Home Blog Page 1891

কিছুমান ভুল অভ্যাসৰ বাবে বৃক্কৰ ক্ষতি হয়! জানক এই ভুল অভ্যাস বোৰৰ বিষয়ে…

বৃক্ক সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। বৃক্কৰ প্ৰধান কাম হ’ল তেজ পৰিষ্কাৰ কৰা। বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই বিষাক্ত পদাৰ্থবোৰ মূত্ৰাশয়ত সোমাই দিয়ে, প্ৰস্ৰাৱ কৰাৰ সময়ত শৰীৰৰ পৰা ওলাই যায়। আজি আমি আপোনালোকক জনাম কোনবোৰ অভ্যাসে বৃক্কৰ সমস্যাৰ সৃষ্টি কৰে: –

খাদ্য আৰু পানীয়
বৃক্কৰ সঠিক কাম-কাজ আপোনাৰ খাদ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপুনি আপোনাৰ বৃক্ক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে সীমিত পৰিমাণত জাংক ফুড আৰু মিঠাই খাওক। জাংক ফুডত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে, যাৰ ফলত বৃক্কত প্ৰভাৱ পৰে। অতিৰিক্তভাৱে মিঠাই খালে মেদবহুলতা বৃদ্ধি পায় যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপৰ সমস্যাই বৃক্কতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।

সামান্য পৰিমাণৰ পানী খোৱা
বৃক্ক সঠিকভাৱে ৰাখিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ কাৰণ হ’ল প্ৰচুৰ পৰিমাণে পানী খালে শৰীৰৰ পেলনীয়া পদাৰ্থবোৰ সহজে বাহিৰলৈ ওলাই যায়। ইয়াৰ উপৰিও যদি আপুনি কম পৰিমাণৰ পানী খায় তেন্তে বৃক্কৰ ওপৰত মানসিক চাপ পৰিব আৰু কিছু সময়ৰ পিছত ইয়াৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰিব।

টোপনি হেৰুৱাই পেলায়
সুস্বাস্থ্যৰ বাবে ৮ ঘণ্টা টোপনি সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। অবিৰতভাৱে কম টোপনি অহাটোৱে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। টোপনিৰ লগতো কিডনীৰ সম্পৰ্ক আছে। যদি কম টোপনি লোৱা হয়, তেন্তে বৃক্কই বেছি সময় কাম কৰিব লাগিব, যাৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব। টোপনি আৰু জাগৰণ অনুসৰি বৃক্কে কাম কৰে। সেইবাবেই প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো গুৰুত্বপূৰ্ণ।

বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কাম পুনৰ শুভাৰম্ভ

বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কামৰ পুনৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই বিধায়ক আব্দুল বাতেন খন্দকাৰে শুভাৰম্ভ কৰে ২৯ কৌটি টকাৰ কাম।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ পুনৰ কামৰ শুভাৰম্ভ কৰা হয়। প্ৰায় ১১ বছৰে অসম্পূৰ্ণ হৈ থকা দলংখন যোৱা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰি কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰে আৰু আজি ১১ ডিচেম্বৰত বঙাইগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডি এম মেধি, সৃজনগ্ৰাম ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বিধায়ক আব্দুল বাতেন খন্দকাৰে কামৰ শুভাৰম্ভ কৰে।

অহা এপ্ৰিল মাহৰ ভিতৰত দলংখনৰ পূৱফালে ৰাস্তাৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ বাবে সুচল কৰি তুলিব। প্ৰায় ২৯ কৌটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হব লগা এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে আই নদীৰ পূব ফালৰ অৰ্ধশতাধিক গাৱৰ লোকৰ যাতায়ত ব্যাহত সুচল হৈ উঠিব।

মাণিকপুৰৰ পৰা মফিদুল ইছলামৰ প্ৰতিবেদন

লিভিং টুগেদাৰত থকা প্ৰেমিক-প্ৰেমিকাকলৈ কঠোৰ আদালত

প্ৰেমিক- প্ৰেমিকাই পিতৃ-মাতৃক অবজ্ঞা কৰি লিভিং টুগেদাৰ থকা কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰিছে আদালতে।

অত্যাধুনিক মানসিকতাৰ একাংশ যুবক-যুবতীয়ে আজি কালি একেলগে থকা অৰ্থাৎ বিবাহ অবিহনে একেলগে থকাটো এক প্ৰকাৰ ফেশ্বন হৈ পৰিছে।

