Home Blog Page 1979

ছত্তীশগড়ৰ বালোদা বজাৰ জিলাত বৈদ্যুতিক শ্বক দি দঁতাল হাতীক হত্যা…

ছত্তীশগড়ৰ বালোদা বজাৰ জিলাৰ দেৱপুৰ অঞ্চলত বৈদ্যুতিক শ্বকৰ ফলত মৃত্যু হোৱা এটা দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্বৃত্তৰ এটা দলে বৈদ্যুতিক শ্বট দি হাতীটোক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দুদিন পূৰ্বে সংঘটিত এই ঘটনাত হত্যাৰ বলি হোৱা হাতীটোৰ মৃতদেহ বন বিভাগৰ বিশ্ৰাম গৃহৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত পৰি আছিল। মৃতদেহটোৰ পৰা দুৰ্গন্ধ বিয়পাৰ পাছত গোন্ধৰ উৎস পৰীক্ষা কৰাৰ সময়তহে মৃতদেহটো উদ্ধাৰ কৰে বন বিভাগে।

স্থানীয় ডিএফঅ’ মায়াংক আগৰৱালে জানিবলৈ দিয়া মতে হাতীটোৰ মৃতদেহৰ বিষয়ে খবৰ পোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে পশু চিকিৎসকৰ এটা দলক ঘটনাস্থলীলৈ মাতি নিয়া হয়। মৰণোত্তৰ পৰীক্ষাত ১১ কেভি বৈদ্যুতিক শ্বকৰ বাবে হাতীটোৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হৈছে।

মৃত দঁতাল হাতীটোৰ বয়স প্ৰায় ২২ ৰ পৰা ২৬ বছৰ হ’ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হাতীটোক হত্যা কৰাত ব্যৱহৃত বৈদ্যুতিক তাঁৰডাল উদ্ধাৰ কৰিছে।

হাতীটোৰ হত্যাৰ সৈতে জড়িত অভিযুক্তসকল এতিয়াও সন্ধানহীন হৈ আছে বুলি উল্লেখ কৰি আগৰৱালে অভিযুক্তসকলৰ সন্ধান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।

“মই অতি সোনকালে মৃত্যুবৰণ নকৰো;মই সদায় এজন যুঁজাৰু আৰু ময়ো ইয়াৰ বিৰুদ্ধে যুঁজিম।”-সামন্থা ৰুথ প্ৰভু

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে বৰ্তমান নিজৰ ছবি ‘যশোদা’ৰ প্ৰচাৰত ব্যস্ত। কিছুদিন পূৰ্বে এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ ‘মাই’চাইটিছ’ নামৰ ৰোগৰ সৈতে যুঁজি আছে। অৱশ্যে তেওঁ কামলৈ ঘূৰি আহিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰৰ সময়ত নিজৰ স্বাস্থ্যৰ কথা কওঁতে আৱেগিক হৈ পৰে। এই সাক্ষাৎকাৰত সামান্থাই সংবাদ মাধ্যমৰ বাতৰিক লৈও ক্ষোভ প্ৰকাশ কৰিছে, য’ত তেওঁৰ অৱস্থাক গুৰুতৰ বুলি অভিহিত কৰা হৈছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সামান্থাই কয় যে তেওঁৰ অৱস্থা সংকটজনক নহয়। তেওঁ কয়, ‘মই মোৰ ইনষ্টাগ্ৰাম পোষ্টত কৈছিলো যে কিছুমান দিন ভাল আৰু কিছুমান বেয়া। আনকি মই অনুভৱ কৰোঁ যে আৰু এখোজ আগুৱাই যোৱাটোও সহজ নহয়, কিন্তু পিছলৈ ঘূৰি চালে আচৰিত হওঁ যে মই বহুখিনি লৈ ইমান দূৰলৈ আহিছো। মই ইয়ালৈ যুঁজিবলৈ আহিছো।’
অভিনেত্ৰীগৰাকীয়ে  পুনৰ কয়, ‘এতিয়া তিনিমাহ হ’ল। মই স্পষ্ট কৰিব বিচাৰিছো যে মই অতি সোনকালে মৃত্যুবৰণ নকৰো। বহুতো লেখা দেখিছোঁ য’ত এনে বহু কথা কোৱা হৈছিল। হয়, ই এটা অটোইম্যুন কণ্ডিচন আৰু ইয়াৰ বাবে সময় লাগে কিন্তু মই সদায় এজন যুঁজাৰু আৰু ময়ো ইয়াৰ বিৰুদ্ধে যুঁজিম।

