Home Blog Page 1893

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনত তেখেতৰ ৰাজনীতি জীৱনৰ বিষয়ে জানো আহক….

সৰ্বানন্দ সোণোৱাল ( এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী । তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ চতুৰ্দশ মুখ্যমন্ত্ৰী ৰূপে ২০১৬ ৰ পৰা ২০২১ লৈ কাৰ্য্যনিৰ্বাহ কৰে। তেওঁক প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদী ৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২১ চনৰ ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

জন্ম

ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ ৩১ অক্টোবৰত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়। তেখেত আছিল স্বৰ্গীয়া জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱালৰ নুমলীয়া পুত্ৰ। তেওঁৰ আছিল ছজনকৈ ককায়েক আৰু দুজনী ভনীয়েক।

শিক্ষা

সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে।

ছাত্ৰনেতা

মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে। লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে।

ৰাজনৈতিক জীৱন

সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়। তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে।

সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ  বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়। যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়।

তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টি সাংসদ হিচাপে কাৰ্যনিবাহ কৰে। ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।  নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়।

বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ দ্বাৰা তেওঁৰ মুখ্যমন্ত্ৰী পদভাৰ গ্ৰহণ কৰে। ২০২১ চনত তেওঁ পুনৰ মাজুলীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। পিছে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰসূৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ  নাম প্ৰস্তাৱ কৰে।

২০২১ চনৰ ৭ জুলাইত তেওঁক প্ৰধানমন্ত্ৰীৰূপে  নৰেন্দ্ৰ মোদীৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হয়।

কিয় ছুইজাৰলেণ্ডে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’ল গঢ়ি তুলিলে? ছবিত লুকাই আছে উত্তৰ

বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লঃ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত ছুইজাৰলেণ্ডে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’ল চলোৱাৰ দাবী কৰিছে। ছুইছ ৰেলৱেৰ সৈতে জড়িত ৰেটিয়ান ৰেলৱে কোম্পানীয়ে প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ৰে’ল চলাইছিল, য’ত আছিল ১০০টা ডবা। এই সফলতাৰ কৃতিত্ব ছুইজাৰলেণ্ডত উৎকৃষ্ট কাম কৰা ৰেটিয়ান ৰে’লৱে (RhB)ক। ইউৰো নিউজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই অভিলেখ গিনিজ বুকতো লিপিবদ্ধ কৰা হৈছে। বিশ্বৰ আটাইতকৈ ধুনীয়া ৰে’লপথত চলি আছে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লখন। ছুইছ ৰে’লৱেৰ বিষয়াসকলৰ মতে, এই বিশেষ ৰে’লত যাত্ৰা কৰি বিশ্বৰ আটাইতকৈ সুন্দৰ ৰে’লপথটোও উপভোগ কৰিব পাৰিব।

বিশ্বৰ ভিতৰতে দীঘলীয়া ৰে’লৰ খিতাপ লাভ কৰিছে ছুইজাৰলেণ্ডে। এই ৰে’লখনৰ ক্ষমতা ৪৫৫০ খন আসনৰ, যিখন ৰে’লখন একেলগে ৭ জন চালকৰ দ্বাৰা অতি সমন্বয়ৰে পৰিচালিত হয়। এই সফলতাৰ লগে লগে ছুইজাৰলেণ্ড এতিয়া বিশ্বৰ ভিতৰতে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলোৱা দেশ হিচাপে পৰিগণিত হৈছে।

চুইছ ৰেলৱেৰ সৈতে জড়িত ৰেইটিয়ান ৰেলৱে কোম্পানীয়ে প্ৰায় ২ কিলোমিটাৰ দীঘল (১.২ মাইল দীঘল) ১০০টা ডবাৰে গঠিত এখন ৰেল চলাইছিল। যদিও ৰতিয়ান ৰেলৱেৰ এই বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰা হৈছে চুইছ ৰেলৰ ১৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে, কিন্তু চুইছ ৰেলৱেৰ বিষয়াসকলে এই ৰেল যাত্ৰাৰ জৰিয়তে ছুইজাৰলেণ্ডৰ সুন্দৰ ৰেলপথৰ সৌন্দৰ্য্য বিশ্ববাসীক দেখুৱাব বিচাৰিছে।

The Rhaetian Railway RhB কোম্পানীয়ে নিৰ্মাণ কৰা এই ৰেলখনে ২২টা সুৰংগ আৰু ৪৮খন দলঙৰ মাজেৰে পাৰ হৈছিল। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আলবুলা / বাৰ্নিনা পথত চলিছিল এই ৰে’লখন। ২০০৮ চনত ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। আপোনালোকক কওঁ যে এই সুন্দৰ পথটোৰ আলোচনা সমগ্ৰ বিশ্বতে হৈছে।ইউৰো নিউজত প্ৰকাশিত প্ৰতিবেদন অনুসৰি চুইজাৰলেণ্ডৰ ৰে’লৱেৰ বিষয়াসকলে কয় যে ৪৫৫০খন আসন আৰু ৭জন চালকৰ সৈতে ছুইজাৰলেণ্ড এতিয়া বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’ল চলোৱা দেশত পৰিণত হৈছে।

নিশা মুকালমুৱাৰ সাপকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত দুজনক GNRCলৈ প্ৰেৰণ

নিশা মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনে দুচকীয়া বাহন এখনক খুন্দিয়াৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ চালক-আৰোহী দুয়োজন গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনৰ নাম মিৰ হুছেইন আৰু মিৰান আলী। আহত দুয়োজনকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে দুয়োজনকে উন্নত চিকিৎসাৰ বাবে GNRCলৈ প্ৰেৰণ কৰে।

আহত লোক দুজন মুকালমুৱা চিকিৎসালয়তে থকা GNRCৰ এম্বুলেঞ্চ এখনত কৰ্মৰত বুলি জানিব পৰা গৈছে যাৰ বাবে চিকিৎসকে দুয়োজনকে উন্নত চিকিৎসাৰ বাবে GNRCলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্থ দুচকীয়া বাহনখনৰ নম্বৰ AS 14 G 2435।

জনসংখ্যা সমাধান ফাউণ্ডেছন অসমৰ নৱ নিৰ্বাচিত ৰাজ্যিক সমিতি প্ৰথম কাৰ্যকৰী সভা

ৰবিবাৰে দিনৰ ১১বজাৰ পৰা শংকৰদেৱ বিদ্যা নিকেতন,বৰবাৰী গুৱাহাটী ত সভাখন সম্পন্ন কৰা হয়।সভাৰ শুভাৰম্ভণি ভাৰত মাতাৰ ফটোত বন্তি প্ৰজ্বলনেৰে সভাৰ শুভাৰম্ভণি কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতিৰ কামনাৰে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উপস্থিত থাকে.তীৰ্থাংকৰ দাস কলিতা ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ
ৰাষ্ট্ৰীয় উপাধ্যক্ষ হৰেন্দ বৰা দেৱ ৰাষ্ট্ৰীয় সদস্য ইপ্সিতা বৰুৱা জে এছ এফ অসমৰ অধ্যক্ষ শ্ৰীযুত পংকজ তালুকদাৰ সংগঠন সচিব মৃনাল গোস্বামী মহিলা শক্তিৰ অধ্যক্ষ ৰঞ্জিতা ৰাজ সংগঠন সচিব চন্দা বিশ্বাস যুৱ শক্তিৰ অধ্যক্ষ প্ৰদ্যুৎপল শৰ্মা দৈনন্দিন বাৰ্তা কাকতৰ স্বতাধিকাৰ শংকৰ গোহাঁইৰ লগতে জিলা সমূহৰ অধ্যক্ষ অধ্যক্ষাৰ লগতে ৰাজ্যিকৰ বিভিন্ন দায়িত্ব প্ৰাপ্ত বিষয় ববীয়া সকল। ভাষন প্ৰসঙ্গত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ কাৰ্যক্ৰতা তথা সংঘৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ গৰাকীয়ে বৰ্ত্তমান সময়ত ৰাইজক সজাগ আৰু সচেতন হোৱাৰ লগতে জন বিস্ফোৰন বন্ধ কৰাৰো আহ্বান জনোৱা লগতে অতি সোনকালে দেশত এখন কঠোৰ জনসংখ্যা আইন বলবৎ কৰাৰো মত প্ৰকাশ কৰি সকলো ৰাইজক এই ক্ষেত্ৰত দাবি জনাবলৈও আহ্বান কৰে।

আনফালে ৰাষ্ট্ৰীয় উপাধ্যক্ষ হৰেন্দ বৰা দেৱৰ বক্তব্যত দুটা সন্তানৰ ওপৰত এখন কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে ভাৰত চৰকাৰক দাবি জনাবৰ বাবে ২৭ নবেম্বৰত দিল্লীত একত্ৰিত হোৱাৰ কথা ও অৱগত কৰে।এই যাত্ৰা দেশৰ ভয়াবহ জনবিষ্ফোৰনৰ সমস্যা সমাধানৰ যাত্ৰা লক্ষ্য আমাৰ বহু দুৰৈত যদিও সময় আমাৰ হাতত বুলি কয়।