এনে ঘটনাই কেতিয়াবা ভয়ংকৰ ৰূপ লৈ কোনোবা এগৰাকীয়ে অকাল মৃত্যুক সাবটি লোৱাৰ ঘটনাও সংঘটিত হৈছে৷
কিছুদিন পূৰ্বে শ্ৰদ্ধা নামৰ যুবতী গৰাকীক প্ৰেমিক আফতাবে হত্যা কৰাই নহয় ৩৫ টুকুৰা কৰি কাটি ফ্ৰিজত ভৰাই থৈছিল। দেশ কপাঁই যোৱা ঘটনাৰ পিছতেই কঠোৰ স্হিতি গ্ৰহন কৰিছে আদালতে।

ছট্টিছগড় উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ যোগে পিতৃ-মাতৃক অবজ্ঞা কৰি প্ৰেমিক প্ৰেমিকাই লিভিং টুগেদাৰ হিচাপে থাকে, তেনে যুৱতীয়ে পিতৃ-মাতৃৰ পৰা ধন দাবী কৰিব নোৱাৰিব। আদালতৰ নিৰ্দেশক ইতিমধ্যে সকলোৱে একমুখে আদৰণি জনাইছে।

দৰঙৰ কলাপোটা খেল পথাৰত ফুটবলৰ চুড়ান্ত খেল

দৰঙৰ শান্তিপুখুৰী আঞ্চলিক যুৱমঞ্চৰ উদ্যোগত শ্ৰমিক সংঘৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি ফুটবল খেলৰ চুড়ান্ত খেলখন অগনন পুৰুষ, মহিলা ক্ৰীড়ানুৰাগীৰ সমাৱেশেৰে অনুষ্ঠিত হয়।

অধিক দৰ্শনীয় ফাইনেল খেল খনৰ শুভউদ্বোধন কৰে সৰাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী চিণ্টুমণি ডেকাই।

মোক্তাৰ হুছেইন আত ধৰা বটা বিতৰণী অনুষ্ঠানত দৰং জিলা হেণ্ডবল সন্থাৰ সভাপতি ওমৰ ফাৰুক,সৰাবাৰী গাওঁ পঞ্চায়ত প্ৰাঃসভাপতি বাহাৰুল ইছলাম,বিশিষ্ট ব্যৱসায়ী আজিজুৰ ৰহমান, প্ৰাক্তন ছাত্ৰনেতা মঃমজিদুৰ ৰহমান,পঞ্চায়ত সদস্য দেবেন কলিতা,মুন আলিসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে।

অগনন দৰ্শকেৰে পৰিপূৰ্ণ চুড়ান্ত খেলখনত জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘ,পাথৰিঘাটে মাহাৰা ফুটবল ক্লাৱক ট্ৰাইব্ৰেগাৰত ৫-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথম পুৰস্কাৰ প্ৰাইজমানি তথা ট্ৰফি আৰু ২য় বিজয়ী মাহাৰা ফুটবল ক্লাৱে প্ৰাইজমানি তথা ট্ৰফি লাভ কৰিবলৈ সক্ষম হয়।

দ্বীপেন ডেকাৰ

নলবাৰীত বিয়া খাবলৈ আহি দূৰ্ঘটনাত পতিত হ’ল মজিব আলী;আৰক্ষীৰ বাহনৰ লগত সংঘটিত হয় দূৰ্ঘটনা!


নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা সোনামতী চ’কত সংঘটিত হয় এক পথ দূৰ্ঘটনা।

আৰক্ষীৰ বাহনৰ লগত মটৰ বাইকৰ সংঘটিত হয় পথ দূৰ্ঘটনাটো ।জানিব পৰা মতে ঘগ্ৰাপাৰ নিবাসী মজিব আলি নামৰ ব্যক্তি জনে কটৰাৰ এখন বিয়ালৈ আহিছিল । AS 01 MB 8356 নং গ্লেমাৰ বাইকৰে সোনামতী চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱাত নলবাৰী অভিমূখে যোৱা AS 14 C 6624 নং আৰক্ষীৰ বাহনৰ লগত এক দূৰ্ঘটনা সংঘটিত হয় ।

এই দুৰ্ঘটনাত প্ৰায় ৫৫ বছৰীয়া মজিব আলি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । পিছত ততাতিয়াকৈ লোকজনক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় l
ধ্ৰুব জ্যোতি মালাকাৰ

মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত উত্তপ্ত পৰিস্থিতি;চেইব চব নামৰ কোম্পানী এটাৰ কৰ্মচাৰী সকলৰ সৈতে বাক বিতন্দতা…

মৈৰাবাৰীৰ ৰাজহুৱা পুথিভঁৰালত চেইব চব কোম্পানীৰ কৰ্মচাৰী সকলে আজি কোম্পানীৰটোৰ সন্দৰ্ভত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে।

কোম্পানীৰটোৰ কোনো বেনাৰ তথা ছাইনবোৰ্ড নথকা সজাগতা সভা খনত মৈৰাবাৰী অঞ্চলৰ প্ৰায়
শতাধিক পুৰুষ- মহিলা, যুৱক-যুৱতিয়ে অংশগ্ৰহণ কৰে যদিও সভা আধা হওঁতে লাগে কেনা।

