Home Blog Page 1945

কিচমিচৰ পুষ্টিকৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

কিচমিচ সৰু যেন লাগিব পাৰে। কিন্তু ইয়াত বহুতো পুষ্টিকৰ উপাদান লুকাই থাকে।বহুত গৰম হোৱাৰ বাবে মানুহে প্ৰায়ে ইয়াৰ বেছিকৈ নাখায়। অৱশ্যে তিয়াই থোৱা কিচমিচ খালে নিশ্চিতভাৱে উপকৃত হ’ব।
কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে।

কিচমিচতো আঁহৰ উত্তম উৎস। খাদ্য বিশেষজ্ঞ ডাঃ আশুতোষ গাৰ্গৰ মতে ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ সহায়ত বহু ৰোগৰ শিপাৰ পৰা উলিয়াব পাৰি। প্ৰতি নিশা ১০টা কিচমিচ গুটি তিয়াই ৰাতিপুৱা খালে বহু ৰোগ আৰু বেমাৰৰ পৰা হাত সাৰিব।

লগতে আপোনাৰ স্বাস্থ্যও উন্নত হ’ব। এই প্ৰতিবেদনত আমি আপোনালোকক কিচমিচ কেনেকৈ খাব লাগে, ইয়াৰ কি উপকাৰিতা আৰু কি কি উপকাৰিতাৰ বিষয়ে ক’ম। আয়ুৰ্বেদৰ মতে দৈনিক কিচমিচৰ সলনি পানী খোৱাৰ ফলত অধিক উপকাৰ পোৱা যায়। দৰাচলতে কিচমিচত প্ৰচুৰ পৰিমাণে চেনি থাকে আৰু ৰাতিটো তিয়াই থ’লে ইয়াৰ চেনিৰ পৰিমাণ কমি যায় আৰু ইয়াৰ পুষ্টিগুণ বৃদ্ধি পায়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত…

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে সোমবাৰে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।কৃষক মুক্তিৰ লেঙেৰী আঞ্চলিকৰ উদ্যোগত প্ৰতিবাদৰ আয়োজন কৰা হৈছিল। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিছিল।

নামদাঙৰ পাঁচখন বন গাঁৱৰ ৫০০ ৰো অধিক লোকে উচ্ছেদ কৰাৰ প্ৰশাসনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।ডিব্ৰুগড় জিলা প্ৰশাসনে কোনো উচ্ছেদৰ জাননী জাৰি কৰা নাছিল। আমি অসমৰ খিলঞ্জীয়া লোক, তেন্তে চৰকাৰে আমাৰ বিৰুদ্ধে কিয় উচ্ছেদ অভিযান চলাব? এতিয়া, জিলা প্ৰশাসনে নামদাং অঞ্চলত গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে। আমি ইয়াত বহু বছৰ ধৰি বাস কৰি আছো কিন্তু এতিয়া চৰকাৰে আমাক বলপূৰ্বক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে,”- নামদাঙৰ এজন বাসিন্দাই এইদৰে কয়।

ইফালে, ডিব্ৰুগড় বন বিভাগে নামদাং অঞ্চলত গছপুলি ৰোপণৰ উদ্যোগ গ্ৰহণ কৰিছে।

“খিলঞ্জীয়া লোকৰ চৰকাৰ বুলি দাবী কৰা বিজেপি চৰকাৰে এতিয়া তেওঁলোকক লেঙেৰীৰ নামদাং অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে। বহু বছৰ ধৰি সেই অঞ্চলত ৫০০ ৰো অধিক লোক বাস কৰি আছে, তেনেস্থলত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কিয় এনে পদক্ষেপ গ্ৰহণ কৰিছে,”- ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ সম্পাদক হেমন্ত কোঁৱৰে অভিযোগ কৰি কয়।

