Home Blog Page 1817

চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে মানুহক ঋণ দিছে। ইয়াৰ বিষয়ে সবিশেষ জানক

চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে মানুহক ঋণ দিছে। এই বাৰ্তাৰ লগতে ঋণৰ বাবে আবেদন কৰিবলৈ লিংকটোও দিয়া হৈছে।প্ৰতিজন আধাৰ কাৰ্ডধাৰীক চৰকাৰে দিব ৪.৭৮ লাখ টকাৰ ঋণ! বাৰ্তাটোত দাবী কৰা হৈছে যে চৰকাৰে আধাৰ কাৰ্ডধাৰীক ৪.৭৮ লাখ টকাৰ ঋণ প্ৰদান কৰিব। বাৰ্তাটোত কোৱা হৈছে যে আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰে ৰাইজক ঋণ প্ৰদান কৰিছে। এইকেইদিন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা বাৰ্তা, য’ত দাবী কৰা হৈছে যে চৰকাৰে আধাৰ কাৰ্ডধাৰীক ৪.৭৮ লাখ টকাৰ ঋণ প্ৰদান কৰিব। এই বাৰ্তাত কোৱা হৈছে যে চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে ৰাইজক ঋণ দিছে। এই বাৰ্তাৰ লগতে ঋণৰ বাবে আবেদন কৰিবলৈ লিংকও দিয়া হৈছে।

তথ্য পৰীক্ষাৰ দ্বাৰা প্ৰকাশ পোৱা তথ্য
ভাইৰেল হোৱা বাৰ্তাটোৰ PIB Fact Check যেতিয়া কৰা হৈছিল তেতিয়া ইয়াৰ লগত জড়িত বাস্তৱতা চৰ্চালৈ আহিছিল। এই দাবী সম্পূৰ্ণ ভুৱা। ইয়াৰ ভিত্তিত জালিয়াতিৰ চেষ্টা কৰিব পাৰি। পিআইবি ফেক্ট চেকে পৰামৰ্শ দিয়ে যে আপোনাৰ আৰ্থিক আৰু ব্যক্তিগত তথ্য কাৰো লগত ভাগ-বতৰা নকৰিব।

প্ৰতাৰণামূলক বাৰ্তা প্ৰেৰণ কৰা নিষিদ্ধ
কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী তথ্য পৰীক্ষক ‘পিআইবি তথ্য পৰীক্ষা’ই এনে কোনো বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ নকৰিবলৈ আহ্বান জনাইছে। ওপৰৰ বাৰ্তাটোত PIB Fact Check য়ে জনাইছে যে এই দাবী সম্পূৰ্ণ ভুৱা। এনে কোনো নিৰ্দেশ দিয়া নাই চৰকাৰে।

ভাইৰেল মেছেজত কি আছে?
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বাৰ্তাটোত দাবী কৰা হৈছে যে চৰকাৰে ৪.৭৮ লাখ টকাৰ ঋণ দিছে। এই ঋণ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব। ফাইল চাৰ্জ আৰু সুতৰ হাৰ আদিৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই। বাৰ্তাৰ সৈতে দিয়া লিংকটোক ঋণৰ বাবে আবেদন কৰিবলৈ কোৱা হৈছে।

শীতকালত গোৰোহা ফটাক লৈ চিন্তিত নেকি? এইদৰে আনাৰস ব্যৱহাৰ কৰিলে সকাহ পাব…

শীতকাল চলি আছে, এনে পৰিস্থিতিত বেছিভাগ মানুহেই ভৰিৰ যত্ন লোৱা নাই, যাৰ বাবে গোৰোহাত ফাট মেলিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এতিয়া আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। এনে পৰিস্থিতিত যদি আপুনিও গোৰোহা ফাটি যোৱাৰ বাবে অসুবিধা পায় তেন্তে আনাৰসে আপোনাক সহায় কৰিব পাৰে।ভৰি পৰিষ্কাৰ কৰিবলৈ প্ৰথমে আধা বাল্টি গৰম পানী লৈ তাত নিমখ দি ভৰি দুখন ১৫ মিনিট ৰাখিব লাগে। ইয়াৰ ফলত সকলো মলি পৰিষ্কাৰ হ’ব।

