৬ দিনীয়াকৈ অনুষ্ঠিত হোৱা গো-পূজাত গো অৰ্চনা,হোম,গো গ্ৰাহ প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে গো-পূজা।গো-পূজা উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে কালদি গোপাল থান প্ৰাঙ্গণ। গৰুক মা হালধীৰে গা ধুৱাই তেল,সেন্দুৰ, ফুতমালা আদি পৰিধান কৰাই পূজা অৰ্চনা কৰি বিভিন্ন সুস্বাদ্য খাদ্য খাবলৈ দিয়ে।
প্ৰথমতে, সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়া গোৱাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু সিদ্ধাৰ্থই সেই পৰিকল্পনা সলনি কৰিছিল। ‘শ্বেৰশ্বাহে’ পাঞ্জাৱী ৰীতি-নীতি অনুসৰণ কৰি জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰে।
ভাৰতত এনেকুৱা কিছুমান মন্দিৰ আছে যিবোৰ অলৌকিকতাৰ বাবে বিখ্যাত। মথুৰাত এটা মন্দিৰ আছে। সেই মন্দিৰৰ চৌকা ৪৮০ বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে। এই চৌকাতে প্ৰস্তুত কৰা হয় মন্দিৰৰ ভোগ। এই অনন্য মন্দিৰটোৰ নাম ৰাধাৰমণ লাল জু মন্দিৰ। মথুৰাৰ এই মন্দিৰটোক বৃন্দাবন ধামৰ সপ্তদেৱালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পাঁচ শতিকা ধৰি জ্বলি আছে মন্দিৰৰ চৌকাৰ জুই। এয়া ঈশ্বৰৰ লীলা বুলি বিশ্বাস কৰে ভক্তগণে।
এই মন্দিৰৰ সেৱক শ্ৰীবাৎস গোস্বামীৰ মতে এই মন্দিৰ চৌহদত থকা প্ৰাচীন চৌকাটো দিনটো জ্বলি থাকে। যোৱা ৪৮০ বছৰ ধৰি ই অখণ্ড শিখাৰ ৰূপত অবিৰতভাৱে জ্বলি আছে। ঈশ্বৰ সেৱাৰ সকলো কাম সমাপ্ত হোৱাৰ পাছত ৰাতি চৌকাটোত কিছু কাঠ ভৰাই ওপৰৰ পৰা ছাই উৰুৱাই দিয়া হয় যাতে জুই নুমাই নাযায়। পিছদিনা পুৱাৰ ভাগতো এগৰুৰ গোবৰ আৰু অন্যান্য খৰি দি জুইকুৰা জ্বলাই ৰখা হয়। এই জুই জ্বলোৱা প্ৰথা এই চৌকাটোৰ সমানেই পুৰণি। এই পবিত্ৰ অখণ্ড জুইৰ পৰা চাকি জ্বলোৱাৰ লগতে ঈশ্বৰৰ আৰতিতো ব্যৱহাৰ কৰা হয় আৰু ভোগ ৰন্ধা হয়। এই পাকঘৰত বাহিৰৰ লোকৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। এই মন্দিৰৰ পাকঘৰত কেৱল ধূতি পিন্ধিহে প্ৰৱেশ কৰে সেৱকগৰাকীয়ে। পাকঘৰলৈ যোৱাৰ পিছত সম্পূৰ্ণ প্ৰসাদ বনাইহে সেৱা কৰি তেওঁ ওলাই আহে। বাহিৰলৈ ওলাই যাব লগা হ’লেও তাৰপাছত আকৌ গা ধোৱাৰ পাছতহে মন্দিৰৰ পবিত্ৰ পাকঘৰত প্ৰৱেশ কৰে। কোৱা হয় যে ইয়াত অগ্নি অৰণ্য মন্থন কৰি প্ৰজ্বলিত কৰা হয়, তেতিয়াৰ পৰাই ইয়াৰ অখণ্ড পোহৰৰ ৰূপটো অক্ষত অৱস্থাত আছে।