Home Blog Page 20

মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলীক এনকাউণ্টাৰ

মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলীক এনকাউণ্টাৰ
মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলীক এনকাউণ্টাৰ

নগাঁৱত নিশা ডকাইতক এনকাউণ্টাৰ।

ৰাঙলুৰ বৰকণ্ডলীত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়া গুলী।

আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত খাইৰুল উৰফে (মণি )।

নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত।

মৰিকলং ডকাইটি কাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছিল খাইৰুল।

সোমবাৰে নিশা পুনৰ ডকাইতিৰ পৰিকল্পনাৰে নগাঁওৱলৈ আহিছিল খাইৰুল।

ডকাইতৰ দল অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে চলাইছিল অভিযান।

আৰক্ষীৰে মুখামুখি হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত গুলীবিদ্ধ হয় ডকাইত খাইৰুল।

খাইৰুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭.৬৫ পিষ্টল আৰু ডকাইতি ব্যৱহাৰ কৰা দা ৷

লিভ-ইন ৰিলেচনশ্বিপত আহিব কঠোৰ নিয়ম !UCC

লিভ-ইন ৰিলেচনশ্বিপত আহিব কঠোৰ নিয়ম !
লিভ-ইন ৰিলেচনশ্বিপত আহিব কঠোৰ নিয়ম !

UCC । অসম বিধানসভাত সোমবাৰে অৱশেষত উত্থাপন কৰা হ’ল বহুচৰ্চিত Uniform Civil Code (UCC) বিধেয়ক। মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarmaৰ হৈ মন্ত্ৰী Atul Boraই সদনত বিধেয়কখন উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনোৱা হৈছিল।

প্ৰথম কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জনজাতীয় লোকসকলক UCC বিধেয়কৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। লগতে ধৰ্মীয় পৰম্পৰাকো এই বিধেয়কৰ পৰা বাদ দিয়া হ’ব। বিধেয়কখনত বিয়াৰ ন্যূনতম বয়স, বহুবিবাহ আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ লক্ষ্যৰে UCC প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে। ইফালে, এই বিধেয়ক প্ৰযোজ্য হ’লে লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰতো একাধিক কঠোৰ নিয়ম বলবৎ হ’ব।

বিধেয়ক অনুসৰি, বিবাহ অবিহনেও আইনীভাৱে একেলগে থকাৰ অনুমতি থাকিব যদিও তাৰ বাবে মানিব লাগিব একাধিক নিয়ম। প্ৰথমতে, লিভ-ইন ৰিলেচনশ্বিপত থকা দুই সংগীৰ মাজৰ এজনো বিবাহিত হ’ব নোৱাৰিব। দ্বিতীয়তে, লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হ’ব। সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লিভ-ইনত থকা দুই সংগীয়ে উপ-পঞ্জীয়কক বিষয়টো অৱগত কৰিব লাগিব আৰু উপ-পঞ্জীয়কে স্থানীয় থানাকো সেই বিষয়ে জনাব লাগিব। উপ-পঞ্জীয়কক নজনোৱাকৈ এমাহ একেলগে থাকিলে দোষী সাব্যস্ত হ’ব পাৰে।

উল্লেখযোগ্য যে সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবেও এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে। লগতে বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নো বাধ্যতামূলক হ’ব।

বিধেয়ক অনুসৰি, লিভ-ইন ৰিলেচনশ্বিপৰ বিচ্ছেদ দুয়ো পক্ষৰ সন্মতিতহে সম্ভৱ হ’ব। যদি সন্মতি অবিহনে যুৱতীক এৰি যোৱা হয়, তেন্তে যুৱতীগৰাকীয়ে ভৰণ-পোষণ বিচাৰি ন্যায়ালয়ৰ কাষ চাপিব পাৰিব আৰু সংগীক ভৰণ-পোষণ দিব লাগিব।

আনহাতে, ৰাজ্যৰ বাহিৰত লিভ-ইনত থাকিলেও একেই নিয়ম প্ৰযোজ্য হ’ব। লিভ-ইনত থকা সংগী দুয়োৰে বয়স ২১ বছৰৰ ওপৰত হ’ব লাগিব। যদি এজনৰ বয়স ২১ বছৰতকৈ কম হয়, তেন্তে অভিভাৱকক জনোৱা বাধ্যতামূলক হ’ব।

ইফালে, পঞ্জীয়ন অবিহনে লিভ-ইনত থাকিলে ১০ হাজাৰ টকা জৰিমনা অথবা ৩ মাহৰ কাৰাবাসৰ ব্যৱস্থাও থাকিব বুলি বিধেয়কত উল্লেখ কৰা হৈছে।