চুকাফা কাপ ফুটবলত অইল এফ চি চূড়ান্ত বিজয়ী

টাই আহোম যুৱ পৰিষদ অসম , টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক চুকাফা কাপ ফুটবলৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনি অইল ইণ্ডিয়া এফ চি আৰু মাকুম চুপাৰষ্টাৰ এফ চি দলৰ মাজত অনুষ্ঠিত হয় ।উক্ত খেলত অইলৰ মিণ্টু বড়ো কপিল বড়ো ফিৰোজিত দহোটীয়াৰ গ’লৰ সহায়ত অইলে ৩-০ গ’লৰ ব্যৱধানত জয়ী হৈ চূড়ান্ত বিজয়ী খিতাপ দখল কৰি উদযাপন সমিতিৰ তৰফৰ পৰা ট্ৰফি সহ: ৫০ হেজাৰ টকাৰ চেক লাভ কৰাৰ বিপৰীতে ৰাণাৰ্চ আপ মাকুম চুপাৰষ্টাৰ দলে ট্ৰফীসহ: ৩০ হেজাৰ টকাৰ চেক লাভ কৰে।

লগতে অইল দলৰ ফিৰোজিত দহোটীয়া আৰু মাকুম চুপাৰষ্টাৰ দলৰ ডানিয়েল গুৰুঙক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজীৰাণী শ্যাম ফুকনে ট্টফী সহ: নগদ ধনেৰে পুৰস্কৃত কৰে।ইন্দ্ৰজিত চেতিয়াই পৰিচালনা কৰা উক্ত খেলখন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে উদ্বোধন কৰে।

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ প্ৰতিবেদন

‘অমিত শ্বাহক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক’: মনীষ ছিছোদিয়াৰ নতুন দাবী

মনীষ ছিছ’দিয়াই, এটা অডিঅ’ ক্লিপৰ জৰিয়তে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে  গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক অডিঅ’ ক্লিপৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ‘অপাৰেচন লোটাছ’ৰ জৰিয়তে আম আদমী পাৰ্টীৰ বিধায়কসকলক ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে । শনিবাৰে ছিছ’দিয়াই ৰাজধানীত আপৰ বিধায়কক বিজেপিয়ে ক্ৰয় কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰি ‘বিজেপিৰ এটা অডিঅ’ ক্লিপ শুনিছিল বুলি উল্লেখ কৰিছে। তেওঁ কয় যে যদি এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জড়িত হৈ আছে, তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি তদন্ত কৰা উচিত। আচলতে আপৰ একাংশ বিধায়ক ক্রয় কৰিব বিচৰা সম্পৰ্কীয় এটা ৰেকৰ্ডিং টেপ ২৮ অক্টোবৰত আপে লাভ কৰিছে। এই অডিঅ’ত বিজেপিৰ এজন দালালে টি আৰ এছৰ এজন বিধায়কক কোৱা শুনিবলৈ পোৱা যায় যে তেওঁলোকেও দিল্লীৰ পৰা ৪৩ জন বিধায়ক কিনিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে ধনৰ প্ৰলোভনো দিছিল। তেওঁলোকে শ্বাহজী আৰু বি এল সন্তোষৰ লগত কথা পাতিছে বুলিও কৈছে।


তেলেংগানাৰ বিধায়ক ক্ৰয়ৰ কেলেংকাৰীত বিজেপি জড়িত থকাৰ তথ্য প্ৰকাশ পোৱাৰ পিচত ‘আপ’ৰ নেতা, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই দাবী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰা উচিত । এখন সংবাদমেলত আপৰ এজন জ্যেষ্ঠ নেতাই অডিঅ’ টেপ বজাই অভিযোগ কৰে যে ক্লিপটোত শুনা মাতবোৰ ৰাজ্যৰ শাসক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ক্ৰয় কৰাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ কৰা বিজেপিৰ দালাল তিনিজনৰ ভিতৰৰে।


দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে দাবী জনাইছে যে যদি বিজেপিৰ লোক  সকলে শ্বাহজী বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা কৈছে তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা উচিত। তেওঁ কয় যে এই অডিঅ’ টেপসমূহ দিল্লী আৰু পঞ্জাৱত আপৰ বিধায়কসকলক ভাঙিবলৈ বিজেপিৰ ব্যৰ্থ প্ৰচেষ্টাৰ “প্ৰমাণ”। এই সন্দৰ্ভত বলবৎকাৰী সঞ্চালকালয়ৰ তদন্তৰ দাবী জনাইছে ছিছোদিয়াই।
ছিছোদিয়াই কয় যে এখন দেশৰ গৃহমন্ত্ৰী এনে ষড়যন্ত্ৰত জড়িত হ’লে ই অতি বিপদজনক। ইফালে বিজেপি বা অমিত শ্বাহৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া বৰ্তমানলৈকে চৰ্চালৈ অহা নাই।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িলে কোহলীয়ে

টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। দক্ষিণ আফিকাৰ বিৰুদ্ধে কৰা ১২ ৰাণৰ সৰু ইনিংছটোৰ দ্বাৰা এই অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ।

কোহলীৰ পূৰ্বে শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনে টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ কৰিবলৈ সক্ষম হৈছিল। কোহলীৰ আগলৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণসংগ্ৰহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল।

১০০০ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও বিৰাট কোহলীৰ নামত বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকৰ তালিকাটো শীৰ্ষত আছে। এতিয়ালৈকে তেওঁ বিশ্বকাপত ১২ টা অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ব্যৰ্থ হ’লেও চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে কোহলী। পাকিস্তানৰ বিৰুদ্ধে ৮২ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে কৰিছে ৬২ ৰাণ।

বিশ্বকাপৰ বাদেও টি২০ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহৰ তালিকাতো কোহলীয়ে শীৰ্ষত আছে। বৰ্তমানলৈকে তেওঁ ৩৮৬৮ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ পাছতে আছে ৰোহিত শৰ্মা।

কেৱল সেয়াই নহয়, ৩৬ টা অৰ্ধশতকেৰে টি২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধ শতক অৰ্জন কৰা বেটাৰৰ তালিকাতো কোহলী শীৰ্ষত আছে।

উৰুৰ হাড় ভাঙিলে কৃত্ৰিম বুদ্ধিমত্তাই ক’ব যে অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে নে পৰৱৰ্তী চিকিৎসা কি হ’ব। 

উৰুৰ হাড় ভাঙিলে কৃত্ৰিম বুদ্ধিমত্তাই ক’ব যে অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে নে পৰৱৰ্তী চিকিৎসা কি হ’ব। গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ৰ গৱেষকৰ এটা দলে চিকিৎসা জগতখনক এনে এটা মডেল আৱিষ্কাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভৰিৰ উৰু অংশ ভাঙিলে মেৰামতি কৰাটো কঠিন আৰু ব্যয়বহুল হ’ব পাৰে, বিশেষকৈ বয়সস্থ লোকৰ ক্ষেত্ৰত। গুৱাহাটীৰ আই আই টিৰ শিক্ষক ডাঃ ছৌপটিক চন্দা আৰু গৱেষকৰ এটা দলে ৰোগীৰ শাৰীৰিক দুখ-কষ্ট আৰু পৰিয়ালৰ ওপৰত অস্ত্ৰোপচাৰৰ আৰ্থিক বোজা কমোৱাৰ বাবে এই আৰ্হি প্ৰস্তুত কৰিছিল।
তেওঁলোকে কয় যে শেহতীয়াকৈ হিপ আৰু হিপ ফ্ৰেক্টৰৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। আমাৰ দেশত প্ৰতি বছৰে ২ লাখৰো অধিক লোকে এই অস্ত্ৰোপচাৰ কৰে।
পৰম্পৰাগত পদ্ধতি অনুসৰি অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে ভঙা ঠাইত অস্থায়ীভাৱে ষ্টীলৰ প্লেট বা ৰড ৰাখে। এই সমগ্ৰ পদ্ধতিটো কিমান সফল হ’ব, বা আচলতে সফল হ’ব নে নহয়, সেয়া সম্পূৰ্ণৰূপে চিকিৎসকৰ অভিজ্ঞতা আৰু ৰোগ নিৰ্ণয় কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। সুদীপ্তই কয় যে, “ ৰোগীৰ শাৰীৰিক অৱস্থা আৰু পূৰ্বতে থকা জটিলতাসমূহ বুজি হাড়ভঙাৰ ধৰণ নিৰ্ণয় কৰা আৰু চিকিৎসাৰ ধৰণ নিৰ্বাচন কৰাটোৱে ভৱিষ্যতৰ চিকিৎসা বিজ্ঞানত এক বৃহৎ ভূমিকা পালন কৰিব পাৰে।”
শেহতীয়াকৈ তেওঁলোকে এটা চফট্ ৱেৰ বা এপ্লিকেচন প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। সেই চফট্ ৱেৰৰ এলগৰিদমৰ ভিত্তিত চিকিৎসালয়সমূহে চিকিৎসা কৰিব পাৰিব।

জটিল হৃদৰোগত আক্রান্ত অখিল গগৈ! উন্নত চিকিৎসাৰ পৰামৰ্শ চিকিৎসকৰ

জটিল হৃদৰোগত আক্রান্ত বিধায়ক অখিল গগৈ। গুৱাহাটীৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্ভৱপৰ নহব অখিল গগৈৰ। সেয়েহে চিকিৎসকে বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিছে। সকলো ঠিকে থাকিলে উন্নত চিকিৎসাৰ বাবে মঙলবাৰে পুনৰ ৰাজ্যৰ বাহিৰলৈ নিয়া হব অখিল গগৈক। হৃদযন্ত্ৰৰ কঠিন লেজাৰ অস্ত্ৰোপচাৰ এটাৰ বাবে দিল্লী অথবা হাইদৰাবাদলৈ নিব বিধায়ক গগৈক। 

তিনিদিনে GMCHৰ বিছনাত চিকিৎসাধীন হৈ আছে বিধায়ক অখিল গগৈ। বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰি প্ৰথমে ৰাজধানী দিল্লী আৰু তাৰ পাছত GMCH হাস্পাতালত চিকিৎসাধীন হৈছিল ৰাইজৰ দলৰ সভাপতিগৰাকী।
কাৰাগাৰত থকা সময়তে অখিল গগৈয়ে হৃদৰোগ তথা উচ্চ ৰক্তচাপত ভুগিছিল। বৰ্তমান পূৰ্বতকৈ কিছু পৰিমাণে ভাললৈ আহিছে গগৈৰ স্বাস্থ্যৰ অৱস্থা। প্ৰথম দুটা দিনে GMCHৰ আইচিইউত থকা অখিলক আজি অনা হৈছে কেবিনলৈ। 
অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত এনেদৰে প্ৰাগ নিউজক জনালে ৰাইজৰ দলৰ সতীৰ্থই। বিধায়কগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ অৰ্থে অচিৰেই পুনৰ বাহিৰলৈ নিয়াৰ চিন্তা চৰ্চা পৰিয়াল তথা সতীৰ্থৰ। বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ আত্মীয় তথা শুভাকাংক্ষীসকলে। 

হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত আমিৰ খানৰ মাতৃ, মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছে মাতৃগৰাকী

আমিৰ খানৰ মাতৃ জীনত হাৰ্ট এটেকত আক্ৰান্ত হৈছে। তাই আছিল পঞ্চগণিৰ নিজৰ ঘৰত। স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ মুম্বাইৰ ব্ৰেচ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয়। সম্প্ৰতি আমিৰৰ মাতৃৰ অৱস্থা সুস্থিৰ।আমীৰ খানৰ মাতৃ জীনত হাৰ্ট এটেকত আক্ৰান্ত হৈছে। তাই আছিল পঞ্চগণিৰ নিজৰ ঘৰত। স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ মুম্বাইৰ ব্ৰেচ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয়। দীপাৱলী উপলক্ষে আমিৰ খান পঞ্চগনীৰ ঘৰত আছিল বুলি খবৰ আহিছে। মাকৰ হাৰ্ট এটেক হ’লে মাকক লৈ গৈছিল ব্ৰিচ কেণ্ডি হস্পিতাললৈ। পৰিয়ালৰ আন সদস্যসকলো তাত উপনীত হৈছে। বৰ্তমান আমিৰৰ মাতৃৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

চৰকাৰী তথ্য এতিয়ালৈকে দিয়া নাই আমিৰ খান আৰু তেওঁৰ পৰিয়ালে। , আমিৰৰ মাতৃক ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছে। তাইৰ স্পন্দন স্থিতিশীল আৰু চিকিৎসাৰ সময়ত তাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। আমিৰ আৰু তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে যে বৰ্তমান কোনো তথ্য বাদ দিয়া নহয়। পৰিস্থিতি দেখি খান পৰিয়ালে বিচাৰিছে যে জিনাতৰ স্বাস্থ্যক লৈ উৰাবাতৰি প্ৰচাৰ নকৰিব।