উল্লেখযোগ্য যে কিছুদিনৰ আগতে সামান্থাই নিজৰ স্বাস্থ্যৰ বিষয়ে এটা ডাঙৰ কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছে। এটা দীঘলীয়া পোষ্ট লিখি তেওঁ চিকিৎসালয়ৰ ফটো এখন শ্বেয়াৰ কৰিলে। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ মাই’চাইটিছ নামৰ ৰোগৰ চিকাৰ হৈছে। হাস্পতালৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে সামান্থাই। এই কথা কৈ তেওঁ এটা দীঘলীয়া কেপচন লিখিলে।

‘যশোদা’ত অতি সোনকালে দেখা যাব সামান্থা ৰুথ প্ৰভুক। তেলেগুৰ উপৰিও তামিল, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব একচন থ্ৰিলাৰ ছবি। অহা ১১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন।

ছাত্ৰীক বিয়া কৰাবলৈ লিংগ‌ পৰিৱৰ্তন কৰিলে এগৰাকী শিক্ষয়িত্ৰীয়ে…

ৰাজস্থানৰ এখন বিদ্যালয়ৰ শৰীৰ চৰ্চা বিষয়ৰ শিক্ষয়িত্ৰী মীৰা। শিক্ষিয়ত্ৰী মীৰাৰে ছাত্ৰী কল্পনাৰ গঢ়ি উঠুল বন্ধুত্ব। শিক্ষয়িত্ৰী-ছাত্ৰীৰ বন্ধুত্ব ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ ৰূপ ল’লে প্ৰেমৰ। ৰাজস্থানৰ ভৰতপুৰৰ শিক্ষয়িত্ৰী মীৰাৰ প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দিবলৈ বিয়াৰ প্ৰস্তাৱ দিলে ছাত্ৰী কল্পনাক। কল্পনাৰো নাহিল কোনো আপত্তি। কিন্তু সন্মুখত বাধাৰ প্ৰাচীৰ।

কেউফালৰ পৰা কেৱল বাধা আৰু বাধা। বাধা একাষৰীয়া কৰি মন বান্ধিলে দুয়ো। দুয়োৰে পৰিয়াল নাৰাজ । তথাপিও দুয়ো বিয়াত বহিব। মীৰা সলনি হ’ল আৰভলৈ। অস্ত্ৰোপচাৰৰ জৰিয়তে সলনি কৰি ল’লে লিংগ। অস্ত্ৰোপচাৰৰ সময়তো আৰৱক এৰি নিদিলে প্ৰেয়সী কল্পনাই।

২০১৯ চনতে মীৰাই লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত লৈছিল। সেইবছৰেই লিংগ পৰিৱৰ্তনৰ প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন কৰে মাৰীই। মীৰা এতিয়া হ’ল আৰভ। ৪ নৱেম্বৰৰ দিনা দুয়ো বহিল বিয়াত। কাহিনী এতিয়া নেট নাগৰিকৰ মাজত ব্যাপক চৰ্চাত।

কিয় উত্তৰ ভাৰতত বাৰে বাৰে আহে ভূমিকম্প? ইয়াৰ আঁৰৰ কাৰণ ?

মঙলবাৰে নিশা দুই বজাত দিল্লী-এনচিআৰত হোৱা ভূমিকম্পই সকলোকে আতংকিত কৰি তুলিছিল। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ আৰু পঞ্জাৱ-হাৰিয়ানাৰ একাংশ অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰিছে মানুহে। ৬.৩ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পই গোটেই ৰাতি মানুহক ভয় খুৱাই ৰাখিছিল।

