Home Blog Page 19

১২ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ: ৯৯ শতাংশ ই এফ বিতৰণ

নিৰ্বাচন আয়োগে দৈনিক বুলেটিনত উল্লেখ কৰিছে যে ২৭ অক্টোবৰলৈকে প্ৰায় ৫০.৯৭ কোটি ভোটাৰৰ ভিতৰত এছ আই আৰ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৫০.৪৩ কোটি গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত গোৱা আৰু লক্ষদ্বীপত ১০০ শতাংশ গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । গোৱাত প্ৰায় ১১.৮৫ কোটি ই এফ বিতৰণ কৰা হৈছে যিয়ে মুঠ ১১,৮৫,০৩৪ গৰাকী ভোটাৰক প্ৰতিনিধিত্ব কৰে ।

লক্ষদ্বীপত ৫৭,৮১৩ খন গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে । ৬১.৩০ শতাংশ ই এফ ডিজিটেলাইজেচনৰ সৈতে লক্ষদ্বীপ আগবাঢ়ি আছে । ইফালে কেৰালাত সৰ্বনিম্ন ই এফ ডিজিটেলাইজেচন হৈছে । ইয়াত ডিজিটেলাইজেচন হৈছে প্ৰায় ৬.১৮ শতাংশ, উত্তৰ প্ৰদেশত ৯.২১ শতাংশ ।

এছ আই আৰ অভিযান চলোৱাৰ বাবে গণনাৰ প্ৰ-পত্ৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ দ্বাৰা যোগ্য ভোটাৰৰ তালিকা প্ৰস্তুত কৰা হয় । নিৰ্বাচন আয়োগৰ চৰকাৰী ৱেবছাইটত গণনাৰ প্ৰ-পত্ৰ উপলব্ধ আৰু ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া বুথ লেভেল অফিচাৰৰ (বিএলঅ’) জৰিয়তেও ইয়াক লাভ কৰিব পাৰি ।

পশ্চিমবংগত ভোটাৰ তালিকাৰ এছ আই আৰৰ মাজতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ ভিতৰত আছে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) পৰীক্ষা কৰা আৰু ভোটদানৰ অনুশীলন আৰম্ভ কৰিছে ।

উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীয়ে কলকাতাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ (এফ এল চি) দলৰ কেইবাজনো সদস্যৰ সৈতে এক বৈঠকত মিলিত হৈছে । তেওঁলোকে চলি থকা এছ আই আৰ, ইভিএম আৰু ভিভিপিএটিৰ মজুত নিশ্চিত কৰাৰ প্ৰস্তুতি আৰু অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে । নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ মতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সকলো মেচিন ষ্টকত আছে ।

ইভিএমত উপলব্ধ তথ্যৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে । তাৰ ভিতৰত আছে প্ৰতিটো সমষ্টিৰ প্ৰতিজন প্ৰাৰ্থীৰ ফটো । এই মেচিনত প্ৰথমবাৰৰ বাবে কোনো প্ৰাৰ্থীৰ ফটো সন্নিবিষ্ট কৰা হ’ব ।

নিৰ্বাচন আয়োগৰ বিষয়াসকলে জনোৱা মতে ইভিএমৰ বুটামৰ কাষত ছবিখন থাকিব আৰু প্ৰশিক্ষণৰ সময়ত ইয়াক দেখুওৱা হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যতে প্ৰায় ১৫ হাজাৰ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হ’ব ।

২০২১ চনৰ নিৰ্বাচনত ৰাজ্যখনত আছিল ৮০,৬৮১ টা ভোটগ্ৰহণ কেন্দ্ৰ;২০২৬ চনত এই সংখ্যা প্ৰায় ৯৫ হাজাৰলৈ বৃদ্ধি পাব । পশ্চিমবংগ নিৰ্বাচন আয়োগৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে যাতে পৰ্যাপ্ত মেচিন থাকে তাৰ বাবে ৰাজ্যখনৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ত বৰ্তমান ১.৩০ লাখ ইভিএম (বেলট + কণ্ট্ৰল ইউনিট, ৰিজাৰ্ভকে ধৰি) আৰু ১.৩৫ লাখ ভিভিপিএটি মেচিন মজুত আছে ।

উল্লেখ্য যে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে এছ আই আৰ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে । কোনো যোগ্য ভোটাৰক তালিকাৰ পৰা আঁতৰাই দিলে নাগৰিকৰ ভোটাধিকাৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলিও তেওঁলোকে অভিযোগ কৰিথে । যাৰ বাবে টিএমচিয়ে এছ আই আৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনাইছে ।

তেলেংগানা-উত্তৰ-পূব সংযোগ অনুষ্ঠানত বাৰেৰহণীয়া সংস্কৃতিৰ পয়োভৰ…

উখল-মাখল পৰিৱেশৰ মাজেৰে চলি আছে হায়দৰাবাদৰ হাইটেক্সত অনুষ্ঠিত তেলেংগানা-পূৰ্বোত্তৰ সাংস্কৃতিক মহোৎসৱ । শুকুৰবাৰে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিকিম আৰু ত্ৰিপুৰাৰ সংস্কৃতি-পৰম্পৰা তথা জীৱনশৈলী প্ৰদৰ্শিত হোৱা প্ৰদৰ্শনীয়ে সকলোকে আকৰ্ষিত কৰে ।

ফটো, ছবি প্ৰদৰ্শনী আৰু হস্তশিল্প প্ৰদৰ্শনী উদ্বোধন কৰে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মাই । এই বিশেষ প্ৰদৰ্শনীত ২০ গৰাকী প্ৰসিদ্ধ ফটোগ্ৰাফাৰে উঠোৱা ৬০ খন বিশেষ ফটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

এই ফটোসমূহে পাহাৰ, বনাঞ্চল, চাহ বাগান, বাঁহৰ খেতি আদি কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত বাস কৰা স্থানীয় লোকৰ জীৱনশৈলী প্ৰতিফলিত কৰিছে । প্ৰাকৃতিক সৌন্দৰ্য, বিভিন্ন জনগোষ্ঠীৰ উৎসৱ আৰু তেওঁলোকৰ খাদ্যশৈলীৰ ছবিসমূহও অত্যন্ত আকৰ্ষণীয় আছিল ।

ইফালে ২৫খন ষ্টলৰে অনুষ্ঠিত কৰা হৈছে হস্তশিল্প প্ৰদৰ্শনী । অসমৰ কাঁহ শিল্পৰ উপৰিও, মণিপুৰৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হস্তনিৰ্মিত শাৰী, গৃহসজ্জাৰ ফুল, বাঁহৰ খৰাহী আৰু মোনা, কাঁহেৰে নিৰ্মিত কলাসূলভ সামগ্ৰী আৰু তেলেংগানাৰ কাঠেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয় এই প্ৰদৰ্শনীত ।

তেলেংগানা-উত্তৰ-পূব সংযোগ কাৰ্যসূচীৰ এক অংশৰূপে পুল্লেলা গোপীচান্দ গাচীবাউলী ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এক ক্ৰীড়া মহোৎসৱৰো । সৰ্বপ্ৰথমে ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মাই গোপীচান্দ একাডেমী চৌহদত বেডমিণ্টন আৰু ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে । ৰাজ্যপালগৰাকীয়ে নিজে বেডমিণ্টন খেলি সকলোকে উৎসাহিত কৰে । আই এ এছ বিষয়া ডানা কিশোৰ আৰু চৰকাৰী পৰামৰ্শদাতা এ পি জিতেন্দ্ৰ ৰেড্ডীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

নিৰ্বাচনত পৰাজিত হোৱাৰ শতক কৰিব ৰাহুল গান্ধীয়ে : মন্ত্ৰী কৃষ্ণেন্দু পাল

নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “৯৫ টা নিৰ্বাচনত এতিয়ালৈকে ৰাহুল গান্ধীয়ে হাৰিছে, আৰু পাঁচটালৈ অপেক্ষা কৰি আছে । অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৯৫ খনতকৈ অধিক আসন ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে লাভ কৰিব । ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব ল’ব ।”

আনহাতে, ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “বাংলাদেশী মানুহৰ নাম ইয়াত ভোটাৰ তালিকাত থকাৰ কথা নাই । বহিঃৰাজ্যৰ পৰা অহা ভোটাৰৰ নাম তাতো আছে ইয়াতো থাকিব, এইটো হ’ব নোৱাৰে । মৃত্যু হোৱা ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন হ’ব । কংগ্ৰেছে বিচাৰে বাংলাদেশৰ মানুহ আহি তেওঁলোকৰ চৰকাৰ বনাই দিয়ক । কিন্তু অসম তথা ভাৰতত আগন্তুক এশ বছৰলৈ বিজেপিৰ চৰকাৰ থাকিব । লিখি ৰাখক ।”

কংগ্ৰেছৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “কংগ্ৰেছ এতিয়া আৰু নাই । বিহাৰত এগজিট প’লত দেখুওৱাতকৈ ভাল ফলাফল ৰাইজে দেখুৱালে । ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে । অসমৰ ৰাইজে বিচৰা শান্তি আৰু উন্নতি কেৱল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইহে দিব ।”

ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মাণ বটদ্ৰৱা প্ৰকল্পৰ কামৰ শুভ উদ্বোধন কৰিবলৈ অহা ২১-২২ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আহিব বুলিও উল্লেখ কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে ।

উল্লেখ্য যে, শুকুৰবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি প্ৰতিটো বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে । পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

২০২৬ৰ বিধানসভা নিৰ্বাচনত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ?

নিৰ্বাচনত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতীয় জনতা পাৰ্টীৰ জনগাঁথনি বা পৰিৱেশ অনুসৰি ১০৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম । বাকী সমষ্টিসমূহত নিজে প্ৰতিদ্বন্দ্বিতা নকৰিলেও মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব । আমি ১০৩ টাত প্ৰতিদ্বন্দ্বিতা কৰিম মানেই নহয় যে ১০৩ টাতেই জিকিম ।

কিন্তু টাৰ্গেট ১০৩ টাত থাকিব ।” ইফালে ২০২৬ত নতুন প্ৰাৰ্থীৰ সম্ভাৱনীয়তা বেছি বুলি উল্লেখ কৰি কয়, “অসমত প্ৰতিবাৰে যুৱ শক্তিক প্ৰাধান্য দিয়ে । এইবাৰ নতুন প্ৰাৰ্থীৰ সম্ভাৱনা বেছি । কাৰণ এইবাৰ সমষ্টি নিৰ্ধাৰণৰ পিছত ১০ৰ পৰা ১৫টা নতুন সমষ্টি হৈছে । য’ত আজিৰ দিনত কোনো বিধায়ক নাই, কাৰো টিকট কাটিব নালাগে।”

Zubeen khetro: সোণাপুৰৰ জুবিনক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ

জুবিনক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ
জুবিনক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ

জুবিনক্ষেত্ৰত (Zubeen khetro) লাখ লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ। সোণাপুৰৰ জুবিনক্ষেত্ৰত জমা হোৱাৰ ৰাইজৰ দান-বৰঙণিৰ ধনৰ ব্যাপক কেলেংকাৰীৰ অভিযোগ।

জুবিন ক্ষেত্ৰত প্ৰথম ৪০ দিনত উঠিছিল ৪লাখ ৫০ হাজাৰ টকা। তাৰপিছত নৱেম্বৰ ২ তাৰিখৰ পৰা ১৯ দিনত ৪ লাখ ৬৩ হাজাৰ টকাৰ হিচাপ। পূৰ্বৰ সমিতিৰ একাংশই ৰাইজে দিয়া দান বৰঙণি হৰলুকী কৰাৰ অভিযোগ।

জুবিনক্ষেত্ৰত আজি নতুন সমিতিয়ে সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে উত্তপ্ত পৰিস্থিতিৰ হয়। জুবিন ক্ষেত্ৰ পূৰ্বে পৰিচালনাৰ সৈতে জড়িত একাংশৰ বিৰুদ্ধে স্থানীয় লোকৰো বিস্ফোৰণ। জুবিন ক্ষেত্ৰৰ বিত্তীয় লেনদেনৰ স্বচ্ছতাৰ দাবী জনাইছে।

Visa: ভ্ৰমণকাৰীৰ বাবে সুখবৰঃ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা

গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা
গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা

ভ্ৰমণকাৰী, শিক্ষাৰ্থীকে (Visa) ধৰি স্বাস্থ্যজনিত কাৰণত বিদেশলৈ যোৱা অসমৰ লোকসকলৰ বাবে আহিছে এক বিশেষ সুবিধা৷ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা৷ এই বিষয়ত টেক কোম্পানীৰে আলোচনা কৰিছে অসম চৰকাৰে৷ গুৱাহাটীত ৬০খনতকৈও অধিক দেশৰ বাবে এটা নিৰ্দিষ্ট ভিছা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপনৰ বাবে নীতিগতভাৱে এক বৃহৎ প্ৰযুক্তি সেৱা প্ৰদানকাৰীয়ে সন্মতি প্ৰকাশ কৰিছে৷

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ আশা প্ৰকাশ কৰিছে যে, এই কেন্দ্ৰটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷ সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে? ভিছা আৱেদনৰ বাবে বায়’মেট্ৰিক্স দিব লাগিব? এতিয়ালৈকে ইয়াৰ কাৰণে দিল্লী বা মুম্বাইলৈ দীঘলীয়া যাত্ৰা কৰিব লাগিছিল৷

কিন্তু শীঘ্ৰেই এই প্ৰক্ৰিয়া আমাৰ অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব৷’ তেওঁ কয়, ‘আনন্দেৰে জনাব বিচাৰিছোঁ যে, ভি এফ এছ গ্ল’বেলে মূলতঃ গুৱাহাটীত ৬০খন দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে৷

খুব সোনকালেই কোন কোন দেশৰ ভিছা আৱেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰিম৷’ ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভিএফএছ গ্ল’বেলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ‘ভিছা এট ইউৰ ড’ৰষ্টেপ’ সেৱা প্ৰৱৰ্তন আৰু অসমত নাগৰিক সেৱা ডিজিটেল পদ্ধতিৰে প্ৰদানৰ দিশটো পৰ্যালোচনা কৰে৷

Namansh Syal: এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ’ ভাইৰেল

এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ' ভাইৰেল
এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ' ভাইৰেল

ডুবাইত সংঘটিত (Namansh Syal) হৈছে এক ভয়াৱহ ঘটনা৷ এয়াৰ শ্ব’ৰ সময়তে দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ তেজছ বিমান৷ এই ঘটনাত বিমানখনৰ পাইলট মৃত্যু হয়৷ উল্লেখ্য, এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতৰ যুঁজাৰু বিমান তেজছ৷ ভাৰতীয় বায়ুসেনাই এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে৷

এই বিবৃতিযোগে বায়ুসেনাই ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে৷ বিমানখনে উপস্থিত লোকসকলৰ সমুখত কলা প্ৰদৰ্শন কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷

এই শোকাৱহ দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ মৃত্যু হয়৷ জানিব পৰা মতে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২.১০ বজাত বিমানখনে দৰ্শকৰ সমুখত কলা প্ৰদৰ্শন কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ উপস্থিত লোকসকলক নিৰাপদে আঁতৰাই নিয়ে৷ সমবেত লোকসকলৰ মাজত যথেষ্টসংখ্যক শিশুও উপস্থিত আছিল৷

উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে এই লোকসকলক নিৰাপদে আঁতৰাই নি শংকামুক্ত কৰে৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ডুবাই এয়াৰ শ্ব’ সন্দৰ্ভত এক ভিডিঅ’ ভাইৰেল হৈছিল৷ এই ভিডিঅ’টোত তেজছ বিমানত তেল লিক হোৱা বুলি দাবী কৰা হৈছিল৷ এনে দাবীৰ মাজতে শেহতীয়া অঘটনটো সংঘটিত হয়৷

ডুবাই তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ’ এয়া।

Black Raisins: ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!

ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!
ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!

আপুনি কেতিয়াবা (Black Raisins) ক’লা কিচমিচ খাইছেনে? এই সৰু সৰু ক’লা কিচমিচবোৰ আপোনাৰ হাড়ৰ বাবে অতি উপকাৰী।আমাৰ শৰীৰক শক্তিশালী কৰাৰ বাবে সুস্থ হাড় অতি প্ৰয়োজনীয়। কিন্তু কেতিয়াবা বাৰ্ধক্য, খাদ্যৰ অভাৱ, কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত হাড় শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ । যদি আপুনি হাড়বোৰ মজবুত কৰিব বিচাৰে আৰু বুঢ়া বয়সত যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰে তেন্তে খাদ্য তালিকাত ক’লা কিচমিচ অন্তৰ্ভুক্ত কৰিব লাগিব। এই সৰু ক’লা কিচমিচবোৰে আপোনাক গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ক’লা কিচমিচত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰণ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম থাকে, যিবোৰে হাড় শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ক’লা কিচমিচত ব’ৰন নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে হাড়ত কেলচিয়াম শোষণ বৃদ্ধি কৰে, যাৰ ফলত হাড় সোনকালে দুৰ্বল হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ক’লা কিচমিচত এন্টিঅক্সিডেন্ট থাকে যিয়ে প্ৰদাহ কমায়, যাৰ ফলত হাড় আৰু গাঁঠিৰ বিষ ৰোধ কৰে।

ক’লা কিচমিচ খোৱাৰ আগত তিয়াই ৰাখিব। ৮ৰ পৰা ১০টা কিচমিচ ৰাতি পানীত তিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। এইদৰে কিচমিচ খালে শৰীৰে সকলো পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে। গাখীৰ, ওটচ, চালাড বা দৈৰ লগত ক’লা কিচমিচ মিহলাইও কৰিব পাৰে।

Titabar News: তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা

তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত 'শকুনিৰ প্ৰতিশোধ' ভাওনা
তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত 'শকুনিৰ প্ৰতিশোধ' ভাওনা

তিতাবৰত (Titabar News) প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনাৰ আয়োজন। ২২ নৱেম্বৰৰ সন্ধ্যা ৮ বজাৰ পৰা তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা। পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গ আৰু সন্ধ্যা বন্তি প্ৰজ্বলন, নাম-প্ৰসঙ্গ আৰু স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন হ’ব গায়ন-বায়ন।

অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত শনিবাৰে তিতাবৰৰ ভগনীয়া গাঁৱৰ সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান উদীয়মান যুৱ সংঘৰ উদ্যোগত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উদীয়মান যুৱ সংঘৰ সদস্যমণ্ডলীৰ দ্বাৰা সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন কৰিব লগা অনুষ্ঠানৰ পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গৰ পিছত সন্ধ্যা গায়ন-বায়ন প্ৰদৰ্শন আৰু ৰাতি ৮ বজাৰ পৰা প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উল্লেখ্য যে, ভাওনা প্ৰদৰ্শনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, সমাজকৰ্মী হৰেণ চুতীয়া, শিল্পী ত্ৰিলোক বৰা আদি বিশিষ্ট ব্যক্তি। উদ্যোক্তাসকলে সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম…

Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম...
Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম...

আজি গুৱাহাটীত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ। (Test Match In Guwahati)

পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটীত ঐতিহাসিক টেষ্ট মেচখন।

বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ।

টচত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিন্ধান্ত দক্ষিণ আফ্ৰিকাৰ।

পুৱা ৭ বজাতেই খোলা হয় গেট।

আনহাতে টেষ্ট মেচত আৰম্ভ ICCৰ এটা নতুন নিয়ম।

লান্সব্ৰেকৰ পূৰ্বে হ’ব TEA ব্ৰেক।

আনহাতে এই মেচখনত আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে-

সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্পৰ ৩৫ কেজি ওজনৰ এটা বিশেষ বেল।

BCCIৰ সচিব দেবজিৎ শইকীয়া আৰু BCCIৰ সভাপতি মিঠুন মানাসে বেল বজাই আৰম্ভ কৰিলে খেলখন।