Home Blog Page 20

India vs South Africa: আজি বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ

আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ
আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সংযোজিত হ’ল গুৱাহাটীৰ নাম।(India vs South Africa)

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ।

ঋষভ পণ্টৰ নেতৃত্বত যুঁজত নামিছে ভাৰতীয় দলটো।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে মেচখন।

BCCIৰ সচিব দেবজিৎ শইকীয়া আৰু BCCIৰ সভাপতি মিঠুন মানাসে বেল বজাই আৰম্ভ কৰিলে খেলখন।

টেষ্টত টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ নিৰ্ণয় দক্ষিণ আফ্ৰিকাৰ।




এছ আৰ লৈ উত্তপ্ত পৰিস্থিতি: “অসমত ভয়–বিভ্ৰান্তিৰ খেল আৰম্ভ হৈছে”—তৃণমূলৰ জ্যেষ্ঠ মুখপাত্ৰ অভিজিৎ মজুমদাৰৰ বিস্ফোৰক অভিযোগ

অসমত নাগৰিকত্ব–সম্পৰ্কীয় নতুন পুনৰীক্ষণ প্ৰক্ৰিয়া এছ আৰ-কলৈ ৰাজ্যজুৰি এতিয়া দ্রুত উত্তেজনা বৃদ্ধি পাইছে। এই পৰিবর্তিত ৰাজনৈতিক পৰিৱেশতেই অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অভিজিৎ মজুমদাৰে অভিযোগ উত্থাপন কৰি স্পষ্টকৈ কয়—এন আৰ চি–ৰ সময়ত সৃষ্টি হোৱা বিশৃঙ্খলা আৰু কষ্টৰ পৰিস্ফুটনক পুনৰ আনিবলৈ চেষ্টা কৰা হৈছে।
তেওঁ কয়—এন আৰ চি প্রস্তুত কৰিবলৈ চৰকাৰে খৰচ কৰিছিল প্ৰায় ১,৬০০ কোটি টকা, কিন্তু সেই বিপুল ব্যয়ৰ পিছতো সাধাৰণ লোকে যন্ত্ৰণা ভোগ কৰিছিল। নথিপত্ৰ সংগ্ৰহৰ বাবে মানুহে দূৰ–দূৰনিলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল; বহু পৰিয়াল মানসিক চাপত ভগ্ন হৈছিল। চূড়ান্ত তালিকাত প্ৰায় ১৯ লক্ষ লোকৰ নাম বাদ পৰাত, আৰু বাদ পৰিলোকৰ বৃহৎ অংশ বঙালী হিন্দু হোৱাৰ ঘটনাই সমাজত গভীৰ নেতিবাচক প্ৰভাৱ সৃষ্টি পৰিছিল।

অভিজিৎ মজুমদাৰে মন্তব্য কৰে—এন আৰ চিত কোনো গঠনমূলক ফলাফল নোহোৱাটোৱেই অধিক দুঃখজনক। এতিয়াও মানুহৰ মনত তীব্ৰভাৱে স্মৃতি হৈ থাকিব। নতুনকৈ এছ আৰ–ৰ কথাবাৰ্তা আৰম্ভ হোৱাত লোকমনে স্বাভাৱিকভাবে ভয় আৰু অনিশ্চয়তা পৰিবেশৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে তেখেতে। তেওঁ কয়—বিধানসভা নিৰ্বাচনৰ মাত্ৰ দুই–তিন মাহ আগতেই এছ আৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো সন্দেহজনক। তেওঁ লগতে কয়, দেশৰ বিভিন্ন স্থানত এছ আই আৰ- ৰ প্ৰক্ৰিয়া চলিছে। গতিকে ,আইনগতভাৱে অসমতো সেই ব্যৱস্থা প্ৰয়োগ কৰিব পাৰি। কিন্তু যদি এছ আৰ–ৰ নামত যদি এন আৰ চি–ৰ দৰে অৱস্থা সৃষ্ঠি হোৱাটো কাম্য নহয় বুলি জানিবলৈ দিছে মজুমদাৰে। লগতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, এছ আৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে বঙালী হিন্দুসকলো সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে। এন আৰ চি–ৰ সময়ত বৃহৎ পৰিমাণৰ বঙালী হিন্দুৰ নাম বাদ পোৱাৰ দৰে এছ আৰ -ৰ যোগেদি বহু বঙালী হিন্দুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

বড়ো চুক্তি সময়সীমা ৰূপায়ণ আৰু ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবীৰে যন্তৰ মন্তৰত বড়ো সংগঠনৰ ধৰ্ণা

বড়ো শান্তি চুক্তি, ২০২০ৰ অধীনত মূল প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবে সংযুক্ত বড়ো পিপলছ অৰ্গেনাইজেচন (ইউ বি পি অ’) আৰু প্ৰাক্তন এন ডি এফ বি ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সহযোগত সদৌ বড়ো ছাত্ৰ সন্থাই নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সমগ্ৰ উত্তৰ পূবৰ দহখন ষষ্ঠ অনুসূচীৰ পৰিষদৰ নেতাসকলে অংশগ্ৰহণ কৰা কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অন্তত আজি সংগঠনসমূহে যন্তৰ মন্তৰত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে দীৰ্ঘদিনীয়া ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিধেয়কখনে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা শক্তিশালী কৰিব বিচাৰে। এবছুৰ সভাপতি দিপেন বড়োৱে কয়,’২০২০ চনৰ বড়ো চুক্তিয়ে বড়োলেণ্ড অঞ্চললৈ শান্তি আৰু স্থিতিশীলতাৰ নতুন দিশৰ সূচনা কৰিলে, কিন্তু শান্তিৰ সমৰ্থন কাৰ্য্যৰ দ্বাৰা হ’ব লাগিব, কথাৰ ফুলজাৰিৰে নহয়।পাঁচ বছৰ ধৰি আমি ধৈৰ্য্য আৰু বিশ্বাসেৰে অপেক্ষা কৰি আছো, তথাপিও চুক্তিখনৰ কেইবাটাও মূল দফা অস্পৃশ্য হৈয়েই আছে। আমি লগতে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু এবছুৰ মাজত তৎকালীন ত্ৰিপাক্ষিক আলোচনাৰ বাবে দাবী জনাইছো যাতে বাকী থকা সকলোবোৰ দফা পুনৰীক্ষণ আৰু কাৰ্যকৰীকৰণৰ কাম দ্ৰুতগতিত কৰা হওক । যদি ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ সময়মতে পূৰণ নহয়, তেন্তে চুক্তিখনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হয়। বড়ো জনসাধাৰণে প্ৰতিশ্ৰুতি হিচাপে নিজৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰি আহিছে, আমি এতিয়া আশা কৰিছো যে চৰকাৰে তেওঁলোকৰ দায়িত্ব আন্তৰিকতা, দায়বদ্ধতা আৰু সন্মানেৰে পালন কৰিব লাগিব।” ২০২০ চনত ঐতিহাসিক বডো চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত বডোলেণ্ড অঞ্চলত শান্তি পুনৰুদ্ধাৰ হোৱাৰ পিছতো চুক্তিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা কাৰ্যকৰী হোৱা নাই। বিগত পাঁচ বছৰত সংগঠন সমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ১২খনতকৈও অধিক ত্ৰিপাক্ষিক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰিছে আৰু একাধিকবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে। কিন্তু অগ্ৰগতি লেহেমীয়া হৈছে, যাৰ ফলত চুক্তিবদ্ধ সময়সীমাৰ ভিতৰত চুক্তিখন পূৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক লৈ উদ্বেগ প্ৰকাশ পাইছে। আজিৰ ধৰ্ণা কাৰ্যসূচীত গণতান্ত্ৰিক আন্দোলনক তীব্ৰতৰ কৰিবলৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত কোকৰাঝাৰত প্ৰায় ২ লাখ লোকৰ অংশগ্ৰহণৰ সংকল্প লৈ সংগঠনসমূহে গণ সমাৱেশৰ কথা ঘোষণা কৰে।
এবছু আৰু স্বাক্ষৰকাৰী সংগঠনসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বড়ো চুক্তি, ২০২০ৰ তলত উল্লেখ কৰা দফাসমূহ ক্ষিপ্ৰতাৰে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।
বিটিচি আৰু অন্যান্য পৰিষদৰ বিত্তীয় স্বায়ত্তশাসন আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ বাবে ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচী সংশোধন কৰি ১২৫ সংখ্যক (সংবিধান) সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰা। জনজাতীয় সংৰক্ষণত কোনো প্ৰভাৱ নপৰাকৈ বিটিচি সমষ্টি ৬০ লৈ বৃদ্ধি কৰা। সাংবিধানিক মৰ্যাদা থকা গাঁও আৰু পৌৰসভা গঠন। বিটিচি চুক্তি ২০০৩ আৰু বিটিআৰ চুক্তি ২০২০ অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাওত থকা বড়ো -কছাৰী লোকক এছটি (পাহাৰীয়া) মৰ্যাদা প্ৰদান কৰা। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক (বিকেডব্লিউএচি) পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বাকী থকা গাঁওসমূহৰ অধিসূচনা আৰু সীমা নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বিটিআৰৰ ভিতৰৰ বিদ্যালয়-মহাবিদ্যালয় আৰু বিটিআৰৰ বাহিৰৰ বডো-মধ্যমীয়া শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰা। শোণিতপুৰ, বিশ্বনাথ আৰু দক্ষিণ বিটিআৰৰ পৰা অতিৰিক্ত জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁওসমূহ অন্তৰ্ভুক্ত কৰা। বন অধিকাৰ আইন, ২০০৬ অনুসৰি জনজাতীয় সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ, বিচাৰাধীন গোচৰ প্ৰত্যাহাৰ আৰু বাকী থকা প্ৰাক্তন এন ডি এফ বি সদস্যসকলক মুকলি কৰি দিয়া, লগতে শ্বহীদ পৰিয়ালৰ বাবে এক্স-গ্ৰেচিয়া প্ৰদান কৰা। কোকৰাঝাৰৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন। কোকৰাঝাৰৰ থুলুংগাপুৰীত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা। সেনা, চি আৰ পি এফ আৰু অসম আৰক্ষীত বড়ো যুৱক-যুৱতীসকলৰ বাবে বিশেষ নিযুক্তি অভিযান। উপেন্দ্ৰনাথ ব্ৰহ্ম কেন্দ্ৰীয় বিশ্ববিদ্যালয় আই জি এন টি ইউ আঞ্চলিক কেম্পাছ, ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, জৈৱিক বিশ্ববিদ্যালয়, এন ই আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ষ্টেডিয়াম, হোটেল আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান, পশু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, উদালগুৰি, বাকছা আৰু চিৰাঙৰ এছ এ আই কেন্দ্ৰ, অতিৰিক্ত নবোদয় বিদ্যালয় আৰু মাজবাট–হলং ঘাইপথকে ধৰি ১৫০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ (বনৰাজা) আদি দাবী সমূহ পূৰণ কৰা।