ভূমিকম্পৰ কাৰণ ?
আচলতে পৃথিৱীৰ ভিতৰত ৭ টা প্লেটলেট থাকে। এই প্লেটলেটবোৰ অহৰহ গতিশীল হৈ থাকে। প্লেটলেটৰ সংঘৰ্ষ হোৱা ঠাইখনক ফল্ট লাইন বোলা হয়। সংঘৰ্ষৰ ফলত প্লেটৰ চুকবোৰ ঘূৰি যায়। কেৱল এয়াই নহয়, অত্যধিক চাপৰ বাবে এই প্লেটলেটবোৰো ভাঙিবলৈ আৰম্ভ কৰে। প্লেটলেট ভাঙি যোৱাৰ ফলত উৎপন্ন হোৱা শক্তি শেষ হ’বলৈ আৰম্ভ কৰে। এই অশান্তিৰ বাবেই ভূমিকম্পৰ সৃষ্টি হয়।
সঘনাই ভূমিকম্প হোৱাটো অধিক বিপদৰ লক্ষণ নেকি?
সঘনাই হোৱা ভূমিকম্পই কিবা বিপদৰ ইংগিত দিয়ে নেকি? বিশেষজ্ঞসকলে এই আশংকা নুই নকৰে। বিশেষজ্ঞসকলে লগতে কয় যে দিল্লীৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হিমালয় অঞ্চলৰ বেল্টৰ পৰা আহে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি দিল্লীত বৃহৎ ভূমিকম্পৰ আশংকা কম যদিও ইয়াক সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। 
ভূমিকম্পৰ বিষয়ে কিছু অধ্যয়নত এনে সৰু সৰু ভূমিকম্পৰ কম্পনবোৰ ডাঙৰ ডাঙৰ ভূমিকম্পৰ শব্দ বুলি দাবী কৰা হৈছে। আমেৰিকাৰ লছ আলামোছ নেশ্যনেল লেবৰেটৰীৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰ কেলিফৰ্ণিয়াতো ৪.০ মাত্ৰাৰ কম্পনৰ পূৰ্বে কিছুমান অনুৰূপ মৃদু কম্পন অনুভৱ কৰা হৈছিল। ২০০৮ আৰু ২০১৭ চনত দক্ষিণ কেলিফৰ্ণিয়াত ৪.০ মাত্ৰাতকৈ অধিক কম্পন অনুভৱ কৰা হৈছিল। ইয়াৰে ৭২ শতাংশ সময়ত এই ভূমিকম্পৰ আগতে মৃদু কম্পন অনুভৱ কৰা হৈছিল।
বিভিন্ন সংস্থাৰ পৰা পোৱা বৈজ্ঞানিক তথ্যৰ ভিত্তিত সমগ্ৰ ভাৰতবৰ্ষক চাৰিটা ভূমিকম্পীয় অঞ্চলত বিভক্ত কৰিছে ভাৰতীয় মান ব্যুৰোৱে। ইয়াত আটাইতকৈ বিপজ্জনক হৈছে ৫ নং জ’ন। বিজ্ঞানীসকলৰ মতে এই অঞ্চলত ৰিখটাৰ স্কেলৰ ৯ প্ৰাবল্যৰ ভূমিকম্প হ’ব পাৰে। ভাৰতৰ কোনটো অঞ্চল কোনটো জ’নত অৱস্থিত জানি লওক। ৫ নং জ’নত সমগ্ৰ উত্তৰ-পূব ভাৰত, জম্মু-কাশ্মীৰৰ কিছু অংশ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাটৰ ৰাণ অফ ক’চ, উত্তৰ বিহাৰৰ কিছু অংশ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অন্তৰ্ভুক্ত কৰা হৈছে। এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হয়।
জ’ন-৪ত জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ বাকী অংশ, দিল্লী, ছিকিম, উত্তৰ প্ৰদেশৰ উত্তৰ অংশ, সিন্ধু-গংগা অৱবাহিকা, বিহাৰ আৰু পশ্চিম বংগ, গুজৰাটৰ কিছু অংশ আৰু পশ্চিম উপকূলৰ লগতে ৰাজস্থানৰ কিছু অংশ মহাৰাষ্ট্ৰৰ কিছু অংশ অন্তৰ্ভুক্ত কৰা হৈছে। 
মণ্ডল-৩ত কেৰেলা, গোৱা, লক্ষদ্বীপ দ্বীপপুঞ্জ, উত্তৰ প্ৰদেশৰ বাকী অংশ, গুজৰাট আৰু পশ্চিম বংগ, পঞ্জাৱৰ কিছু অংশ, ৰাজস্থান, মধ্যপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটক অন্তৰ্ভুক্ত ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা কম সক্ৰিয় অঞ্চল। ইয়াক কম বিপৰ্যয়জনক বিপদজনক অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। জ’ন-২ত দেশৰ বাকী অংশ অন্তৰ্ভুক্ত কৰা হৈছে।

তিৰুপতি মন্দিৰত কিমান ধন সোণ ৰূপ আছে সকলো‌ তথ্যৰ হিচাপ ওলাল…

তিৰুপতি মন্দিৰত কিমান ধন সোণ আছে। স্বৰ্ণ অলংকাৰ আৰু নগদ ধনৰ হিচাপ প্ৰকাশ কৰিলে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই। ২০১৯ চনলৈকে বিভিন্ন বেংকত তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ আছিল ১৩ হাজাৰ ২৫ কোটি টকা।

বিগত ৩ বছৰৰ তুলনাত এতিয়া তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ১৫ হাজাৰ ৯৩৮ কোটি টকা। ২০১৯ চনলৈকে সোণৰ পৰিমাণ আছিল ৭টনৰো অধিক।

নগদ ধন,সোণসহ মুঠ সম্পত্তিৰ পৰিমাণ ঘোষণা কৰিছে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই।  তিৰুমালা তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুযায়ী দাবী কৰিছে যে বৰ্তমান ১০ টনৰো অধিক সোণ আৰু ১৫ হাজাৰ ৯৩৮ কোটি টকা নগদ জমা আছে। তিৰুপতি মন্দিৰৰ অতিৰিক্ত সম্পত্তি অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পুঁজিত জমা দিব বুলি ওলোৱা উৰা বাতৰি অস্বীকাৰ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

এক বিজ্ঞপ্তিযোগে মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে সকলো ধন সম্পত্তি বেংকৰ নিৰ্দিষ্ট একাউন্টত জমা ৰখা হ’ব। বিজ্ঞপ্তিটোত সকলো ভক্ত-দাতাক উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।

পৰীক্ষাৰ প্ৰাৰ্থীৰ এডমিট কাৰ্ডত(Admit Card) ছানী লিয়নী(Sunny Leone)ৰ অশ্লীল ফটো! বন্ধুৱে Fill Up কৰিছিল Form

কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাত এটা অতি আচহুৱা ঘটনা চৰ্চালৈ আহিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন আপত্তিজনক ফটো। এতিয়া এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে।

কৰ্ণাটক কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৱে মাইক্ৰ’ ব্লগিং চাইট টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাৰ্থীগৰাকীৰ ফটোৰ সলনি প্ৰাপ্তবয়স্ক ছবিৰ তাৰকাগৰাকীৰ ছবি ছপা কৰিছে। নাইডুৱে কানাড়া ভাষাত টুইট কৰি লিখিছে, “শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটোৰ সলনি শিক্ষা বিভাগে ব্লু ফিল্মৰ অভিনেত্ৰী ছানী লিয়নীৰ ফটো ছপা কৰিছিল। বিধানসভাৰ ভিতৰতো ব্লু ফিল্ম চোৱা দলৰ পৰা আৰু কি আশা কৰিব পাৰি! 

নাইডুৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, “পৰীক্ষাৰ্থীয়ে এখন ফটো আপলোড কৰিব লাগিব। তাৰ পিছত চিষ্টেমে তেওঁলোকে আপলোড কৰা ফটোখনেই লয়। আমি যেতিয়া পৰীক্ষাৰ্থীগৰাকীক সুধিলোঁ যে তেওঁ ছানী লিয়নীৰ ফটোখন তেওঁৰ এডমিট কাৰ্ডত ৰাখিছে নেকি, তেতিয়া তেওঁ কৈছিল যে তেওঁৰ স্বামীৰ বন্ধুৱে তেওঁৰ প্ৰয়োজনীয় তথ্যখিনি আপলোড কৰিছিল।
ঘটনা সন্দৰ্ভত অৱগত শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে পৰীক্ষাৰ্থীগৰাকীয়ে নিজৰ আবেদন, নথি-পত্ৰ আৰু ফটো আপলোড কৰিবলৈ আন কাৰোবাৰ পৰা সহায় বিচাৰিছিল। শিক্ষামন্ত্ৰীৰ বিবৃতি অনুসৰি প্ৰাৰ্থীগৰাকীৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰীক্ষাৰ্থীগৰাকীৰ স্বামীৰ এগৰাকী বন্ধুৱে। পৰীক্ষাৰ্থীগৰাকী চিকমাগালুৰ জিলাৰ বাসিন্দা।  তেওঁ শিৱমোগ্গাত শিক্ষক পদৰ বাবে আৱেদন কৰিছিল।
৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কৰ্ণাটকৰ ৭৮১টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ৩,৩২,৯১৩গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ৰাজহুৱা নিৰ্দেশনা বিভাগে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে “ভুল চৰকাৰৰ ফালৰ পৰাও হোৱা নাছিল বা শিক্ষা বিভাগৰ ফালৰ পৰাও হোৱা নাছিল”। অৱশ্যে কৰ্ণাটক শিক্ষা বিভাগে বিষয়টো তদন্ত কৰি এফআইআৰ পঞ্জীয়ন কৰিব বুলি জানিবলৈ দিয়ে।

পানীৰ অভাৱ সহ্য কৰিব নোৱাৰি বিয়াৰ দুই দিনৰ পিছতে গাঁৱৰ পৰা পলাই যায় বেছিভাগ কইনাই !

নাছিকৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সুৰগানা মৌজাৰ এখন সৰু গাওঁ দাণ্ডিচি বাৰী।

গোটেই গাওঁখনত প্ৰায়  ৩০০  লোকে বাস কৰে। কিন্তু গাঁওখনলৈ বিয়া হৈ অহাৰ দুই বা তিনি দিনৰ ভিতৰতে বহু কইনাই পলায়ন কৰে। দাণ্ডিচি বাৰী গাঁৱৰ বাসিন্দাসকলে গোটেই বছৰটো খোৱা পানীৰ সমস্যাত ভুগি আছে। যিসকলে এই গাওঁখনত ডাঙৰ-দীঘল হৈছিল, তীব্ৰ পানীৰ অভাৱত থকা বাবেই  তেওঁলোক এই জীৱনত অভ্যস্ত।
কিন্তু যিসকলে বাহিৰৰ পৰা এই গাওঁলৈ আহে তেওঁলোকে  সমস্যাত পৰে।  সেয়ে পানীৰ অভাৱ সহ্য কৰিব নোৱাৰিয়েই বহু নতুনকৈ বিয়া হোৱা কইনাই গাঁও খনৰ পৰা পলায়ন কৰে বুলি বহুতে কৈছে।
পানী নথকাৰ বাবেই গাওঁখনত বহু মহিলাই  থাকিব নিবিচাৰে। “২০১৪ চনত গাওঁখনৰ এজন ব্যক্তিয়ে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন মাত্ৰ দুদিন ধৰি বৰ্তি আছিল। বিয়াৰ দুদিন পিছত, কইনাই তেওঁৰ স্বামীৰ ঘৰ এৰি গৈছিল। ঘটনাটো মানুহৰ মাজত ব্যাপকভাৱে বিয়পি পৰিছিল। ” গাঁও খনৰ বাসিন্দা গোবিন্দই এনেদৰে কয়।  পানীৰ ভাৱৰ বাবেই বহু মহিলাই গাঁও এৰি যোৱাৰ কথাও তেওঁ কয়।
গাঁৱৰ মহিলাসকলে খোৱা পানী আনিবলৈ পাহাৰৰ তললৈ যাব লাগে। বহু কষ্ট কৰি পাহাৰ বগাই পানী অনাটো কষ্টকৰ বাবেই বহু মহিলাই বিয়াৰ পিছতে গাঁও খন এৰি যায়।
গোবিন্দই  লগতে কয় যে এই গাওঁখনৰ মহিলাসকলে প্ৰতি বছৰে গ্ৰীষ্মকালত, মাৰ্চৰ পৰা জুনলৈ, পাহাৰৰ তলত প্ৰায় শুকাই যোৱা নদীৰ পৰা পানী আনিবলৈ ডেৰ কিলোমিটাৰ খোজ কাঢ়িব লাগে।
গাওঁখনৰ গৃহিণীসকলে শুকান নদীৰ মাজত থকা  শিলবোৰৰ ফাঁকৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। গাওঁখনৰ বাসিন্দা লক্ষ্মীবাই ৱাছলে কয় , “এটা কলহ ভৰ্তি হ’বলৈ তিনি ঘণ্টালৈকে সময় ৰ’ব লাগিব পাৰে। পানীলৈ ঘূৰি  আহোতে প্ৰায়ে ৰাতি হয়। ”চৰকাৰেও আজিলৈকে গাঁওখনত পানী যোগান নাই।

শিমলীতোলাত জেন এন হাইস্কুলৰ চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ…

শিমলীতোলাত জেন এন হাইস্কুল চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ। জে এন হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ ।

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলা শিক্ষা খণ্ডৰ অধীনস্থ নবাগত শিমলীতোলা হাইস্কুলৰ প্ৰধান‌ শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে নবাগত শিমলীতোলা আমছুৰ উদ্যোগত ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে প্ৰতিবাদ।

অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে দীৰ্ঘদিনৰে পৰা হেনো মধ্যাহ্ন ভোজনৰ নামত চলাইছে লুণ্ঠনৰাজ

এই বিষয়ে অভিৱাবক আৰু স্হানীয় ছাত্ৰ সংগঠনে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও প্ৰধান শিক্ষকক ৰফিকুল ইছলামে দিয়া নাই গুৰুত্ব৷

এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষক ৰাইজে অভিযোগ দিছে যদিও বিভাগীয় কতৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।সেয়ে ৰাইজ আৰু আমছুৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ

পিছে প্ৰশ্ন এই প্ৰতিবাদে গা-লৰিবনে শিক্ষা বিভাগৰ, ব্যৱস্থা গ্ৰহণ কৰিব দুৰ্নীতিপৰায়ণ শিক্ষকৰ বিৰুদ্ধে সেয়া হ’ব লক্ষণীয়।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

বৰক্ষেত্ৰীৰ চতেমাৰীস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠান সম্পন্ন…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চতেমাৰীত শ্ৰী শ্ৰীজগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক ভাগৱত শোভাযাত্ৰা অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰে পৰা ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আদি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰে।

এই শোভাযাত্ৰাত গাঁওখনৰ ডেকা-বুঢ়া-যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰে।পৰৰ্ৱতী সময়ত আয়তীৰ নাম, নাগাৰা নাম আদি কাৰ্যসূচীৰে ভক্তি ৰসত জীপাল হৈ পৰে অঞ্চলটো। অনুষ্ঠানটিত সন্ধিয়া উপস্থিত হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মণ।

বিধায়কগৰাকীৰ সাৰুৱা জ্ঞানগৰ্ভ ধৰ্মীয় ভাষণে অঞ্চলবাসীক আপ্লুত কৰে। তাৰ পিছতেই ৰাইজৰ মাজত সোমাই পৰা বিধায়কগৰাকীয়ে অঞ্চলটোৰ লোকৰ মাজত উন্নয়ন সম্পৰ্কীয় মত বিনিময় কৰে।

কিৱি ফলৰ উপকাৰিতা কি কি জানো আহক…

কিৱি’- এবিধ অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

বিদেশৰ এই জনপ্রিয় ফলবিধৰ গুণাগুণৰ বিষয়ে কিছু জানি লওঁ আহক-

  • কাঁহৰ পৰা সুৰক্ষা

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে। এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে। যিবিলাকৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয়। কোৱা হয় যে ৰাতি শুবলৈ যোৱাৰ এঘন্টা আগতে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই সোনকালে টোপনি অহাত সহায় কৰে।

  • ভিটামিন ‘বি’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন “বি” পোৱা যায়। ভিটামিন ‘বি’ক ফলেট বুলিও কোৱা হয়। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ।