Home Blog Page 17

Ethiopia’s volcanic eruption: ইথিওপিয়াত ভয়ংকৰ আগ্নেয়গিৰিৰ উদ্গীৰণ

ইথিওপিয়াত ভয়ংকৰ আগ্নেয়গিৰিৰ উদ্গীৰণ
ইথিওপিয়াত ভয়ংকৰ আগ্নেয়গিৰিৰ উদ্গীৰণ

ইথিওপিয়াত ভয়ংকৰ আগ্নেয়গিৰিৰ উদ্গীৰণ।(Ethiopia’s volcanic eruption)

ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰি উদ্গীৰণ।

ফলত আকাশ ছানি ধৰিছে ধোৱা আৰু ছাঁইয়ে।

২৫ হাজাৰৰ পৰা ৪৫ হাজাৰ ফুট পৰ্যন্ত উচ্চতালৈ উঠিছে আগ্নেয়গিৰিৰ ধোঁৱা-ছাই।

এই ধোঁৱা বিয়পি পৰিছে দিল্লী, ৰাজস্থান, উত্তৰ ভাৰত পৰ্যন্ত।

১২ হাজাৰ বছৰৰ পাছত আগ্নেয়গিৰিটো উদ্গীৰণ।

হাইলি গুব্বি আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পাছতে বিমান চলাচলত বাধা।

আগ্নেয়গিৰি উদ্গীৰণৰ বাবে সলনি কৰা হৈছে বহুকেইখন বিমানৰ পথ।

বাতিল কৰা হৈছে আন কেইবাখনো বিমান।

লোহিত সাগৰ পাৰ হৈ য়েমেন আৰু ওমানলৈকে আগ্নেয়গিৰিৰ ধোঁৱা আৰু ছাই বিয়পি পৰিছে।

Dharmendra Health Problems: উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বাতবিষ…,পাঁচটা গুৰুতৰ ৰোগত ভুগিছিল ধৰ্মেন্দ্ৰ; ৫০ পাৰ হোৱাৰ লগে লগে শৰীৰে কি কি সংকেত দিয়ে?

৫০ পাৰ হোৱাৰ লগে লগে শৰীৰে কি কি সংকেত দিয়ে?
৫০ পাৰ হোৱাৰ লগে লগে শৰীৰে কি কি সংকেত দিয়ে?

বলীউডৰ (Dharmendra Health Problems) কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ সোমবাৰে মৃত্যু। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। মন কৰিবলগীয়া যে ধৰ্মেন্দ্ৰই এই পাঁচটা গুৰুতৰ সমস্যাৰ সৈতে ভুগি আছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল কিংবদন্তি অভিনেতা তথা বলীউডৰ নিজস্ব ব্যক্তি ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে কেইবাসপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ১১ দিন ভৰ্তি হোৱাৰ পিছত চিকিৎসকে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে। এতিয়া ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে অনুৰাগীসকলক। দীৰ্ঘদিন ধৰি ধৰ্মেন্দ্ৰই এই ৰোগবোৰৰ সৈতে যুঁজি আছিল।

ধৰ্মেন্দ্ৰই কি কি ৰোগৰ সৈতে যুঁজিছিল-
ডায়েবিটিছ
ধৰ্মেন্দ্ৰৰ ডায়েবেটিছ আছিল। বয়সৰ লগে লগে এই ৰোগৰ আশংকা বাঢ়ি যায়। শৰীৰত সঠিক পৰিমাণৰ ইনচুলিন উৎপাদন নহ’লে ডায়েবেটিছ হয়। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত আমাৰ চকু, হৃদযন্ত্ৰ আৰু বৃক্কত যথেষ্ট প্ৰভাৱ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে ব্যায়াম কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।

উচ্চ ৰক্তচাপ
বয়সৰ লগে লগে ৰক্তচাপৰ সমস্যাৰ আশংকা বাঢ়ি যায়। আজিৰ তাৰিখত প্ৰায় ৬১ শতাংশ বৃদ্ধ লোকৰ বাবে এই সমস্যা সাধাৰণ হৈ পৰিছে। সময়ত নিয়ন্ত্ৰণ নকৰিলে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ নিমখৰ পৰিমাণ সীমিত কৰক, মানসিক চাপ কম কৰক, নিয়মিত স্বাস্থ্য পৰীক্ষা কৰক।