Palash Muchhal Proposes To Smriti Mandhana: ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ

ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ
ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ

সামাজিক মাধ্যমত বিশেষ চৰ্চিত এটা বিশেষ ভিডিঅ’।(Palash Muchhal Proposes To Smriti Mandhana)

ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ।

মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানালৈ বিৱাহৰ প্ৰস্তাৱ।

ক্ৰিকেটাৰ স্মৃতি মান্ধানালৈ বিৱাহৰ প্ৰস্তাৱ আগবঢ়ালে বলীউডৰ সংগীত শিল্পী পলাশ মুচ্চলে।

ক্ৰিকেট ষ্টেডিয়ামতে ইজনে সিজনক আঙুঠি পিন্ধালে পলাশ-স্মৃতিয়ে।

Ind vs South Africa 2nd Test: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সংযোজিত হ’ব গুৱাহাটীৰ নাম। (Ind vs South Africa 2nd Test)

কাইলৈৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট মেচ।

গান্ধী-মেণ্ডেলা শৃংখলাৰ টেষ্ট আয়োজনৰ বাবে সাজু হৈ উঠিছে বৰ্ষাপাৰা।

বর্ষাপাৰাত দক্ষিণ আফ্রিকা বনাম ভাৰত।

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

২২ নৱেম্বৰত বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বনাম ভাৰত, ২য় টেষ্টত ভাৰতক নেতৃত্ব দিব ঋষভ পন্টে।