অসম বিধানসভাত উত্থাপন UCC বিধেয়ক

অসম বিধানসভাত উত্থাপন UCC বিধেয়ক
অসম বিধানসভাত উত্থাপন UCC বিধেয়ক

অসম বিধানসভাত উত্থাপন কৰা হ’ল বহু চৰ্চিত Uniform Civil Code (UCC) বিধেয়ক। মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarmaৰ হৈ মন্ত্ৰী Atul Boraই সদনত বিধেয়কখন উত্থাপন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনোৱা হৈছিল।

প্ৰথম কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জনজাতীয় লোকসকলক UCC বিধেয়কৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। লগতে ধৰ্মীয় পৰম্পৰাকো এই বিধেয়কৰ পৰা বাদ দিয়া হ’ব বুলি উল্লেখ কৰিছিল। বিধেয়কখনত বিয়াৰ ন্যূনতম বয়স, বহুবিবাহ, আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল।

ইফালে, সদনত UCC বিধেয়কক লৈ বিৰোধী পক্ষই বিৰোধিতা কৰাত শাসকীয় দলৰ কেইবাজনো বিধায়কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বিধায়ক Kamalakhya Dey Purkayasthaই কয়, “কংগ্ৰেছে কেতিয়াবা সংবিধান মানে, কেতিয়াবা নামানে। কংগ্ৰেছে সংবিধানক সন্মান কৰিব লাগে। UCC অহাৰ লগে লগে একতাবোধ আহিব। UCC অনাটো মুখ্যমন্ত্ৰীৰ যুগান্তকাৰী সিদ্ধান্ত।”

বিধায়ক Manab Dekaই কয়, “কংগ্ৰেছে UCCৰ বিৰোধিতা কৰিবই কাৰণ ‘মিঞা’ক সন্তুষ্ট কৰিব লাগিব। কংগ্ৰেছে বিৰোধী দলপতি ‘মিঞা’ এজনক পাতি দিব চিন্তা কৰিব নালাগে।”

আনহাতে বিধায়ক Sushanta Borgohainই কয়, “কংগ্ৰেছে UCCৰ বিৰোধিতা কৰিবই। কাৰণ তেওঁলোকৰ ১৯ জনৰ ১৮ জন বিধায়ক সংখ্যালঘু বিধায়ক। তেওঁলোকে তিনি তালাক বা বহুবিবাহ বিচাৰে। কংগ্ৰেছৰ এনে ভূমিকাৰ বাবে মানুহে গ্ৰহণ নকৰে। UCCত সকলোৱে সমান সুবিধা লাভ কৰিব।”

বিধায়ক Biswajit Phukanইও বিৰোধীক সমালোচনা কৰি কয়, “এয়া বিৰোধিতাৰ নামত বিৰোধিতা। কংগ্ৰেছ এই চৰিত্ৰৰ বাবেই ৰাইজৰ মাজৰ পৰা আঁতৰি গৈছে। এতিয়া অন্তত শিক্ষা লওক।”

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কাৰ্যকালৰ অন্তিম বিধানসভাৰ অধিৱেশনত পুনৰ মুখ্যমন্ত্ৰী হ’লে UCC বিধেয়ক উত্থাপন কৰাৰ ঘোষণা কৰিছিল। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই প্ৰথম বিধানসভাৰ অধিৱেশনতে UCC বিধেয়ক অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্‌যাপন । Sarbananda Singha

মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্‌যাপন । Sarbananda Singha
মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্‌যাপন । Sarbananda Singha

Sarbananda Singha । মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২৪ সংখ্যক মৃত্যু দিৱস উপলক্ষ্য ২৪ মে’ দেওবাৰে গুৱাহাটীৰ বামুণীমৈদামত মটক জনগোষ্ঠীৰ গুৱাহাটীবাসী ৰাইজ আৰু মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ পুৱা বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰ পিছতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক মটক জনগোষ্ঠীয় গামোচা, সম্বৰ্ধনা পত্ৰ আৰু ৰজাৰ প্ৰতিকৃতিৰে সম্বৰ্ধনা জনোৱা হয়৷

অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকল হৈছে ক্ৰমে অৱসৰপ্ৰাপ্ত অভিযন্তা ভোগেশ্বৰ বৰুৱা, আসাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা, প্ৰাক্তন বিষয়া তথা সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত ভোলা গোহাঁই, সমাজসেৱিকা ৰঞ্জিতা মৰাণ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁই আদি৷ অনুষ্ঠানত এইকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও আন ভালেকেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷

এই অনুষ্ঠানতে দ্য আসাম ৰাইজিং কাকতৰ কাৰ্যবাহী সম্পাদক দুলাল মিশ্ৰ, ডি বি নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতা, সাংবাদিক পৰমা সোণোৱাল, সংবাদকৰ্মী সুনীল বড়ো, কমল সৰকাৰক সম্বৰ্ধনা জনোৱা হয়৷ সৰ্বানন্দ সিংহ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁইয়ে মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থা আৰু গুৱাহাটীবাসী মটক জনসাধাৰণৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰে৷ বিধায়কগৰাকীয়ে কয় যে অসম নানা জাতি-উপজাতিৰে পৰিপূৰ্ণ ৰাজ্য৷

এই ৰাজ্যখনত মটক ৰজাই সহজে ব্ৰিটিছৰ ওচৰত সেও মনা নাছিল৷ ব্ৰিটিছৰাজৰ সৈতে চামিল হোৱা মটক ৰাজ্যই একেবাৰে অন্তিম ৰাজ্য আছিল বুলি বিধায়ক গোহাঁইয়ে মন্তব্য কৰে৷ মটক সংস্কৃতি তথা জনগোষ্ঠীটোৰ সৈতে জড়িত ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ বাবে আমাৰ চৰকাৰে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিধায়কগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷ অনুষ্ঠানত উপস্থিত থাকি মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ আহ্বায়ক তথা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোহাঁইয়ে কয় যে এতিয়াৰ তিনিচুকীয়াই আছিল মটক ৰাজ্যৰ ৰাজধানী বেংমৰা৷ ৰজা সৰ্বানন্দ সিংহই নানান প্ৰত্যাহ্বান নেওচি সকলো জাতি-জনগোষ্ঠীকে সামৰি লৈ মটক ৰাজ্য গঠন কৰিছিল৷ ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালতেই ৰাজতন্ত্ৰত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বীজ ৰোপণ কৰিছিল আৰু সকলোৱে সম অধিকাৰ লগতে সমস্যাসমূহ তৎকালীনভাৱে সমাধানৰ বাবে এখন পাৰিষদ গঠন কৰি পাৰিষদৰ মতামত অনুসৰি ৰাজশাসন চলাইছিল বুলি শংকৰ গোহাইয়ে মন্তব্য কৰে৷ অনুষ্ঠানত সদৌ অসম মটক সন্মিলনৰ সহকাৰী সম্পাদক জীৱন কোঁৱৰকে ধৰি মটক জনগোষ্ঠীৰ বহুকেইটা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য ওঠৰ শতিকাৰ শেষভাগত অসমত সংঘটিত হোৱা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ সফল সেনা নায়কজনেই হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ৷ উক্ত গণবিদ্ৰোহৰ পৰিণতি হিচাপে উজনি অসমৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ ভৌগোলিক পৰিসীমাত জন্ম হয় স্বাধীন মটক ৰাজ্যৰ৷ উল্লেখ্য যে বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, চাউলধোৱা পুখুৰী আদি জলসিঞ্চন তথা মৎস্য পালনৰ বাবে ৰাজধানীৰ ভিতৰে বাহিৰে মুঠ ২৪ টা পুখুৰী খন্দাইছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহই৷

স্বৰ্গদেৱে শাসনত অধিষ্ঠিত হৈয়ে মটক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা জনগোষ্ঠীটোৰ মুৰব্বী ব্যক্তিসকলৰ মতামত গ্ৰহণেৰে ৰাজদৰবাৰ পৰিচালনাৰ ব্যৱস্থা কৰি এক গণতান্ত্ৰিক আদৰ্শ প্ৰতিষ্ঠা কৰিছিল৷ দেওবাৰে, মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজ আৰু মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসটো অনুষ্ঠিত কৰে৷ অনুষ্ঠানত আঁত ধৰে মটক স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৱজ্যোতি শইকীয়াই৷ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে মটক ৰাজ্যৰ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ কৰ্মৰাজিৰ বিষয়ে বিভিন্ন জনে আলোকপাত কৰে৷ ইয়াৰ উপৰিও বৰ্তমানেও সামাজিক আৰু অৰ্থনৈতিক দিশত যিদৰে উন্নতি হ’ব লাগিছিল নোহোৱাত মটক জনগোষ্ঠীৰ কাৰণ সম্পৰ্কেও আলোচনা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে– মটক স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমূল্য সেনাপতি, দেৱকান্ত বৰুৱা, তৰুণ গগৈৰ লগতে বহু বিশিষ্ট ব্যক্তি৷

সাৱধানঃ বাথৰুমত নকৰিব এই সমূহ কাম ! জানি লওক বাথৰুমৰ নিয়মৰ বিষয়ে…

সাৱধানঃ বাথৰুমত নকৰিব এই সমূহ কাম !
সাৱধানঃ বাথৰুমত নকৰিব এই সমূহ কাম !

বাস্তু শাস্ত্ৰৰ মতে বাথৰুমত থকা পানী সম্পৰ্কীয় বস্তুবোৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটা শক্তিত প্ৰভাৱ পেলাই। এই কাৰণেই বাথৰুম, পাকঘৰ আৰু পানী সংৰক্ষণ স্থান নিৰ্দিষ্ট নিৰ্দেশনা আৰু নিয়মৰ সৈতে জড়িত।

বাস্তু শাস্ত্ৰত শূন্যতাক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ ওপৰত ভিত্তি কৰি একাংশ বাস্তু পৰামৰ্শদাতাৰ মতে গা ধোৱাৰ পিছত খালী বাল্টি এৰি দিলে মানসিক অস্থিৰতা আৰু শক্তিৰ প্ৰবাহৰ ভাৰসাম্যহীনতা হ’ব পাৰে।

বাথৰুমত যদি বাল্টি এটা সম্পূৰ্ণ খালী ৰাখিব লাগে তেন্তে ওলোটাকৈ ৰখাটোৱেই উত্তম। ইয়াৰ আঁৰৰ কাৰণটো হ’ল ওলোটা বাল্টি এটাই স্থবিৰ শক্তিৰ ইংগিত নিদিয়ে।

কিছু লোকে পানীয়ে সমৃদ্ধি আৰু শান্তিৰ প্ৰতীক বুলি বিশ্বাস কৰি বাল্টিটো বিশুদ্ধ পানীৰে ভৰাই ৰখাৰ পৰামৰ্শ দিয়ে।

আধুনিক বাস্তু বিশেষজ্ঞসকলে বাথৰুমৰ বাবে নীলা বাল্টি এটা শুভ বুলি গণ্য কৰে। বাস্তুত নীলা ৰঙে জল মৌলটোক প্ৰতিনিধিত্ব কৰে। এই কাৰণেই বহু বাস্তু পৰামৰ্শদাতাই বাথৰুমত নীলা বা পাতল ৰঙৰ ব্যৱহাৰক শুভ বুলি গণ্য কৰে। অৱশ্যে এইটো কোনো ধৰ্মীয় নিয়ম নহয়, এইটো ৰঙে মানসিক শান্তি আনে।

তদুপৰি বাথৰুমত অনবৰতে লেতেৰা পানী জমা হোৱাটো বাস্তুৰ দোষ আৰু ইয়াৰ ফলত বহু ৰোগৰ সৃষ্টি হয়।

বাথৰুমত চুলি জমা হোৱাটোও অশুভ বুলি গণ্য কৰা হয়। সৰি পৰা চুলি বাথৰুমত থাকিলে মংগল আৰু শনি গ্ৰহক বিচলিত কৰে।

বাথৰুমত তিতা কাপোৰ থোৱাটোও বাস্তুৰ দৃষ্টিকোণৰ পৰা অশুভ বুলি গণ্য কৰা হয়।

বাথৰুমত পানী লিক হোৱাটোও অশুভ বুলি গণ্য কৰা হয়। লিক হ’লে আৰ্থিক লোকচান আৰু অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ’ব পাৰে।

টিহুৰ দহকাউনীয়াত “কাংথিলাংছৰ উচুপনি” নামৰ কবিতা পুথি উন্মোচন আৰু “বসন্তৰ বিয়লি কবিতাৰ আলাপ” অনুষ্ঠান

টিহুৰ দহকাউনীয়াত "কাংথিলাংছৰ উচুপনি" নামৰ কবিতা পুথি উন্মোচন আৰু “বসন্তৰ বিয়লি কবিতাৰ আলাপ” অনুষ্ঠান
টিহুৰ দহকাউনীয়াত "কাংথিলাংছৰ উচুপনি" নামৰ কবিতা পুথি উন্মোচন আৰু “বসন্তৰ বিয়লি কবিতাৰ আলাপ” অনুষ্ঠান

টিহুৰ দহকাউনীয়াত “কাংথিলাংছৰ উচুপনি” নামৰ কবিতা পুথি উন্মোচন আৰু “বসন্তৰ বিয়লি কবিতাৰ আলাপ” অনুষ্ঠান।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু টিহু সমষ্টিৰ পশ্চিম দহকাউনীয়া ৰঙালী বিহু সন্মিলনীৰ সহযোগত শনিবাৰে অনুষ্ঠিত হয় এক বিশেষ সাহিত্যিক অনুষ্ঠান।

অনুষ্ঠানত বিশিষ্ট কবি তথা সাংবাদিক বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি ভাৰত ৰাজৰ দ্বিতীয়খন কবিতা পুথি “কাংথিলাংছৰ উচুপনি” উন্মোচনৰ লগতে “বসন্তৰ বিয়লি কবিতাৰ আলাপ” শীৰ্ষক সাহিত্যিক আলোচনা অনুষ্ঠিত কৰা হয়।

পশ্চিম দহকাটনীয়াৰ শ্ৰীশ্ৰী বিষ্ণু নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহু বিশিষ্ট কবি, সাহিত্যিক আৰু অতিথিৰ উপস্থিত থাকে। অনুষ্ঠানৰ মুখ্য উন্মোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি শ্ৰীকমল কুমাৰ ডেকাই। অনুষ্ঠানটো সভাপতিত্ব কৰে ড° সবৰ তালুকদাৰে।

বিশেষ অতিথি হিচাপে উপস্থিত থাকে ড° বিপিন চন্দ্ৰ কলিতা।অনুষ্ঠানত আমন্ত্ৰিত কবিসকলৰ দ্বাৰা কবিতা পাঠো অনুষ্ঠিত হয়। নিশা এক সাংস্কৃতিক অনুষ্ঠান ‌অনুস্থিত হয়।

মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ সহযোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন

মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ সহযোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন
মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ সহযোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন

বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ পৱিত্ৰ পুণ্য তিথি উপলক্ষ্য মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ সহযোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন।

২২৪ সংখ্যক মৃত্য দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মটক ৰজা জনক সোঁৱৰি অনুষ্ঠিত কৰিছে বিভিন্ন ধৰণৰ অনুষ্ঠান। ক’ৰবাত যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ক’ৰবাত আকৌ বীৰপুৰুষ গৰাকীৰ স্মৃতি বিজড়িত কৰি ৰাখিবলৈ স্বৰ্গদউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে মটক জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে। গুৱাহাটী মহানগৰীৰ বামুণীমৈদামস্থিত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ অস্থায়ী কার্যালয় মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন ।

ওঠৰ শতিকাৰ শেষভাগত অসমত সংঘটিত হোৱা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ সফল সেনা নায়কজনেই হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ। উক্ত গণবিদ্ৰোহৰ পৰিণতি হিচাপে উজনি অসমৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ ভৌগোলিক পৰিসীমাত জন্ম হয় স্বাধীন মটক ৰাজ্যৰ। এক সংগ্ৰামী সত্তাৰ অধিকাৰী, পৰাক্ৰমী, সুদক্ষ মটক ৰজা সৰ্বানন্দ সিংহই ৰাজত্ব কৰিছিল ১৭৮৮ খ্ৰীঃৰপৰা ১৮০৫ খ্ৰীঃলৈকে। ফৰাচী বিপ্লৱতকৈ (১৭৮৬) ১৭বছৰ পূৰ্বেই অশিক্ষিত প্ৰজা বাহিনীক সংগঠিত কৰি অন্যান্যসকলৰ লগতে সৰ্বানন্দ সিংহৰ নেতৃত্বত এইদৰে অসমৰ প্রজাসাধাৰণে প্ৰথম শোষণ-নিষ্পেষণ আৰু বৈষম্যৰ বিৰুদ্ধে বিপ্লৱৰ সূচনা কৰি ৰাজশক্তি ওফৰাই দি নতুন ইতিহাস ৰচনা কৰিছিল।


বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, চাউলধোৱা পুখুৰী আদি জলসিঞ্চন তথা মৎস্য পালনৰ বাবে ৰাজধানীৰ ভিতৰে বাহিৰে মুঠ ২৪ টা পুখুৰী খন্দোৱাছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহই।স্বৰ্গদেৱে শাসনত অধিষ্ঠিত হৈয়ে মটক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা জনগোষ্ঠীটোৰ মুৰব্বী ব্যক্তিসকলৰ মতামত গ্ৰহণেৰে ৰাজদৰবাৰ পৰিচালনাৰ ব্যৱস্থা কৰি এক গণতান্ত্ৰিক আদৰ্শ প্ৰতিষ্ঠা কৰিছিল। এনে সামূহিক ব্যৱস্থাৰে মটক ৰাজ্যৰ সামগ্ৰিক উন্নতিৰ ভেটি সুদৃঢ় হৈছিল। এই প্ৰজাৰঞ্জক ৰজাজনা ১৭৯৯ চন মানৰ পৰা অসুস্থ হৈ শয্যাশায়ী হৈ পৰাত তেঁওৰ বৰপুত্ৰ মাটিবৰৰ যোগেদি ৰাজ্য চলাইছিল আৰু ১৮০৫ চনত উজনীৰ সৌমাৰখণ্ডৰ ৰজাগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। দেওবাৰে , মটক জনগোষ্ঠী গুৱাহাটীবাসী ৰাইজৰ সৌজন্যত মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ সহযোগত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসটো পুৱা ১০ বজাৰ পৰা বিভিন্ন কাৰ্যসূচিৰে অনুষ্ঠিত কৰে । স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কৰাৰ লগতে বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে বিভিন্ন জনে । ইয়াৰ উপৰিও বৰ্তমানেও সামাজিক আৰু অৰ্থনৈতিক দিশত যথাযথ উন্নতি নঘটা মটক জনগোষ্ঠীৰ কাৰণ সম্পৰ্কেও আলোচনা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোহাঁই। বিধায়ক পুলক গোহাঁই, মটক জনগোষ্ঠীটো কেনেকৈ প্ৰতিয়োগীতাৰ মাধ্যমেৰে ৰাজনৈতিৰ আৰু অৰ্থনৈতিক ভাবে আগবাঢ়িছে তেও মন্তব্য কৰি কয় ।


মটক জনগোষ্ঠীৰ গুৱাহাটীবাসী ৰাইজ আৰু মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ আহ্বায়ক সমিতিত আছিল – অনুপ চেতিয়া, শংকৰ গোহাঁই, অমূল্য সেনাপতি, নৱজ্যোতি শইকীয়া, দেৱকান্ত বৰুৱা, তৰুণ গগৈ ৰ দৰে বিশিষ্ট ব্যক্তিসকল ।








কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান

কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান
কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান

কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান।

পুৱা ৫:৩০ বজাত আমিনগাঁও কালিবাৰী নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে জেষ্ঠ সাংবাদিকগৰাকীয়ে।

আমিনগাঁও স্বৰ্ণ শাখা সাহিত্য সভা, আমিনগাঁও প্ৰেছ ক্লাৱৰ সভাপতি আছিল দিলীপ দাস ।

সমান্তৰালকৈ শৰাইঘাট নাট্য গোষ্ঠীৰ উপ-সভাপতিও আছিল প্ৰয়াত দিলিপ দাস।

ৰাজ্যৰ কেইবাখনো বাতৰি কাকতত সেৱা আগবঢ়োৱাৰ লগতে আগশাৰীৰ বৈদ্যুতিক সংবাদ প্ৰতিষ্ঠানতো সেৱা আগবঢ়াইছিল তেওঁ।

এগৰাকী সু-অভিনেতা আৰু লেখক আছিল সাংবাদিক দিলীপ দাস ।

আমিনগাঁৱৰ শৰাইঘাট নাট্য গোষ্ঠীৰ জড়িয়তে বহু কেইখন নাটকত অভিনয় কৰিছিল ।

১৯৬২ চনত জন্মগ্ৰহণ কৰা দিলীপ দাসৰ মৃত্যুৰ সময়ত বয়ষ আছিল ৬৪ বছৰ ।

দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।

কামৰূপ জিলাৰ বহু সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল দিলীপ দাস ।

ব্যাপক উৎসাহ উদ্দীপনাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ লেখক-শিৱিৰ আৰম্ভ

ব্যাপক উৎসাহ উদ্দীপনাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ লেখক-শিৱিৰ আৰম্ভ
ব্যাপক উৎসাহ উদ্দীপনাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ লেখক-শিৱিৰ আৰম্ভ

অসম সাহিত্য সভাৰ উদ্যোগত শনিবাৰৰ পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰে দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত দ্বিতীয় লেখক-শিৱিৰ আৰম্ভ হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ন-পুৰণি লেখক-সাহিত্যিকসকলৰ অংশগ্রহণেৰে অনুষ্ঠিত এই লেখক-শিৱিৰ আজি পুৱা সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে পতাকা উত্তোলনেৰে আৰু আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি প্রশান্ত শইকীয়াই স্মৃতি তর্পণেৰে শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ড’ বসন্তকুমাৰ গোস্বামীয়ে কয়- ‘লেখক-শিৱিৰৰ আয়োজনে অসম সাহিত্য সভাক এটি নতুন মাত্ৰা প্ৰদান কৰিব। এই আয়োজনৰ দ্বাৰা ৰাজ্যখনৰ বৌদ্ধিক পৰিমণ্ডলক আমি সাহিত্য সভাৰ মজিয়াত মর্যাদা প্রদান কৰিবলৈ চেষ্টা কৰিছোঁ।’ ইয়াৰ পাছতে অনুষ্ঠিত উদ্বোধনী-সত্ৰৰ উদ্দেশ্যৰ কথকতাৰ প্ৰসংগত সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই কয়-‘অসম সাহিত্য সভাই ২০২৫-২৭ কার্যবর্ষত বিভিন্ন কার্যসূচী হাতত লৈ বুদ্ধিজীবী, লেখক-সাহিত্যিক তথা ভিন্ন স্তৰৰ ৰাইজৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিছে। তাৰে এটা অংশ হিচাপে এই লেখক-শিৱিৰৰ আয়োজন। এই কাৰ্যবৰ্ষত ২০২৫ চনৰ জুন মাহত নগাঁৱত প্ৰথমখন লেখক-শিৱিৰ সফলভাৱে ৰূপায়ণ হোৱাৰ পাছত অসমৰ বিভিন্ন জিলাৰ পৰা লেখক-শিৱিৰ অনুষ্ঠিত কৰিব লাগে বুলি আমালৈ পত্র আহিছিল। আমি এই লেখক-শিৱিৰৰ জৰিয়তে উপন্যাস সাহিত্য, ৰহস্য সাহিত্য, গল্প সাহিত্য, সংবাদ সাহিত্য, নাট্য সাহিত্য, কাব্য সাহিত্য, ব্যঙ্গ সাহিত্য, গীতি সাহিত্যৰ চৰ্চা অব্যাহত ৰখাৰ চেষ্টা কৰিছে। যাৰ ফলস্বৰূপে ন-পুৰণি লেখক, সাহিত্যিক সকলোকে একোখন মঞ্চ দিবলৈ প্রয়াস কৰা হৈছে।’ আদৰণী সমিতিৰ সভাপতি ড° পৰাগ কুমাৰ বৰুৱাই আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটি উদ্বোধন কৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্য ড° সমুদ্রগুপ্ত কাশ্যপে। কর্মসূত্রে ৰাজ্যৰ বাহিৰলৈ যাব লগা হোৱাৰ বাবে তেখেতে ভিডিঅ’ৰেকর্ডিং যোগে উদ্বোধনী ভাষণ প্রদান কৰি কয়-‘বানানৰ প্ৰতি আমি সকলোৱেই অবহেলা কৰোঁ। বানানৰ বিশুদ্ধতাই ভাষাটোৰ বিশুদ্ধতা আৰু ভাষাটোৰ নির্মূলতাৰ পৰা ৰক্ষা কৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে আমি নিজৰ নিগাজী সৰল-সহজ থলুৱা ভাষা পৰিহাৰ কৰি বঙালীমূলৰ, ইংৰাজীমূলৰ বা হিন্দীমূলৰ ভাষা ব্যৱহাৰ কৰিবলৈ লৈছোঁ। নিজৰ শব্দৰ ভাণ্ডাৰ পৰিহাৰ কৰিছোঁ। এইবোৰ শুভ লক্ষণ নহয়।’ আজিৰ অনুষ্ঠানত এগছি বন্তি প্রজ্বলনেৰে শিৱিৰ মুকলি কৰে বিশিষ্ট সাহিত্যিক-বিজ্ঞানী ড° দীনেশ চন্দ্র গোস্বামীয়ে আৰু শিৱিৰৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৃতিগ্রন্থ উন্মোচন কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই।


ইয়াৰ পাছতে দিনৰ ১১-৩০ বজাৰ পৰা সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদন, নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত সমান্তৰালভাৱে উপন্যাস সাহিত্য, ৰহস্য সাহিত্য আৰু গীতি সাহিত্য সত্র অনুষ্ঠিত হয়। সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত উপন্যাস সাহিত্য সত্রত সঞ্চালক হিচাপে ড° ধ্ৰুৱজ্যোতি বৰা আৰু আলোচক হিচাপে উপস্থিত থাকে প্রমোদ কলিতা, ড° মেঘনা চৌধুৰী, গোবিন কুমাৰ খাউণ্ড। নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হোৱা ৰহস্য সাহিত্য সত্রত সঞ্চালক হিচাপে ড° দীনেশ চন্দ্র গোস্বামী আৰু আলোচক হিচাপে অভিজিত শৰ্মা বৰুৱা, ড° বিনীতা বৰা দেৱচৌধুৰী, সত্যব্রত বৰা উপস্থিত থাকে। সমান্তৰালভাৱে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত হোৱা গীতি সাহিত্য সত্রত সঞ্চালক হিচাপে গৌতম শর্মা আৰু আলোচক হিচাপে ড° সৰোজ কাকতি, চয়নিকা বৰুৱাই অংশগ্রহণ কৰে।


আনহাতে বিয়লি ২-৩০ বজাৰ পৰা পুনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদন, নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত সমান্তৰালভাৱে ক্রীড়া সাহিত্য, গল্প সাহিত্য আৰু সংবাদ সাহিত্য সত্র অনুষ্ঠিত হয়। নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হোৱা ক্রীড়া সাহিত্য সত্ৰখন সঞ্চালনা কৰে পংকজ বৰঠাকুৰে। এই সত্রত আলোচক হিচাপে অংশগ্রহণ কৰে ক্ৰমে সুবোধমল্ল বৰুৱা, দিগন্ত বুঢ়াগোহাঁই আৰু বিদ্যুৎ কলিতাই। সংগীতাচার্য্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা গল্প সাহিত্য সত্ৰখন সঞ্চালনা কৰে ইমৰান হুছেইনে আৰু আলোচক হিচাপে অংশগ্রহণ কৰে গীতালি বৰা, অপু ভৰদ্বাজ, ডাঃ নমিতা বৈশ্য। সমান্তৰালভাৱে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত হোৱা সংবাদ সাহিত্য সত্ৰ সঞ্চালনা কৰে দিলীপ চন্দনে আৰু আলোচক হিচাপে উপস্থিত থাকে পুলিন কলিতা, নৱ ঠাকুৰীয়া, ড০ গীতালি শইকীয়া। আজিৰ এই লেখক-শিৱিৰৰ ভিন্ন সত্ৰত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাকে ধৰি জিলা সভা, শাখা সভাৰ বিষয়ববীয়াসকলৰ লগতে প্রায় ৫০০ ৰো অধিক ন-পুৰণি লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰে।


ইফালে আজি দ্বিতীয় লেখক শিৱিৰৰ অন্তিম দিনা পুনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদন, নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত সমান্তৰালভাৱে নাট্য সাহিত্য, শিশু সাহিত্য, অনুবাদ সাহিত্য, কাব্য সাহিত্য, ব্যঙ্গ সাহিত্য আৰু সাহিত্য সমালোচনা সত্র অনুষ্ঠিত হ’ব।দিনৰ ১১-৩০ বজাৰ পৰা সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব লগা নাট্য সাহিত্য সত্রত সঞ্চালক হিচাপে নৰেন পাটগিৰি আৰু আলোচক হিচাপে ড° সুব্রত জ্যোতি নেওগ, ৰবিজিতা গগৈ, ঋতুপর্ণ দাস উপস্থিত থাকিব। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত হ’বলগা শিশু সাহিত্য সত্ৰত সঞ্চালক হিচাপে হৰপ্রিয়া বাৰুকিয়াল বৰগোহাঞি আৰু আলোচক হিচাপে সুৰেন্দ্ৰমোহন দাস, যুগললোচন দাস, ড’ নয়নমণি বৰুৱা উপস্থিত থাকিব। সমান্তৰালভাৱে নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হ’বলগা অনুবাদ সাহিত্য সত্রত সঞ্চালক হিচাপে নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া আৰু আলোচক হিচাপে ড° পৰী হিলৈদাৰী, কৃষ্ণদুলাল বৰুৱা, ড° জুৰি দত্ত উপস্থিত থাকিব।


আনহাতে বিয়লি ২-৩০ বজাৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগা কাব্য সাহিত্যত সঞ্চালক হিচাপে ড° প্রাণজিৎ বৰা আৰু আলোচক হিচাপে ড° বিজয় শংকৰ বৰ্মন, মৃদুল হালৈ, বর্ণালী বৰগোহাঁই উপস্থিত থাকিব। নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত হ’বলগা ব্যঙ্গ সাহিত্য সত্রত সঞ্চালক হিচাপে প্রভাত গোস্বামী আৰু আলোচক হিচাপে ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ৰিপুঞ্জয় গগৈ, ড° ধৰণী লাহন উপস্থিত থাকিব। আনহাতে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত হ’বলগা সাহিত্য সমালোচনা সত্রত সঞ্চালক হিচাপে ড’ আনন্দ বৰমুদৈ আৰু আলোচক হিচাপে ড° বিভাস চৌধুৰী, ড° বিৰিঞ্চি কুমাৰ দাস, ড° চুমী কলিতা উপস্থিত থাকিব। সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত হ’বলগা সামৰণী অনুষ্ঠান আৰু সাংস্কৃতিক সমাবেশত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড’ কুলধৰ শইকীয়া বিশিষ্ট অতিথি আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাই আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰিব বুলি প্রধানসম্পাদক দেৱজিৎ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি

কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি
কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি

কটন বিশ্ববিদ্যালয়ত ২২ আৰু ২৩ মে’ত দুদিনীয়াকৈ আয়োজিত “সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬”ৰ সফল সামৰণি পৰে।কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন ড০ টালিমেৰেন আও ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত ৰাজ্যৰ প্ৰায় ৬০খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা অহা প্ৰায় ৩০০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। কিয়োৰুগি শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া অংকুৰ ভৰালী।

বিশেষ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম টাইকোৱানডো প্ৰতিযোগিতাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া আৰু অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু পঞ্জীয়ক ড০ হীৰেণ ডেকা। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ গৌতম শৰ্মাই আঁত ধৰা সামৰণি, বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰশান্ত শৰ্মা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ গুণেন্দ্ৰ চন্দ্ৰ দাস । অনুষ্ঠানটোত কুৰিগৰাকী টাইকোৱানডো খেল পৰিচালক আৰু বিচাৰকক সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱানডো প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু দ্বিতীয় শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে কটন বিশ্ববিদ্যালয় বিবেচিত হয় । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ড০ কুলেন দাসে।