চেইন চিষ্টেমৰ মাধ্যমৰে কোম্পানীটোৱে উপস্থিত থকা প্ৰতি গৰাকী পুৰুষ-মহিলা তথা যুৱক-যুৱতিৰ পৰা সাত হাজাৰ টকাৰ পৰা পোন্ধৰ হাজাৰ টকা পঞ্জীয়নৰ নামত লোৱাৰ অভিযোগ আনে একাংশই।

বিভিন্ন প্ৰলোভনেৰে ধন সৰকাই লোৱা কোম্পানীৰ এজেণ্টৰ সৈতে ভুক্তভোগীয়ে নিজৰ ধন ওভতাই বিচৰাত এক হুলস্হলীয়া পৰিবেশৰ সৃষ্টি হয়।হুলস্হলীয়া পৰিবেশৰ খবৰ পাই ঘটনাস্হলীলৈ যোৱা সাংবাদিকৰ দল এটাকো অভব্য আচৰণ কৰে কোম্পানীটোৰ কৰ্মচাৰী সকলে।

এতিয়া ৰাইজৰ আশা- কোম্পানীটো ভুৱা নে চৰকাৰী বাবে বৈধ সেয়া প্ৰশাসনে তদন্ত কৰিলেহে ওলাই পৰিব।

বদৰুজ জামান আকতাৰ

নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত কিডনী আৰু ইউৰ’লোজী বিনামূলীয়া চিকিৎসা শিবিৰ

কামৰূপ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী কমাৰকুছি নাজিৰাখাটত নতুনকৈ মুকলি কৰিবলগীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেছৰ উদ্যোগত তথা  ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেচনৰ সহযোগত  নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ৰাতিপুৱাৰ ১০ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত শিবিৰত  কিডনী আৰু ইউৰ’লোজী বিভাগৰ প্ৰায় তিনি শতাধিকৰো অধিক ৰোগীৰ   স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়।

নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ সমিটিৰ সহযোগ কৰা চিকিৎসা শিবিৰটোত  ডাঃ অৰূপ কুমাৰ নাথ,ডাঃ দেৱজিৎ বৈশ্য,ডাঃ অনুপ দত্ত বৰুৱা, ডাঃ হৰেন বৰদলৈ,  ডাঃ মস্তাকিম আহমেদ মজুমদাৰ আৰু ডাঃ দুলুমনি কলিতাই চিকিৎসা সেৱা আগবঢ়ায়।

প্ৰতিষ্ঠানখনৰ বিষয়ববীয়া মেৰাজ আহমেদৰ লগতে বিভিন্নজন কৰ্মীৰ পৰিচালনাত অনুষ্ঠিত শিবিৰটো উদ্বোধন কৰে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গোস্বামীয়েl
ধ্ৰুব জ্যোতি মালাকাৰ

ইউটিউবাৰ আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী ! ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পিছতে কিয় ট্ৰলৰ সন্মুখীন হ’ল আৰমান মালিক…

ইউটিউবাৰ আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী, ছবি শ্বেয়াৰ কৰাৰ পিছত তেওঁলোক ট্ৰল হৈ পৰিল! দৰাচলতে শেহতীয়াকৈ তেওঁ দুয়োগৰাকী পত্নীৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁলোক গৰ্ভৱতী। নিজৰ দুগৰাকী পত্নীৰ বাবে সমগ্ৰ দেশতে বিখ্যাত Youtuber Armaan Malik। এতিয়া ছ’চিয়েল মিডিয়াতে বহুত ট্ৰ’ল হৈ আছে। ইয়াৰ আঁৰৰ কাৰণো তেওঁলোকৰ পত্নীসকল। আচলতে আৰমান মালিকৰ দুয়োগৰাকী পত্নী গৰ্ভৱতী। এই বিষয়ে তেওঁ নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথ্য দিছে। আৰমান মালিকে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত দুয়োগৰাকী পত্নীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ পিছত মানুহে তেওঁক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। আৰমান মালিকে শ্বেয়াৰ কৰা ছবিখনত তেওঁৰ দুয়োগৰাকী পত্নী কৃতিকা মালিক আৰু পায়ল মালিকে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰিছে। এই সময়ত দুয়োগৰাকী মহিলাৰ লগত আছে স্বামী আৰমান মালিক। পুত্ৰৰ ছবিও আছে। ছবিবোৰত আৰ্মানৰ দুয়োগৰাকী পত্নীয়ে বগা আৰু গোলাপী ৰঙৰ ক’অৰ্ডিনেট চেট পিন্ধি ধুনীয়া দেখা গৈছিল, আনহাতে তেওঁক কমলা ৰঙৰ চুৱেটাৰ পিন্ধি দেখা গৈছিল।

ইউটিউবাৰ আৰমান মালিকৰ এই পোষ্টটো নেটিজেনৰ মন্তব্যৰে উপচি পৰিছে, যিয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি ইয়াক সস্তীয়া আখ্যা দিছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে এইসকল ছোৱালী কোন যিয়ে নিজৰ স্বামীক শ্বেয়াৰ কৰে। আন এজনে ক’লে, বন্ধু এই দুয়ো একেলগে গৰ্ভৱতী!

ছ’চিয়েল মিডিয়াত ১৫ লাখ ফ’ল’ৱাৰ থকা মালিকে ২০১১ চনত প্ৰিয়াক বিয়া কৰাইছিল আৰু তেওঁলোকৰ চিৰায়ু নামৰ এজন পুত্ৰ আছে। ইয়াৰ পিছত ২০১৮ চনত তেওঁ কৃতিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খবৰ অনুসৰি কৃতিকা হৈছে পায়ালৰ বেষ্ট ফ্ৰেণ্ড। তেতিয়াৰ পৰাই পৰিয়ালটোৰ চাৰিওজন সদস্য একেলগে থাকিবলৈ লৈছে। পয়াল আৰু কৃতিকাক প্ৰায়ে ছবিত একেলগে দেখা যায়।

নলবাৰী বালিলেচাত নলবাৰী কৈৱৰ্ত্ত জাতীয় পৰিষদ আৰু ২ নং খাটা বালিলেচা আঞ্চলিক সমিতিৰ সহযোগত অভিনন্দন অনুষ্ঠান- কাৰ্যনিৰ্বাহক সভা


আজি নলবাৰী জিলা কৈৱৰ্ত্ত জাতীয় পৰিষদৰ উদ্যোগত আৰু ২ নং খাতা বালিলেছা আঞ্চলিক সমিতিৰ সহযোগত বালিলেছা কালি মন্দিৰ প্ৰাংগনত এখন অভিন্দন অনুষ্ঠান আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷

এই অনুষ্ঠানৰ জৰিয়তে  কেউট সম্প্ৰদায়ৰ অন্তৰ্গত তথা বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা শতাধিক কৃতিমান ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷

এই সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলা কৈৱৰ্ত্ত সমিতিৰ সভাপতি কুমুদচন্দ্ৰ দাসে আৰু সভাখনৰ আঁত ধৰে কৈৱৰ্ত্ত জাতীয় পৰিষদ নলবাৰী জিলা সমিতিৰ সাধৰন সম্পাদক কৈলাশ হালৈয়ে ৷
ধ্ৰুব জ্যোতি মালাকাৰ

মৰিয়নিৰ নকছাৰিত ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ আৱণ্টন সন্দৰ্ভত সভা

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলাৰ অন্তৰ্গত পূৱ যোৰহাট আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক সভাত চাহ খেতিয়কৰ ১২জন খেতিয়কক আবণ্টন পত্ৰ প্ৰদান কৰে।সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , বিধায়ক ৰূপজ্যোতি কুৰ্মি লগতে ৰাজহ চক্ৰ বিষয়া অসীম বৰগোহাঁই উপস্থিত থাকি আবণ্টন বিতৰণ কৰাৰ উপৰও ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আগলৈ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ মানদণ্ড বৰ্তাই ৰাখিবৰ কাৰণে লবলগীয়া কৰ্ম আঁচনিৰ কথা কৈ সকলো খেতিয়কৰ মন আপ্লুত কৰে। সেই সভাতেই প্ৰায় ১৫০ খেতিয়কক টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিকৰ তৰফৰ পৰা জৈৱিক চাহ খেতিৰ ওপৰত এক কৰ্মশালাৰ অনুষ্ঠিত কৰা, হয়। টোকোলাই ।চাহ গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিক শ্যামল প্ৰসাদ বৰুৱা,সত্যৰঞ্জন শৰ্মা,ঈশান কুমাৰ ফুকন এই তিনিগৰাকী বৈজ্ঞানিকে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেনেদৰে জৈৱিক চাহ খেতি কৰিব আৰু লাভাম্বিত হব সকলো বিতং ভাবে প্ৰশিক্ষণ আগবঢ়ায় ।ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলাৰ সভাপতি জীৱন শইকীয়া আৰু সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা লগতে বিষয় ববীয়া সকল উপস্থিত থাকে।


সভাখন সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ গগৈ ।আঞ্চলিক সমিতিৰ তৰফৰ পৰা ।এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে আঞ্চলিক সমিতিৰ সম্পাদক অচিন্ত্য গগৈ আৰু জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভূপেন গগৈয়ে।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন