Home Blog Page 1929

দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বহু চৰকাৰী আঁচনি…

কন্যা শিশুৰ বাবে চৰকাৰী আঁচনিঃ দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু চৰকাৰী আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহে ছোৱালীৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ যত্ন লয়। এই সকলোবোৰ আঁচনিতে বিভিন্ন সুবিধা দিয়া হয়, যাৰ অধীনত শিক্ষাৰ পৰা আৰম্ভ কৰি ছোৱালীৰ বিয়ালৈকে সকলো অন্তৰ্ভুক্ত কৰা হয়।

ইয়াত কন্যাৰ স্বাৰ্থৰ যত্ন লোৱা পাঁচখন চৰকাৰী আঁচনিৰ বিষয়ে তথ্য দিয়া হৈছে, য’ত এটা নিৰ্দিষ্ট আয় বিনিয়োগ কৰি কন্যাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি বিয়ালৈকে খৰচ বহন কৰিব পৰা যায়।

সুকন্যা সমৃদ্ধি যোজনা
এই আঁচনিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত ৰখা হৈছে। সুকন্যা সমৃদ্ধি যোজনাত কন্যা জন্মৰ পৰা ১০ বছৰলৈকে পিতৃ-মাতৃৰ হৈ বিনিয়োগ কৰা হয়। এই আঁচনিৰ পৰা বৰ্তমান চৰকাৰে ৭.৬ শতাংশ ৰিটাৰ্ণ দিছে আৰু ইয়াত বছৰি নূন্যতম ২৫০ টকা আৰু সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। এই আঁচনিখনত জন্মৰ পৰা ১৮ বছৰলৈকে বিনিয়োগ কৰিব পাৰি আৰু কন্যাৰ বিয়া পৰ্যন্ত ডাঙৰ ডাঙৰ ধন জমা কৰিব পাৰি।

কন্যা শিশু সমৃদ্ধি আঁচনি
কন্যা সন্তান জন্মৰ পিছত ৫০০ টকা অনুদান দিয়া সুকন্যা সমৃদ্ধি আঁচনিৰ দৰেই এই আঁচনি। এই আঁচনিৰ অধীনত ডাকঘৰ বা বেংকত একাউণ্ট খুলিব পাৰিব। ইয়াত বিনিয়োগৰ ওপৰত চৰকাৰে বাৰ্ষিক সুত দিয়ে, যিটো ছোৱালীজনীৰ বয়স ১৮ বছৰ হ’লেহে উলিয়াব পাৰি।

দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন ব্যৱহাৰ কৰি হাৰাশাস্তি…

দেশত নাৰীজনিত অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে এগৰাকী বিদেশী মহিলাক ৰাজপথত অশালীন আচৰণ কৰি লজ্জানত কৰিছে দুই দুৰ্বৃত্তই। দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন ব্যৱহাৰ কৰি হাৰাশাস্তি কৰে।

মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। টুইটাৰত প্ৰকাশ কৰা ভিডিঅ’টোত অভিযুক্ত লোকজনে কোৰিয়ান ইউটিউবাৰ গৰাকীৰ হাতত ধৰি হাৰাশাস্তি কৰাৰ লগতে লাইভত থকা অৱস্থাতে চুমা খাবলৈও চেষ্টা কৰা দেখা গৈছে।

মহিউচি ইন নামৰ ইউটিউবাৰ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “যোৱা নিশা লাইভ ষ্ট্ৰীমত এগৰাকী যুৱকে মোক হাৰাশাস্তি কৰিছিল। মই পৰিস্থিতিৰ অধিক বেয়া নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ আৰু তেওঁ বন্ধুৰ লগত থকাৰ বাবে মই আঁতৰি আহিলো। আৰু কিছুমান মানুহে মোৰ অত্যধিক বন্ধুত্বপূৰ্ণ আৰু কথা-বতৰাৰ দ্বাৰা মই নিজেই ইয়াৰ আৰম্ভণি কৰিছো বুলি ক’ব খোজে। ষ্ট্ৰীমিংৰ কথা আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰিছে।”

১ মিনিটৰ এই ভিডিঅ’টোত অভিযুক্তই মহিলা ইউটিউবাৰ গৰাকীক অস্বস্তিকৰভাৱে হাতত ধৰি লিফ্টৰ প্ৰস্তাৱ দিয়া দেখা গৈছে। মহিলাগৰাকীয়ে বহিবলৈ অমান্তি হোৱাত অভিযুক্তই ডিঙিত হাত থৈ গালত চুম্বন কৰিবলৈ চেষ্টা কৰে।

এই আতিশয্যক প্ৰতিহত কৰি মহিলাগৰাকীয়ে লাইভ ষ্ট্ৰিমত “এতিয়া ঘৰলৈ যোৱাৰ সময়” বুলি কৈ আঁতৰি যাবলৈ চেষ্টা কৰে। কিন্তু দুচকীয়া বাহন এখনত আন এগৰাকী ব্যক্তিৰ সৈতে উঠি অহা অভিযুক্তই যুৱতীগৰাকীৰ পিছে পিছে গৈ পুনৰ লিফ্টৰ প্ৰস্তাৱ দিয়ে। যুৱতী গৰাকীয়ে পুনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি তেওঁৰ ঘৰটো ওচৰতে আৰু অকলেই যাব বুলি মন্তব্য কৰে।

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা…

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু । হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি ।

জানিব পৰা মতে অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধা।

কোনোবা অচিনাকী লোকে মুকালমুৱা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছিল মহিলাগৰাকী । পৰিয়ালৰ লোকে জানিব পাৰি মুকালমুৱা মহকুমা চিকিৎসালয়ত খবৰ কৰে যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।

চতিয়াৰ সেউজ বৃষ্টিৰ সেউজীয়া চিন্তা। অভিনৱ বিবাহ নিমন্ত্ৰণ…

নিজৰ বিয়া খন কেনেকৈ পাতিব? কি পিন্ধিব? কি খুৱাব ? এইধৰণৰ সকলোৰে পৰিকল্পনা থাকে। ঘৰত পাতিলে টেন্ট কেনেকুৱা হ’ব কেনেকৈ সজাম ইত্যাদি বহু পৰিকল্পনা । সাধাৰণতে বিবাহত অতিথিক নিমন্ত্ৰনী পত্ৰৰে নিমন্ত্ৰণ জনোৱা হয় । বহুজনে হয়তো ব্যতিক্ৰমী নিমন্ত্ৰনী পত্ৰ লিখিও অতিথিক নিমন্ত্ৰণ জনাইছে ।

পিছে নিমন্ত্ৰণ এটাক যে বিবাহৰ অন্যতম অনুষ্ঠান এটালৈ পৰিনত কৰিব পাৰি সেইটো চতিয়াৰ সেউজ বৃষ্টিয়ে উপলব্ধি কৰালে । চতিয়াৰ বহু কেইখন গৃহত সেউজ বৃষ্টিয়ে বিয়ালৈ মাতিবলৈ হাতত ফুলৰ পুলি টাব এটাৰ সৈতে আগবঢ়াই বিবাহৰ নিমন্ত্ৰন দিলে ।

এক অভিনৱ বিবাহ নিমন্ত্ৰণ লাভ কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিলে সেউজ বৃষ্টিয়ে ৷ সেউজ বৃষ্টিৰ মতে এক নিমন্ত্ৰণী পত্ৰৰ জীৱন কাল হয়তো এদিন দুদিন এমাহ দুমাহ হয়তো এবছৰ বা দুবছৰ ৷ সেয়েহে সেউজ বৃষ্টিয়ে নিমন্ত্ৰণী পত্ৰৰ সমান খৰচত একোটাকৈ গছৰ পুলিৰে অভিনৱ পন্থাৰে বিয়া নিমন্ত্ৰণ দিলে আৰু লগতে অহা ৪ ডিচেম্বৰত সেউজ বৃষ্টিৰ বিবাহলৈ নিমন্ত্ৰণও জনালে ৷ প্ৰাগ নিউজৰ তৰফৰ পৰা সেউজ বৃষ্টিলৈ বিবাহৰ শুভেচ্ছা থাকিল ৷

বৃক্কৰ ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুৰ জীৱন ৰক্ষাৰ্থে তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই বৃক্ক দান কৰিবলৈ সাজু…

দেশৰ অন্যতম জনপ্ৰিয় তথা বয়োজেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱ সম্প্ৰতি চিকিৎসাজনিত কাৰণত ছিংগাপুৰত আছে। বৃক্কৰ ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুৰ জীৱন ৰক্ষাৰ্থে তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই বৃক্ক দান কৰিবলৈ সাজু হৈছে।

ইতিমধ্যে চলিত মাহৰ আৰম্ভণিতে আৰ জে ডি- মুৰব্বী জেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ শৰীৰত ছিংগাপুৰৰ চিকিৎসালয়ত বৃক্ক সংৰোপণ কৰা হ’ব বুলি জানিব পৰা গৈছে। পিতৃ লালুৰ যাদৱৰ চিকিৎসা সম্বন্ধে তেওঁৰ অসংখ্য অনুৰাগী তথা সমৰ্থকক অৱগত কৰি পুত্ৰ তেজস্বী যাদৱে অহা ৫ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব বুলি সদৰী কৰিছে।

বুধবাৰে বিহাৰৰ কুৰহানীত এখন দলীয় প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল তেজস্বী যাদৱে। উল্লেখ্য যে ৫ ডিচেম্বৰত কুৰহানীত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। এই উপলক্ষে আয়োজিত সভাখনত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেজস্বী যাদৱে লালু প্ৰসাদ যাদৱৰ চিকিৎসাৰ বিষয়ে উল্লেখ কৰে।

নিজ ভাষণত যাদৱে কয়, ‘লালুজীয়ে কুৰহানীলৈ আহিব বিচাৰিছিল যদিও বৰ্তমান তেওঁ ছিংগাপুৰত থকাৰ বাবে সেয়া সম্ভৱ নহ’ল। ৫ ডিচেম্বৰত ছিংগাপুৰতে তেওঁৰ বৃক্ক সংৰোপণ কৰিব চিকিৎসকে। তেওঁ বিজেপিৰ পৰাজয় চাব বিচাৰে আৰু আপোনালোকৰ বাবে এই বাৰ্তাটো দিবলৈ মোক প্ৰেৰণ কৰিছে।”

উল্লেখ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে। বিগত কিছুদিন পূৰ্বে তেওঁৰ শাৰীৰিক অৱস্থা অধিক উদ্বেগজনক হৈ পৰিছিল। পিতৃক এনে অসুস্থতাৰ পৰা আৰোগ্য কৰাৰ মানসেৰে তেওঁৰ কন্যা ৰোহিনীয়ে নিজৰ এটা কিডনী দান কৰাৰ সিদ্ধান্ত লৈছে।

যোৱা মাহত স্বাস্থ্য পৰীক্ষাৰ পিছত ছিংগাপুৰৰ পৰা উভতি আহিছিল লালু। বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰবীণ নেতাগৰাকী একাধিক শাৰীৰিক সমস্যাত ভুগি আছিল। এই পৰিস্থিতিত ছিংগাপুৰৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি জৰুৰী বৃক্ক সংৰোপণৰ প্ৰয়োজন হয়।

ইয়াৰ পিছতে ৰোহিনীয়ে লালু প্ৰসাদ যাদৱক বৃক্ক দান কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত লালুৱে কন্যা ইচ্ছাৰ প্ৰতি সঁহাৰি জনোৱা নাছিল যদিও অৱশেষত সেই সিদ্ধান্ত মান্তি হ’ল। এতিয়া তেজস্বী যাদৱে সদৰী কৰা অনুসৰি বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ ৫ ডিচেম্বৰত সম্পন্ন হোৱাটো নিশ্চিত হৈ পৰিছে।

অক্ষয় কুমাৰে কয় যে যদি তেওঁ ‘জীৱনত মাত্ৰ এটা আশীৰ্বাদ পাব পাৰে’, তেন্তে সেয়া হ’ব পাৰে…

বুধবাৰে সন্ধিয়া অক্ষয়ে কিতাপ পঢ়ি থকা এখন ছবি শ্বেয়াৰ কৰে। তেওঁৰ হাতত থকা কিতাপখন আছিল প্ৰাক্তন এয়াৰ মাৰ্শ্বাল পি ভি আয়াৰৰ ‘ফিট এনি এজ: এ প্ৰেকটিচনাৰ’ছ গাইড’। ছবিখন শ্বেয়াৰ কৰি অক্ষয়ই ইনষ্টাগ্ৰামত লিখিছে, “জীৱনত যদি মই মাত্ৰ এটা আশীৰ্বাদ পাব পাৰো, তেন্তে সেয়া হ’লহেঁতেন ‘যিকোনো বয়সতে ফিট’। প্ৰাক্তন এয়াৰ মাৰ্শ্বাল পি ভি আয়াৰৰ কিতাপখনৰ শিৰোনাম ঠিক তেনেকুৱাই। ৯২ বছৰ বয়সত কি প্ৰেৰণা, ছাৰ! আপোনাৰ কিতাপখনৰ পৰা ইমানখিনি শিকিবলৈ আশা কৰিছো”।

এগৰাকী পৰিচিত ফিটনেছ আৰু স্বাস্থ্য অনুৰাগী অক্ষয়ে নিজৰ ৰাতিপুৱাৰ আৰম্ভণি কৰে কঠোৰ ফিটনেছ ৰেজিমৰ সৈতে। যোৱা মাহত তেওঁ নিজৰ ৱৰ্কআউট চেচনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীসকলক প্ৰশ্ন কৰিছিল যে তেওঁ সঁচাকৈয়ে ৫৫ বছৰীয়া ব্যক্তি নেকি?

হিন্দী চলচ্চিত্ৰ জগতত প্ৰতি বছৰে বহু মুক্তিৰ ছবি অক্ষয়ে মন্থন কৰে। এই বছৰ তেওঁৰ পাঁচটা মুক্তি আছিল। প্ৰথমাৰ্ধত মুক্তি পোৱা ছবি – বচ্চন পাণ্ডে, সম্ৰাট পৃথ্বীৰাজ, আৰু ৰক্ষা বন্ধনৰ সঁহাৰি যথেষ্ট নিস্তেজ।

থ্ৰিলাৰ কটপুট্লিৰ প্ৰিমিয়াৰ অনলাইনত হৈছিল, আৰু অভিষেক শৰ্মাৰ ৰাম সেতুৰ থিয়েটাৰত মুক্তি পাইছিল – দুয়োখন ছবিয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।

অক্ষয়ৰ কিছু আকৰ্ষণীয় প্ৰজেক্ট পৰৱৰ্তী মুক্তিৰ বাবে শাৰী পাতি আছে। ইয়াৰ ভিতৰত আছে পাৰিবাৰিক মনোৰঞ্জনমূলক ছবি চেলফি য’ত নুশ্ৰৰাট ভাৰুচ্চা, ডায়েনা পেণ্টী, আৰু ইমৰান হাছমীও আছে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাব ছবিখন।

টাইগাৰ শ্ৰফৰ সৈতে তেওঁলোকৰ পৰৱৰ্তী ছবি বাডে মিয়ান ছোটে মিয়ানৰ বাবেও তেওঁ টিম আপ কৰিব। তেওঁৰ ছবি OMG Oh My God ৰ ছিকুৱেলও অতি সোনকালে মুক্তি পাব। তেওঁৰ কিটিত ৰাধিকা মদনৰ সৈতে তামিল ছবি ছুৰাৰাই পট্ৰুৰ হিন্দী ৰিমেকতো তেওঁক দেখা যাব।

ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত শ্বোয়াইব মালিকে আয়েছা উমৰক বিয়া কৰাবনে? আশ্চৰ্যজনক উত্তৰ দিলে পাকিস্তানী অভিনেত্ৰীয়ে…

ভাৰতীয় টেনিছ চেনচেচন ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে আজিকালি তেওঁলোকৰ সম্পৰ্কৰ বাবে অহৰহ শিৰোনাম দখল কৰি আছে। বিগত কেইবাদিনো ধৰি ছানিয়া আৰু শ্বোৱেইবৰ বিবাহ বিচ্ছেদক ​​লৈ জল্পনা-কল্পনাৰ বজাৰখন অতি উত্তপ্ত হৈ পৰিছে।

সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ছানিয়া আৰু শ্বোৱেইবৰ সম্পৰ্কত বিভাজন হৈছে পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰ আৰু শ্বোৱেইব মালিকক বিয়া কৰাবলৈ ওলোৱাৰ বাবেই। এতিয়া এই বিষয়ত মৌনতা ভংগ কৰি উপযুক্ত উত্তৰ দিছে আয়েছা উমৰে।

শ্বোয়াইব মালিকক বিয়া কৰাবলৈ কি ক’লে আয়েছা উমৰে?

পাকিস্তান ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ শ্বোৱেইব মালিক আৰু আয়েছা উমৰৰ ফটোশ্বুট বিগত সময়ত চৰ্চাৰ বিষয় হৈ পৰিছিল। ইয়াৰ পিছত ছানিয়া মিৰ্জা আৰু শ্বোয়াইব মালিকৰ মাজত বিবাদৰ খবৰ তীব্ৰতৰ হৈ পৰে।

এনে পৰিস্থিতিত শেহতীয়াকৈ পাকিস্তানী অভিনেত্ৰী আয়েছা উমৰে ​​শ্বোৱেইব মালিকৰ সৈতে বিবাহৰ উৰাবাতৰিৰ উপযুক্ত উত্তৰ দিছে। আচলতে এজন ব্যৱহাৰকাৰীয়ে আয়েছা উমৰক ছ’চিয়েল মিডিয়াত সুধিছিল যে আপোনালোক দুয়োৰে (আয়েছা-শ্বোয়াইব) বিয়াৰ কাৰ্যসূচী আছে নেকি?

যৌতুকৰ দাবীৰে পত্নীক হত্যাৰ গোচৰত হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে…

Hand about to bang gavel on sounding block in the court room

দেশত প্ৰচলিত যৌতুক প্ৰথাই মহিলাৰ ওপৰত নমাই অনা ভয়াৱহ শাৰিৰীক আৰু মানসিক উৎপীড়নৰ খবৰে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। ভাৰতীয় ন্যায় ব্যৱস্থাত যৌতুকক এক আইনী অপৰাধ হিচাপে গণ্য কৰিলেও দেশৰ সমাজ ব্যৱস্থাত এতিয়াও বৰ্তি আছে এই কু-প্ৰথা।

Hand about to bang gavel on sounding block in the court room

যৌতুক প্ৰথাই ভাৰতীয় সমাজৰ নাৰী সকললৈ নমাই অনা দুৰ্বিসহ যাতনাৰ সময়তে উত্তৰ প্ৰদেশৰ এখন আদালতে এনে এক গোচৰৰ ক্ষেত্ৰত শেহতীয়াকৈ প্ৰদান কৰা এক ৰায়ে বিশেষ নিদৰ্শন দাঙি ধৰিছে। মঙলবাৰে উত্তৰ প্ৰদেশৰ বান্দাৰ আদালতে যৌতুকৰ দাবীৰে পত্নীক হত্যা কৰাৰ অপৰাধত হত্যাকাৰী স্বামীক ১৪ বছৰৰ কাৰাদণ্ডৰে শাস্তিৰে দণ্ডিত কৰিছে।