সময়তকৈ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ’ব মেচ।

বর্ষাপাৰাৰ টেষ্ট চাবলৈ বাট চাইছে ৰাজ্যৰ ক্রিকেটপ্রেমীয়ে।

ঋষভ পন্তে সংবাদমেল সম্বোধন কৰি কয়- এইখন গ্ৰাউণ্ড মোৰ বাবে সদায় বিশেষ। মই ইয়াত মোৰ এদিনীয়া কেৰিয়াৰৰ অভিষেক ঘটাইছিলো। কাইলৈ টেষ্টৰ অধিনায়ক হিচাপে অভিষেক ঘটাম। গুৱাহাটীবাসীৰ বাবেও বিশেষ হ’ব, কাৰণ প্ৰথমবাৰলৈ টেষ্ট অনুষ্ঠিত হ’ব।

Earthquake hits Bangladesh: ভয়ংকৰ ভূমিকম্পই কঁপালে বাংলাদেশ

ভয়ংকৰ ভূমিকম্পই কঁপালে বাংলাদেশ
ভয়ংকৰ ভূমিকম্পই কঁপালে বাংলাদেশ

পুৱাৰ ভাগতে ভয়ংকৰ ভূমিকম্পই কঁপালে ৰাজ্য।(Earthquake hits Bangladesh)

৫.২ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্য।

ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে বাংলাদেশৰ ঘোড়াশাল।

১০ বাজি ৮ মিনিটত ভূমিকম্পৰ কম্পন অনুভূত।

আনহাতে একেসময়তে বাংলাদেশতো ভয়ংকৰ ভূমিকম্পৰ সৃষ্টি হয়।

৫.৭ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে বাংলাদেশো।

বৰভূইকঁপৰ ফলত বাংলাদেশত হাহাকাৰ।

ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা কঁপি উঠিল বৃহৎ বৃহৎ অট্টালিকা।

ভূমিকম্পত এতিয়ালৈকে ছয়জন লোকৰ মৃত্যু আৰু আহত শতাধিক লোক।

৫.৫ প্ৰাৱ্যলৰ ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত হৈ পৰে বাংলাদেশ।

ঢাকাৰ বহু ঠাইত অট্টালিকা, দেৱালত মেলিছে ফাঁট।

ভূমিকম্পৰ উৎপত্তিস্থল আছিল বাংলাদেশৰ নৰসিংদীৰ মাধব।

Miss Universe 2025: মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত

মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত
মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত

মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট মেক্সিকোৰ ফাতিমা বছৰ শিৰত। (Miss Universe 2025)

থাইলেণ্ডত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।(Fatima Bosch)

ফাতিমাক মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট পিন্ধালে যোৱা বছৰৰ বিজয়ী ডেনমাৰ্কৰ ভিক্টোৰিয়া কেৰ থেইলভিগে।

মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱাৰ সময়ত আনন্দতে আৱেগিক হৈ পৰে ফাতিমা।

আনহাতে মিছ ইউনিভাৰ্ছ ৰানাৰ্ছ আপ হয়-

১ম ৰানাৰ্ছ আপ : থাইলেণ্ডৰ প্ৰবীনাৰ সিং।

দ্বিতীয় ৰানাৰ্ছ আপ: ভেনিজুৱেলাৰ ষ্টেফানী আবাছালি।

তৃতীয় ৰানাৰ্ছ আপ: ফিলিপাইনছৰ আহতিছা মানালো।

৪ৰ্থ ৰানাৰ্ছ আপ: আইভৰি কোষ্টৰ অলিভিয়া ইয়াচে।

আহাতে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক দিনকেইটাত ফাতিমা বছক মিছ ইউনিভাৰ্ছৰ আয়োজক নাৱাট ইটছাৰাগ্ৰিচিলে ঠাট্টা-মস্কৰা কৰিছিল।

যিয়ে অনুষ্ঠানটোৰ লাইভষ্ট্ৰিমৰ সময়ত তেওঁক ফাতিমাক “ডাম্বহেড” বুলি অভিহিত কৰিছিল।

বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা
বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস উপলক্ষে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে ২০৫০ চনৰ ভিতৰত কেন্সাৰ মহামাৰীত যিমান মানুহৰ মৃত্যু হ’ব, তাতোকৈ অধিক মানুহৰ মৃত্যু হ’ব এন্টাবাইটিক ঔষধ সেৱনৰ ফলত। ১৯২৮ চনত এন্টিবাইটিক ঔষধ আৱিষ্কাৰ হোৱাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে আমি ইয়াৰ বিপজ্জনক দিশৰ ওপৰত আজি অসহায় হৈ আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। আমি ৰোগ প্ৰতিৰোধী ঔষধ সেৱনৰ ক্ষেত্ৰত সচেতন নহয়, ফাৰ্মাচিষ্ট এগৰাকীয়ে তাৎক্ষণিকভাৱে ৰোগৰ পৰা উপশম পাবলৈ দিয়া ঔষধ সেৱনৰ ফলত আমি শৰীৰত মাৰাত্মক ৰোগক প্ৰশ্ৰয় দি আহিছোঁ। লগতে আৱশ্যক অনুযায়ী ঔষধ সেৱন নকৰি আধাতে সামৰি শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ক্ৰমাগত ভাৱে হ্ৰাস কৰাত নিজে নিজে অৰিহণা যোগাই আহিছোঁ। সেয়ে অণুজীৱৰ সৈতে আগন্তুক সময়ত মানৱ জাতিৰ এখন বিশ্ব মহাযুদ্ধ হোৱাৰ সম্ভাৱনা নিশ্চিত । এই সম্পৰ্কত বহুল প্ৰচাৰ আৰু সজাগতা অবিহনে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। আজি এইদৰে এখন অতি গুৰুত্বপূৰ্ণ অনুজীৱ প্ৰতিৰোধী সজাগতা সভাত এইদৰে বক্তৃতা প্ৰদান কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ ডীন তথা সু লেখক ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই। তেওঁ লগতে কয় যে আমি বহু সময়ত নিজে নিজৰ চিকিৎসা কৰোঁ। এইদৰে চিকিৎসা কৰা মানে, আত্মহত্যা কৰা। চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবাইটিক ঔষধ সেৱন কৰা শৰীৰৰ বাবে মাৰাত্মক পৰিঘটনা বুলি উল্লেখ কৰি ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই সকলোকে সহজে এন্টিবাইটিক ঔষধ সেৱন নকৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে ১৮ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ‘বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস’ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে। এই উপলক্ষে আজি নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান, মিৰ্জাৰ উদ্যোগত বিশ্ব অনুজীৱ প্ৰতিৰোধী দিৱস কালি অৰ্থাৎ ১৯ নৱেম্বৰৰ পৰা শৈক্ষিক প্ৰতিষ্ঠানখনে আয়োজন কৰি আজি এখন সজাগতা সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ড্ৰাগছ নিয়ন্ত্ৰক আৰু অনুজ্ঞাপত্ৰ বিষয়া বিশ্বজিৎ তালুকদাৰে। মুখ্য অতিথি তথা ড্ৰাগছ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰে তেওঁৰ ভাষণত কয় – চিকিৎসকৰ নিদান পত্ৰ নাথাকিলে কোনো ফাৰ্মাচিষ্ট তথা ফাৰ্মাচিৰ দোকানীয়ে নিজৰ বিশ্বাস আৰু নীতি নিৰ্দেশনা বিসৰ্জন দি ঔষধ, বিশেষকৈ এন্টিবাইটিক ঔষধ বিক্ৰী কৰিব নালাগে। চিকিৎসক সকলেও অপ্ৰয়োজনীয় ভাৱে এন্টাবাইটিক ঔষধ সেৱন কৰিবলৈ ৰোগীক উৎসাহিত নকৰিবলৈ তেওঁ আহ্বান জনায়। সভাত নেমকেয়াৰ হাস্পতালৰ জীৱাণুতত্ব বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মেঘণা গগৈয়ে নিজৰ ভাষণত কয় – এন্টিবাইটিক অনুজীৱবোৰেও আত্মৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰি মানৱ শৰীৰত দীৰ্ঘজীৱী হ’বলৈ শিকিছে। গতিকে, আমি অতি সাৱধান নহ’লে অনুজীৱৰ পৰা প্ৰতিৰক্ষা পাবলৈ সক্ষম হ’ব নোৱাৰিম। অতি আৱশ্যক নহ’লে এন্টিবাইটিক ঔষধ সেৱন কৰিব নালাগে বুলি খোদ এগৰাকী চিকিৎসকে দিয়া উপদেশ সভাত উপস্থিত থকা বিভিন্ন শ্ৰেণীৰ লোকে হৃদয়ঙ্গম কৰা পৰিলক্ষিত হয়।

