Home Blog Page 19

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা
বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা

বৰপেটাৰোডৰ বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ মহানুভৱতা।

বৃহস্পতিবাৰত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা নামাজ অনুষ্ঠিত হ’ব।

নামনি অসমৰ বৰপেটাৰোডৰ বালাভিঠাত আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ উদ্দোগত শতাধিক দৰিদ্ৰ মহিলা পুৰুষ সকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

দৰিদ্ৰ মহিলা সকলে বস্ত্ৰ পাই নথৈ আনন্দিত হয়।

বালাভিঠা গাঁৱৰ গৰীবৰ বন্ধু আব্দুল ৰৌফৰ নামত উদীয়মান যুৱক মতিয়াৰ ৰহমান, জহিদুল ইছলাম আৰু কেইজনমান সদস্যৰে আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাব নামাকৰণ কৰি বালাভিঠা, ৰায়পুৰ, সাতবইনীৰটুপ,কলহভাঙা আদি বিভিন্ন গাৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে। ৰাইজৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত এই ক্লাৱটোৱে সহায়ৰ হাত আগবঢ়াই আহিছে।

এই পদক্ষেপত সদৌ অসম আমছুৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰে ধন্যবাদ জনায় এই বস্ত্ৰ বিতৰণ আয়োজন কৰা মতিয়াৰ ৰহমান আৰু আব্দুল ৰৌফ আৰু জাহিদুল ইছলামক।

আগন্তুক দিনত দৰিদ্ৰ পৰিয়ালৰ মাজত আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাবে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাৰ বান্ধি থিয় দিব বুলি জানিব দিয়ে।

বৃহস্পতিবাৰে সম্ভাৱ্য মন্ত্ৰীসভা সম্প্ৰসাৰণঃ ১৪জনীয়া মন্ত্ৰীসভাৰ সম্ভাৱনা, উজনিৰ পৰা বলীন চেতিয়া-সুশান্ত বুঢ়াগোহাঁইৰ নাম আগশাৰীত

১৪জনীয়া মন্ত্ৰীসভাৰ সম্ভাৱনা, উজনিৰ পৰা বলীন চেতিয়া-সুশান্ত বুঢ়াগোহাঁইৰ নাম আগশাৰীত
১৪জনীয়া মন্ত্ৰীসভাৰ সম্ভাৱনা, উজনিৰ পৰা বলীন চেতিয়া-সুশান্ত বুঢ়াগোহাঁইৰ নাম আগশাৰীত

অহা মাহলৈ অপেক্ষা নকৰি এই মাহতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। ৰাজনৈতিক মহলত চলি থকা জল্পনা-কল্পনা অনুসৰি বৃহস্পতিবাৰেই নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে। ইতিমধ্যে সম্ভাৱ্য মন্ত্ৰীসকলৰ নামক লৈ চূড়ান্ত আলোচনা সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে।

বিশ্বস্ত সূত্ৰৰ মতে, যোৱা সপ্তাহত দিল্লী ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্ভাৱ্য মন্ত্ৰীসভাৰ তালিকাখনৰ অনুমোদন লাভ কৰিছে। বিজেপিৰ সাংগঠনিক পদ্ধতি অনুসৰি প্ৰথমে মুখ্যমন্ত্ৰীয়ে নিজৰ পছন্দৰ তালিকা ৰাষ্ট্ৰীয় সভাপতিক দাখিল কৰে। তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। প্ৰতিজন বিধায়কৰ ৰাজনৈতিক, সাংগঠনিক আৰু সামাজিক প্ৰভাৱৰ তথ্য বিশ্লেষণ কৰাৰ পিছত অনুমোদন প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে তালিকাখন চূড়ান্ত কৰে।

উল্লেখযোগ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত চাৰিজন মন্ত্ৰীক লৈ মন্ত্ৰীসভা গঠন কৰিছিল আৰু পিছত দিল্লীৰ পৰা হোৱাটছএপযোগে বিভাগসমূহৰ অনুমোদন লাভ কৰিছিল।
এইবাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মূল প্ৰশ্ন হৈছে মন্ত্ৰীসভা কিমানজনীয়া হ’ব। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় নেতৃত্বই ১৯জনীয়া বৃহৎ মন্ত্ৰীসভা গঠনৰ পক্ষত মত প্ৰকাশ কৰিছিল। কাৰণ, এনডিএয়ে এইবাৰ ১০২জন বিধায়কৰ শক্তিশালী সমৰ্থন লাভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তুলনামূলকভাৱে সৰু আকাৰৰ মন্ত্ৰীসভাৰ পক্ষত মত দিয়ে। সেয়েহে ১৫জনতকৈ কম সদস্যৰে মন্ত্ৰীসভা গঠনৰ সম্ভাৱনা অধিক বুলি ধৰা হৈছে। যদিও শেষ মুহূৰ্তত তালিকাত কিছু সাল-সলনি হ’ব পাৰে।

আঞ্চলিক সমীকৰণৰ ক্ষেত্ৰত এইবাৰ বৰাক উপত্যকাৰ পৰা দুজন প্ৰতিনিধি মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত বুলি জানিব পৰা গৈছে। ইয়াৰে এজন হ’ব হিন্দীভাষী আৰু আনজন বাংলাভাষী প্ৰতিনিধি। আনহাতে, এই মুহূৰ্তত কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পৰা কোনো মন্ত্ৰী অন্তৰ্ভুক্ত নকৰাৰ সম্ভাৱনা আছে। অৱশ্যে আগন্তুক কাৰ্বি আংলং স্বায়ত্ত পৰিষদ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰিলে পৰৱৰ্তী সময়ত তুলিৰাম ৰংহাঙক মন্ত্ৰীসভাত স্থান দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছে। উজনি অসমৰ পৰা এইবাৰ নতুন মুখ হিচাপে বলীন চেতিয়াৰ নাম আগশাৰীত আছে। বয়সজনিত কাৰণত প্ৰশান্ত ফুকনক এইবাৰ মন্ত্ৰীসভাত স্থান নিদিয়াৰ সম্ভাৱনা আছে। আনহাতে, আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সুশান্ত বুঢ়াগোহাঁইৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত বুলি ধৰা হৈছে। ইতিমধ্যে অতুল বৰা আৰু অজন্তা নেওগ মন্ত্ৰীসভাত স্থান পাইছে।

চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ৰামেশ্বৰ তেলীক ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। সেয়েহে এই মুহূৰ্তত নতুনকৈ আন কোনো চাহ জনগোষ্ঠীৰ নেতাক সুযোগ দিয়াৰ সম্ভাৱনা কম। অগপ আৰু বিপিএফৰ ক্ষেত্ৰত এইবাৰ কেৱল এজনকৈ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বুলি সূত্ৰে প্ৰকাশ কৰিছে। ফলত জ্যেষ্ঠ নেতা কেশৱ মহন্তৰ মন্ত্ৰীসভাত স্থান নাপোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

অন্যহাতে, পীয়ূষ হাজৰীকা, বিমল বড়া, জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োক পুনৰ মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে। উত্তৰ অসমৰ প্ৰতিনিধি হিচাপে অশোক সিংহলৰ নাম প্ৰথমে বাদ পৰাৰ সম্ভাৱনা দেখা দিলেও শেষত মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবেও অশোক সিংহলক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ডাঃ ৰণোজ পেগুৰ মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত বুলি ধৰা হৈছে। আনহাতে, কামৰূপ জিলাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত থাকিব পাৰে। নামনি অসমৰ পৰা জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োৰ নাম শক্তিশালীভাৱে উত্থাপিত হৈছে।

এইবাৰ মন্ত্ৰীসভাৰ পৰা জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ নাম বাদ পৰাৰ সম্ভাৱনাও ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।
সম্ভাৱ্য মন্ত্ৰীসভাৰ তালিকাঃ
১) ড০ হিমন্ত বিশ্ব শৰ্মা
২) ৰামেশ্বৰ তেলী
৩) অজন্তা নেওগ
৪) অতুল বৰা
৫) চৰণ বড়ো
৬) কৌশিক ৰায়
৭) কৃষ্ণেন্দু পাল
৮) বলীন চেতিয়া
৯) বিমল বড়া
১০) সুশান্ত বুঢ়াগোহাঁই
১১) পীয়ূষ হাজৰীকা
১২) অশোক সিংহল
১৩) ডাঃ ৰণোজ পেগু
১৪) জয়ন্তমল্ল বৰুৱা
অৱশ্যে চৰকাৰীভাৱে এতিয়াও কোনো তালিকা প্ৰকাশ কৰা হোৱা নাই। বৃহস্পতিবাৰৰ পূৰ্বে দিল্লী অথবা দিছপুৰৰ পৰা আনুষ্ঠানিক ঘোষণা আহিলেহে সম্পূৰ্ণ ছবি স্পষ্ট হ’ব।