হৃদৰোগ
হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধসকলৰ মাজত ক্ৰমান্বয়ে দেখা গৈছে। বয়সৰ লগে লগে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই সমস্যাৰ সৃষ্টি হয় যেতিয়া আমাৰ হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ আৰু অক্সিজেন নাপায়, যাৰ ফলত ভোক কমি যোৱা, বমি, ভাগৰ, মূৰ ঘূৰোৱা আদি সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক আৰু সুৰাৰ পৰা আঁতৰি থাকক।

বাতবিষ
ভাৰতৰ প্ৰায় ৫১ শতাংশ বৃদ্ধ লোক বাতবিষত আক্ৰান্ত। এই অৱস্থাত হাড়ত ফাঁক হয়, যাৰ ফলত বহিবলৈ, থিয় হ’বলৈ আৰু খোজ কঢ়াত অসুবিধা হয়। বাতবিষৰ পৰা ৰক্ষা পাবলৈ নিয়মিতভাৱে ব্যায়াম কৰিব লাগে।

উচ্চ কলেষ্টেৰল
উচ্চ কলেষ্টেৰলে বয়সস্থ লোকক প্ৰায়ে অসুবিধা দিয়ে। শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত আমাৰ ৰক্তবাহী নলীত চৰ্বি জমা হয়, যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ যোগান বিকল হৈ পৰে আৰু অক্সিজেনৰ সোঁত কমি যায়। ইয়াৰ পৰা হাত সাৰিবলৈ অধিক তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু দৈনিক খোজ কাঢ়িব লাগে।

Winter Session of the Assam Legislative Assembly: আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন
আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন।(Winter Session of the Assam Legislative Assembly)

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথমটো দিন।

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰে আৰম্ভ সদনৰ প্ৰথম দিনৰ কাম-কাজ।

ইয়াৰ পাছতে আৰম্ভ সদনৰ প্ৰশ্নোত্তৰ ঘণ্টা।

প্ৰথমদিনাই সদনত উত্থাপন হ’ব কমেও ১১ খন ন-পুৰণি বিধেয়ক।

আনহতে সোমবাৰে এইবাৰৰ বিধানসভাৰ শীতকালীন অধিৱেশনক ঐতিহাসিক শীতকালীন অধিৱেশন বুলি উল্লেখ কৰে।

এইবাৰ বিধানসভাত উত্থাপন হ’ব ২৭খনকৈ নতুন আইন।

Road Accident: পথ দূৰ্ঘটনাত নিহত আৰক্ষী উপ-পৰিদৰ্শক দুলুমণি মেধিঃ দৰং-ওদালগুৰিত শোকৰ ছাঁ

দৰং-ওদালগুৰিত শোকৰ ছাঁ
দৰং-ওদালগুৰিত শোকৰ ছাঁ

মঙলদৈৰ (Road Accident)হাউলীমোহনপুৰ নিবাসী, প্ৰবীণ ফুটবল, এথলেটিকছ, বেডমিণ্টন খেলুৱৈ, এজন মানৱদৰদী ব্যক্তি তথা আৰক্ষী উপ-পৰিদৰ্শক দুলুমণি মেধি (৫৫)ৰ দেওবাৰে নিশা এক পথ দূৰ্ঘটনাত মৃত্যু হয়। ওদালগুৰি আৰক্ষী চাউনীৰ চাউনী বিষয়া দুলুমণি মেধিয়ে ২৩ নৱেম্বৰৰ নিশা নিজৰ কাম সম্পাদন কৰি গৃহাভিমুখে আহি থাকোতে নিশা প্ৰায় ৯-৩০ বজাত কলাইগাঁৱৰ নিকটৱৰ্তী গৰুবন্ধাত তেওঁ নিজেই চলাই অহা এ এছ ১৩ এছ ১৫০৫ নম্বৰৰ বলেৰ’ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত তেওঁ গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। এই দূৰ্ঘটনাত বিদ্যুত পৰিবাহী তাঁৰ এডাল চিগি গাড়ীখনৰ ওপৰত পৰাত গাড়ীখন বিদ্যুৎপিষ্ট হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আৱদ্ধ হৈ থকা গাড়ীৰ পৰা তেওঁক উলিয়াবলৈ চেষ্টা কৰে যদিও কেবাগৰাকীও লোকক চৰ্ট কৰে। পিছত বিদ্যুৎ সংযোগ কৰ্তন কৰিহে তেওঁলোকে মেধিক গাড়ীৰ ভিতৰৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে দুলুমণি মেধিয়ে শেষ নিশ্বাস ত্যাগ কৰে। সদ্য প্ৰয়াত মেধি প্ৰায় চাৰিবছৰ ধৰি ওদালগুৰি আৰক্ষী চাউনীৰ চাউনী বিষয়া হিচাপে কৰ্মৰত আছিল আৰু তেওঁ যথেষ্ট কৰ্মপটু আছিল বাবে উচ্চস্তৰীয় বিষয়া সকলৰ প্ৰিয়ভাজন আছিল।

তেওঁ মঙলদৈ আৰক্ষী চাউনীৰো চাউনী বিষয়া হিচাপে প্ৰায় দুবছৰ কৰ্মৰত আছিল। আৰক্ষী কনিষ্টবল হিচাপে চাকৰিত যোগদান কৰি পিছলৈ পদোন্নতি লাভ কৰি সহকাৰী উপ-পৰিদৰ্শক আৰু পৰিদৰ্শক পদ লাভ কৰিছিল। আৰক্ষীত যোগদান কৰাৰ আগতে তেওঁ ফুটবল আৰু এথলেটিকছ খেলি খ্যাতি অৰ্জন কৰিছিল আৰু চাকৰি কৰি থকা সময়ত তেওঁ বেডমিণ্টনো খেলিছিল। মঙলদৈ হাউলী মোহনপুৰৰ প্ৰয়াত বিদ্যাৰাম মেধিৰ জ্যেষ্ঠ পুত্ৰ দুলুমণি মেধি এগৰাকী ধৰ্মপ্ৰাণ লোক আছিল। তেওঁ কেবাবাৰো বিহাৰৰ বাবাধাম, কাশ্মীৰৰ অমৰনাথ, পুৰিৰ জগন্নাথ মন্দিৰ আদি দৰ্শন কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকসহ জিলাখনৰ প্ৰায়সংখ্যক আৰক্ষী বিষয়া, দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস সহ অন্যান্য উচ্চস্তৰীয় আৰক্ষী বিষয়া সকল, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বড়া নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ খবৰ লয়। আজি দিনত চিকিৎসালয়খনত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত সহস্ৰাধিক গুণমুগ্ধই চিকিৎসালয়ৰ পৰা তেওঁৰ বাসগৃহলৈ সমদল কৰি মৃতদেহ লৈ যায় আৰু বাসগৃহত পূৰ্বৰে পৰা ৰৈ থকা অসংখ্য লোকে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে।

স্থানীয় শ্মশানত আজি দিনৰ ১-০০ বজাত তেওঁৰ শেষ কৃত সম্পন্ন কৰা হয়। শেষকৃতৰ সময়ত দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা সহিতে কেবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে বিশেষ মৰ্যদাৰে আৰক্ষী বিষয়া দুলুমণি মেধিক শেষ শ্ৰদ্ধা জনায়। শেষকৃতস্থলীত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰাণৱ নাৰায়ন দেৱ, কংগ্ৰেছৰ নেতা কন্দৰ্প কলিতা, প্ৰবীণ খেলুৱৈ বীৰেণ মেধি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। তেওঁৰ মৃত্যুত দৰং জিলা আৰক্ষী প্ৰশাসন, হাউলী মোহনপুৰ সমাজ কল্যাণ যুৱক সংঘ, মঙলদৈ ক্ৰীড়া সন্থা, মঙলদৈ কাবাদি, খো-খো ক’চিং চেন্টাৰ, দৰং জিলা মাষ্টাৰ্চ এথলেটিকছ সন্থা, মঙলদৈ ইউথ ক্লাব, মঙলদৈ প্ৰেছ ক্লাব, ইউনাইটেড ক্লাব, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতি, আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসম, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থা আদি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত মেধিয়ে মাতৃ, পত্নী, দুই ভাতৃ, এটাকৈ কন্যা আৰু পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত দৰং আৰু ওদালগুৰি জিলাত শোকৰ ছাঁ পৰিছে।