স্বাস্থ্য সম্পৰ্কীয় এই সজাগতা সভাখনত আন কেবাজনো অতিথি বিশেষকৈ জালুকবাৰীত থকা অসম চৰকাৰৰ ড্ৰাগছ পৰীক্ষা গৱেষণাগাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, কামৰূপ গ্ৰাম্য জিলাৰ ড্ৰাগছ পৰিদৰ্শক শ্যামালেন্দু নাথ, কামৰূপ মহানগৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক কুৰী কিৰণ হাজৰিকা, চন্দ্ৰ ভট্টাচাৰ্য, গুৱাহাটীৰ ড্ৰাগছ হেড কোৱাৰ্টাৰৰ ড্ৰাগছ পৰিদৰ্শক জাহ্নু বৰা, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ নাৰ্চিং বিজ্ঞানৰ অধ্যক্ষা ডা: অকোইজাম মমতা দেৱী, অধ্যাপিকা সুকৃতি দাস আদিয়ে অংশগ্ৰহণ কৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে কালি এই উপলক্ষে অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতা, পোষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ী শিক্ষাৰ্থীসকলক এই সভাত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰে মুখ্য অতিথি তথা বিশিষ্ট ব্যক্তিসকলে। সভাৰ শেষৰফালে উক্ত বিষয়ক এখন একাংকিকা নাট প্ৰদৰ্শন কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ ছাত্ৰ ছাত্ৰীয়ে। এই অনুষ্ঠানত বিশেষ ভাৱে সহযোগিতা আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক বিক্ৰম কাশ্যপৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে। শেষত শলাগৰ শৰাই আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ উপ পজ্ঞীয়ক ড০ অপূৰ্ব তালুকদাৰে।

Earthquake: ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?

ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?
ৰাজ্যত ভূমিকম্পঃ আপোনাৰ অঞ্চলত অনুভূত হৈছিল নে জোকাৰণি ?

ৰাজ্যত পুনৰ ভূমিকম্প।( Earthquake)

পুৱাই ৰাজ্যত ভূমিকম্প।

ভাৰত-বাংলাদেশৰ সীমান্ত ভূমিকম্পৰ অভিকেন্দ্ৰ।

বিশেষকৈ নামনি অসম কঁপাই গ’ল ভূমিকম্পই।

৫.২ প্ৰাৱ্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য।

১০ বাজি ৯ মিনিটত অনুভূত হয় ভূমিকম্পৰ কম্পন।

দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।

দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।
দেশৰ কৃষকৰ বাবে ভাল খবৰঃ এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ ।

দেশৰ কৃষকৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ । উল্লেখ্য পূৰ্বে এই দুটা কাৰণত হোৱা শস্যৰ ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাত কোনো ক্ষতিপূৰণৰ ব্যৱস্থা নাছিল।

এই সদৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰে দেশৰ কৃষকসকলৰ প্ৰতি এক ইতিবাচক বাৰ্তা দিছে। কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলক উদ্দেশ্যি কয়- আজি আপোনালোকক কিছু ভাল খবৰ দিবলৈ ওলাইছো। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা আৰম্ভ কৰিছিল।

কিন্তু এই আঁচনিৰ অধীনত দুটা লোকচান সামৰি লোৱা হোৱা নাছিল, যিটো আপোনালোকে বহুদিনৰে পৰা দাবী কৰি আহিছে: প্ৰথমটো হৈছে, বন্যপ্ৰাণীৰ ফলত হোৱা ক্ষতি; দ্বিতীয়তে, অত্যধিক বৰষুণৰ ফলত সৃষ্ট বানপানী বা পানী জমা হোৱাৰ ফলত হোৱা শস্যৰ ক্ষতি।মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এই দুয়োটা লোকচানেই এতিয়া শস্য বীমা আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। বন্যপ্ৰাণীৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হ’ব আৰু পানী জমা হোৱাৰ ফলত হোৱা লোকচানৰো ক্ষতিপূৰণ দিয়া হ’ব।