চাৰিটা ভুলে মানুহৰ জীৱন ধ্বংস কৰে, চানক্যয়ে কি ক’লে এগৰাকী ব্যক্তিৰ জীৱনৰ বিষয়ে…

চাৰিটা ভুলে মানুহৰ জীৱন ধ্বংস কৰে
চাৰিটা ভুলে মানুহৰ জীৱন ধ্বংস কৰে

নীতিৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় চাণক্য নীতি। আচাৰ্য চাণক্যই মানৱ জীৱনৰ প্ৰতিটো দিশৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছিল। শিক্ষা, ধন-সম্পত্তি, সন্মান, সামাজিক মৰ্যাদা, আচৰণৰ লগত জড়িত অসংখ্য নীতিৰ কথা উল্লেখ কৰিছিল চানক্যয়ে। এজন ব্যক্তিয়ে বাৰে বাৰে কৰা ভুল, নিজৰ জীৱন ধ্বংস কৰা কিছুমান ভুলৰ কথাও আচাৰ্য চাণক্যই কৈছিল। যদি কোনো ব্যক্তিয়ে এই ভুলবোৰ সময়ত চিনি পায় আৰু পুনৰাবৃত্তি নকৰাৰ সংকল্প লয় তেন্তে তেওঁৰ জীৱন উচ্চ আৰু আদৰ্শগত হৈ পৰে। চাণক্য নীতিৰ পৰা জানো আহক কি কি ভুল এজন ব্যক্তিয়ে পৰিহাৰ কৰিব লাগে।

কোৱা হয় যে এলেহুৱা সকলে জীৱনত উন্নতি নকৰে। এলাহ এজন ব্যক্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা চলি থকা কামও নোহোৱা হ’ব পাৰে। চাণক্যই কৈছে যে যদি কোনোবাই জীৱনত সফল হ’ব বিচাৰে আৰু আনতকৈ আগুৱাই যাব বিচাৰে তেন্তে এলাহৰ পৰা আঁতৰি থাকিব লাগিব, তেতিয়াহে জীৱনৰ উদ্দেশ্য পূৰণ কৰিব পাৰিব।

চাণক্যই কৈছে যে মানুহে চিন্তা নকৰাকৈ একো কৰিব নালাগে। কোনো ব্যক্তিয়ে যদি চিন্তা নকৰাকৈ কিবা এটা কৰে তেন্তে তাৰ ফল শুদ্ধ হ’ব নোৱাৰে। আচাৰ্য চাণক্যৰ মতে জীৱনৰ যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ পৰিণতিৰ বিভিন্ন দিশ বিবেচনা কৰা উচিত।


চাণক্যই কৈছে যে বেয়া মানুহৰ সংগৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ এজন ব্যক্তিয়ে লগ পোৱা মানুহৰ গুণ বা দোষ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰ প্ৰৱণতা থাকে। গতিকে কোনো ব্যক্তিয়ে যদি ভাল মানুহৰ লগত সংগ কৰে তেন্তে তেওঁৰ জীৱন ভাল হৈয়ে থাকে। কিন্তু বেয়া মানুহৰ লগত সংগ কৰিলে তেওঁৰ জীৱন ধ্বংসৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে আৰু শেষত সকলো ধ্বংস হৈ যায়।

আচাৰ্য চাণক্যই সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে হেৰুৱা ধন কঠোৰ পৰিশ্ৰমৰ জৰিয়তে পুনৰ পাব পাৰি, কিন্তু এবাৰ সময় হেৰাই গ’লে কেতিয়াও পুনৰ লাভ কৰিব নোৱাৰি। এই কাৰণেই চাণক্যই সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়ে।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট
সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট।

জুবিন গাৰ্গ ন্যায়ৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কয় যে ন্যায়ৰ যুদ্ধখনত সত্যৰে জয় হ’ব ! প্ৰতিজন অসমীয়াৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ আছে আমাৰ প্ৰাণৰ মানুহজনৰ বাবে !

আমাৰ আস্থা সদায় অক্ষুণ্ণ আছে আমাৰ দক্ষ আৰু সাহসী যুঁজাৰু অধিবক্তাসকল, দেশৰ ন্যায় ব্যৱস্থা, আইনী প্ৰক্ৰিয়াৰ ওপৰত ।

জুবিন গাৰ্গৰ ন্যায় আৰু বিজয় মানে সমগ্ৰ অসমীয়া সত্ত্বাৰ বিজয়।

আজি ৭ অভিযুক্তৰ বিৰুদ্ধে কৰা হয় চাৰ্জফ্ৰেম।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেট আদালতে অনুমতি দিয়ে চাৰ্জফ্ৰেমৰ।

জুবিন মৃত্যু গোচৰৰ ধাৰা আৰোপ ফাষ্ট ট্রেক আদালতৰ।

সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ।

চার্জশীটত দিয়া ধৰণেই হত্যাৰ ধাৰা আৰোপ আদালতৰ।

হত্যাৰ ধাৰাৰ ভিত্তিত চলিব পৰৱৰ্তী গোচৰ প্ৰক্ৰিয়া।

৫ অভিযুক্তৰ ডিছচার্জ আবেদন নাকচ।

৫ অভিযুক্তক ৰেহাই নিদিলে ফাষ্ট ট্রেক আদালতে।

গোচৰৰ পৰা ৰেহাই বিচাৰি ৫ অভিযুক্তই কৰিছিল আবেদন।

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ দিলে ৰায়।

মাৰ্ঘেৰিটাত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদঃ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ

মাৰ্ঘেৰিটাত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদঃ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ
মাৰ্ঘেৰিটাত এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদঃ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ

ৰাজ্যত অব্যাহত থকা নিয়ন্ত্ৰণহীন আৰু আকাশলংঘী মূল্যবৃদ্ধিয়ে বৰ্তমান জুৰুলা কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে বজাৰত জুই লাগিছে। এনে পৰিপ্ৰেক্ষিতত, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধ আৰু দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি উত্তাল হৈ পৰে লিডুৰ আকাশ-বতাহ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP)ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত এক তীব্ৰ “বিক্ষোভ কাৰ্যসূচী” ৰূপায়ণ কৰা হয়।​ আজি লিডুৰ ৰাজপথত সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লেকাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ লিডু অঞ্চল কঁপাই তোলে।

যোগান বিভাগৰ নিষ্ক্ৰিয়তা আৰু পুঁজিপতিৰ ওচৰত আঁঠু লোৱা নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।​প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি কাঞ্চন বড়াই চৰকাৰৰ গণবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়:​”বৰ্তমানৰ চৰকাৰখনে সাধাৰণ জনতাৰ দুখ-দুৰ্দশাৰ কথা অকণো চিন্তা কৰা নাই।

পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ পৰা আদি কৰি জীৱনৰ বাবে অপৰিহাৰ্য ঔষধ পৰ্যন্ত সকলোৰে দাম এতিয়া সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। যিখন চৰকাৰে সাধাৰণ ৰাইজৰ দুবেলা দুসাজ খোৱাৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে, দিনক দিনে বাঢ়ি যোৱা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনে চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই। এই চৰকাৰে অবিলম্বে পদত্যাগ কৰিব লাগে।” প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে যে যদিহে চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি বজাৰ পৰিস্থিতি স্বাভাৱিক নকৰে, তেন্তে আগন্তুক দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলা হ’ব। বৰ্তমান বজাৰৰ এই অনিয়ন্ত্ৰিত পৰিস্থিতিৰ বাবে একপ্ৰকাৰ দিশহাৰা হৈ পৰা সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ চৰকাৰে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া অৱশ্যে লক্ষণীয় হ’ব।

কামপুৰত নিশা মন্দিৰত গছ পৰি অঘটন

কামপুৰত নিশা মন্দিৰত গছ পৰি অঘটন
কামপুৰত নিশা মন্দিৰত গছ পৰি অঘটন

কামপুৰ শিৱ মন্দিৰত অঘটন।

নিশা গছ পৰি বিস্তৰ ক্ষতি সাধন দক্ষিণ কপিলী পৰীয়া আঞ্চলিক শিৱ মন্দিৰৰ।

কথমপি ৰক্ষা পৰে কেইবাজনো যুৱক।

গছ পৰি মন্দিৰৰ যথেষ্ট নষ্ট হোৱাৰ লগতে কেইবাখন গাঁৱৰ মাজত সংযোগ বিছিন্ন হৈ পৰিছে।

মন্দিৰৰ ক্ষতি হোৱা অংশ মেৰামতি বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে ৰাইজৰ সহায় বিচাৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

আনহাতে ব্যাহত হৈ পৰা যাতায়ত সুচল কৰাৰ চেষ্টা মন্দিৰৰ পৰিচালনা সমিতিৰ।

ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান অসমৰ ড° জগন্নাথ বিশ্বকৰ্মাৰ

অসমৰ ড০ জগন্নাথৰ ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান
অসমৰ ড০ জগন্নাথৰ ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান

অসমৰ তথা নগাঁৱৰ সু-সন্তান তথা পৰিবেশ বিজ্ঞানী ড° জগন্নাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ (ডেফ্ৰা) ত পৰিবেশ আৰু জলসম্পদ সংলগ্ন অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ জ্যেষ্ঠ বিজ্ঞান বিষয়া হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিছে।

যোৱা দুই দশক ধৰি ড° বিশ্বকৰ্মাই ভাৰত, জাপান, চুইজাৰলেণ্ড আৰু যুক্তৰাজ্যত পৰিৱেশ বিজ্ঞান আৰু জলসম্পদৰ ওপৰত গৱেষণা কৰি আহিছে। ই টি এইচ জুৰিখ, ইৱাগ, ইউৰোপীয় চিনক্ৰ’ট্ৰন বিকিৰণ সুবিধা গ্ৰেনোবল আৰু ব্রিষ্টল বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত। ভাৰততো তেওঁ আই আই টি হায়দৰাবাদৰ অতিথি অধ্যাপক আৰু অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে বিভিন্ন গৱেষণা প্ৰকল্পত জড়িত।

তেওঁৰ গৱেষণাৰ মূল বিষয়বস্তু হৈছে পানীৰ প্ৰদূষণ আৰু পৰিশোধন, কৃষি আৰু জলসিঞ্চন আৰু খনন অঞ্চলৰ মাটি আৰু প্ৰদূষিত পানীৰ পৰা জটিল ধাতু আৰু খনিজ পদাৰ্থ উদ্ধাৰ কৰা।

বিশেষকৈ, ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ দৰে বিষাক্ত পদাৰ্থ কেনেদৰে বিস্তাৰ লাভ কৰে আৰু মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়, সেই বিষয়ত তেওঁ দীর্ঘদিন ধৰি বিশ্ব জুৰি গবেষণা কৰি আহিছে। দক্ষিণ পূব এছিয়াৰ বহু অঞ্চলত বিশুদ্ধ পানী আৰু জনস্বাস্থ্যৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত এই গৱেষণাৰ বিশেষ তাৎপৰ্য বহন কৰিছে।

গৱেষণাৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সহযোগিতা আৰু পৰিবেশ নীতি-আলোচনাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। তেওঁৰ নেতৃত্বত ভাৰতত প্ৰথমবাৰৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ পৰিৱেশ কাৰ্যসূচী আৰু মিনামাটা কনভেনচন অন মাৰ্কিউৰিৰ পৃষ্ঠপোষকতাত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আইচিএমজিপি ২০২৬ অনুষ্ঠিত হ’ব।

গ্ৰেট ব্ৰিটেইনৰ মন্ত্ৰালয়ত জ্যেষ্ঠ বিজ্ঞান বিষয়াৰ দায়িত্ব সন্দৰ্ভত ড° বিশ্বকৰ্মাই কয় যে বিজ্ঞানভিত্তিক গৱেষণা আৰু সমাজৰ বাস্তৱ সমস্যাৰ মাজত অধিক শক্তিশালী সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ আগলৈও কাম কৰি যাব বিচাৰে।

তেওঁৰ মতে, অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ যথেষ্ট সামৰ্থ্য আছে। প্ৰয়োজন মাথোঁ উপযুক্ত সুযোগ, সঠিক দিশ-নিৰ্দেশনা আৰু অধ্যৱসায়।

এই সাফল্যৰ বাবে তেওঁ মাতৃ অৰ্পনা বৰা বিশ্বকৰ্মা আৰু পিতৃ লখন দেৱ বিশ্বকৰ্মাক তেওঁলোকৰ ত্যাগ আৰু ভাতৃ ত্ৰিপুৰাৰী বিশ্বকৰ্মা আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীক তেওঁলোকৰ সহায়-সমৰ্থন আৰু শিক্ষাগুৰুসকলক তেওঁৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শনৰ বাবে শ্ৰদ্ধাৰে স্মৰণ কৰে।
ড০ বিশ্বকৰ্মা অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰবাসী অসমীয়া উপসমিতি ৰ কাৰ্যকৰী সভাপতি। ড০ বিশ্বকৰ্মাৰ বিদেশৰ মাটিত লাভ কৰাকএই সাফল্যৰ বাবে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই অভিনন্দন জনোৱাৰ লগতে এইয়া অসমৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে।

জুবিন গাৰ্গ হত্যাৰ তদন্তঃ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম

জুবিন গাৰ্গ হত্যাৰ তদন্তঃ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম
জুবিন গাৰ্গ হত্যাৰ তদন্তঃ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত।

আজি ৭ অভিযুক্তৰ বিৰুদ্ধে কৰা হয় চাৰ্জফ্ৰেম।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেট আদালতে অনুমতি দিয়ে চাৰ্জফ্ৰেমৰ।

জুবিন মৃত্যু গোচৰৰ ধাৰা আৰোপ ফাষ্ট ট্রেক আদালতৰ।

সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ।

চার্জশীটত দিয়া ধৰণেই হত্যাৰ ধাৰা আৰোপ আদালতৰ।

হত্যাৰ ধাৰাৰ ভিত্তিত চলিব পৰৱৰ্তী গোচৰ প্ৰক্ৰিয়া।

৫ অভিযুক্তৰ ডিছচার্জ আবেদন নাকচ।

৫ অভিযুক্তক ৰেহাই নিদিলে ফাষ্ট ট্রেক আদালতে।

গোচৰৰ পৰা ৰেহাই বিচাৰি ৫ অভিযুক্তই কৰিছিল আবেদন।

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ দিলে ৰায়।

সদনত মুখ্যমন্ত্ৰীৰ ভাষণঃ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম

সদনত মুখ্যমন্ত্ৰীৰ ভাষণঃ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম
সদনত মুখ্যমন্ত্ৰীৰ ভাষণঃ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম

আজি অসম বিধানসভা অধিৱেশনৰ চতুৰ্থ দিন।

বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ।

‘দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম’।

‘এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম’।

‘১০লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম’।

‘যি যুৱ প্ৰজন্মই আন ১০জনক কর্মসংস্থাপন দিব’।

বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ
বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ।

বিধানসভাৰ মজিয়াৰ পৰা গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

‘গৰুক কোৰবানি দিয়াৰ কথা কোনো ধর্মীয় গ্রন্থত লিখা নাই’।

‘গৰুৰ কোৰবানি নিদিয়াৰ সিদ্ধান্ত লোৱা সকলোকে মুখ্যমন্ত্ৰীৰ ধন্যবাদ’।

‘হিন্দু সকলৰ ধৰ্মীয় চেতনাক সন্মান জনোৱাৰ বাবে ধন্যবাদ’।

‘এই সিদ্ধান্তই অসমৰ শান্তি-সম্প্ৰীতি সুদৃঢ় কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ’।

‘এতিয়াও সিদ্ধান্ত নোলোৱাসকলক গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ’।