Dilip Saikia: লাচিত দিৱসৰ দিনটোত বিস্ফোৰক বিজেপি ৰাজ্যিক সভাপাতি দিলীপ শইকীয়াৰ

লাচিত দিৱসৰ দিনটোত বিস্ফোৰক বিজেপি ৰাজ্যিক সভাপাতি দিলীপ শইকীয়াৰ
লাচিত দিৱসৰ দিনটোত বিস্ফোৰক বিজেপি ৰাজ্যিক সভাপাতি দিলীপ শইকীয়াৰ

আজি (Dilip Saikia) লাচিত দিৱস। লাচিত দিৱসৰ দিনটোত বিস্ফোৰক মন্তব্য বিজেপি ৰাজ্যিক সভাপাতি দিলীপ শইকীয়াৰ। লাচিত দিৱসত আধুনিক মোগলক প্ৰত্যাহ্বান জনোৱাৰ সংকল্প বিজেপিৰ। বিজেপি ৰাজ্যিক সভাপাতি দিলীপ শইকীয়াই কয় যে-
‘আধুনিক মোগলৰ আগ্ৰাসী মনোভাৱে জাতি-মাটি-ভেটিলৈ প্ৰত্যাহ্বান আনিছে। আমাৰ মাটি-ভেটি কেনেদৰে ল’ব পাৰে মোগলৰ বংশধৰসকলে চাই আছে। আমি মোগলৰ বিৰুদ্ধে যুঁজাৰ লগতে ঘৰৰ মানুহৰ বিৰুদ্ধেও যুঁজিব লাগা হৈছে।মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব।’

‘আধুনিক মোগলৰ পক্ষত থিয় দি বদনৰ ভূমিকা লৈছে কংগ্ৰেছে বুলি উল্লেখ ৰাজ্যিক সভাপতিগৰাকীৰ। এনে মোগলৰ বিৰুদ্ধে অব্যাহত আছে শৰাইঘাটৰ শেষ ৰণ। ২৬ৰ নিৰ্বাচনত চূড়ান্ত পৰ্যায় পাব জাতি ৰক্ষাৰ এই ৰণে।’ এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

ULFA(I): আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক
আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক

আলফা(স্বাঃ)ত (ULFA(I)) যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক।

ভাৰতীয় সেনা বাহিনীয়ে আটক কৰে ৩ যুৱকক।

অৰুণাচল প্ৰদেশৰ খাৰছাঙৰ পৰা আটক তিনিওকে।

যুৱক কেইজন বাংগালোৰত কৰ্মৰত হৈ আছিল।

যুৱক কেইজন কাকপথাৰৰ মাইথং গাঁৱৰ।

যুৱক কেইজনৰ নাম নবুত্তম বাউলাৰি, জয়ন্ত কোঁৱৰ, মনজিৎ নেওঁগ।

যোৱা পাঁচ দিনৰ পৰা আলফা স্বাধীনত যোগদান কৰিবলৈ অৰুণাচল প্ৰদেশৰ খাৰচাংত বাহৰ পাতি আছিল।

Dharmendra: ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান

ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান
ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান

বিদায় বলীউডৰ (Dharmendra) He-Man। প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। বলিউদৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। অভিনেতা ধৰ্মেন্দ্ৰৰ বিয়োগত শোকস্তব্ধ দেশ। উকা হৈ পৰিল বলীউড জগত।

১৯৩৫ চনত পাঞ্জাৱত জন্ম হৈছিল ধর্মেন্দ্ৰ কেৱাল কৃষান দেউলৰ বলিউডৰ। বলিউদৰ হি-মেন হিচাপে খ্যাত আছিল ধর্মেন্দ্র। ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্রবীণ অভিনেতাগৰাকীয়ে। কিছুদিন পূৰ্বে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ লাভ কৰিছিল ধর্মেন্দ্ৰই। ১৯৬০ চনত ‘দিল ভি তেৰা, হাম ভি তেৰে’ ছবিৰে ঘটিছিল আত্মপ্রকাশ। দেশৰ নিম্ন সদনলৈও নির্বাচিত হৈছিল জনপ্রিয় অভিনেতাগৰাকী। আজি নিজ বাসগৃহতে শেষঃনিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

Lachit Divas: আজি বীৰ লাচিত দিৱসঃ গৃহমন্ত্রী অমিত শ্বাহে জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত কৰিলে স্মৰণ

বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।
বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।

আজি বীৰ লাচিত দিৱস।(Lachit Divas)

বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।

গৃহমন্ত্রী অমিত শ্বাহৰো Xযোগে জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত স্মৰণ।

তেওঁ সামাজিক মাধ্যমত জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত স্মৰণ কৰি লিখিলে-

‘আমাৰ ইতিহাসৰ অন্যতম মহান যোদ্ধা, আহোম সেনাপতি লাচিত বৰফুকনলৈ তেখেতৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

তেখেতৰ অদম্য দেশপ্ৰেম, অপৰাজেয় বীৰত্ব আৰু অতুলনীয় সামৰিক নেতৃত্বই কেৱল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয়, লগতে অঞ্চলটোৰ অমূল্য সাংস্কৃতিক ঐতিহ্যকো সুৰক্ষিত কৰিছিল। দেশপ্ৰেমীসকলৰ বাবে তেখেতৰ জীৱন চিৰদিন প্ৰেৰণাৰ অম্লান উৎস হৈ ৰ’ব।’

Guwahati News: গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত

গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত
গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত

গুৱাহাটীৰ (Guwahati News) এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কোঠাতে এগৰাকী যুৱতী কৰ্মচাৰীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত।

এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত আছিল সাংবাদিকগৰাকীৰ।

৫ ডিচেম্বৰত বিবাহৰ দিন ঠিক হৈ আছিল সাংবাদিকগৰাকীৰ।

দেউতাকলৈ লিখি থৈ গৈছে চুইচাইড নোট।

চৰমপন্থা গ্ৰহণৰ প্ৰকৃত কাৰণ  এতিয়ালৈ জানিব পৰা হোৱা নাই।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত এই অঘটন।

আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিকৰ BJP :-দিলীপ শইকীয়া

আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিক BJP

“মোগলৰ বংশধৰ সকলৰ পূৰ্বৰ মানসিকতা এতিয়াও দেখিবলৈ পাওঁ”

“আমাৰ মাটি ভেটি কেনেদৰে ল’ব পাৰে মোগলৰ বংশধৰ সকলে চাই আছে”

“আজি বিশেষ দিনটোত লাচিতৰ আদৰ্শক স্মৰণ কৰি আমি প্ৰতিশ্ৰুতি লৈছো যি সকল আধুনিক মোগলে আমাৰ মাটি ভেটি হস্তগত তেওঁলোকক ৰোধ কৰিম”

“মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো এক গোট হ’ব লাগে যাতে আমাৰ সংস্কৃতিৰ ওপৰত তেওঁলোক আক্ৰমণ ৰোধ কৰিব পাৰো”

“শৰাইঘাট শেষ ৰণত আমি যেনেদৰে যুঁজিছো তেনেদৰে আমাৰ বিৰুদ্ধে যুঁজা লোকো আছে”

“তেতিয়াৰ বদনৰ দৰে এতিয়াও বিৰোধীত বদন আছে”

“আমি মোগলৰ বিৰুদ্ধে যুঁজাৰ লগতে ঘৰৰ মানুহৰ বিৰুদ্ধেও যুঁজিব লাগা হৈছে !কাৰণ তেওঁলোকৰ ভাষা, চিন্তা, কথা সকলো মোগলৰ”

“{লাচিতৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদন বৰফুকনৰূপী এই সকলক আমি ৰেহাই দিব নোৱাৰো, তেওঁলোকক আমি চিনিব লাগিব আৰু যুঁজিব লাগিব”

মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব

“কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰসা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম।”

“মোগলক ভোটাৰ অধিকাৰ দি, ভূমি দি সংস্থাপিত কৰা সকলক হৈছে কংগ্ৰেছ”

লাচিত দিৱসৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি দিলীপ শইকীয়াৰ