ভৰি দুখন ধুই ধুনীয়া কৰি তুলিব।ইয়াৰ বাবে আনাৰসৰ ৰসত ব্ৰাউন চুগাৰ মিহলাই ভৰিত লগাই লঘু হাতেৰে ঘঁহিব। ৫ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ভৰি ধুব।

গোৰোহা ফাটি যোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আনাৰসৰ পেষ্টত মৌ মিহলাই ভৰিত লগালে গোৰোহা ফাটি যোৱা গোৰোহা দূৰ হ’ব আৰু মৰা ছাল পৰিষ্কাৰ হ’ব।

ভৰি দুখন ধুনীয়া কৰিবলৈ ভৰিৰ নখবোৰো পৰিষ্কাৰ কৰক, ইয়াৰ বাবে আপুনি ফাইলাৰৰ সহায় ল’ব পাৰে।নখ পৰিষ্কাৰ আৰু চেট হ’লে ভৰি দুখন ধুনীয়া দেখা যাব।

ভৰি দুখন নাৰিকল তেলেৰে মালিচ কৰিলে গোৰোহা ফাটি যোৱা গোৰোহাৰ পৰা পৰিত্ৰাণ পায় আৰু ভৰি দুখন ধুনীয়া হয়।

মৰিগাঁও জিলাৰ ধৰমতুলত আজি উদযাপন কৰা হ’ল ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ উদপুৰ মেলা

মৰিগাঁও জিলাৰ ধৰমতুলত আজি উদযাপন কৰা হ’ল ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ উদপুৰ মেলা। সম্পাদন হ’ল পাহাৰ-ভৈয়ামৰ বিনিময় প্ৰথা। পুৱা এই বিনিময় প্ৰথা উদ্বোধনৰ পিচতে ভৈয়ামৰ উৎপাদিত ভোগৰ সামগ্ৰী পিঠা-পনাৰ সৈতে পাহাৰৰ উৎপাদিত কেচা সামগ্ৰী বিনিময় কৰা হয়।

মামা মামী সমন্ধৰে ইজনে সিজনক সম্বোধন কৰি ভৈয়ামৰ লোকে তিলপিঠা , সান্দহ , আদি শুকান জলপান দি ইয়াৰ বিনিময়ত পাহাৰৰ পৰা অহা লোক সকলৰ পৰা পাহাৰত উৎপাদিত আদা, হালধী, জলকীয়া, শাক, ইলাচি, লং , ডালচেনী ,  আদি  সলনি কৰি লয় ।ইয়াৰ পিছতে স্মৃতি তৰ্পন, পতাকা উত্তোলন আদি কাৰ্য সূচীৰ লগতে  উদপুৰ বিলত পৰম্পৰাগত সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হয়। 

তিৱা ৰজা আৰু ডা- ডাঙৰীয়া সকলে পৰম্পৰাগত ৰীতি-নীতি মানি ঢাল, তৰোৱাল, আদি লৈ বিলৰ পাৰলৈ আহে । বিলৰ পাৰত ৰজাৰ পাৰিষদে স্বক্ৰীয় নীতি নিয়মেৰে বিলত পূজা দি পানী হিলৈ ফুটোৱাৰ  পিছতে কেইবা হাজাৰ লোকে জাল, পল, জাকৈ লৈ সমূহীয়া মৎস্য চিকাৰত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ইপিনে মেলাস্থলীতে অনুষ্ঠিত হয় পৰম্পৰাগত কুঁকুৰা যুঁজ।পথাৰত  কুকুৰাৰ মালিকে ঘূৰনীয়াকৈ বহি কুকুৰাৰ জোৰ মিলাই ভৰিত বিশেষ লোৰ   জোঙা অস্ত্ৰ বান্ধি এৰি দিয়া মতা কুকুৰাই বিশেষ ভংগীত ওপৰলৈ জাপ মাৰি এটাই আনটোক জোঙা অস্ত্ৰৰে  বুকুত আঘাট কৰিবলৈ যি প্ৰদ্ধতিৰে যুঁজ দিয়ে সেয়া চাবলগীয়া ।

এই যুঁজত এটাই আনটোক বুকুত ভৰিত বন্ধা অস্ত্ৰ সুমুৱাই মৃত্যু লৈ থেলি দি মৃত্যু হোৱা কুকুৰাটো লাভ কৰে । তিৱাসকলৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি উজ্বলি উঠা মেলাস্থলীত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা মেলাস্থলীত খলা দেউৰজাৰ ৰাজদৰবাৰো বহে। আনপিনে ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাত নিমন্ত্ৰণ নাপালে খলা ৰাজ্যৰ ৰজা প্ৰবিন দেওৰজা মছৰঙে।

একেদৰে প্ৰদান নকৰে ৰাজভাট্টাও। বিগত পাঁচ বছৰৰ পৰাই তিৱা ৰাজদৰবাৰে প্ৰদান কৰা নাই তিৱা পৰম্পৰা অনুসৰি আনুষ্ঠানিকভাৱে খলা ৰাইজে পাতি দিয়া ৰজা প্ৰবিন দেওৰজা মছৰঙক। ২০১৭ চনৰ পৰাই বঞ্চিত ৰাজভাট্টাৰ পৰা । উদপুৰ মেলা বাকৰিত ক্ষোভ প্ৰকাশ স্বয়ং খলা দেওৰজাৰ। ৰাজভাট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ আৰু তিৱা ৰাজ দৰবাৰৰ ৬০/৪০ ৰ অংক হয় বুলি অভিযোগ আনিছে খলা ৰাজ্যৰ ৰজাই।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিল্পী দিৱস উদযাপন…

জ্যোতি প্ৰসাদৰ বিভিন্ন সৃষ্টিক ভবিষ্যত প্ৰজন্মৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে আমাৰ শিক্ষানুষ্ঠানবোৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্যোতি প্ৰসাদৰ চৰ্চা হ’লেই জ্যোতি-চৰ্চাই এক বিশেষ মাত্ৰা লাভ কৰিব৷’ আজি গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সাহিত্য সংগঠনে আয়োজন কৰা ‘শিল্পী দিৱস’ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীব কুমাৰ ফুকনে এনেদৰে কয়৷ তেখেতে আকৌ কয় যে জ্যোতিপ্ৰসাদে যি ৰূপান্তৰৰ মন্ত্ৰেৰে জগত ধুনীয়া কৰা সপোন দেখিছিল সেই সপোন সফল হ’বলৈ হ’লে সমাজৰ প্ৰতিজনৰ মনতেই ৰূপান্তৰৰ ভাব জাগ্ৰত হ’ব লাগিব৷ শিক্ষানুষ্ঠানবোৰে এই কাম সহজেই কৰিব পাৰে৷ ভাষণত শ্ৰী ফুকনে বিশ্ববিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লয় ৷


বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ভাষণ দিয়ে উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰে কয় যে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশ সতেজ কৰি ৰাখিবলৈ শিক্ষক-ছাত্ৰ উভয়ৰে মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম ধাৰাবাহিক ভাবে চলি থাকিব লাগে৷ আজিৰ এই শিল্পী দিৱসো সেই প্ৰচেষ্টাৰে এটা অংগ ৷ জ্যোতিপ্ৰসাদৰ বিভিন্ন সৃষ্টিয়ে তেওঁৰ কিশোৰমনত পেলোৱা কথাকো তেখেতে স্মৰণ কৰে৷ ভাষণ প্ৰসংগত তেখেতে আৱিষ্কাৰধৰ্মী আচৰণৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদক টমাছ আলফা এডিছনৰ সতে তুলনা কৰে৷ সহযোগী অধ্যাপক পংখী কাশ্যপে কৰা ‘লভিতা’ নাটৰ একাংশৰ অভিনয়েৰে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভ হয়৷

সহকাৰী অধ্যাপিকা ডঃ শিল্পীসুধা গোস্বামীৰ কবিতা আবৃত্তি আৰু নিবেদিতা বৈশ্যৰ গীতৰ পাচত ছাত্ৰ দেবাশীশ সোনা আৰু চিন্ময় পৰাশৰৰ জ্যোতিসংগীত আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে প্ৰ’ভিচি প্ৰাণবীৰ সিং, ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, বিশিষ্ট অতিথি সঞ্জীব কুমাৰ ফুকন, প্ৰফেচৰ ডঃ মৃণাল কুমাৰ দাস আৰু পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই৷ অনুষ্ঠানটিৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডেইজী বৰ্মণে ৷

জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন সন্ত্ৰাসবাদী নিহত…

মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন লেট সন্ত্ৰাসবাদী নিহত হয়। বিষয়াসকলে জনোৱা মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লেটৰ সৈতে জড়িত পুলৱামাৰ আৰবাজ মিৰ আৰু শ্বাহিদ শ্বেখ বুলি চিনাক্ত কৰিছে।কাশ্মীৰ জ’ন আৰক্ষীৰ তথ্য অনুসৰি সেনা আৰু আৰক্ষীৰ যৌথ এলেকা আধিপত্যশীল দলে এখন সন্দেহযুক্ত বাহন ৰখাবলৈ চেষ্টা চলাই সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে আৰু প্ৰতিশোধ হিচাপে দুজন সন্ত্ৰাসবাদী নিহত হয়। নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ।

বুডগামত আৰক্ষী আৰু সেনাই ঘেৰাও কৰে অঞ্চলটো। সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

মণিপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ চালানসহ গ্ৰেপ্তাৰ ৫গৰাকী আৰক্ষী…

মণিপুৰত ড্ৰাগছৰ বিশাল চালানসহ আৰক্ষীৰ কমাণ্ডোৰ এটা দলক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি ড্ৰাগছৰ চালান সৰবৰাহৰ লগত জড়িত পাঁচজন আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। চালানটোত হেৰ’ইন আৰু ডব্লিউ ৱাই টেবলেটৰ লগতে ৮০ হাজাৰ টকা হিচাপহীন নগদ ধন আছিল।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাম কৰি মণিপুৰ আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথ ১০২ (ইম্ফল-মৰেহ পথ)ৰ কাষৰ এখন বাহন আটক কৰি প্ৰায় ১.৩৩৬ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ৯.১৫১ কিলোগ্ৰাম সন্দেহযুক্ত ডব্লিউ ৱাই টেবলেট, ১০০টা চাবোনৰ কেচত ভৰাই জব্দ কৰে। জব্দ কৰা ড্ৰাগছৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিব পৰা গৈছে।

ধৃত পুলিচকেইজন হ’ল – এমপিটিচিৰ খ আচৌবা সিং, চিডিঅ’ ইউনিট, কাকচিং (টিম কমাণ্ডাৰ); ৭ম এম আৰৰ থ সুভাষ চোথে, বৰ্তমান চিডিঅ’, ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; ইম্ফল পশ্চিম জিলাৰ ৱাই দিনেশ্বৰ মেইটেই, বৰ্তমান চিডিঅ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; ৬ নং এম আৰৰ এম প্ৰেমচন্দ্ৰ সিং, চি ডি অ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; আৰু ৬ নং এম আৰৰ এন ডৰেন্দ্ৰজিৎ সিং, চি ডি অ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত।

বৰ্তমান তেওঁলোকক আটক কৰি ৰখা হৈছে বুলি মণিপুৰৰ কাকচিং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰে ভাটছে অৱগত কৰে।

ৰহাৰ দেওবালিত ন্যায়ালয়ৰ বাধা নেওচি ম’হযুঁজ চাবলৈ আহিল সহস্ৰজন…

ম’হৰ শিঙ একুৰা, ম’হৰ শিঙ বেকুৰা, ম’হৰ শিঙ ভাঙিলে যুঁজত: ম’হ ৰখা গোৱালক, জোকাই তই নলবি, নাকটি চিঙিব কোবত”– অসমীয়া পৰম্পৰাগত ভোগালীৰ ঐতিহ্যবহনকাৰী গীত গাই উৎফুল্লিত ম’হগোৱালৰ প্ৰচেষ্টাত আজি মাঘৰ পহিলা দিনটোত ৰহাৰ নিকটৱৰ্তী দেওবালি কলংপাৰ পথাৰত অনুষ্ঠিত হ’ল ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও স্থানীয় গোৱাল সকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত প্ৰায় কুৰি হাল গোনা-দমৰা ম’হৰ খোজত কপি উঠিল দেওবালি কলংপৰা পথাৰ ।

দুই ম’হৰ শিঙৰ খট্ খটনিত, দৰ্শকৰ কিৰিলিত যেন বল পাই ফেপেৰি পাতি নিজকে জয় কৰিবলৈ প্ৰতিদন্দিৰ সৈতে যুঁজত নামিল গোনা-দমৰা। প্ৰায় ১৭ মিনিট সময় যুঁজ দি ৰাইজক আমোদ দিলে প্ৰথম স্থানো দখল কৰিলে দুটি ম’হে। কি জীয়ৰী-কি বোৱাৰী, ডেকা-বুঢ়া সকলোৱে ঢাপলি মেলিছে ম’হ যুঁজলৈ। এয়াই হ’ল অসমীয়াৰ জাতীয় পৰম্পৰা। অন্যহাতে অনানুস্থানিক ভাৱে গোৱালসকলে ম’হযুঁজ অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিত। আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰাত জিলা প্ৰশাসনৰ বাধা স্বত্বেও গোৱাল সকলে মিলি ম’হৰ যুঁজ দেখুৱালে সহস্ৰাধিক ৰাইজক। পুৱাৰে পৰা ম’হৰ গোৱাল সকলে পথাৰৰ দল ঘাঁহ খুৱাই নোদোকা কৰি গৰল ( গল বিচনি ) উঠোৱা ম’হটোক নৈ, বিলত গাধোৱাই শিঙত মিঠাতেল খানি ,ডিঙিত ফুলৰ মালা , শিঙত গামোচা বান্ধি, চকু , গা, আদিত সেন্দুৰ সানি যুঁজলৈ ঢোলে ঢগৰে ৰাওনা হয় ।

পাতি ঢোলৰ চেৱে চেৱে এখন হাতত ম’হটোৰ নাকিডাল , আনখন হাতত ভলুকা বাঁহৰ ৯ টা গাঁঠি থকা ,বেতেৰে মাজে মাজে বিশেষ বান্ধ দি নিপুণ লোকে নিৰ্মাণ কৰা লাখুটি ডাল লৈ এখন ভৰি মাজে মাজে ডাঙি বিশেষ ভঙ্গীত নাচি নাচি যুঁজলৈ আগবাঢ়ে । যুঁজখনত সমবত সকলৰ আগত ম’হ সহ গোৱালে আঠু লৈ মূল যুজলৈ আগবাঢ়ে। পাকৈত গোৱালে ম’হৰ উচ্চতা, ডিঙিৰ জোখ , শিঙৰ আকাৰ চাই জোৰ মিলাই যুঁজৰ বাবে সাজু কৰে । ম’হৰ গোৱালে পথাৰৰ এফালৰ পৰা ম’হটোৰ নাকীত ধৰি খেলপথাৰৰ মাজলৈ আনে । প্ৰতিপক্ষ ম’হটোকো গিৰিহঁত গোৱালে একে প্ৰদ্ধতিৰে পথাৰৰ মাজত কান ঠিয় কৰি মূৰ ওপৰলৈ তুলি ৰৈ থকা ম’হটোক দেখুৱাই ওচৰলৈ আনে । দুয়োটা ম’হেই ইটোৱে সিটোৰ শক্তিৰ ওমান লৈ থকা অৱস্থাতে গোৱালে ম’হৰ লাখুটি ডালেৰে প্ৰতিপক্ষ ম’হটোৰ কাষলৈ আনি ধৰ বুলি কোৱাৰ লগে লগে দুয়োটা মহেই প্ৰচণ্ড জোৰে মূৰ আগলৈ কৰি ইটোৱে সিটোক থেলি আক্ৰমণ কৰে।

শিঙৰ খটক খটক শব্দ অহাৰ লগে লগে ম’হৰ গোৱালে হাতত সামৰি ৰখা ম’হটোৰ নাকী আৰু লাখুটি ডাল লৈ বিশেষ ভঙ্গীত এখন ভৰি ডাঙি নাচি উঠে । হাতৰ লাখুটিৰে মাটিত খুচি ধৰ ধৰ শব্দৰ গোৱালে কোৱাৰ বাবে শিঙত শিং লগাই থৰ হৈ ক্ষন্তেক ৰৈ থকা ম’হদুটাই পুনৰ “লৰাখুণ্ডা” মাৰি শিঙেৰে ইটোৱে সিটোত খুচিবলৈ চেষ্টা কৰাৰ লগে লগে যুঁজখন দীঘলীয়া হৈ পৰে । গোৱাল আত্মহাৰা হৈ পৰে , উপস্থিত দৰ্শকে চিঞৰি ম’হ দুটাক উদ্গনি যোগাই । আহত হৈ শৰীৰৰ পৰা শিঙৰ খুচত তেজ ওলোৱা ম’হ দুটাই কোনে কাক কিমান খুচিব পাৰে , কোনে কাক পিছলৈ থেলি নিব পাৰে তাতেই ব্যস্থ হৈ পৰাৰ সময়তে এটা ম’হে যুঁজ এৰি হঠাতে পলাবলৈ ধৰে । এটো ম’হে পলাবলৈ ধৰা ম’হটোক পিছে পিছে খেদি নিয়ে । এই ভয়াবহ আৰু ৰোমাঞ্চকৰ যুঁজৰ পাছত ম’হ শান্ত হয় আৰু গোৱালে বশ কৰি কৃষি কামত ম’হক লগাই । এই ভয়াবহ আৰু ৰুমাঞ্চকৰ যুঁজ খন চাবলৈকে বহুহেজাৰ লোক সমবেত হয় যুঁজস্থলিত ।

