কামৰূপ জিলাৰ বকোত বুধবাৰে বকো আৰক্ষী থানা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বগাই সাংস্কৃতিক ও ক্ৰীড়া সংগঠনৰ লগতে স্থানীয় যুৱকৰ উদ্যোগত উদযাপন কৰা হয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী।এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পুৱাই বকো গান্ধী মৈদানৰ পৰা বকো বজাৰ হৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথে।শোভাযাত্ৰা মুকলি কৰা প্ৰাকমুহৰ্তত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এখন ফুলাম গমোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বগাই সংগঠনৰ মূল সমিতিৰ সভাপতি ছংগিত বড়োৱে।
ইয়াৰ পিছতে আৰক্ষী বিষয়া গৰাকীয়ে দুআষাৰ উদ্বোধনী ভাষণ দি শোভাযাত্ৰা মুকলি হোৱা বুলি ঘোষণা কৰে। এই বাৰেৰহনীয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন কৰে ৰাভা,গাৰো,গোৰ্খা,বড়ো আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী তথা দল সংগঠনে। এই শোভাযাত্ৰাৰ সামৰনি পৰে বকো গান্ধী মৈদানত। ইয়াৰ পিছতে বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী সন্দৰ্ভত বকো গান্ধী মৈদানত এখনি আলোচনা সভা অনুষ্ঠিত হয়।
মঙলবাৰে এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে ৭৪৭ বিমানখন তেওঁলোকৰ বহৰৰ বহু প্ৰিয় ফ্লেগশ্বিপ আৰু “আমি ইয়াক এৰি দিবলৈ পাই দুখী”। বিমান সংস্থাটোৱে বৰ্তমানৰ বহৰখনক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ সক্ৰিয়ভাৱে মূল্যায়ন আৰু পৰ্যালোচনা কৰি আছে।
“এয়াৰ ইণ্ডিয়াৰ ভৱিষ্যতৰ আকাংক্ষা আৰু বৃদ্ধিৰ পৰিকল্পনাক শক্তি প্ৰদান কৰিবলৈ আমি শেহতীয়া প্ৰজন্মৰ, অধিক ইন্ধন ক্ষমতাসম্পন্ন আৰু অধিক পৰিৱেশ অনুকূল বিমান আনিবলৈ আগ্ৰহী। আমি নিশ্চিত যে বহু যাত্ৰী এয়াৰ ইণ্ডিয়ানৰ সৈতে যোগ দি আকাশৰ ৰাণীক মৰমলগা আৱেগিক বিদায় দিয়ে।” ,” মুখপাত্ৰগৰাকীয়ে কয়।
ভাৰতৰ ভিভিআইপি — ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, আৰু প্ৰধানমন্ত্ৰীক ফেৰী চলোৱাৰ উপৰিও এই চাৰিখন জাম্বো বিমান উচ্চ ঘনত্বৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পথত নিয়োজিত কৰা হৈছিল।
২০২০ চনত তেতিয়া চৰকাৰৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ভিভিআইপি ফেৰীৰ বাবে উন্নত প্ৰতিৰক্ষা ব্যৱস্থাৰে সজ্জিত দুখন কাষ্টমাইজড বয়িং ৭৭৭ বিমান লাভ কৰিছিল। ইয়াৰ পিছত দুখন জাম্বো জেট বিমান কাৰ্যক্ষমতাৰ পৰা আঁতৰাই দিয়া হয় আৰু তাৰ আগতে এনে দুখন বিমান মাটিত ৰখা হয়।
এই বিমানসমূহৰ অন্যতম প্ৰাথমিক পৰিচালক এয়াৰ ইণ্ডিয়াই ১৯৭১ চনৰ পৰাই নিজৰ বহৰত জাম্বো বিমান অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰে।দশক দশক ধৰি বিমান সংস্থাটোৱে এনে বিমান পৰ্যায়ক্ৰমে বন্ধ কৰি ইয়াৰ ঠাইত বয়িং ৭৭৭ আৰু বয়িং ৭৮৭ বিমান ব্যৱহাৰ কৰি আহিছে, যিবোৰক অধিক ইন্ধন-দক্ষ বুলি গণ্য কৰা হয় .
মঙলবাৰে শ্বিলঙত অসমৰ পৰা যোৱা বাহন জ্বলোৱা হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান বহু পৰ্যটকৰ লগতে বাহন মেঘালয়ত আৱদ্ধ হৈ আছে। উল্লেখ্য যে, মেঘালয়ত অসমৰ এটা শিল্পী দল আৱদ্ধ হোৱাৰ লগতে চেৰাপুঞ্জীত অসমৰ ৭খন বাহন আৱদ্ধ হৈ আছে। মেঘালয়ত এই পৰ্যন্ত অসমকে ধৰি মুঠ ৩২খন বাহন আৱদ্ধ হৈ আছে। জানিব পৰা মতে, ৩ জন বিদেশী পৰ্যটকো ৰাজ্যখনৰ বিশ্ববিদ্যালয় নেহু (NEHU)ত আৱদ্ধ হৈ আছে। এই তথ্য নৰ্থ–ইষ্ট পুলিচ এছ’চিয়েছনৰ পৰা
ইফালে অসম চৰকাৰে মুক্ৰ’ কাণ্ডৰ তদন্ত ঘোষণা কৰিছে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে ৩ মাহৰ ভিতৰত উক্ত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে।
মন কৰিবলগীয়া যে, আজি মুক্ৰ’ অঞ্চললৈ কাৰ্বি পৰিষদৰ এটা দলে ঘটনাটোৰ বুজ ল’বলৈ মেঘালয়লৈ যাব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়েও মুক্ৰ’ অঞ্চলটো পৰিদৰ্শন কৰিব। বৰ্তমান সীমান্তত আৰক্ষী–CRPFৰ বৃহৎ দল মোতায়েন কৰা হৈছে।
এইখিনিতেই উল্লেনীয় যে, ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহক লৈ অসমৰ বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত বাক-বিতণ্ডাৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত মেঘালয়ৰ ৫ জন লোক আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়।
মুক্ৰ’ কাণ্ডক লৈ মেঘালয় চৰকাৰ উদ্বিগ্ন হৈ আছে আৰু এই ঘটনাৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্ কৰি অৱগত কৰাৰ সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে। ইয়াৰোপৰি মেঘালয় চৰকাৰে ঘটনা সন্দৰ্ভত NIA, CBIৰ দ্বাৰা তদন্তৰ দাবী কৰে। কেন্দ্ৰীয় সংস্থাই গোচৰটো গ্ৰহণ নকৰালৈকে এই কাণ্ডৰ তদন্তৰ বাবে মেঘালয় চৰকাৰে SIT গঠন কৰিব, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ওচৰত সমগ্ৰ বিষয়টো উত্থাপন কৰিব বুলি ব্যক্ত কৰে। ৩০ নৱেম্বৰলৈ মেঘালয়ৰ সকলো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান বাতিল কৰাৰ ঘোষণা কৰে ৰাজ্যখনৰ চৰকাৰে। পৰিস্থিতি অধিক ভয়াৱহ নহ’বলৈ মেঘালয় চৰকাৰে ইয়াৰ একাংশ জিলাত ইণ্টাৰনেট সেৱাও বন্ধ কৰিছে।