আদালতে লগতে দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীৰ ওপৰত ৫,০০০ টকাৰ জৰিমনাও আৰোপ কৰে। এই জৰিমনা আদায় নকৰিলে দোষীয়ে তিনি মাহৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে আদেশত উল্লেখ কৰিছে।

উল্লেখ্য যে, যোৱা ২০১৫ চনৰ ২ জুলাইত সন্দীপ চাহুৰ পত্নী কিৰণ চাহুৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ পিতৃয়ে সন্দীপ চাহু আৰু সন্দীপৰ পৰিয়ালৰ আন পাঁচ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামাত হত্যাৰ বলি হোৱা কিৰণ চাহুৰ স্বামী সন্দীপ চাহুক মুখ্য অভিযুক্ত হিচাপে উল্লেখ কৰাৰ বিপৰীতে আন পাঁচগৰাকী ব্যক্তিৰ নাম গোচৰৰ পৰা আঁতৰাই দিয়ে।কালি উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি অতিৰিক্ত জিলা আৰু চেচন ন্যায়াধীশ গুণেন্দ্ৰ প্ৰকাশে সন্দীপক দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা আৰোপ কৰে।

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব মুখ্যমন্ত্ৰীসহ ৭৮৮জন প্ৰাৰ্থীৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্যত দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । ১৮২খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ জিলাৰ ৮৯খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ। আজি নিৰ্ধাৰিত হ’ব ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচন আয়োগে নিৰপেক্ষ আৰু নিকা ভোটদান সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছ।

দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম দিনা ভাগ্য পৰীক্ষা হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপিন্দ্ৰ পেটেলৰ। তেওঁৰ লগতে আছে কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থী। গুজৰাট বিধানসভা নিৰ্বাচন এইবাৰ ত্ৰিকোণীয় যুঁজৰ কেন্দ্ৰ। বিজেপি, কংগ্ৰেছৰ সৈতে ফেৰ মাৰি ভোটযুদ্ধত নামিছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী। অৱশ্যে অমিত শ্বাহে দাবী কৰিছে যে গুজৰাটত খোপনি পুতিব নোৱাৰিব কেজৰিৱালৰ আপে।

পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ১৪,৩৮২টা কেন্দ্ৰত চলিব ভোটগ্ৰহণ। মোদী–শ্বাহৰ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্য কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।

ইপিনে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৫ ডিচেম্বৰত হ’বলগীয়া দ্বিতীয় প্ৰযায়ৰ নিৰ্বাচনত মধ্য আৰু উত্তৰ গুজৰাটৰ সমষ্টিসমূহ সামৰি লোৱা হ’ব। গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৮ ডিচেম্বৰত কৰা হ’ব।

ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই…

পুনৰ এবাৰ ৰাজ্যবাসী তথা ৰাজ্যৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰি তুলিছে বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ তাৰকা লন বল খেলুৱৈ নয়নমণি শইকীয়াই।

বাৰ্মিংহামত ইতিহাস ৰচি কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ নয়নমণি শইকীয়াই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰে সন্মানীয় অৰ্জুন বঁটা।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত লন বলৰ মহিলাৰ শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল। খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল।

নয়নমণি শইকীয়া সন্মানীয় অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোঁহায়ে অৰ্জুন বঁটা লাভ কৰিছিল। অৰ্জুন বঁটাৰ লগতে আজি ২০২২ বৰ্ষৰ দেশৰ অন্য সন্মানীয় ক্ৰীড়া বঁটাসমূহো প্ৰদান কৰা হয়। নয়নমণিসহ দেশৰ ২৫ গৰাকী খেলুৱৈক চলিত বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে।

আনহাতে দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা গ্ৰহণ কৰে কিংবদন্তী টেবুল টেনিছ খেলুৱৈ অচন্ত শৰথ কমলে। উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তাৰকাগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।