প্ৰেৰক , বুলন চন্দ্ৰ নাথ। ৰহা ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২২ -২৩ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাত উৎফুল্লিত দৰঙীয়া লোকশিল্পী সকল…

দৰঙী লোক কলা কৃষ্টিৰে সংপৃক্ত মাটিৰ শিল্পী চাৰি লোকশিল্পী ক্ৰমে ছিপাঝাৰৰ চমুখাৰ ব্যাসৰ ওজাপালিৰ জ্যেষ্ঠ দাইনাপালি ইচ্ছাৰাম বৰুৱা ( ৮৫ ) , দুনী ভেৰুৱাৰ ব্যাস সংগীতৰ জ্যেষ্ঠ ওজা তথা খুলীয়া ভাউৰীয়াৰ শিল্পী প্ৰতাপ চন্দ্ৰ শৰ্মা ,

দক্ষিন চুবুৰীৰ ঢেপাঢুলীয়া শিল্পী তথা খুলীয়া ভাউৰীয়াৰ প্ৰবীন বহুৱা শিল্পী প্ৰফুল্ল নাথ(৮০) আৰু দক্ষিন চুবুৰিৰে সুকনানি সংগীতৰ ওজা ৰত্নেশ্বৰ বড়া ( ৭৪ ) লৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২২ -২৩ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাত উৎফুল্লিত হৈছে দৰঙীয়া লোকশিল্পী সকল ।

অতি দৰিদ্ৰ পৰিয়ালৰ এই লোকশিল্পী কেইগৰাকীক শিল্পী পেঞ্চন আগবঢ়োৱাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ,সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু

সাংস্কৃতিক সঞ্চালক মিনাক্ষী দাস নাথলৈ ধন্যবাদ জনাইছে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই ।


একেদৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আৰু সম্পাদক বসন্ত শইকীয়াই পেঞ্চন প্ৰাপক লোকশিল্পী সকলক অভিনন্দন জনাইছে ।

মৰিগাঁও জিলা প্ৰশাসনে পবিতৰাত নিয়ম উলংঘা কৰাৰ অভিযোগত তদন্তৰ নিৰ্দেশ…

মৰিগাঁও জিলা প্ৰশাসনে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত অসমৰ জ্যেষ্ঠ বিষয়াই নিয়ম উলংঘা কৰাৰ অভিযোগত তদন্তৰ নিৰ্দেশ দিয়া বুলি মঙলবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে। অসমৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আজি অভয়াৰণ্যখন ভ্ৰমণ কৰি বিষয়টো চোৱাচিতা কৰাৰ সম্ভাৱনা আছে বুলি বিষয়াগৰাকীয়ে অৱগত কৰে।

দেওবাৰে অভয়াৰণ্যখন পৰিদৰ্শন কৰিছিল দুজন আই এ এছ বিষয়া আৰু এজন আই পি এছ বিষয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে। অভিযোগ অনুসৰি এজন বিষয়াই ছাফাৰী জীপৰ বনেটত বহি চিগাৰেট খাইছিল, আনহাতে আন কিছুমানে বাহনসমূহৰ পৰা নামিছিল, সংৰক্ষিত অৰণ্যৰ ভিতৰত দুয়োটা কাৰ্য্য নিষিদ্ধ। পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জীপ ছাফাৰী মালিক সন্থাই সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত বিচাৰিছিল বুলি পিটিআইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকে দাবী কৰিছিল যে অভয়াৰণ্যৰ ভিতৰত থকা জীপসমূহৰ পৰা এজন আয়ুক্ত পৰ্যায়ৰ বিষয়া আৰু তেওঁৰ বন্ধু-বান্ধৱী (অন্য বিষয়াসকল) আৰু তেওঁলোকৰ পৰিয়ালসমূহ নামিছে।

আয়ুক্ত পৰ্যায়ৰ বিষয়াজনে জীপখনৰ বনেটত বহি চিগাৰেট খাইছিল বুলি তেওঁলোকে দাবী কৰে। সন্থাই জনোৱা মতে, বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত বাহনৰ পৰা নামি চিগাৰেট খোৱা নিষিদ্ধ। ইয়াত দাবী কৰা হৈছে যে যেতিয়া জীপ চালক আৰু অন্যান্য কৰ্মচাৰীয়ে দৰ্শনাৰ্থীক বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া বিষয়াসকলে তেওঁলোকক মৌখিকভাৱে গালি-গালাজ কৰিছিল। স্থানীয় টিভি চেনেলসমূহে অভয়াৰণ্যখনৰ ভিতৰত বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ কথিত চিচিটিভি ফুটেজ দেখুৱাইছিল, ইয়াৰে এজনে চিগাৰেট খোৱা দেখা গৈছিল।

ভিডিঅ’সমূহৰ সত্যতা অৱশ্যে পিটিআইৰ দ্বাৰা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল। সোমবাৰে জিলা উপায়ুক্তই এই বিষয়ত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। নাম প্ৰকাশ নকৰাৰ চৰ্তত অভয়াৰণ্যখনৰ এগৰাকী বিষয়াই কয় যে যদি অভিযোগ সঁচা হয় তেন্তে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰা হৈছে। তদন্তৰ পিছত সত্য ওলাই আহিব, যাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে।’ তেওঁ লগতে কয় যে বনমন্ত্ৰীয়ে তেওঁৰ ভিছৰ সময়ত অভিযোগসমূহো চাব     

মধ্য প্ৰদেশ আৰক্ষীয়ে যৌন কেলেংকাৰী অভিযোগত জড়িত থকাৰ বাবে অসমৰ ৫ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে…

সোমবাৰে মধ্য প্ৰদেশ আৰক্ষীয়ে ৰাজ্যত যৌন ৰেকেটত জড়িত থকাৰ অভিযোগত অসমৰ ৫ গৰাকী মহিলাক আটক কৰে। খবৰ অনুসৰি, আৰক্ষীয়ে এটা স্পাত চেক্স ৰেকেট চলোৱাৰ তথ্য লাভ কৰি অভিযান চলায়। অভিযানৰ সময়ত তেওঁলোকে স্পাৰ মালিক আৰু পৰিচালকক চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰি পাঁচগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

বিষয়াসকলে জনোৱা মতে, অভিযুক্ত মেনেজাৰজন মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ চুৰহাটৰ বাসিন্দা, আনহাতে তেওঁলোকে অভিযানত জড়িত মহিলাসকলক অসম আৰু পশ্চিমবংগৰ বাসিন্দা বুলি চিনাক্ত কৰে। মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতা সিঙে এই গোচৰৰ সন্দৰ্ভত কথা কওঁতে কয় যে ১৪ জানুৱাৰীত সাগৰৰ মেক্ৰ’নিয়া অঞ্চলৰ ক্রিষ্টাল স্পা চেণ্টাৰত বিষয়াসকলে অভিযান চলাইছিল৷ স্পা চেণ্টাৰ।

ইফালে, এই কথা পোহৰলৈ আহিছে যে আৰক্ষীয়ে ইয়াৰ ওপৰত কেইবাটাও অভিযোগ পোৱাৰ পিছত গ্ৰাহকৰ বেশত এজন বিষয়াক স্পাটোলৈ নামি পঠিয়াইছিল। খবৰ অনুসৰি আণ্ডাৰকাভাৰ আৰক্ষীজনে প্ৰথমে মালিচৰ কথা কৈছিল আৰু তাৰ পিছত দেহ ব্যৱসায়ৰ বিষয়ে সোধা-পোছা কৰিছিল, যিটো কথাত মেনেজাৰে সন্মতি দিছিল।

স্পাৰ পৰা চলি থকা বেশ্যাবৃত্তিৰ ৰেকেট নিশ্চিত হোৱাৰ পিছতে আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে।