আমাৰ শৰীৰত যিকোনো কামৰ বাবে নিতান্তই প্ৰয়োজনীয় এক উপাদান হ’ল পানী। এজন ব্যক্তিয়ে বহু সময় খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও কিন্তু পানীৰ অবিহনে দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। উল্লেখ্য যে মানৱ শৰীৰৰ প্ৰায় ৭৫% পানীৰে গঠিত ।
পানী শৰীৰৰ বাবে অতি আৱশ্যক হোৱাৰ বাবেই, এই পানী খোৱাৰ নিয়ম পালন কৰা অতি আৱশ্যক। দৈনিক কিমান পানী খাব লাগিব, আৰু কেনেকৈ খাব লাগিব কোন সময়ত আৰু কিমান খাব লাগিব এই সকলোবোৰ কথা জনাৰ অতি প্ৰয়োজন।
উল্লেখযোগ্য যে পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য ,চুলি সৰা ,ছাল শুকাই যোৱা , শৰীৰৰ ওজন বৃদ্ধি হোৱা , শৰীৰ দূৰ্বল অনুভৱ কৰা ,মুখত কলা দাগ ,কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।
দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন আৰু কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। দৈনিক শৰীৰৰ পৰা ২ ৰ পৰা ৩ লিটাৰ পানী বিভিন্ন প্ৰকাৰে বাহিৰ হৈ থাকে। গতিকে এজন সুস্থ ব্যক্তিয়ে দিনে ২.৫ ৰ পৰা ৩.৫ লিটাৰ পানী খোৱা উচিত। আনহাতে মহিলাসকলে দিনে ২ ৰ পৰা ৩ লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। গৰমৰ দিনত এই পানীৰ পৰিমাণ বঢ়াই দিয়া উচিত।
কিন্তু প্ৰয়োজনতকৈ অধিক পৰিমাণে পানী খালে কিডনীৰ বাবে ই হানিকাৰক হ’ব পাৰে । গতিকে প্ৰত্যেকজন লোকেই কেতিয়া আৰু কিমান পৰিমাণৰ পানী খাব লাগে সেই কথা জনাৰ দৰকাৰ।পূৱা শুই উঠাৰ পাছত চাহ আৰু কফিৰ পৰিৰ্ৱতে পানীৰে দিনটো আৰম্ভ কৰা উচিত। পিয়াহ নালাগিলেও সদায় পূৱা উঠি ১ ৰ পৰা ২ গিলাছ অৰ্থ্যাৎ ৫০০ মিলি লিটাৰ পানী খোৱাৰ দৰকাৰ। খালী পেটত পানী খালে পেট ভালদৰে পৰিষ্কাৰ হয়।
এজন সুস্থ মানুহে দিনটোত ২.৫ ৰ পৰা ৩ লিটাৰ পানী খোৱা উচিত। ইয়াৰ বাবে পুৱা ২ গিলাছ অৰ্থাৎ ৫০০ মিলি লিটাৰ, ১ গিলাছ পূৱা আহাৰ খোৱাৰ পাছত, ১ গিলাছকৈ দিনটো খাদ্য খোৱা ৪০ মিনিটৰ আগত আৰু ৪০ মিনিটৰ পাছত আৰু ২ গিলাছ পানী গধূলিৰ সময়ত ১ ঘন্টাৰ মূৰে মূৰে খাব লাগে।
টিভি অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে তেওঁৰ পেছাদাৰী জীৱনৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে আলোচনাত আছে। শ্বেতা তিৱাৰী টিভি জগতৰ এটা ডাঙৰ নাম। অভিনেত্ৰীগৰাকী সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু প্ৰতিদিনে তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰি থাকে। যিটো অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। য’ত তাইক হালধীয়া লেহেঙ্গা পিন্ধা দেখা গৈছে।
অসম তৃণমূল কংগ্ৰেছত অব্যাহত আছে ধাৰাবাহিক যোগদান কাৰ্যসূচী। ৰাজ্যৰ প্ৰতিখন জিলাত এই যোগদান কাৰ্যসূচী অব্যাহত আছে।
ইয়াৰ অংশস্বৰূপে ইতিমধ্যে ৰাজ্যৰ বিৰোধী দলবোৰৰ পৰা অহা শীৰ্ষ পৰ্যায়ৰ নেতা-যুৱ নেতাই দলটোত যোগদান কৰিছে। আজি গুৱাহাটীৰ খানাপাৰাস্থিত কায্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশ লৈ বৰপেটা জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আমিৰ হুছেইন অসম তৃণমূলত যোগদান কৰে। আনহাতে এই অনুষ্ঠানত অংশ লৈ বাঘবৰৰ ছাত্ৰ নেতাইও দলটোত যোগদান কৰে।
এই যোগদান কায্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও উপস্থিত থাকে। সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত হোৱা এই যোগদান কাৰ্যসূচীৰ পাছত দুয়োগৰাকী নতুন সদস্যক দলে অভিনন্দন জনায়।উল্লেখ্য যে, প্ৰতিদিনেই দলটোত সমগ্ৰ ৰাজ্যৰ পৰা শতাধিক সদস্যভৰ্তিকৰণ কাৰ্যসূচী চলি আছে।
ভূৱা ল’টাৰী খেল অনুষ্ঠিত কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ টকা লুট কৰা ৰাজ্যৰ এটা ল’টাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড অভিজিৎ কৰ্মকাৰক গ্ৰেপ্তাৰক লৈ ৰাজ্যত ব্সাপক চাঞ্চল্য৷তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সম্পাদকৰ দায়িত্বত থকা অভিজিত কৰ্মকাৰে ৰাজ্যৰ ভূৱা ল’টাৰী চক্ৰৰে জৰিত এটা চক্ৰৰ মুল মাষ্টাৰ মাইণ্ড বুলি অভিহিত কৰিছে আৰক্ষীয়ে৷ ভূৱা ল’টাৰী চক্ৰৰে জৰিতৰ অভিযোগত তৃণমূল নেতাজনক গ্ৰেপ্তাৰৰ পিচতে আজি শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই প্ৰকাশ কৰে কেতবোৰ বিস্ফোৰক তথ্য। আৰক্ষীয়ে সদৰি কৰা মতে, TMC নেতাজনে অসম আৰক্ষীৰ পৰা হাত সাৰিবলৈ আশ্ৰয় লৈছিল পশ্চিম বংগৰ ভিন্ন স্থানত৷
পশ্চিম বংগৰ তৃণমূলৰ নেতাৰ সহযোগত দীৰ্ঘদিন আত্মগোপন কৰাৰ অন্তত অবশেষত বুধবাৰে সন্ধিয়া অতি কৌশলেৰে মুছলপুৰৰ পৰা বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে TMC নেতা তথা ল’টাৰী মাফিয়াটোক ৷ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বত থকা ধেমাজিৰ গোগামুখৰ অভিজিত কৰ্মকাৰে নিজ ভাতৃৰ সৈতে মিলি গঢ়ি তুলিছিল এটা ভূৱা ল’টাৰী চক্ৰ৷ এই চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ স্থানীয় একাংশ লোকৰ সহযোগত দামী গামী গাড়ী উপহাৰৰ প্ৰলোভনেৰে অনুষ্ঠিত কৰে ল’টাৰী খেল৷পিচে ভূৱা খেল অনুষ্ঠিত কৰি ূা খেল অনুষ্ঠিত নকপাকৈয়ে লক্ষ লক্ষ টকা আত্মসাৎ কৰে এই চক্ৰটোৱে ৷ অলপতে বাক্সা জিলাৰ লুৱাশুৰ গাৱৰ এটা শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে প্ৰৱঞ্চক চক্ৰটোৱে অনুষ্ঠিত কৰা এখন ভূৱা ল’টাৰী খেলক লৈ সৃষ্টি হোৱা উত্তেজনা আৰু এই সম্পৰ্কত বাক্সা জিলাৰ গোৱৰ্ধনা থানাত ৰুজু হোৱা 119/22 U/S 120(b)/ 420 R/W sec 14 of Assam Game ans betting Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীক ৷ উল্লেখ্য যে, প্ৰায় ১ কোটি ৩০ লাখ টকাৰ টিকটৰ খেলখনত পুৰস্কাৰ হিচাপে ব’লেৰ’, অল্টো, মটৰ চাইকেল, ই-ৰিস্কাসহ ১৫ টাকৈ উপহাৰ আগবঢ়াইছিল যদিও খেলখন অনুষ্ঠিত নকৰিলে চক্ৰটোৱে ৷