কোঁৱৰে কয়, “আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড়ৰ উপায়ুক্তৰ জৰিয়তে বিষয়টো সমাধান কৰিবলৈ আৰু নামদাঙত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ এখন স্মাৰকপত্ৰ দাখিল কৰিছো।”

কিৱি ফলৰ খেতি কৰি বছৰে বিশ ত্রিশ লাখ টকা উপাৰ্জন কৰক…

কিৱি’ এবিধ মানৱ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান নতু আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

হিমালয় প্রাদদেশত জলবায়ু কিৱি উৎপাদনৰ উপযোগী। বিস্তৃত গৱেষণা আৰু উন্নয়ন সমৰ্থনৰ জৰিয়তে, ভাৰতৰ উপ-হিমালয় অঞ্চলসমূহৰ পৰা কিৱি ফলৰ বাণিজ্যিক খেতি হিমাচল প্ৰদেশ, ছিকিম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ মধ্যম পাহাৰ আৰু নিলগিৰি পাহাৰলৈ সম্প্ৰসাৰিত হৈছে। বৰ্তমানে, ভাৰতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু হিমাচল প্ৰদেশৰ প্ৰায় ৪,০০০ হেক্টৰ এলেকাত ১৩,০০০ মেট্ৰিক টন কিৱি উৎপাদন কৰে। ভাৰতে সম্প্ৰতি নিউজিলেণ্ড, ইটালী আৰু চিলিলৈ ৪,০০০ টন কিৱি ৰপ্তানি কৰি আছে।

মাটী আৰু জলবায়ু:

কিৱি ফল গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিত খেতি কৰিব পাৰি। গভীৰ, উখ, ভালদৰে নিষ্কাশিত বালিময় উৰ্বৰ মাটি কিৱি খেতিৰ বাবে উপযুক্ত। কিৱি খেতি কৰাৰ বাবে মাটীৰ উপযুক্ত PH হৈছে 5.0 ৰ পৰা 6.5-ৰ ভিতৰতI পি.এইচ.-ৰ সৈতে ভালদৰে নিষ্কাশিত মাটিত ৰোপণ কৰক। এনেকুৱা মাটিত খেতি কৰিলে সৰ্বাধিক উৎপাদন হয়।

   কিন্তু মাটিৰ pH ৰ মাত্রা 7.3ৰ অধিক হলে MN-ৰ অভাৱৰ বাবে উৎপাদনত বিৰূপ প্ৰভাৱ পেলায়। কিৱি খেতিৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা হ’ল বতাহৰ পৰা সুৰক্ষিত ৰখাI কিয়নো বতাহে কিৱি উদ্ভিদ, ইয়াৰ সৰু ফুল আৰু অপৰিপক্ক ফলৰ ক্ষতি কৰিব পাৰে। কিৱিৰ হাৰ্ডি আৰু চুপাৰ-হাৰ্ডি প্ৰকাৰবোৰ বিশেষকৈ ছাঁ সহনশীল।

কিৱি উদ্ভিদে সৰ্বাধিক সূৰ্যৰ পোহৰ পাব লাগে, সেয়েহে শাৰীবোৰ উত্তৰ-দক্ষিণ দিশলৈ অভিমুখী কৰিব লাগে। কিৱি খেতিৰ বাবে সৰ্বশ্ৰেষ্ঠ মাহ হৈছে জানুৱাৰী, সেয়েহে ডিচেম্বৰ মাহৰ ভিতৰত প্রস্তুতি আৰম্ভ কৰিব লাগে।

কিৱিৰ প্রকাৰ

   ভাৰতত খেতি কৰা গুৰুত্বপূৰ্ণ কিৱি প্ৰকাৰবোৰ হৈছে এবট, এলিচন, ব্ৰুনো, হেৱাৰ্ড, মণ্টি আৰু টমুৰি।

বসন্ত আৰু শৰতৰ সময়ত, ঠাণ্ডাৰ পৰা সুৰক্ষা প্ৰয়োজন, অন্যথা ই কিৱি বৃদ্ধিত ক্ষতিগ্ৰস্ত কৰিব। কিৱি বৃদ্ধি সুৰক্ষিত কৰিবলৈ বায়ু যন্ত্ৰ আৰু পানীৰ স্প্ৰিঙ্কলাৰ ব্যৱহাৰ কৰিব পাৰি।  

সাৰ প্রয়োগ

কিৱিৰ স্বাস্থ্যকৰ বিকাশৰ বাবে, প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে, 20 কিলোগ্ৰাম খেতিপথাৰৰ সাৰ, 0.5 কিগ্ৰা এনপিকে মিশ্ৰণ য’ত প্ৰতি বছৰে 15% নাইট্ৰজেন প্ৰয়োগ থাকে। 

5 বছৰৰ পিছত, ব্যাখ্যা কৰা অনুসৰি খেতিপথাৰৰ সাৰ আৰু এনপিকে পালিৰ একেই পালি, নাইট্ৰজেন 850-900 গ্ৰাম, ফছফৰাছ 500-600 গ্ৰাম আৰু পটাছিয়াম 800-900 গ্ৰাম প্ৰতি বছৰে।

ব্যৱস্থাৱনা:

   আৰু কিৱিৰ লতাবোৰ ইমান বাঢ়ি যায় আৰু অত্যাধিক ভিৰ হয়, সেয়েহে সেইবোৰ পৰিচালনা কৰাৰ বাবে, কটা প্ৰয়োজন। যেতিয়া আপুনি কিৱি ৰোপণ কৰে তেতিয়া প্ৰুনিং আৰম্ভ কৰিব লাগে। প্ৰথম বছৰৰ বাবে, কিৱি কেনেদৰে কাটিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি পোনপটীয়া বিকাশ আৰু শক্তিশালী পৰিকাঠামোৰ ওপৰত মুখ্য গুৰুত্ব দিয়া উচিত। প্রথম অৱস্থাত উদ্ভিদৰ লতাবোৰ বৃদ্ধি হলে খুটাটোত ঢিলাকৈ বান্ধি দিয়ক আৰু ইয়াক পোনকৈ ওপৰলৈ বঢ়াই ৰাখক।

লতাবোৰ মেৰুৰ চাৰিওফালে পাক খাব নালাগে। সকলো কাষৰ ডাল কাটিব লাগে যেতিয়ালৈকে লতাবোৰ মেৰুৰ শীৰ্ষত উপনীত নহয়। লতাৰ ওপৰৰ অংশটো কাটি দিয়ক আৰু চাঙৰ তাঁৰৰ সৈতে চাৰিওফালে বাঢ়িবলৈ সুবিধা কৰি দিয়ক৷ কটাৰ বাবে, শীতকাল হৈছে সৰ্বশ্ৰেষ্ঠ সময়। যদি লতাটোৱে ওপৰৰ ফালে ভাল কাষৰ ডাল গঠন নকৰে, তেন্তে মুখ্য শাখাটো প্ৰায় 2 ফুট কাটি লওক আৰু ইয়াক গজাবলৈ চেষ্টা কৰক আৰু অহা বছৰ পুনৰ শীৰ্ষত সঠিক কাষৰ শাখা গঠন কৰক। 

জলসিঞ্চন:

ছেপ্টেম্বৰ-অক্টোবৰ মাহত জলসিঞ্চন প্ৰদান কৰিব লাগে, যেতিয়া ফলবোৰ বৃদ্ধিৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকে। 10-15 দিনৰ ব্যৱধানত জলসিঞ্চন উদ্ভিদ আৰু ফলৰ স্বাস্থ্যকৰ বিকাশৰ বাবে উপকাৰী।

ইৰাণৰ ফুটবল খেলুৱৈসকলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলৰ আগতে নাগালে ৰাষ্ট্ৰীয় সংগীত…

বিশ্বকাপ হৈ পৰিল ইৰাণৰ ফুটবলাৰসকলৰ প্ৰতিবাদৰ মঞ্চ! ইৰাণৰ ফুটবল খেলুৱৈসকলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলৰ আগতে নাগালে ৰাষ্ট্ৰীয় সংগীত। আলিৰেজা বেইৰনবন্দ, চাদগে মহাৰমিৰ দলটোৱে তেওঁলোকৰ নিজৰ দেশত চৰকাৰ বিৰোধী  অৰ্থাৎ হিজাব বিৰোধী প্ৰতিবাদৰ সমৰ্থনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

ইৰাণৰ অধিনায়ক আলিৰেজা জাহানবখছে খেলপথাৰত নমাৰ আগতে কৈছিল যে সোমবাৰে মধ্য দোহাৰ পৰা পাঁচ কিলোমিটাৰ পশ্চিমে খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে উদ্বোধনী খেলৰ পূৰ্বে দেশখনৰ চৰকাৰ বিৰোধী আন্দোলনৰ সমৰ্থনত ৰাষ্ট্ৰীয় সংগীত গাব নে নাগাব সেই সন্দৰ্ভত এটা দলীয় সিদ্ধান্ত লোৱা হ’ব। দলটোৱে যি সিদ্ধান্ত লয়, সেই পথেই লোৱা হব।

সেইদৰে, সোমবাৰে কিক-অফৰ আগতে, যেতিয়া দোহাৰ খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ইৰাণৰ ৰাষ্ট্ৰীয় সংগীত বজোৱা হৈছিল তেতিয়া ইৰাণৰ ফুটবলাৰসকলৰ মৌন মুখবোৰ ধৰা পৰিছিল। তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল। কাৰ্লোচ কুইৰোজৰ বাহিনীয়ে ইজনে সিজনৰ কান্ধত ধৰি শান্তভাৱে থিয় হৈ আছিল। দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একে সময়তে প্ৰতিবাদৰ বাৰ্তাও স্পষ্ট হৈ পৰিল।

“ভাৰত জড়ো যাত্ৰাত” ৰাহুল গান্ধীক আজমেৰত আদৰণি জনাব হাজাৰ হাজাৰ পশুপালকে…

আগন্তুক ডিচেম্বৰ মাহত ৰাজস্থানত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰা। আজমেৰৰ ১১ হাজাৰ গৰুপালকে বুণ্ডীত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীক আদৰণি জনাব।

আগন্তুক ডিচেম্বৰ মাহত ৰাজস্থানত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰা। অনুমান কৰা হৈছে যে অহা ৩ ডিচেম্বৰত ঝালাৱাৰ জিলাৰ পৰা এই যাত্ৰা ৰাজস্থানত প্ৰৱেশ কৰি হাদৌতিৰ বুণ্ডী জিলাত উপস্থিত হ’ব। ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ আগমনৰ বাবে ৰাজ্যত এক উৎসাহৰ পৰিবেশ সৃষ্টি হৈছে। ৰাজ্যত ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱা হৈছে। আজমেৰৰ ১১ হাজাৰ গৰুপালকে বুণ্ডীত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীক আদৰণি জনাব।

কংগ্ৰেছ নেতা তথা আজমেৰ ডেইৰীৰ সভাপতি ৰামচন্দ্ৰ চৌধুৰীয়ে কয় যে ৰাজস্থানত ৰাহুল গান্ধীৰ আগমনৰ বাবে সকলোতে সুখৰ পৰিৱেশ বিৰাজ কৰিছে। প্ৰতিটো শ্ৰেণীৰ মানুহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। আজমেৰৰ গৰু পালকসকলো অতিশয় উৎফুল্লিত। ৰামচন্দ্ৰ চৌধুৰীৰ নেতৃত্বত প্ৰায় ১১ হাজাৰ গৰু পালক বুণ্ডীলৈ গৈ ৰাহুল গান্ধীক আদৰণি জনাব। ইয়াৰে ০৪ হাজাৰৰো অধিক মহিলা গৰু পালক হ’ব।

ৰাজস্থানত প্ৰৱেশ কৰাৰ লগে লগে ৰাজস্থানীয় পৰম্পৰা অনুসৰি ৰাহুল গান্ধীকো আদৰণি জনোৱা হ’ব। সকলো পুৰুষ-মহিলা পৰম্পৰাগত ৰাজস্থানী সাজ-পোছাক পৰিধান কৰিব। ঢোলৰ স্পন্দনৰ মাজতে লোকগীত গাই আদৰণি জনোৱা হ’ব ৰাহুল গান্ধীক। সকলো গৰু পালকক বুণ্ডীলৈ লৈ যোৱা আৰু ঘূৰাই অনাৰ বাছৰ ব্যৱস্থা কৰা হ’ব। ভাৰত জোডো যাত্ৰা আজমেৰৰ মাজেৰে পাৰ নহ’ব, গতিকে আজমেৰবাসীয়ে তেওঁলোকক আদৰিবলৈ বুণ্ডীলৈ যাব। ইয়াৰ বাবে চৌধুৰীয়ে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাক সাক্ষাৎ কৰি আলোচনা কৰে।

ৰাজ্যৰ ৭খন জিলাৰ ১৮টা বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হ’ব ভাৰত জোডো যাত্ৰা। ইয়াৰ ভিতৰত আছে ঝালাৱাৰ জিলাৰ ঝালৰাপতন, কোটা জিলাৰ ৰামগঞ্জ মণ্ডি, লাডপুৰা, কোটা উত্তৰ আৰু দক্ষিণ বিধানসভা সমষ্টি। ইয়াৰ পাছতে বুণ্ডী জিলাৰ কেশৱৰাইপতন বিধান সভা সমষ্টিৰ মাজেৰে টংক জিলাত প্ৰৱেশ কৰিব এই যাত্ৰা। এই যাত্ৰা দেওলী আৰু উনিয়াৰা বিধানসভা সমষ্টিৰ মাজেৰে ছাৱাই মাধোপুৰ জিলাত উপস্থিত হ’ব। তাতে বামনৱাছ আৰু লালসোট বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হৈ দৌছাত প্ৰৱেশ কৰিব। দৌছা, লালসোট, ছিক্ৰাই আৰু বান্দিকুই বিধান সভা সমষ্টিৰ মাজেৰে আলৱাৰ জিলাত উপস্থিত হ’ব। আলৱাৰ গ্ৰাম্য, আলৱাৰ ৰামগড়, ৰাজগড় আৰু লক্ষ্মনগড় বিধানসভাৰ মাজেৰে পাৰ হৈ ৰাজস্থান সীমান্তৰ বাহিৰত হাৰিয়ানা ৰাজ্যত প্ৰৱেশ কৰিব।

চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ, ২৬ হাজাৰ ৮২৪ জন নতুন কৰোনা ৰোগী চিনাক্ত…

চীনক এৰি দিয়া নাই কৰোনাই। চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেওবাৰে চীনত ২৬ হাজাৰ ৮২৪ জন নতুন কৰোনা ৰোগী চিনাক্ত কৰা হৈছিল! এপ্ৰিলত তাত কৰোনা সংক্ৰমণৰ দৈনিক আক্ৰান্ত শীৰ্ষত উপনীত হোৱাৰ দৰেই এই নতুন ৰোগীৰ আক্ৰান্তৰ সংখ্যাও সেই স্তৰলৈ বৃদ্ধি পাইছে!

বাতৰি অনুসৰি, বেইজিঙত দুজন লোকৰ মৃত্যু হৈছে। বেইজিঙৰ বিষয়াসকলে সোমবাৰৰ পৰা সৰ্বাধিক সংখ্যক কৰোনাভাইৰাছৰ ঘটনা ধৰা পৰা অঞ্চলসমূহৰ বাসিন্দাসকলক ঘৰত থাকিবলৈ নিৰ্দেশ দিছে। এনে আদেশৰ পিছত বেইজিঙৰ বহুতো বিদ্যালয়ে পুনৰ অনলাইন শ্ৰেণী আৰম্ভ কৰিছে।

চীনত কৰোনা-সংক্ৰমণ ক্ষিপ্ৰতাৰে বাঢ়ি আহিছে। শীতকালৰ আৰম্ভণিতে কৰোনাৰ ছবিখনে তাত ক্ৰমান্বয়ে ব্যাপক ৰূপ লৈছে। নতুন লকডাউনৰ শংকাও আহি পৰিছে। চীনৰ কিছুমান প্ৰদেশত লকডাউন ঘোষণাও কৰা হৈছে। চীনে ইয়াৰ আগেয়ে এদিনত প্ৰায় ১৫ হাজাৰ কৰোনাভাইৰাছ আক্ৰান্ত প্ৰতিবেদন দিছিল।

ইয়াৰ পূৰ্বে, কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জি জিনপিঙৰ দেশখনে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত লকডাউন ঘোষণা কৰিছিল। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। পুনৰ লকডাউনৰ বাবে তাত উৎপাদন অস্থায়ীভাৱে বন্ধ কৰা হৈছে। ফলস্বৰূপে চীনৰ উত্থানৰত অৰ্থনীতি পুনৰ ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰা হৈছে।

গুয়াংঝৌৰ বিষয়াসকলে স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ ঘৰ এৰিবলৈ নিষেধ কৰিছিল। গাড়ীসমূহৰ চলাচল বন্ধ কৰি দিয়া হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে।

পাকঘৰত থকা কিছুমান সামগ্ৰীৰে দূৰ কৰিব পাৰিব ডিঙি চেৰচেৰাই থকা সমস্যা…

পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি, কাহৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী, ঠাণ্ডা পানীয়, বা লাছি খোৱাৰ অভ্যাস এৰি দিয়া নাই, কিন্তু ইয়াৰ বাবেই তেওঁলোকে ডিঙিৰ বিষ বা ডিঙি চেৰচেৰাই থকা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে সমস্যা বাঢ়ি গলে কথা কোৱা, খাদ্য খোৱা সঠিকভাৱে কৰাটো কঠিন হৈ পৰে।

আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাকঘৰত থকা কিছুমান সামগ্ৰীৰে এই সমস্যা দূৰ কৰিব পাৰিব-

১) মেথিঃ মেথি অতি সুগন্ধিযুক্ত মছলা, যাৰ বাবে ইয়াৰ দ্বাৰা বহুতো ৰেচিপি প্ৰস্তুত কৰা হয়। ডিঙিৰ সমস্যা হ’লে আপুনি একাপ পানীত এচামুচ মেথিৰ গুটি উতলাই লব। তাৰ কুহুমীয়া পানী চালনীৰে চেকি খাব লাগে।

২) গৰম পানী আৰু মৌঃ ডিঙিৰ বিষৰ বাবে সকাহ পাবলৈ গৰম পানীৰ লগত মৌ মিহলাই লওক। এতিয়া সেই পানী চিপচিপকৈ খাওক, সোনকালে সকাহ দিব।

৩) নিমখ আৰু হালধি পানীৰ গাৰ্গলঃ নিমখ আৰু হালধি, এই দুটাৰ সংমিশ্ৰণে ডিঙিৰ বিষৰ পৰা উপশম দিব পাৰে। ইয়াৰ বাবে আপুনি এগিলাচ পানী দি গৰম কৰি লওক। এতিয়া আধা চামুচ নিমখ আৰু এচামুচ হালধি মিহলাই প্ৰায় ৫ বাৰ গাৰ্গল কৰক, আপোনাৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব।

৪) আদা-জালুক দিয়া চাহঃ এনে সমস্যাত আদা-জালুক দিয়া চাহে বৰ সকাহ দিয়ে। সেয়েহে কাঢ়াকৈ এই বনাই খাব লাগে।

বিহাৰৰ বৈশালীত শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক…

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল লোকসকলে। পদযাত্ৰাৰ সময়তে হঠাতে এখন ট্ৰাক তেওঁলোকৰ পিনে তীব্ৰ গতিৰে আহি খুন্দিয়ায়। মুহূৰ্তৰ ভিতৰতে ট্ৰাকে পদযাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকক পিষ্ট কৰে। ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। আন কেইবাজনো আহত হৈছে। বিহাৰৰ বৈশালীত এই ঘটনা সংঘটিত হৈছে।

বাতৰি অনুসৰি, দেওবাৰে আবেলি উত্তৰ বিহাৰৰ বৈশালী জিলাত এক ধৰ্মীয় পদযাত্ৰা উলিওৱা হয়। নিশা প্ৰায় ৯ বজাত ভক্তসকলে স্থানীয় দেৱতা ভূমিয়া বাবাৰ উপাসনা কৰিবলৈ পিপুল গছৰ সন্মুখত একত্ৰিত হৈছিল। যেতিয়া পূজা আৰম্ভ হৈছিল তেতিয়াই তীব্ৰ গতিৰে লৰি আহে এখন ট্ৰাক। চকুৰ পলকতে মহতিয়াই নিয়ে উপস্থিত ভক্তসকলক।

দুৰ্ঘটনাটোত শিশু আৰু মহিলাসহ কমেও ১২ জন লোক নিহত হৈছে। আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। আহতসকলক হাজিপুৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকৰ চালক আৰু সহায়কজনক গ্ৰেপ্তাৰ কৰিছে। চালকজনে মদ্যপ অৱস্থাত গাড়ী চলাই আছিল নেকি সেয়া স্বাস্থ্য পৰীক্ষাৰ পিছত জনা যাব।

বন্ধাকবিৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

ৰসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবিৰ বদনাম কৰিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা। বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং আদিও এই শ্ৰেণীৰ পাচলি।

সেউজীয়া বন্ধাকবিয়েই অধিক সুলভ যদিও ৰঙা, বেঙেনাৰঙী, নীলা সেউজীয়া আদি ৰঙৰ বন্ধাকবিও থাকে।

তলত ইয়াৰ কিছু উপকাৰিতা আগবঢ়োৱা হৈছে–

মেদবহুলতা ৰোধী

মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ ২২ কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰিৰ আধিক্য ঘটাৰ সম্ভাৱনা কম।

বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেটেড কৰি ৰাখে।

দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে

বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।

তাৰোপৰি ভিটামিন চিয়ে নন-হেম আইৰন দেহে শোষণ কৰাত সহায় কৰে। মাছ-মাংস বাদ দি শাক-পাচলি, ডাইল আদিত থকা আইৰণক হেম-আইৰন বোলা হয়।

ভিটামিন চি এটা শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে।

অভিনেতা নগা শৌৰ্যই বেংগালুৰুত ইণ্টেৰিয়ৰ ডিজাইনাৰ অনুষা শ্বেট্টীৰ সৈতে বিবাহপাশত…

অভিনেতা নগা শৌৰ্যই বেংগালুৰুত ইণ্টেৰিয়ৰ ডিজাইনাৰ অনুষা শ্বেট্টীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

অনলাইনত পোহৰলৈ আহিছে দম্পতীহালৰ বিয়াৰ ছবি। শৌৰ্য্য আৰু অনুষাৰ বিবাহৰ পূৰ্বে শনিবাৰে বেংগালুৰুৰ এখন হোটেলত অনুষ্ঠিত হৈছিল।

পিছত হায়দৰাবাদত এক গ্ৰেণ্ড ৰিচেপচন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।