৰত পানীৰ ভয়াৱহ সংকট, দক্ষিণ দিল্লীৰ বহু পৰিয়াল এতিয়া দুমাহ ধৰি পানীৰ নাটনিৰ সন্মুখীন হৈছে৷

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলঃ সংগম বিহাৰ, আম্বেদকাৰ নগৰ, খানপুৰ, তিগ্ৰী, মাদংগীৰ আৰু টুগলাকাবাদ সম্প্ৰসাৰণ অঞ্চলত দৈনিক মানুহৰ খালী বাল্টি আৰু পাত্ৰৰ শাৰী দেখা গৈছে৷ পূব দিল্লীত ক্ৰমবৰ্ধমান উত্তেজনাৰ ফলত দিলছাদ গাৰ্ডেনত ডিজেবিৰ কাৰ্যালয়ৰ বাহিৰত নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰে৷ মহাৰাষ্ট্ৰ ঃ মুম্বাইত ১০ণ পানী কৰ্তন কৰা হৈছে৷ জলাশয় শুকাই যোৱাৰ লগে লগে বহু পৌৰ সভাই চৰম ব্যৱস্থাৰ আশ্ৰয় লৈছে৷ চহৰখনৰ সাতটা ডাঙৰ হ্ৰদৰ মুঠ পানীৰ পৰিমাণ ১৯.২২ণতকৈ কমলৈ হ্ৰাস পোৱাৰ বাবে মুম্বায়ে ১০% পানী কৰ্তনৰ আদেশ জাৰি কৰিছে৷ আমৰাৱতী, আকোলা, মেলঘাট আৰু চন্দ্ৰপুৰ অঞ্চলত ৪৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৭ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা বৃদ্ধি পাইছে৷ চৰকাৰী টেংকাৰৰ পৰা পানী যোগানৰ ওপৰত কৃষকসকল একেবাৰে নিৰ্ভৰশীল হৈ পৰিছে, যাৰ ফলত মহিলাসকলে নিৰাপদ পানীৰ বাবে জুইকুৰাৰ গৰমত বহু দূৰ খোজকাঢ়িবলগীয়া হৈছে৷

চন্দ্ৰপুৰৰ তিনিখন গাঁৱৰ নাগৰিকে এতিয়াও নৈৰ পৰা দূষিত পানী খাবলগীয়া হৈছে৷ মধ্যপ্ৰদেশৰ দতিয়া আৰু বুৰহানপুৰ জিলাৰ খোৱাপানী সন্দৰ্ভত পৰিস্থিতি বিগত কেইটামান সপ্তাহত অধিক ভয়াৱহ হৈ পৰিছে৷ পৌৰ সভাৰ পানীৰ যোগান অত্যন্ত অনিয়মিত হৈ পৰিছে আৰু তিনি-চাৰি দিনৰ মূৰে মূৰে এবাৰহে আহে ৷ ধূলকোট অঞ্চল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ আছে, য’ত গ্ৰামাঞ্চলত নাগৰিকৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভূগৰ্ভস্থ পানীৰ অভাৱ ঘটিছে৷ উত্তৰ প্ৰদেশত বিদু্যতৰ নাটনিৰ ফলত পানীৰ পাম্প বিকল হৈ পৰাৰ ফলত ৰাজ্যখন দ্বৈত সংকটৰ মাজত আবদ্ধ হৈ পৰিছে, য’ত যিকোনো এটা ইউটিলিটীৰ অভাৱে আনটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷ লক্ষ্ণৌৰ ফৈজুলগঞ্জ অঞ্চলত বিদু্যৎ কৰ্তনৰ ফলত ঘৰুৱা পানীৰ মটৰ ব্যৱহাৰ কৰিব নোৱৰা হৈ পৰাৰ বাবে আক্ষৰিক অৰ্থৎ ‘বিদু্যৎ নাই, পানী নাই’ পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰিছে বাসিন্দাসকল৷ ইয়াৰ উপৰি গোৰখপুৰ, প্ৰয়াগৰাজ, কানপুৰ চহৰতো একে ধৰণৰ সংকট অব্যাহত আছে, য’ত বিদু্যতৰ অস্বাভাৱিক যোগানে ইতিমধ্যে সমস্যাজনক পানীৰ স্তৰ আৰু অধিক ভয়াৱহ কৰি তুলিছে৷

UCC বিধেয়কক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া

UCC বিধেয়কক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া
UCC বিধেয়কক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া

সদনত UCC বিধেয়কক লৈ TMC বিধায়ক শ্বেৰমান আলী আহমেদৰ মন্তব্য।

‘UCCত থকা বাল্যবিৱাহ বন্ধ, লিভ-ইন-টুগেডাৰ বিষয়ত মোৰ সমৰ্থন আছে’

‘বহুবিৱাহ বন্ধ কৰা সম্পৰ্কত কোৰাণতে লিখা আছে’


বিধানসভাত UCCক লৈ আলোচনাৰ সময়ত ট্রাইবেলৰ বাবে কিয় নতুন আইন কৰিব লাগে বুলি ক’লে বিশ্বজিৎ দৈমাৰীয়ে

বিধানসভাত UCCক লৈ আলোচনাৰ সময়ত ট্রাইবেলৰ বাবে কিয় নতুন আইন কৰিব লাগে বুলি ক'লে বিশ্বজিৎ দৈমাৰীয়ে
বিধানসভাত UCCক লৈ আলোচনাৰ সময়ত ট্রাইবেলৰ বাবে কিয় নতুন আইন কৰিব লাগে বুলি ক'লে বিশ্বজিৎ দৈমাৰীয়ে

বিধানসভা অধিৱেশনৰ আজি অন্তিম দিন।

UCC সন্দৰ্ভত বিধান সভাত আলোচনাৰ।

বিধানসভাত ইউনিৰ্ফম চিভিল ক’ডকৈ লৈ আলোচনা সময়ত বিধায়ক বিশ্বজিৎ দৈমাৰীৰ বিশেষ মন্তব্য।

‘ট্রাইবেলৰ বাবে আমি এটা নতুন আইন আনিব লাগিব’।

‘সকলোৱে বাধ্যতামূলকভাৱে বিয়া পাতিব লাগে’।

‘ৰবিৰাম নাৰ্জাৰীয়ে বিয়া পতা নাই’।

‘সর্বানন্দ সোণোৱালে বিয়া নাপাতিলে’।

‘ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ’লে হয়’।

‘ট্রাইবেলৰ বৌদ্ধিক মানুহ কম হোৱাৰ এইবিলাকো কাৰণ’।

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা
বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা।

বৃহস্পতিবাৰত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা নামাজ অনুষ্ঠিত হ’ব।

নামনি অসমৰ বৰপেটাৰোডৰ বালাভিঠাত আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ উদ্দোগত শতাধিক দৰিদ্ৰ মহিলা পুৰুষ সকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

দৰিদ্ৰ মহিলা সকলে বস্ত্ৰ পাই নথৈ আনন্দিত হয়।

বালাভিঠা গাঁৱৰ গৰীবৰ বন্ধু আব্দুল ৰৌফৰ নামত উদীয়মান যুৱক মতিয়াৰ ৰহমান, জহিদুল ইছলাম আৰু কেইজনমান সদস্যৰে আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাব নামাকৰণ কৰি বালাভিঠা, ৰায়পুৰ, সাতবইনীৰটুপ,কলহভাঙা আদি বিভিন্ন গাৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে। ৰাইজৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত এই ক্লাৱটোৱে সহায়ৰ হাত আগবঢ়াই আহিছে।

এই পদক্ষেপত সদৌ অসম আমছুৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰে ধন্যবাদ জনায় এই বস্ত্ৰ বিতৰণ আয়োজন কৰা মতিয়াৰ ৰহমান আৰু আব্দুল ৰৌফ আৰু জাহিদুল ইছলামক।

আগন্তুক দিনত দৰিদ্ৰ পৰিয়ালৰ মাজত আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাবে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাৰ বান্ধি থিয় দিব বুলি জানিব দিয়ে।