চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য নিৰ্বাচনৰ পূৰ্বে ৭২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ব ভাৰত-নেপাল সীমান্ত। সীমান্তৰে হ’ব পৰা সম্ভাৱ্য অসামাজিক কাৰ্যকলাপ প্ৰতিহত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে।
মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰে সদৰী কৰা তথ্য মতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতিনিধি সভাৰ নিৰ্বাচন সন্দৰ্ভত শনিবাৰে নেপালৰ ৰূপান্দেহী জিলাত দুয়োখন দেশৰ বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ” দুয়োখন দেশৰ চুবুৰীয়া জিলাৰ বিষয়াসকলৰ সমন্বয় সমিতিৰবৈঠকত ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰৰ মাজনিশা ১২ বজালৈ ৭২ ঘণ্টাৰ বাবে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।”
সাম্প্ৰতিক বিশ্বত ভয়াবহ ৰোগ হিচাপে চিহ্নিত ৰোগবিধৰ নামেই হৈছে ডায়েবেটিছ। এইবিধ ৰোগক আমাৰ ভাষাত কোৱা হয় মধুমেহ বা বহুমূত্ৰ ৰোগ। আমাৰ শৰীৰ বা দেহত অন্যান্য ৰোগ হ’লে যিদৰে আৰম্ভণিতে ৰোগৰ উমান পোৱা যায় ডায়েবেটিছ বা মধুমেহ ৰোগৰ ক্ষেত্ৰত এই কথা নাখাটে।
এই ৰোগবিধ শৰীৰত আৰম্ভ হোৱাৰ কথা ৰোগীয়ে প্ৰথম অৱস্থাত বা ভালেমান দিনলৈকে গমেই নাপায়। নীৰৱে এই ৰোগবিধে আমাৰ দেহত বাহ লৈ আমাৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ, যেনে- কলিজা, স্নায়ু, বৃক্ক, লিভাৰ, চকু আদিৰ নীৰৱে ক্ষতিসাধন কৰি থাকে। ৰোগীয়ে যেতিয়া দেহত এই ৰোগবিধৰ উপস্থিতিৰ উমান পায় তেতিয়া ৰোগবিধ ইতিমধ্যে দেহত পূৰঠ হৈ উঠিছে আৰু ৰোগীৰ ওপৰত উল্লিখিত অংগসমূহৰো ব্যাপক ক্ষতিসাধন কৰিছে। এনে কাৰণতে ডায়েবেটিছ ৰোগক মানুহৰ নীৰৱ ঘাতক বুলি কোৱা হয়।
ই এনে এবিধ মাৰাত্মক ৰোগ যে কোনো ঔষধ-পাতিৰ দ্বাৰাই এই ৰোগ সম্পূৰ্ণভাৱে আৰোগ্য কৰাও সম্ভৱ নহয়। এনে কাৰণতে ডায়েবেটিছ বা মধুমেহ দুৰাৰোগ্য ব্যাধি হিচাপে চিহ্নিত হৈছে। আমাৰ শৰীৰে যিটো অৱস্থাত শৰ্কৰা জাতীয় পদাৰ্থ গ্ৰহণ কৰিব নোৱাৰা হয়। সেই অৱস্থাত তেজত শৰ্কৰা বা চেনিৰ পৰিমাণ বাঢ়ি গৈ ই মূত্ৰাশয়ৰ জৰিয়তে নিৰ্গত হয় আৰু ইয়াকে ডায়েবেটিছ ৰোগ বোলা হয়। ৰোগবিধত শৰীৰত কোনো বিষ-কোপ অনুভূত নহয় বাবে ৰোগীয়ে ৰোগ হোৱাৰ উমানেই নাপায়।
ফলত শৰীৰত ভিতৰি ভিতৰি ৰোগ নীৰৱে পূৰঠ হৈ গৈ থাকে আৰু শৰীৰত যেতিয়া চেনিৰ মাত্ৰা খুব বেছি হয় তেতিয়াহে এই ৰোগবিধৰ উপস্থিতিৰ কথা ৰোগীয়ে ধৰিব পাৰে। আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ সমন্বয়ত ক্লোমযন্ত্ৰ গঠিত হৈছে। এই ক্লোমযন্ত্ৰৰ পৰা নিৰ্গত ইনচুলিন বা ক্লোমৰসে শৰ্কৰাৰ বিপাকীয় ক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে। ফলত শৰীৰত তাপ আৰু শক্তি উৎপন্ন হয়। কোনো কাৰণত এই ক্লোমযন্ত্ৰ দুৰ্বল হৈ পৰিলে বা ক্লোমৰস বা ইনচুলিন নিৰ্গত কৰিবলৈ সক্ষম নহ’লে শৰীৰৰ তন্তু বা কোষকলাৰ ভিতৰত শৰ্কৰা দগ্ধ বা দাহিত নহয়। এনে অৱস্থাত তেজৰ লগত শৰ্কৰা বিজাতীয় পদাৰ্থৰূপে সঞ্চিত হ’বলৈ ধৰে আৰু শৰীৰত নানা উপসৰ্গই দেখা দিয়াৰ ফলতে ডায়েবেটিছ ৰোগৰ উৎপত্তি হয়।